ভাৰত

Wikipedia -ৰ পৰা
भारत गणराज्य
ভাৰত গণৰাজ্য
ভাৰত-ৰ পতাকা ভাৰত-ৰ Emblem
নীতিবাক্য

"সত্যমেব জয়তে" (সংস্কৃত)
सत्यमेव जयते (দেৱনাগৰী)
ৰাষ্ট্ৰীয় সঙ্গীত
Jana Gana Mana instrumental.ogg

জন গন মন
জাতীয় সংগীত:
Vande Mataram.ogg

বন্দেমাতৰম
ভাৰত-ৰ অৱস্থান
ভাৰতৰ দ্বাৰা শাসিত অঞ্চলক গাঢ় সেউজীয়া ৰঙেৰে দেখুওৱা হৈছে;
দাবী কৰে যদিও অশাসিত অঞ্চলক পাতল সেউজীয়া ৰঙেৰে দেখুওৱা হৈছে।
ৰাজধানী নতুন দিল্লী
বৃহত্তম নগৰ মুম্বাই
ৰাষ্ট্ৰীয় ভাষা হিন্দী, ইংৰাজীসংবিধানে নিৰ্ধাৰণ কৰা নাই
স্বীকৃত আঞ্চলিক ভাষাসমূহ
জাতীয়তাসূচক বিশেষণ ভাৰতীয়
চৰকাৰ সংসদীয় গণতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল
 -  প্ৰধান মন্ত্ৰী ডঃ মনমোহন সিং (কংগ্ৰেছ)
 -  লোকসভাৰ অধক্ষ্যা মীৰা কুমাৰ (কংগ্ৰেছ)
 -  মুখ্য ন্যায়াধীশ এচ এইচ কাপাডিয়া
স্বাধীনতা ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ পৰা 
 -  স্বাধীনতা লাভ ১৫ আগষ্ট ১৯৪৭ 
 -  গণতন্ত্ৰ প্ৰতিষ্ঠা ২৬ জানুৱাৰী ১৯৫০ 
 -  জলভাগ (%) 9.56
জনসংখ্যা
 -  2011 লোকপিয়ল 1,210,193,422 (2nd)
জিডিপি (পিপিপি) 2011 আনুমানিক
 -  মুঠ $4.469 trillion (3rd)
 -  জনমুৰি $3,703 
জিডিপি (নামমাত্র) 2011 আনুমানিক
 -  মুঠ $1.843 trillio (10th)
 -  জনমুৰি $1,527 
জিনি সহগ? (2004) 36.8 (79th)
মানৱ উন্নয়ন সূচক (2011) increase0.547[1] (medium) (134th)
মুদ্ৰা ভাৰতীয় টকা (INR)
সময় স্থান ভাৰতীয় মান সময় (ইউটিচি+05:30)
 -  গ্রীষ্মকালীন (ডিএছটি) পালন কৰা নহয় (ইউটিচি+05:30)
তাৰিখ বিন্যাস dd/mm/yyyy
গাড়ী চলোৱা হয় বাওঁ ফালে
ইণ্টাৰনেট টিএলডি .in
কলিং ক'ড +৯১

ভাৰত, দেশৰ চৰকাৰী নাম ভাৰতীয় প্ৰজাতন্ত্ৰ। এইখন দক্ষিণ এছিয়াত অৱস্থিত এখন ৰাষ্ট্ৰ। ভৌগোলিক আয়তনৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত সপ্তম বৃহত্তম ৰাষ্ট্ৰ, জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় তথা সৰ্ববৃহৎ গণতন্ত্ৰ। দক্ষিণে ভাৰত মহাসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু পূবে বঙ্গোপ উপসাগৰৰ দ্বাৰা পৰিবেষ্টিত ভাৰতৰ মূঠ উপকূলৰ দৈৰ্ঘ্য হ'ল ৭৫১৭ কিলোমিটাৰ (৪৬৭১ মাইল)। এই দেশৰ চাৰিসীমাত অৱস্থিত ৰাষ্ট্ৰ সমূহ হ'ল: পশ্চিমে পাকিস্তান, উত্তৰ-পূবত চীন, নেপাল আৰু ভূটান, পূবে বাংলাদেশ আৰু ম্যানমাৰ। ভাৰত মহাসাগৰৰ মাজত অৱস্থিত শ্ৰীলঙ্কা, মালদ্বীপ আৰু ইন্দোনেচিয়া ভাৰতৰ নিকতৱৰ্তী ৰাষ্ট্ৰ। হিন্দু সভ্যতাৰ বসতি অঞ্চল তথা ঐতিহাসিক বাণিজ্য পথ আৰু একাধিক বিশাল সাম্ৰাজ্যৰ পটভূমি ভাৰতীয় উপমহাদেশ ইয়াৰ সুদীৰ্ঘ অৰ্থনৈতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে সুপৰিচিত। পৃথিৱীৰ চাৰি প্ৰধান ধৰ্ম- হিন্দু, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু শিখ ধৰ্মৰ উৎপত্তি ভাৰতত। খ্ৰীষ্টীয় প্ৰথম সহস্ৰাব্দত খ্ৰীষ্টান ধৰ্ম, ইহুদি ধৰ্ম, যৰৃখ্ৰীষ্টীয় আৰু ইছলাম ধৰ্ম ভাৰতত প্ৰবেশ কৰে আৰু বিধিতাময় ভাৰতীয় সভ্যতাৰ সৃষ্টি কৰে। অষ্টাদশ শতিকাৰ প্ৰথম ভাগত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত প্ৰবেশ কৰে আৰু লাহে লাহে ভাৰতৰ ভূ-খণ্ডক নিজৰ অধীন কৰিবলৈ আৰম্ভ কৰে। ঊনবংশ শতিকাৰ মাজ ভাগলৈকে সমগ্ৰ ভাৰত বৃটিছ যুক্তৰাষ্ট্ৰৰ উপনিবেশত পৰিণত হয়। অবশেষত অহিংস গৌৰৱময় স্বাধীনতা সংগ্ৰামৰ ফলত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে।

ভাৰতত ২৮ ৰাজ্য , আৰু ৬ খন কেন্দ্ৰীয শাসিত অঞ্চল আছে। ৰাজধানী দিল্লী। ৰাজ্যত নিজৰ প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ ৰাজধানীৰ তালিকা দিয়া হৈছে।

সূচী

[সম্পাদনা কৰক] ৰাজ্য

  1. অন্ধ্ৰ প্ৰদেশ
  2. অৰুণাচল প্ৰদেশ
  3. অসম
  4. বিহাৰ
  5. ছত্তীছ গড়
  6. গোৱা
  7. গুজৰাট
  8. হাৰিয়ানা
  9. হিমাচল প্ৰদেশ
  10. জম্মূ আৰু কাশ্মীৰ
  11. ঝাৰখণ্ড
  12. কৰ্ণাটক
  13. কেৰেলা
  14. মধ্য প্ৰদেশ

১৫. মহাৰাষ্ট্ৰ
১৬. মণিপুৰ
১৭. মেঘালয়
১৮. মিজোৰাম
১৯. নাগালেণ্ড
২০. উৰিষ্যা
২১. পাঞ্জাব
২২. ৰাজস্থান
২৩. চিক্কিম
২৪. তামিল নাডু
২৫. ত্ৰিপুৰা
২৬. উত্তৰাখণ্ড
২৭. উত্তৰ প্ৰদেশ
২৮. পশ্চিমবঙ্গ


[সম্পাদনা কৰক] কেন্দ্ৰীয় শাসিত অঞ্চল

  1. আণ্ডামান আৰু নিকোবাৰ দ্বীপ পুঞ্জ
  2. ছণ্ডীগড়
  3. দাদৰা নগৰ হাবেলি
  4. দমন দিউ
  5. লাক্ষা দ্বীপ
  6. পণ্ডিচ্চেৰী

[সম্পাদনা কৰক] ৰাজধানী

  1. দিল্লী

[সম্পাদনা কৰক] ভাৰতৰ ভাষা

হিন্দী হৈছে ভাৰতৰ অধিকাৰিক (অফিছিয়েল) ভাষা। ইংৰাজীক সহকাৰী অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ৰাজ্য ভেদে স্থানীয় ভাষাক অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ২০০৩ বৰ্ষৰ ৯২তম সংবিধান সংশোধনী অনুসৰি ভাৰতৰ স্বীকৃতী প্ৰাপ্ত অধিকাৰিক ভাষাৰ সংখ্যা হৈছে ২২টা। এই ভাষাসমূহ হ’ল :-


ভাষা ভাষা পৰিয়াল ভাষীকৰ সংখ্যা (২০০১, নিযুতত) [2] ৰাজ্য
অসমীয়া হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল ১৩ অসম, অৰুণাচল প্রদেশ
বাংলা হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল ৮৩ (ভাৰতত) পশ্চিমবঙ্গ, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অসমৰ বৰাক উপত্যকাত
বড়ো তিব্বত-বৰ্মা ১.৪ অসম
ডোগৰি হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল ২.৩ জম্মু আৰু কাশ্মীৰ
গুজৰাটী হিন্দ-আৰ্য্য, পশ্চিমাঞ্চল ৪৬ দাদৰা আৰু নগৰ হাৱেলি, দমন আৰু দিউ, গুজৰাট
মানিক (ষ্টেণ্ডাৰ্ড) হিন্দী হিন্দ-আৰ্য্য, মধ্য অজ্ঞাত[3] আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অৰুণাচল প্রদেশ, বিহাৰ, চণ্ডিগড়, ছত্তীছগঢ়, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড
কানাড়া দ্ৰাবিড় ৩৮ কৰ্ণাটক
কাশ্মীৰী হিন্দ-আৰ্য্য ৫.৫ জম্মু আৰু কাশ্মীৰ
কোংকনী হিন্দ-আৰ্য্য, দ্বাক্ষীণাত্য ২.৫ গোৱা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, কেৰেলা
মৈঠিলি হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল ১২ বিহাৰ
মালায়লম দ্ৰাবিড় ৩৩ কেৰেলা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লক্ষদ্বীপ, পণ্ডিচেৰী
মণিপুৰী (বা মৈটৈ বা মৈঠৈ) তিব্বত-বৰ্মা ১.৫ মণিপুৰ
মাৰাঠী হিন্দ-আৰ্য্য, দ্বক্ষীণাত্য ৭২ মহাৰাষ্ট্ৰ, গোৱা, দাদৰ আৰু নগৰ হাৱেলি, দমন আৰু দিউ, মধ্যপ্ৰদেশ, কৰ্ণাটক
নেপালী হিন্দ-আৰ্য্য, উত্তৰাঞ্চল ২.৯ (ভাৰতত) ছিক্কিম, পশ্চিমবঙ্গ, অসম
ওড়িয়া হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল ৩৩ উৰিষ্যা
পাঞ্জাবী হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল ২৯ (ভাৰতত) চণ্ডিগড়, দিল্লী, হাৰিয়ানা, পাঞ্জাব
সংস্কৃত হিন্দ-আৰ্য্য ০.০১ অক্ষেত্ৰীয়
সন্ঠালি মুন্ডা ৬.৫ বিহাৰ, ছত্তীছগঢ়, ঝাৰখণ্ড আৰু উৰিষ্যাৰ অংশবিশেষ লৈ গঠিত চোট্টা নাগপুৰ পথাৰ-ৰ সন্ঠাল আদিবাসী সকল
সিন্ধি হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল ২.৫ (ভাৰতত) অক্ষেত্ৰীয়
তামিল দ্ৰাবিড় ৬১ তামিলনাডু, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পণ্ডিচেৰী
তেলুগু দ্ৰাবিড় ৭৪ আন্দামান নিকোবৰ দ্বিপপুঞ্জ, অন্ধ্ৰ প্ৰদেশ, পণ্ডিচেৰী
উৰ্দু হিন্দ-আৰ্য্য, মধ্য ৫২ (ভাৰতত) জম্মু-কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, দিল্লী, বিহাৰ, উত্তৰ প্ৰদেশ



ভাৰত ভাৰতবৰ্ষৰ জাতীয় প্ৰতীকসমূহ[4]
পতাকা পতাকা
প্রতীক অশোক স্তম্ভ
সংগীত জন গণ মন অধিনায়ক জয় হে
স্তোত্ৰ বন্দে মাতৰম
পশু বেঙ্গল টাইগাৰ
ঐতিহ্যবাহী পশু ভাৰতীয় হাতী
পক্ষী ভাৰতীয় ময়ূৰ
জলচৰ প্ৰাণী শিহু
ফুল পদ্ম
গছ বট
ফল আম
খেলা হকী
চন শকাব্দ
নদী গঙ্গা[5]

[সম্পাদনা কৰক] তথ্যসুত্ৰ

  1. "Human Development Report 2011". United Nations. 2011. http://hdr.undp.org/en/media/HDR_2011_EN_Table1.pdf. Retrieved 5 November 2011. 
  2. অধিকাৰিক ২০০১ লোকপিয়লৰ তথ্য
  3. ২০০১ৰ জনগণনাত হিন্দী ভাষী লোকৰ সংখ্যা ভিন্ন ভিন্ন পোৱা যায়, ২৫.৮ কোটি আৰু ৪২.২ কোটি। কিন্তু দুয়োটাতে মানিক হিন্দীৰ লগতে অন্য ভাষা, যেনে ৰাজস্থানী (৮০ নিযুত), ভোজপুৰী (৪০ নিযুত), অৱধি (৩৮ নিযুত), ছত্তীছগঢ় (১৮ নিযুত) আৰু অন্যান্য ভাষাৰ ১০ নিযুততকৈ অধিক ভাষীকক অন্তৰ্ভূক্ত কৰা হৈছে।
  4. "National Symbols of India". High Commission of India, London. http://www.hcilondon.net/india-overview/land-people/national-symbols.html. Retrieved 2007-09-03. 
  5. জাতীয় নদী গঙ্গা

[সম্পাদনা কৰক] অধিক পঢ়ক

Overview

Etymology

History

Geography

Biodiversity

Politics

Foreign relations and military

Economy

Demographics

Culture

[সম্পাদনা কৰক] বহ্যিক সংযোগ








ব্যক্তিগত সৰঞ্জাম
নামস্থান
বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত