ধান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাউল
Rice p1160004.jpg
Nutritional value per ১০০ g (৩.৫ oz)
Energy ১,৫২৭ kJ (৩৬৫ kcal)
Carbohydrates 80 g
- Sugars 0.12 g
- Dietary fiber 1.3 g
Fat 0.66 g
Protein 7.13 g
Water 11.61 g
Thiamine (vit. B1) 0.0701 mg (6%)
Riboflavin (vit. B2) 0.0149 mg (1%)
Niacin (vit. B3) 1.62 mg (11%)
Pantothenic acid (B5) 1.014 mg (20%)
Vitamin B6 0.164 mg (13%)
Calcium 28 mg (3%)
Iron 0.80 mg (6%)
Magnesium 25 mg (7%)
Manganese 1.088 mg (52%)
Phosphorus 115 mg (16%)
Potassium 115 mg (2%)
Zinc 1.09 mg (11%)
Percentages are roughly approximated
using US recommendations for adults.
Source: USDA Nutrient Database

ধান(ইংৰাজী: Rice) বৈজ্ঞানিক ভাষাত উৰিজা ছেটিভা (Oryza sativa)৷ ধানৰ ইংৰাজী নাম Rice শব্দটো তামিল ভাষাৰ আৰিছি শব্দৰপৰা অহা৷ আৰবৰ বণিকে ভাৰতৰপৰা আৰিছি নিলে আৰু তাৰ নাম ৰাখিলে - আল ৰুজ (Ul-ruz)৷ কালক্ৰমত ইয়ে স্পেইনত হৈ পৰিল - আৰোজ (Arroz) আৰু গ্ৰীছত উৰিজা (Oriza)৷ ফৰাচীত ৰিজ (Riz),ইটালিত ৰিচো (Riso),জাৰ্মানত ৰেইজ (Reis) আৰু শেষত ইংলেণ্ডত ধান হৈ পৰিল ৰাইছ (Rice)৷ [1]

ইতিহাস[সম্পাদনা কৰক]

প্ৰায় ১৩০ নিযুত বছৰ আগেয়ে অন্য তৰু-তৃণৰ সৈতে পৃথিৱীত ধান গজি উঠাৰ প্ৰমাণ পোৱা যায়৷ ১৫,০০০ বছৰ পূৰ্বে ভাৱতবৰ্ষৰ উত্তৰ আৰু দক্ষিণ হিমালয়ৰ পাদ অঞ্চলত প্ৰাকৃতিকভাৱে ধান গজি উঠিছিল৷ কালক্ৰমত ই সিঁচৰিত হ'ল ভাৰতৰ উত্তৰ -পূব অঞ্চললৈ আৰু লাহে লাহে দক্ষিণ-পূব এচিয়া আৰু ঘাইকৈ চীনলৈ৷ জাপানীসকলে ধানৰ কঠীয়া ল'লে পূব চীনৰ পৰা ৩,০০০ বছৰ পূৰ্বে৷ খ্ৰিষ্টপূৰ্ব প্ৰায় ৫৪৩ বছৰ আগেয়ে ভাৰতীয় ধান গৈ মালয় আৰু জাভাত সোমাল৷ ১১ শতাব্দীৰ আশে-পাশে আৰব বনিকে ভাৰতৰপৰা ধান লৈ ইৰান আৰু ইজিপ্তত ব্যৱসায় কৰিলে৷ তাৰ পৰাই ধান সোমালগৈ স্পেইন আৰু ছিছিলত৷ নীল নদীৰ পাৰত ধানৰ খেতি আৰম্ভ হয় প্ৰায় ৬৩৯ খ্ৰিষ্টাব্দত৷ ইটালিত ধানৰ প্ৰবেশ ১৪৫৮ খ্ৰিষ্টাব্দত৷ ইটালিৰ পৰাই ধান ক্ৰমে বুলগেৰিয়া,যুগোশ্লাভিয়া আৰু ৰোমানিয়ালৈ সম্প্ৰসাৰিত হ'ল৷ আমেৰিকাত ধানৰ প্ৰথম প্ৰবেশ ১৬০৯ খ্ৰিষ্টাব্দত৷ আজি এণ্টাৰ্কটিকাৰ বাহিৰে প্ৰায় সমগ্ৰ বিশ্বতে ধানৰ শস্যৰ সিঁচৰিত৷[1]

Oryza sativa, commonly known as Asian rice

এচিয়া মহাদেশৰ পটভূমিত ধান[সম্পাদনা কৰক]

  • বিশ্বৰ ৯৮ শতাংশ ধান উৎপাদন হয় এচিয়া মহাদেশত৷
  • বিশ্বৰ ৯১ শতাংশ উৎপাদিত ধানৰ চাউল খাদ্য হিচাপে ব্যৱহাৰ হয় এছিয়ান লোকসকলৰ মাজত৷
  • পৃথিৱীৰ তিনিখন জনবহুল দেশ চীন,ভাৰত আাৰু ইণ্ডোনেছিয়াৰ বাসিন্দাসকলৰ মূল খাদ্য হ'ল ধানৰ পৰা উৎপাদিত খাদ্য সামগ্ৰী৷
  • এছিয়াৰ প্ৰায় এক নিযুত লোকে ধান খেতিৰ ওপৰত জীৱন নিৰ্বাহ কৰে৷
  • এছিয়ান মানুহ ৰ খাদ্য তালিকাৰ শতকৰা ৭০ ভাগ কেল'ৰি আহে ধানৰপৰা প্ৰস্তুত খাদ্যৰপৰা৷

ভাৰতৰ ধান[সম্পাদনা কৰক]

  • বৈদিক যুগত ভাৰতত প্ৰায় ৪০,০০০ বিধ ধানৰ প্ৰজাতি পোৱা গৈছিল৷
  • ধান শস্যৰ বিশেষজ্ঞ ড° ৰিছাৰিয়াই মধ্যপ্ৰদেশছত্তিছগড় অঞ্চলৰপৰাই ২০,০০০ বিত ধান সংগ্ৰহ কৰিছিল৷
  • ভাৰতীয় মূলৰ ধান সাধাৰণতে কীটবিৰোধী আৰু ৰাসায়নিক সাৰ প্ৰয়োগ অবিহনে বাঢ়ন ক্ষমতাসম্পন্ন৷
  • ভাৰতত ধান আৰু ধানৰপৰা উৎপাদিত খাদ্য পৰম্পৰাগত সংস্কৃতিৰ সৈতেও যুক্ত৷
  • ভাৰতীয় ধান উৎপাদনৰ শতকৰা ৭৫ ভাগেই আহে ১০ বিধ ধানৰপৰা৷[1]

ভাৰতবৰ্ষত প্ৰধানকৈ চাৰিবিধ ধানৰ খেতি কৰা হয়৷ যেনে - শালিধান,আহুধান,বাওধান আৰু বড়োধান৷

শালিধান : শালিধান সচৰাচৰ আহাৰ-শাওন মাহৰ আৰম্ভনিতে ৰোৱা হয় আৰু কাতি আঘোন মাহত চপোৱা হয়৷ শালিধান কেইবা বিধৰো আছে৷ ঠাই বিশেষে মাটিৰ উৰ্বৰতা আৰু জলবায়ু অনুযায়ী বেলেগ বেলেগ শালিধানৰ খেতি কৰা হয়৷ ভাৰতবৰ্ষৰ মুঠ উৎপাদিত ধানৰ ২ অংশ শালিধান৷ শালিধানৰ খেতিয়ে বেছি সময় লয়৷ এই খেতি দ্বি-ৰোপণ পদ্ধতিৰে কৰা হয়৷ এই খেতি প্ৰধানকৈ গ্ৰীষ্মকালত পানীৰে উপচি পৰা নিম্নভূমি অঞ্চলত কৰা হয়৷

আহুধান : চ'ত বহাগ মাহত অৰ্থাৎ বাৰিষাৰ ঠিক আগে আগে চহ কৰি এইবিধ ধান সিঁচি দিয়া হয়৷ আহাৰ শাওন মাহত আহুধান চপাব পৰা হয়৷ আহুধানৰ খেতিত আৰম্ভণিতে শালিধানৰ দৰে অধিক বৃষ্টিপাতৰ প্ৰয়োজন নহয়৷ কিন্তু মাজে মাজে দুই এজাক কিনকিনিয়া বৰষুণৰ প্ৰয়োজন৷ বৰষুণ একেবাৰে নহ'লে আহুধানৰ বীজ শুকাই যায়৷ আহুধানৰ বাবে ওখ মাটিৰ প্ৰয়োজন৷ এই খেতি জলসিঞ্চন পদ্ধতিৰেও কৰা হয়৷ আহুধানৰ গড় উৎপাদন শালিধানতকৈ কম৷ এই ধানৰ চাউল শালিধানৰ চাউলতকৈ মোটা আৰু ৰঙা৷ সেয়ে ইয়াৰ চাহিদা কিছু কম৷

বড়োধান : এই ধানৰ খেতি পানী জমা হোৱা দ-ঠাইত কৰা হয়৷ এই খেতি শীতকালত কৰা হয়৷ পুহমাহৰ শেষত বা মাঘমাহৰ আৰম্ভণিতে বীজ সিঁচি মাঘমাহৰ শেষত বা ফাগুণ মাহত ধান ৰুই বহাগ মাহৰ শেষত বা জেঠ মাহত ধান কটা হয়৷ বড়ো ধানৰ খেতিৰ কাৰণে বেছি দীঘলীয়া দিনৰ প্ৰয়োজন নহয়৷ পিতনি,খাল,বিল আদিৰ কাষৰীয়া দ ঠাই চহাই বড়োধানৰ খেতি কৰা হয়৷ বৰ্তমান অগভীৰ নলী নাদেৰে (Shallow Filter) পানী যোগান ধৰি কিছু ওখ আৰু চৰচাপৰি এলেকাতো বহুলভাৱে বড়োধানৰ খেতি কৰিবলৈ লৈছে৷

বাওধান : বাওধানৰ বাবে শালিধানৰ দৰেই দ মাটিৰ প্ৰয়োজন৷ পিতনি,হোলা বা সদায় পানী বন্ধ হৈ থকা ঠাইৰ ওচৰে-পাজৰে এই ধান ৰোৱা হয়৷ বাওধানৰ খেতিৰ কাৰণে সময় বেছি লাগে৷ সাধাৰণতে আঘোন মাহৰ শেষৰ পৰা পুহ মাহৰ শেষলৈকে এই ধান কাটিব পাৰি৷ এই ধানৰ উৎপাদন কিছু কম৷

উত্তৰ প্ৰদেশ,পশ্চিমবংগ,বিহাৰ,উৰিষ্যা,ব্ৰহ্মপুত্ৰ উপত্যকা,ত্ৰিপুৰা,গোদাবৰী,কৃষ্ণা আৰু কাবেৰী নদীৰ ব-দ্বীপ অঞ্চলত জলসিঞ্চনৰ দ্বাৰা প্ৰচুৰ ধান খেতি কৰা হয়৷ কাবেৰী নদীৰ ব-দ্বীপত বেছি ধান খেতি হয় বাবে ইয়াক দাক্ষিণাত্যৰ ধানৰ ভৰাল বুলি কোৱা হয়৷ পাহাৰীয়া ঠাইবিলাকতো ঝুম আৰু বেদিকা কৃষি কৰি ধান উৎপাদন কৰা হয়৷ [2]

অসমৰ থলুৱা জাতৰ ধান[সম্পাদনা কৰক]

মাণিকীমধুৰি,ভোগজহা,ৰামপাল জহা,কৃষ্ণজহা,ফুটুকী আহিনী,পছাৰভোগ,টঙাপাছি,বদ্ধনা,গুজুৰি,পেটপাখৰী,কেকোৱা,মইনাগিৰী,বৰা,বোকা,কলমদানি আদি৷

দক্ষিণ কামৰূপৰ থলুৱা জাতৰ ধান[সম্পাদনা কৰক]

  1. বৰাধান : গুৱাহটীয়া বৰা,নল বৰা,গাৰো বৰা,খোপাৰাঙি বৰা আদি৷
  2. জহা ধান : মাণিকীমধুৰি জহা,ভোগ জহা,কৃষ্ণ জহা,ৰামপাল জহা,ভুবুৰী জহা (শুং থকা) আদি৷
  3. বদ্ধনা ধান : হাতীমাল বদ্ধনা,জুৰ বদ্ধনা,শিলগুৰি বদ্ধনা বা শিলগুটি বদ্ধনা৷
  4. গুজুৰি ধান :মণি গুজুৰি,ৰঙা গুজুৰি,বগা গুজুৰি আদি৷ [3]


ধানৰ পেটেণ্ট[সম্পাদনা কৰক]

  • ধান শস্যৰ সম্পূৰ্ণ জিন'মৰ অধিকাৰী হ'ল আমেৰিকাৰ কোম্পানি "মিৰিয়াড জেনেটিক্স" (Myriad geneties) আৰু ছুইজাৰলেণ্ডৰ কোম্পানি "ছিনজেণ্টা" (Syngenta)৷
  • সম্প্ৰতি বিশ্বত উচ্চ চাহিদা থকা "সোনালী ধান"ৰ (Golden Rice) পেটেণ্ট আছে পশ্চিমীয়া দেশৰ হাতত৷
  • ১৬০৯ খ্ৰিষ্টাব্দত প্ৰথম ধানৰ সম্ভেদ পোৱা আমেৰিকা হ'ল সাম্প্ৰতিক কালত ধান ৰপ্তানি কৰা প্ৰথম স্থানৰ দেশ৷
  • ভাৰতীয় সুগন্ধি বাচমতি ধানৰ পেটেণ্ট আমেৰিকাৰ কোম্পানি 'ৰাইছ টেক'ৰ (Rice Tec) অধীনত৷[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 অজিত দেৱশৰ্মা (১ -১৫ ডিছেম্বৰ ২০১৩). "ধানৰ পথাৰত বিজ্ঞান,অৰ্থনীতি,ৰাজনীতি". প্ৰান্তিক খণ্ড ৩৩শ বছৰ (১ম সংখ্যা): পৃষ্ঠা ২৮. 
  2. উচ্চতৰ মাধ্যমিক ভূগোল বিজ্ঞান" দ্বিতীয় খণ্ড (দ্বিতীয় বাৰ্ষিকৰ বাবে),লেখকদ্বয় - ড° লোকেশ্বৰ নাথ আৰু ড° চাৰু চহৰীয়া নাথ৷ প্ৰকাশক - স্বস্ত্যয়ন বুক ষ্টল,খাৰুপেটীয়া (দৰং)৷
  3. মনীষ বড়ো (১৬ -৩১ জানুৱাৰি ২০১৪). "দক্ষিণ কামৰূপৰ থলুৱা ধানৰ সন্ধানত". প্ৰান্তিক খণ্ড ৩৩শ বছৰ (৪ৰ্থ সংখ্যা): পৃষ্ঠা ২৬. 

লগতে পঢ়ক[সম্পাদনা কৰক]

  • Watson, Andrew (1983). Agricultural innovation in the early Islamic world. Cambridge University Press. ISBN 0-521-06883-5. 
  • The genetic wonder of Thai rice. Plan Motif Publisher. 1998. পৃষ্ঠা. 110. 
  • The genetic wonder of Thai rice. Plan Motif Publisher. 1998. পৃষ্ঠা. 110. 
  • Science and technology with Thai rice, National center for genetic engineering. The plublic information department. 2003. পৃষ্ঠা. 30. 
  • The ecology of life. Plan Motif Plubisher. 1998. পৃষ্ঠা. 44. 
  • The genetic wonder of Thai rice. Plan Motif Publisher. 1998. পৃষ্ঠা. 45. 
  • The genetic wonder of Thai rice. Plan Motif Publisher. 1998. পৃষ্ঠা. 110. 
  • The genetic wonder of Thai rice. Plan Motif Publisher. 1998. পৃষ্ঠা. 45. 
  • The genetic wonder of Thai rice. Plan Motif Publisher. 1998. পৃষ্ঠা. 45. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]