গিটাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গিটাৰ
GuitareClassique5.png
A শাস্ত্ৰীয় গিটাৰ (নাইলন ষ্ট্ৰীং)
ষ্ট্ৰীং
শ্ৰেণী তাৰযুক্ত বাদ্য
Hornbostel–Sachs classification ৩২১.৩২২
(Composite chordophone)
পৰিবেশনৰ সীমা
Range guitar.svg
(a standard tuned guitar)
আনুষঙ্গিক বাদ্য

গিটাৰ এবিধ তাৰযুক্ত বাদ্য যি তাৰৰ সহায়ত সংগীত সৃষ্টি কৰে।[1]

গিটাৰ

ইতিহাস[সম্পাদনা কৰক]

যদিও গিটাৰ ৪০০০ বছৰ পুৰণি বাদ্য যন্ত্ৰ 'কিথাৰা'ৰ পৰা অহা বুলি কোৱা হয়, এই তথ্যৰ একেই মাথো প্ৰমাণ আছে যে কিথাৰা আৰু স্পেনীয় ভাষাৰ শব্দ 'quitarra' শুনিবলৈ একে।[2] পৃথিৱীৰ আতাইতকৈ পুৰণি তাৰযুক্ত বাদ্য যন্ত্ৰ bowl harps আৰু tanburs বুলি জানিব পৰা যায়। ক্ৰমাৎ উন্নত হৈ গ'ল এই যন্ত্ৰ। আৰবৰ ফালে এই যন্ত্ৰত ফ্ৰেট ব্যৱহাৰ হোৱা নাছিল যদিও ইউৰোপীয় সকলে ইয়াত ফ্ৰেট লগায় ইয়াক 'লুট' নাম দিলে। এই লুটেই গৈ গিটাৰ হ'লগৈ।[3]

নাম[সম্পাদনা কৰক]

গিটাৰ নাম সংস্কৃত শব্দ 'তাৰ'ৰ পৰা অহা। এছিয়াত বিভিন্ন এনে তাৰ ব্যৱহাৰ কৰা বাদ্য আছে যাৰ নামতো 'তাৰ' আছে, যেনে দুতাৰ, চিতাৰ, চাৰতাৰ আদি।[4]

অংগ[সম্পাদনা কৰক]

গিটাৰৰ অংগ

তলত গিটাৰৰ কিছু মূল অংগৰ বিষয়ে দিয়া হৈছে--

  • হেড্ ষ্টক্ - হেড্ ষ্টক হ'ল গিটাৰ টিউন কৰা পেগ্চ ধৰি ৰখা অংগ।
  • টিউনিং পেগ্চ - টিউনিং পেগ্চ তাৰ ধৰি ৰখাত আৰু গিটাৰ টিউন কৰাত ব্যৱহাৰ হয়।
  • নাট - নাটে তাৰসমোহ নিজৰ নিজৰ ঠাইত ধৰি ৰাখে।
  • নেক - হেড্ ষ্টককে ধৰি ব'ডিৰ ওপৰৰ সকলো নেক।
  • ফ্ৰেট ব'ৰ্ড - ফ্ৰেট ব'ৰ্ডে ফ্ৰেট সমোহ নিজৰ নিজৰ ঠাইত ধৰি ৰাখে।
  • ফ্ৰেট সমোহ - ফ্ৰেটসমোহ ফ্ৰেট ব'ৰ্ডত পথালিকৈ থাকে।
  • ব'ডি - এজন সোঁহতীয়াই গিটাৰ ধৰিলে সোঁফালে যি বৃহৎ অংশ থাকে, সেয়েই ব'ডি।
  • ব্ৰিজ - ব্ৰিজে তাৰসমোহ ব'ডিত ধৰি ৰাখে।[5]

তাৰ সমূহ[সম্পাদনা কৰক]

গিটাৰত ৬ডাল তাৰ থাকে যাক ষ্ট্ৰিংচ্ বুলি কোৱা যায়। প্ৰতি ডাল তাৰৰে স্বৰ বেলেগ বেলেগ। তাৰ কেইডালৰ নাম হ'ল---> ই,বি,জি,ডি,এ,ই। এই ক্ৰম গিটাৰৰ আতাইতকৈ ক্ষীণ তাৰৰ পৰা আতাইতকৈ মোটা তাৰলৈকে।[6]

প্ৰকাৰ[সম্পাদনা কৰক]

মূলত গীটাৰ তিনি প্ৰকাৰৰ। যেনে-

  1. স্প্যানিছ গিটাৰ
  2. হা্ৱাইন গিটা্ৰ
  3. বেছ গিটাৰ

ইয়াৰ বাদেও স্প্যানিছ গিটাৰক ক্লাছিকেল, একোৱেষ্টক আৰু ইলেকট্ৰিক আদি ভাগত ভাগ কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]