কৃষ্ণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৃষ্ণ
 কৃষ্ণ
কৃষ্ণ
দেৱনাগৰী कृष्ण
গোত্ৰ বিষ্ণুৰ অৱতাৰ, স্বয়ং ভগৱান
অধিষ্ঠান বৃন্দাবন, গোকুল, দ্বাৰকা
মন্ত্ৰ ॐ नमो भगवते वासुदेवाय
অস্ত্ৰ সুদৰ্শন চক্ৰ
দাম্পত্যসঙ্গী ৰাধা, ৰুক্মিণী, সত্যভামা, জাম্ববতী, সত্য, লক্ষ্মণা, কালিন্দী, ভদ্ৰা, মিত্ৰাবিন্দা আৰু ১৬১০০ গোপী
বাহন গৰুড়
ধৰ্মগ্ৰন্থ ভাগবত পুৰাণ, ভগবদ গীতা

কৃষ্ণ (সংস্কৃত: कृष्ण; ইংৰাজী:Krishna) এজন হিন্দু আৰাধ্য অৱতাৰকৃষ্ণৰ অক্ষৰিক অৰ্থ "আন্ধাৰ, ক'লা, ঘন নীলা"[1])। এই ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ে বিভিন্ন দৃষ্টিকোণেৰে কৃষ্ণৰ পূজা কৰে। একাধিক বৈষ্ণৱ সম্প্ৰদায়ত তেওঁক বিষ্ণুৰ অষ্টম অৱতাৰ ৰূপে গণ্য কৰা হয়; অন্যহাতে কৃষ্ণধৰ্মৰ অন্যান্য সম্প্ৰদায়সমূহত তেওঁক স্বয়ং ভগবান বা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়া হয়। তেখেতক হিন্দুধৰ্মৰ এথন ধৰ্মগ্ৰন্থ ভাগৱৎ গীতাৰ প্ৰৱৰ্তক বুলিও জনা যায়। বৈষ্ণৱ ধৰ্মবিশ্বাস অনুসৰি শ্ৰীকৃষ্ণক স্বয়ং ভগৱান অথবা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়াও হয়। মহাভাৰত কাব্যত তেখেতে কূটনীতিজ্ঞ হিচাবে পাণ্ডৱ পক্ষত এক মূখ্য ভূমিকা পালন কৰিছে।

ভাগৱত পুৰাণত কৃষ্ণক প্ৰায়েই বাঁহী-বাদনৰত এক কিশোৰৰ ৰূপত বৰ্ণনা কৰা হৈছে।[2] আকৌ ভগবদ গীতাত তেওঁক এজন পথপ্ৰদৰ্শক আৰু সহায়ক তৰুণ ৰাজপুত্ৰৰ ৰূপত।[3] হিন্দু দৰ্শন আৰু ধৰ্মতাত্ত্বিক ঐতিহ্যত কৃষ্ণ-সংক্ৰান্ত উপাখ্যানসমূহৰ পৰিধি বহুদূৰলৈ বিস্তৃত।[4] তেওঁক কল্পনা কৰা হয় বিভিন্ন ৰূপত: কেতিয়াবা শিশুদেৱতা, কেতিয়াবা হাঁহি-ধেমালি-কৌতুকপ্ৰিয়, কেতিয়াবা আদৰ্শ প্ৰেমিক, কেতিয়াবা দিব্য নায়ক, আকৌ কেতিয়াবা সৰ্বোচ্চ ঈশ্বৰৰ ৰূপত।[5] কৃষ্ণ-সংক্ৰান্ত উপাখ্যানসমূহ মূলত: লিখিত আছে মহাভাৰত, হৰিবংশ, ভাগৱত পুৰাণ আৰু বিষ্ণু পুৰাণ গ্ৰন্থত।

চতুৰ্থ খ্ৰীষ্টপূৰ্বাব্দৰ পৰাই বাসুদেৱ, বালকৃষ্ণ আৰু গোপাল প্ৰভৃতি কৃষ্ণৰ নানা ৰূপৰ পূজাকাৰী বিভিন্ন সম্প্ৰদায়ৰ অস্তিত্বৰ কথা জনা যায়। খ্ৰীষ্টিয় নৱম শতাব্দীতেই দক্ষিণ ভাৰতত কৃষ্ণভক্তিৰ আন্দোলন বিয়পি পৰে। উত্তৰ ভাৰতত কৃষ্ণধৰ্মৰ সম্প্ৰদায়সমূহ সুপ্ৰতিষ্ঠিত হয় প্ৰায় একাদশ শতাব্দীত। দশম শতাব্দীৰ পৰাই ভক্তি আন্দোলনৰ ক্ৰমবিস্তাৰৰ ফলত কৃষ্ণ শিল্পকলাৰ এক মুখ্য বিষয় হৈ উঠে। উৰিষ্যাজগন্নাথ, মহাৰাষ্ট্ৰত বিঠোবা, ৰাজস্থানত শ্ৰীনাথজি প্ৰভৃতি কৃষ্ণৰ ৰূপসমূহক কেন্দ্ৰ কৰি আঞ্চলিক ভক্তি-সংস্কৃতিয়ে বিকাশলাভ কৰে।

নামকৰণ[সম্পাদনা কৰক]

দাদা বলৰাম (বাঁৱে) আৰু ভগ্নী সুভদ্ৰাৰ (মাজত) জগন্নাথ-ৰূপী কৃষ্ণ (সোঁৱে); উৰিষ্যাত এই ৰূপতেই পূজিত হয় কৃষ্ণ

সংস্কৃতত কৃষ্ণ শব্দটিৰ অৰ্থ কলা, গাঢ় বা গাঢ়-নীলা[6] কৃষ্ণাঙ্গ ব্যক্তিক বুজাবলৈ এই শব্দটোৰ ব্যবহাৰ হয়। কৃষ্ণৰ মূৰ্তিসমূহত তেখেতৰ গাৰ ৰং সাধাৰণত কলা আৰু ছবিবোৰত নীলা দেখুওৱা হয়।

কৃষ্ণ নামৰ অৰ্থ-সংক্ৰান্তত একাধিক ব্যাখ্যা পোৱা যায়। মহাভাৰতৰ উদ্যোগপৰ্বত (৫।৭১।৪)কোৱা হৈছে কৃষ্ণ শব্দটো কৃষ আৰু এই দুটি মূলৰ পৰা উৎপন্ন। কৃষ শব্দৰ অৰ্থ টানি আনা বা কৰ্ষণ কৰা; সেই সূত্ৰে শব্দটো ভূ (অৰ্থাৎ, অস্তিত্ব বা পৃথিৱী) শব্দটোৰ লগত সম্পৰ্কযুক্ত। শব্দটোক নিবৃত্তি শব্দৰ প্ৰতিভূ বুলি ধৰা হয়। মহাভাৰতৰ উক্ত শ্লোকটি চৈতন্য চৰিতামৃত আৰুশ্ৰীল প্ৰভুপাদৰ টোকাত ব্যবহৃত হৈছে। ইয়াত ভূ শব্দৰ নিহিত অৰ্থ আকৰ্ষণীয় অস্তিত্ব; অৰ্থাৎ কৃষ্ণ শব্দৰ অৰ্থ সকলো দিশৰ পৰা আকৰ্ষণীয় ব্যক্তি[7][8] ভাগৱত পুৰাণৰ আত্মাৰাম স্তৱকত কৃষ্ণৰ গুণাগুণবোৰ বৰ্ণিত হৈছে।[9] বল্লভ সম্প্ৰদায়ৰ ব্ৰহ্মসম্ভব মন্ত্ৰত কৃষ্ণ নামৰ মূল শব্দবোৰক বস্তু, আত্মা আৰু দিব্য কাৰণৰ লগত সম্পৰ্কযুক্ত পাপৰ বিনাশশক্তিৰ লগত সম্পৰ্কিত বুলি উল্লেখ কৰা হৈছে।[10]

বিষ্ণুৰ সহস্ৰনামৰ ৫৭তম নামটো হ’ল কৃষ্ণ, যাৰ অৰ্থ, আদি শঙ্কৰৰ মতে আনন্দৰ অস্তিত্ব[11] কৃষ্ণৰ একাধিক নাম আৰু অভিধা আছে। কৃষ্ণৰ সৰ্বাধিক প্ৰচলিত নামদুটা হল গোবিন্দ (গো-অন্বেষক) আৰু গোপাল (গো-ৰক্ষাকাৰী)। এই নামদুটা ব্ৰজত কৃষ্ণৰ প্ৰথম জীৱনৰ লগত সম্পৰ্কযুক্ত।[12][13] কোনো কোনো নামৰ আঞ্চলিক গুৰুত্বও আছে। যেনে, জগন্নাথ নামটো। উৰিষ্যাত এই নামৰ এক বিশেষ মূৰ্তিত কৃষ্ণ পূজিত হয়।[14]

মূৰ্তিত্ব[সম্পাদনা কৰক]

গো, গোপালক আৰু গোপীৰে পৰিবেষ্টিত কৃষ্ণ, স্মিথচোনিয়ান ইনষ্টিটিউছনত সংৰক্ষিত চিত্ৰ

কৃষ্ণৰ মূৰ্তি আৰু ছবিসমূহ সহজেই চিনাক্ত কৰিব পাৰি। কৃষ্ণৰ অধিকাংশ মূৰ্তিতেই তেখেতৰ গাৰ ৰং কলা কৰি দেখুওৱা হয় ; অন্যহাতে ছবিসমূহত প্ৰধানত: তেখেতৰ গাৰ ৰং গাঢ় নীলা হয়। তেখেতৰ ৰেছমী ধুতিখন সাধাৰণতে হালধীয়া ৰঙৰ আৰু মূৰৰ মুকুটত এটা ময়ূৰ পাখিয়ে শোভা পায়। কৃষ্ণৰ প্ৰচলিত মূৰ্তিসমূহত সাধাৰণতে তেওঁক বাঁহী বজায় থকা অৱস্থাত এক বালক বা যুৱকৰ বেশত দেখা যায়।[15][16] এই বেশত তেখেতৰ এটা ভৰি আনটো ভৰিৰ উপৰত ঈষৎ বেঁকা অবস্থাত থাকে আৰু বাঁহীটো তেখেতৰ উঁঠত লগোৱা থাকে। তেওঁক বেৰি থাকে গৰুৰ দলে; এইয়া তেখেতৰ দিব্য গোপালক সত্ত্বাৰ প্ৰতীক। কোনো কোনো চিত্ৰত তেওঁক গোপীৰে পৰিবেষ্টিত হৈ থকা অৱস্থাতো দেখা যায়।

কৃষ্ণৰ আন এক পৰিচিত চিত্ৰ হ’ল কুৰুক্ষেত্ৰ যুদ্ধক্ষেত্ৰত ভগবদ গীতাত অৰ্জুনক পৰমাৰ্থৰ উপদেশ দিয়াৰ ছবি। এই ছবিত তেখেতৰ যি বিশ্বৰূপ দৰ্শিত হয় তাত অনেক হস্ত আৰু মূৰ আছে। ইয়াৰ মাজত সুদৰ্শন চক্ৰ-ধাৰী বিষ্ণুৰ এটা ছায়া বিদ্যমান। উত্তৰপ্ৰদেশৰ মিৰ্জাপুৰত ৮০০ খ্ৰীষ্টপূৰ্বাব্দত অঙ্কিত এক গুহাচিত্ৰত অশ্বচালিত ৰথচালনাৰ চিত্ৰ আছে; সেই চিত্ৰত এটা চৰিত্ৰই ৰথৰ চকা এৰুৱাবলৈ উদ্যত। এই চৰিত্ৰটোক কৃষ্ণ বুলি অভিহিত কৰা হয়।[17]

মন্দিৰত পূজিত কৃষ্ণমূৰ্তিসমূহ প্ৰধানত: দণ্ডায়মান অৱস্থাৰ। কোনো কোনো ঠাইত কৃষ্ণ অকলে; আকৌ কোনো কোনো ঠাইত তেখেতৰ অন্যান্য সঙ্গীসকলো তেখেতৰ লগত পূজিত হয়।[18] এওঁলোকৰ মাজত উল্লেখযোগ্য তেখেতৰ দাদা বলৰাম আৰু ভগ্নী সুভদ্ৰা অথবা তেখেতৰ প্ৰধানা মহিষী ৰুক্মিণী আৰু সত্যভামা

কৃষ্ণ কেতিয়াবা কেতিয়াবা তেখেতৰ সহচৰী গোপিনী ৰাধাৰ সৈতেও পূজিত হয়। মণিপুৰী বৈষ্ণবসকলে অকল কৃষ্ণৰ পূজা নকৰে ; তেওঁলোকৰ আৰাধ্য ৰাধা আৰু কৃষ্ণৰ যুগলমূৰ্তি ৰাধাকৃষ্ণৰ পূজা কৰে।[19] ৰুদ্ৰ[20] আৰু নিম্বাৰ্ক সম্প্ৰদায়,[21] আৰু স্বামীনাৰায়ণ মতেও এই প্ৰথা বিদ্যমান। গৌড়ীয় বৈষ্ণৱসকলে ৰাধাৰমণ মূৰ্তিটোক ৰাধাকৃষ্ণৰ প্ৰতিভূ হিচাপে ধৰে।[22]

কোনো কোনো ঠাইত শিশুৰ মূৰ্তি ৰূপতো পূজিত হয় কৃষ্ণ। এই মূৰ্তিত তেওঁক বগায় যোৱা, অথবা নৃত্যৰত অৱস্থাত, অথবা মাখন হাতত লৈ থকা অৱস্থাত দেখা যায়।[23][24] অঞ্চলভেদে কৃষ্ণৰ বিভিন্ন প্ৰকাৰৰ মূৰ্তি দেখা যায়। যেনে ওড়িশাত জগন্নাথ, মহাৰাষ্ট্ৰত বিঠোবা, [25] আৰুৰাজস্থানত শ্ৰীনাথজি

শাস্ত্ৰীয় উৎস[সম্পাদনা কৰক]

হিন্দু ধৰ্ম

হিন্দু ধৰ্মOhm.GIF

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

ৱিকিপিডিয়া:হিন্দু ধৰ্মHinduSwastika.svg

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     

শিশু কৃষ্ণক যশোদাই স্নান কৰাইছে, ভাগৱত পুৰাণৰ পশ্চিম ভাৰতীয় পুথিচিত্ৰ

ভাৰতীয় মহাকাব্য মহাভাৰতত কৃষ্ণক বিষ্ণুৰ অৱতাৰৰূপে বৰ্ণনা কৰা হৈছে। এই গ্ৰন্থই প্ৰাচীনতম গ্ৰন্থ য’ত ব্যক্তি কৃষ্ণৰ বিস্তাৰিত বিৱৰণ দিয়া হৈছে।[26] এই গ্ৰন্থৰ অনেক উপাখ্যানৰ কেন্দ্ৰীয় চৰিত্ৰ হ’ল কৃষ্ণ। ইয়াৰ ষষ্ঠ পৰ্বৰ (ভীষ্ম পৰ্ব) ১৮টা অধ্যায়ে ভগবদ গীতা নামেৰে পৃথক ধৰ্মগ্ৰন্থৰ মৰ্যাদা পাইছে। কুৰুক্ষেত্ৰ যুদ্ধক্ষেত্ৰত যোদ্ধা অৰ্জুনক প্ৰদান কৰা কৃষ্ণৰ উপদেশাবাণীৰ সংকলনেই হ’ল ভগবদ গীতা। মহাভাৰতত কৃষ্ণক পূৰ্ণবয়স্ক পুৰুষ ৰূপত দেখুওৱা হ’লেও, কোনো কোনো ঠাইত তেখেতৰ বাল্যলীলাৰো আভাস দিয়া হৈছে। মহাভাৰতৰ পৰৱৰ্তীকালীন পৰিশিষ্ট হৰিবংশ গ্ৰন্থত কৃষ্ণৰ বাল্য আৰু কৈশোৰৰ বিস্তাৰিত বৰ্ণনা আছে।

১৫০ খ্ৰীষ্টপূৰ্বাব্দত ৰচিত পতঞ্জলিৰ মহাভাষ্য গ্ৰন্থত এটি শ্লোকত কোৱা হৈছে যে: "সঙ্কৰ্ষণেৰ সহচৰ কৃষ্ণেৰ শক্তি বৃদ্ধি হওক!" অন্য এটি শ্লোকত কোৱা হৈছে যে, "কৃষ্ণ স্বয়ং যেন চতুৰ্থ" (তিনি সহচৰৰ সহযোগত কৃষ্ণৰ কথা কোৱা হৈছে, তিনি সহচৰ সম্ভৱত সঙ্কৰ্ষণ, প্ৰদ্যুম্ন আৰু অনিৰুদ্ধ)। আন এক শ্লোকত ৰাম (বলৰাম) আৰু কেশৱৰ (কৃষ্ণ) মন্দিৰত যিবোৰ বাদ্যযন্ত্ৰ বজোৱা হয় সেইবোৰৰ উল্লেখ আছে। পতঞ্জলিৰ ৰচনাৰ পৰা বাসুদেবৰ কংসবধ (কৃষ্ণ-কংসোপাচাৰম্) উপাখ্যানৰ নাট্যাভিনয় আৰু মূকাভিনয়ৰ বিবৰণ পোৱা যায়।[27]

খ্ৰীষ্টপূৰ্ব প্ৰথম শতাব্দীত পাঁচজন বৃষ্ণি নায়কৰ পূজাৰ প্ৰচলনৰ প্ৰমাণ পোৱা গৈছে। এওঁলোক হ’ল বলৰাম, কৃষ্ণ, প্ৰদ্যুম্ন, অনিৰুদ্ধ আৰু শাম্বমথুৰাৰ নিকটৱৰ্তী মোৰাৰ পৰা পোৱা এটা শিলালিপিত মহান সত্ৰপ ৰাজুভুলাৰ পুত্ৰৰ উল্লেখ আৰু এক বৃষ্ণিৰ চিত্ৰ পোৱা গৈছে। এওঁ সম্ভবত: বাসু্দেৱ আৰু পঞ্চযোদ্ধাৰ অন্যতম।[28] ব্ৰাহ্মী লিপিত লিখা এই শিলালিপি বৰ্তমানে মথুৰা সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।[29][30]

তাৰোপৰি পুৰাণত কৃষ্ণৰ জীৱনকাহিনী বৰ্ণিত হৈছে বা তাৰ উপৰত আলোকপাত কৰা হৈছে। ভাগৱত পুৰাণআৰু বিষ্ণু পুৰাণ গ্ৰন্থদ্বয়ত কৃষ্ণৰ জীৱনৰ সৰ্বাপেক্ষা বিস্তাৰিত বৰ্ণনা পোৱা যায়। এই দুই পুৰাণত বৰ্ণিত ধৰ্মতত্ত্গ্ৰন্থ গৌড়ীয় বৈষ্ণৱ মতবাদসমূহৰ মূল ভেটি[31] ভাগৱত পুৰাণ গ্ৰন্থৰ প্ৰায় এক চতুৰ্থাংশ ব্যাপী বৰ্ণিত হৈছে কৃষ্ণ আৰু তেখেতৰ ধৰ্মোপদেশৰ স্তুতিবাদ।

খ্ৰীষ্টপূৰ্ব পঞ্চম শতাব্দীতে লিখিত যক্ষৰ নিৰুক্ত নামৰ বুৎপত্তি-অভিধানত অক্ৰুৰৰ শ্যামন্তক মণিৰ উল্লেখ পোৱা যায়, যাৰ মূল সূত্ৰ কৃষ্ণ-সংক্ৰান্ত এটা সুপৰিচিত পৌৰাণিক কাহিনী।[32] শতপথ ব্ৰাহ্মণ আৰু ঐতৰেয় আৰণ্যক গ্ৰন্থদ্বয়ত কৃষ্ণক বৃষ্ণিবংশজ বুলি উল্লেখ কৰা হৈছে।[33]

হিন্দুসকলৰ আদি ধৰ্মগ্ৰন্থ ঋগবেদত কৃষ্ণৰ কোনো উল্লেখ নাই। তথাপি ৰামকৃষ্ণ গোপাল ভাণ্ডাৰকৰে ঋগ্বেদৰ এটা শ্লোকত (৮।৯৩।১৩) উল্লিখিত দ্ৰপ্স...কৃষ্ণ (কালো বিন্দু) কথাষাৰক দেৱতা কৃষ্ণৰ উল্লেখবুলি প্ৰমাণ কৰিব বিচাৰিছিল।[32][34] কোনো কোনো বিশেষজ্ঞই কেইজনমান প্ৰাগৈতিহাসিক দেৱতাৰ লগত কৃষ্ণৰ মিল বিচাৰি পাইছিল। ১৯২৭-৩১ চনত ম্যাকে মহেঞ্জোদাৰোত এক চিত্ৰলিপি আবিষ্কাৰ কৰিছিল। এই চিত্ৰত দুজন ব্যক্তিয়ে এডাল গছত ধৰি আছে আৰু বৃক্ষ দেৱতাই তেওঁলোকৰ ফালে বাহু প্ৰসাৰিত কৰি ৰাখিছে। আৱিষ্কাৰকে এই চিত্ৰখনক কৃষ্ণৰ যমলাৰ্জুন-লীলাৰ লগত তুলনা কৰিছে।[35][36]

জীৱন[সম্পাদনা কৰক]

তলতমহাভাৰত, হৰিবংশ, ভাগৱত পুৰাণ আৰু বিষ্ণু পুৰাণ গ্ৰন্থৰ ভিত্তিত কৃষ্ণৰ জীৱনৰ এক বিশ্লেষণ দিয়া হ’ল। এই উপাখ্যানসমূহৰ পটভূমি আধুনিক ভাৰতৰ উত্তৰপ্ৰদেশ, বিহাৰ, হাৰিয়ানা, দিল্লী আৰু গুজৰাট ৰাজ্য।

জন্ম[সম্পাদনা কৰক]

পিতা বসুদেবে যমুনা পাৰ হৈ কৃষ্ণক বৃন্দাবনলৈ লৈ গৈছে; মধ্য অষ্টাদশ শতাব্দীৰ চিত্ৰকলা

শাস্ত্ৰীয় বিবৰণ আৰু জ্যোতিষ গণনাৰ ভিত্তিত লোকবিশ্বাস অনুযায়ী কৃষ্ণৰ জন্ম হৈছিল ৩২২৮ খ্ৰীষ্টপূৰ্বাব্দৰ ১৮ অথবা ২১ জুলাইত।[37][38][39] কৃষ্ণৰ জন্মদিনটোক কৃষ্ণ জন্মাষ্টমী বা জন্মাষ্টমী নামেৰে পালন কৰা হয়।[40] কৃষ্ণ যাদৱ-ৰাজধানী মথুৰাৰ ৰাজপৰিয়ালৰ সন্তান। তেওঁ বসুদেব আৰু দৈৱকীৰ অষ্টম পুত্ৰ। তেখেতৰ পিতামাতা উভয়ৰে যাদৱবংশীয়। দৈৱকীৰ ককায়েককংসই [41] তেওঁলোকৰ পিতা উগ্ৰসেনক বন্দী কৰি সিংহাসনত আৰোহণ কৰে। এক দৈৱবাণীৰ মাধ্যমেৰে তেওঁ জানিব পাৰে যে দৈৱকীৰ গৰ্ভৰ অষ্টম সন্তানৰ হাতত তেখেতৰ মৃত্যু হব। এই কথা শুনি তেওঁ দৈৱকী আৰু বসুদেবক কাৰাৰুদ্ধ কৰে আৰু তেওঁলোকৰ প্ৰথম ছয় পুত্ৰক হত্যা কৰে। দৈৱকীয়ে তেখেতৰ সপ্তম গৰ্ভ ৰোহিণীক প্ৰদান কৰাত, বলৰামৰ জন্ম হয়। ইয়াৰ পাছত কৃষ্ণই জন্মগ্ৰহণ কৰে।

কৃষ্ণৰ জীৱন বিপন্ন বুলি জানি জন্মৰ নিশাতেই দৈৱৰ সহায়ত কাৰাগাৰৰ পৰা মুক্ত হৈ বসুদেবে তেওঁক গকুলত তেখেতৰ পালক মাতাপিতা যশোদা [42] আৰু নন্দৰ কাষত থৈ আহে। কৃষ্ণৰ উপৰি বসুদেবৰ আৰু দুই সন্তানৰ প্ৰাণৰক্ষা হৈছিল। প্ৰথমজন বলৰাম (যি বসুদেবৰ প্ৰথমা স্ত্ৰী ৰোহিণীৰ গৰ্ভত জন্মগ্ৰহণ কৰে) আৰু সুভদ্ৰা (বসুদেব আৰু ৰোহিণীৰ কন্যা, যি বলৰাম আৰু কৃষ্ণৰ জন্মৰ অনেক পাছত জন্মগ্ৰহণ কৰে)।[43] ভাগৱত পুৰাণ অনুযায়ী, কোনো প্ৰকাৰ যৌনসংগম ব্যতিৰেকেই কেবলমাত্ৰ "মানসিক যোগৰ" ফলত কৃষ্ণৰ জন্ম হৈছিল। হিন্দুসকলে বিশ্বাস কৰে, সেইযুগত এই ধৰণৰ যোগ সম্ভব আছিল।[40][44][45]

বাল্যকাল আৰু কৈশোৰ[সম্পাদনা কৰক]

গোবৰ্ধন পৰ্বত কৃষ্ণৰ হাতত

নন্দ আছিল গোপালক সম্প্ৰদায়ৰ প্ৰধান। তেখেতৰ বাসস্থান আছিল বৃন্দাবনত। কৃষ্ণৰ ল’ৰালিকালৰ কাহিনীসমূহৰ পৰা জনা যায়, কিভাবে তেওঁ এজন ৰাখাল বালক হৈ উঠে, [46] কিদৰে তেওঁ মাখন চুৰি কৰি দুষ্টুমি কৰিছিল, কিদৰে তেওঁ তেখেতৰ প্ৰাণনাশৰ চেষ্টাবোৰক ব্যৰ্থ কৰি দিছিল আৰু বৃন্দাবনবাসীৰ জীৱনৰক্ষা কৰিছিল। কৃষ্ণৰ প্ৰাণনাশৰ চেষ্টা কৰা কংসৰ দ্বাৰা প্ৰেৰিত পুতনা সহ অন্যান্য ৰাক্ষস সকলোকে কৃষ্ণই বধ কৰে । কালীয় নামৰ এটা বিৰাট সাপে যমুনাৰ পানীক বিষাক্ত কৰি তুলিছিল। এই পানী পান কৰি ৰাখাল আৰু গৰুৰ মৃত্যু হৈছিল প্ৰায়েই। কৃষ্ণই এই কালীয় নাগক দমন কৰে। হিন্দু চিত্ৰকলাৰ অনেক স্থানত বহুফণাযুক্ত কালীয় নাগৰ মূৰৰ উপৰত নৃত্যৰত কৃষ্ণৰ ছবি দেখা যায়। কৃষ্ণৰ গোবৰ্ধন পৰ্বত ধাৰণ কৰাৰ উপাখ্যানটিও বহুপৰিচিত। কৃষ্ণই বৃন্দাবনবাসীক পৰামৰ্শ দিছিল যে, অকাৰণে বৃষ্টিৰ দেৱতা ইন্দ্ৰৰ পূজা নকৰি জীৱ-জন্তুৰ দল আৰু পৰিবেশৰ যত্ন লবলৈ। তেখেতৰ মতে, এইবোৰ বৃন্দাবনৰ সম্পদৰ উৎস। বৃন্দাবনবাসীয়ে ইন্দ্ৰৰ পূজা বন্ধ কৰি দিয়াত ক্ৰুদ্ধ ইন্দ্ৰই বৃন্দাবনক প্লাবিত কৰিবলৈ চায়। কৃষ্ণই গোবৰ্ধন পৰ্বতক এক আঙুলিৰে উঠাই সমগ্ৰ বৃন্দাবন আৰু তাৰ সকলো অধিবাসীৰ জীৱন ৰক্ষা কৰে।[47][48] ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে, প্ৰথাগত বৈদিক ধৰ্ম আৰু তাৰ দেৱদেৱীৰ বিৰুদ্ধে কৃষ্ণৰ এই অৱস্থান, আধ্যাত্মিক ভক্তি আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈ উঠে।[49]

বৃন্দাবনত গোপীসকলক লৈ কৃষ্ণৰ লীলাও ভাৰতীয় সাহিত্যৰ এক জনপ্ৰিয় বিষয়। ৰাধাৰ লগত তেখেতৰ সম্পৰ্কক লৈ গীতগোবিন্দম্ ৰচয়িতা জয়দেব সহ অসংখ্য কবিয়ে প্ৰণয়মূলক কবিতা ৰচনা কৰিছে। ৰাধাকৃষ্ণ মূৰ্তিত কৃষ্ণৰ পূজা কৃষ্ণভক্তি আন্দোলনৰ বিকাশৰ এটা গুৰুত্বপূৰ্ণ দিশ।[50]

যৌৱনকাল[সম্পাদনা কৰক]

কৃষ্ণ আৰু তেখেতৰ দুই প্ৰধান মহিষী। (বাওঁফালৰ পৰা) ৰুক্মিণী, কৃষ্ণ, সত্যভামা আৰু গৰুড়।

যৌৱনত মথুৰালৈ প্ৰত্যাবৰ্তন কৰি কৃষ্ণই তেখেতৰ মামা কংসৰ অনুগামীসকলৰ দ্বাৰা সংঘটিত বহু হত্যাৰ ষড়যন্ত্ৰ পৰা আত্মৰক্ষা কৰি কংসক বধ কৰে। তেওঁ কংসৰ পিতা উগ্ৰসেনক পুনৰ যাদৱকুলৰ ৰজা হিচাপে সিংহাসনত অধিষ্ঠিত কৰে আৰু নিজে তাত অন্যতম যুৱৰাজ হিচাপে অৱস্থান কৰে।[51] এই সময়ত তেখেতৰ সৈতে অৰ্জুন সহ কুৰু ৰাজ্যৰ অন্যান্য পাণ্ডৱ ৰাজপুত্ৰসকলৰ সখ্যতা গঢ়ি উঠে। পৰৱৰ্তীকালত তেওঁ যাদৱসকলক লৈ দ্বাৰকা নগৰী (অধুনা গুজৰাট)লৈ গুচি আহে আৰু তাতেই তেখেতৰ ৰাজত্ব স্থাপন কৰে।[52]

কৃষ্ণই বিদৰ্ভ ৰাজ্যৰ ৰাজকন্যা ৰুক্মিণীক তেখেতৰ অনুৰোধক্ৰমে শিশুপালৰ সৈতে অনুষ্ঠিত বিবাহ মণ্ডপৰ পৰা হৰণ কৰি নিয়ে আৰু বিবাহ কৰে। ইয়াৰ পাছত কৃষ্ণই ১৬১০০ নাৰীক নৰকাসুৰ নামৰ অসুৰৰ কাৰাগাৰ পৰা উদ্ধাৰ কৰি তেওঁলোকৰ সম্মান ৰক্ষাৰ্থে তেওঁলোকক বিবাহ কৰে।[53][54] কৃষ্ণৰ মহিষীসকলৰ মাজত আঠগৰাকী আছিল প্ৰধান, যাক অষ্টভাৰ্যা নামেৰেও অভিহিত কৰা হয়। এওঁলোক হ’ল ৰুক্মিণী, সত্যভামা, জাম্বৱতী, কালিন্দি, মিত্ৰবৃন্দা, নগ্নাজিতি, ভদ্ৰা আৰু লক্ষণা।[55][56][57] কৃষ্ণই নৰকাসুৰক বধ কৰি সমস্ত বন্দী নাৰীক মুক্ত কৰে। তৎকালীন সামাজিক ৰীতি অনুসৰি বন্দী নাৰীৰ সমাজত কোনো সন্মান নাছিল আৰু তেওঁলোকৰ বিবাহৰ কোনো উপায়ো নাছিল কাৰণ তেওঁলোক ইতিপূৰ্বে নৰকাসুৰৰ অধীনত আছিল।[58] বৈষ্ণৱ ধৰ্ম মতে কৃষ্ণৰ সমস্ত মহিষীগণেই আছিল দেৱী লক্ষ্মীৰ অৱতাৰ অথবা সেই সকলো নাৰী যিসকলে বহু জন্মৰ তপস্যাৰবলত কৃষ্ণৰ স্ত্ৰী হোৱাৰ অধিকাৰ লাভ কৰিছিল। ইয়াৰ বাদেও তেখেতৰ আন এক স্ত্ৰী সত্যভামা আছিল ৰাধাৰ অংশ[59]

যেতিয়া যুধিষ্ঠিৰে সিংহাসনত আৰোহণ কৰে তেতিয়া তেওঁ সমস্ত মহান ৰজাক সেই অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়। যেতিয়া তেওঁ তেওঁলোকৰ প্ৰত্যেককে এজন এজনকৈ সম্মান জ্ঞাপন কৰিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁ সৰ্বপ্ৰথম কৃষ্ণক সন্মান জ্ঞাপন কৰিছিল কাৰণ তেওঁ কৃষ্ণকেই সমস্ত ৰজাসকলৰ মাজত মহান হিচাপে গণ্য কৰিছিল। অনুষ্ঠানত উপস্থিত সকলো ৰজাই এই কথাত সম্মত হলেও কৃষ্ণৰ আত্মীয় শিশুপালে তাতে অসন্তোষ প্ৰকাশ কৰে আৰু কৃষ্ণৰ নিন্দা আৰম্ভ কৰে। কৃষ্ণই শিশুপালৰ মাতৃৰ কাষত প্ৰতিজ্ঞা কৰিছিল যে তেওঁ শিশুপালৰ এশতা অপৰাধ ক্ষমা কৰিব। গতিকে যেতিয়াই শিশুপালে শত অপৰাধ অতিক্ৰম কৰিলে তেতিয়া তেওঁ তেওঁৰ বিৰাট ৰূপ ধাৰণ কৰি সুদৰ্শন চক্ৰৰ দ্বাৰা শিশুপালক বধ কৰে। সেইসময়ত অন্ধ ধৃতৰাষ্ট্ৰয়ো দিব্যদৃষ্টি লাভ কৰি কৃষ্ণৰ সেই ৰূপ দৰ্শন কৰাত সক্ষম হৈছিল। পুৰাণ অনুসৰি শিশুপাল আৰু দন্তবক্ৰ নামৰ আন এক ব্যক্তি পূৰ্বজন্মত আছিল স্বৰ্গত দেৱতা বিষ্ণুৰ দ্বাৰৰক্ষক জয় আৰু বিজয়। তেখেতসকলে অভিশপ্ত হৈ পৃথিৱীত জন্মগ্ৰহণ কৰিছিল আৰু আকৌ বিষ্ণুৰ অৱতাৰ কৃষ্ণৰ দ্বাৰাই স্বৰ্গলৈ প্ৰত্যাগমন কৰে।[60]

কুৰুক্ষেত্ৰ যুদ্ধ আৰু ভগবদ্গীতা[সম্পাদনা কৰক]

যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ অবশ্যম্ভাবী হৈ উঠে তেতিয়া কৃষ্ণই পাণ্ডৱ আৰু কৌৰৱ উভয়পক্ষকেই সুযোগ দিয়ে তেখেতৰ কাষৰ পৰা সহায় হিচাপে দু'টি বস্তুৰ মাজত যিকোনো এটাক নিৰ্বাচন কৰিবলৈ। তেওঁ কয় যে হয় তেওঁ স্বয়ং থাকিব অথবা তেখেতৰ নাৰায়ণী সেনাক যুদ্ধৰ বাবে প্ৰদান কৰিব, কিন্তু তেওঁ নিজে য’ত থাকিব তাত তেওঁ হাতত অস্ত্ৰ তুলি নলয়। পাণ্ডৱৰ পক্ষত অৰ্জুনে স্বয়ং কৃষ্ণক গ্ৰহণ কৰে আৰু কৌৰৱৰ পক্ষত দুৰ্যোধনে কৃষ্ণৰ নাৰায়ণী সেনাক গ্ৰহণ কৰে। কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত কৃষ্ণই অৰ্জুনৰ ৰথৰ সাৰথিৰ ভূমিকা পালন কৰে কাৰণ তেখেতৰ অস্ত্ৰ ধৰাৰ কোনো প্ৰয়োজন নাছিল।

যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈ তৃতীয় পাণ্ডৱ অৰ্জুনে যেতিয়া উপলব্ধি কৰে যে যিসকল লোক তেখেতৰ প্ৰতিপক্ষ তেখেতসকল তেখেতৰ আত্মীয়বৰ্গ আৰু অত্যন্ত প্ৰিয়জন তেতিয়া তেওঁ যুদ্ধক লৈ দ্বিধাগ্ৰস্ত হৈ পৰে। তেওঁ সমস্ত আশা ত্যাগ কৰি তেখেতৰ ধনু গাণ্ডীৱ কান্ধৰ পৰা নমায় দিয়ে। তেতিয়া কৃষ্ণই অৰ্জুনক সেই যুদ্ধৰ প্ৰয়োজনীয়তা সম্বন্ধে এলানি উপদেশ দিয়ে যি সমূহ ভগবদ্গীতা নামেৰে খ্যাত।[61]

কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত কৃষ্ণই অৰ্জুনক তেখেতৰ বিশ্বৰূপ দৰ্শন কৰাইছে।

কৃষ্ণ আছিল প্ৰখৰ কূটবুদ্ধিসম্পন্ন পুৰুষ আৰু মহাভাৰতৰ যুদ্ধ আৰু তাৰ পৰিণতিত তেখেতৰ প্ৰগাঢ় প্ৰভাৱ আছিল। তেওঁ পাণ্ডৱ আৰু কৌৰৱৰ মাজত শান্তি স্থাপন কৰাত যথাসম্ভব উদ্যোগী আছিল। কিন্তু যেতিয়া তেখেতৰ সমস্ত প্ৰচেষ্টা ব্যৰ্থ হৈ যুদ্ধ অনিবাৰ্য হৈ উঠে তেতিয়া তেওঁ ক্ৰূৰ কূটনীতিকৰ ভূমিকা গ্ৰহণ কৰে। যুদ্ধকালত পিতৃ-পিতামহৰ বিৰুদ্ধে সঠিক মনোবল লৈ যুদ্ধ নকৰাৰ বাবে তেওঁ অৰ্জুনৰ উপৰত ক্ৰুদ্ধ হৈ উঠে। এবাৰ তেওঁক আঘাত কৰাৰ অপৰাধত কৃষ্ণই এটা ৰথৰ চকাকে চক্ৰত পৰিণত কৰি ভীষ্মক আক্ৰমণ কৰিবলৈ উদ্যত হয়। তেতিয়া ভীষ্মই সমস্ত অস্ত্ৰ পৰিত্যাগ কৰি কৃষ্ণক কয় তেওঁক হত্যা কৰিবলৈ। কিন্তু ইয়াৰ পাছত অৰ্জুনে কৃষ্ণৰ কাষত ক্ষমাপ্ৰাৰ্থনা কৰে আৰু পূৰ্ণ উদ্যমেৰে যুদ্ধ কৰাৰ প্ৰতিজ্ঞা কৰে। কৃষ্ণই যুধিষ্ঠিৰ আৰু অৰ্জুনক নিৰ্দেশ দিয়ে যাতে তেওঁলোকে ভীষ্মই দিয়া যুদ্ধজয়ৰ বৰ উভতাই দিয়ে, কাৰণ ভীষ্ম স্বয়ং সেই যুদ্ধত পাণ্ডৱৰ প্ৰতিপক্ষ হিচাপে অৱতীৰ্ণ হৈছিল। ভীষ্মক এই কথা জনোৱাত তেওঁ এই কথাৰ অন্তৰ্নিহিত অৰ্থ বুজিব পাৰি কিভাবে তেওঁ অস্ত্ৰ পৰিত্যাগ কৰিব সেই উপায় পাণ্ডৱসকলৰ আগত কৈ দিয়ে। তেওঁ কয় যে, যদি কোনো নাৰীয়ে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰে তেতিয়াহ’লে তেওঁ অস্ত্ৰত্যাগ কৰিব। পাছৰ দিনা কৃষ্ণৰ নিৰ্দেশত শিখণ্ডীয়ে, অৰ্থাৎ যি পূৰ্বজন্মত অম্বা আছিল তেওঁ অৰ্জুনৰ সৈতে যুদ্ধত যোগদান কৰে আৰু ভীষ্মই তেখেতৰ সকলো অস্ত্ৰ পৰিহাৰ কৰে। ইয়াৰ বাদেও কৃষ্ণই ধৃতৰাষ্ট্ৰৰ জোঁৱায়েক জয়দ্ৰথক বধ কৰাত অৰ্জুনক সহায় কৰে। জয়দ্ৰথৰ কাৰণেই অৰ্জুনৰ পুত্ৰ অভিমন্যুৱে দ্ৰোণাচাৰ্যৰ চক্ৰব্যূহত প্ৰৱেশ কৰিও ওলায় অহাৰ উপায় নজনাত কৌৰৱৰ হাতত নিহত হৈছিল। কৃষ্ণই কৌৰৱৰ সেনাপতি দ্ৰোণাচাৰ্যৰ পতনো সম্পন্ন কৰিছিল। তেওঁ ভীমক নিৰ্দেশ দিছিল অশ্বত্থামা নামৰ হাতী এটাক বধ কৰিবলৈ আৰু তাৎপৰ্যপূৰ্ণভাবে দ্ৰোণাচাৰ্যৰ পুত্ৰৰ নামো অশ্বত্থামা আছিল। ইয়াৰ পাছত কৃষ্ণৰ নিৰ্দেশত যুধিষ্ঠিৰে দ্ৰোণাচাৰ্যক গৈ কয় যে অশ্বত্থামা নিহত হৈছে আৰু তাৰ পাছত খুব মৃদুস্বৰত কয় যে সেইটো এটা হাতী। কিন্তু যিহেতু যুধিষ্ঠিৰে কেতিয়াও মিথ্যাচাৰ নকৰিছিল গতিকে দ্ৰোণাচাৰ্যই তেখেতৰ প্ৰথম কথাষাৰ শুনা মাত্ৰকেই মানসিক ভাবে অত্যন্ত আহত হয় আৰু অস্ত্ৰ পৰিত্যাগ কৰে। ইয়াৰ পাছত কৃষ্ণৰ নিৰ্দেশত ধৃষ্টদ্যুম্নই দ্ৰোণৰ শিৰশ্ছেদ কৰে।

কৰ্ণৰ সৈতে অৰ্জুনৰ যুদ্ধৰ সময়ত কৰ্ণৰ ৰথৰ চকা মাটিত বহি যায়। তেতিয়া কৰ্ণই যুদ্ধত বাধাৰ সৃষ্টি কৰা সেই চকা মাটি পৰা উঠোৱাৰ চেষ্টা কৰাত কৃষ্ণই অৰ্জুনক স্মৰণ কৰায় দিয়ে যে কৌৰৱসকলে কিদৰে অভিমন্যুক অন্যায়ভাবে হত্যা কৰি যুদ্ধৰ সমস্ত নিয়ম ভঙ্গ কৰিছে। গতিকে তেওঁও নিৰস্ত্ৰ কৰ্ণক বধ কৰি অৰ্জুনক সেই হত্যাৰ প্ৰতিশোধ লবলৈ আদেশ কৰে। ইয়াৰ পাছত যুদ্ধৰ অন্তিম পৰ্বত কৌৰৱপ্ৰধান দুৰ্যোধনে মাতৃ গান্ধাৰীৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ যায়। কৃষ্ণই জানিছিল যে দুৰ্যোধনৰ শৰীৰৰ যি যি অঙ্গৰ উপৰেৰে গান্ধাৰীৰ দৃষ্টি নিক্ষিপ্ত হব সেই অংশ ইস্পাত সদৃশ কঠিন হৈ উঠিব। তেতিয়া কৃষ্ণই ছলপূৰ্বকভাবে তেওঁৰ ঊৰুদ্বয় কলপাতেৰে আচ্ছাদিত কৰি দিয়ে। ইয়াৰ ফলত গান্ধাৰীৰ দৃষ্টি দুৰ্যোধনৰ সমস্ত অঙ্গৰ উপৰত পৰিলেও ঊৰুদ্বয়ত নপৰাকৈ থাকি যায়। পাছত যেতিয়া দুৰ্যোধনৰ সৈতে ভীমে গদাযুদ্ধত লিপ্ত হয় তেতিয়া ভীমৰ আঘাতে দুৰ্যোধনক কোনোধৰণে আহত কৰাত ব্যৰ্থ হয়। তেতিয়া কৃষ্ণৰ ইঙ্গিতত ভীমে ন্যায়িক গদাযুদ্ধৰ নিয়ম লঙ্ঘন কৰি দুৰ্যোধনৰ ঊৰুত আঘাত কৰে আৰু তেওঁক বধ কৰে। এইভাবে কৃষ্ণৰ অতুলনীয় আৰু অপ্ৰতিৰোধ্য কৌশলৰ সহায়ত পাণ্ডৱসকলে কুৰুক্ষেত্ৰ যুদ্ধত জয়লাভ কৰে। ইয়াৰ বাহিৰেও কৃষ্ণই অৰ্জুনৰ নাতি পৰীক্ষিতৰ প্ৰাণৰক্ষা কৰে, যাক অশ্বত্থামাই মাতৃগৰ্ভতেই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰি আঘাত কৰিছিল। পৰৱৰ্তীকালত পৰীক্ষিতেই পাণ্ডৱৰ উত্তৰাধিকাৰী হয়।

গাৰ্হস্থ্য জীৱন[সম্পাদনা কৰক]

বালি দ্বীপৰ শৈল্পিক ৰূপত কৃষ্ণ
মন্দিৰৰ দেৱালত খোদিত ৰাধাকৃষ্ণৰ ভাস্কৰ্য

কৃষ্ণৰ মুঠ ১৬১০৮ গৰাকী পত্নী আছিল যাৰ মাজত আঠগৰাকী আছিল তেখেতৰ প্ৰধান মহিষী আৰু বাকী ১৬১০০ গৰাকী আছিল নৰকাসুৰৰ অন্তেষপুৰৰ পৰা উদ্ধাৰ হোৱা ৰমণীকুল। কিন্তু এই প্ৰত্যেকগৰাকী ৰমণীকেই দেৱী লক্ষ্মীৰ অৱতাৰ হিচাপে ধৰা হয়।[62][63]

প্ৰত্যেকগৰাকী ৰমণীৰ গৰ্ভতেই (১৬১০০ গৰাকীক এৰি) কৃষ্ণৰ দহোটি পুত্ৰ আৰু এটি কন্যাই জন্মগ্ৰহণ কৰিছিল।[64][65] কৃষ্ণ আৰু মহিষী ৰুক্মিণীৰ প্ৰথম পুত্ৰ হল প্ৰদ্যুম্ন। ইয়াৰ বাদেও ৰুক্মিণীৰ গৰ্ভজাত কৃষ্ণৰ অন্যান্য পুত্ৰসকল হ’ল চাৰুদেষ্ণ, সুদেষ্ণ, চাৰুদেহ, সুচাৰু, চাৰুগুপ্ত, ভদ্ৰচাৰু, চাৰুচন্দ্ৰ, বিচাৰু আৰু চাৰু। কৃষ্ণপুত্ৰ প্ৰদ্যুম্ন আৰু ৰুক্মিণীৰ ভ্ৰাতা ৰুক্মীৰ কন্যা ৰুক্মাবতীৰ পুত্ৰ হ’ল পুৰাণত উল্লিখিত বীৰ অনিৰুদ্ধ।[64]

আন এক মহিষী সত্যভামাৰ গৰ্ভত কৃষ্ণৰ যি দহোটি পুত্ৰই জন্মলাভ কৰিছিল তেওঁলোক হ’ল ভানু, সুভানু, স্বৰভানু, প্ৰভানু, ভানুমান, চন্দ্ৰভানু, বৃহদ্ভানু, অতিভানু, শ্ৰীভানু আৰু প্ৰতিভানু।[64]

জাম্ববানৰ কন্যা জাম্বৱতীৰ গৰ্ভত কৃষ্ণৰ যি দহোটি পুত্ৰই জন্মলাভ কৰিছিল তেওঁলোক হ’ল শাম্ব, সুমিত্ৰ, পুৰুজিৎ, শতজিৎ, সহস্ৰজিৎ, বিজয়, চিত্ৰকেতু, বসুমান, দ্ৰাবিড় আৰু ক্ৰতু। এই পুত্ৰসকল কৃষ্ণৰ অত্যন্ত প্ৰিয় আছিল।[64]

কৃষ্ণ আৰু নগ্নাজিতিৰ মিলনত জন্ম হয় বীৰ, চন্দ্ৰ, অশ্বসেন, চিত্ৰাগু, বেগবান, বৃষ, অম, শঙ্কু আৰু কুন্তী (কৃষ্ণৰ পেহীয়েক আৰু পাণ্ডৱৰ মাতৃ কুন্তী নহয়), এই দহোটি পুত্ৰৰ।[64]

শ্ৰুত, কবি, বৃষ, বীৰ, সুবাহু, ভদ্ৰ, শান্তি, দৰ্শ, পূৰ্ণাংশ আৰু সোমক হ’ল কৃষ্ণ আৰু কালিন্দিৰ পুত্ৰ।[64]

মদ্ৰা নামৰ মহিষীৰ গৰ্ভ কৃষ্ণৰ ঔৰসজাত পুত্ৰসকল হ’ল প্ৰঘোষ, গাত্ৰবান, সিংহ, বল, প্ৰবল, উৰ্ধগ, মহাশক্তি, সাহা, ওজ আৰু অপৰাজিত।[64]

মিত্ৰবিন্দা আৰু কৃষ্ণৰ মিলনত যি দহ পুত্ৰৰ জন্ম হয়, তেওঁলোক হ’ল বৃক, হৰ্ষ, অনিল, গৃধ্ৰ, বৰ্ধন, উন্নাদ, মহাংশ, পবন, বহ্নি আৰু ক্ষুধী।[64]

ভদ্ৰাৰ গৰ্ভজাত কৃষ্ণৰ পুত্ৰসকল হ’ল সংগ্ৰামজিৎ, বৃহৎসেন, সুৰ, প্ৰহৰণ, অৰিজিৎ, জয়, সুভদ্ৰ, বাম, আয়ুৰ আৰু সাত্যক।[64]

ৰোহিণীৰ গৰ্ভত কৃষ্ণই পুত্ৰলাভ কৰিছিল দীপ্তিমান, তাম্ৰতপ্ত আৰু অন্যান্য আঠজন পুত্ৰ।[64][66]

পৰৱৰ্তী জীৱন[সম্পাদনা কৰক]

সপৰিয়ালে প্ৰভাস তীৰ্থলৈ গমন আৰু যদুবংশৰ বিনাশ[সম্পাদনা কৰক]

মহাভাৰত অনুসৰি কুৰুক্ষেত্ৰ যুদ্ধৰ ফলত গান্ধাৰীৰ এশজন পুত্ৰৰ মৃত্যু ঘটিছিল। দুৰ্যোধনৰ মৃত্যুৰ পূৰ্বৰাত্ৰিত কৃষ্ণই গান্ধাৰীৰ কাষলৈ শোকজ্ঞাপন কৰিবলৈ যায়। কিন্তু শোকাহত গান্ধাৰীয়ে ভাবিছিল যে কৃষ্ণই ইচ্ছাকৃত ভাবে যুদ্ধৰ অবসানৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। শোকে দুঃখে কাতৰ হৈ তেওঁ কৃষ্ণক এই বুলি অভিশাপ দিয়ে যে কৃষ্ণই অন্যান্য সকলো যাদৱৰ সৈতে ৩৬ বছৰৰ পাছত ধ্বংস হৈ যাব।[67][68][69] ইয়াৰ পাছত এদিন কেইজনমান যাদৱে কৃষ্ণৰ পুত্ৰ শাম্বক গৰ্ভৱতী স্ত্ৰীৰ বেশত সজ্জিত কৰি কেইগৰাকীমান মুনিক কৌতুকবশতঃ প্ৰশ্ন কৰে যে নাৰীৰ ছদ্মবেশী শাম্বৰ সন্তান পুত্ৰ হ’ব নে কন্যা হ’ব। তেতিয়া সেই ঋষিসকলে ধ্যানযোগে সকলো জানিব পাৰি ক্ৰুধিত হৈ সেই যাদৱসকলক শাও দিয়ে যে স্ত্ৰীবেশী শাম্বই এটা লৌহ মূৰ্তি প্ৰসৱ কৰিব আৰু সেই মূৰ্তিৰ দ্বাৰা সমগ্ৰ যদুকুল ধ্বংস হৈ যাব।[55] এই শাপত ভীত হৈ তেওঁলোকে যদুপ্ৰধান কৃষ্ণৰ কাষলৈ যায় আৰু কৃষ্ণই তেওঁলোকক প্ৰভাস নামৰ তীৰ্থলৈ গৈ সেই সদ্যপ্ৰসূত মূৰ্তি পাথৰত ঘঁহি ক্ষয় কৰাৰ উপদেশ দিয়ে। যাদৱসকলে কৃষ্ণৰ পৰামৰ্শ অনুসৰি মূৰ্তি ক্ষয় কৰিলেও এটা ক্ষুদ্ৰ অংশ নদীৰ পানীত নিক্ষেপ কৰে। ঘটনাচক্ৰত সেই লৌহখণ্ড এটা মাছে ভক্ষণ কৰে আৰু এক ধীবৰৰ হাত বাগৰি এজন ব্যাধে সেই মূৰ্তিখণ্ড লাভ কৰে। সেই ব্যাধে তেতিয়া সেই লৌহখণ্ডৰে এনে এক বাণ প্ৰস্তুত কৰে যাৰ দ্বাৰা কিছুকাল পাছত যদুকুল বিনষ্ট হয়।[70] ইয়াৰ কিছুকাল পাছত এদিন কৃষ্ণই উপলব্ধি কৰে যে দ্বাৰকা নগৰী জনবসতিৰে পৰিপূৰ্ণ হৈ উঠিছে। ষোল হাজাৰ ৰমণী আৰু অষ্টমহিষীৰ পৰা জাত স্বয়ং কৃষ্ণৰ অসংখ্য পুত্ৰপৌত্ৰাদিৰে যদুবংশই বিপুল আকাৰ ধাৰণ কৰিছে।[64] ইয়াৰ বাহিৰেও অন্যান্য যাদৱৰ পৰিয়ালো প্ৰচুৰ।[64] গতিকেতেওঁ অগ্ৰজ বলভদ্ৰৰ সৈতে পৰামৰ্শ কৰি পৃথিৱীৰ ভাৰ লাঘবাৰ্থে বিপুল যদুবংশ ধ্বংস কৰাৰ কথা স্থিৰ কৰে।[70][55] তেওঁ দ্বাৰকাৰ নাৰীসকলক গৃহত ৰাখি সকলো যাদৱক প্ৰভাস তীৰ্থলৈ গমনৰ আদেশ কৰে আৰু স্বয়ং তালৈ যায়।[70] তাত সুৰাপানৰ ফলত যাদৱসকলৰ মাজত হোৱা তীব্ৰ অন্তৰ্কলহৰ ফলত তেওঁলোকে নিজেই নিজৰ লোকসকলক হত্যা কৰে।

কৃষ্ণ আৰু বলৰামৰ দেহত্যাগ[সম্পাদনা কৰক]

যেতিয়া কৃষ্ণৰ জ্যেষ্ঠভ্ৰাতা বলৰামে যোগবলত দেহত্যাগ কৰে। তেতিয়া কৃষ্ণই বনলৈ গৈ ধ্যান আৰম্ভ কৰে। তেতিয়া এজন ব্যাধে হৰিণা বুলি ভ্ৰম কৰি কৃষ্ণৰ বাওঁ ভৰি লক্ষ কৰি কাঁড় নিক্ষেপ কৰে আৰু তেখেতৰ জীৱনৰ অৱসান হয়।[71][72][73][74] পৌৰাণিক সূত্ৰ অনুযায়ী[75] কৃষ্ণৰ পৰলোকগমনৰ মাজেদিয়েই ৩১০২ খ্ৰীষ্টপূৰ্বৰ ১৭/১৮ ফেব্ৰুৱাৰীত[76] দ্বাপৰ যুগৰ সমাপ্তি ঘটে আৰু কলি যুগৰ সূচনা হয়।

পূজা আৰু আৰাধনা[সম্পাদনা কৰক]

বৈষ্ণৱ ধৰ্ম[সম্পাদনা কৰক]

মণিপুৰী শৈলীত ৰাসলীলা

কৃষ্ণৰ পূজা হ’ল বৈষ্ণৱ ধৰ্মৰ এটা অঙ্গ। বৈষ্ণৱ ধৰ্ম অনুসৰি দেৱতা বিষ্ণুক পৰমেশ্বৰ জ্ঞান কৰা হয় আৰু তেখেতৰ অন্যান্য অৱতাৰসমূহ, তেওঁৰ পত্নী আৰু তৎসম্বন্ধীয় গুৰু আৰু সাধকসকলৰ প্ৰতিও গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। কৃষ্ণক মূলত: বিষ্ণুৰ পূৰ্ণাৱতাৰ হিচাপে গণ্য কৰা হয়।[77] কিন্তু কৃষ্ণৰ সৈতে বিষ্ণুৰ প্ৰকৃত সম্বন্ধ অত্যন্ত জটিল আৰু বৈচিত্ৰপূৰ্ণ হৈ উঠে[78] যদিও কেতিয়াবা স্বয়ং কৃষ্ণকেই একমাত্ৰ পৰমেশ্বৰ ৰূপে আৰাধনা কৰা হয়।[79] বহু আৰাধ্য দেৱদেৱী আৰু তেওঁলোকৰ অৱতাৰসমূহৰ মাজত সুনিৰ্দিষ্টভাবে কৃষ্ণৰ অবস্থান অত্যন্ত গুৰুত্বপূৰ্ণ। কৃষ্ণ আৰু বিষ্ণুকেই কেন্দ্ৰ কৰি বৈষ্ণৱ ধৰ্মৰ ঐতিহ্য চলি আহিছে। অনেক ক্ষেত্ৰত হিন্দুধৰ্মৰ যি শাখাত স্বয়ং কৃষ্ণক প্ৰধান আৰাধ্য ৰূপে বিবেচিত হয় সেই শাখাক "কাৰ্ষ্ণ্য ধৰ্ম" আৰু যি শাখাত কৃষ্ণক কেবলমাত্ৰ বিষ্ণুৰ অৱতাৰ ৰূপে চিহ্নিত কৰা হয় সেই শাখাক "বৈষ্ণব ধৰ্ম" আখ্যায়িত কৰা হয়।[80]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Knott 2000, পৃষ্ঠা 56
  2. Knott 2000, p. 36, p. 15
  3. Richard Thompson, Ph. D. (December 1994). Reflections on the Relation Between Religion and Modern Rationalism. http://www.iskcon.com/icj/1_2/12thompson.html। আহৰণ কৰা হৈছে: 2008-04-12. 
  4. Mahony, W.K. (1987). "Perspectives on Krsna's Various Personalities". History of Religions (American Oriental Society) খণ্ড 26 (3): 333–335. doi:10.2307/599733. http://www.jstor.org/pss/1062381. 
  5. "Monier Williams Sanskrit-English Dictionary p.306". website. Cologne Digital Sanskrit Lexicon project. 2008. http://www.sanskrit-lexicon.uni-koeln.de/cgi-bin/serveimg.pl?file=/scans/MWScan/MWScanjpg/mw0306-kRzanAvat.jpg। আহৰণ কৰা হৈছে: 2008-10-13. 
  6. Bhaktivedanta Swami, Prabhupada. "Chaitanya Charitamrta Madhya-lila Chapter 9 Verse 30". vedabase.net. http://vedabase.net/cc/madhya/9/30/en। আহৰণ কৰা হৈছে: 2008-06-15. 
  7. Lynne Gibson (2002). Modern World Religions: Hinduism - Pupils Book Foundation (Modern World Religions). প্ৰকাশক Oxford [England]: Heinemann Educational Publishers. পৃষ্ঠা. 7. ISBN 0-435-33618-5. http://books.google.com/?id=jnwffnGT0tEC&pg=PA7. 
  8. Goswami 1998, পৃষ্ঠা 141
  9. Beck 1993, পৃষ্ঠা 195
  10. Vishnu sahasranama, Swami Tapasyananda's translation, pg. 51.
  11. Bryant 2007, পৃষ্ঠা 17
  12. Hiltebeitel, Alf (2001). Rethinking the Mahābhārata: a reader's guide to the education of the dharma king. প্ৰকাশক Chicago: University of Chicago Press. পৃষ্ঠা. 251–53, 256, 259. ISBN 0-226-34054-6. 
  13. B.M.Misra. Orissa: Shri Krishna Jagannatha: the Mushali parva from Sarala's Mahabharata. Oxford University Press, USA. ISBN 0-19-514891-6.  in Bryant 2007, পৃষ্ঠা 139
  14. The Encyclopedia Americana. প্ৰকাশক [s.l.]: Grolier. 1988. পৃষ্ঠা. 589. ISBN 0-7172-0119-8. 
  15. Benton, William (1974). The New Encyclopaedia Britannica. Encyclopaedia Britannica. পৃষ্ঠা. 885. ISBN 0852292902, 9780852292907. http://books.google.com/?id=G8YqAAAAMAAJ&q=Krsna+blue+skin+deity&dq=Krsna+blue+skin+deity. 
  16. D. D. Kosambi (1962), Myth and Reality: Studies in the Formation of Indian Culture, New Delhi, CHAPTER I: SOCIAL AND ECONOMIC ASPECTS OF THE BHAGAVAD-GITA, paragraph 1.16
  17. Harle, J. C. (1994). The art and architecture of the Indian Subcontinent. প্ৰকাশক New Haven, Conn: Yale University Press. পৃষ্ঠা. 410. ISBN 0-300-06217-6. "figure 327. Manaku, Radha‭'‭s messenger describing Krishna standing with the cow-girls, from Basohli." 
  18. Datta, Amaresh; Mohan Lal (1994). Encyclopaedia of Indian Literature. Sahitya Akademi. পৃষ্ঠা. 4290. http://books.google.com/?id=g-wbAAAAIAAJ&q=Manipur+Radha&dq=Manipur+Radha. 
  19. The penny cyclopædia [ed. by G. Long]. 1843, p.390 [1]
  20. Ramesh M. Dave, K. K. A. Venkatachari, The Bhakta-bhagawan Relationship: Paramabhakta Parmeshwara Sambandha. Sya. Go Mudgala, Bochasanvasi Shri Aksharpurushottama Sanstha, 1988. p.74
  21. Valpey 2006, পৃষ্ঠা 52
  22. Hoiberg, Dale; Ramchandani, Indu (2000). Students' Britannica India. Popular Prakashan. পৃষ্ঠা. 251. ISBN 0852297602, 9780852297605. http://books.google.com/?id=kEj-2a7pmVMC&pg=PA251&dq=Bala+Krishna. 
  23. Satsvarupa dasa Goswami (1998). The Qualities of Sri Krsna. GNPress. pp. 152 pages. ISBN 0911233644 
  24. Vithoba is not only viewed as a form of Krishna. He is also by some considered that of Vishnu, Shiva and Gautama Buddha according to various traditions. See: Kelkar, Ashok R. (2001) [1992]. "Sri-Vitthal: Ek Mahasamanvay (Marathi) by R.C. Dhere". Encyclopaedia of Indian literature. 5. Sahitya Akademi. pp. 4179. http://books.google.com/books?id=KnPoYxrRfc0C&pg=PA4179&dq=vithoba&as_brr=3&sig=0WHJ4sGcLGYNiZDwjR9YHwDA75k#PPA4180,M1। আহৰণ কৰা হৈছে: 2008-09-20.  and সাঁচ:Citebook
  25. Wendy Doniger (2008). "Britannica: Mahabharata". encyclopedia. Encyclopædia Britannica Online. http://www.britannica.com/eb/topic-357806/Mahabharata। আহৰণ কৰা হৈছে: 2008-10-13. 
  26. Bryant 2007, পৃষ্ঠা 5
  27. Barnett, Lionel David (1922). Hindu Gods and Heroes: Studies in the History of the Religion of India. J. Murray. পৃষ্ঠা. 93. http://books.google.com/?id=R-5KAAAAMAAJ. 
  28. Puri, B.N. (1968). India in the Time of Patanjali. Bhartiya Vidya Bhavan. Page 51: The coins of Raj uvula have been recovered from the Sultanpur District.. the Brahmi inscription on the Mora stone slab, now in the Mathura Museum,
  29. Barnett, Lionel David (1922). Hindu Gods and Heroes: Studies in the History of the Religion of India. J. Murray. পৃষ্ঠা. 92. http://books.google.com/?id=R-5KAAAAMAAJ. 
  30. Elkman, S.M.; Gosvami, J. (1986). Jiva Gosvamin's Tattvasandarbha: A Study on the Philosophical and Sectarian Development of the Gaudiya Vaisnava Movement. Motilal Banarsidass Pub. 
  31. 32.0 32.1 Bryant 2007, পৃষ্ঠা 4
  32. Sunil Kumar Bhattacharya Krishna-cult in Indian Art. 1996 M.D. Publications Pvt. Ltd. ISBN 81-7533-001-5 p.128: Satha-patha-brahmana and Aitareya-Aranyaka with reference to first chapter.
  33. Sunil Kumar Bhattacharya Krishna-cult in Indian Art. 1996 M.D. Publications Pvt. Ltd. ISBN 81-7533-001-5 p.126: "According to (D.R.Bhadarkar), the word Krishna referred to in the expression 'Krishna-drapsah' in the Rig- Veda, denotes the very same Krishna".
  34. Mackay's report part 1,pp.344-45,Part 2,plate no.90,object no.D.K.10237
  35. Age of Bharata War by G.C. AGARWALA and K.L VERMA page.81
  36. See horoscope number 1 in Dr. B.V. Raman (1991). Notable Horoscopes. প্ৰকাশক Delhi, India: Motilal Banarsidass. ISBN 8120809017. 
  37. Arun K. Bansal's research published in Outlook India, September 13, 2004. "Krishna (b. July 21, 3228 BC)". http://www.hvk.org/articles/0904/29.html. 
  38. N.S. Rajaram takes these dates at face value when he opines that "We have therefore overwhelming evidence showing that Krishna was a historical figure who must have lived within a century on either side of that date, i.e., in the 3200-3000 BC period". (Prof. N. S. Rajaram (September 4, 1999). "Search for the Historical Krishna". www.swordoftruth.com. http://veda.harekrsna.cz/encyclopedia/historical-krsna.htm। আহৰণ কৰা হৈছে: 2008-06-15. 
  39. 40.0 40.1 Knott 2000, পৃষ্ঠা 61
  40. According to the Bhagavata and Vishnu Puranas, but in some Puranas like Devi-Bhagavata-Purana, her paternal uncle. See the Vishnu-Purana Book V Chapter 1, translated by H. H. Wilson, (1840), the Srimad Bhagavatam, translated by A.C. Bhaktivedanta Swami Prabhupada, (1988) copyright Bhaktivedanta Book Trust
  41. Yashoda and Krishna
  42. Bryant 2007, পৃষ্ঠা 124–130,224
  43. Bryant 2004, পৃষ্ঠা 425 (Note. 4)
  44. Bryant 2004, পৃষ্ঠা 16 (Bh.P. X Ch 2.18)[2]
  45. Tripurari, Swami, Gopastami, Sanga, 1999.
  46. Lynne Gibson (1844). Calcutta Review. প্ৰকাশক India: University of Calcutta Dept. of English. পৃষ্ঠা. 119. 
  47. Lynne Gibson (1999). Merriam-Webster's Encyclopedia of World Religions. Merriam-Webster. পৃষ্ঠা. 503. 
  48. The English Writings of Rabindranath Tagore (ed. Sisir Kumar Das) (1996). A Vision of Indias History. প্ৰকাশক Sahitya Akademi: Sahitya Akademi. পৃষ্ঠা. 444. ISBN 8126000945. 
  49. Schweig, G.M. (2005). Dance of divine love: The Rasa Lila of Krishna from the Bhagavata Purana, India's classic sacred love story.. Princeton University Press, Princeton, NJ; Oxford. ISBN 0691114463. 
  50. Bryant 2007, পৃষ্ঠা 290
  51. Bryant 2007, পৃষ্ঠা 28–29
  52. Charudeva Shastri, Suniti Kumar Chatterji(1974) Charudeva Shastri Felicitation Volume, p. 449
  53. David L. Haberman, (2003) Motilal Banarsidass, The Bhaktirasamrtasindhu of Rupa Gosvamin, p. 155, ISBN 812081861X
  54. 55.0 55.1 55.2 "যদুবালকসকলৰ প্ৰতি ব্ৰহ্মশাপ আৰু শাম্বৰৰ মূৰ্তি প্ৰসৱ, মূৰ্তি পৰ্ব্ব, মহাভাৰত - কাশীৰাম দাস". http://bn.wikisource.org/wiki/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%AD%E0%A6%BE%E0%A6%B0%E0%A6%A4/%E0%A6%AE%E0%A7%81%E0%A6%B7%E0%A6%B2_%E0%A6%AA%E0%A6%B0%E0%A7%8D%E0%A6%AC%E0%A7%8D%E0%A6%AC/%E0%A6%AF%E0%A6%A6%E0%A7%81%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A6%95%E0%A6%A6%E0%A6%BF%E0%A6%97%E0%A7%87%E0%A6%B0_%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A4%E0%A6%BF_%E0%A6%AC%E0%A7%8D%E0%A6%B0%E0%A6%B9%E0%A7%8D%E0%A6%AE%E0%A6%B6%E0%A6%BE%E0%A6%AA_%E0%A6%8F%E0%A6%AC%E0%A6%82_%E0%A6%B6%E0%A6%BE%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%87%E0%A6%B0_%E0%A6%AE%E0%A7%81%E0%A6%B7%E0%A6%B2_%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%B8%E0%A6%AC. 
  55. Bryant 2007, পৃষ্ঠা 152
  56. Aparna Chatterjee (December 10, 2007). "The Ashta-Bharyas". American Chronicle. Archived from the original on 6 December 2012. http://archive.is/2Nel। আহৰণ কৰা হৈছে: 21 April 2010. 
  57. Bryant 2007, পৃষ্ঠা 130–133
  58. Rosen 2006, পৃষ্ঠা 136
  59. "Krishna & Shishupal". Mantraonnet.com. 2007-06-19. http://www.mantraonnet.com/shopping/comic-books/gods/krishna-shishupal.html। আহৰণ কৰা হৈছে: 2011-10-23. 
  60. Krishna in the Bhagavad Gita, by Robert N. Minor in Bryant 2007, পৃষ্ঠা 77–79
  61. B. R. Kishore, Lord Krishna,page 47
  62. Francis Hamilton, Genealogies of the Hindus extracted from Sacred Texts, page 123, 145
  63. 64.00 64.01 64.02 64.03 64.04 64.05 64.06 64.07 64.08 64.09 64.10 64.11 "সপৰিয়ালে শ্ৰীকৃষ্ণৰ প্ৰভাস তীৰ্থলৈ গমন, মুষল পৰ্ব্ব, মহাভাৰত - কাশীৰাম দাস". http://bn.wikisource.org/wiki/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%AD%E0%A6%BE%E0%A6%B0%E0%A6%A4/%E0%A6%AE%E0%A7%81%E0%A6%B7%E0%A6%B2_%E0%A6%AA%E0%A6%B0%E0%A7%8D%E0%A6%AC%E0%A7%8D%E0%A6%AC/%E0%A6%B8%E0%A6%AA%E0%A6%B0%E0%A6%BF%E0%A6%AC%E0%A6%BE%E0%A6%B0%E0%A7%87_%E0%A6%B6%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A7%87%E0%A6%B0_%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%AD%E0%A6%BE%E0%A6%B8_%E0%A6%A4%E0%A7%80%E0%A6%B0%E0%A7%8D%E0%A6%A5%E0%A7%87_%E0%A6%97%E0%A6%AE%E0%A6%A8. 
  64. Sister Nivedita & Ananda K.Coomaraswamy: Myths and Legends of the Hindus and Bhuddhists, Kolkata, 2001 ISBN 81-7505-197-3
  65. ইংৰাজী ৱিকিপিডিয়া
  66. "Lord Krishna's Disappearance,Disappearance of Lord Krishna,Life Span of Lord Krishn,Disappearance of Sri Krishna". Happywink.org. http://www.happywink.org/janmashtami/lord-krishna-disappearance.html। আহৰণ কৰা হৈছে: 2011-10-23. 
  67. [3][সংযোগবিহীন উৎস]
  68. "MAHABHARATA -Krishna`s Return to Heaven". Urday.in. http://www.urday.in/mkrishnaheaven.htm। আহৰণ কৰা হৈছে: 2011-10-23. 
  69. 70.0 70.1 70.2 "যদুকুল ক্ষয়াৰ্থে কৃষ্ণ-বলৰামৰ যুক্তি, মূৰ্তি পৰ্ব্ব, মহাভাৰত - কাশীৰাম দাস". http://bn.wikisource.org/wiki/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%AD%E0%A6%BE%E0%A6%B0%E0%A6%A4/%E0%A6%AE%E0%A7%81%E0%A6%B7%E0%A6%B2_%E0%A6%AA%E0%A6%B0%E0%A7%8D%E0%A6%AC%E0%A7%8D%E0%A6%AC/%E0%A6%AF%E0%A6%A6%E0%A7%81%E0%A6%95%E0%A7%81%E0%A6%B2_%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%A5%E0%A7%87_%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3-%E0%A6%AC%E0%A6%B2%E0%A6%B0%E0%A6%BE%E0%A6%AE%E0%A7%87%E0%A6%B0_%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF. 
  70. "শ্ৰীকৃষ্ণৰ দেহত্যাগ, মূৰ্তি পৰ্ব্ব, মহাভাৰত - কাশীৰাম দাস". http://bn.wikisource.org/wiki/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%AD%E0%A6%BE%E0%A6%B0%E0%A6%A4/%E0%A6%AE%E0%A7%81%E0%A6%B7%E0%A6%B2_%E0%A6%AA%E0%A6%B0%E0%A7%8D%E0%A6%AC%E0%A7%8D%E0%A6%AC/%E0%A6%B6%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A7%87%E0%A6%B0_%E0%A6%A6%E0%A7%87%E0%A6%B9%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%97. 
  71. Bryant 2007, পৃষ্ঠা 148
  72. Kisari Mohan Ganguli (2006 - digitized). "The Mahabharata (originally published between 1883 and 1896)". book. Sacred Texts. http://www.sacred-texts.com/hin/m16/m16004.htm। আহৰণ কৰা হৈছে: 2008-10-13. 
  73. Mani, Vettam (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic and Puranic Literature. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 429. ISBN 0842-60822-2. 
  74. The Bhagavata Purana (1.18.6), Vishnu Purana (5.38.8), and Brahma Purana (212.8), the day Krishna left the earth was the day that the Dvapara Yuga ended and the Kali Yuga began.
  75. See: Matchett, Freda, "The Puranas", p 139 and Yano, Michio, "Calendar, astrology and astronomy" in Flood, Gavin (Ed) (2003). Blackwell companion to Hinduism. Blackwell Publishing. ISBN 0-631-21535-2 
  76. John Dowson (2003). Classical Dictionary of Hindu Mythology and Religion, Geography, History and Literature. Kessinger Publishing. পৃষ্ঠা. 361. ISBN 0-7661-7589-8. http://books.google.com/?id=6JB-KOXy5k8C&pg=PA361&dq=Vishnu+Sahasranama+Krishna. 
  77. See Beck, Guy, "Introduction" in Beck 2005, পৃষ্ঠা 1–18
  78. Knott 2000, পৃষ্ঠা 55
  79. Flood (1996) p. 117

গ্ৰন্থৰ উৎসমূহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]