বাংলাদেশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গণপ্ৰজাতন্ত্ৰী বাংলাদেশ
বাংলাদেশ
ৰাষ্ট্ৰীয় সঙ্গীত

আমাৰ সোনাৰ বাংলা
মোৰ সোণৰ বাংলা

বাংলাদেশ-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
ঢাকা
ৰাষ্ট্ৰভাষা (সমূহ) বাংলা
জনগোষ্ঠীসমূহ (১৯৯৮) ৯৮% বাংলা
২% অন্যান্য[1]
জাতীয়তাসূচক বিশেষণ বাংলাদেশী
চৰকাৰ সংসদীয় গণতন্ত্ৰ[2]
 -  ৰাষ্ট্ৰপতি আব্দুল হামিদ
 -  প্ৰধানমন্ত্ৰী শেখ হাচিনা
 -  Speaker শিরীন শারমিন চৌধুরী
 -  মুখ্য অধিবক্তা ম. মোজাম্মিল হোছেইন
স্বাধীনতা পাকিস্তানৰ পৰা 
 -  স্বাধীনতা দিৱস মাৰ্চ ২৬, ১৯৭১ 
 -  বিজয় দিৱস ডিচেম্বৰ ১৬, ১৯৭১ 
 -  বৰ্তমানৰ সংবিধান নৱেম্বৰ ৪, ১৯৭২[1] 
মাটিকিলি
 -  মুঠ  বৰ্গ কিমি (৯৪তম)
 বৰ্গ মাইল 
 -  জলভাগ (%) ৬.৪
জনসংখ্যা
 -  ২০১১ আনুমানিক ১৪২,৩১৯,০০০[3] (অষ্টম)
জিডিপি (পিপিপি) ২০১০ আনুমানিক
 -  মুঠ $৪১৯.২ বিলিয়ন[4] 
 -  জনমুৰি $২৮০০[4] 
জিডিপি (নামমাত্ৰ) ২০১২ আনুমানিক
 -  মুঠ $১৭৩.৮ বিলিয়ন[4] 
 -  জনমুৰি $১১৮০ [4] 
জিনি সহগ? (২০০৫) ৩৩.২[5] (মধ্যম
মানৱ উন্নয়ন সূচক (২০১০) বৃদ্ধি ০.৪৬৯[6] (নিম্ন) (১৩২তম)
মুদ্ৰা বাংলাদেশী টাকা (BDT)
সময় স্থান বাংলাদেশীয় মান সময় (ইউটিচি+6)
গাড়ী চলোৱা হয় বাওঁ
ইণ্টাৰনেট টিএলডি .bd
কলিং ক'ড +৮৮০

গণপ্ৰজাতন্ত্ৰী বাংলাদেশ দক্ষিণ এছিয়াৰ এখন ৰাষ্ট্ৰ। দেশখনৰ উত্তৰ, পূব আৰু পশ্চিম সীমাত ভাৰত আৰু দক্ষিণ-পূব সীমাত ম্যানমাৰ; দক্ষিণে বঙ্গোপসাগৰ। বাংলাদেশ আৰু ভাৰতীয় অঙ্গৰাজ্য পশ্চিমবঙ্গই একেলগে এটা বাংলাভাষী অঞ্চল গঠন কৰে। যাৰ ঐতিহাসিক নাম “বঙ্গ” বা “বাংলা”।

১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ত পাকিস্তানৰ পূৰ্ব অংশ (পূৰ্ব পাকিস্তান) হিছাবে বাংলাদেশৰ সীমা নিৰ্ধাৰিত হয়। পূৰ্ব আৰু পশ্চিম পাকিস্তানৰ মধ্যবৰ্তী দূৰত্ব আছিল প্ৰায় ১৬০০ কিঃমিঃ (১০০০ মাইল)। দুই পাকিস্তানৰ মানুহৰ ধৰ্ম (ইচলাম) একেটা হ'লেও জাতিগত আৰু ভাষাগত ব্যৱধান আছিল বিৰাট। তাতে পশ্চিম পাকিস্তানত অৱস্থিত চৰকাৰৰ অনিহাৰ ফলস্বৰুপে এই ব্যৱধান বেছি প্ৰকট হৈ উঠে। ইয়াৰে চূড়ান্ত পৰিণতি হিচাপে ১৯৭১ চনত ভাৰতবৰ্ষৰ সমৰ্থনত এটা ৰক্তক্ষয়ী যুদ্ধৰ মাধ্যমেৰে স্বাধীন ৰাষ্ট্ৰ হিচাবে বাংলাদেশৰ অভ্যুত্থান হয়। বাংলাদেশৰ স্বাধীনোত্তৰ সময়খিনি বিভিন্ন ৰাজনৈতিক বিশৃংখলতাৰে পৰিপূৰ্ণ। এই সময়ছোৱাত তেৰবাৰ ৰাষ্ট্ৰ পৰিচালনাৰ দল সলনি হোৱাৰ উপৰিও কমপক্ষেও চাৰিবাৰ। সামৰিক অভ্যুত্থান ঘটে।

জনবহুল ৰাষ্ট্ৰৰ মাজত বিশ্বৰ ভিতৰতে অষ্টম স্থানত অৱস্থিত বাংলাদেশ মাটি কালিৰ হিচাপত ৯৩তম স্থানত। ফলত বাংলাদেশ বিশ্বৰ ঘনবসতি পূৰ্ণ দেশসমূহৰ এখন। মুচলমান-সংখ্যাগৰিষ্ঠ দেশৰ মাজত বাংলাদেশৰ অৱস্থান ৪ৰ্থ যদিও বাংলাদেশত মুচলমানৰ সংখ্যা ভাৰতৰ সংখ্যালঘু মুচলমানতকৈ কম। গঙ্গা-ব্ৰহ্মপুত্ৰৰ উৰ্বৰ অৱবাহিকাত অৱস্থিত এই দেশখনত প্ৰতি বছৰ মৌচুমী বতাহৰ প্ৰকোপত বানপানী হয়, আৰু ঘূৰ্ণীবতাহ আৰু ধুমুহাৰ প্ৰকোপ সাধাৰণ ঘটনা। বাংলাদেশ দক্ষিণ এচীয় আঞ্চলিক সহযোগিতা সংস্থা ছাৰ্ক আৰু বিম্‌ছটেক-অৰ প্ৰতিষ্ঠাতা সদস্য। ইয়াৰ উপৰিও দেশখন ওআইছি আৰু ডি-৮ ৰ সদস্য।

ইতিহাস[সম্পাদনা কৰক]

উৱাৰী বটেশ্বৰ অঞ্চলত ২০০৬ চনত আৱিষ্কৃত পুৰাতাত্বিক নিদৰ্শন অনুযায়ী বাংলাদেশ অঞ্চলত জনবসতি গঢ়ি উঠিছিল প্ৰায় ৪ হাজাৰ বছৰ আগতে। ধাৰণা কৰা হয় যে দ্ৰাবিড় আৰু তিব্বতীয়-বাৰ্মী জনগোষ্ঠীয়ে এই ঠাইত সেই সময়ত বসতি স্থাপন কৰিছিল। পাছলৈ এই অঞ্চলটো ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যত বিভক্ত হয় আৰু স্থানীয় তথা বিদেশী শাসকৰ দ্বাৰা শাসিত হৈ থাকে। আৰ্যসকলৰ আগমনৰ পাছত খ্ৰীষ্টিয় চতুৰ্থ-ৰ পৰা ষষ্ঠ শতিকা পৰ্য্যন্ত গুপ্ত ৰাজবংশই বাংলা শাসন কৰিছিল। ইয়াৰ ঠিক পাছতেই শশাঙ্ক নামে এজন স্থানীয় ৰজাই স্বল্প কালৰ বাবে এই অঞ্চলৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হয়। প্ৰায় এশ বছৰ জোৰা অৰাজকতাৰ (যাক মাৎসন্যায় পৰ্ব বুলি কোৱা হয়) শেষত বৌদ্ধ ধৰ্মাৱলম্বী পাল ৰাজবংশ বাংলাৰ অধিকাংশৰ অধিকাৰী হয়, আৰু পৰৱৰ্তী চাৰিশ বছৰ তেওঁলোকৰ অধীনত থাকে। ইয়াৰ পাছত হিন্দু ধৰ্মাৱলম্বী সেন ৰাজবংশ ক্ষমতালৈ আহে। দ্বাদশ শতিকাত চুফি ধৰ্মপ্ৰচাৰক সকলৰ দ্বাৰা বাংলাত ইছলাম ধৰ্মৰ প্ৰৱৰ্তন ঘটে। পৰবৰ্ত্তী কালত বিভিন্ন সময়ত সামৰিক অভিযান আৰু যুদ্ধ জয়ৰ সহায়েৰে মুচলিম শাসন প্ৰতিষ্ঠা হয়। ১২০৫ - ১২০৬ চনৰ সময়ছোৱাত ইখতিয়াৰ উদ্দিন মহম্মদ বখতিয়াৰ খলজী নামেৰে এজন তুৰ্কী বংশোদ্ভূত সেনাপতিয়ে ৰাজা লক্ষ্মণ সেনক পৰাজিত কৰি সেন ৰাজবংশৰ পতন আনে। ষোড়শ শতিকাত মোগল সাম্ৰাজ্যৰ অধীনলৈ অহাৰ আগলৈ বাংলা স্থানীয় চুলতান আৰু ভূস্বামীসকলৰ দ্বাৰা শাসিত হয়। মোগল বিজয়ৰ সময়ত ঢাকাত বাংলাৰ ৰাজধানী স্থাপিত হয় আৰু এই ঠাইৰ নাম দিয়া হয় জাহাঙ্গীৰ নগৰ

বাংলালৈ ইউৰোপীয় ব্যবসায়ীৰ আগমন ঘটে পঞ্চদশ শতিকাৰ শেষভাগত। ধীৰে ধীৰে তেওঁলোকৰ প্ৰভাৱ বাঢ়িবলৈ লয়। ১৭৫৭ খ্ৰীষ্টাব্দত ব্ৰিটিচ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে পলাশীৰ যুদ্ধত জয়লাভৰ সুযোগ লৈ বাংলাৰ শাসনক্ষমতা দখল কৰে। (Baxter [7] , pp. 23—28)। ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহৰ পাছত বাংলাৰ শাসনভাৰ কোম্পানিৰ হাতৰপৰা ব্ৰিটিছ সাম্ৰাজ্যই প্ৰত্যক্ষ নিয়ন্ত্ৰণলৈ আহে। ব্ৰিটিছ ৰজাৰ নিয়ন্ত্ৰণাধীন একোজন ভাইছৰয়ে প্ৰশাসন পৰিচালনা কৰিছিল। (Baxter[7], pp.30—32) ঔপনিৱেশিক শাসনৰ আমোলত ভাৰত উপমহাদেশত বহুবাৰ ভয়াবহ দুৰ্ভিক্ষ দেখা দিয়ে। তাৰ মাজত ছিয়াত্তৰৰ মন্বন্তৰ নামে পৰিচিত ১৭৭০ খ্ৰীষ্টাব্দৰ দুৰ্ভিক্ষত আনুমানিক ৩০ লাখ লোকৰ মৃত্যু হয়।[8]

১৯০৫ চনৰপৰা ১৯১১ খ্ৰীষ্টাব্দ পৰ্য্যন্ত বঙ্গভঙ্গৰ ফলশ্ৰুতিত পূৰ্ববঙ্গ আৰু অসমক সাঙুৰি এখন নতুন প্ৰদেশ গঠিত হৈছিল, যাৰ ৰাজধানী আছিল ঢাকা। (Baxter[7], pp. 39—40) কিন্তু কলিকতা-কেন্দ্ৰিক ৰাজনীতিবিদ আৰু বুদ্ধিজীবীৰ চৰম বিৰোধিতাৰ ফলত বঙ্গভঙ্গ ৰদ কৰা হয় ১৯১১ চনত। ভাৰত উপমহাদেশৰ দেশ বিভাজনৰ সময় ১৯৪৭ চনত ধৰ্মৰ ভিত্তিত আকৌ বাংলা প্ৰদেশখনক দুভাগ কৰা হয়। হিন্দু সংখ্যাগৰিষ্ঠ পশ্চিমবঙ্গ ভাৰতৰ অংশ হয়, আৰু মুছলিম সংখ্যাগৰিষ্ঠ পূৰ্ববঙ্গ পাকিস্তানৰ অংশ হয়। ১৯৫৪ চনত পূৰ্ববঙ্গৰ নাম সলনি কৰি পূব পাকিস্তান কৰা হয়। [9]

১৯৫০ চনত ভূমি সংস্কাৰৰ অধীনত জমিদাৰী ব্যবস্থা তুলি দিয়া হয়।(Baxter[7], p. 72) কিন্তু পূব পাকিস্তানৰ অৰ্থনৈতিক আৰু জনসংখ্যাগত গুৰুত্ব সত্বেও পাকিস্তান চৰকাৰ আৰু সেনাবাহিনী সম্পূৰ্ণৰূপে পশ্চিম পাকিস্তানীসকলৰ নিয়ন্ত্ৰণাধীন আছিল। ১৯৫২চনৰ ভাষা আন্দোলনত পাকিস্তানৰ দুই অংশৰ মাজৰ সংঘাত প্ৰথমে প্ৰকাশ পায়। (Baxter[7], pp. 62—63) পৰবৰ্তী দশক জুৰি কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক ও সাংস্কৃতিক বিষয়ত লোৱা কেবাটাও পদক্ষেপে পূব পাকিস্তানত বিক্ষোভৰ অগনি জ্বলাই তোলে। সেই সময়তে বাঙালী জাতীয়তাবাদৰ প্ৰবক্তা হিচাবে আৱামী লীগৰ উত্থান ঘটে, আৰু দলটো বাঙালী জাতিৰ প্ৰধান ৰাজনৈতিক দল হিচাপে পৰিগণিত হয়। ১৯৬০-ৰ দশকৰ মাজভাগত [৬ দফা আন্দোলন|৬ দফা আন্দোলনৰ]] সূচনা ঘটে। আৱামী লীগৰ নেতা শেখ মুজিবুৰ ৰহমানক ১৯৬৬ চনত কাৰাবন্দী কৰা হয়। ১৯৬৯ চনত আগৰতলা ষড়যন্ত্ৰ গোচৰত তেওঁক আকৌ বন্দী কৰা হয়, কিন্তু ঊনসত্তৰৰ গণঅভ্যুত্থানৰৰ ফলত আয়ুব খানৰ সামৰিক জান্তাৰ পতন ঘটে আৰু মুজিবক মুক্তি দিয়া হয়।

১৯৭০ চনৰ ডিচেম্বৰ মাহত এক ভয়াবহ ঘূৰ্ণিবতাহত পূৰ্ব পাকিস্তানৰ উপকূলীয় অঞ্চলত প্ৰায় ৫ লাখ লোকৰ মৃত্যু ঘটে। কিন্তু পাকিস্তানৰ কেন্দ্ৰীয় চৰকাৰে অসহযোগিতা অব্যাহত ৰাখে। ১৯৭০ চনৰ সংসদীয় নিৰ্বাচনত আৱামী লীগে সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও সামৰিক জান্তাই ক্ষমতা হস্তান্তৰত অমান্তি হয়। (Baxter[7], pp. 78—79) মুজিবৰ সৈতে ঘূৰণীয়া মেজমেল সফল নোহোৱাত জেনেৰেল ইয়াহিয়া খানৰ নিৰ্দেশত ২৫ মাৰ্চ তাৰিখে গভীৰ ৰাতি মুজিবক গ্ৰেপ্তাৰ কৰা হয় আৰু পাকিস্তানী সেনাবাহিনীয়ে অপাৰেছন চাৰ্চলাইট আৰম্ভ কৰি বাঙালীসকলৰ ওপৰত নিৰ্বিচাৰ অত্যাচাৰ আৰম্ভ কৰে। [10] পাকিস্তানী সেনাবাহিনীৰ এই আক্ৰমণৰ ফলত বিপুল সংখ্যক মানুহৰ প্ৰাণহানি ঘটে।[11] সেনাবাহিনী আৰু স্থানীয় দালালসকলৰ অন্যতম প্ৰধান লক্ষ্য আছিল বুদ্ধিজীবী আৰু সংখ্যালঘু জনগোষ্ঠী। প্ৰায় ১ কোটি মানুহ শৰণাৰ্থী হৈ ভাৰতত আশ্ৰয় লয়। (LaPorte [12] , p. 103) বাংলাদেশত মুক্তিযুদ্ধত হোৱা জীবনহানিৰ সংখ্যা ৩০ লাখ পৰ্যন্ত হ'ব বুলি অনুমান কৰা হৈছে। [13] [14] আৱামী লীগৰ অধিকাংশ নেতাই ভাৰতত আশ্ৰয় লৈছিল। তেওঁলোকে ১৭ এপ্ৰিলত মেহেৰপুৰৰ বৈদ্যনাথতলাৰ আমবাগানত অস্থায়ী চৰকাৰ গঠন কৰে। বাংলাদেশৰ স্বাধীনতা যুদ্ধ চলে সুদীৰ্ঘ ৯ মাহ ব্যাপি মুক্তি বাহিনী আৰু বাংলাদেশ সেনাবাহিনী আৰু ভাৰতৰ সহায়ত ১৯৭১ চনৰ ডিচেম্বৰ মাহত এই যুদ্ধত জয়লাভ কৰিবলৈ সক্ষম হয়। মিত্ৰবাহিনীৰ প্ৰধান জেনেৰেল জগজিৎ সিং অৰোৰাৰ হাতত ১৯৭১ চনৰ ১৬ডিচেম্বৰ তাৰিখে পাকিস্তানী বাহিনীৰ প্ৰধান জেনেৰেল নিয়াজীয়ে আত্মসমৰ্পন কৰে। প্ৰায় ৯০,০০০ পাকিস্তানী সেনা যুদ্ধবন্দী হিচাবে ধৰা পৰে। এওঁলোকক ১৯৭৩ চনত পাকিস্তানলৈ ওভোতাই পঠিওৱা হয়। [15]

স্বাধীনতাৰ পাছৰ সময়ত বাংলাদেশত প্ৰথমে সংসদীয় গণতন্ত্ৰ ব্যবস্থা প্ৰচলন হয় আৰু শেখ মুজিব দেশখনৰ প্ৰধানমন্ত্ৰী হয়। ১৯৭৩ চনৰ সংসদীয় নিৰ্বাচনত আৱামী লীগে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। ১৯৭৩ আৰু ১৯৭৪ চনত দেশব্যাপী দুৰ্ভিক্ষই দেখা দিয়ে।[8] ১৯৭৫ চনৰ আৰম্ভণিতে শেখ মুজিবে দেশখনত বাকশালৰ অধীনত একদলীয় শাসন ব্যবস্থা প্ৰবৰ্তন কৰে। ১৯৭৫ চনৰ ১৫ আগষ্ট তাৰিখে সেনাবাহিনীৰ কিয়দংশ তথা কিছু ৰাজনীতিবিদৰ ষড়যন্ত্ৰত সংঘটিত অভ্যুত্থানত মুজিব সপৰিবাৰে নিহত হয়। [16] পৰবৰ্তী ৩ মাহত একাধিক অভ্যুত্থান আৰু প্ৰতি-অভ্যুত্থান চলি থাকে, যাৰ সমাপ্তিত মেজৰ জেনেৰেল জিয়াউৰ ৰহমান ক্ষমতালৈ আহে। জিয়াউৰ ৰহমানে বহুদলীয় গণতন্ত্ৰ পুনৰ প্ৰবৰ্তন কৰে আৰু বাংলাদেশ জাতীয়তাবাদী দল (বিএনপি) প্ৰতিষ্ঠা কৰে। ১৯৮১ খ্ৰীষ্টাব্দৰ মে মাহত আন এটা অভ্যুত্থানত জিয়াউৰ ৰহমান নিহত হয়। [16] ১৯৮২ চনৰ মাৰ্চ মাহত বাংলাদেশৰ পৰবৰ্তী শাসক লেফটেনেন্ট জেনেৰেল হুছেইন মহম্মদ এৰছাদ এক ৰক্তপাতবিহীন অভ্যুত্থানৰ মাধ্যমেৰে ক্ষমতালৈ আহে। এৰছাদে স্বৈৰশাসক হিচাপে ডিচেম্বৰ ১৯৯০লৈ শাসনত বৰ্তি থাকে। ৯০-ৰ গণঅভ্যুত্থানত তেওঁৰ পতনৰ পাছত সংসদীয় গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা হয়। জিয়াউৰ ৰহমানৰ স্ত্ৰী বেগম খালেদা জিয়া বাংলাদেশ জাতীয়তাবাদী দলৰ নেত্ৰী হিচাবে ১৯৯১ ৰপৰা ১৯৯৬ আৰু ২০০১ চনৰপৰা ২০০৬ চনলৈ প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰে। শেখ মুজিবৰ কন্যা শেখ হাসিনা ১৯৯৬ ৰপৰা ২০০১ চনলৈ আৱামী লীগৰ নেতৃত্বত ক্ষমতা দখল কৰিছিল। দৰিদ্ৰতা আৰু দুৰ্নীতিৰ মাজতো বাংলাদেশে বৰ্তমানে এক গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাবে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে।

চৰকাৰ ব্যবস্থা[সম্পাদনা কৰক]

ঢাকাৰ শেৰ-এ-বাংলা নগৰত অৱস্থিত বাংলাদেশৰ জাতীয় সংসদ ভৱন

বাংলাদেশত সংসদীয় গণতন্ত্ৰ ব্যবস্থাৰ চৰকাৰ পদ্ধতি প্ৰচলিত। ৰাষ্ট্ৰপতি এই দেশৰ ৰাষ্ট্ৰপ্ৰধান, কিন্তু তেওঁৰ ক্ষমতা সীমিত। মূল ক্ষমতাৰ অধিকাৰী হৈছে প্ৰধানমন্ত্ৰী, যিয়ে চৰকাৰ প্ৰধান হিচাবে দায়িত্ব পালন কৰে। জাতীয় সংসদৰ সদস্যৰ ভোটত প্ৰতি পাঁচ বছৰৰ মূৰত ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰা হয়। সংসদ নিৰ্বাচনৰ সময়ত কেয়াৰটেকাৰ চৰকাৰৰ অধীনত ৰাষ্ট্ৰপতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ১৯৯৬ চনত গৃহীত এই কেয়াৰটেকাৰ বা তত্ত্বাৱধায়ক চৰকাৰ ব্যবস্থাত সংসদীয় নিৰ্বাচনৰ সময়ত চৰকাৰী ক্ষমতা নিয়ন্ত্ৰিত হয় নিৰ্দলীয় নিৰপেক্ষ উপদেষ্টা মণ্ডলীৰ মাধ্যমত। সৰ্বশেষ অৱসৰপ্ৰাপ্ত প্ৰধান বিচাৰপতিয়ে প্ৰধান উপদেষ্টা হিচাবে দায়িত্ব পালন কৰে। [17]

প্ৰধানমন্ত্ৰী সংসদৰ সদস্য হোৱাটো বাধ্যতামূলক। মন্ত্ৰীসভাৰ মন্ত্ৰীসকলক প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচন কৰে আৰু ৰাষ্ট্ৰপতিয়ে তেওঁলোকক নিযুক্তি দিয়ে। মন্ত্ৰীসকলৰ মন্ত্ৰণালয়ত স্থায়ী সচিব থাকে। সচিবসকল দেশৰ স্থায়ী কৰ্মচাৰী। বাংলাদেশৰ ৩০০ খন আসনৰ জাতীয় সংসদ এক কক্ষ বিশিষ্ট; ইয়াৰ সদস্য সকল জনগণৰ প্ৰত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত হয়। সংসদৰ ম্যাদ সৰ্বোচ্চ ৫ বছৰ। ১৮ বছৰ বা উৰ্ধৰ প্ৰতিজন নাগৰিকৰে ভোটাধিকাৰ আছে।

বাংলাদেশৰ সংবিধান ১৯৭২ চনত প্ৰণীত হয়। পাছলৈ ইয়াত ১৩-টা সংশোধন কৰা হৈছে।[17] ছুপ্ৰিম কোৰ্ট বাংলাদেশৰ সৰ্বোচ্চ আদালত। ইয়াৰ প্ৰধান বিচাৰপতি আৰু অন্যান্য বিচাৰকসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। দেশৰ আইনকানুন বহু পৰিমাণে প্ৰচলিত ইংৰাজ আইনৰ নিচিনা, কিন্তু বিবাহ আৰু উত্তৰাধিকাৰ সংক্ৰান্ত আইন ধৰ্মভিত্তিক।

বাংলাদেশৰ দুটা প্ৰধান ৰাজনৈতিক দল হ'ল আৱামী লীগ আৰু বাংলাদেশ জাতীয়তাবাদী দল (বিএনপি)। ইয়াৰ বাহিৰেও জাতীয় পাৰ্টি আৰু [[জামায়াতে ইছলামী বাংলাদেশ|জামায়াতে ইছলামী]- য়ে দেশৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ভূগোল আৰু জলবায়ু[সম্পাদনা কৰক]

উপগ্ৰহৰ পৰা তোলা বাংলাদেশৰ আলোকচিত্ৰ

দক্ষিণ এচিয়াৰ দীৰ্ঘতম দুখন নদী - গঙ্গা আৰু ব্ৰহ্মপুত্ৰ য’ত বঙ্গোপসাগৰত মিলিছে, তাত কাল পৰিক্ৰমাত গঢ় লৈ উঠিছে বঙ্গীয় ব-দ্বীপ। এই গঙ্গা-ব্ৰহ্মপুত্ৰ মোহনা অঞ্চলত প্ৰায় ৩০০০ বছৰ বা তাৰ পূৰ্বৰে পৰা যে জনগোষ্ঠীৰ বসবাস কৰি আহিছে আৰু বৰ্তমানৰ স্বাধীন ৰাষ্ট্ৰ বাংলাদেশ ৰূপ লৈছে ।ভৌগলিক দিশৰ পৰা বাংলাদেশৰ অবস্থান দক্ষিণ এছিয়া, ভাৰত আৰু ম্যানমাৰৰ মাজত। এই ভূখণ্ড ১ লাখ ৪৭ হাজাৰ ৫৭০ বৰ্গ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত। বাংলাদেশৰ পশ্চিম, উত্তৰ, আৰু পূবত আছে ভাৰত। পশ্চিমে আছে ভাৰতৰ পশ্চিমবঙ্গ ৰাজ্য। উত্তৰে পশ্চিমবঙ্গ, অসম, মেঘালয় ৰাজ্য। পূবে অসম, ত্ৰিপুৰা, মিজোৰাম। পূবে ভাৰতৰ বাহিৰেও ম্যানমাৰ (বাৰ্মা) সীমান্ত । দক্ষিণত আছে বঙ্গোপসাগৰ। বাংলাদেশৰ স্থল সীমান্তৰেখাৰ দৈৰ্ঘ্য ৪,২৪৬ কিলোমিটাৰ যাৰ ৯৪ শতাংশ (৯৪%) ভাৰতৰ সৈতে আৰু বাকী ৬ শতাংশ ম্যানমাৰৰ সৈতে । বাংলাদেশৰ উপকূল অঞ্চলৰ দৈৰ্ঘ্য ৫৮০ কিলোমিটাৰ। বাংলাদেশৰ দক্ষিণ-পূৰ্বাংশৰ কক্সবাজাৰ পৃথিবীৰ দীৰ্ঘতম সমূদ্ৰ উপকূলবোৰৰ অন্যতম।

বাংলাদেশৰ অধিকাংশ এলেকা সমুদ্ৰ পৃষ্ঠৰ পৰা মাত্ৰ ১০ মিটাৰ উচ্চতাত অৱস্থিত। সমুদ্ৰ পৃষ্ঠ মাত্ৰ ১ মিটাৰ বৃদ্ধি পালেই এই দেশৰ ১০% এলেকা জল নিমজ্জিত হ'ব বুলি ধাৰণা কৰা হয়। [18] বাংলাদেশৰ উচ্চতম স্থান দেশৰ দক্ষিণ-পূৰ্বাঞ্চল পাৰ্বত্য চট্টগ্ৰামৰ মোডক পৰ্বত, যাৰ উচ্চতা ১,০৫২ মিটাৰ (৩,৪৫১ ফুট)।[19] বঙ্গোপসাগৰ উপকূলৰ বহু অংশ জুৰি সুন্দৰবন অৱস্থিত, যি বিশ্বৰ অন্যতম বৃহত্তম মেনগ্ৰোভ বন। ইয়াত আছে ৰয়েল বেঙ্গল বাঘ, চিত্ৰল হৰিণ সহ নানা ধৰণৰ প্ৰাণীৰ বসবাস। [20]

বাংলাদেশৰ জলবায়ু নাতিশীতোষ্ণ । জলবায়ুৰ ওপৰত ভিত্তি কৰি ৬টি ঋতুত ভাগ কৰা হৈছে-গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। বছৰেকীয়া বৃষ্টিপাতৰ মাত্ৰা ১৫০০-২৫০০মি.মি./৬০-১০০ইঞ্চি; পূৰ্ব সীমান্তত এই মাত্ৰা ৩৭৫০ মি.মি./১৫০ইঞ্চিৰ বেছি। বাংলাদেশৰ গড় তাপমাত্ৰা ২৫o চেলচিয়াচ। বাংলাদেশৰ মাজেদি কৰ্কটক্ৰান্তি অতিক্ৰম কৰিছে । সেই কাৰণে এই অঞ্চলত নিৰক্ষ ৰেখীয় প্ৰভাৱ দেখা যায়। নৱেম্বৰৰ পৰা মাৰ্চ পৰ্যন্ত অলপ শীত অনুভূত হয়। মাৰ্চৰ পৰা জুন মাহ পৰ্যন্ত গ্ৰীষ্ম কাল চলে। জুনৰ পৰা অক্টোবৰ পৰ্যন্ত চলে বৰ্ষা কাল । এই সময়ত মৌচুমী বায়ুৰ প্ৰভাৱত ইয়াত যথেষ্ট বৰষুণ হয়। প্ৰাকৃতিক দুৰ্যোগ, যেনে বানপানী, ঘূৰ্ণিবতাহ, টৰ্নেডো, আৰু জলোচ্ছাস প্ৰায় প্ৰতিবৰেই বাংলাদেশত আঘাত হানে।

প্ৰশাসনিক বিভাজন[সম্পাদনা কৰক]

বাংলাদেশৰ বিভাগীয় মানচিত্ৰ

বাংলাদশ ৭-টা প্ৰশাসনিক ভাগত বিভক্ত[21]- ঢাকা বিভাগ, চট্টগ্ৰাম বিভাগ, ৰাজশাহী বিভাগ, বৰিশাল বিভাগ, খুলনা বিভাগ, ছিলেট বিভাগ আৰু ৰংপুৰ বিভাগ। প্ৰতিটো ভাগতে কেইবাখনকৈ জিলা আছে। বাংলাদেশৰ মুঠ জিলাৰ ৬৪-খন। জিলাৰ ক্ষুদ্ৰতৰ প্ৰশাসনিক অঞ্চলক উপজিলা বা থানা বোলা হয়। দেশখনত উপজিলা আৰু থানা আছে ৫০৭-খন। এই থানা কেইখন ৪,৪৮৪-খন ইউনিয়ন, ৫৯,৯৯০-খন মৌজা, আৰু ৮৭,৩১৯-খন গাঁৱত বিভক্ত । বিভাগ, জিলা, আৰু থানা পৰ্যায়ৰ প্ৰশাসনত কোনো নিৰ্বাচিত কৰ্মকৰ্তা নাই; চৰকাৰৰ দ্বাৰা নিযুক্ত প্ৰশাসকৰ অধীণত এই অঞ্চলসমূহ পৰিচালিত হয়। ইউনিয়ন, বা পৌৰসভাৰ ৱাৰ্ডত জনগনৰ নিৰ্বাচিত প্ৰতিনিধি থাকে। ১৯৯৭ চনৰ আইন অনুসৰি ইউনিয়ন পৰ্যায়ত মহিলাৰ বাবে ২৫% আসন সংৰক্ষণ কৰা হয়। [22] ইয়াৰোপৰি চহৰ কেইখনত মুঠ ৬-খন কৰ্পোৰেছন (ঢাকা, চট্টগ্ৰাম, খুলনা, ৰাজশাহী, ছিলেট, বৰিশাল, ৰংপুৰ), আৰু ২২৩-খন পৌৰসভা আছে। আটাইকেইখনতে ৰাইজৰ ভোটৰ জৰিয়তে মেয়ৰ আৰু জনপ্ৰতিনিধি নিৰ্বাচন কৰা হয়। ৰাজধানী ঢাকা বাংলাদেশৰ বৃহত্তম চহৰ। অন্যান্য উল্লেখযোগ্য চহৰ হৈছে চট্টগ্ৰাম, ৰাজশাহী, খুলনা, ছিলেট, বৰিশাল, কক্সবাজাৰ, কুমিল্লা, ময়মনসিংহ, ৰংপুৰ, যশোৰ, টঙ্গী, গাজীপুৰ আৰু নাৰায়ণগঞ্জ

প্ৰশাসনিক অঞ্চল প্ৰধান চহৰ কালি
(বৰ্গ কি.মি.)
জনসংখ্যা (২০০৫)
ঢাকা বিভাগ ঢাকা ৩১১১৯.৯৭ ৩,৮৬৭,৭৮৭
চট্টগ্ৰাম বিভাগ চট্টগ্ৰাম ৩৩৭৭১.১৩ ২৩,৯৯৯,৩৪৫
ৰাজশাহী বিভাগ ৰাজশাহী ৩৪৫১৩ ২৯,৯৯২,৯৫৫
বৰিশাল বিভাগ বৰিশাল ১৩২৯৫.৫৫ ৮,১১২,৪৩৫
খুলনা বিভাগ খুলনা ২২২৭৩.২১ ১৪,৪৬৮,৮১৯
ছিলেট বিভাগ ছিলেট ১২৫৯৫.৯৫ ৭,৮৯৯,৮১৬
ৰংপুৰ বিভাগ ৰংপুৰ ৯৫৯৩.৩৬

জনসংখ্যাৰ অনুপাত[সম্পাদনা কৰক]

বাংলাদেশৰ জাতীয় প্ৰতীকসমূহ
সঙ্গীত আমাৰ সোনাৰ বাংলা
প্ৰাণী ৰয়েল বেঙ্গল টাইগাৰ (ঢেঁকীয়াপতিয়া বাঘ)
পাখি দোয়েল (কুলি)
মাছ ইলিশ
ফুল সাদা শাপলা
ফল কঁঠাল
খেলা কাবাডি
পঞ্জিকা বাংলা পঞ্জিকা

বাংলাদেশৰ জনসংখ্যা ২০০৫ চনৰ লোকপিয়ল অনুসৰি ১৪ কোটি ৬০ লাখ। [23] জনমূৰি হিচাপত বাংলাদেশ বিশ্বৰ ৮-ম বৃহত্তম দেশ। জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ১০৫৫ জন, যিটো পৃথিৱীৰ ভিতৰতে (কিছু দ্বীপ আৰু নগৰ ৰাষ্ট্ৰ বাদে)। জনসংখ্যা বৃদ্ধিৰ হাৰ ২.২% [23] (২০০৫ চনৰ হিচাব)। বাংলাদেশত নাৰী আৰু পুৰুষৰ ১০০:১০৬। দেশৰ অধিকাংশ মানুহ শিশু আৰু তৰুণ (০–২৫ বছৰ বয়সীয়া লোক মুঠ জনসংখ্যাৰ ৬০%, ৬৫ বছৰৰ ওপৰৰ লোক মাত্ৰ ৩%)। পুৰুষ আৰু মহিলাৰ গড় আয়ু ৬৩ বছৰ। [23]

জাতিগতভাবে বাংলাদেশৰ ৯৮% মানুহ বঙালী। বাকী ২% মানুহ বিহাৰী বংশোদ্ভুত, অথবা বিভিন্ন উপজাতিৰ সদস্য। পাৰ্বত্য চট্টগ্ৰাম এলেকাত ১৩-টা বিভিন্ন উপজাতি আছে। তেওঁলোকৰ মাজত চাকমা উপজাতি প্ৰধান। পাৰ্বত্য চট্টগ্ৰামৰ বাহিৰৰ উপজাতি সমূহৰ মাজত গাৰো আৰু চাওঁতাল উল্লেখযোগ্য।

দেশখনৰ ৯৯% মানুহৰ মাতৃভাষা বাংলা, ই বাংলাদেশৰ ৰাষ্ট্ৰভাষা। চৰকাৰী কামকাজত ইংৰাজীও ব্যৱহৃত হয়। ১৯৮৭ চনৰপৰা কেৱল বৈদেশিক যোগাযোগৰ বাহিৰে আন সকলো চৰকাৰী কামতে বাংলা ভাষাক প্ৰাধান্য দিয়াৰ প্ৰয়াস কৰা হৈছে।

বাংলাদেশৰ জনগোষ্ঠীৰ প্ৰধান ধৰ্মবিশ্বাস ইছলাম (৮৮%)। ইয়াৰ পাছতেই আছে হিন্দু ধৰ্ম(১১%)। বাকী ১% মানুহ বৌদ্ধ, খ্ৰীষ্টান, অথবা অগ্নিপূজক ধৰ্মত বিশ্বাসী। মুঠ জনগোষ্ঠীৰ ২১.৪%-ই চহৰত বাস কৰে, বাকী ৭৮.৬% গ্ৰামাঞ্চলৰ অধিবাসী।

চৰকাৰী তথা বেচৰকাৰী উন্নয়ন কৰ্মৰ ফল স্বৰূপে দাৰিদ্ৰ বিমোচন আৰু জনস্বাস্থ্যৰ বহতু অগ্ৰগতি হৈছে। কিন্তু এতিয়াও বাংলাদেশৰ জনসংখ্যাৰ এক বিশাল অংশ দৰিদ্ৰ সীমাৰ তলত। মুঠ জনগোষ্ঠীৰ প্ৰায় অৰ্ধেক অংশই দৈনিক মাত্ৰ ১ মাৰ্কিন ডলাৰ আয় কৰে (২০০৫)। [24] আৰ্ছেনিক জনিত বিষক্ৰিয়া বাংলাদেশৰ এটা গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যা। [25] ইয়াৰ বাহিৰেও বাংলাদেশত মেলেৰিয়া আৰু ডেঙগু ৰোগৰ প্ৰাদুৰ্ভাব লক্ষ্য কৰা যায়।

২০০৫ চনৰ অভিলেখ অনুসৰি বাংলাদেশত স্বাক্ষৰতাৰ হাৰ প্ৰায় ৪১%। [26] ইউনিছেফৰ ২০০৪ চনৰ গণনা অনুসৰি পুৰুষৰ মাজত স্বাক্ষৰতাৰ হাৰ ৫০% আৰু মহিলাৰ মাজত ৩১%। [27] বৰ্তমান চৰকাৰে হাতত লোৱা নানান কৰ্মসূচীৰ ফলত দেশত শিক্ষাৰ হাৰ বাঢ়িছে। ১৯৯৩ চনত আৰম্ভ হোৱা শিক্ষাৰ বিনিময়ত খাদ্য কৰ্মসূচীয়ে আটাইতকৈ বেছি সাফল্য অৰ্জন কৰিছে। [28] মহিলাৰ শিক্ষাৰ বাবেও প্ৰাথমিক ও মাধ্যমিক পৰ্যায়ত বৃত্তি প্ৰদান কৰ্মসূচীয়ে নাৰীশিক্ষাক আগুৱাই নিয়াত সহায় কৰিছে। [29]

অৰ্থনীতি[সম্পাদনা কৰক]

ধানখেতিত ব্যস্ত কৃষক

বাংলাদেশৰ অৰ্থনীতি কৃষিনিৰ্ভৰ। দেশৰ দুই-তৃতীয়াংশ মানুষ কৃষিজীবী। দেশখনৰ প্ৰধান কৃষিজ উৎপাদনৰ মাজত আছে ধান, পাট আৰু চাহ। দেশখনত আউশ, আমন, বোৰো আৰু ইৰি ধান উৎপাদন কৰা। পাট, বাংলাদেশত যাক সোনালী আঁহ বোলা হয়, এটঅ সময়ত বাংলাদেশৰ বৈদেশিক মুদ্ৰাৰ প্ৰধান উৎস আছিল। [30] বৰ্তমান বাংলাদেশৰ বৈদেশিক মুদ্ৰাৰ অধিকাংশই আহে ৰপ্তানীকৃত তৈয়াৰী পোছাকৰ জৰিয়তে, আৰু অৰ্জিত মুদ্ৰাৰ বেছিঅংশই ব্যয় হয় এই উদ্যাগৰ বাবে কেঁচামাল আমদানী কৰাত।[31] সস্তা শ্ৰম আৰু অন্যান্য সুবিধাৰ কাৰণে ১৯৮০-ৰ দশকৰপৰা এই উদ্যোগত যথেষ্ট বৈদেশিক আৰু স্থানীয় বিনিয়োগ হৈছে। ২০০২ চনৰ হিচাব মতে তৈয়াৰী পোছাক উদ্যোগক্ষেত্ৰত মুঠ ৰপ্তানীৰ পৰিমাণ আছিল ৫ বিলিয়ন (৫০০ কোটি) মাৰ্কিন ডলাৰ। [32] তৈয়াৰী পোছাক উদ্যোগত প্ৰায় ৩০ লাখ শ্ৰমিক নিয়োজিত হৈ আছে, ইয়াৰে ৯০%-ই নাৰী। [33] বাংলাদেশৰ বৈদেশিক মুদ্ৰাৰ আন এটা বৃহৎ অংশ আহে প্ৰবাসী বাংলাদেশীসকলে প্ৰেৰণ কৰা অৰ্থ সাহায্যৰ ৰূপত।

বাংলাদেশৰ জনমূৰি আয় ২০০৪ চনৰ হিচাব অনুযায়ী ৪৪০ মাৰ্কিন ডলাৰ। [27] নানা অৰ্থনৈতিক সূচকত বিশ্বব্যাপী বাংলাদেশৰ অবস্থান শেষৰ শাৰীত, কিন্তু বিশ্ব বেংকৰ ২০০৫ চনৰ দেশভিত্তিক আলোচনাত এই দেশৰ শিক্ষা, জনসংখ্যা নিয়ন্ত্ৰণ আৰু অন্যান্য সামাজিক অনুষ্খাঠানত হোৱা উন্নয়নৰ প্ৰশংসা কৰা হৈছে।[34]

কক্সবাজাৰ সৈকতে জেলেদেৰ নৌকা

১৯৯০ চনৰেপৰা প্ৰতিবছৰে বাংলাদেশত গড়ে ৫% বৃদ্ধি দেখা গৈছে। মধ্যবিত্ত আৰু উপভোক্তা শ্ৰেণীৰ প্ৰসাৰণ ঘটিছে। ২০০৫ চনৰ ডিচেম্বৰ মাহত গোল্ডমেন স্যাক্‌স-অৰ বিশ্লেষণত বাংলাদেশক অগ্ৰনী ১১ দেশ অৰ মাজত ধৰা হৈছে। [35] ২০০৫ চনৰ ডিচেম্বৰ মাহত বাংলাদেশ বেংকে ৬.৫% জিডিপি বৃদ্ধিৰ ভবিষ্যতবাণী কৰে।.[36]

বাংলাদেশৰ সামাজিক উন্নয়ন আৰু দাৰিদ্ৰ বিমোচনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে দেশত প্ৰচলিত ক্ষুদ্ৰ ঋণ কৰ্মসূচী। গ্ৰামীন বেংকৰ প্ৰতিষ্ঠাতা মহম্মদ ইউনুছ ক্ষুদ্ৰ ঋণৰ প্ৰবক্তা। ১৯৯০ দশকৰ শেষভাগত গ্ৰামীণ বেংকৰ সদস্যসংখ্যা আছিল ২৩ লাখ; অন্যান্য সাহায্য সংস্থাৰো প্ৰায় ২৫ লাখ সদস্য আছে। [37]

দেশৰ শিল্প আৰু ৰপ্তানিৰ উন্নয়নৰ অৰ্থে বাংলাদেশ চৰকাৰে দেশৰ বিভিন্ন স্থানত 'ৰপ্তানি প্ৰক্ৰিয়াজাতকৰণ এলেকা' (Export Processing Zone or EPZ) স্থাপন কৰিছে। বাংলাদেশ এক্সপোৰ্ট প্ৰছেছিং জোন অথৰিটি বা বেপজাই এই এলেকাবোৰক নিয়ন্ত্ৰণ কৰে। দেশৰ ৰপ্তানি আৰু আমদানি বাণিজ্যৰ সিংহভাগ চট্টগ্ৰাম সমুদ্ৰ বন্দৰ , মংলা সমুদ্ৰ বন্দৰ আৰু বেনাপোল স্থলবন্দৰৰপৰা সম্পন্ন হয় ।

সংস্কৃতি[সম্পাদনা কৰক]

বিয়াৰ পোছাকত কইনা, বাংলাদেশৰ হস্তশিল্পৰ নমুনা

বাংলা ভাষা আৰু সাহিত্যৰ ঐতিহ্য হাজাৰ বছৰ পুৰণি। ৭ম শতাব্দীত লিখিত বৌদ্ধ দোহাৰ সঙ্কলন চৰ্যাপদ বাংলা ভাষাৰ প্ৰাচীনতম নিদৰ্শন হিচাবে স্বীকৃত। মধ্যযুগত বাংলা ভাষাত কাব্য, লোকগীতি, আৰু পালাগানৰ প্ৰচলন ঘটে। উনবিংশ আৰু বিংশ শতাব্দীত বাংলা কাব্য আৰু গদ্যসাহিত্যই ব্যাপক বিকাশ লাভ কৰে। নোবেল পুৰষ্কাৰ বিজয়ী কবি [ৰবীন্দ্ৰনাথ ঠাকুৰ]], বাংলাদেশৰ জাতীয় কবি কাজী নজৰুল ইছলাম আদিয়ে বাংলা ভাষা সাহিত্যকে সমৃদ্ধ কৰি তোলে। বাংলাৰ লোক সাহিত্যও সমৃদ্ধ; মৈমনসিংহ গীতিকাত ইয়াৰ পৰিচয় পোৱা যায়।

বাংলাদেশৰ সঙ্গীত বাণীপ্ৰধান; যন্ত্ৰসঙ্গীতৰ ভূমিকা সামান্য। গ্ৰাম্য বাংলাৰ লোক সংগীতৰ মাজত বাউল গান, জাৰি, সাৰি /ছাৰি, ভাওয়াইয়া, ভাটিয়ালি, মুৰ্ছিদী, গম্ভীৰা, কবিগান ইত্যাদি উল্লেখযোগ্য। গ্ৰামাঞ্চলৰ এই লোকসঙ্গীতৰ লগত বাদ্যযন্ত্ৰ হিচাবে মূলত: একতাৰা, দোতাৰা, ঢোল, বাঁহী ইত্যাদি ব্যবহাৰ কৰা হয়।

নৃত্যশিল্পৰ কেবাটাও শৈলী বাংলাদেশত প্ৰচলিত --উপজাতীয় নৃত্য, লোকজ নৃত্য, শাস্ত্ৰীয় নৃত্য, ইত্যাদি। দেশৰ গ্ৰামাঞ্চলত যাত্ৰাগানৰ (পালাগান) প্ৰচলন আছে। ঢাকা-কেন্দ্ৰিক চলচ্চিত্ৰ শিল্প উদ্যোগৰপৰা প্ৰতি বছৰে প্ৰায় ৮০-ৰপৰা ১০০ খন বাংলা চলচ্চিত্ৰ নিৰ্মিত হয়।[38]

বাংলাদেশত মুঠতে প্ৰায় ২০০-খন দৈনিক বাতৰি কাকত আৰু ১৮০০-খনতকৈও বেছি সাপ্তাহিক বা মাহেকীয়া পত্ৰিকা প্ৰকাশিত হয়। কিন্তু নিয়মিত ভাৱে পত্ৰিকা পাঠ কৰা পাঠকৰ সংখ্যা কম, মুঠ জনসংখ্যাৰ মাত্ৰ ১৫%। [39] গণমাধ্যমৰ ভিতৰত ৰেডিঅ' অঙ্গনে বাংলাদেশ বেতাৰ আৰু বিবিচি বাংলা জনপ্ৰিয়। চৰকাৰী টেলিভিছন সংস্থা বাংলাদেশ টেলিভিছনৰ উপৰিও বাংলাদেশৰপৰা ৫-টাতকৈ বেছি উপগ্ৰহভিত্তিক টেলিভিছন চেনেল সম্প্ৰচাৰিত হয়।

বাংলাদেশৰ ৰন্ধনপ্ৰণালীৰ লগত ভাৰতীয় আৰু মধ্য-প্ৰাচ্যৰ ৰন্ধনপ্ৰণালীৰ প্ৰভাৱ দেখা যায়। ভাত, দাইল আৰু মাছ বাংলাদেশীসকলৰ প্ৰধান খাদ্য, সেইবাবেই মাছে ভাতে বাঙালি বুলিও কোৱা হয়। দেশখনত ছানাৰ আৰু অন্যান্য প্ৰকাৰৰ মিঠাই, যেনে ৰসগোল্লা, চমচম বেছ জনপ্ৰিয়।

বাংলাদেশৰ নাৰীৰ প্নাৰধান পোছাক শাৰী। কমবয়সী ছোৱালীয়ে, বিশেষকৈ চহৰাঞ্চলত চেলোৱাৰ-কামিজ পৰিধান কৰা দেখা যায়। পুৰুষৰ প্ৰধান পোছাক লুঙ্গি (লুঙী), কিন্তু চহৰবিলাকত পাশ্চাত্যৰ পোছাক ছাৰ্ট-পেণ্ট প্ৰচলিত। বিশেষ অনুষ্ঠানত পুৰুষে পাঞ্জাবী-পায়জামা পৰিধান কৰে।

বাংলাদেশৰ প্ৰধান সামাজিক অনুষ্ঠান সমূহৰ মাজত আছে মুছলমান সকলৰ উৎসৱ ঈদুল ফিত্‌ৰ আৰু ঈদুল জোহা, আৰু হিন্দু সম্প্ৰদায়ৰ দূৰ্গা পূজা। বৌদ্ধসকলৰ প্ৰধান উত্সব বৌদ্ধ পূৰ্ণিমা, আৰু খ্ৰীস্টানসকলৰ বৰদিন। সাৰ্বজনীন উত্সৱৰ মাজত পহেলা বৈশাখ প্ৰধান। গ্ৰামাঞ্চলত নৱান্ন, পৌষ পাৰ্বণ ইত্যাদি লোকজ উৎসৱৰ প্ৰচলন আছে। স্বাধীনতা দিৱস, বিজয় দিৱস আৰু ভাষা আন্দোলনৰ স্মৃতিত ২১-ফেব্ৰুৱাৰী তাৰিখে শ্বহীদ দিৱস পালিত হয়।

ক্ৰিকেট আৰু ফুটবল বাংলাদেশৰ জনপ্ৰিয়তম খেল। ২০০০ চনত বাংলাদেশ ক্ৰিকেট দলে টেস্ট ক্ৰিকেট খেলাৰ মৰ্য্যদা লাভ কৰে। কাবাডি বাংলাদেশৰ জাতীয় খেল। অন্যান্য খেলাৰ মাজত হকী, হেন্ডবল, সাঁতোৰ আৰু দবা উল্লেখযোগ্য। এতিয়ালৈ ৪ জন বাংলাদেশী - নিয়াজ মোৰ্ছেদ, জিয়াউৰ ৰহমান, আবদুল্লাহ আল ৰাকিব আৰু ৰিফাত বিন সাত্তাৰ - এওঁলোকে দবাৰ আন্তৰ্জাতিক গ্ৰ্যান্ড মাস্টাৰ খিতাপ লাভ কৰিছে।[40][41]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Central Intelligence Agency (2011). "Bangladesh". The World Factbook. প্ৰকাশক Langley, Virginia: Central Intelligence Agency. https://www.cia.gov/library/publications/the-world-factbook/geos/bg.html। আহৰণ কৰা হৈছে: 2011-10-05. 
  2. Constitution of Bangladesh, Part V, Chapter 1, Article 66; University of Minnesota, retrieved: 2010-08-28
  3. Census 2011
  4. 4.0 4.1 4.2 4.3 "Bangladesh". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2014/01/weodata/weorept.aspx?pr.x=7&pr.y=4&sy=2012&ey=2015&scsm=1&ssd=1&sort=country&ds=.&br=1&c=513&s=NGDP_R%2CNGDP_RPCH%2CNGDP%2CNGDPD%2CNGDP_D%2CNGDPRPC%2CNGDPPC%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CPPPSH%2CPPPEX%2CNID_NGDP%2CNGSD_NGDP%2CPCPI%2CPCPIPCH%2CPCPIE%2CPCPIEPCH%2CTM_RPCH%2CTMG_RPCH%2CTX_RPCH%2CTXG_RPCH%2CLP%2CGGR%2CGGR_NGDP%2CGGX%2CGGX_NGDP%2CGGXCNL%2CGGXCNL_NGDP%2CGGXONLB%2CGGXONLB_NGDP%2CGGXWDG%2CGGXWDG_NGDP%2CNGDP_FY%2CBCA%2CBCA_NGDPD&grp=0&a=। আহৰণ কৰা হৈছে: 2014-06-18. 
  5. "Distribution of family income – Gini index". The World Factbook. CIA. https://www.cia.gov/library/publications/the-world-factbook/fields/2172.html। আহৰণ কৰা হৈছে: 2009-09-01. 
  6. "Human Development Report 2010. Human development index trends: Table G". The United Nations. http://hdr.undp.org/en/media/HDR_2010_EN_Complete.pdf। আহৰণ কৰা হৈছে: 2011-07-14. 
  7. 7.0 7.1 7.2 7.3 7.4 7.5 Baxter, C (1997). Bangladesh, From a Nation to a State. Westview Press. ISBN 0-8133-3632-5. 
  8. 8.0 8.1 সেন, অমৰ্ত্য (১৯৭৩). Poverty and Famines. অক্সফোৰ্ড ইউনিভাৰসিটি প্ৰেস. ISBN 0-19-828463-2. 
  9. Collins, L; D Lapierre (1986). Freedom at Midnight, Ed. 18. Vikas Publishers, New Delhi. ISBN 0-7069-2770-2. 
  10. Salik, Siddiq (1978). Witness to Surrender. Oxford University Press. ISBN 0-19-577264-4. 
  11. "Genocide in Bangladesh, 1971". Gendercide Watch. http://www.gendercide.org/case_bangladesh.html. 
  12. LaPorte, R (1972). "Pakistan in 1971: The Disintegration of a Nation". Asian Survey খণ্ড 12(2): 97-108. 
  13. White, M (November 2005). Death Tolls for the Major Wars and Atrocities of the Twentieth Century. http://users.erols.com/mwhite28/warstat2.htm#Bangladesh. 
  14. "The Bangladeshi holocaust". VirtualBangladesh.com. http://www.virtualbangladesh.com/history/holocaust.html. 
  15. Burke, S (1973). "The Postwar Diplomacy of the Indo-Pakistani War of 1971". Asian Survey খণ্ড 13 (11): 1036-1049. 
  16. 16.0 16.1 Mascarenhas, A (1986). Bangladesh: A Legacy of Blood. Hodder & Stoughton, London. ISBN 0-340-39420-X. 
  17. 17.0 17.1 "Constitutional Amendments". Banglapedia. Asiatic Society of Bangladesh. http://banglapedia.search.com.bd/HT/C_0336.htm। আহৰণ কৰা হৈছে: 2006-07-14. 
  18. Ali, A (1996). "Vulnerability of Bangladesh to climate change and sea level rise through tropical cyclones and storm surges". Water, Air, & Soil Pollution খণ্ড 92 (1-2): 171-179. 
  19. Summit Elevations: Frequent Internet Errors. Retrieved 2006-04-13.
  20. IUCN (1997). "Sundarban wildlife sanctuaries Bangladesh". World Heritage Nomination-IUCN Technical Evaluation. 
  21. CIA World Fact Book, 2005
  22. Local Government Act, No. 20, 1997.
  23. 23.0 23.1 23.2 "World Health Report 2005". World Health Organization. http://www.who.int/whr/2005/en/. 
  24. "Congressional Budget Justification - FY 2005". USAID. http://www.usaid.gov/policy/budget/cbj2005/ane/bd.html. 
  25. Nickson, R; J McArthur, W Burgess, KM Ahmed, P Ravenscroft, M Rahman (1998). "Arsenic poisoning of Bangladesh groundwater". Nature (6700): 338. 
  26. "2005 Human Development Report". UNDP. http://hdr.undp.org/statistics/data/countries.cfm?c=BGD. 
  27. 27.0 27.1 UNICEF: Bangladesh Statistics.
  28. Ahmed, A; C del Nino (2002). The food for education program in Bangladesh: An evaluation of its impact on educational attainment and food security, FCND DP No. 138. International Food Policy Research Institute. 
  29. Khandker, S; M Pitt, N Fuwa (2003). Subsidy to Promote Girls’ Secondary Education: the Female Stipend Program in Bangladesh. World Bank, Washington, DC. 
  30. "Jute". Banglapedia. Asiatic Society of Bangladesh. http://banglapedia.search.com.bd/HT/J_0135.HTM। আহৰণ কৰা হৈছে: 2006-07-14. 
  31. Roland, B (2005). "Bangladesh Garments Aim to Compete". BBC. http://news.bbc.co.uk/2/hi/south_asia/4118969.stm. 
  32. Rahman, S (2004). "Global Shift: Bangladesh Garment Industry in Perspective". Asian Affairs খণ্ড 26 (1). 
  33. Begum, N (2001). "Enforcement of Safety Regulations in Garment sector in Bangladesh". Proc. Growth of Garment Industry in Bangladesh: Economic and Social dimension. পৃষ্ঠা. 208-226. 
  34. Bangladesh - Country Brief, World Bank, July 2005
  35. "South Korea, Another `BRIC' in Global Wall". 2005-12-09. http://www.bloomberg.com/apps/news?pid=10000177&sid=aoJ4WG5LSf1s&refer=market_insight. 
  36. Annual Report 2004-2005, Bangladesh Bank
  37. Schreiner, Mark (2003). "A Cost-Effectiveness Analysis of the Grameen Bank of Bangladesh,". Development Policy Review খণ্ড 21 (3): 357-382. 
  38. Feature film in Banglapedia
  39. Newspapers and periodicals in Banglapedia
  40. দেশভিত্তিক পৰিসংখ্যান, ফিদে
  41. Rifat gets GrandMaster title, দি নিউ নেছন, জুলাই ৮, ২০০৬।

বহিঃসংযোগ[সম্পাদনা কৰক]

সাঁচ:সহপ্ৰকল্প-সংযোগছক

চৰকাৰ আৰু প্ৰশাসন সম্বন্ধীয়[সম্পাদনা কৰক]

অন্যান্য[সম্পাদনা কৰক]

আৰু চাওঁক[সম্পাদনা কৰক]

সাঁচ:দেশৰ নিবন্ধ