ইংৰাজী ভাষা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
ইংৰাজী
English
ইংলিছ
কোৱা হয় যুক্তৰাজ্য
যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, আয়াৰলেণ্ড, কানাডা, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড আৰু অন্যান্য দেশত
(আন্তৰ্জাতিক যানবাহনতো ব্যৱহৃত)
স্থানীয় ভাষিক মাতৃভাষী: ৩-৮,০০০,০০০
দ্বিতীয় ভাষা: ১৫০,০০০,০০০-১,০০০,০০০,০০০
ভাষা পৰিয়াল
লিপি লেটিন বৰ্ণমালা
আধিকাৰিক স্থিতি
নিয়মাধীন হয় No official regulation
ভাষা সংকেত
ISO 639-1 en
ISO 639-2 eng
ISO 639-3 eng
Anglospeak.svg
ইংৰাজী যিবোৰ দেশত বা অঙ্গৰাজ্যত ৰাষ্ট্ৰভাষা হিছাপে প্ৰচলিত সেইবোৰ গাঢ় নীলা ৰঙেৰে চিহ্নিত আনহাতে যিবোৰ দেশত বা অঙ্গৰাজ্যত ইংৰাজী ৰাষ্ট্ৰভাষা সত্ত্বেও প্ৰধানত কথিত ভাষা নহয়, সেইবোৰ পাতল নীলা ৰঙেৰে চিহ্নিত

ইংৰাজী (ইংৰাজী ভাষাত: English; ইংলিছ) ইন্দো-ইউৰোপীয় ভাষা-পৰিবাৰৰ জাৰ্মানীয় শাখাৰ পশ্চিমীয়া দলৰ এটা ভাষা।

জাৰ্মান গোত্ৰ অ্যাংগল্‌স, স্যাক্সন আৰু কিছু ভাষাৰ পৰা ইংৰাজী ভাষাৰ উৎপত্তি হৈছিল।


১৫০০ চনৰ ফালে বিৰাট স্বৰধ্বনি সৰণ (Great Vowel Shift) সংঘটিত হয় আৰু আধুনিক ইংৰাজীৰ উদ্ভৱ ঘটে। উইলিয়াম শ্বেক্সপিয়েৰৰ ৰচনাসহ আধুনিক ইংৰাজী সাহিত্যৰ প্ৰায়বোৰেই এই আধুনিক ইংৰাজী ভাষাত লিখা।

এথ্‌নোলগ অনুসাৰে ইংৰাজী ভাষাৰ মাতৃভাষীৰ সংখ্যা প্ৰায় ৩৪ কোটি। মাতৃভাষীৰ সংখ্যা অনুযায়ী ইংৰাজীৰ স্থান ম্যাণ্ডাৰিন, হিন্দী আৰু স্পেনিছ ভাষাৰ পিছতেই।

প্ৰথমে ইংলেণ্ড আৰু পিছত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক, অৰ্থনৈতিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক প্ৰভাৱৰ কাৰণে বিশ্বৰ অন্য যিকোনো ভাষাতকৈ ইংৰাজীয়েই বেছি বিস্তাৰ লাভ কৰিছে। ইংৰাজী প্ৰায় ৫২খন দেশৰ জাতীয় বা চৰকাৰী ভাষা।

বিশ্বৰ ইন্টাৰনেট ব্যৱহাৰকাৰী জনসংখ্যাৰ ৩৫ শতাংশই ইংৰাজীভাষী।

আধুনিক যোগাযোগ আৰু বিভিন্ন পেছাত ইংৰাজীৰ ব্যাপক ব্যৱহাৰৰ কাৰণে এইটো বৰ্তমানৰ বিশ্বৰ সবাতোকৈ বেছি অধীকৃত দ্বিতীয় ভাষা। সংস্কৃতি আৰু প্ৰযুক্তিৰ নতুন নতুন আন্তৰ্জাতিক পৰিভাষাৰ অধিকাংশই ইংৰাজী পৰা আহিছে।


[সম্পাদনা কৰক] তথ্যসূত্ৰ

গ্ৰন্থপঞ্জীত নিৰ্দেশিত গ্ৰন্থাৱলী

[সম্পাদনা কৰক] নিৰ্বাচিত গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক] বহিঃসংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত