অসম
From Wikipedia
অসম ভাৰতৰ উত্তৰ-পূবত অৱস্থিত এখন ৰাজ্য। অসমৰ চাৰিসীমাত থকা ৰাজ্যকেইখন হৈছে অৰুনাচল প্ৰদেশ,নগাভূমি, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু পশ্চিমবংগ। তদুপৰি ভূটান আৰু বাংলাদেশো অসমৰ সীমাত অৱস্থিত।
| অসমৰ বিষয়ে কিছু তথ্য | ||||||||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
|
||||||||||||||||||||||||
সূচী |
[edit] অসম নামৰ উত্পত্তি
অসমৰ নাম মহাভাৰতৰ দৰে পুৰণি হিন্দু গ্ৰন্থসমূহত প্ৰাগজ্যোতিষপুৰ বুলি উল্লেখ কৰা হৈছিল। তদুপৰি ভাৰতীয় মধ্যযুগৰ আৰম্ভনিলৈকে অসম কামৰূপ ৰাজ্য বুলি জনাজাত আছিল। ১২শ শতাব্দীত কামৰূপ ৰাজ্যৰ পতনৰ পিছত পূৰ্বৰ পৰা প্ৰব্ৰজন কৰা শানসকলে এই ভূমি অধিকাৰ কৰে। শানসকলে নিজকে টাই বুলি পৰিচয় দিছিল যদিও তেওঁলোক আহোম হিচাপেহে অধিক পৰিচিত হৈ উঠিল। আহোমসকলে প্ৰায় ৬০০ বছৰ অসমত ৰাজত্ব কৰে। পণ্ডিতপ্ৰৱৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ ভাষাৰে [১]-
যদিও শানমকলে নিজৰ পৰিচয় টাই বুলি দিছিল, তেওঁলোকক ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ মাজত আসাম, আসম আৰু কেতিয়াবা অচম হিচাপে জনাজাত আছিল। নতুন অসমীয়া শব্দ আহোম, যাৰ দ্বাৰা আজিৰ টাইসকলক জনা যায়, আসাম অথবা আসমৰ পৰা উত্পত্তি হোৱা । কালক্ৰমত শাসকসকলৰ কাৰণে প্ৰয়োগ কৰা নাম ৰাজ্যৰ নামলৈ পৰিবৰ্তিত হ'ল। কামৰূপৰ নাম সলনি হৈ প্ৰথমে আসাম আৰু পিছলৈ সংস্কৃতকৰণৰ ফলত অসম হয়গৈ যাৰ অৰ্থ হ'ল "অসমকক্ষ, অসমান বা অসমান্তৰাল" [২]=
[edit] পুৰণি লিখিত তথ্য
[edit] নতুন নামাকৰণ
[edit] ভৌগলিক অৱস্থিতি
[edit] জলবায়ু
[edit] জনগাঁথনি
[edit] বুৰঞ্জী
[edit] প্ৰাগৈতিহাসিক অসম
[edit] পুৰণি আৰু মধ্যযুগীয় অসম
[edit] ইংৰাজৰ অধীনত অসম
[edit] স্বাধীনোত্তৰ কালৰ অসম
[edit] ভাষা
অসমীযা হল প্ৰধান্ ভাষা | ইযাৰ বাহিৰে বডো, বঙালী, বহুল ভাবে প্ৰচলিত | মিচিঙ্, কছাৰী, কাৰৃবি, ৰাভা, দিমাচা আদিও প্ৰচলিত |
[edit] সংস্কৃতি
[edit] গামোচা
[edit] তামুল, পান, গামোচা শৰাই
[edit] বিহু
সকলো জাতিৰ মানুহৰে কিছুমান স্বকীয় উত্সৱ আছে ৷ অসমীয়াসকলৰো তেনে উত্সৱৰ ভিতৰত বিহু উত্সৱ প্ৰধান৷ সংস্কৃত 'বিষুবত' শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে৷ বৈদিক 'বিষুবন' পদৰ অৰ্থৰ পৰিসৰে এবছৰ ব্যাপী অনুষ্ঠিত হোৱা 'সত্ৰ' বা 'যজ্ঞ'ৰ মাজৰ দিনটোক বুজায় অৰ্থাত দিন আৰু ৰাতিৰ সমান হোৱা দিনটোৱেই 'বিষুবত' ৰূপে পৰিচিত৷ এই দিনটোতেই 'গৰু-ম'হ' আদিৰ সংগ্ৰহৰ অৰ্থে আৰু পোহনিয়া জন্তুৰ মংগল কামনা কৰি সূৰ্য্যদেৱতাক স্তুতি কৰা হৈছিল৷ অসমীয়া ভাষাত প্ৰচলিত বিহু (বিহু 'সং বিষু) পদটিৰ প্ৰকাৰ্য্যৰ লগত বৈদিকৰ 'বিষুবন' পদৰ মিল লক্ষ্য কৰা যায়৷ যিহেতু বিহু উত্সৱতো বিভিন্ন ধৰ্মীয়কৃত্য উদযাপিত হোৱাৰ উপৰিও গৰু-ম'হ আদি পোহনিয়া জন্তুৰ মংগল আৰু কল্যাণ কামনা কৰি অগ্নি আদি দেৱতাক প্ৰাৰ্থনা কৰা হয়৷ অসমীয়া বিহু মূলত তিনিটা, ৰঙালী বিহু, কঙালী বিহু, আৰু ভোগালী বিহু৷
[edit] সংগীত
[edit] তীৰ্থস্থান
[edit] অৰ্থনীতি
[edit] কৃষি
[edit] চাহ-উদ্যোগ
[edit] তেল-উদ্যোগ
[edit] অসমৰ সমস্যা
ভাৰতবৰ্ষৰ পূবকোণত অৱস্থিত এসময়ৰ প্ৰাগজ্যোতিষপুৰ আজিৰ অসমত বৰ্তমান বিভিন্ন সমস্যাই গা কৰি উঠিছে৷ দিনে দিনে বৃদ্ধি পাই অহা নানান সমস্যাই অসমৰ উন্নতিত তিবন্ধকতাৰ সৃষ্টি কৰিছে৷ যাৰ বাবে আজি অসমৰ বুকুত সকলো থকাৰ পিছতো অসম অন্যান্য ৰাজ্যৰ তুলনাত বহু ক্ষেত্ৰতে পিছ পৰি আছে৷ অসমৰ প্ৰধান সমস্যা সমূহৰ ভিতৰত (১) নিবনুৱা সমস্যা (২) বানপানী সমস্যা (৩) বিদেশী সমস্যা (৪) উগ্ৰপন্থী সমস্যা (৫)খাদ্য সমস্যা৷ মূলত এই পাঁচটাই অসমৰ প্ৰধান সমস্যা যদিও ইয়াৰ বাহিৰেও অসমৰ উন্নতিত সম্পদৰ উচিত ব্যৱহাৰ নোহোৱা, চৰকাৰৰ বহু ক্ষেত্ৰত উদাসীনতা আৰু যোগ্য ব্যক্তিৰ নিয়োগ নোহোৱায়েও সমস্যাসমূহৰ লগত মিলি অনেক বাধাৰ সৃষ্টি কৰি আহিছে৷
[edit] বিতং তথ্যৰ বাবে চাওক
- অসম বুৰঞ্জী
- অসমীয়া ভাষা
- আহোম
- আহোম সাম্ৰাজ্য
- চৰ্যাপদ
- বড়ো জনগোষ্ঠী
- বড়ো ভাষা
- মিচিং
- কাৰ্বি
- অসমীয়া খাদ্যাভাস
- অসমৰ অৰ্থনীতি
- অসমৰ সংগীত

