সময় অঞ্চল

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
Map of Global Local Times, (including DST), as of September 2011
Standard time zones of the world.png

সময় অঞ্চল (ইংৰাজী: Time zone) হৈছে পৃথিৱীৰ ওপৰৰ একো একোটা নিৰ্দিষ্ট এলেকা য’ত সামাজিক, আইনগত আৰু ব্যবসায়জনীত কাৰণত একেই 'মান সময়' মানি চলা হয়।

পৃথিবীৰ আহ্নিক গতিৰ ফলত পৃথিবীৰ ভিন ভিন স্থানত দিনটোৰ একেচোৱা সময়তে সংশ্লিষ্ট স্হানসমুহৰ ঘড়ীবোৰে সেইচোৱা সময়ৰ উপযুক্ত সময়ৰ মান সূচাব পাৰে তাৰ বাবে ভিন ভিন স্থানত ভিন ভিন স্থানীয় সময় মানি চলা হয়। যেনে বেলিৰ আকাশখনৰ শীৰ্ষবিন্দুত থকা সময়চোৱাক দুপৰীয়া বোলা হয় আৰু পৃথিবীৰ যিকোনো স্থানতে ঘড়ীত দুপৰীয়া ১২ বাজিব লাগিব। কিন্তু বেপাৰ বাণিজ্য, সামাজিক বা আইনগত কাৰণত যোগাযোগৰ সুবিধাৰ্থে একো একোটা নিৰ্দিষ্ট এলেকাই স্থানীয় সময় নিৰ্বিশেষে একে মান সময় মানি চলে।

ওচৰা ওচৰি দুটা সময় স্থানৰ স্থানীয় সময়ৰ ব্যৱধান সাধাৰণতে উচ্চতম ১ (এক) ঘণ্টা মান হয়। ভাৰত, পাকিস্থান আৰু বাংলাদেশৰ স্থানীয় সময়ৰ ব্যবধান আধা ঘন্টা, অৰ্থাৎ ভাৰতত ১২ বাজোতে বাংলাদেশত ১২:৩০ আৰু পাকিস্তানত ১১:৩০ বাজে। নিউয়ৰ্কৰ পৰা নেভাডা পৰ্যন্ত মাৰ্কিন যুক্তৰাষ্ট্ৰ তিনিটা সময়াঞ্চলত বিভক্ত কৰা হৈছে। তেনেদৰে টৰণ্টো, নিউয়ৰ্ক, ৱাচিংটন, ডি.চি.,হাভানা, কিংস্টন, বোগোতা, ডেট্ৰয়েট আৰু লিমা ইত্যাদি চহৰসমূহ একেই সময়াঞ্চলৰ অন্তৰ্ভুক্ত। অনুৰূপভাৱে আলমাতি, ওমস্ক আৰুঢাকা চহৰ একেই সময়াঞ্চলৰ অধীন।

সূচী

[সম্পাদনা কৰক] নামকৰণ

ভূগোলকৰ পৃষ্ঠক লম্বভাবে ২৪ ভাগত ভাগ কৰি প্ৰত্যেক ভাগকে একোটা সময়াঞ্চল বোলা হয়। পূৰ্বে লণ্ডনৰ গ্ৰীণউইচ চহৰৰ মাজেৰে যোৱা ০ ডিগ্ৰী দ্ৰাঘিমাৰ গ্ৰীণউইচ মান সময় বা GMT|GMT সময়ক আধাৰ কৰি ইয়াৰ পৰা সময়ৰ পাৰ্থক্য অনুসৰি GMT ± ঘণ্টা:মিনিট হিচাবে নাম দিয়া হৈছিল। বৰ্তমান গ্ৰীণউইচৰ আগৰ ১ ডিগ্ৰী পশ্চিম দ্ৰাঘিমা বা আন্তৰাষ্ট্ৰীয় তাৰিখ ৰেখাক আধাৰ কৰি নামকৰণ কৰা ইউনিভাৰ্ছেল টাইম বা UT -ৰ মতে গ্ৰীণউইচ দ্ৰাঘিমাত UT-১ বুলি ক্ৰমান্বয়ে সময়াঞ্চল বোৰ নামকৰণ কৰা হয়।

[সম্পাদনা কৰক] দিবালোক সংৰক্ষণ সময়

বিভিন্ন দেশৰ ”দিবালোক সংৰক্ষণ সময়" (Day Light Saving) পদ্ধতি চলি আছে। এই পদ্ধতিত বছৰৰ এক সময়ত ঘড়ীৰ কাঁটা ১ ঘণ্টা আগুৱাই দিয়া হয়। সেই দৰে সময় ইউনিভাৰ্চেল টাইম জ’নৰ সময়ো ১ ঘণ্টা আগুৱাই হিছাপ কৰা হয়।

[সম্পাদনা কৰক] অসমৰ বাগানীয়া সময়

[সম্পাদনা কৰক] লগতে চাওক



ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত