ছিক্কিম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছিক্কিম
—  ৰাজ্য  —
(ওপৰৰ পৰা বাওঁফাললৈ) বুদ্ধ উদ্যান, ৰাভাংলা; এটা মঠত সন্ন্যাসী; কাঞ্চনজংঘা; গুৰুডংমাৰ হ্ৰদ; ৰুমটেক মঠ; টেমি চাহ বাগিচা

পতাকা

মোহৰ
ভাৰতবৰ্ষত ছিক্কিমৰ অৱস্থান
ভাৰতবৰ্ষত ছিক্কিমৰ অৱস্থান
ছিক্কিমৰ ভূচিত্ৰাৱলী
ছিক্কিমৰ ভূচিত্ৰাৱলী
ভৌগোলিক স্থানাংক (গেংটক): 27°20′N 88°37′E / 27.33°N 88.62°E / 27.33; 88.62স্থানাংক: 27°20′N 88°37′E / 27.33°N 88.62°E / 27.33; 88.62
দেশ  ভাৰত
প্ৰতিষ্ঠা ১৬ মে', ১৯৭৫
ৰাজধানী গেংটক
জিলা
চৰকাৰ
 - ৰাজ্যপাল
 - মুখ্য মন্ত্ৰী
 - বিধান সভা (আসন) এককক্ষীয় (৩২ খন)
মাটিকালি
 - মুঠ ৭,০৯৬ কি.মি. 
(২,৭৩৯.৮ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক ২৭তম
জনসংখ্যা (২০১১)
 - মুঠ ৬,০৭,৬৮৮ জন
 - স্থান ২৮তমতম
 - জনঘনত্ব ৮৫.৬ প্ৰতি বৰ্গ কি.মি. 
(২২১.৮ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
আই এচ অ’ ৩১৬৬ কোড IN-SK
মানব বিকাশ সূচাংক (HDI) বৃদ্ধি 0.684 (মধ্যম)
মানব বিকাশ সূচাংকস্থান ৭ তম (২০০৫)
সাক্ষৰতা হাৰ ৭৬.৬% (সপ্তম)
চৰকাৰী ভাষা নেপালী, ভূটিয়া, লেপছা (১৯৭৭ পৰা), লিম্বু (১৯৮১ পৰা), নেৱাৰী, ৰায়, গুৰুঙ, মাংগাৰ, শ্বেৰ্পা, তামাঙ (১৯৯৫পৰা) আৰু ছুনৱাৰ (১৯৯৬পৰা)
ৱেবছাইট sikkim.gov.in

ছিক্কিম (ইংৰাজী: Sikkim; এই শব্দটোৰ বিষয়ে শুনক) হিমালয় পৰ্বতমালাৰ ওপৰত অৱস্থিত উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ছিক্কিমৰ জনসংখ্যা আৰু মাটিকালি ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত গোৱাৰ পিছতেই আটাইতকৈ কম।[1] ছিক্কিম নামজ্ঞাল ৰাজবংশৰ দ্বাৰা শাসিত এখন স্বাধীন ৰাষ্ট্ৰ আছিল। কিন্তু প্ৰশাসনিক সমস্যাৰ ফলত হোৱা এক জনমতৰ পিছত ই ভাৰতবৰ্ষৰ লগত মিলি যায়। ইয়াৰ ফলতেই ছিক্কিমত ৰাজতন্ত্ৰৰ অন্ত তথা ইয়াত ভাৰতীয় সংবিধানৰ নিয়ম-প্ৰণালীৰ মতে এখন ৰাজ্যলৈ পৰিৱৰ্তন হয়।

এই ৰাজ্যৰ পশ্চিমে নেপাল, উত্তৰ আৰু পূব দিশত তিব্বত, দক্ষিণ-পূবে ভূটান আৰু দক্ষিণে পশ্চিমবংগ ৰাজ্য অৱস্থিত।[2] ভাৰতবৰ্ষৰ ছিক্কিম হৈছে এনে এক ৰাজ্য য'ত নেপালী সম্প্ৰদায় মানুহৰ সংখ্যা সকলোতকৈ বেছি।[3] ইয়াত ১১টাকৈ চৰকাৰী ভাষা ব্যৱহৃত হয়- নেপালী, লেপছা, ভূটিয়া, লিম্বু, নেৱাৰী, ৰায়, গুৰুঙ, মাংগাৰ, শ্বেৰ্পা, তামাঙ আৰু ছুনৱাৰ।[4][5] স্কুল সমূহত শিক্ষাৰ মাধ্যম হিচাপে আৰু চৰকাৰী নথি-পত্ৰত ইংৰাজী ব্যৱহৃত হয়। গেংটক হৈছে ছিক্কিমৰ ৰাজধানী আৰু ইয়াৰ আটাইতকৈ ডাঙৰ চহৰ।

শুনা যায় যে, বৌদ্ধ সন্ন্যাসী গুৰু ৰিম্পৌচেয়ে নৱম শতিকাত ছিক্কিম ভ্ৰমণ কৰি বৌদ্ধ ধৰ্ম আৰু ৰাজতন্ত্ৰৰ প্ৰচাৰ চলাইছিল। ১৬৪২ চনত নামজ্ঞাল ৰাজবংশৰ প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ ১৫০ বছৰৰ ভিতৰত এই ৰাজ্যখনত নেপালী আক্ৰমণকাৰীয়ে লুণ্ঠন তথা বহুতো প্ৰাদেশিক ক্ষতিসাধন কৰিছিল। ইয়াৰ পিছতেই এই ৰাজখনে ব্ৰিটিছ শাসকৰ লগত সম্বন্ধ স্থাপন কৰিছিল। কিন্তু কিছুদিন পিছতেই, তেওঁলোকে ছিক্কিমক নিজৰ শাসনলৈ আনি ইয়াক এখন ব্ৰিটিছ সংৰক্ষিত ৰাজ্যলৈ পৰিৱৰ্তন কৰিছিল। ১৯৭৫ চনৰ এক জনমতৰ পাছত ই এখন ৰাজ্য হিচাপে ভাৰতবৰ্ষৰ লগত মিলি যায়।

পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ কাঞ্চনজংঘা, ছিক্কিমৰ উত্তৰ-পশ্চিম দিশত নেপালৰ সীমাৰ ওচৰত অৱস্থিত। ইয়াক ছিক্কিমৰ বহুতো ঠাইৰপৰা দেখা পোৱা যায়। হিন্দু আৰু বজ্ৰয়ান বৌদ্ধ ধৰ্মই হৈছে প্ৰধান ধৰ্ম। ইয়াৰ অৰ্থনৈতিক অৱস্থা কৃষি আৰু পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল।

নামৰ উৎপত্তি[সম্পাদনা কৰক]

ছিক্কিম শব্দটো দুটা লিম্বু শব্দ: ছু অৰ্থাৎ "নতুন" আৰু খ্যিম অৰ্থাৎ "ৰাজপ্ৰসাদ" বা "ঘৰ" ৰ পৰা গঠিত হৈছে। বিশ্বাস কৰা হয় যে, এই নামটোৱে ৰাজ্যখনৰ প্ৰথমজন শাসনকৰ্তা ফুণ্টচুক নামজ্ঞালৰ দ্বাৰা নিৰ্মিত ৰাজপ্ৰসাদলৈ দৰ্শায়। তিব্বেতীয় ভাষাত ছিক্কিমৰ নাম হৈছে ডেঞ্জঙ (Denjong), অৰ্থাৎ "ধানৰ উপত্যকা। "[6] ছিক্কিমৰ মূল অধিবাসী লেপছাসকলে ইয়াক নিয়ে-মে-এল (Nye-mae-el) বুলি কয়, অৰ্থাৎ "স্বৰ্গৰ উদ্যান। "[7] আৰু ভূটীয়া সকলে বেয়ুল ডেমাজঙ (Beyul Demazong), অৰ্থাৎ "ধানৰ গুপ্ত উপত্যকা" (the hidden valley of rice) বুলি কয়।[7] হিন্দুৰ ধাৰ্মিক গ্ৰন্থত ছিক্কিমক ইন্দ্ৰকীল, অৰ্থাৎ দেৱৰাজ ইন্দ্ৰৰ বাগিছা বুলি জনা যায়।[8]

ভূগোল[সম্পাদনা কৰক]

সমগ্ৰ ৰাজ্যখন পাহাৰীয়া এলেকাৰ ভিতৰত পৰে আৰু বিভিন্ন স্থানৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰপৰা ২৮০ মিটাৰ (৯২০ ফুট) ৰপৰা ৮৫৮৫ মিটাৰ (২৮,০০০ ফুট)লৈকে দেখা যায়। পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ আৰু ভাৰতবৰ্ষৰ উচ্চতম শৃংগ কাঞ্চনজংঘা নেপাল-ছিক্কিম সীমান্তত অৱস্থিত।[1] ৰাজ্যখনৰ অংশই কৃষিৰ বাবে অনুপযোগী। তথাপি, বহুতো এঢলীয়া ঠাই কৃষিৰ বাবে উপযোগী কৰি তোলা হৈছে। ছিক্কিমৰ দক্ষিণ আৰু পশ্চিম অঞ্চলত বহুতো বৰফৰ ফলত উৎপত্তি হোৱা নিজৰা আছে। ইয়াৰ পৰাই তিস্তা আৰু ইয়াৰ উপনদী সমূহ তথা ৰংগীত নদীৰ উৎপত্তি হৈছে। ৰংগীত নদীখন উত্তৰৰপৰা দক্ষিণলৈ বৈ গৈছে।[9] ৰাজ্যখনৰ এক-তৃতীয়াংশ অঞ্চল ঘন অৰণ্যৰে আৱৰা।

বাওঁফালৰ পৰা সোঁফাললৈ: ৮,৫৮৬ মিটাৰ (২৮,১৭০ ফুট) উচ্চতাৰ কাঞ্চনজংঘা পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ আৰু ভাৰতবৰ্ষৰ উচ্চতম শৃংগ; উত্তৰ ছিক্কিমত অৱস্থিত কাঞ্চনজংজ্ঞেয় হিমালয় পৰ্বতমালা; গুৰুডঙমাৰ হ্ৰদ

ছিক্কিমৰ উত্তৰ, পূব আৰু পশ্চিম সীমান্তত হিমালয় পৰ্বতমালাই বেঢ়ি ধৰি আছে। ৰাজ্যখনত মুঠ ২৮টা শৃংগ, ৮০ টাৰো অধিক হিমবাহ,,[10] ২২৭টা হ্ৰদ (ছাঙগো', গুৰুডঙমাৰ আৰু খেচিয়'পাল্ৰীৰ দৰে উল্লেখযোগ্য হ্ৰদ), পাঁচোটাকৈ গৰম পানীৰ উঁহ আৰু ১০০ খনৰো অধিক নদী আৰু নিজৰা আছে। ইয়াৰ উপৰিও আঠটা গিৰিপথ আছে, যিয়ে ৰাজ্যখনক তিব্বত, ভূটান আৰু নেপালৰ লগত সংযোগ কৰিছে।[11]

প্ৰশাসনিক বিভাজন[সম্পাদনা কৰক]

ছিক্কিমৰ জিলা আৰু ইয়াৰ সদৰসমূহ

ছিক্কিমক চাৰিখন জিলাত ভাগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া জিলা উপায়ুক্তই এই জিলা সমূহ পৰিচালনা কৰে। এই জিলা সমূহ পুনৰ মহকুমাত ভাগ কৰা হৈছে। ৰাজ্যখনৰ বহুতো অংশ ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা নিয়ন্ত্ৰিত। কাৰণ, ছিক্কিমত চীনৰ লগত বহুতো স্পৰ্শকাতৰ সীমান্তৱৰ্তী এলেকা আছে। বহুতো অঞ্চল বিদেশী লোকৰ বাবে নিষিদ্ধ কৰা আছে আৰু সেই ঠাই সমূহ ভ্ৰমণ কৰিবৰ বাবে বিশেষ চৰকাৰী অনুমতিৰ প্ৰয়োজন।

জিলা জিলাৰ সদৰ[12] মহকুমা[13]
পূৱ ছিক্কিম গেংটক পাকয়ং (Pakyong), ৰংগলি (Rongli)
পশ্চিম ছিক্কিম গেইজিঙ (Geyzing) ছ’ৰেং (Soreng)
উত্তৰ ছিক্কিম মাংগন (Mangan) ছুঙথাঙ (Chungthang)
দক্ষিণ ছিক্কিম নামছি (Namchi) ৰাৱাংগলা (Ravangla)

সংস্কৃতি[সম্পাদনা কৰক]

বৌদ্ধ ধৰ্মী লোকসকলৰ পৰম্পৰাগত উৎসৱ ল'ছাৰৰ সময়ত গুম্পা নৃত্য কৰা দেখা গৈছে

ছিক্কিমৰ অধিকাংশ নেপালী লোকেই হিন্দু সকলৰ প্ৰায়বিলাক উৎসৱেই উৎযাপন কৰে। ইয়াৰ ভিতৰত দেৱালী আৰু ’বিজয়া দশমী’ প্ৰধান। পৰম্পৰাগত স্থানীয় উৎসৱ, যেনে মাঘে সংক্ৰান্তি আৰু ভীমসেন পূজাও জনপ্ৰিয়।[14] বৌদ্ধ ধৰ্মী লোকসকলৰ উৎসৱ সমূহৰ মাজত ল'ছাৰ, লোছাঙ, ছাগা দেৱা, লাবাব ডুয়েছেন, দ্ৰুপকা টেছী আৰু ভীমছু প্ৰধান। ল'ছাৰ উৎসৱ (তিব্বতীয় সকলৰ নৱবৰ্ষ)ৰ উপলক্ষে, বহুতো কাৰ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠান সমূহ এসপ্তাহলৈকে বন্ধ থাকে।[15] ছিক্কিমৰ মুছলমান ধৰ্মৰ লোকসকলে ইদ-উল-ফিটৰ আৰু মহৰম উৎযাপন কৰে।[16] পৰ্য্যটকক আকৰ্ষিত কৰিবলৈ আজিকালি গেংটকত খ্ৰীষ্টমাছ উৎযাপন কৰা হয়।[17]

জনগাঁঠনি[সম্পাদনা কৰক]

ধৰ্ম[সম্পাদনা কৰক]

ছিক্কিমৰ গেংটকত অৱস্থিত "Rumtek Monastery" নামৰ তিব্বতীয় বৌদ্ধ মঠৰ দৃশ্য

নেপালী সকলৰ আগমনৰ পিছৰ পৰাই ৰাজ্যখনৰ প্ৰধান ধৰ্ম হিন্দু হৈ পৰে। বৰ্তমান ছিক্কিমৰ মুঠ জনসংখ্যাৰ ৬০.৯৩% লোকেই হৈছে হিন্দু ধৰ্মৰ লোক। দ্বিতীয় সৰ্বাধিক লোক থকা ধৰ্ম হৈছে বৌদ্ধ ধৰ্ম (২৮.১%) আৰু ইয়াঅত ৭৫টা বৌদ্ধ বিহাৰ (Buddhist monastery) আছে।[18] খ্ৰীষ্টান ধৰ্মৰ (৬.৬%) লোকসকলৰ অধিকাংশই লেপছা। এইলোকক ১৯শতিকাৰ শেষ ভাগত ব্ৰিটিছ মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্মলৈ পৰিৱৰ্তন কৰাইছিল। বাকী প্ৰায় ১% মুছলিম আৰু জৈন ধৰ্মৰ লোক আছে।[19]

ভাষা[সম্পাদনা কৰক]

ছিক্কিমৰ সকলোৱে বুজিব পৰা উমৈহতীয়া ভাষা (lingua franca) হৈছে নেপালী। তথাপি ভূটীয়া আৰু লেপছা ভাষা কিছুমান অঞ্চলত কোৱা হয়। ছিক্কিমৰ প্ৰায়বিলাক ঠাইতে হিন্দী আৰু ইংৰাজী ভাষা বুজা আৰু কোৱা হয়। বাকী ভাষাসমূহৰ ভিতৰত জংখা, গ্ৰমা, লিম্বু, ৰায়, গুৰুঙ, মাগৰ, শ্বেৰ্পা, তামাঙ, মাঝি, মাঝৱাৰ, নেপাল ভাষা, ছিক্কিমিছ, থুলুঙ, তিব্বেতিয়ান আৰু য়াখা[20]

পৰিবহণ[সম্পাদনা কৰক]

বিমান সেৱা[সম্পাদনা কৰক]

বৰ্তমান ছিক্কিমত কোনো বিমান বন্দৰ নাই। ইয়াৰ কাৰণ হৈছে ৰাজ্যখনৰ অসমান ভূমিভাগ। তথাপি, ৰাজ্যখনৰ প্ৰথমটো বিমান বন্দৰটো গেংটকৰ পৰা ৩০ কিঃমিঃ (১৯মাইল) নিলগৰ পাকয়ংত নিৰ্মাণ কৰাৰ যো-জা চলি আছে। বৰ্তমান ইয়াৰ নিকটতম বিমান বন্দৰ হৈছে পশ্চিমবংগৰ শিলিগুড়িৰ ওচৰৰ বাগডোগ্ৰা বিমান বন্দৰ। ই গেংটকৰ পৰা প্ৰায় ১২৪ কিঃমিঃ দূৰত অৱস্থিত। ছিক্কিম হেলিকপ্টাৰ ছাৰ্ভিছয়ে গেংটকৰপৰা বাগডোগ্ৰালৈ দৈনিক বিমান সেৱা আগবঢ়ায়। ৩০ মিনিটৰ এই বিমান যাত্ৰাটো দৈনিক এবাৰহে চলে আৰু প্ৰতিবাৰত ৪জন যাত্ৰী কঢ়িয়াব পাৰে।[21]

ৰেলসেৱা[সম্পাদনা কৰক]

বৰ্তমানলৈকে ছিক্কিমত কোনো ৰেলসেৱা নাই। ইয়াৰ নিকটতম ৰেলৱে ষ্টেচন হৈছে পশ্চিমবংগৰ শিলিগুড়ি আৰু নিউ জলপাইগুড়ি।[22] তথাপি ছিক্কিমৰ ৰাংপ' আৰু পশ্চিমবংগৰ ছেৱকৰ সৈতে ৰেলপথেৰে সংযোগ কৰিবলৈ এটা আঁচনি ঘোষণা কৰা হৈছে। এই আঁচনিটো ২০১৫ চনত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে।[23][24]

পথ[সম্পাদনা কৰক]

৩১ ক নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ- এই দুয়োটাই শিলিগুড়ি আৰু গেংটকক সংযোগ কৰিছে।[25] ছিক্কিম ৰাষ্ট্ৰীয় পৰিবহণ বিভাগে বাছ আৰু ট্ৰাক সেৱা পৰিচালনা কৰে। ব্যক্তিগত খণ্ডৰ বাছ, টেক্সী আৰু জীপ গাড়ীয়ে সমগ্ৰ ছিক্কিমৰ সকলো ঠাইলৈ অহা-যোৱাৰ সুবিধা কৰাৰ লগতে শিলিগুড়িৰ লগতো সংযোগ কৰে। মেল্লীৰ পৰা অহা ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখাই পশ্চিম ছিক্কিমক সংযোগ কৰিছে। দক্ষিণ আৰু পশ্চিম ছিক্কিমৰ চহৰ সমূহ উত্তৰ পশ্চিমবংগৰ কালিমপঙ আৰু দাৰ্জিলিঙৰ লগত সংযোগ কৰিছে।[26] নাথুলা গিৰিপথে ৰাজ্যখনক তিব্বতৰ লগত সংযোগ কৰিছে।

শিক্ষা[সম্পাদনা কৰক]

ছিক্কিমত সাক্ষৰতাৰ হাৰ ৬৯.৬৮%। ইয়াৰ ভিতৰত পুৰুষৰ হাৰ ৭৬.৭৩% আৰু মহিলাৰ হাৰ ৬১.৪৬%। সমগ্ৰ ৰাজ্যখনত সৰ্বমুঠ ১১৫৭খন বিদ্যালয় আছে। ইয়াৰে ৭৬৫খন ৰাজ্য চৰকাৰ দ্বাৰা পৰিচালিত বিদ্যালয়, ৭খন কেন্দ্ৰীয় চৰকাৰী বিদ্যালয় আৰু ৩৮৫খন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে।[27] উচ্চতৰ শিক্ষাৰ বাবে ইয়াত ১২খন মহাবিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠান আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য শৈক্ষিক প্ৰতিষ্ঠান হৈছে ছিক্কিম মণিপাল ইউনিভাৰ্চিটি[1]। ই অভিযান্ত্ৰিক, ঔষধ আৰু মেনেজমেণ্ট, এই তিনিটা বিভাগত শিক্ষা প্ৰদান কৰে। ইয়াত বিভিন্ন বিভাগত দূৰ-সংযোগী শিক্ষা গ্ৰহণৰ (Distance Education Program, [2]) সুবিধাও আছে।[28] ছিক্কিমত ৰাজ্য চৰকাৰ দ্বাৰা পৰিচালিত দুখনকৈ পলিটেকনিক বিদ্যালয়: এডভাঞ্চড টেকনিকেল ট্ৰেনিং চেণ্টাৰ (Advanced Technical Training Centre, ATTC) আৰু চেণ্টাৰ ফৰ কম্পিউটাৰছ এণ্ড কমিউনিকেশ্বন টেকন'লজী (Computers and Communication Technology, CCCT) আছে। ইয়াত অভিযান্ত্ৰিক ক্ষেত্ৰৰ বিভিন্ন বিভাগত ডিপ্লমা প্ৰদান কৰা হয়। এডভাঞ্চড টেকনিকেল ট্ৰেনিং চেণ্টাৰ ছিংটামৰ বৰডাঙত আৰু চেণ্টাৰ ফৰ কম্পিউটাৰছ এণ্ড কমিউনিকেশ্বন টেকন'লজী নামছিৰ ছিছ'পানীত অৱস্থিত। ২০০৮ চনত ছিংটামৰ পৰা প্ৰায় ২৮ কিঃ মিঃ নিলগৰ য়ানগেঙত (Yangang) এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ছিক্কিম বিশ্ববিদ্যালয় স্থাপন কৰা হয়।[29] তথাপি, বহুতো ছাত্ৰ-ছাত্ৰী শিলিগুড়ি, ক'লকাতা, বাংগালোৰ অথবা ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈ উচ্চ শিক্ষাৰ বাবে যায়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Arjun Adlakha (April 1997). "Population Trends: India" (pdf). International brief. U.S. Department of Commerce. পৃষ্ঠা: 5. http://www.census.gov/ipc/prod/ib-9701.pdf#search=%22india%20state%20population%22। আহৰণ কৰা হৈছে: 4 November 2008. 
  2. "Physical Features of Sikkim". Department of Information and Public Relations, Government of Sikkim. 29 September 2005. Archived from the original on 2 July 2006. http://sikkimipr.org/GENERAL/ecosystem/ecosystem.htm। আহৰণ কৰা হৈছে: 12 October 2006. 
  3. http://www.sikkiminfo.net/nepalese.htm SikkimInfo.net. Retrieved 2011-09-24.
  4. Sonam Wangdi (Oct 13,2009). "Nepali Language in the Eighth Schedule of Constitution". Archived from the original on 5 March 2016. https://web.archive.org/web/20160305224021/http://darjeelingtimes.com/news/print/2208.html। আহৰণ কৰা হৈছে: 10 March 2010. 
  5. Lepcha has been an official language since 1977, Limbu since 1981, Tamang since 1995 and Sunwar since 1996.
  6. Bell, Charles Alfred (1987). Portrait of a Dalai Lama: the life and times of the great thirteenth. Wisdom Publications. পৃষ্ঠা. 25. ISBN 0-86171-055-X. 
  7. 7.0 7.1 "General information about Sikkim". Sikkim Tourism, Government of Sikkim. Archived from the original on 10 April 2008. https://web.archive.org/web/20080410033349/http://sikkimtournet.com/webforms/general/Introduction.aspx। আহৰণ কৰা হৈছে: 16 May 2008. 
  8. Datta, Amaresh (2006) [1988]. Encyclopaedia of Indian literature vol. 2. Sahitya Akademi. পৃষ্ঠা. 1739. ISBN 81-260-1194-7. 
  9. http://sikkim.nic.in/sws/glim_riv.htm Sikkim.Nic.in. Retrieved 2011-10-13.
  10. "First commission on study of glaciers launched by Sikkim". dstsikkim.gov.in. 2008-01-18. Archived from the original on 2011-07-21. https://web.archive.org/web/20110721155637/http://dstsikkim.gov.in/glacier/pressrelese.htm। আহৰণ কৰা হৈছে: 2011-06-19. 
  11. Kapadia, Harish (2001). "Appendix". Across peaks & passes in Darjeeling & Sikkim. Indus Publishing. পৃষ্ঠা. 154. ISBN 81-7387-126-4. 
  12. Mathew, K. M., ed. "India". Manorama Yearbook 2009. Malayala Manorama. পৃষ্ঠা. 660. ISBN 81-89004-12-3. 
  13. "Sikkim at a glance". Department of Information and Public Relations, Government of Sikkim. 29 September 2005. Archived from the original on 31 October 2005. http://www.sikkimipr.org/GENERAL/STATS/sikkimataglance.htm। আহৰণ কৰা হৈছে: 12 October 2006. 
  14. Choudhury 2006, পৃষ্ঠা. 35.
  15. Choudhury 2006, পৃষ্ঠা. 34.
  16. Bulletin of Tibetology. Namgyal Institute of Tibetology. 1995. পৃষ্ঠা. 79. 
  17. "Culture and Festivals of Sikkim". Department of Information and Public Relations, Government of Sikkim. 29 September 2005. Archived from the original on 14 July 2006. http://sikkimipr.org/GENERAL/CULTURE/LUCKY_SIGNS.htm। আহৰণ কৰা হৈছে: 12 October 2006. 
  18. Bareh 2001, পৃষ্ঠা. 9.
  19. Singh, Kumar Suresh (1992). Anthropological Survey of India. পৃষ্ঠা. 39. ISBN 81-7046-120-0. 
  20. Bareh 2001, পৃষ্ঠা. 10.
  21. "30 Years of Statehood In a Nutshell". Department of Information and Public Relations, Government of Sikkim. 24 November 2005. Archived from the original on 14 July 2006. http://sikkimipr.org/IPR/statehood/statehood_nutshell.htm। আহৰণ কৰা হৈছে: 12 October 2006. 
  22. Bhatt, S. C.; Gopal K. Bhargava (2001). "Transport and Communication". Land and people of Indian states and union territories in 36 volumes: Volume 24. Gyan Publishing House. পৃষ্ঠা. 76. ISBN 81-7835-380-6. 
  23. "North Bengal-Sikkim Railway Link". Railway Technology. http://www.railway-technology.com/projects/northbengalsikkimrai/। আহৰণ কৰা হৈছে: 2011-06-19. 
  24. The Hindu Business Line : Inspection survey for Sikkim rail link
  25. "Hill traffic slides to standstill". The Telegraph (Kolkata). 16 September 2006. http://www.telegraphindia.com/1060916/asp/siliguri/story_6752322.asp। আহৰণ কৰা হৈছে: 14 June 2009. 
  26. Choudhury 2006, পৃষ্ঠা. 84–87.
  27. Balmiki Prasad Singh Governor of Sikkim (26 February 2010). "In the process of Constitutional democracy, Sikkim has not lagged behind-Governor". http://www.sikkimipr.org/images/herald/Jan%2026.pdf। আহৰণ কৰা হৈছে: 11 March 2010. 
  28. Sailesh (26 June 2010). "Sikkim Manipal University-Distance Education". http://www.smude.edu.in। আহৰণ কৰা হৈছে: 26 June 2010. 
  29. Chettri, Vivek (4 February 2008). "Do-it-yourself mantra for varsity". The Telegraph. http://www.telegraphindia.com/1080204/jsp/siliguri/story_8858265.jsp। আহৰণ কৰা হৈছে: 15 May 2008. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]