|
|
ভাল প্ৰবন্ধ
|
পাৰম্পৰিক এনিমেছনৰ উদাহৰণ। ঘোঁৰাটোৰ দৌৰি থকা মূহুৰ্তৰ কেবাখনো ছবি ক্ৰমত সজাই এই এনিমেছন নিৰ্মাণ কৰা হৈছে।
এনিমেছন (ইংৰাজী: Animation) (বা এনিমেশ্যন) হৈছে স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক বিশেষ প্ৰক্ৰিয়াৰে লক্ষ্য কৰিলে গতিৰ ভ্ৰম সৃষ্টি হয়। সহজ অৰ্থক ইয়াক "চলমান চিত্ৰ" বুলিও ক'ব পাৰি। চলচ্চিত্ৰৰ আৰু এনিমেছনৰ সংজ্ঞা আৰু মূল কাৰিকৰী নীতি একেই। চলচ্চিত্ৰৰ সংজ্ঞাই এনিমেছনকো সাঙুৰি লয়। নিৰ্মাণ প্ৰক্ৰিয়াৰ ভিন্নতা অনুসৰি চলচ্চিত্ৰক জীৱম্ত গতি (live action), বা এনিমেছন এই দুটা বহল ভাগত ভগাব পাৰি। জীৱন্ত গতি চলচ্চিত্ৰ নিৰ্মাণ কৰোঁতে চলমান বস্তু এটাক কেমেৰাৰ সহায়েৰে সময়ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অন্তৰালত (পাৰম্পৰিকভাৱে ছেকেণ্ডত ২৪ খন) ফটো তোলা হয়। এই ছবিবোৰত চলমান বস্তুটোৰ বিভিন্ন মূহুৰ্তক স্থিৰ চিত্ৰ কৰি পেলোৱা হয়। প্ৰতিখন ছবিকে একোখন 'ফ্ৰেম' বোলা হয়। পাছত প্ৰজেক্টৰৰ সহায়েৰে এই 'ফ্ৰেম' বোৰক ক্ৰম অনুসৰি পৰ্দাত প্ৰক্ষেপণ কৰা হয়। দৃষ্টিৰ জড়তা (Persistence of vision) পৰিঘটনাৰ বাবে আমাৰ চকুৱে সিখনৰ পাছত সিখনকৈ প্ৰক্ষেপিত স্থিৰ চিত্ৰৰ ক্ৰমক গতিৰ ভ্ৰমলৈ ৰূপান্তৰিত কৰে আৰু আমি ছবিখন চলি থকা দেখোঁ। বৰ্তমান কম্পিউটাৰৰ সহায়ত এনিমেছন নিৰ্মাণ কৰাটো এক জনপ্ৰিয় উপায়। (বিতংকৈ পঢ়ক............)
|
|
আপুনি জানেনে...
|
প্ৰথম বিশ্বযুদ্ধত ব্যৱহৃত HMS Dreadnought (১৯০৬) নামৰ ব্ৰিটেইনৰ যুদ্ধ-জাহাজ।
- ...যে ১৯১৪ চনৰ ছেপ্টেম্বৰ মাহত জাৰ্মান দাৰ্শনিক আৰ্ণষ্ট হেকেলে প্ৰথমবাৰৰ বাবে প্ৰথম বিশ্বযুদ্ধক এই নামেৰে নামাকৰণ কৰিছিল?
- ...যে দেওহাঁহ অসমৰ জাতীয় চৰাই আৰু ইয়াৰ বিশেষ ধৰণৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক ‘দেওহাঁহ’ বুলি কোৱা হয়?
- ...যে জয়ন্ত হাজৰিকাই ১৯৭৭ চনত গোলাঘটীয়া ৰাইজৰ সহযোগত 'সুৰ-বাহিনী' নামে এটা অনুষ্ঠান গঠন কৰি অসমৰ বানপীড়িত লোকৰ সাহায্যাৰ্থে বাটত গান পৰিবেশন কৰি ধন আহৰণ কৰিছিল?
- ...যে কৃষ্ণগহ্বৰ হৈছে মহাকাশৰ একো একোটা বিশেষ অঞ্চল, য'ৰ পৰা একোয়েই, আনকি পোহৰো ওলাই যাব নোৱাৰে?
|
|
নিৰ্বাচিত চিত্ৰ
|
|
|
|
|
|
অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):
|
অন্য ভাষাৰ ৱিকিপিডিয়াসমূহ
|
- ১,০০,০০০-ৰতকৈ অধিক প্ৰবন্ধসমৃদ্ধ:
- ৫০,০০০-ৰতকৈ অধিক প্ৰবন্ধসমৃদ্ধ:
- অন্য ভাৰতীয় ভাষা সমূহত:
|
|