জৈন ধৰ্ম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জৈন ধৰ্ম
Jain Prateek Chihna.svg
This article is part of a series on জৈন ধৰ্ম
জৈন প্ৰাৰ্থনা
Ṇamōkāra mantra · Micchami Dukkadam
দৰ্শন
Anekāntavāda · Syādvāda · Nayavāda · Cosmology  · Ahimsa · Karma · Dharma · Nirvana  · Kevala Jñāna  · Mokṣa · Dravya · Navatattva · Asteya · Aparigraha · Gunasthana · Samsara
Major figures
The 24 Tirthankaras · Rishabha · Mahavira · Acharya  · Ganadhara · Siddhasena Divakara · Haribhadra
শাখা (Sect)
Digambara · Śvētāmbara
Texts
Kalpa Sūtra · Āgama · Tattvartha Sutra · Naaladiyar · Sanmatti Prakaran
অন্যান্য
Parasparopagraho_Jivanam · Jain symbol · Jain flag · Timeline · Topics list
উৎসৱ
মহাবীৰ জয়ন্তী · Paryushana · দেৱালী

জৈন ধৰ্ম Portal

জৈনধৰ্ম (সংস্কৃত: जैन धर्म; ইংৰাজী: Jainism) প্ৰাচীন ভাৰতৰ প্ৰৱৰ্তিত এক ধৰ্মমত। বৰ্তমান বিশ্বৰ নানা দেশত এই ধৰ্মমতাৱলম্বীসকলক দেখা যায়। জৈনধৰ্মৰ মূল বক্তব্য হ’ল সকল জীৱৰ প্ৰতি শান্তি আৰু অহিংসাৰ পথ গ্ৰহণ। জৈন দৰ্শন আৰু ধৰ্মানুশীলনৰ মূল কথা হ’ল দৈৱ চৈতন্যেৰ আধ্যাত্মিক সোপানত স্বচেষ্টাৰ যোগেৰে আত্মাৰ উন্নতি সাধন কৰা। যি ব্যক্তি বা আত্মায়ে অন্তৰৰ শক্ৰক জয় কৰি সৰ্বোচ্চ অৱস্থা প্ৰাপ্ত কৰে তাকে জিন (জিতেন্দ্ৰিয়) আখ্যা দিয়া হয়। প্ৰাচীন ধৰ্মগ্ৰন্থবোৰত জৈনধৰ্মক শ্ৰমণ ধৰ্ম বা নিৰ্গ্ৰন্থৰ ধৰ্মও বোলা হৈছিল। কথিত আছে, তীৰ্থঙ্কৰ নামে ২৪ জন মহাজ্ঞানী কৃচ্ছ্বসাধকৰ এটা দলে পৰ্যায়ক্ৰমে জৈনধৰ্মক পুনৰুদ্ধাৰ কৰিছিল।[1] ইয়াৰ মাজত ত্ৰাবিংশ তীৰ্থঙ্কৰ আছিল পাৰ্শ্বনাথ (খৃষ্টপূৰ্ব নৱম শতাব্দী) আৰু সৰ্বশেষ তীৰ্থঙ্কৰ আছিল মহাবীৰ (খৃষ্টপূৰ্ব ষষ্ঠ শতাব্দী)।[2][3][4][5][6] আধুনিক বিশ্বত জৈনধৰ্মাৱলম্বীসকলৰ সংখ্যা তুলনামূলকভাৱে অনেক কম হ’লেও এই ধৰ্ম বেছ প্ৰভাৱশালী। ভাৰতত জৈন ধৰ্মাবলম্বীসকলৰ সংখ্যা প্ৰায় ১০,২০০,০০০।[7] ইয়াৰ বাহিৰেও মাৰ্কিন যুক্তৰাষ্ট্ৰ, কানাডা, ইউৰোপ, জাপান, হংকং, ছিঙ্গাপুৰ, অষ্ট্ৰেলিয়া আদি বিশ্বৰ অন্য প্ৰান্তটো কিছু জৈনধৰ্মী দেখা পোৱা যায়।[8]

মহাবীৰ

জৈনসকলে প্ৰাচীন শ্ৰমণ অৰ্থাৎ, কৃচ্ছ্বসাধনাৰ ধৰ্মক আজিও বহন কৰি চলি আহিছে। ভাৰতৰ ওপৰত ইয়াৰ ধৰ্মমত, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত এই প্ৰভাৱ বিশেষভাৱে পৰিলক্ষিত হয়। শিক্ষাৰ ক্ষেত্ৰটো বৃত্তিদানৰ এক প্ৰাচীন প্ৰথা জৈনসকলৰ মাজত আজিও বিদ্যমান; আৰু ভাৰতত এই সম্প্ৰদায়ৰ সাক্ষৰতাৰ হাৰ অত্যন্ত বেছি।[9][10]

প্ৰধান আদৰ্শ বা নীতি[সম্পাদনা কৰক]

  • অহিংস (Ahimsa)
  • সত্য (Satya)
  • অস্তেয় (Asteya)
  • ব্ৰহ্মচাৰ্য্য (Brahmacharya)
  • অপৰিগ্ৰহ (Aparigraha)

জৈন দৰ্শন[সম্পাদনা কৰক]

জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰে প্ৰাচীন শ্ৰমণ দৰ্শনৰ প্ৰচাৰ কৰে আৰু তাৰপৰাই জৈন দৰ্শনৰ সৃষ্টি হয়। বৰ্তমানৰ বিহাৰ ৰাজ্যত খ্ৰী.পূ. ৫৫০ চনৰ সময়চোৱাত জৈন দৰ্শনৰ বিকাশ হৈছিল। এই কালচোৱাত আদৰ্শবাদী নৱজাগৰণ হৈছিল। এই নৱজাগৰণত বেদৰ প্ৰভাৱক অস্বীকাৰ কৰা কেবাটাও মতবাদৰ সৃষ্টি হৈছিল। বৌদ্ধ ধৰ্মও এই কালচোৱাতে গঢ় লৈ উঠে।

মহাবীৰতীৰ্থংকৰসকলৰ ২৪-তম আৰু শেষ তীৰ্থকংৰ বুলি গণ্য কৰা হয়। ২৩-তম তীৰ্থকংৰ প্ৰভাষৰ সময় পাৰম্পৰিকভাৱে ৯০০ খ্ৰী.পূ. বুলি ধাৰণা কৰা হয়।

জৈন ধৰ্মক বৈদিক ধৰ্ম হিন্দুৰ ভিতৰত ধৰা নহয়,[11][12][13]। জৈন তীৰ্থংকৰৰ উল্লেখ বেদ আৰু হিন্দু শাস্ত্ৰসমূহত পোৱা যায়। বৈদিক যুগত ভাৰতবৰ্ষত দুটা মূল দাৰ্শনিক ভাগ আছিল, শ্ৰমণ আৰু ব্ৰাহ্মণ, বা বৈদিক, বা পৌৰাণিক। শ্ৰমণ মতবাদৰ আধাৰতে পাছলৈ বৌদ্ধ, জৈন আৰু বৰ্তমান লুপ্ত অজীৱিকা দৰ্শনৰ সৃষ্টি হৈছিল। দুয়োটা মূল শাখাই ইটোৱে-সিটোক প্ৰভাৱান্বিত কৰিছিল।[14]

পণ্ডিত লোকমান্য তিলক-এ জৈন দৰ্শনে হিন্দু ধৰ্মৰ বৈদিক বলি-বিধান আদি আঁতৰ কৰাত প্ৰভাৱ পেলাইছিল বুলি মত পোষণ কৰিছে। বাল গংগাধৰ তিলক-এ জৈন মতবাদে জৈন ধৰ্মলৈ অহিংসাৰ প্ৰচলন আনিছিল বুলি উল্লেখ কৰিছে।

স্বামী বিবেকানন্দই জৈন মতবাদে ভাৰতীয় সংস্কৃতিৰ ওপৰত প্ৰভূত প্ৰভাৱ পেলাইছে বুলি মত পোষণ কৰিছিল।[15]

জৈন শব্দৰ অৰ্থ হৈছে 'জিনস'ৰ (Jinas, মূলঃ সংস্কৃতঃ Jina) অনুগামী। যাৰ অৰ্থ আধ্যাত্মিক বিজেতা, অৰ্থাৎ যিজনে 'ধৰ্ম' লাভ কৰিছে, আৰু পূৰ্ণ 'মোক্ষ' লাভ কৰাৰ পাছত সকলোৰে হিতাৰ্থে আধ্যাত্মিক জীৱন জীয়াবলৈ শিক্ষা প্ৰদান কৰে। জৈনসকলে ২৪ জন এনে 'জিনস'ৰ শিক্ষা আনুসৰণ কৰে। এওঁলোকক তীৰ্থকংৰ বুলিও জনা যায়।[16] ২৩-তম তীৰ্থকংৰক এজন বাস্তৱ পুৰুষ বুলি বিবেচনা কৰা হয়। তেখেত খ্ৰী.পূ. ৮৭২-ৰপৰা ৭৭২-লৈ জীৱিত আছিল বুলি কোৱা হৈছে।[17][18] Jaina tradition is unanimous in making Rishabha, as the First Tirthankar.[16]


জৈন বিশ্বাসৰ এটা মূল বৈশিষ্ট হৈছে শাৰীৰিক আৰু মানসিক আচৰণেতাৎক্ষণিক প্ৰতিক্ৰিয়া।[19] জৈনসকলে বিশ্বাস কৰে যে সকলো প্ৰাণীয়েই মানুহৰ দৰেই আত্মাধাৰী, সেয়ে ব্যক্তিৰ জীৱন আন কোনো জীৱৰে ক্ষতি নকৰাকৈ জীয়াই থাকিবলৈ যথেষ্ট সংযম আৰু সচেতনতাৰে নিৰ্বাহ কৰা উচিত। জৈন ধৰ্মত প্ৰতি জীৱকে সন্মান জনোৱা হয় আৰু ক্ষুদ্ৰতম জীৱবিধৰো ক্ষতি নকৰিবলৈ চেষ্টা কৰা হয়।

জৈন বিশ্বাসত অহিংসাই হৈছে প্ৰকৃত পথ আৰু পূৰ্ণ জ্ঞান আৰু সঠিক আচৰণৰ প্ৰথম চৰ্ত।

জৈন বিশ্বাসে 'আধ্যাত্মিক স্বাধীনতা' (প্ৰতিজন ব্যক্তিয়েই নিজৰ ব্যক্তিগত জ্ঞান কৰ্ষণ কৰিব পাৰে) আৰু 'ব্ৰত পালন'ৰ (আধ্যাত্মিক উৎকৰ্ষৰ বাবে আত্ম-সংবৰণ) ওপৰত গুৰুত্ব দিয়ে। জৈন বিশ্বাসতো আন ভাৰতীয় বিশ্বাসৰ দৰেই জীৱনৰ লক্ষ্য হৈছে 'মোক্ষ লাভ'। জৈন বিশ্বাস মতে 'আত্মাৰ প্ৰকৃত সত্ত্বাক জনাটোৱেই' হৈছে মোক্ষ। মোক্ষ পূৰ্ণ জ্ঞানৰ যোগেৰেহে অহাটো সম্ভৱ। জৈন মতবাদৰ আন এটা বৈশিষ্ট হৈছে 'অনেকান্তবাদ', অৰ্থাৎ বাস্তৱ জগতখন পৰিপ্ৰেক্ষিতৰ ভিত্তিত বেলেগ বেলেগ অনুভূত হয়। আৰু কোনোটো পৰিপ্ৰেক্ষিতই সম্পূৰ্ণ সত্য নহয়। জৈন ধৰ্মৰ মতে অকল 'কেৱলী'সকলেহে, যাৰ জ্ঞান অসীম, প্ৰকৃত সত্যৰ কাষ চাপিব পাৰে। বাকীসকলে সেই সত্যৰ এটা অপূৰ্ণ অংশহে দেখিবলৈ পায়। 'অনেকান্তবাদ' পাশ্চাত্য দৰ্শনৰ 'subjectivism'-ৰ সমান্তৰাল।


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Buswell, Robert E. "Encyclopedia of Buddhism" (2004) p. 391
  2. Larson, Gerald James (1995) India’s Agony over religion SUNY Press ISBN 0-7914-2412-X . “There is some evidence that Jain traditions may be even older than the Buddhist traditions, possibly going back to the time of the Indus valley civilization, and that Vardhamana rather than being a “founder” per se was, rather, simply a primary spokesman for much older tradition. Page 27”
  3. Varni, Jinendra; Ed. Prof. Sagarmal Jain, Translated Justice T.K. Tukol and Dr. K.K. Dixit (1993). Samaṇ Suttaṁ. New Delhi: Bhagwan Mahavir memorial Samiti. “The Historians have so far fully recognized the truth that Tirthankara Mahavira was not the founder of the religion. He was preceded by many tirthankaras. He merely reiterated and rejuvenated that religion. It is correct that history has not been able to trace the origin of the Jaina religion; but historical evidence now available and the result of dispassionate researches in literature have established that Jainism is undoubtably an ancient religion.” Pp. xii – xiii of introduction by Justice T.K.Tutkol and Dr. K.K. Dixit.
  4. Edward Craig (1998) Routledge Encyclopedia of Philosophy, Taylor & Francis ISBN 0-415-07310-3 “One significant difference between Mahavira and Buddha is that Mahavira was not a founder of a new movement, but rather a reformer of the teachings of his predecessor, Parsva.” p. 33
  5. Joel Diederik Beversluis (2000) In: Sourcebook of the World's Religions: An Interfaith Guide to Religion and Spirituality, New World Library : Novato, CA ISBN 1-57731-121-3 Originating on the Indian sub-continent, Jainism is one of the oldest religion of its homeland and indeed the world, having pre-historic origins before 3000 BC and the propagation of Indo-Aryan culture…. p. 81
  6. Jainism by Mrs. N.R. Guseva p.44
  7. Indian Census
  8. Estimates for the population of Jains differ from just over four million to twelve million due to difficulties of Jain identity, with Jains in some areas counted as a Hindu sect. Many Jains do not return Jainism as their religion on census forms for various reasons such as certain Jain castes considering themselves both Hindu and Jain. Following a major advertising campaign urging Jains to register as such, the 1981 Census of India returned 3.19 million Jains. This was estimated at the time to be at least half the true number. There are an estimated 25,000 Jains in Europe (mostly in England), 21,000 in Africa, 20,000 plus in North America and 5,000 in the rest of Asia.
  9. Press Information Bureau, Government of India
  10. Census of India 2001
  11. J. L. Jaini, (1916) Jaina Law, Bhadrabahu Samhita, (Text with translation ) Arrah, Central jaina publishing House) " As to Jainas being Hindu dissenters, and, therefore governable by Hindu law, we are not told this date of secession [...] Jainism certainly has a longer history than is consistent with its being a creed of dissenters from Hinduism." P.12-13
  12. P.S. Jaini, (1979), The Jaina Path to Purification, Motilal Banarsidass, Delhi, p. 169 "Jainas themselves have no memory of a time when they fell within the Vedic fold. Any theory that attempts to link the two traditions, moreover fails to appreciate rather distinctive and very non-vedic character of Jaina cosmology, soul theory, karmic doctrine and atheism"
  13. Y. Masih (2000) In : A Comparative Study of Religions, Motilal Banarsidass Publ : Delhi, ISBN 81-208-0815-0 “There is no evidence to show that Jainism and Buddhism ever subscribed to vedic sacrifices, vedic deities or caste. They are parallel or native religions of India and have contributed to much to the growth of even classical Hinduism of the present times.” Page 18
  14. Harry Oldmeadow (2007) Light from the East: Eastern Wisdom for the Modern West, World Wisdom, Inc ISBN 1-933316-22-5 "What is historically known is that there was a tradition along with vedic Hinduism known as sramana dharma. Essentially, the sramana tradition included it its fold, the Jain and Buddhist traditions, which disagreed with the eternality of the Vedas, the needs for ritual sacrifices and the supremacy of the Brahmins". Page 141
  15. Dulichand Jain (1998) Thus Spake Lord Mahavir, Sri Ramakrishna Math Chennai, ISBN 81-7120-825-8 Page 15
  16. 16.0 16.1 Singh, Ramjee Dr. Jaina Perspective in Philosophy and Religion, Faridabad, Pujya Sohanalala Smaraka Parsvanatha Sodhapitha, 1993.
  17. Jarl Charpentier: The History of the Jains, in: The Cambridge History of India, vol. 1, Cambridge 1922, p. 153; A.M. Ghatage: Jainism, in: The Age of Imperial Unity, ed. R.C. Majumdar/A.D. Pusalkar, Bombay 1951, p. 411-412; Shantaram Bhalchandra Deo: History of Jaina Monachism, Poona 1956, p. 59-60.
  18. Mehta, T.U (1993). Path of Arhat - A Religious Democracy. 63. Pujya Sohanalala Smaraka Parsvanatha Sodhapitha. http://www.ibiblio.org/jainism/database/BOOK/arhat.doc। আহৰণ কৰা হৈছে: 2008-03-11. 
  19. Tobias, Michael (1991). Life Force. The World of Jainism. প্ৰকাশক Berkeley, California: Asian manush Press. পৃষ্ঠা. 6–7, 15. ISBN 0-89581-899-X. 

আৰু পঢ়ক[সম্পাদনা কৰক]

  • Alsdorf, Ludwig. Jaina Studies: Their Present State and Future Tasks. Eng. tr. Bal Patil. Edited by Willem Bollée. Pandit Nathuram Premi Research Series Volume 1. Mumbai: Hindi Granth Karyalay, 2006.
  • Amiel,Pierre. Les Jaïns aujourd'hui dans le monde Ed. L'Harmattan, Paris, 2003 translated in English and printed under the title "Jains today in the world" by Parshwanath Vidyapeeth, Varanasi,India, 2008
  • Amiel,Pierre.B.A.-BA du Jaïnisme Editions Pardès,Grez sur Loing,2008
  • Balbir, Nalini (Ed.) Catalogue of the Jain Manuscripts of the British Library. Set of 3 books. London: Institute of Jainology, 2006.
  • Bollée, Willem. The Story of Paesi Pandit Nathuram Premi Research Series Volume 2. Mumbai: Hindi Granth Karyalay, 2005.
  • Bollée, Willem. Vyavahara Bhasya Pithika. Prakrit text with English translation, annotations and exhaustive Index by Willem Bollée. Pandit Nathuram Premi Research Series Volume 4. Mumbai: Hindi Granth Karyalay, 2006.
  • Caillat, Colette "La cosmologie jaïna" Ed. du Chêne, Paris 1981.
  • Chand, Bool. "Mahavira-Le Grand héros des Jaïns" Maisonneuve et Larose, Paris 1998.
  • Hynson, Colin. Discover Jainism. Ed. Mehool Sanghrajka. London: Institute of Jainology, 2007.
  • Jain, DuliChand. English version of "Baghawan Mahavir ki Vani" - Thus Spake Lord Mahavir. Chennai, Sri Ramakrishna Math, 1998.
  • Jain, Duli Chandra (Ed.) Studies in Jainism. Set of 3 books. New York: Jain Stucy Circle, 2004.
  • Jalaj, Jaykumar. The Basic Thought of Bhagavan Mahavir. Ed. Elinor Velázquez. (5th edition) Jaipur: Prakrit Bharati Academy, 2007.
  • Joindu. Paramatmaprakasha. Apabhramsha text with Hindi tr. by Jaykumar Jalaj. Ed. Manish Modi. Pandit Nathuram Premi Research Series Volume 9. Mumbai: Hindi Granth Karyalay, 2007.
  • Joindu. Yogasara. Apabhramsha text with Hindi tr. by Jaykumar Jalaj. Ed. Satyanarayana Hegde. Pandit Nathuram Premi Research Series Volume 10. Mumbai: Hindi Granth Karyalay, 2008.
  • Kapashi, Vinod. Nava Smarana: Nine Sacred Recitations of Jainism. Ed. Signe Kirde. Mumbai: Hindi Granth Karyalay, 2007.
  • Kundakunda. Atthapahuda Prakrit text with Hindi tr. by Jaykumar Jalaj. Ed. Manish Modi. Pandit Nathuram Premi Research Series Volume 6. Mumbai: Hindi Granth Karyalay, 2006.
  • Mardia, K.V. The Scientific Foundations of Jainism. Motilal Banarsidass, New Delhi, latest edition 2007. ISBN 81-208-0659-X (Jain Dharma ki Vigyanik Adharshila. Parsvanath Vidhyapitha, Varanasi. 2004. ISBN 81-86715-71-1).
  • Mehta, T.U. Path of Arhat - A Religious Democracy, Volume 63, Faridabad: Pujya Sohanalala Smaraka Parsvanatha Sodhapitha, 1993.
  • Nagendra Kr Singh, Indo-European Jain Research Foundation, Encyclopaedia of Jainism ISBN 81-261-0691-3, ISBN 978-81-261-0691-2
  • Natubhai Shah, Jainism: The World of Conquerors, Published by Sussex Academic Press, 1998, ISBN 1-898723-97-4, ISBN 978-1-898723-97-4
  • Patil, Bal. Jaya Gommatesha. Foreword by Colette Caillat. Mumbai: Hindi Granth Karyalay, 2006.
  • Prabhacandra. Tattvarthasutra. Sanskrit text with Hindi tr. by Jaykumar Jalaj. Preface by Nalini Balbir. Ed. Manish Modi. Pandit Nathuram Premi Research Series Volume 7. Mumbai: Hindi Granth Karyalay, 2008.
  • Pujyapada. Samadhitantra. Sanskrit text with Hindi tr. by Jaykumar Jalaj. Pandit Nathuram Premi Research Series Volume 5. Mumbai: Hindi Granth Karyalay, 2006.
  • Pujyapada. Istopadesha. Sanskrit text with Hindi tr. by Jaykumar Jalaj. Ed. Manish Modi. Pandit Nathuram Premi Research Series Volume 14. Mumbai: Hindi Granth Karyalay, 2007.
  • Rankin, Aidan. 'The Jain Path: Ancient Wisdom for the West.' Winchester/Washington DC: O Books, 2006.
  • Reymond Jean-Pierre "L'Inde des Jaïns" Ed. Atlas 1991.
  • Roy, Ashim Kumar. A history of the Jains, New Delhi: Gitanjali Publishing House, 1984.
  • Samantabhadra. Ratnakaranda Sravakacara. Sanskrit text with Hindi tr. by Jaykumar Jalaj. Preface by Paul Dundas. Pandit Nathuram Premi Research Series Volume 3. Mumbai: Hindi Granth Karyalay, 2006.
  • Sangave Vilas. 'Le Jaïnisme-Philosophie et Religion de l'Inde" Editions Trédaniel Paris 1999.
  • Todarmal. Moksamarga Prakashaka. Jaipur: Todarmal Smarak Trust, 1992.
  • Vijayashri. Sachitra Pacchis Bol. Agra: Mahasati Kaushalya Devi Prakashan Trust, 2005.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]