মেঘালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Meghalaya
मेघालय
—  ৰাজ্য  —

Seal
ভাৰতত মেঘালয়ৰ অৱস্থান
মেঘালয়ৰ মানচিত্ৰ
ভৌগোলিক স্থানাংক (শ্বিলং): 25°34′N 91°53′E / 25.57°N 91.88°E / 25.57; 91.88স্থানাংক: 25°34′N 91°53′E / 25.57°N 91.88°E / 25.57; 91.88
দেশ  ভাৰত
প্ৰতিষ্ঠা ২১ জানুৱাৰী ১৯৭২
ৰাজধানী শ্বিলং
জিলা
চৰকাৰ
 - ৰাজ্যপাল
 - মুখ্যমন্ত্ৰী
 - বিধান সভা আসন এককক্ষীয় (৬০ খন আসন)
 - লোক সভা
 - উচ্চ ন্যয়ালয় মেঘালয় উচ্চ ন্যয়ালয়
মাটিকালি
 - মুঠ 22,720 কি.মি. (8,772.2 বৰ্গ মাইল)
অঞ্চলৰ স্থানাক ২২ তম
জনসংখ্যা (2011)
 - মুঠ 29,64,007
 - স্থান ২৩তম
 - জনঘনত্ব 130.5/কি.মি. (337.9/বৰ্গ মিটাৰ)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোড IN-ML
মানব বিকাশ সূচাংক (HDI) বৃদ্ধি 0.585 (medium)
মানব বিকাশ সূচাংকস্থান ১৯তম(২০০৫)
সাক্ষৰতা হাৰ ৭২.১% (১৫তম)
চৰকাৰী ভাষা খাচী, Pnar, গাৰো, হিন্দী, ইংৰাজী
ৱেবছাইট meghalaya.nic.in

মেঘালয় (ইংৰাজী: Meghalaya, (হিন্দী: मेघालय) হৈছে ভাৰতবৰ্ষউত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য। সংস্কৃত ভাষাত "মেঘালয়" শব্দৰ অৰ্থ হৈছে ডাৱৰৰ নিবাস (Abode of Clouds)। পূবা-পশ্চিমাকৈ ই প্ৰায় ৩০০ কিঃমিঃ আৰু বহলে প্ৰায় ১০০ কিঃমিঃ। ইয়াৰ উত্তৰে অসম আৰু দক্ষিণে বাংলাদেশ অৱস্থিত। মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলঙ। শ্বিলঙক পূবৰ স্কটলেণ্ড বুলিও জনা যায়।

পূৰ্বতে মেঘালয় অসমৰ এক অংশ আছিল। কিন্তু, ১৯৭২ চনৰ ২১ জানুৱাৰী তাৰিখে খাচী, গাৰো আৰু জয়ন্তীয়া জিলা লৈ মেঘালয় নামৰ এখন নতুন ৰাজ্য গঠন কৰা হয়।

মেঘালয়ৰ অৰ্থনৈতিক অৱস্থা মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল। ইয়াত উৎপাদিত কেইবিধমান উল্লখযোগ্য শস্য হৈছে: আলু, ধান, ঘেহুঁ, আনাৰস, কল ইত্যাদি।

ইতিহাস[সম্পাদনা কৰক]

১৯৭২ চনৰ ২১ জানুৱাৰীত সেই সময়ৰ অসমখাচী হিলছ আৰু জয়ন্তীয়া হিলছ আৰু গাৰো হিলছ এই দুখন জিলা কেন্দ্ৰ কৰি মেঘালয় ৰাজ্য গঠন কৰা হয়। পূৰ্ণ ৰাজ্য হিচাপে মৰ্য্যাদা পোৱাৰ আগতে ১৯৭০ চনত মেঘালয় স্বায়ত্ব শাসিত অঞ্চল আছিল।

১৯শতিকাত ব্ৰিটিছ শাসনৰ অধীনলৈ অহাৰ আগতে খাচী, গাৰো আৰু জয়ন্তীয়া জনগোষ্ঠীসকলৰ নিজৰ নিজৰ ৰাজ্য আছিল। ১৮৩৫ চনত ব্ৰিটিছে মেঘালয়ক অসমৰ লগত অন্তৰ্ভূক্ত কৰে। ব্ৰিটিছৰ অধীনত থকা সত্বেও মেঘালয়ে আংশিকভাৱে স্বাধীন অঞ্চলৰ মৰ্য্যাদা পাইছিল।

১৯০৫ চনৰ ১৬ অক্টোবৰত লৰ্ড কাৰ্জনে যেতিয়া বংগ ভংগ কৰিছিল, তেতিয়া মেঘালয়ক পূৰ্ব বংগ আৰু অসম ৰাজ্য (Eastern Bengal and Assam)ৰ অন্তৰ্ভূক্ত কৰা হৈছিল। ১৯১২ চনত যেতিয়া ৰাজ্যসমূ্হৰ অঞ্চলসমূহ পুনৰ সালসলনি কৰা হৈছিল, তেতিয়া মেঘালয়ক অসম ৰাজ্যৰ অন্তৰ্ভূক্ত কৰা হয়।

১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ সময়ত, বৰ্তমান সময়ৰ মেঘালয় অসমৰ দুখন জিলা আছিল। সেই সময়ত অসমৰ ভিতৰতে থাকি মেঘালয়ে আংশিকভাৱে স্বায়ত্ব শাসিত অঞ্চলৰ মৰ্য্যাদা পাইছিল। ১৯৭০ চনৰ ২ এপ্ৰিলত অসমৰ ভিতৰতে মেঘালয়ক স্বায়ত্ব শাসিত ৰাজ্য ঘোষণা কৰা হয় আৰু ৩৭ খন আসনৰ সৈতে নিজাববীয়াকৈ বিধানসভা গঠিত হয়।

১৯৭১ চনত সংসদে "North-Eastern Areas (Reorganization) Act, 1971" আইন মঞ্জুৰ কৰে। সেই অনুসৰি ১৯৭২ চনৰ ২১ জানুৱাৰীত মেঘালয়ক পূৰ্ণ ৰাজ্য ঘোষণা কৰা হয় আৰু নিজস্ব বিধানসভা গঠন কৰা হয়।

ভূগোল[সম্পাদনা কৰক]

শ্বিলঙৰ ওচৰৰ উমিয়াম হ্ৰদ

মেঘালয় মালভূমি নামেৰেও মেঘালয়ক জনা যায়। ইয়াত বহুতো খনিজ সম্পদ পোৱা যায়। ইয়াৰ ভিতৰত কয়লা, চূণশিল, ইউৰেনিয়াম আৰু ছিলিমেনাইট প্ৰধান। মেঘালয়ৰ নদীসমূ্হৰ পানী বৰষুণৰ ওপৰত নিৰ্ভৰশীল। গাৰো হিলছ অঞ্চলৰ প্ৰধান নদীসমূহৰ নাম হৈছে ডৰিং (Daring), সান্দা (Sanda), বান্দ্ৰা, ভোগাই, ডাৰেঙ (Dareng), সিমসাঙ (Simsang), নিতাই আৰু ভূপাই প্ৰধান। মধ্য আৰু পূব মালভূমি অঞ্চলৰ প্ৰধান নদীসমূহ হৈছে উমখ্ৰি (Umkhri), ডিগাৰু, উমিয়াম, মাউপা (Mawpa), বৰাপানী, মাইনৎডু (Myntdu) আৰু মাইঙত (Myngot)। দক্ষিণ খাচী হিলছ অঞ্চলত কেইবাটাও জলপ্ৰপাত দেখিবলৈ পোৱা যায়।

এই মালভূমিৰ সৰ্বনিম্ন উচ্চতা হৈছে ১৫০ মিটাৰ আৰু সৰ্ব্বোচ্চ উচ্চতা হৈছে ১৯৬১ মিটাৰ। আটাইতকৈ ওখ অঞ্চল হৈছে মধ্য মালভূমিৰ অঞ্চলৰ খাচী হিলছ। পূব মালভূমিটো জয়ন্তীয়া হিলছ অঞ্চল। মেঘালয়ৰ আটাইতকৈ উচ্চ স্থান হৈছে শ্বিলঙ পিক (Shillong Peak)। ১৯৬১ মিটাৰ উচ্চতাৰ এই স্থানটো ভাৰতীয় বায়ু সেনাৰ এক প্ৰসিদ্ধ আস্থান। পশ্চিম মালভূমি অঞ্চলৰ গাৰো হিলছ প্ৰায় সমতল। ইয়াৰ আটাইতকৈ উচ্চ স্থান হৈছে ১৫১৫ মিটাৰ উচ্চতাৰ নকৰেক পিক (Nokrek Peak)।

জনগাঁথনি[সম্পাদনা কৰক]

মেঘালয়ৰ মুঠ জনসংখ্যাৰ অধিকাংশই হৈছে জনগোষ্ঠীয় লোক। খাচীসকলৰ জনসংখ্যা সকলোতকৈ অধিক। মেঘালয়ত বাস কৰা আন জনগোষ্ঠীসমূহ হৈছে: গাৰো, জয়ন্তীয়া, কোচ, বড়ো, হাজঙ, ডিমাছা, কুকি, লাখাৰ, মিকিৰ, ৰাভা, নেপালী আৰু Hmar।

পূব খাচী আৰু জয়ন্তীয়া হিলছৰ অধিকাংশ লোকেই হৈছে নেপালী। কৃষি আৰু পশু-পালনেই হৈছে তেওঁলোকৰ মূল জীৱিকা। বহু সংখ্যক ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত সৈনিক (গোৰ্খা) শ্বিলঙত বাস কৰে। তুৰা আৰু শ্বিলঙৰ নেপালী লোকসকল মূলতঃ ব্যৱসায়ৰ লগত জড়িত। নেপালীসকলৰ অধিকাংশই হৈছে হিন্দু ধৰ্মৰ লোক আৰু আন কিছুমানে খ্ৰীষ্টান ধৰ্ম মানি চলে।

মেঘালয়ৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭০.৩% লোক হৈছে খ্ৰীষ্টান ধৰ্মৰ লোক[2]। মুঠ জনসংখ্যাৰ ১১.৫% লোকে পৰম্পৰাগত animist ধৰ্ম মানি চলে (লোকপিয়লত অন্যান্য বুলি উল্লেখ কৰা হৈছে)[2] আৰু ৪.৩% লোক হৈছে মুছলিম ধৰ্ম[2]

২০০১ চনৰ লোকপিয়ল অনুসৰি মেঘালয়ৰ লিংগ অনুপাত হৈছে ৯৮৬। নগৰ অঞ্চলৰ লিংগ অনুপাত (৯৮৫) গ্ৰাম্য অঞ্চলৰ লিংগ অনুপাত (৯৭২)তকৈ বেছি।

ধৰ্ম[সম্পাদনা কৰক]

মেঘালয়ৰ ধৰ্মসমূহ
ধৰ্ম শতকৰা হাৰ
খ্ৰীষ্টান ধৰ্ম
  
70.25%
হিন্দু ধৰ্ম
  
13.27%
অন্যান্য ধৰ্মসমূহ (Animist)
  
11.52%
ইছলাম ধৰ্ম
  
4.27%
শিখ ধৰ্ম, জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম
  
0.71%

গাৰো জনগোষ্ঠীৰ প্ৰায় ৯০% শতাংশ আৰু খাচী জনগোষ্ঠীৰ প্ৰায় ৮০% শতাংশ লোক হৈছে খ্ৰীষ্টান ধৰ্মীলোক। হাজং সকলৰ ৯৭% শতাংশৰো অধিক লোক আৰু কোঁচ সকলৰ ৯৮.৫৩% শতাংশ লোকেই হৈছে হিন্দু ধৰ্মৰ।

২০০১ চনৰ লোকপিয়ল মতে ৬৮৯,৬৩৯ জন জীৱিত গাৰো জনগোষ্ঠীৰ লোকৰ ভিতৰত মাত্ৰ ৪৯,৯১৭ জন লোকেহে তেওঁলোকৰ মূল ধৰ্ম "সংগসাৰেক" (Songsarek) মানি চলে। আন গাৰো লোক সকলৰ ভিতৰত ৯,১২৯ জন হিন্দু ধৰ্মৰ লোক, ৯৯৯ জন বৌদ্ধ ধৰ্মৰ আৰু ৯,৯৮০ জন ইছলাম ধৰ্মৰ লোক।

খাচী জনগোষ্ঠীৰ লোক সকলৰ ভিতৰত বহুতো লোকে তেওঁলোকৰ মূল ধৰ্ম "নিয়াম শ্নঙ/ নিয়ামত্ৰে" (Niam Shnong / Niamtre) মানি চলে। ১,১২৩,৪৯০ জন খাচী লোকৰ ভিতৰত ২০২,৯৭৮ জন লোকে স্থানীয় ধৰ্ম মানি চলে। আন খাচী জনগোষ্ঠীৰ লোক সকলৰ ভিতৰত ১৭,৬৪১ জন হিন্দু ধৰ্মৰ লোক আৰু ২,৯৭৭ জন ইছলাম ধৰ্মৰ লোক।

ইয়াৰ উপৰিও মেঘালয়ত বিভিন্ন জনগোষ্ঠীৰ লোকে বসবাস কৰে। যেনে: হাজং (৩১,৩৮১ - ৯৭.২৩% হিন্দু), কোঁচ (২১,৩৮১ - ৯৮.৫৩% হিন্দু), "সিনটেং" (Synteng) (১৮,৩৪২ - ৮০% খ্ৰীষ্টান), ৰাভা (২৮,১৫৩ - ৯৪.৬০% হিন্দু), মিকিৰ (১১,৩৯৯ - ৫২% খ্ৰীষ্টান আৰু ৩০% হিন্দু), আৰু কুকি-চিন (১০,০৮৫ - ৭৩% খ্ৰীষ্টান আৰু ২৬% হিন্দু)।

ভাষা[সম্পাদনা কৰক]

মেঘালয়ৰ ভাষাসমূহ[3]
ভাষা ভাষাৰ পৰিয়াল ভাগ
খাচী অষ্ট্ৰো-এছীয় (ইং ৱিকি: Austro-Asiatic languages) 45.05 %
গাৰো তিব্বতীয়-বাৰ্মীজ (ইং ৱিকি: Tibeto-Burman languages) 31.41 %
বেংগলী ইণ্ডো-আৰ্য্য (ইং ৱিকি: Indo-Aryan languages) 8.04 %
নেপালী ইণ্ডো-আৰ্য্য 8.26 %
হিন্দী ইণ্ডো-আৰ্য্য 2.17 %
মাৰাঠী ইণ্ডো-আৰ্য্য 1.67 %
অসমীয়া ইণ্ডো-আৰ্য্য 1.58 %
মৰম[দ্ব্যৰ্থতা দূৰীকৰণৰ প্ৰয়োজন ] তিব্বতীয়-বাৰ্মীজ ভাষা 1.53 %
ৰাভা তিব্বতীয়-বাৰ্মীজ ভাষা 0.97 %
কোঁচ তিব্বতীয়-বাৰ্মীজ ভাষা 0.90 %

মেঘালয়ৰ প্ৰধান ভাষাসমূহ হৈছে খাচী, Pnar, গাৰো আৰু চৰকাৰী ভাষা হৈছে ইংৰাজী[4]


খাচী মেঘালয়ৰ এটা প্ৰধান ভাষা। ৰাজ্যখনৰ প্ৰায় ৯০০,০০০ লোকে খাচী ভাষা ব্যৱহাৰ কৰে। খাচী ভাষাৰ বহুতো শব্দ ইণ্ডো-আৰ্য্য ভাষা যেনে নেপালী, বাংলা আৰু অসমীয়া (ইং ৱিকি: Indo-Aryan languages)ৰ পৰা আহিছে। খাচী ভাষাৰ কোনো লিখিত লিপি নাই। এতিয়াও ব্যৱহৃত হোৱা Mon–Khmer ভাষাৰ ভিতৰত খাচী ভাষা অন্যতম।

গাৰো ভাষাৰ কোচ আৰু বড়ো ভাষাৰ লগত মিল দেখা যায়। বহুতো লোকে গাৰো ভাষাতো বিভিন্ন উপভাষা (যেনে: Abeng বা Ambeng, Atong, Akawe (বা Awe), Matchi Dual, Chibok, Chisak Megam বা Lyngngam, Ruga, Gara-Ganching আৰু Matabeng ) হিচাপে ব্যৱহাৰ কৰে[5]

আন এটা উল্লেখযোগ্য ভাষা হৈছে জয়ন্তীয়া হিলছ জিলাৰ লোকসকলে ব্যৱহাৰ কৰা ভাষাটো। এই ভাষাটো খাচী ভাষাৰ লগত বহু মিল আছে। Khynriam, Bhoi, Pnar আৰু War জনগোষ্ঠীৰ লোকসকলে জয়ন্তীয়া ভাষাৰ লগতে খাচী ভাষাও ব্যৱহাৰ কৰে।

ইয়াৰ উপৰিও ৰাজ্যখনৰ ব্বহুতো ঠাইত নেপালীভাষা ব্যৱহাৰ কৰা হয়।

জিলাসমূহ[সম্পাদনা কৰক]

জয়ন্তীয়া হিলছৰ কয়লাখনিৰ বাহিৰত শ্ৰমিক

মেঘালয়ত মুঠ ১১ খন জিলা আছে।

জয়ন্তীয়া হিলছ:

জিলা সদৰ
পশ্চিম জয়ন্তীয়া হিলছ জোৱাই
পূব জয়ন্তীয়া হিলছ Khliehriat

খাচী হিলছ:

জিলা সদৰ
পূব খাচী হিলছ শ্বিলং
পশ্চিম খাচী হিলছ Nongstoin
দক্ষিণ পশ্চিম খাচী হিলছ Mawkyrwat
ৰি-ভৌই (Ri-Bhoi) Nongpoh

গাৰো হিলছ:

জিলা সদৰ
উত্তৰ গাৰো হিলছ Resubelpara
পূব গাৰো হিলছ Williamnagar
দক্ষিণ গাৰো হিলছ Baghmara
পশ্চিম গাৰো হিলছ তুৰা
দক্ষিণ পশ্চিম গাৰো হিলছ Ampati


জয়ন্তীয়া হিলছ জিলা[সম্পাদনা কৰক]

১৯৭২ চনৰ ২২ ফেব্ৰুৱাৰীত জয়ন্তীয়া হিলছ জিলা গঠন কৰা হয়। ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ মাটিকালি হৈছে ৩৮১৯ বৰ্গ কিঃমিঃ (১৪৭৫ বৰ্গ মাইল) আৰু জনসংখ্যা হৈছে ২৯৫,৬৯২। জিলাখনৰ সদৰ হৈছে জোৱাই। ৰাজ্যখনৰ আটাইতকৈ বেছি কয়লা ইয়াতেই পোৱা যায়।

পূব খাচী হিলছ জিলা[সম্পাদনা কৰক]

১৯৭৬ চনৰ ২৮ অক্টোবৰ তাৰিখে খাচী হিলছ জিলাৰ পৰা পূব খাচী হিলছ জিলাখন গঠন কৰা হয়। জিলাখনৰ মাটিকালি হৈছে ২৭৪৮ বৰ্গ কিঃমিঃ (১০৬১ বৰ্গ মাইল) আৰু ২০০১ চনৰ লোকপিয়ল মতে মুঠ জনসংখ্যা ৬৬০,৯২৩ জন। পূব খাচী হিলছ জিলাৰ সদৰ হৈছে শ্বিলং

ৰি ভৌই জিলা[সম্পাদনা কৰক]

১৯৯২ চনৰ ৪ জুনত পূব খাচী হিলছ জিলাখনক পুনৰ বিভাজিত কৰি ৰি ভৌই জিলা গঠন কৰা হয়। জিলাখনৰ মাটিকালি হৈছে ২৪৪৮ বৰ্গ কিঃমিঃ (৯৪৫ বৰ্গ মাইল)। ২০০১ চনৰ লোকপিয়ল মতে, জিলাখনৰ মুঠ জনসংখ্যা ১৯২,৭৯৫ জন। ৰি ভৌই জিলাৰ সদৰ হৈছে Nongpoh। ইয়াৰ ভূ-ভাগ পাহাৰীয়া আৰু অধিকাংশ অঞ্চল অৰণ্যৰে ভৰা। ৰি ভৌই জিলা মাটিকঁঠালৰ বাবে জনাজাত আৰু ৰাজ্যখনৰ ভিতৰত আটাইতকৈ বেছি মাটিকঁঠাল উৎপাদন হয়।

পশ্চিম খাচী হিলছ জিলা[সম্পাদনা কৰক]

মাটিকালি ফালৰ পৰা, পশ্চিম খাচী হিলছ জিলা হৈছে মেঘালয়ৰ আটাইতকৈ ডাঙৰ জিলা। মুঠ মাটিকালি ৫২৪৭ বৰ্গ কিঃমিঃ (২০২৬ বৰ্গ মাইল)। ১৯৭৬ চনৰ ২৮ অক্টোবৰত খাচী হিলছ জিলা বিভাজন কৰি এই জিলাখন গঠন কৰা হৈছিল। জিলাখনৰ সদৰ হৈছে Nongstoin।

পূব গাৰো হিলছ জিলা[সম্পাদনা কৰক]

১৯৭৬ চনত পূব গাৰো হিলছ জিলা গঠন কৰা হৈছিল। ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ মুঠ জনসংখ্যা হৈছে ২৪৭,৫৫৫। জিলাখনৰ সদৰ হৈছে ৱিলিয়ামনগৰ (পূৰ্বতে Simsangiri নামেৰে জনা গৈছিল)। জিলাখনৰ মুঠ মাটিকালি হৈছে ২৬০৩ বৰ্গ কিঃমিঃ (১০০৫ বৰ্গ মাইল)। জিলাখনৰ Nongalbibra নামৰ নগৰখনত বহুতো কয়লাখনি আছে।

পশ্চিম গাৰো হিলছ জিলা[সম্পাদনা কৰক]

পশ্চিম গাৰো হিলছ জিলাৰ মুঠ মাটিকালি হৈছে ৩৭১৪ বৰ্গ কিঃমিঃ (১৪৩৪ বৰ্গ মাইল) আৰু ই ৰাজ্যখনৰ পশ্চিম দিশত অৱস্থিত। ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ মুঠ জনসংখ্যা হৈছে ৫১৫,৮১৩। পশ্চিম গাৰো হিলছ জিলাৰ সদৰ হৈছে তুৰা

দক্ষিণ গাৰো হিলছ জিলা[সম্পাদনা কৰক]

১৯৯২ চনৰ ১৮ জুনত পশ্চিম গাৰো হিলছ জিলাক বিভাজিত কৰি দক্ষিণ গাৰো হিলছ জিলা গঠন কৰা হয়। মুঠ মাটিকালি হৈছে ১৮৫০ বৰ্গ কিঃমিঃ (৭১০ বৰ্গ মাইল)। ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ মুঠ জনসংখ্যা হৈছে ৯৯,১০০। দক্ষিণ গাৰো হিলছ জিলাৰ সদৰ হৈছে বাঘমাৰা (Baghmara)।

জলবায়ু[সম্পাদনা কৰক]

চেৰাপুঞ্জীৰ এখন ফলক

মেঘালয় পৃথিৱীৰ আটাইতকৈ সেমেকা ঠাই। ইয়াৰ কিছুমান অঞ্চলত বাৰ্ষিক গড় বৃষ্টিপাত ১২০০ ছেঃমিঃ। মালভূমিৰ পশ্চিম দিশে, গাৰো হিলছ অঞ্চলত বছৰৰ সকলো সময়তে গৰম অনুভৱ কৰা যায়। উচ্চতা বেছি হোৱা বাবে, শ্বিলং অঞ্চলৰ উষ্ণতা সাধাৰণতে কম আৰু ইয়াৰ সৰ্বাধিক উষ্ণতা হৈছে ২৮ ডিগ্ৰী ছেলছিয়াছ (৮২ ডিগ্ৰী ফাৰেনহাইট)[6]

শ্বিলঙৰ দক্ষিণৰ খাচী হিলছত অৱস্থিত চেৰাপুঞ্জীত এটা মাহত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱাৰ ৰেকৰ্ড আছে। চেৰাপুঞ্জীৰ ওচৰৰ মৌচিনৰামত এটা বছৰত আটাইতকৈ বেছি বৰষুণ হোৱাৰ ৰেকৰ্ড আছে। মেঘালয় ভ্ৰমণ কৰাৰ উত্তম সময় হ'ল মাৰ্চৰ পৰা জুলাই মাহ।

অৰ্থনৈতিক ব্যৱস্থা[সম্পাদনা কৰক]

মেঘালয়ৰ অৰ্থনৈতিক অৱস্থা মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল। খেতিয়ক সকলে পুৰণি কৃষি পদ্ধতি ব্যৱহাৰ কৰা হেতু গ্ৰাম্য অঞ্চলত দৰিদ্ৰ লোকৰ সংখ্যাও অধিক। কৃষি ক্ষেত্ৰত বহুও লোক জড়িত থকাৰ পাছতো ৰাজ্যখনলৈ খাদ্য সামগ্ৰী (যেনে: মাংস, কণী ইত্যাদি) আমদানি কৰা হয়। আন্তঃগাঁথনিত থকা বিভিন্ন ধৰণৰ সমস্যা থকাৰ বাবে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা এতিয়াও উন্নত নহয়।

মেঘালয়ত বহুতো প্ৰাকৃতিক সম্পদ পোৱা যায়। ইয়াৰ ভিতৰত কয়লা, চূণশিল, গ্ৰেণাইট, Kaolin, sillimanite য়েই প্ৰধান। মেঘালয়ৰ বহুতো অঞ্চল ঘন অৰণ্যৰে আৱৰা। ইয়াত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু উদ্ভিদ পোৱা যায়। কিছুবছৰৰ পূৰ্বে মেঘালয়ত দুটা চিমেণ্ট কাৰখানা প্ৰতিষ্ঠা কৰা হৈছে। মেঘালয়ৰ বহুতো অঞ্চল প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে প্ৰসিদ্ধ। ৰাজ্য চৰকাৰে এই স্থানসমূহক পৰ্য্যটন কেন্দ্ৰলৈ পৰিৱৰ্তন কৰাৰ প্ৰচেষ্টা হাতত লৈছে। তথাপি আন্তঃগাঁথনিক সমস্যা আৰু পৰ্য্যটকৰ সুৰক্ষাই পৰ্য্যটন বিভাগত ব্যাপক প্ৰভাৱ পেলাইছে।

চিত্ৰ:Cement Plant MCL.jpg
জয়ন্তীয়া হিলছত অৱস্থিত এম চি এল চিমেণ্ট কাৰখানা

কৃষি[সম্পাদনা কৰক]

মেঘালয়ৰ মুঠ মাটিকালিৰ প্ৰায় ১০% অঞ্চল কৃষিৰ বাবে ব্যৱহাৰ কৰা হয়। কৃষি কাৰ্য্যত কোনো ধৰণৰ আধুনিক পদ্ধতি ব্যৱহাৰ কৰা নহয়। বহু ঠাইত ঝুম খেতি কৰা হয়। সেয়ে বহুতো খেতিয়কৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়।

খাদ্য শস্যই হৈছে মেঘালয়ৰ মূল খাদ্য শস্য। মেঘালয়ৰ মুঠ খেতিমাটিৰ প্ৰায় ৬০% অঞ্চলত (প্ৰায় ১৩৩০ বৰ্গ কিঃমিঃ) এইবিলাক শস্যৰ খেতি কৰা হয়। এইবিলাক শস্যৰ ভিতৰত ধানেই প্ৰধান। আন আন শস্যবিলাক হৈছে: গোমধান, ঘেঁহু আৰু মাহজাতীয় শস্য।

প্ৰায় ১০০ বৰ্গ কিঃমিঃ অঞ্চলত তেলৰ বীজ যেনে সৰিয়হ, তিচিৰ বীজ (linseed), soybean, castor আৰু sesameৰ খেতি কৰা হয়। গাৰো হিলছত প্ৰধানকৈ কপাহ, মৰাপাট আৰু Mesta খেতি কৰা হয়।

মেঘালয়ৰ জলবায়ুত বিভিন্ন ধৰণৰ ফল-মূল, মচলা, ফুল, ঔষধীয় গছ, পাচলি আৰু কাঠফুলা খেতি কৰা হয়। মেঘালয়ত উৎপাদিত হোৱা কেইবিধমান উল্লেখযোগ্য ফল-মূল হৈছে: চাইট্ৰাছ জাতীয় ফল, মাটিকঁঠাল, অমিতা, কল ইত্যাদি। ইয়াত উৎকৃষ্ট মানৰ mandarin orange উৎপাদন হয়। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ পাচলি যেনে: ফুলকবি, বন্ধাকবি আৰু মূলা উৎপাদন কৰা হয়।

ৰাজ্যখনৰ প্ৰায় সকলো ঠাইতে তামোলৰ গছ দেখা পোৱা যায়, বিশেষকৈ গুৱাহাটীৰ পৰা শ্বিলঙলৈ অহাৰ পথত। সাম্প্ৰতিক কালত চাহ, কফি আৰু কাজু বাদাম (Cashew)ৰ খেতিও ইয়াত আৰম্ভ কৰা হৈছে। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ মচলা, ফুল, ঔষধীয় গছ আৰু কাঠফুলা মেঘালয়ত উৎপাদন কৰা হয়।

পৰিবহণ[সম্পাদনা কৰক]

বিমান পথ[সম্পাদনা কৰক]

শ্বিলঙৰ পৰা প্ৰায় ৪০ কিঃমিঃ দূৰত উমৰৈ বিমানবন্দৰ অৱস্থিত। ইয়ালৈ কলকাতা আৰু প্ৰতিৱেশী ৰাজ্য ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ পৰা নিয়মিতভাৱে বিমান চলাচল কৰে।

ৰেলপথ[সম্পাদনা কৰক]

মেন্দিপথাৰত মেঘালয়ৰ একমাত্ৰ ৰেলষ্টেচন অৱস্থিত। পূৰ্বতে Cherra Companyganj State Railways নামৰ mountain railway মেঘালয়ত আছিল[7]

পথ[সম্পাদনা কৰক]

ৰাজ্যখনৰ পৰিবহণৰ একমাত্ৰ মাধ্যম হৈছে পথ। ৰাজধানী শ্বিলংলৈ পৰিবহণৰ সু-ব্যৱস্থা আছে যদিও অন্যান্য অঞ্চললৈ পৰিবহণ ব্যৱস্থা ভাল নহয়। অধিকাংশ ৰাস্তাই পকী নহয়। সাধাৰণতে অসমগুৱাহাটী হৈ মেঘালয়ত প্ৰৱেশ কৰা হয়। গুৱাহাটীৰ পৰা শ্বিলঙলৈ দূৰত্ব প্ৰায় ১০৩ কিঃমিঃ। ৰাজ্যখনত বহুতো পুৰণি কাঠৰ দলং আছে।

শিক্ষা[সম্পাদনা কৰক]

আই আই এম শ্বিলং

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ কাৰ্য্যক্ৰম অনুসৰি, মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ভাৰতৰ সপ্তমখন Indian Institute of Management শ্বিলঙত স্থাপন কৰে। এই প্ৰতিষ্ঠানটো পিছত ৰাজীৱ গান্ধী ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট নামেৰে নামাংকন কৰা হয়। ২০০৮ চনৰ পৰা ইয়াত পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। কিছুদিনৰ পূৰ্বে শ্বিলঙত নেচনেল ইনষ্টিটিউট অফ ফেশ্বন টেকন’লজি (ইং ৱিকি: National Institute of Fashion Technology Shillong) আৰু নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অফ হেলথ এণ্ড মেডিকেল চায়েঞ্চেচ (ইং ৱিকি: North Eastern Indira Gandhi Regional Institute of Health and Medical Sciences) স্থাপন কৰা হৈছে। আন এখন উল্লেখযোগ্য শৈক্ষিক প্ৰতিষ্ঠান হৈছে নৰ্থ ইষ্টাৰ্ণ হিলছ ইউনিভাৰ্ছিটি (North Eastern Hill University, NEHU), চমুকৈ নেহু। ইয়াৰ উপৰিও জোৱাই আৰু তুৰাত বহুতো শৈক্ষিক প্ৰতিষ্ঠান আছে।

পৰ্য্যটন[সম্পাদনা কৰক]

শ্বিলং পিক (Shillong peak)ৰপৰা শ্বিলঙৰ দৃশ্যাৱলী

মেঘালয়ত কেইবাখনো ঘন অৰণ্য আছে। এই সমূহত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু উদ্ভিদ পোৱা যায়। মেঘালয়ত ২ খন ৰাষ্ট্ৰীয় উদ্যান আৰু ৩ খন অভয়াৰণ্য আছে। সেয়ে মেঘালয়ক ভাৰতৰ ভিতৰত এখন উল্লেখযোগ্য পৰ্য্যটনৰ কেন্দ্ৰ বুলি ধৰা হয়।

চিত্ৰ:Shillong golf course2.jpg
শ্বিলঙ গ’ল্ফ ক’ৰ্ছ, ভাৰতৰ আটাইতকৈ পুৰণি গ’ল্ফ ক’ৰ্ছ সমূহৰ ভিতৰত অন্যতম

মেঘালয়ত পৰ্য্যটকৰ বাবে পৰ্বতাৰোহণ, rock climbing, trekking and hiking আদিৰ সুবিধা কৰি দিয়া হৈছে। ইয়াৰ উপৰিও উমিয়াম হ্ৰদত water sportsৰ সুবিধা কৰি দিয়া হৈছে।

ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰায় ৫০০ টা মান চূণশিল আৰু sandstone ৰ গুহা আছে। জয়ন্তীয়া হিলছত অৱস্থিত Krem Liat Prah হৈছে আটাইতকৈ দীঘল গুহা আৰু Synrang Pamiang হৈছে আটাইতকৈ গভীৰ গুহা। কিন্তু ইয়াৰ ভিতৰত বহুতো গুহা উল্লেখযোগ্য পৰ্য্যটন কেন্দ্ৰ স্বৰূপে গঢ়ি তুলিবলৈ পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা নাই।

উল্লেখযোগ্য পৰ্য্যটক স্থান[সম্পাদনা কৰক]

Nohkalikai জলপ্ৰপাত
Standing stones, (Maw bin nah) below Cherrapunji.

চেৰাপুঞ্জী হৈছে উত্তৰ-পূব ভাৰতৰ এখন উল্লেখযোগ্য পৰ্য্যটক স্থান। ই Tree Root Bridgesৰ বাবে জনাজাত। ই শ্বিলঙৰ দক্ষিণ দিশে অৱস্থিত।

ৰাজ্যখনৰ কেইটামান উল্লেখযোগ্য জলপ্ৰপাত হৈছে এলিফেণ্ট জলপ্ৰপাত, Shadthum Falls, Weinia falls, Bishop Falls, Nohkalikai Falls, Langshiang Falls আৰু Sweet Falls। বিশ্বাস কৰা হয় যে, মৌচিনৰামৰ ওচৰৰ জাকৰেম (Jakrem)ত থকা গৰম পানীৰ উঁহৰ পানীত ঔষধীয় গুণ আছে।

মেঘালয়ৰ "পৱিত্ৰ উপবন" (Sacred Groves)ৰ বাবেও জনাজাত। এইবোৰ প্ৰাচীন কালৰ পৰা পৰম্পৰাগত ধাৰ্মিক অনুমোদনৰ দ্বাৰা সংৰক্ষিত হৈ আহিছে। পৱিত্ৰ উপবন সমূহৰ ভিতৰত উল্লখযোগ্য হৈছে মওফ্লাঙ পৱিত্ৰ বনাঞ্চল (Mawphlang sacred forest)। ইয়াক "Law Lyngdoh" নামেৰেও জনা যায়। ই শ্বিলঙৰ পৰা প্ৰায় ২৫ কিঃমিঃ দূৰত অৱস্থিত।

পশ্চিম খাচী হিলছত অৱস্থিত Nongkhnum Island হৈছে মেঘালয়ৰ আটাইতকৈ ডাঙৰ নদী-দ্বীপ আৰু এছিয়াৰ দ্বিতীয় বৃহত্তম নদী-দ্বীপ। Nongstoin পৰা ই প্ৰায় ১৪ কিঃমিঃ দূৰত অৱস্থিত। ইয়াৰ উপৰিও ফানলিয়াঙ নদীখনে প্ৰায় ৬০ মিটাৰ উচ্চতাৰ Shadthum Fallটো সৃষ্টি কৰিছে।

ভাৰত-বাংলাদেশ সীমান্তত অৱস্থিত Mawlynnong গাঁওখন পৰিষ্কাৰ-পৰিচ্ছনতাৰ বাবে জনাজাত[8]। ভ্ৰমণ সম্বন্ধীয় আলোচনী ডিস্ক'ভাৰ ইণ্ডিয়া (Discover India)ই এই গাঁওখনক ২০০৩ চনত এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ আৰু ২০০৫ চনত ভাৰতৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ গাঁও বুলি ঘোষণা কৰিছে[9]। কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য হৈছে Living Root Bridges আৰু প্ৰাকৃতিক ভাৱে ইটোৰ ওপৰত সিটো শিল balancing হৈ থকাতো।

মেঘালয়ত বহুতো প্ৰাকৃতিক আৰু মানৱ নিৰ্মিত হ্ৰদ আছে। গুৱাহাটী-শ্বিলং পথত অৱস্থিত উমিয়াম হ্ৰদ (বৰাপানী নামেৰে জনাজাত) হৈছে এটা উল্লেখযোগ্য পৰ্য্যটকস্থল। মেঘালয়ত কেইবাখনো উদ্যান আছে: Thangkharang Park, the Eco-park, the Botanical Garden and Lady Hydari। শ্বিলঙৰ পৰা প্ৰায় ৯৬ কিঃমিঃ দূৰত Dawki অৱস্থিত। ইয়াৰ পৰা বাংলাদেশলৈ যাব পাৰি। ইয়াৰ পৰা মেঘালয়ৰ কিছুমান পৰ্বতমালা আৰু বাংলাদেশৰ ভূ-ভাগৰ কিছু অংশ দেখা পোৱা যায়।

বালপাক্ৰাম ৰাষ্ট্ৰীয় উদ্যান হৈছে মেঘালয়ৰ আন এটা এটা উল্লেখযোগ্য পৰ্য্যটকস্থল[10]। গাৰো হিলছত অৱস্থিত নক্ৰেক ৰাষ্ট্ৰীয় উদ্যান ( Nokrek National Park)তো বহু ধৰণৰ জীৱ-জন্তু পোৱা যায়।

সমস্যাসমূহ[সম্পাদনা কৰক]

  • পৰিবহনৰ সমস্যা: ৰাজ্যখনত পৰিবহনৰ বাবে বাট-পথসমূহ অৱস্থা সন্তোষজনক নহয়, বিশেষকৈ ৬২ নং ৰাষ্ট্ৰীয় ঘাইপথ। শ্বিলঙ-জোৱাই, শ্বিলং-তুৰা আৰু শ্বিলং-ছহৰা পথসমূহ উন্নতজনক যদিও ৰাজ্যখনৰ আভ্যন্তৰীণ বাট-পথ সমূহ উন্নত নহয়। ইয়াত সীমিত পৰিমাণৰ বেংকৰ সা-সুবিধা সমূহ পোৱা যায়।
  • বিদ্ৰোহী সমস্যা: উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠন সমূহে ইয়াৰ পৰ্য্যটন বিভাগটোত বেয়াকৈ প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত বহুতো দেশী-বিদেশী পৰ্য্যটকে অসুৰক্ষিত অনুভৱ কৰে। কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত মেঘালয়তে বিদ্ৰোহী সংগঠন সমূহৰ প্ৰভাৱ আটাইতকৈ কম।

চৰকাৰ আৰু ৰাজনীতি[সম্পাদনা কৰক]

ৰাজ্য চৰকাৰ[সম্পাদনা কৰক]

মেঘালয়ৰ বিধানসভাৰ প্ৰকাৰ হৈছে এককক্ষীয়। বৰ্তমান মেঘালয় বিধানসভাৰ মুঠ সদস্য হৈছে ৬০ জন। মেঘালয়ত লোকসভাৰ দুখন আসন আছে: শ্বিলং আৰু তুৰা। ইয়াৰ উপৰিও ৰাজ্যসভাত এজন প্ৰতিনিধি আছে। ৰাজ্যখনৰ আনুষ্ঠানিক মুখ্য ব্যক্তিজন হৈছে ৰাজ্যপাল। আনহাতে, ৰাজ্যখনৰ প্ৰকৃত প্ৰশাসনিক ক্ষমতাসমূহ মুখ্যমন্ত্ৰীৰ হাতত থাকে। মেঘালয়ৰ কোনো নিজস্ব উচ্চতম ন্যায়ালয় নাই। ১৯৭৪ চনৰ পৰা গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ অধীনত শ্বিলং আসনখন কাৰ্য্যক্ষম হৈ আছে।

স্বায়ত্ব শাসিত পৰিষদ[সম্পাদনা কৰক]

মেঘালয়ত বৰ্তমান তিনিটা স্বায়ত্ব শাসিত জিলা পৰিষদ আছে। সেইকেইটা হৈছে:

তথ্য সংযোগ[সম্পাদনা কৰক]

  1. "Census Population" (PDF). Census of India. Ministry of Finance India. http://indiabudget.nic.in/es2006-07/chapt2007/tab97.pdf। আহৰণ কৰা হৈছে: 2008-12-18. 
  2. 2.0 2.1 2.2 Indian Census
  3. Percentages for the India's 2001 census
  4. "Department of Tourism Government of Meghalaya -About Meghalaya". Megtourism.gov.in. 1972-01-21. http://megtourism.gov.in/aboutmeghalaya.html। আহৰণ কৰা হৈছে: 2010-07-18. 
  5. "The People". Westgarohills.gov.in. http://www.westgarohills.gov.in/people.htm। আহৰণ কৰা হৈছে: 2010-07-18. 
  6. "Basic facts of Meghalaya". http://megipr.gov.in/basic_facts.htm। আহৰণ কৰা হৈছে: January 13, 2012. 
  7. http://zeenews.india.com/news/north-east/a-mountain-railway-that-existed-125-years-ago_763894.html
  8. Mawlynnong - The Cleanest Village of Asia Neblog.in
  9. Eco Destination, Department of Tourism, Government of Meghalaya
  10. Choudhury, A.U. (2008) Balpakram –Meghalaya’s heritage IBA. Mistnet 10 (4): 11-13

বাহ্যিক সংযোগ[সম্পাদনা কৰক]