কৃষ্ণ
| কৃষ্ণ | |
|---|---|
কৃষ্ণ |
|
| দেৱনাগৰী | कृष्ण |
| গোত্ৰ | বিষ্ণুৰ অৱতাৰ, স্বয়ং ভগৱান |
| অধিষ্ঠান | বৃন্দাবন, গোকুল, দ্বাৰকা |
| মন্ত্ৰ | ॐ नमो भगवते वासुदेवाय |
| অস্ত্ৰ | সুদৰ্শন চক্ৰ |
| দাম্পত্যসঙ্গী | ৰাধা, ৰুক্মিণী, সত্যভামা, জাম্ববতী, সত্য, লক্ষ্মণা, কালিন্দী, ভদ্ৰা, মিত্ৰাবিন্দা আৰু ১৬১০০ গোপী |
| বাহন | গৰুড় |
| ধৰ্মগ্ৰন্থ | ভাগবত পুৰাণ, ভগবদ গীতা |
শ্ৰীকৃষ্ণ (সংস্কৃত: कृष्ण) (kṛṣṇa, IAST মতে, উচ্চাৰণ [ˈkr̩ʂɳə], অক্ষৰিক অৰ্থ "আন্ধাৰ, ক'লা, ঘন নীলা"[1]) হিন্দু ধৰ্মমতে ভগৱান বিষ্ণুৰ অষ্টম[উদ্ধৃতিৰ প্ৰয়োজন] অৱতাৰ, এগৰাকী অন্যতম মূখ্য দেৱতা । তেখেতক হিন্দুধৰ্মৰ এথন ধৰ্মগ্ৰন্থ ভাগৱৎ গীতাৰ প্ৰৱৰ্তক বুলিও জনা যায়। বৈষ্ণৱ ধৰ্মবিশ্বাস অনুসৰি শ্ৰীকৃষ্ণক স্বয়ং ভগৱান অথবা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়াও হয়। মহাভাৰত কাব্যত তেখেতে কূটনীতিজ্ঞ হিচাবে পাণ্ডৱ পক্ষত এক মূখ্য ভূমিকা পালন কৰিছে।
[সম্পাদনা কৰক] জীৱন আৰু ধাৰ্মিক অৱস্থান
মহাভাৰত, বিষ্ণু পুৰাণ্ তথা ভাগৱত পুৰাণ ৰ ভিত্তিত শ্ৰীকৃষ্ণৰ জন্ম আৰু জীৱন সম্বন্ধে ইয়াত এটি চমু বিৱৰণ আগবঢ়োৱা হ'ল। এই বিৱৰণসমুহৰ পটভূমি আধুনিক ভাৰতৰ উত্তৰপ্ৰদেশ, বিহাৰ, হাৰিয়ানা, দিল্লী তথা গুজৰাট। পাচত তেওঁ জৰাসন্ধৰ ভয়ত দ্বাৰকেলৈ পলায় যায়[উদ্ধৃতিৰ প্ৰয়োজন]।
[সম্পাদনা কৰক] জন্ম
শাস্ত্ৰীয় বিৱৰণ তথা জ্যোতিষ গণনাৰ ভিত্তিত লোকবিশ্বাস অনুযায়ী ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল ৩২২৮ খ্ৰীষ্টপূৰ্বৰ ১৮ বা ২১ জুলাইত।[2][3][4] কৃষ্ণৰ জন্মদিনটো কৃষ্ণ জন্মাষ্টমী বা জন্মাষ্টমী নামে পালন কৰা হয়।[5] শ্ৰীকৃষ্ণ মথুৰাৰ যাদৱ ৰাজবংশৰ বসুদেৱ আৰু দৈৱকীৰ অষ্ঠম সন্তান। দৈৱকী মথুৰাৰ ৰজা উগ্ৰসেনৰ দুহিতা। বৃদ্ধপিতৃ উগ্ৰসেনক বন্দী কৰি পুত্ৰ কংসই [6]অন্যায়ভাৱে মথুৰাৰ ৰাজসিংহাসন দখল কৰে।
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑
- ↑ See horoscope number 1 in Dr. B.V. Raman (1991). Notable Horoscopes. Delhi, India: Motilal Banarsidass. ISBN 8120809017.
- ↑ Arun K. Bansal's research published in Outlook India, September 13, 2004. "Krishna (b. July 21, 3228 BC)". http://www.hvk.org/articles/0904/29.html.
- ↑ N.S. Rajaram takes these dates at face value when he opines that "We have therefore overwhelming evidence showing that Krishna was a historical figure who must have lived within a century on either side of that date, i.e., in the 3200-3000 BC period". (Prof. N. S. Rajaram (September 4, 1999). "Search for the Historical Krishna". www.swordoftruth.com. http://veda.harekrsna.cz/encyclopedia/historical-krsna.htm. Retrieved 2008-06-15.
- ↑ Knott 2000, p. 61
- ↑ According to the Bhagavata and Vishnu Puranas, but in some Puranas like Devi-Bhagavata-Purana, her paternal uncle. See the Vishnu-Purana Book V Chapter 1, translated by H. H. Wilson, (1840), the Srimad Bhagavatam, translated by A.C. Bhaktivedanta Swami Prabhupada, (1988) copyright Bhaktivedanta Book Trust
|
|||||||||||||||||
| ৱিকিমিডিয়া কমন্সত ‘কৃষ্ণ’ বিষয় সংক্ৰান্তত মিডিয়া আছে। |