অসম
| অসম | |
| — ৰাজ্য — | |
|
Location of অসম
|
|
| স্থানাঙ্ক | |
| দেশ | |
| জিলা | ২৭ |
| Established | ১৫ আগষ্ট ১৯৪৭ চন |
| ৰাজধানী | দিছপুৰ |
| মহানগৰ | গুৱাহাটী |
| ৰাজ্যপাল | জানকী বল্লভ পাটনায়ক |
| মুখ্যমন্ত্ৰী | তৰুণ গগৈ |
| বিধানসভা (আসন) | Unicameral (১২৬) |
| জনসংখ্যা • ঘনত্ব |
2,66,55,528 (১৪তম) • 340 /km2 (881 /sq mi) |
| চৰকাৰী ভাষা | অসমীয়া |
|---|---|
| সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰীনউইছ মান সময়+০৫:৩০) |
| মাটিকালি | >78438 km2 (30285 sq mi) |
| ISO 3166-2 | IN-AS |
| ৱেবছাইট | assam.gov.in |
| অসমৰ মোহৰ | |
অসম (ইংৰাজী: Assam) [Asom] (
শুনক) ভাৰতৰ উত্তৰ-পূবত অৱস্থিত আৰু সাংস্কৃতিক আৰু ভৌগোলিক ভাৱে এখন স্বতন্ত্ৰ ৰাজ্য। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিল৷ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়৷ ভাৰতৰ স্বাধীনতা আন্দোলনত অসমে সহযোগ কৰে আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসম ভাৰতৰ অধীন হৈ পৰে৷ অসমৰ ৰাজধানী হৈছে দিছপুৰ৷ অসম ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যাকাৰ লগতে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পৰ্বতক সামৰি ৩০,২৮৫ বৰ্গমাইল (৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ[1]) জুৰি আছে৷ অসমক সাত ভনীৰ বাকী ছয়খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আৰু মেঘালয় আৱৰি আছে৷ আনহাতে অন্য এখন ৰাজ্য পশ্চিমবংগ অসমৰ লগত সংযোগ হৈ আছে। অসম ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰে যুক্ত হৈ দক্ষিণ-পূৱ-এছিয়াৰ বিভিন্ন সাংস্কৃতিক সমল আহৰণ কৰিছে৷
সূচী |
[সম্পাদনা কৰক] অসম নামৰ উৎপত্তি
অসম নামটোৰ উৎপত্তি সম্বন্ধে সঠিককৈ ক'ব নোৱাৰি৷ পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্য নামেৰে প্ৰসিদ্ধ আছিল৷ ত্ৰয়োদশ শতিকা মানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত 'অসম' নামটোৰ প্ৰচলন হয়৷ আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অছম, আছাম, অসম, আসম, আসাম, অহম, আহম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়৷
অসম নামৰ উৎপত্তি সম্বন্ধে কোনো কোনো পণ্ডিতে মত পোষণ কৰে যে, এই ভূখণ্ড পৰ্বত-পাহাৰেৰে অসমান হোৱা বাবে ইয়াৰ নাম অসম হ'ল৷ আনহাতে প্ৰাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো নাই বাবে অসমৰ নাম 'অ-সম' হ'ল৷ আন কোনো কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবেই আহোম শব্দটোৰ পৰা অসম হ'ল৷[2] আহোমসকলে নিজকে টাই বুলি পৰিচয় দিছিল যদিও তেওঁলোক আহোম হিচাপেহে অধিক পৰিচিত হৈ উঠিল। আহোমসকেল প্ৰায় ৬০০ বছৰ অসমত ৰাজত্ব কৰে। পণ্ডিতপ্ৰৱৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ ভাষাৰে [3]-
যদিও শানসকলে নিজৰ পৰিচয় টাই বুলি দিছিল, তেওঁলোকক ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ মাজত আসাম, আসম আৰু কেতিয়াবা অচম হিচাপে জনাজাত আছিল। নতুন অসমীয়া শব্দ আহোম, যাৰ দ্বাৰা আজিৰ টাইসকলক জনা যায়, আসাম অথবা আসমৰ পৰা উত্পত্তি হোৱা । কালক্ৰমত শাসকসকলৰ কাৰণে প্ৰয়োগ কৰা নাম ৰাজ্যৰ নামলৈ পৰিবৰ্তিত হ'ল। কামৰূপৰ নাম সলনি হৈ প্ৰথমে আসাম আৰু পিছলৈ সংস্কৃতকৰণৰ ফলত অসম হয গৈ যাৰ অৰ্থ হ'ল "অসমকক্ষ, অসমান বা অসমান্তৰাল" [4]
পণ্ডিত বেডেন পাৱেলে তেওঁৰ The Indian village community নামৰ গ্ৰন্থত অসম নামটো এই ভূখণ্ডৰ আদিম জনগোষ্ঠী বড়োসকলৰ ছো-ছাম (নিম্নভূমি বা সমভূমি) শব্দৰ পৰা আহিছে বুলি কৈছে৷[5]
[সম্পাদনা কৰক] নতুন নামকৰণ
অসম ইংৰাজৰ হাতলৈ যোৱাৰ পাছৰ পৰা আছাম আৰু আসাম শব্দ দুটা প্ৰচলিত হৈ পৰে আৰু শেষত এই ভূখণ্ড অসম আৰু ইয়াত বাস কৰা অধিবাসীসকলক অসমীয়া বোলা হ'ল৷ ইংৰাজসকলেই অসম বা আসামক ইংৰাজীলৈ Assam বুলি লিপ্যন্তৰ কৰে৷[6] বৰ্তমান অসম বানানটো ইংৰাজীত AXOM বা ASOM বুলি লিখা হয় যদিও Assam বানানটোও প্ৰচলিত৷[7]
[সম্পাদনা কৰক] ভৌগোলিক অৱস্থিতি
অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিল'মিটাৰ । ই ভাৰতৰ এখন মজলীয়া আকাৰৰ ৰাজ্য । অসমখনক প্ৰধানকৈ তিনিটা ভৌগলিক অঞ্চলত ভাগ কৰিব পাৰি । ৰাজ্যখনৰ উত্তৰ অংশ জুৰি আছে :- (১) ব্ৰক্ষ্মপুত্ৰ সমতল আৰু দক্ষিণ অংশত আছে (২) বৰাক সমতল। এই দুখন সমতলৰ মাজত অৰ্থাৎ মাজভাগত এখন। (৩) উচ্চভূমি অঞ্চল আছে।
(১) ব্ৰক্ষ্মপুত্ৰ সমতল: পূবে তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰপৰা পশ্চিমে ধুবুৰী জিলাৰ ধুবুৰী মহকুমালৈ এই সমতলখনত ১৮ খন প্ৰশাসনিক জিলা আছে। ইয়াৰ বাহিৰেও সমতলখনত সদ্যগঠিত ৪ খন বড়োলেণ্ড জনজাতীয় স্বায়ত্তশাসিত জিলা আছে। সেইকেইখন হৈছে ওদালগুৰি, বাক্সা আৰু চিয়াং। ই এখন বৃহত সমতল । পূৱৰপৰা পশ্চিমলৈ ইয়াৰ দৈঘ্য প্ৰায় ৭২০ কিলোমিটাৰ আৰু উত্তৰৰপৰা দক্ষিণলৈ ই গড়ে ৮০ কিলোমিটাৰমান বহল। সমতলখনৰ এটা মন কৰিবলগীয়া ভূ-প্ৰকৃতি হৈছে এই যে পূৱৰপৰা পশ্চিমলৈ ইয়াৰ ঢাল অতি কম । এই সমতলখনেদি উত্তৰৰ হিমালয় আৰু দক্ষিণৰ নগাপাহাৰ, কাৰ্বিপাহৰ, উত্তৰ কাছাৰ পাহাৰ আৰু মেঘালয়ৰপৰা প্ৰায় ৪০ খন ডাঙৰ উপনৈ আহি ব্ৰক্ষ্মপুত্ৰত পৰিছেহি। উত্তৰপাৰৰ প্ৰধান উপনৈ হৈছে- সোৱণশিৰি, ৰঙানৈ, ডিক্ৰং, বুৰৈ, বৰগাং, জীয়া ভৰলু, গাভৰু, জীয়া ধনশিৰি, বৰনদী, পাগলাদিয়া, মানস, চম্পাৱতী, সৰলভাগা, গদাধৰ, সোণকোষ আদি। দক্ষিণ পাৰৰ ঘাই উপনৈসমূহ হৈছৈ- ডিব্ৰু, ডিগাৰু, বুঢ়ীদিহিং, দিছাং, দিখৌ, জাঁজী, ভোগদৈ, কাকডোঙা, ধনশিৰি, কলং, কপিলী, কুলসী, দুধনৈ, কৃষ্ণাই, জিনৰী, জিঞ্জিৰাম আদি।
[সম্পাদনা কৰক] জলবায়ু
অসমৰ জলবায়ু ঘাইকৈ গৰম আৰু সেমেকা মৌচুমী জলবায়ু৷ দাক্ষিণাত্যৰ পশ্চিম উপকূল, দক্ষিণ আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ উপকূল অঞ্চলৰ লগত অসমৰ জলবায়ুৰ মিল আছ৷ অসমৰ জলবায়ুত জলীয় ভাপৰ মাত্ৰা অধিক৷ অসমৰ জলবায়ুক (ক) শীত (খ) প্ৰাক মৌচুমী (গ) মৌচুমী আৰু (ঘ) উত্তৰ মৌচুমী এই চাৰিভাগত ভগাব পাৰি৷ নৱেম্বৰ-জানুৱাৰী : শীত, ফেব্ৰুৱাৰী-এপ্ৰিল : প্ৰাক মৌচুমী, মে'-জুলাই : মৌচুমী, আগষ্ট-অক্টোৱৰ : উত্তৰ মৌচুমী৷ অসমৰ গৰমৰ মাত্ৰা ভাৰতৰ অন্যান্য স্থানতকৈ তুলনামূলকভাৱে কম৷ শীতকালতো জাৰৰ মাত্ৰা তীব্ৰ নহয়৷[8]
[সম্পাদনা কৰক] জনগাঁথনি
[সম্পাদনা কৰক] বুৰঞ্জী
মূল প্ৰবন্ধ: অসম বুৰঞ্জী
[সম্পাদনা কৰক] প্ৰাগঐতিহাসিক অসম
বিভিন্ন আখ্যান, কিংবদন্তি আৰু সিঁচৰতি হৈ থকা প্ৰাচীন স্মৃতিচিহ্নৰ সম্ভেদ মতে মহীৰংগ দানৱ প্ৰাচীন অসমৰ ৰজা আছিল আৰু পিছলৈ তেওঁৰ বংশৰ (দানৱ বংশ) ক্ৰমে হটকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামেৰে তিনিজন ৰজাই ৰাজত্ব কৰিছিল৷ দানৱ বংশৰ পাছত ঘটকাসুৰ সিংহাসনত বহে আৰু এটা নতুন বংশৰ পাতনি মেলে৷ ঘটকাসুৰক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা হয়৷ নৰকাসুৰৰ ৰাজ্যৰ সীমা পূ্ৱে ডিক্ৰঙৰ পৰা পশ্চিমে কৰতোৱালৈকে বিস্তৃত আছিল৷ নৰকৰ অত্যাচাৰ আৰু দৌৰাত্ম্য বাঢ়ি অহাত শ্ৰীকৃষ্ণই নৰকক বধ কৰে আৰু পুত্ৰ ভগদত্তক প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতে৷ ভগদত্তৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ বজ্ৰদত্ত কামৰূপৰ ৰজা হয়৷ নৰকাসুৰৰ মৃত্যুৰ পিছত তেওঁৰ বংশতেই ১৮ পুৰুষলৈকে প্ৰাগজ্যোতিষত ৰাজত্ব কৰাৰ কথা পোৱা যায়৷
প্ৰাচীন কালত প্ৰাগজ্যোতিষ ৰাজ্যৰ বাহিৰেও অসমত ডবকা (নগাঁও), কদলি (নগাঁও), মণিপুৰ , হিড়িম্বা আৰু ত্ৰিপুৰা নামৰ কেইখনমান ৰাজ্য থকাৰ কথা পোৱা যায়৷ পুৰণি অসমত ৰাজত্ব কৰা অন্যান্য ৰজাৰ ভিতৰত কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্যৰ ৰজা ভীষ্মক, শোণিতপুৰৰ বাণৰজা, নৰশংকৰ বা নাগাক্ষ ৰজা, দেৱেশ্বৰ অন্যতম৷[9]
[সম্পাদনা কৰক] পুৰণি আৰু মধ্যযুগীয় অসম
অসমৰ প্ৰাচীন নাম অসম নাছিল৷ মহাভাৰতত এই ভূখণ্ডৰ নাম প্ৰাগজ্যোতিষ বুলি উল্লেখ আছে৷ প্ৰাগজ্যোৰিষৰ সীমা পশ্চিমে কৰতোৱা নদী (বৰ্তমান বাংলাদেশত) আৰু দক্ষিণে বংগোপসাগৰলৈ বিস্তৃত থকাৰ কথা পোৱা যায়৷ কামৰূপত বৰ্মন বংশ প্ৰতিষ্ঠাৰ পৰাই পুৰণি কামৰূপ ৰাজ্যৰ প্ৰকৃত ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হয়৷ প্ৰাচীন কামৰূপ ৰাজ্যৰ যিসকল ৰজাৰ বিষয়ে নিৰ্ভৰযোগ্য ঐতিহাসিক সমল পোৱা গৈছে তেওঁলোকৰ ভিতৰত পুষ্য বৰ্মনেই (৩৫০-৩৮০ খ্ৰী.) প্ৰথম আৰু সেয়ে তেওঁ প্ৰথম ঐতিহাসিক ৰজা বোলা হয়৷ তেওঁৰ পিছত ক্ৰমে সমুদ্ৰ বৰ্মন (আনুমানিক ৩৮০-৪০৫/৪১০ খ্ৰী.), বল বৰ্মন (আ. ৪০৫-৪২০ খ্ৰী.), কল্যাণ বৰ্মন (৪২০-৪৪০), গণপতি বৰ্মন (৪৪০-৪৫০), মহেন্দ্ৰ বৰ্মন (৪৫০-৪৮৫), নাৰায়ণ বৰ্মন (আনু. ৪৮৫-৫১০ খ্ৰী.), ভূতি বৰ্মন (আনু. ৫১০-৫৫০ খ্ৰী.), চন্দ্ৰমুখ বৰ্মন, স্থিতি বৰ্মন (৫৬৫-৫৮৫ খ্ৰী.), সুস্থিত বৰ্মন (আনু. ৫৮৫-৫৯৩ খ্ৰী.) আৰু সুপ্ৰতিষ্ঠিত বৰ্মনে (৫৯৩-৫৯৪ খ্ৰী.) কামৰূপ শাসন কৰাৰ পিছত সুপ্ৰতিষ্ঠিত বৰ্মনৰ দ্বিতীয় পুত্ৰ ভাস্কৰ বৰ্মন (আনু. ৫৯৪-৬৫০ খ্ৰী.) কামৰূপৰ ৰজা হয়৷ সিংহাসনত আৰোহন কৰিয়েই তেওঁ নতুন চন ভাস্কৰাব্দ বা কামৰূপী চন প্ৰৱৰ্তন কৰে৷ ভাস্কৰ বৰ্মন অবিবাহিতা হোৱা বাবে তেওঁৰ মৃত্যুৰ পিছতে (আনু. ৬৫০ খ্ৰী.) বৰ্মন বংশৰ ইতি পৰে৷
বৰ্মন বংশৰ পিছত কামৰূপত শালস্তম্ভ নামৰ এজন বিষয়াই সিংহাসন অধিকাৰ কৰে আৰু নিজৰ নাম অনুসৰি "শালস্তম্ভ" নামেৰে এটি নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰে৷ শালস্তম্ভ বংশৰ প্ৰায় কুৰিজন ৰজাই কামৰূপত ৰাজত্ব কৰে৷ শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহ (আনু. ৯৭০-৯৯০ খ্ৰী.) অপুত্ৰক হোৱা বাবে শালস্তম্ভ বংশৰে ব্ৰহ্মপাল (আনু. ৯৯০-১০১০) কামৰূপৰ ৰজা হয় আৰু পালবংশৰ পাতনি মেলে৷ বৃদ্ধকালত ব্ৰহ্মপালে সন্যাস গ্ৰহণ কৰে আৰু পিতাকৰ ইচ্ছামতে তেওঁৰ পুত্ৰ ৰত্নপাল (আনু. ১০১-১০৪০ খ্ৰী.) কামৰূপৰ ৰজা হয়৷ ৰত্নপালৰ পিছত ক্ৰমে ইন্দ্ৰপাল (১০৪০-১০৬৫), গোপাল (১০৬৫-১০৮০), হৰ্ষপাল (১০৮০-১০৯৫), ধৰ্মপাল (১০৯৬-১১২০) ৰজা হয়৷ ধৰ্মপাল ৰজা হৈয়ে কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষৰ পৰা 'কামৰূপ নগৰ'লৈ তুলি নিয়ে৷ ধৰ্মপালৰ পিছত তেওঁৰ পুত্ৰ জয়পাল (১১২০-১১৩৯) কামৰূপৰ ৰজা হয় আৰু জয়পালৰ মৃত্যুৰ পিছতে পালবংশৰ যৱনিকা পৰে৷
ইয়াৰ পিছত ভিংগদেৱ (১১৩৮-১১৫০), বৈদ্যদেৱ, ৰায়ৰীদেৱ, উদয় কৰ্ণ, বল্লভদেৱ, পৃথু নামৰ কেইবাজনো ৰজাই কামৰূপত ৰাজত্ব কৰে৷ পৃথুৰ ৰাজত্ব কালতে ১২০৬ আৰু ১২২৬ চনত মুছলমানে কামৰূপ আক্ৰমণ কৰে৷ ১২২৮ চনত দিল্লীৰ চুলতান ইলতুতমিছৰ হাতত পৃথুৰ মৃত্যু হয় আৰু তেওঁৰ বংশৰ দুজন ৰজাই কামৰূপ ৰাজত্ব কৰে৷ এই বংশৰ শেষ ৰজা আছিল সন্ধ্যা (১২৫০-১২৭০ খ্ৰী.)৷ ইয়াৰ পিছত পুনৰ মুছলমানে কামৰূপ আক্ৰমণ কৰাত সন্ধ্যাই কামৰূপৰ ৰাজধানী 'কামৰূপ নগৰ'ৰৰ পৰা পশ্চিম কমতাপুৰলৈ তুলি নিয়ে৷ তেতিয়াৰ পৰাই এই ৰাজ্যৰ নাম কমতা বা কামৰূপ-কমতা হয় আৰু ইয়াৰ অধিপতিসকলক কমতেশ্বৰ বা কামেশ্বৰ বোলা হয়৷ সন্ধ্যাৰ পিছত তেওঁৰ পুত্ৰ সিন্ধুৰায় (আনু. ১২৭০-১২৮৫), ৰূপনাৰায়ণ (আনু. ১২৮৫-১৩০০), সিংহধ্বজ (১৩০০-১৩০৫), প্ৰতাপধ্বজ (১৩০৫-১৩২৫) কমতাৰ ৰজা হয়৷ প্ৰতাপধ্বজৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ দুৰ্লভনাৰায়ণ জীৱিত থকা অৱস্থাতে প্ৰতাপধ্বজৰ ভতিজাক ধৰ্মনাৰায়ণ (১৩২৫-১৩৩০) বলেৰে কমতাৰ ৰজা হয়৷ পিছত তেওঁলোকৰ মাজৰ কমতা ৰাজ্য ভাগ হয়৷ দুৰ্লভনাৰায়ণৰ (১৩৩০-১৩৫০) মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ইন্দ্ৰনাৰায়্ণ (১৩৫০-১৩৬৫) ৰজা হয়৷ তেওঁৱেই এই বংশৰ শেষ ৰজা৷
চতুৰ্দশ শতিকাৰ শেষৰফালে আৰিমত্ত নামৰ এজন ৰজাই গৌড় (পূৰ্বৰ কমতা ৰাজ্যৰ উত্তৰফাল) শাসন কৰিছিল৷ আৰিমত্তৰ পিছত ৰত্নসিংহ, শৃতৰংগ আৰু মৃগাংগ নামৰ তিনিজন ৰজাই গৌড় শাসন কৰিছিল৷ মৃগাংগ নিঃসন্তান হৈ মৃত্যু হোৱাত কমতাৰাজৰ অধিনৰ ভূঞাসকলৰ নীলধ্বজ নামৰ এজন ৰজাই গৌড়ৰ সিংহাসন দখল কৰি এক নতুন খান বা সেন বংশৰ পাতনি মেলে৷ কিন্তু ঘৰুৱা গৃহ কন্দলৰ সুবিধা লৈ মুছলমানে আক্ৰমণ কৰে আৰু পঞ্চদশ শতিকাৰ শেষৰ ফালে মুছলমানৰ আক্ৰমণে কমতা ৰাজ্য ধ্বংস কৰে৷[10]
[সম্পাদনা কৰক] আহোম ৰাজত্ব
মূল প্ৰবন্ধ: আহোম সাম্ৰাজ্য
ত্ৰয়োদশ শতিকাৰ আগভাগত উজনি ব্ৰহ্মদেশৰ মাওলাং ৰাজ্যৰ ৰাজকোঁৱৰ চুকাফাৰ নেতৃত্বত এটি দল পাটকাইত উপস্থিত হয়হি৷ প্ৰায় ১৩ বছৰ কাল পাটকাইৰ আশে-পাশে অনাই-বনাই ফুৰাৰ পাছত ১২২৮ চনত চুকাফা নগাৰাজ্যৰ সীমাত সোমাইছে৷ লাহে লাহে আগুৱাই আহি দিচাং নৈৰ কাষৰ নামৰূপ পায়হি৷ তাৰপিছত তেওঁ বিভিন্ন ঠাই ঘূৰি শিৱসাগৰ জিলাৰ চৰাইদেউত ১২৫৩ চনত স্থায়ীকৈ ৰাজধানী পাতে৷ ইয়াৰ লগে লগে অসমত ছশ বছৰীয়া আৰু সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে৷ ১২৬৮ চনত চুকাফাৰ মৃত্যু হয়৷ চুকাফাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ চুচেওফা (১২৬৮-১২৮১) ৰজা হয় আৰু ৰাজত্বকালত তেওঁ আহোম ৰাজ্য দিখৌ নৈৰ পৰা নামদাং নৈলৈকে সম্প্ৰসাৰিত কৰে৷
চুচেওফাৰ পাছত ক্ৰমে চুবিনফা (১২৮১-১২৯৩), চুখাংফা (১২৯৩-১৩৩২), চুখ্ৰাংফা (১৩৩২-১৩৬৮) আৰু চুতুফা (১৩৬৪-১৩৭৬) আহোম ৰাজপাটত বহে৷ চুতুফাৰ মৃত্যুৰ পাছত ১৩৭৬ চনৰ পৰা ১৩৮০ চনলৈকে ৰজা হ'বৰ বাবে কোনো উপযুক্ত ৰাজকোঁৱৰ আহোম ৰাজ পৰিয়ালত নথকাৰ বাবে আহোম ৰাজ্যত মন্ত্ৰী-শাসন চলিছিল৷ কিন্তু ক্ৰমে ক্ৰমে ৰাজ্যত বিশৃংখলতা বাঢ়ি অহাত মন্ত্ৰীসকলে চুখ্ৰাংফাৰ সৰু ভায়েক তাওখামটিক (১৩৮০-১৩৮৯) ৰজা পাতে৷ ১৩৮৯ চনত তাওখামটিৰ মৃত্যু হয়৷ ১৩৮৯ চনৰ পৰা ১৩৯৭ চনলৈ পুনৰ মন্ত্ৰী-শাসন চলে৷ ইয়াৰ পিছত তাওখামটিৰ পুত্ৰ চুদাংফা (১৩৯৭-১৪০৭) আহোম ৰাজপাটত বহে৷ এওক অসম বুৰঞ্জীত বামুণী কোঁৱৰ নমেৰে জনা যায়৷ ইয়াৰ পিছত ক্ৰমে চুজাংফা (১৪০৭-১৪২২), চুফাফ্ফা (১৪২২-১৪৩৯), চুচেনফা (১৪৩৯-১৪৮৮), চুহানফা (১৪৮৮-১৪৯৩), চুপিম্ফা (১৪৯৩-১৪৯৭) আহোম ৰাজপাটত বহে৷
চুপিম্ফাৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ চুহুংমুখ (১৪৯৭-১৫৩৯) সিংহাসনত বহে৷ এওঁৰ দিনত আহোম সাম্ৰাজ্যৰ বহুটো পৰিৱৰ্তন হয়৷ ইয়াৰ পিছত তেওঁৰ বৰপুত্ৰ চুক্লেংমুং (১৫৩৯-১৫৫২) ৰজা হয়৷ ৰজা হৈ এওঁ বকতাৰ পৰা আহোম ৰাজধানী গড়গাঁৱলৈ তুলি আনে৷ এইজন ৰজাই গড়গাঁও পুখুৰী খন্দায় আৰু নগা আলি বন্ধোৱাই৷ ইয়াৰ পিছত তেওঁৰ পুত্ৰ চুখামফা (১৫৫২-১৬০৩) ৰজা হয়৷ তাৰ পিছত ক্ৰমে তেওঁৰ পুত্ৰ চুচেনফা (১৬০৩-১৬৪১) ৰজা হয়৷ ৰজা হৈয়ে তেওঁ হিন্দু নাম প্ৰতাপ সিং গ্ৰহণ কৰে৷ তেওঁৰ দিনত আহোম আৰু মোগলৰ মাজত কেইবাবাৰো ৰণ হয়৷ প্ৰতাপ সিংহৰ দিনতে অসম বুৰঞ্জীৰ এক বিচক্ষণ চৰিত্ৰ মোমাই তামুলী বৰবৰুৱা প্ৰথম বৰবৰুৱা হয়৷ লগতে পাইক প্ৰথাৰ সৃষ্টি, হাজৰিকা, শইকীয়া, বৰা আদি পদৰ সৃষ্টি কৰে৷ ৰাজনৈতিক বিচক্ষণতা আৰু সাংগঠনিক পাৰদৰ্শিতাৰ বাবে প্ৰতাপ সিংহই বুদ্ধি স্বৰ্গনাৰায়ণ নাম পাইছিল৷
প্ৰতাপ সিংহৰ মৃত্যুৰ পাছত চুৰামফা (১৬৪১-১৬৪৩), চুটিনফা (১৬৪৪-১৬৪৮) ৰজা হয়৷ চুটিনফাৰ পিছত তেওঁৰ পুত্ৰ চুতামলাই জয়ধ্বজ সিংহ নাম লৈ ১৬৪৮ চনত সিংহাসনত বহে৷ জয়ধ্বজ সিংহই পূৰ্বৰ সীমা অতিক্ৰম কৰি আহোম সাম্ৰাজ্যৰ বিস্তাৰ কৰাৰ লগতে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাকে আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে৷ইয়াৰ পিছত চুপুংমুং ওৰফে চক্ৰধ্বজ সিংহ (১৬৬৩-১৬৬৯) ৰজা হয়৷ স্বাধীনতাপ্ৰিয় চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ সহায়ত মোগলৰ লগত যুঁজ দিয়ে আৰু মোগলৰ হাতৰ পৰা গুৱাহাটী আৰু পাণ্ডু উদ্ধাৰ কৰে৷ ঐতিহাসিক শৰাইঘাটৰ যুঁজত চক্ৰধ্বজ সিংহৰ হাতত মোগলৰ পৰাজয় হয়৷
শৰাইঘাটৰ যুদ্ধৰ পাছতে আহোম সাম্ৰাজ্যৰ মাজত অন্তৰ্বিপ্লৱৰ আৰম্ভ হয়৷ চক্ৰধ্বজ সিংহৰ পিছত ক্ষমতা লাভৰ বাবে ৰাজকোঁৱৰক অংগক্ষত কৰাৰ দৰে ঘ্টনা ঘটিছিল৷ কাৰণ আহোম নিয়ম অনুসৰি কোনো অংগক্ষত থকা ৰাজকোঁৱৰ সিংহাসনত বহিব নোৱাৰিছিল৷ চক্ৰধ্বজ সিংহৰ পাছত ৰজা হোৱা চুটিনফা বা উদয়াদিত্যক ষড়যন্ত্ৰ কৰি হত্যা কৰি তেওঁৰ ভাতৃ চুক্লংফা বা ৰামধ্বজ সিংহ (১৬৭৩-১৬৭৫) ৰাজপাটত বহে৷ ইয়াৰ পিছত আহোম সাম্ৰাজ্যত অনেক বাৰ ৰজা ভঙা-পতা কৰা হয়৷ অৱশ্যে সেই সময়ত শাসনভাৰ পৰিচালনা কৰিছিল আতন বুঢ়াগোহাঁইয়ে৷ কিন্তু লালুকসোলা বৰফুকনে আতন বুঢ়াগোহাঁইক হত্যা কৰি নিচেই কম বয়সীয়া ৰাজকোঁৱৰ ৰত্নধ্বজ সিংহক (১৬৭৯-১৬৮১) ৰজা পাতে৷ নিচেই কম বয়সীয়া হোৱা বাবে তেওঁক 'ল'ৰা ৰজা' বুলিছিল৷
লালুকসোলা বৰফুকন এই সময়তে উঠি-ৰজা বহি-ৰজা হয় আৰু ৰজা হ'ব পৰা সকলো ফৈদৰ ৰাজকোঁৱৰক অংগক্ষত কৰে৷ কিন্তু তুংখুঙীয়া ফৈদৰ গদাপাণি পলাই সাৰিবলৈ সক্ষম হয়৷ লালোকসোলাৰ অত্যাচাৰত অতিষ্ঠ হৈ তেওঁৰে গা-ৰখীয়া ভোটাই ডেকাই ১৬৮০ চনত তেওঁক হত্যা কৰে৷ ইয়াৰ পিছৰ গদাপাণি আহোম ৰাজপাটত উঠে৷ সিংহাসনত উঠি আহোম মতে চুপাতফা আৰু হিন্দুমতে গদাধৰ সিংহ (১৬৮১-১৬৯৬) নাম লয়৷ তেওঁ ১৬৯৪ চনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় সাজিছিল৷ নানান প্ৰজাহিতকৰ কাম কৰাৰ উপৰিও ধোদৰ আলি বন্ধোৱাইছিল আৰু মাটিৰ জৰীপ কৰিছিল৷
তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ ডাঙৰ পুত্ৰ লাই ৰজা হয়৷ আহোম নাম চুখ্ৰামফা আৰু হিন্দু নাম ৰুদ্ৰ সিংহ (১৬৯৬-১৭১৪) গ্ৰহণ কৰে৷ তেওঁ আহোম সাম্ৰাজ্যৰ শ্ৰেষ্ঠ নৃপতি বুলিব পাৰি৷ তেওঁ ৰংপুৰত নতুন ৰাজধানী পাতে৷ তদুপৰি জয়মতিৰ পবিত্ৰ স্মৃতিত জয়দৌল আৰু জয়সাগৰ পুখুৰী, ৰংপুৰত ৰংঘৰ, কাৰেংঘৰ, নামদাঙৰ শিলৰ সাঁকো, খৰিকটীয়া আলি, মেটেকাৰ আলি আদি নিৰ্মান কৰে৷ ইয়াৰ লগতে তেওঁ বিভিন্ন পদবীৰো সৃষ্টি কৰে৷ মৃত্যৰ সময়ত ৰুদ্ৰ সিংহই তেওঁৰ পাঁচজন পুত্ৰক এজন এজনকৈ ৰজা হ'বলৈ আজ্ঞা দি গৈছিল৷ সেইমতে শিৱ সিংহ (১৭১৪-১৭৪৪), প্ৰমত্ত সিংহ (১৭৪৪-১৭৫১), ৰাজেশ্বৰ সিংহ (১৭৫১-১৭৬৯), লক্ষ্মী সিংহ (১৭৬৯-১৭৮০) আহোম ৰাজপাটত বহে৷ ইয়াৰ পিছত লক্ষ্মী সিংহৰ পুত্ৰ গৌৰীনাথ সিংহ (১৭৮০-১৭৯৫) ৰজা হয়৷ গৌৰিনাথ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণচন্দ্ৰ বুঢ়াগোহাঁয়ে গদাধৰ সিংহৰ বংশধৰ কিনাৰাম নামৰ এজনক কমলেশ্বৰ সিংহ (১৭৯৫-১৮১০) নাম দি ৰজা পাতে৷ এই সময়তে কামৰূপক স্বাধীন কৰাৰ কাৰণে বীৰদত্ত, হৰদত্ত নামে দুজন ভাই-ককায়ে বিদ্ৰোহ আৰম্ভ কৰে৷ ইয়াক দন্দুৱা দ্ৰোহ বোলা হয়৷
কমলেশ্বৰ সিংহৰ পাছত চন্দ্ৰকান্ত সিংহ (১৮১১-১৮১৮) ৰাজপাটত বহে৷ তেওঁৰ দিনতে বাল্যবন্ধু সতৰামে পূৰ্ণানন্দ বুঢ়াগোহাঁইক হত্যা কৰিবলৈ কৰা ষড়যন্ত্ৰ ধৰা পৰে৷ এই কামত বদনচন্দ্ৰ বৰফুকনৰ সহযোগ থকাৰ অনুমান কৰি পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে তেওঁক ধৰি আনিবলৈ পঠিয়াই আৰু বদনচন্দ্ৰ বৰফুকনে পলাই গৈ ১৮১৬ চনৰ শেষৰ ফালে মানৰ সহযোগত অসম আক্ৰমণ কৰে৷ এই যুঁজত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয়৷ মানে অসম আক্ৰমণ কৰি প্ৰথম বাৰ আঁতৰি যোৱাৰ পাছত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁইয়ে যোৰহাট দখল কৰি চন্দ্ৰকান্ত সিংহক অংগক্ষত কৰি পুৰন্দৰ সিংহক ৰজা পাতে৷ ইয়াৰ পিছত মানে আৰু দুবাৰ অসম আক্ৰমণ কৰে আৰু ১৮২১ চনত তৃতীয়বাৰ অসম আক্ৰমণ কৰি যোগেশ্বৰ সিংহক আহোমৰ ৰজা পাতে৷ ক্ৰমে মানে ইংৰাজৰ এলেকাত আক্ৰমণ চলোৱাত ১৮২৪ চনত মানৰ লগত ইংৰাজৰ যুদ্ধ হয়৷ ইংৰাজে এই যুঁজত জয়লাভ কৰে৷ অৱশেষত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰহ্মদেশৰ ইয়াণ্ডাবুত ইংৰাজৰ লগত মানৰ সন্ধি হয় আৰু অসম ইংৰাজৰ হাতলৈ যায়৷ ইয়াৰ লগে লগে চুকাফাই অসীম সাহস আৰু বীৰত্বৰে প্ৰতিষ্ঠা কৰা আহোম সাম্ৰাজ্যৰো অন্ত পৰে৷[11]
[সম্পাদনা কৰক] ইংৰাজৰ অধীনত অসম
১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰহ্মদেশৰ ইয়াণ্ডাবুত হোৱা সন্ধিৰ ফলত অসম ইংৰাজৰ হাতলৈ যায়৷ প্ৰথম অৱস্থাত অসমীয়া মানুহে ইংৰাজসকলক আদৰি লৈছিল যদিও পিছলৈ স্বাধীনচিতিয়া অসমীয়া মানুহে ইংৰাজৰ শাসনৰ প্ৰতি মোহভংগ হয় আৰু ইংৰাজী-বিৰোধী মনোভাবে গা কৰি উঠিছিল৷ এনে পৰিস্থিতিতে ১৮২৮ চনত আহোম আমোলা ধনঞ্জয় বৰগোহাঁই আৰু গমধৰ কোঁৱৰৰ নেতৃত্বত আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে বিদ্ৰোহ হয়৷ কিন্তু এই বিদ্ৰোহ সফল নহ'ল৷ ইয়াৰ পিছত কেইবাজনো আহোম ব্যক্তিয়ে ইংৰাজৰ বিৰুদ্ধে যোদ্ধ ঘোষণা কৰে৷ ফলত ইংৰাজে ১৮৩৩ চনৰ মাৰ্চ মাহৰ ২ তাৰিখে এখন চুক্তিযোগে পুৰন্দৰ সিংহক শদিয়া আৰু মটক ৰাজ্যৰ বাহিৰে ধনশিৰী নদীৰ পূবে থকা সমস্ত উজনি খণ্ডৰ ৰজা পাতে৷ চুক্তিমতে পুৰন্দৰ সিংহ ইংৰাজৰ হাতৰ পুতলা হয়৷ কিন্তু ১৮৩৮ চনত ইংৰাজে পুৰন্দৰ সিংহক ৰাজ্যচ্যুত কৰি সমগ্ৰ অসমকেই তেওঁলোকৰ স্থায়ী দখললৈ আনিলে৷
ইয়াৰ পিছত ১৮৫৭ চনত সমগ্ৰ ভাৰততে জ্বলি উঠা প্ৰথম স্বাধীনতা যুদ্ধৰ দাবানলে অসমকো স্পৰ্শ কৰে৷ অসমত ইংৰাজৰ কাৰ্যকলাপত বিতুষ্ট হৈ একাংশ প্ৰজাৰ নেতৃত্বত অসমতি চিপাহী বিদ্ৰোহ আৰম্ভ হয়৷ সেই সশস্ত্ৰ বিপ্লৱত মণিৰাম দেৱান, পিয়লি বৰুৱা আদিৰ ফাঁচি হয়৷ চিপাহী বিদ্ৰোহৰ পাছতে অসমৰ শাসনভাৰ এজন কমিছনাৰ হাতলৈ যায়৷ চিপাহী বিদ্ৰোহে অসমীয়া মানুহৰ মনত পুনৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি অনুপ্ৰাণিত কৰিলে৷ শেষত ১৯১৯-২০ চনত মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনত অসমে যোগদান কৰিলে৷ ইয়াৰ পিছত ক্ৰমে ক্ৰমে ভাৰতৰ স্বাধীনতা আন্দোলনত অসমে যোগদান কৰি ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে আৰু ভাৰত স্বাধীন হোৱাৰ লগে লগে অসমৰ পৰাও ইংৰাজী শাসন অন্ত পৰে৷[12]
[সম্পাদনা কৰক] স্বাধীনোত্তৰ কালৰ অসম
১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হোৱাৰ পিছত অসমত নিজাকৈ চৰকাৰ গঠন হয়৷ স্বাধীন অসমৰ প্ৰথম গৱৰ্ণৰ আছিল ছাৰ আকবৰ হাইদৰি আৰু মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ৷ ১৯৪৭ চনৰ পৰা ১৯৫০ চনলৈকে শাসন কৰা বৰদলৈ মন্ত্ৰীসভাৰ দিনতে গুৱাহাটী বিশ্ববিদ্যালয় (১৯৪৮), গুৱাহাটী উচ্চ ন্যায়ালয় (১৯৪৮), গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ আদি প্ৰতিষ্ঠা হয়৷
১৯৫০ চনত গোপিনাথ বৰদলৈৰ মৃত্যু হোৱাৰ পিছত বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্ৰী হয়৷ বিষ্ণুৰাম মেধিৰ দিনত (১৯৫০-১৯৫৭) প্ৰথম পাঁচবছৰীয়া পৰিকল্পনা, পঞ্চায়ত গঠন আৰু কৃষিখণ্ডৰ উন্নতি হয়৷১৯৫৭ চনত বিমলাপ্ৰসাদ চলিহা (১৯৫৭-১৯৭০) অসমৰ মুখ্যমন্ত্ৰী হয়৷ এই সময়তে শৰাইঘাটৰ দলং নিৰ্মাণ (১৯৬২) আৰু গুৱাহাটীৰ নুনমাটিত তেল শোধনাগাৰ (১৯৬২) স্থাপন হয়৷ চলিহা মন্ত্ৰীসভাৰ দিনতে ১৯৫৯-৬০ চনত অসমত ভাষা আন্দোলন তীব্ৰৰূপ লয়৷ ১৯৬১ চনত অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে গৃহীত হয়৷
১৯৭০ চনত বিমলাপ্ৰসাদ চলিহাৰ শাৰীৰিক অসুস্থতাৰ বাবে মহেন্দ্ৰ মোহন চৌধুৰী মুখ্যমন্ত্ৰী হয়৷ চৌধুৰীৰ দিনত বঙাইগাঁৱত পেট্ৰোৰাসায়নিক প্ৰকল্প, যোগীঘোপাত কাগজ কল আৰু নগাঁওত মৰাপাট কলৰ আধাৰশিলা স্থাপন হয়৷ ১৯৭২ চনত চৌধুৰী মন্ত্ৰীসভাই পদত্যাগ কৰে৷
১৯৭২ চনত অসমত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু শৰৎ চন্দ্ৰ সিংহ মুখ্যমন্ত্ৰী হয়৷ সিংহ মন্ত্ৰীসভাৰ সময়ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়৷ ১৯৭৮ চনত অসমত জনতা দলে মন্ত্ৰীসভা গঠন কৰে৷ জনতা দলৰ নেতা গোলাপ বৰবৰা অসমৰ মুখ্যমন্ত্ৰী হয়৷ মাত্ৰ চৈধ্য মাহৰ কাৰ্য্যকালত এই সময়তে যোগেন্দ্ৰনাথ হাজৰিকা, ছৈয়দা আনোৱাৰা টাইমূৰ আৰু কেশৱ চন্দ্ৰ গগৈ এই চাৰিজন মুখ্যমন্ত্ৰী হয়৷ ১৯৭৯ চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হয়৷[13]
[সম্পাদনা কৰক] অসম আন্দোলন আৰু অসম চুক্তি
মূল প্ৰবন্ধ: অসম আন্দোলন
সমসাময়িক সময়তে অসমৰ পৰা বিদেশী নাগৰিকৰ বহিষ্কাৰৰ দাবীত সদৌ অসম ছাত্ৰ সংস্থাৰ নেতৃত্বত সমগ্ৰ অসমজুৰি এক অভূতপূৰ্ব গণ আন্দোলন গা কৰি উঠে৷ এই আন্দোলনৰ সময়তে ১৯৮৩ চনত ৰাইজৰ প্ৰবল বিৰোধিতা আৰু বৰ্জন সত্ত্বেও অসমত ৰক্তক্ষয়ী নিৰ্বাচন অনুষ্ঠিত হয় আৰু হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হয়৷ শইকীয়া মন্ত্ৰীসভাই দমন নীতিৰে অসম আন্দোলন নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও সফল নোহোৱাত ১৯৮৫ চনৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বাধীন চৰকাৰৰ লগত এখন চুক্তি (অসম চুক্তি) স্বাক্ষৰিত কৰে৷ লগে লগে ছবছৰীয়া বিদেশী বহিষ্কাৰ আন্দোলনৰ পৰিসমাপ্তি ঘটে৷
অসম চুক্তিৰ চৰ্ত অনুযায়ী হিতেশ্বৰ শইকীয়া চৰকাৰে পদত্যাগ কৰে৷ লগে লগে প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন প্ৰাক্তন ছাত্ৰনেতাসকলে আঞ্চলিক দল অসম গণ পৰিষদ গঠন কৰে৷ ১৯৮৫ চনৰ অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত অসম গণ পৰিষদ আঞ্চলিক দৰে সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হয়৷ মহন্ত চৰকাৰৰ সময়তে অসমত সংযুক্ত মুক্তি বাহিনী, অসম নামৰ এটি বিপ্লৱী সংগঠনৰ জন্ম হয়৷ এই সংগঠনক নিষিদ্ধ ঘোষণা কৰি কেন্দ্ৰীয় চৰকাৰে ১৯৯০ চনত মহন্ত চৰকাৰৰ পাঁচবছৰ সম্পূৰ্ণ হ'বলৈ এমাহ বাকী থাকোঁতেই পুনৰ অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰে৷
ইয়াৰ পিছত ১৯৯১ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ (ই) দলে জয়লাভ কৰে আৰু হিতেশ্বৰ শইকীয়া পুনৰ মুখ্যমন্ত্ৰী হয়৷ ১৯৯৬ চনৰ ২২ এপ্ৰিলত হিতেশ্বৰ শইকীয়াৰ মৃত্যু হোৱাত কেইদিনমানৰ কাৰণে ডাঃ ভূমিধৰ বৰ্মন অসমৰ অস্থায়ী মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰে৷ এই বছৰতে অনুষ্ঠিত হোৱা নিৰ্বাচনত পুনৰ অসম গণ পৰিষদ দলে জয়লাভ কৰে আৰু ১৯৯৬ চনৰ ১৫ মে'ত প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হয়৷ ইয়াৰ পিছত ২০০১ চনত অনুষ্ঠিত নিৰ্বাচনত কংগ্ৰেছ (ই) দলে ৰাজ্যখনৰ শাসনভাৰ গ্ৰহণ কৰে৷ তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হয়৷ একেদৰে ২০০৬ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে বড়োলেণ্ড পিপলচ প্ৰগ্ৰেছিভ ফ্ৰ'ণ্ট (হাগ্ৰামা) সহযোগত মৰ্চা চৰকাৰ গঠন কৰে৷ ২০১১ চনত অনুষ্ঠিত নিৰ্বাচনতো কংগ্ৰেছ (ই) দলে চৰকাৰ গঠন কৰে আৰু তৰুণ গগৈয়ে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হয়৷[14]
[সম্পাদনা কৰক] ভাষা
অসমৰ প্ৰধান ভাষা হ'ল অসমীয়া৷ এই ভাষা সংবিধানৰ অষ্টম অনুচ্ছেদ অনুসৰি স্বীকৃত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ এক প্ৰধান সংযোগী ভাষা৷ অসমীয়া ভাষা ভাৰতীয় আৰ্য গোষ্ঠীৰ ভাষা৷ প্ৰাচীন ভাৰতীয় আৰ্য ভাষাবিশেষেই ক্ৰম পৰিৱৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম-একাদশ শতিকামানত অসমীয়া ৰূপ ল'বলৈ আৰম্ভ কৰে৷ অসমত প্ৰচলিত আন ভাষাবোৰ হ'ল : ইংৰাজী, হিন্দী, বড়ো, বাংলা, আৰু অন্যান্য প্ৰচলিত উপ-ভাষাবোৰ হ'ল : মিচিং, কছাৰী, কাৰ্বি, ৰাভা, ডিমাছা, নেপালী আদি৷ আনহাতে বিভিন্ন জনেগাষ্ঠী বহুতো দোৱান অসমত প্ৰচলিত আছে।
[সম্পাদনা কৰক] সাংস্কৃতিক প্ৰতীক
অসমীয়া সমাজ জীৱনত বিভিন্ন বিশ্বাস, অনুভৱ আৰু আদৰ বা সন্মানৰ ক্ষেত্ৰত তামোল-পান, গামোচা আৰু শৰাইৰ বিশেষ ভূমিকা আছে৷ যিকোনো সামাজিক কামত তামোল-পাণ ব্যৱহাৰ কৰা হয়৷ কাৰোবাৰ ঘৰলৈ অহা অতিথিক আন নহ'লেও তামোল-পাণ খাবলৈ দিয়া হয়৷ সামাজিক কাৰণত হোৱা যিকোনো দণ্ড মিমাংসাৰ বাবেও তামোল-পাণ ব্যৱহাৰ কৰা হয়৷ আনহাতে গামোচা অসমীয়া সমাজত বিহুৱানৰ ৰূপত ব্যৱহাৰ কৰা হয়৷ ইয়াৰ লগতে গা ধোৱাৰ পিছত ব্যৱহাৰ কৰা তিয়নী গামোচা, পানী গামোচা আদিও উল্লেখযোগ্য৷ সৰুৱে ডাঙৰক মান ধৰা আদিৰ ক্ষেত্ৰত গামোচা ব্যৱহাৰ কৰা হয়৷ শৰাই ধাতুৰে নিৰ্মিত এবিধ খুৰা থকা পাত্ৰ৷ সাধাৰণতে তামোল-পাণ আৰু গামোচাৰে কাৰোবাক মান ধৰাৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়৷ অসমৰ যিকোনো সাংস্কৃতিক কাৰ্যকলাপৰ লগত এই তিনিবিধ বস্তুৰ ব্যৱহাৰ অপৰিহাৰ্য৷ আনাহাতে জাপি অসমীয়া সংস্কৃতিৰ আন এবিধ আদৰৰ প্ৰতিক৷ কাৰোবাক সন্মান জনোৱাৰ লগতে উপহাৰ দিয়াৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়৷ ই কেইবাপ্ৰকাৰৰ যেনে-ডাং-জাপি, বৰজাপি, পানী বা হালোৱা-জাপি আৰু সৰুদৈয়া জাপি৷ অসমত আটাইতকৈ প্ৰচলিত জাপি হ'ল সৰুদৈয়া জাপি৷ এই জাপি সৰু সৰুকৈ আৰু মিহিকৈ তোলা বুঢ়া জাতি বাঁহৰ কাঠিৰে ফুল অথবা অন্য কিবা চিত্ৰ অংকন কৰি নিৰ্মান কৰা হয়৷ জাপিটোৰ ঘুৰণীয়া চাৰিও কাষ ৰঙা কাপোৰ চিলাই আৰু ওপৰৰ জোঙা কোণটিত এঠোপা ৰঙা সূতা বন্ধা হয়৷ অসমীয়া সমাজৰ মহিলাসকলে এই জাপি ব্যৱহাৰ কৰে তথা সন্মনীয় ব্যক্তিসকলক সন্মান প্ৰদৰ্শন কৰিবলৈ উপহাৰৰূপে আগবঢ়োৱা হয়৷
[সম্পাদনা কৰক] উৎসৱ
মূল প্ৰবন্ধ: বিহু
সকলো জাতিৰ মানুহৰে কিছুমান স্বকীয় উৎসৱ আছে ৷ অসমীয়াসকলৰো তেনে উৎসৱৰ ভিতৰত বিহু উৎসৱ প্ৰধান৷ সংস্কৃত 'বিষুবত' শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে৷ বৈদিক 'বিষুবন' পদৰ অৰ্থৰ পৰিসৰে এবছৰ ব্যাপী অনুষ্ঠিত হোৱা 'সত্ৰ' বা 'যজ্ঞ'ৰ মাজৰ দিনটোক বুজায় অৰ্থাৎ দিন আৰু ৰাতিৰ সমান হোৱা দিনটোৱেই 'বিষুবত' ৰূপে পৰিচিত৷ এই দিনটেই 'গৰু-ম'হ' আদিৰ সংগ্ৰহৰ অৰ্থে আৰু পোহনীয়া জন্তুৰ মংগল কামনা কৰি সূৰ্য্যদেৱতাক স্তুতি কৰা হৈছিল৷ অসমীয়া বিহু মূলত তিনিটা, ৰঙালী বিহু বা ব'হাগ বিহু, কঙালী বিহু বা কাতি বিহু, আৰু ভোগালী বিহু বা মাঘ বিহু৷ চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনটোৰ পৰা আৰম্ভ হৈ সাতদিন থাকে৷ ৰঙালী বিহু ব'হাগ বিহু ৰূপেও পৰিচিত৷ বিহুৰ আগদিনাখনক উৰুকা বোলে৷ প্ৰথম বিহুটিৰ নাম গৰু বিহু৷ এই দিনা গৰুৰ শিঙত তেল দি ধুৱাই-পখলাই লাও-বেঙেনা খুৱায় আৰু তাৰে মালাও পিন্ধায়৷ আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু৷ এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়৷ সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে৷ গতিকে এই বিহুক কঙালী বিহু বোলে৷ এই বিহুক ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধুলি তাৰ গুৰিত চাকি জ্বলাই নাম গাই, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলাই৷ পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু৷ এই বিহু তিনিদিন পালন কৰা হয়৷ পুহত শালি ধান, মাহ, তিল, মগু, আদি শষ্য চপাই মানুহে ভঁৰাল ভৰায়৷ এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে৷ সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়৷ এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে৷ মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা৷
[সম্পাদনা কৰক] সংগীত
উত্তৰ-পূব ভাৰতৰ প্ৰদেশ অসমৰ সংগীতসমূহ হ’ল মূলতঃ থলুৱা লোক সংগীত আৰু ভক্তিমূলক গীত । অসমৰ সংগীতসমূহক ইয়াৰ স্বকীয় বৈশিষ্ট্যৰ বাবে ভাৰতৰ বাকী অংশৰ সংগীত সমূহৰ পৰা পৃথক কৰি চিনিব পাৰি । এই সংগীত সমূহত দাঁতি-কাষৰীয়া পাহাৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ ম্যানমাৰ, থাইলেণ্ড আৰু চীন আদি দেশৰো প্ৰভাব দেখা যায় ।
[সম্পাদনা কৰক] বিবিধ প্ৰকাৰৰ সংগীতসমূহ:
অসমৰ জনসংখ্যাৰ বিবিধতা অনুসৰি লোকসংগীতৰো ততোধিক ভিন্নতা আছে। প্ৰত্যেক ধৰণৰ লোকসংগীততে প্ৰায়েই অন্যান্য এক বা ততোধিক সংগীতৰ প্ৰাভাৱ দেখা যায়। তলত বিভিন্ন প্ৰকাৰৰ লোকসংগীতসমূহৰ এখন সূচী দিবলৈ প্ৰয়াস কৰা হ'ল।
- কামৰূপী লোকগীত
- গোৱালপৰীয়া লোকগীত
- ওজাপালি
- ঝুমুৰ
- বৰগীত
- ঐনিতম
- বিহুগীত
- হুঁচৰি
- বনগীত
- বিয়ানাম
- ভেকুলী বিয়াৰ নাম
- নিচুকনি গীত
- মহোহো গীত
- জিকিৰ
- টোকাৰি গীত
- বৰফুকনৰ গীত
- নাগাৰা/নেগেৰা নাম
- আইনাম
- অপেচৰী সবাহৰ গীত
- জন্মাষ্টমী নাম
- লক্ষীপূজাৰ নাম
[সম্পাদনা কৰক] অসমৰ সংগীতজ্ঞসকল:
- শ্ৰীশ্ৰীশঙ্কৰদেৱ
- পাৰ্বতি প্ৰসাদ বৰুৱা
- ৰূদ্ৰ বৰুৱা
- জ্যোতিপ্ৰসাদ আগৰৱালা
- বিষ্ণুপ্ৰসাদ ৰাভা
- ভূপেন হাজৰিকা
- জয়ন্ত হাজৰিকা
- ৰমেন বৰুৱা
- জুবিন গাৰ্গ
- অংগৰাগ মহন্ত
[সম্পাদনা কৰক] লোক-সংস্কৃতি
কোনো এটা জাতিৰ বৈশিষ্টসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম্ম, শিক্ষা, চৰ্চ্চা, কলা, ৰুচি আদিৰ সমাৱেশক একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি ৷ বিভিন্ন ভাষা-ভাষী, জাতি-জনজাতিৰে গঠিত অসমীয়া সংস্কৃতিৰ পৰিষৰ অতি বিশাল ৷ তথাপি কিছুমান উমৈহতীয়া বৈশিষ্ট ইয়াৰ মাজত দেখা যায়৷
- কাঠ, বাঁহ, বেতেৰে প্ৰাকৃতিকভাৱে নিৰ্মিত ঘৰ৷
- প্ৰতিকাত্মক কিছুমান কাপোৰ৷ যেনে গামোচা, ইত্যাদি৷
- পৰম্পৰাগত পাত-মূগা, কপাহী কাপোৰ৷
- সহজ-সৰল ব্যৱহাৰ আৰু অতিথিপৰায়ণতা৷
- বাঁহ সংস্কৃতি৷
[সম্পাদনা কৰক] পৰ্যটন
অসম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰ আৰু সাতভনীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ৷ অসম প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধিশালী এখন ৰাজ্য৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান আদি বিভিন্ন উদ্যান আৰু বিভিন্ন মঠ-মন্দিৰ, ঐতিহাসিক সমল আদিয়ে অসমৰ পৰ্য্যটন উদ্যোগ চহকী কৰি তুলিছে৷
[সম্পাদনা কৰক] অসমৰ বিভিন্ন পৰ্য্যটন স্থানসমূহ
ব্ৰহ্মপুত্ৰনদী: লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰে পৰিচিত নদৰাজ ব্ৰহ্মপুত্ৰ ভাৰত তথা অসমৰ প্ৰধান নদী৷ প্ৰায় ২৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ব্ৰহ্মপুত্ৰ নদী অংগাংগীভাৱে জড়িত৷ এই নদীৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম৷
গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ নগৰ৷ গুৱাহাটী মহানগৰৰ ভিতৰত কামাখ্যা, অসম ৰাজ্যিক সংগ্ৰাহালয়, গুৱাহাটী চিৰিয়াখানা, শংকৰদেৱ কলাক্ষেত্ৰ, উমানন্দ আদি বিভিন্ন পৰ্য্যটন স্থান আছে৷
যোৰহাট: গুৱাহাটীৰ পৰা ৩১৮ কিল'মিটাৰ পূৱত উজনি অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ৷ আহোম শাসনৰ শেষ ৰাজধানী যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়৷ অসমৰ চাহ উৎপাদনৰ অন্যতম স্থান যোৰহাট প্ৰাকৃতিক সৌন্দৰ্য্যতো চহকী৷ যোৰহাটত টোকোলাই চাহ গৱেষণা কেন্দ্ৰ, হাতিগড় দেউল, বুঢ়ীগোঁসানি থান বা দেউল, গৰখীয়া মন্দিৰ, ঢেঁকীয়াখোৱা বৰ নামঘৰ, লাচিত বৰফুকন মৈদাম, অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন আদি উল্লেখ্যযোগ্য পৰ্য্যটন স্থান আছে৷
মাজুলী: ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত আটাইতকৈ ডাঙৰ নদী দ্বীপ৷ বিভিন্ন সত্ৰ ইয়াৰ মূল আকৰ্ষণৰ কেন্দ্ৰ৷
জাতিঙ্গা: উত্তৰ-কাছাৰ পৰ্বতৰ চৰাইৰ আত্মহত্যাৰ স্থান হিচাপে জাতিঙ্গা বিখ্যাত৷
তেজপুৰ: অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ এখন অনুপম স্থান হৈছে তেজপুৰ৷ উষা পাহাৰ, অগ্নিগড়, মহাভৈৰৱ মন্দিৰ, চিত্ৰলেখা উদ্যান আদি উল্লেখযোগ্য পৰ্য্যটন স্থান৷
শিৱসাগৰ: আহোম সাম্ৰাজ্যৰ এখন ঐতিহাসিক স্থান৷ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, চৰাইদেউ, শিৱদ'ল আদি উল্লেখযোগ্য পৰ্য্যটনৰ স্থান৷
হাজো: হিন্দু, ইছলাম, বৌদ্ধ ধৰ্মৰ সংগ্ৰম স্থান হ'ল হাজো৷ পোৱামক্কা ইয়াৰ মূল পৰ্য্যটনৰ স্থান৷
গোৱালপাৰা: গোৱালপাৰা অসমৰ আন এখন উল্লেখযোগ্য পৰ্য্যটন স্থান৷ পঞ্চৰত্ন, টুক্ৰেশ্বৰ পাহাৰ, শ্ৰীসূৰ্য পাহাৰ, চান্দৰডিঙা আদি উল্লেখযোগ্য স্থান৷
-
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিখ্যাত এশিঙীয়া গঁড়৷
-
শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান৷
[সম্পাদনা কৰক] অসমৰ বিভিন্ন মঠ মন্দিৰ
- কামাখ্যা
- বশিষ্ঠ
- উমানন্দ
- অশ্বক্লান্তা
- গৰখীয়া দৌল
- ঢেঁকীয়াখোৱা বৰ নামঘৰ
- দৌল গোবিন্দ মন্দিৰ
- নৱগ্ৰহ মন্দিৰ, গুৱাহাটী
- বিল্বেশ্বৰ দেৱালয়
- শিৱ দ'ল
- মহাভৈৰৱ মন্দিৰ, তেজপুৰ
- ভৈৰৱী মন্দিৰ, তেজপুৰ
- কেতেকেশ্বৰ দেৱালয়, তেজপুৰ
[সম্পাদনা কৰক] অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য
- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
- মানাহ ৰাষ্ট্ৰীয় উদ্যান
- ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
- ওৰাং ৰাষ্ট্ৰীয় উদ্যান
- নামেৰী ৰাষ্ট্ৰীয় উদ্যান
- পবিতৰা অভয়াৰাণ্য
- গৰমপানী অভয়াৰাণ্য
- লাওখোৱা অভয়াৰাণ্য
- বৰনদী অভয়াৰাণ্য
- সোণাই-ৰূপাই অভয়াৰণ্য
- পাভৈ অভয়াৰাণ্য
[সম্পাদনা কৰক] অন্যান্য স্থান
[সম্পাদনা কৰক] চাহ-উদ্যোগ
অসম চাহৰ দেশ। পৃথিৱীৰ ভিতৰতে অসম দ্বিতীয় সৰ্ববৃহৎ চাহ উৎপাদনকাৰী অঞ্চল। অসমত মুঠ ৮৫০ খন মান চাহ বাগিছা আছে আৰৄ প্ৰায় ২লাখ ২৮হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয়। বৰ্তমান অসমৰ বাগিছাবোৰত হোৱা চাহৰ উৎপাদন পৃথিৱীৰ সৰ্বমুঠ উৎপাদন শতকৰা ১৫ ভাগ আৰু ভাৰতৰ সৰ্বমুঠ উৎপাদনৰ ৫২.৯৪ ভাগ।
[সম্পাদনা কৰক] অসমৰ সমস্যাসমূহ
ভাৰতবৰ্ষৰ পূবকোণত অৱস্থিত এসময়ৰ প্ৰাগজ্যোতিষপুৰ আজিৰ অসমত বৰ্তমান বিভিন্ন সমস্যাই গা কৰি উঠিছে৷ দিনে দিনে বৃদ্ধি পাই অহা নানান সমস্যাই অসমৰ উন্নতিত তিবন্ধকতাৰ সৃষ্টি কৰিছে৷ যাৰ বাবে আজি অসমৰ বুকুত সকলো থকাৰ পিছতো অসম অন্যান্য ৰাজ্যৰ তুলনাত বহু ক্ষেত্ৰতে পিছ পৰি আছে৷ অসমৰ প্ৰধান সমস্যা সমূহৰ ভিতৰত (১) ভাষা সমস্যা (২) নিবনুৱা সমস্যা (৩) বানপানী সমস্যা (৪) বিদেশী সমস্যা (৫) উগ্ৰপন্থী সমস্যা (৬)খাদ্য সমস্যা৷ মূলত এই পাঁচটাই অসমৰ প্ৰধান সমস্যা যিদও ইয়াৰ বাহিৰেও অসমৰ উন্নতিত সম্পদৰ উচিত ব্যৱহাৰ নোহোৱা, চৰকাৰৰ বহু ক্ষেত্ৰত উদাসীনতা আৰু যোগ্য ব্যক্তিৰ নিয়োগ নোহোৱায়েও সমস্যাসমূহৰ লগত মিলি অনেক বাধাৰ সৃষ্টি কৰি আহিছে৷
[সম্পাদনা কৰক] বিতং তথ্যৰ বাবে চাওক
- অসম বুৰঞ্জী
- অসমীয়া ভাষা
- আহোম
- আহোম সাম্ৰাজ্য
- চৰ্যাপদ
- বড়ো জনগোষ্ঠী
- বড়ো ভাষা
- মিচিং
- কাৰ্বি
- অসমীয়া খাদ্যাভাস
- অসমৰ অৰ্থনীতি
- অসমৰ সংগীত
- অসমৰ মুখ্যমন্ত্ৰী সকল
[সম্পাদনা কৰক] প্ৰসংগ পুথি
- ↑ http://assam.gov.in/glance.asp
- ↑ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (প্ৰথম খণ্ড) শান্তনু কৌশিক বৰুৱা৷
- ↑ Sarma, Satyendra Nath Assamese Literature, Harrassowitz, Wiesbaden, 1976
- ↑ Banikanta Kakati: Assamese: Its Formation and Development, p2
- ↑ http://www.archive.org/details/indianvillagecom00bade The Indian village community Baden-Powell, B. H. (Baden Henry), 1841-1901
- ↑ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (প্ৰথম খণ্ড) শান্তনু কৌশিক বৰুৱা৷
- ↑ http://articles.timesofindia.indiatimes.com/2006-02-28/india/27810624_1_asom-cabinet-today-state-cabinet Assam to fall off the map, turn Asom The Times of India. 28 February 2006.
- ↑ জানানে, শান্তনু কৌশিক বৰুৱা, ২০০৬
- ↑ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (প্ৰথম খণ্ড) শান্তনু কৌশিক বৰুৱা৷
- ↑ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (প্ৰথম খণ্ড) শান্তনু কৌশিক বৰুৱা৷
- ↑ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (প্ৰথম খণ্ড) শান্তনু কৌশিক বৰুৱা৷
- ↑ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (প্ৰথম খণ্ড) শান্তনু কৌশিক বৰুৱা৷
- ↑ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (প্ৰথম খণ্ড) শান্তনু কৌশিক বৰুৱা৷
- ↑ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (প্ৰথম খণ্ড) শান্তনু কৌশিক বৰুৱা৷
- ↑ "Commissioner Linguistic Minorities (originally from Indian Census, 2001)". Archived from the original on 8 October 2007. http://web.archive.org/web/20071008113359/http://nclm.nic.in/shared/linkimages/35.htm.
[সম্পাদনা কৰক] ৱিকিপিডিয়াৰ বাহিৰৰ তথ্য-সম্ভাৰ
- Professionals of the Northeast India across the world
- Assam Flowers
- Voice of the Northeast India
- Assam Profile from the Assam Government website
- Risk Assessment for Assamese in India from University of Maryland
- Map of Assam cities
- Assam Portal
- Assam Tourism
- Assam Transport
|
||||||||||||||||
|
||||||||