সময় অঞ্চল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Map of Global Local Times, (including DST), as of September 2011

সময় অঞ্চল (ইংৰাজী: Time zone) হৈছে পৃথিৱীৰ ওপৰৰ একো একোটা নিৰ্দিষ্ট এলেকা য'ত সামাজিক, আইনগত আৰু ব্যবসায়জনীত কাৰণত একেই 'মান সময়' মানি চলা হয়।

পৃথিবীৰ আহ্নিক গতিৰ ফলত পৃথিবীৰ ভিন ভিন স্থানত দিনটোৰ একেচোৱা সময়তে সংশ্লিষ্ট স্থানসমূহৰ ঘড়ীবোৰে সেইচোৱা সময়ৰ উপযুক্ত সময়ৰ মান সূচাব পাৰে তাৰ বাবে ভিন ভিন স্থানত ভিন ভিন স্থানীয় সময় মানি চলা হয়। যেনে বেলিৰ আকাশখনৰ শীৰ্ষবিন্দুত থকা সময়চোৱাক দুপৰীয়া বোলা হয় আৰু পৃথিবীৰ যিকোনো স্থানতে ঘড়ীত দুপৰীয়া ১২ বাজিব লাগিব। কিন্তু বেপাৰ বাণিজ্য, সামাজিক বা আইনগত কাৰণত যোগাযোগৰ সুবিধাৰ্থে একো একোটা নিৰ্দিষ্ট এলেকাই স্থানীয় সময় নিৰ্বিশেষে একে মান সময় মানি চলে।

ওচৰা ওচৰি দুটা সময় স্থানৰ স্থানীয় সময়ৰ ব্যৱধান সাধাৰণতে উচ্চতম ১ (এক) ঘণ্টা মান হয়। ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ স্থানীয় সময়ৰ ব্যবধান আধা ঘণ্টা, অৰ্থাৎ ভাৰতত ১২ বাজোতে বাংলাদেশত ১২:৩০ আৰু পাকিস্তানত ১১:৩০ বাজে। নিউয়ৰ্কৰ পৰা নেভাডা পৰ্যন্ত আমেৰিকা যুক্তৰাষ্ট্ৰ তিনিটা সময়াঞ্চলত বিভক্ত কৰা হৈছে। তেনেদৰে ট'ৰ'ণ্ট', নিউয়ৰ্ক, ৱাশ্বিংটন্ ডি.চি., হাভানা, কিংষ্ট'ন, ব'গ'টা, ডেট্ৰয়েট আৰু লিমা ইত্যাদি চহৰসমূহ একেই সময়াঞ্চলৰ অন্তৰ্ভুক্ত। অনুৰূপভাৱে আলমাতি, ওমস্ক আৰু ঢাকা চহৰ একেই সময়াঞ্চলৰ অধীন।

নামকৰণ[সম্পাদনা কৰক]

ভূগোলকৰ পৃষ্ঠক লম্বভাবে ২৪ ভাগত ভাগ কৰি প্ৰত্যেক ভাগকে একোটা সময়াঞ্চল বোলা হয়। পূৰ্বে লণ্ডনৰ গ্ৰীণউইছ চহৰৰ মাজেৰে যোৱা ০ ডিগ্ৰী দ্ৰাঘিমাৰ গ্ৰীনউইছ মান সময় বা GMT|GMT সময়ক আধাৰ কৰি ইয়াৰ পৰা সময়ৰ পাৰ্থক্য অনুসৰি GMT ± ঘণ্টা:মিনিট হিচাবে নাম দিয়া হৈছিল। বৰ্তমান গ্ৰীণউইচৰ আগৰ ১ ডিগ্ৰী পশ্চিম দ্ৰাঘিমা বা আন্তৰাষ্ট্ৰীয় তাৰিখ ৰেখাক আধাৰ কৰি নামকৰণ কৰা ইউনিভাৰ্ছেল টাইম বা UT -ৰ মতে গ্ৰীণউইচ দ্ৰাঘিমাত UT-১ বুলি ক্ৰমান্বয়ে সময়াঞ্চল বোৰ নামকৰণ কৰা হয়।

গ্ৰীনউইছ মান সময়[সম্পাদনা কৰক]

গ্ৰীনউইছ মান সময় হৈছে এটা আন্তৰ্জাতিক প্ৰামাণিক সময় ব্যৱস্থা। প্ৰথমে এই অঞ্চলটোৰ সময় ব্ৰিটেইন, আয়াৰলেণ্ড, পৰ্তুগালকে ধৰি বিশ্বৰ বিভিন্ন দেশে অনুসৰণ কৰিছিল। যদিও এই মান সময় ইউটিচিৰ (UTC) সৈতে সামঞ্জস্যপূৰ্ণ, দুয়োটাৰ মাজত অতি কম পৰিসৰৰ পাৰ্থক্য আছে।

আন্তজাৰ্তিক তাৰিখ ৰেখা[সম্পাদনা কৰক]

আন্তজাৰ্তিক তাৰিখ ৰেখা হৈছে প্ৰশান্ত মহাসাগৰৰ ওপৰেৰে উত্তৰৰ পৰা দক্ষিণলৈ যোৱা এদাল কাল্পনিক ৰেখা৷ এই তাৰিখ ৰেখা ১৮০° দ্ৰাঘিমা ৰেখাৰ ওপৰত অৱস্থিত। ইয়াৰ পশ্চিম দিশৰ তাৰিখ পূব দিশতকৈ এদিন আগবঢ়া৷

এন্টিমেৰিডিয়ান (১৮০° দ্ৰাঘিমাংশ)ৰ চাৰিওফালে আন্তৰ্জাতিক তাৰিখ ৰেখা।

ভাৰতীয় মান সময়[সম্পাদনা কৰক]

ভাৰতীয় মান সময় (IST) হৈছে সমূহ ভাৰতৰ বাবে ব্যৱহৃত সময় অঞ্চল। ভাৰতৰ মান সময় গ্ৰীনউইছৰ পৰা ৮২.৫° পূৰ্ব দ্ৰাঘিমাংশ ধৰি হিচাপ কৰা হয়, এই ৰেখাডাল উত্তৰ প্ৰদেশ ৰাজ্যৰ এলাহাবাদৰ নইনিৰ ওপৰেদি পাৰ হৈ গৈছে। গ্ৰীনউইছৰ লগত ইয়াৰ সময় পাৰ্থক্য গ্ৰীনউইছ মান সময়+০৫:৩০।

দিবালোক সংৰক্ষণ সময়[সম্পাদনা কৰক]

বিভিন্ন দেশৰ ”দিবালোক সংৰক্ষণ সময়" (Day Light Saving) পদ্ধতি চলি আছে। এই পদ্ধতিত বছৰৰ এক সময়ত ঘড়ীৰ কাঁটা ১ ঘণ্টা আগুৱাই দিয়া হয়। সেই দৰে সময় ইউনিভাৰ্চেল টাইম জ’নৰ সময়ো ১ ঘণ্টা আগুৱাই হিছাপ কৰা হয়।

অসমৰ বাগানীয়া সময়[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]


তথ্য সূত্ৰ[সম্পাদনা কৰক]