স্বামী বিবেকানন্দ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্বামী বিবেকানন্দ
स्वामी विवेकानन्द

১৮৯৩ চনত স্বামী বিবেকানন্দ
জন্ম জানুৱাৰী ১২, ১৮৬৩ সোমবাৰ
কলকাতা, বেংগল, ভাৰত
মৃত্যু জুলাই ৪, ১৯০২ (৩৯ বছৰ) শুক্ৰবাৰ
বেলুৰ মঠ, কলকাতা
প্ৰকৃত নাম নৰেন্দ্ৰনাথ দত্ত
প্ৰতিষ্ঠাপক ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিশ্যন
গুৰু ৰামকৃষ্ণ পৰমহংস
দৰ্শন বেদান্ত
সাহিত্যিক কৰ্ম ৰাজযোগ, কৰ্মযোগ, ভক্তিযোগ আৰু জ্ঞানযোগ
উল্লেখযোগ্য শিষ্য(সকল) স্বামী সদানন্দ, ভগ্নী নিবেদিতা
উক্তি Come up, O lions, and shake off the delusion that you are sheep; you are souls immortal, spirits free, blest and eternal; ye are not matter, ye are not bodies; matter is your servant, not you the servant of matter.[1]
স্বাক্ষৰ

স্বামী বিবেকানন্দ (বাংলা: স্বামী বিবেকানন্দ, এই শব্দটোৰ বিষয়ে Shami Bibekānondo ; হিন্দী: स्वामी विवेकानन्द) তেখেতৰ প্ৰকৃত নাম নৰেন্দ্ৰনাথ দত্ত (বাংলা: নৰেন্দ্ৰনাথ দত্ত, হিন্দী: नरेन्द्रनाथ दत्त ) আছিল।[2] তেওঁ ঊনবিংশ শতাব্দীৰ প্ৰসিদ্ধ হিন্দু ধৰ্মগুৰু ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্য আৰু ৰামকৃষ্ণ মিশ্যনৰ প্ৰতিষ্ঠাপক আছিল।[3] স্বামী বিবেকানন্দই ইউৰোপ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত বেদান্ত আৰু যোগশাস্ত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।[3] ঊনবিংশ শতাব্দীৰ শেষভাগত হিন্দু ধৰ্মক বিশ্বজনীন ধৰ্মৰ স্তৰত উন্নীত কৰা তথা সৰ্বধৰ্মসমন্বয় চেতনাৰ বিস্তাৰত তেওঁৰ ভূমিকা অনস্বীকাৰ্য।[4] আধুনিক ভাৰতত হিন্দু পুনৰ্জাগৰণৰ প্ৰধান ব্যক্তিজন বিবেকানন্দই আছিল।[5] তেওঁৰ সৰ্বাধিক খ্যাতি ১৮৯৩ চনত বিশ্বধৰ্ম মহাসভাত[2] "আমেৰিকান ভাতৃ আৰু ভগ্নী"সকলৰ উদ্দেশ্যে প্ৰদত্ত[6][7] তেখেতৰ বিখ্যাত বক্তৃতাটোৰ মাধ্যমত প্ৰাশ্চাত্য সমাজত হিন্দুধৰ্মৰ পৰিচয় প্ৰদানত ব্যাপক ভূমিকা গ্ৰহন কৰে।

১৮৬৩ চনত কলকাতাৰ এক সম্ভ্ৰান্ত কায়স্থ পৰিয়ালত স্বামী বিবেকানন্দৰ জন্ম। তেওঁৰ চিন্তা-চেতনাৰ অন্যতম অনুপ্ৰেৰণা আছিল তেওঁৰ যুক্তিবাদী পিতা আৰু ধৰ্মপ্ৰাণা জননী। ল’ৰালি কালৰ পৰাই তেওঁৰ মাজত আধ্যাত্মপিপাসা আৰু গভীৰ ঈশ্বৰানুৰাগ পৰিলক্ষিত হয়। ঈশ্বৰক প্ৰত্যক্ষ কৰা এনে এক ব্যক্তিৰ সন্ধানত ওলাইয়ে তেওঁ ৰামকৃষ্ণৰ সান্নিধ্যলৈ আহে আৰু পাছলৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰে। গুৰু শ্ৰীৰামকৃষ্ণই তেওঁক অদ্বৈত বেদান্তৰ শিক্ষা দিয়ে। তেওঁৰ পৰাই বিবেকানন্দই শিকে যে সকলো ধৰ্মই সত্য আৰু মানুহৰ সেৱাই সৰ্বোৎকৃষ্ট ঈশ্বৰোপাসনা। গুৰুৰ মৃত্যুৰ পাছত সন্ন্যাস অবলম্বন কৰি তেওঁ সমগ্ৰ ভাৰতীয় উপমহাদেশ পদব্ৰজে ভ্ৰমণ কৰে। পৰৱৰ্তীকালত চিকাগো যাত্ৰা কৰি ১৮৯৩ চনৰ বিশ্বধৰ্ম মহাসভাত হিন্দুধৰ্মৰ প্ৰতিনিধিত্ব কৰে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিভিন্ন ফ’ৰাম, বিশ্ববিদ্যালয় আৰু সংঘই তেওঁৰ বাগ্মীতাত মুগ্ধ হৈ বক্তৃতাদানৰ বাবে আমন্ত্ৰণ জনাইছিল। একাধিক সাধাৰণ আৰু ব্যক্তিগত সভাত ভাষণ দি তেওঁ আমেৰিকা, ইংল্যাণ্ডৰ লগতে আৰু কেইবাখনো দেশত বেদান্ত, যোগশাস্ত্ৰ আৰু হিন্দুধৰ্মক সুপৰিচিত কৰি তুলিলে। আমেৰিকা আৰু ইংল্যাণ্ডত তেওঁ স্থাপন কৰে বেদান্ত চচাইটি। ভাৰতলৈ প্ৰত্যাবৰ্তন কৰি ১৮৯৩ চনত ৰামকৃষ্ণ মঠ আৰু মিছন নামেৰে এটি মানৱকল্যাণমূলক আধ্যাত্মিক সংগঠন প্ৰতিষ্ঠা কৰে। স্বামী বিবেকানন্দ ভাৰতত অন্যতম জাতি-স্ৰষ্টাৰূপে পৰিগণিত হয়। তেওঁৰ শিক্ষাই মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, অৰবিন্দ ঘোষ, সৰ্বপল্লী ৰাধাকৃষ্ণন প্ৰমুখে একাধিক জাতীয় নেতা আৰু দাৰ্শনিকক প্ৰভাৱিত কৰিছিল।[২][৫][৮]

জীৱনী[সম্পাদনা কৰক]

বংশ-পৰিচয়[সম্পাদনা কৰক]

বিবেকানন্দই কৈছিল, "মোৰ জ্ঞানৰ বিকাশৰ কাৰণে মই মোৰ মাৰ কাষত ঋণী।"[৯] স্বামী বিবেকানন্দই এটা কায়স্থ দত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। এই দত্ত-পৰিয়ালৰ আদি নিবাস আছিল অধুনা পশ্চিমবঙ্গৰ বৰ্ধমান জিলাৰ কালনা মহকুমাৰ অন্তৰ্গত দত্ত-ডেৰিয়াটোনা বা দত্ত-ডেৰেটোনা গাঁওত। দত্ত-পৰিয়ালে মোগল আমোলৰ পৰাই সেই গাঁৱত বাস কৰিছিল। তেওঁলোকেই সেই গাঁৱৰ জমিদাৰ আছিল বুলি অনুমান হয়। অষ্টাদশ শতাব্দীত দত্ত-পৰিয়ালৰ ৰামনিধি দত্তই তেওঁৰ ল’ৰা ৰামজীবন দত্ত আৰু নাতি ৰামসুন্দৰ দত্তক লৈ গড়-গোবিন্দপুৰ (অধুনা কলকাতা ময়দান-ফোৰ্ট উইলিয়াম অঞ্চল) গাঁৱলৈ গুচি আহে। ইয়াত ফোৰ্ট উইলিয়াম দুৰ্গৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাত এলেকাৰ অন্যান্য বাসিন্দাসকলৰ লগত দত্তসকলো গুচি আহে সুতানুটিলৈ (অধুনা উত্তৰ কলকাতা)। তাত তেওঁলোকে প্ৰথমে মধু ৰায়ৰ গলিত এটা ঘৰ সাজে। ৰামসুন্দৰৰ ডাঙৰ ল’ৰা ৰামমোহন দত্তই ৩ নং গৌৰমোহন মুখাৰ্জি ষ্ট্ৰীটৰ ঘৰটো নিৰ্মাণ কৰে। এই ঘৰতেই পিছত স্বামী বিবেকানন্দৰ জন্ম হয়। ৰামসুন্দৰৰ ডাঙৰ ল’ৰা দুৰ্গাপ্ৰসাদ আছিল স্বামী বিবেকানন্দৰ ককাক। তেওঁ তেওঁৰ একমাত্ৰ ল’ৰা বিশ্বনাথ দত্তৰ জন্মৰ পিছতেই সন্ন্যাস অৱলম্বন কৰি গৃহত্যাগ কৰিছিল। বিশ্বনাথ দত্ত দুৰ্গাপ্ৰসাদৰ সৰু ভায়েক কালীপ্ৰসাদৰ তত্বাৱধানত প্ৰতিপালিত হয়। কলকাতা হাইক’ৰ্টৰ এটৰ্নি হিচাবে তেওঁ সমগ্ৰ ভাৰততে সুনাম অৰ্জন কৰিছিল। বিশ্বনাথ দত্তই ইংৰাজী, বাংলা, ফাৰ্চী, আৰ্‌বি, উৰ্দু, হিন্দি আৰু সংস্কৃত ভাষা শিকিছিল। ইতিহাস পাঠত তেওঁৰ বিশেষ আগ্ৰহ আছিল। তেওঁ সুলোচনা (১৮৮০) আৰু শিষ্ঠাচাৰ-পদ্ধতি (বাংলা আৰু হিন্দি ভাষাত, ১৮৮২) নামৰ দুখন কিতাপ ৰচনা কৰিছিল। ধৰ্মবিষয়ত বিশ্বনাথ দত্ত উদাৰ আছিল। বাইবেল আৰু দেওয়ান-ই-হাফিজ তেওঁৰ প্ৰিয় কিতাপ আছিল। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ মহাশয়ৰ বিধবাবিবাহ আন্দোলনকো তেওঁ প্ৰকাশ্যেই সমৰ্থন জনাইছিল। দুৰ্গাপ্ৰসাদৰ সংসাৰত্যাগৰ পিছত কালীপ্ৰসাদৰ অমিতব্যয়িতাত দত্ত-পৰিয়ালৰ আৰ্থিক সাচ্ছল্য নষ্ট হৈছিল। কিন্তু এটৰ্নিৰূপে বিশ্বনাথ দত্তৰ সুদূৰ-প্ৰসাৰিত খ্যাতিয়ে সেই সাচ্ছল্যৰ কিয়দংশ ঘূৰাই অনাত সক্ষম হয়।[১০] তেওঁৰ পত্নী ভুবনেশ্বৰী দেবী আছিল চিমলাৰ নন্দলাল বসুৰ কন্যা। তেওঁ বিশেষ ভক্তিমতী নাৰী আছিল। তেওঁৰ প্ৰথম কেইবাটিও সন্তানৰ মৃত্যু আৰু কন্যাসন্তানৰ জন্মৰ পিছত পুত্ৰসন্তানৰ কামনাত তেওঁ তেওঁৰ এক কাশীবাসিনী আত্মীয়ৰ যোগেদি কাশীৰবিশ্বনাথ মন্দিৰত নিতৌ পূজা দিয়াৰ ব্যবস্থা কৰে। ইয়াৰ পাছত স্বামী বিবেকানন্দৰ জন্ম হোৱাত তেওঁৰ বিশ্বাস হয় যে, তেওঁ শিৱৰ কৃপাত পুত্ৰলাভ কৰিছে।[১১]

জন্ম আৰু বাল্যজীৱন[সম্পাদনা কৰক]

১৮৬৩ চনৰ ১২ জানুৱাৰী তাৰিখে (বাংলা ১২৬৯ চনৰ ২৯ পুহ), সোমবাৰ, মকৰ সংক্ৰান্তিৰ দিনা পুৱা ৬টা ৪৯ মিনিটত[১২] কলকাতাৰ চিমলা অঞ্চলৰ ৩ নং গৌৰমোহন মুখাৰ্জি ষ্ট্ৰীটৰ ঘৰত[১৩] স্বামী বিবেকানন্দৰ জন্ম। [১১] তেওঁৰ নামকৰণ কৰা হয় নৰেন্দ্ৰনাথ দত্ত।[১৪] পিতাকৰ যুক্তিবাদী মন আৰু মাকৰ ধৰ্মীয় চেতনাই স্বামী বিবেকানন্দৰ চিন্তা ও ব্যক্তিত্বক গভীৰভাৱে প্ৰভাৱিত কৰিছিল।[৮] প্ৰথম জীৱনতেই পাশ্চাত্য দৰ্শন আৰু বিজ্ঞানৰ সৈতে তেওঁৰ পৰিচয় ঘটিছিল। এই কাৰণে অকাট্য প্ৰমাণ আৰু ব্যবহাৰিক পৰীক্ষা নোহোৱাকৈ কোনো বক্তব্যই তেওঁ গ্ৰহণ নকৰিছিল। অন্যহাতেদি অতি কমবয়সতেই ধ্যান আৰু বৈৰাগ্যৰ আধ্যাত্মিক আদৰ্শৰ প্ৰতি তেওঁৰ মন আকৃষ্ট হয়।[৮] নৰেন্দ্ৰনাথৰ বাল্যশিক্ষাৰ সূচনা ঘটে স্বগৃহতেই। ১৮৭১ চনত তেওঁ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ মেট্ৰোপলিটান ইনস্টিটিউছনত ভৰ্তি হয় আৰু ১৮৭৯ চনত প্ৰবেশিকা (এণ্ট্ৰেন্স) পৰীক্ষাত উত্তীৰ্ণ হয়।[১৫] দৰ্শন, ইতিহাস, সমাজবিজ্ঞান, শিল্পকলা, সাহিত্য আৰু অন্যান্য বিষয়ত তেওঁৰ গভীৰ আগ্ৰহ আৰু পাণ্ডিত্য আছিল।[১৬] বেদ, উপনিষদ, ভাগবত গীতা, ৰামায়ন, মহাভাৰত আৰু পুৰাণ প্ৰভৃতি ধৰ্মগ্ৰন্থৰ প্ৰতিও তেওঁৰ আগ্ৰহৰ কথা সুবিদিত। কণ্ঠসঙ্গীত ও যন্ত্ৰসঙ্গীত - শাস্ত্ৰীয় সংগীতৰ উভয় শাখাতেই তেওঁৰ বিশেষ পাৰদৰ্শীতা আছিল। বাল্যকালৰ পৰাই খেলাধুলা, শাৰীৰিক ব্যায়াম আৰু অন্যান্য সংগঠনমূলক কামকাজতো তেওঁ সক্ৰিয়ভাৱে অংশ লৈছিল।[১৬]অতি কমবয়সতেই বিভিন্ন কুসংস্কাৰ আৰু ধৰ্ম আৰু বৰ্ণৰ ভিত্তিত বৈষম্য বিচাৰৰ যুক্তিগ্ৰাহ্যতাক লৈ প্ৰশ্ন তুলিছিল।[১৭] নৰেন্দ্ৰনাথৰ আধ্যাত্মিক বিকাশত তেওঁৰ মাকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। পৰৱৰ্তী জীৱনত তেওঁ তেওঁৰ মাকৰ এটা কথাকেই বাৰংবাৰ উল্লেখ কৰিছিল, ’সাৰা জীৱন পবিত্ৰ থাকো, নিজেৰ সম্মান ৰক্ষা কোৰো, অন্যেৰ সম্মানে আঘাত কোৰো না। কোমল হও, কিন্তু প্ৰয়োজনবোধে নিজেৰ হৃদয়কে শক্ত ৰেখো’[১৪] কথিত আছে, নৰেন্দ্ৰনাথ আছিল ধ্যানসিদ্ধ; নিদ্ৰাৰ মাজতো তেওঁ এক জ্যোতি দৰ্শন কৰিছিল আৰু ধ্যানৰ সময়ত বুদ্ধৰ দৰ্শন পাইছিল।[১৮]

কলেজ আৰু ব্ৰাহ্মসমাজ[সম্পাদনা কৰক]

১৮৮০ চনৰ জানুৱাৰী মাহত কলকাতাৰ প্ৰেচিডেন্সি কলেজত প্ৰথম বৰ্ষৰ ক’লা বিভাগত ভৰ্তি হয় নৰেন্দ্ৰনাথ। পাছৰ বছৰ তেওঁ স্কটিছ চাৰ্চ কলেজলৈ গুচি যায়। এই সময়তেই তেওঁ অধ্যয়ন কৰে পাশ্চাত্য যুক্তিবিজ্ঞান, পাশ্চাত্য দৰ্শন আৰু ইউৰোপীয় জাতিসমূহৰ ইতিহাস।[১৭] ১৮৮১ চনত এফ.এ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৮৮৪ চনত ব্যাচেলৰ অফ আৰ্টচ ডিগ্ৰী লাভ কৰে।[১৯][২০] তেওঁৰ অধ্যাপকসকলৰ মতে, নৰেন্দ্ৰনাথ এক বিস্ময়কৰ প্ৰতিভাসম্পন্ন ছাত্ৰ আছিল। স্কটিছ চাৰ্চ কলেজৰ অধ্যক্ষ উইলিয়াম হেস্টিয়ে তেওঁৰ সম্পৰ্কত লিখিছিল, "নৰেন্দ্ৰ সঁচাকৈয়ে প্ৰতিভাবান আছিল। মই বহু দেশ ভ্ৰমণ কৰিছো; কিন্তু এই ল’ৰাটোৰ মাজত মেধা আৰু সম্ভাবনাৰ যি সাক্ষৰ দেখিছো সেইয়া মই আন কাৰো মাজত নাইপোৱা, এনেকি জাৰ্মান বিশ্ববিদ্যালয়সমূহৰ দৰ্শন বিভাগৰ ছাত্ৰসকলৰ মাজতো নাই।" ("Narendra is really a genius. I have travelled far and wide but I have never come across a lad of his talents and possibilities, even in German universities, among philosophical students.")[২১] তেওঁ আছিল এজনশ্ৰুতিধৰ, অৰ্থাৎ অসামান্য স্মৃতিশক্তিৰ অধিকাৰী ব্যক্তি।[২২][২৩] কথিত আছে, তেওঁৰ লগত হোৱা এক আলোচনাৰ পাছত ডাক্তৰ মহেন্দ্ৰলাল সৰকাৰে কৈছিল, "মই ভাবিবও পৰা নাই, এই কণমান সৰু ল’ৰাটোৱে ইমান খিনি পঢ়া পঢ়িছে।"[২৪] ল’ৰালিকালৰ পৰাই আধ্যাত্মিকতা, ঈশ্বৰোপলব্ধি আৰু সৰ্বোচ্চ আধ্যাত্ম সত্যৰ উপলব্ধিৰ বাবে তেওঁৰ ব্যাকুলতা দেখা যায়। প্ৰাচ্য আৰু পাশ্চাত্যৰ বিভিন্ন ধৰ্মীয় আৰু দাৰ্শনিক ধ্যান-ধাৰণাক লৈ তেওঁ পঢ়া-শুনা কৰিছিল আৰু বিভিন্ন ধৰ্মীয় নেতাৰ লগত দেখা সাক্ষাত কৰিছিল। সেইযুগৰ এক গুৰুত্বপূৰ্ণ সামাজিক ও ধৰ্মীয় সংগঠন ব্ৰাহ্মসমাজৰ সংস্পৰ্শলৈ আহে আৰু ব্ৰাহ্মসমাজৰ একেশ্বৰবাদ, অপৌত্তলিকতা আৰু সামাজিক আৰু ধৰ্মীয় সংস্কাৰ চেতনাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হন।[২৫] এই সময়্ত ব্ৰাহ্মসমাজৰ দুই সৰ্বোচ্চ নেতা মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰ আৰু ব্ৰহ্মানন্দ কেশবচন্দ্ৰ সেনৰ লগত সাক্ষাত কৰি তেওঁলোকৰ ওচৰত ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কত প্ৰশ্ন কৰে। কিন্তু কোনো সদুত্তৰ নাপালে।[২৬][২৭] কথিত আছে, নৰেন্দ্ৰনাথে ডেভিড হিউম, ইমানুয়েল কান্ট, জোহান গটলিব ফিচ, বাৰুখ স্পিনোজা, গেয়ৰ্গ ভিলহেল্ম হেগল, আৰ্থাৰ চোফেনহয়্যাৰ, ওগুস্ত কোঁত, হাৰবাৰ্ট স্পেনচাৰ, জন স্টুয়াৰ্ট মিল আৰু চাৰ্লচ ডাৰউইন প্ৰমুখ্যে সকলোৰে ৰচনাৱলী অধ্যয়ন কৰিছিল।[২১][২৮] হাৰবাৰ্ট স্পেনচাৰৰ বিবৰ্তনবাদৰ প্ৰতি আকৃষ্ট হৈ তেওঁ নিজৰ প্ৰকাশক গুৰুদাস চট্টোপাধ্যায়ৰ বাবে স্পেনচাৰৰ এডুকেশন (Education) নামৰ গ্ৰন্থখন বাংলালৈ অনুবাদ কৰিছিল। কিছুদিনলৈ তেওঁৰ লগত হাৰবাৰ্ট স্পেনচাৰৰ পত্ৰালাপো হয়।[২৯][৩০] পাশ্চাত্য দাৰ্শনিকসকলৰ ৰচনা অধ্যয়নৰ লগে লগে তেওঁ ভাৰতীয় সংস্কৃত ধৰ্মগ্ৰন্থ তথা বহু বাংলা গ্ৰন্থও অধ্যয়ন কৰিছিল।[২৮] অধ্যক্ষ হেস্টিয়ে সাহিত্যৰ এক ক্লাচত উইলিয়াম ওয়াৰ্ডচওয়াৰ্থৰ দি এক্সকাৰ্চন (The Excursion) কবিতাটোৰ আলোচনাকালত কবিৰ প্ৰাকৃতিক-ভাবতন্ময়তাৰ (nature-mysticism) বিষয়ে বুজাবলৈ গৈ ৰামকৃষ্ণ পৰমহংসৰ কথা উল্লেখ কৰাত নৰেন্দ্ৰনাথে প্ৰথম শ্ৰীৰামকৃষ্ণৰ কথা জানিব পাৰে।[৩১] কবিতাত ব্যবহৃত trance শব্দটোৰ অৰ্থ বুজাবলৈ গৈ হেস্টিয়ে তেওঁৰ ছাত্ৰসকলক কৈছিল যে এই শব্দটোৰ প্ৰকৃত অৰ্থ জানিবলৈ হলে তেওঁলোকৰ দক্ষিণেশ্বৰৰ শ্ৰীৰামকৃষ্ণৰ কাষলৈ যাব লাগিব। ইয়াতে তেওঁৰ কেইবাজনো ছাত্ৰ উদ্বুদ্ধ হৈ শ্ৰীৰামকৃষ্ণৰ দৰ্শন কৰেগৈ। তেওঁলোকৰ মাজত নৰেন্দ্ৰনাথ আছিল অন্যতম।[৩২][৩৩]

শ্ৰীৰামকৃষ্ণৰ সান্নিধ্যত[সম্পাদনা কৰক]

"ঠাকুৰেৰ ঐদিনকাৰ অদ্ভুত স্পৰ্শে মুহূৰ্তমধ্যে ভাবান্তৰ উপস্থিত হইল। স্তম্ভিত হইয়া সত্য সত্যই দেখিতে লাগিলাম, ঈশ্বৰ ভিন্ন বিশ্বব্ৰহ্মাণ্ডে অন্য কিছুই আৰ নাই!... যখন প্ৰকৃতিস্থ হইলাম, তখন ভাবিলাম উহাই অদ্বৈতবিজ্ঞানেৰ আভাস! তবে তো শাস্ত্ৰে ঐ বিষয়ে যাহা লেখা আছে, তাহা মিথ্যা নহে! তদবধি অদ্বৈততত্ত্বেৰ উপৰে আৰ কখনও সন্দিহান হইতে পাৰি নাই।"[৩৪][৩৫]

১৮৮১ চনৰ নবেম্বৰ মাহত ৰামকৃষ্ণ পৰমহংসৰ লগত হোৱা তেওঁৰ সাক্ষাতে নৰেন্দ্ৰনাথৰ জীৱনৰ ধাৰাটোকে পৰিবৰ্তিত কৰি দিয়ে।[৩৬] এই সাক্ষাৎকাৰৰ প্ৰসঙ্গত নৰেন্দ্ৰনাথে কৈছিল, "তেখেতক [ৰামকৃষ্ণ] এজন সাধাৰণ লোকৰ দৰেই লাগিল, একো অসাধাৰণত্ব নেদেখিলো। অতি সৰল ভাষাত তেওঁ কথা পাতিছিল, মই ভাবিলো, এই ব্যক্তিজন জানো এজন ডাঙৰ ধৰ্মাচাৰ্য্য হ’ব পাৰে? মই গোটেই জীৱন সকলোকে যি জিজ্ঞাসা কৰিছো, তেওঁৰ কাষলৈ গৈয়ো সেই প্ৰশ্নকেই জিজ্ঞাসা কৰি ক’লো, 'মহাশয়, আপুনি কি ঈশ্বৰ বিশ্বাস কৰে?' তেওঁ উত্তৰ দিলে- 'হয়।' 'মহাশয়, আপুনি কি তেওঁৰ অস্তিত্বৰ প্ৰমাণ দিব পাৰিব?' 'হয়'। 'কি প্ৰমাণ? ' 'মই তোমাক যিধৰণে মোৰ সম্মুখত দেখিছো, তেওঁকো মই ঠিক সেইৰূপেৰেই দেখো, বৰং আৰু স্পষ্টতৰ, আৰু উজ্জ্বলতৰৰূপেহে দেখো।' মই একেবাৰ মুগ্ধ হৈ গ’লো। [...] মই দিনৰ পিছত দিন এই ব্যক্তিৰ কাষলৈ যাবলৈ ধৰিলো। [...] ধৰ্মও যে দিব পৰা যায়, তাক মই বাস্তৱত প্ৰত্যক্ষ কৰিলো। এটা স্পৰ্শত, এটা দৃষ্টিতে এটা সমগ্ৰ জীবন পৰিবৰ্তিত হ’ব পাৰে। মই এইধৰণৰ পৰিবৰ্তন বাৰে বাৰে হোৱা দেখিছো।"[৩৬][৩৭] যদিও প্ৰথমে নৰেন্দ্ৰনাথে শ্ৰীৰামকৃষ্ণক নিজৰ গুৰু ৰূপে স্বীকাৰ কৰাত সম্মত নাছিল। তেওঁ তেওঁৰ ধ্যানধাৰণাৰ বিৰুদ্ধে প্ৰায়েই বিদ্ৰোহ প্ৰকাশ কৰিছিল। তথাপি শ্ৰীৰামকৃষ্ণৰ ব্যক্তিত্বৰ আকৰ্ষণত বাৰে বাৰে তেওঁৰ দৰ্শন পাবলৈ লৰি গৈছিল।[৩৮] প্ৰথমৰ ফালে শ্ৰীৰামকৃষ্ণৰ ত্বৰীয় আনন্দৰ ভাব আৰু দৰ্শনক কেৱলমাত্ৰ মনেসজা কল্পনা বুলি ভাবিছিল।[৮] [৩৯] ব্ৰাহ্মসমাজৰ সদস্য হিচাবে তেওঁ মূৰ্তিপূজা আৰু বহুদেৱবাদৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছিল। কিন্তু শ্ৰীৰামকৃষ্ণ আছিল কালীৰ উপাসক।[৪০] অদ্বৈত বেদান্ততত্ত্বকো নৰেন্দ্ৰনাথে নাস্তিকতা আৰু পাগলামি বুলি উৰায় দিছিল; আৰু মাজে মাজে সেইবোৰক লৈ উপহাস কৰিছিল।[৩৯] শ্ৰীৰামকৃষ্ণৰ ধ্যানধাৰণা গ্ৰহণ কৰিব নোৱাৰিলেও নৰেন্দ্ৰনাথে তাক উলাই কৰিবও নোৱাৰিলে। কোনো মত গ্ৰহণ কৰাৰ আগে তাক পৰীক্ষা কৰি চোৱাতো নৰেন্দ্ৰনাথৰ স্বভাব আছিল। তেওঁ শ্ৰীৰামকৃষ্ণক পৰীক্ষা কৰিছিল। শ্ৰীৰামকৃষ্ণয়ো কোনোদিনে তেওঁক যুক্তিবৰ্জনৰ পৰামৰ্শ দিয়া নাছিল। তেওঁ ধৈৰ্য সহকাৰে নৰেন্দ্ৰনাথৰ তৰ্ক আৰু পৰীক্ষাৰ সম্মুখীন হৈছিল আৰু তেওঁক সকলো দৃষ্টিকোণৰ পৰাই সত্য পৰীক্ষা কৰি চাবলৈ কৈছিল।[৩৮] পাঁচ বছৰ শ্ৰীৰামকৃষ্ণৰ সান্নিধ্যত থাকি নৰেন্দ্ৰনাথ এক অশান্ত, বিভ্ৰান্ত, অধৈৰ্য যুৱকৰ পৰা এক পৰিণত ব্যক্তিলৈ ৰূপান্তৰিত হ’ল। ঈশ্বৰোপলব্ধিৰ বাবে তেওঁ সৰ্বস্ব ত্যাগ স্বীকাৰ কৰিবলৈ ৰাজী হ’ল আৰু শ্ৰীৰামকৃষ্ণক নিজৰ গুৰু ৰূপে স্বীকাৰ কৰি নিজকে গুৰুৰ কাষত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰে।[৩৮] ১৮৮৫ চনত শ্ৰীৰামকৃষ্ণ ডিঙিৰ কেন‌চাৰত আক্ৰান্ত হয়। এই সময়ত তেওঁক কলকাতাৰ কাশীপুৰলৈ স্থানান্তৰিত কৰা হয়। জীৱনৰ অন্তিম পৰ্বত বিবেকানন্দ আৰু তেওঁৰ গুৰুভ্ৰাতাসকলে তেওঁৰ সেৱাসুশ্ৰুষা কৰিছিল। ইয়াতেই শ্ৰীৰামকৃষ্ণৰ তত্ত্বাৱধানত তেওঁলোকৰ আধ্যাত্মিক শিক্ষা চলে। কথিত আছে, কাশীপুৰতেই বিবেকানন্দই নিৰ্বিকল্প সমাধিৰ অভিজ্ঞতা অৰ্জন কৰিছিল।[৪১] শ্ৰীৰামকৃষ্ণৰ জীৱনৰ শেষ পৰ্বত বিবেকানন্দ আৰু তেওঁৰ কেইজনমান গুৰুভ্ৰাতাই গুৰুৰ পৰা সন্ন্যাসীৰ গেৰুৱা বস্ত্ৰ লাভ কৰিছিল। যাৰ মাধ্যমত প্ৰতিষ্ঠিত হৈছিল প্ৰথম ৰামকৃষ্ণ সংঘ।[৪২] গুৰুৰ পৰা বিবেকানন্দই এই শিক্ষাই পায় যে মানবসেৱাই সৰ্বাপেক্ষা কাৰ্যকৰী ঈশ্বৰোপাসনা।[৮][৪৩] কথিত আছে, শ্ৰীৰামকৃষ্ণৰ অৱতাৰত্বক লৈ বিবেকানন্দৰ মনত সন্দেহৰ উদ্ৰেক হলেই শ্ৰীৰামকৃষ্ণ ঘোষণা কৰিছিল, "যি ৰাম, যি কৃষ্ণ, তেৱেঁই ৰামকৃষ্ণ... "[৪৪] শ্ৰীৰামকৃষ্ণই তেওঁৰ অবৰ্তমানত নিজৰ শিষ্যসকলৰ দেখাশুনা কৰাৰ দায়িত্ব দিয়ে বিবেকানন্দৰ উপৰত, আৰু শিষ্যসকলকো বিবেকানন্দক নেতা বুলি স্বীকাৰ কৰিবলৈ কয়।[৪৫] দীৰ্ঘ অসুস্থতাৰ পাছত ১৮৮৬ চনৰ ১৬ আগস্টত অতি প্ৰত্যুষত কাশীপুৰ উদ্যানবাটীত ৰামকৃষ্ণ পৰমহংসৰ মহাপ্ৰয়াণ ঘটে। তেওঁৰ শিষ্যসকলৰ মতে, এইয়া আছিল তেখেতৰ মহাসমাধি।[৪৫]

বৰানগৰ মঠ[সম্পাদনা কৰক]

শ্ৰীৰামকৃষ্ণৰ মৃত্যুৰ পাছত তেওঁৰ গৃহী্তশিষ্যসকলৰ আৰ্থিক সাহায্যত বিবেকানন্দৰ নেতৃত্বত তেওঁৰ তৰুণ সন্ন্যাসী শিষ্যসকলে বৰানগৰত এটা পুৰণি ঘৰত এটি সংঘ প্ৰতিষ্ঠা কৰে। এইটোৱে আছিল ৰামকৃষ্ণ সংঘৰ সদস্যৰ দ্বাৰা স্থাপিত প্ৰথম মঠ।[৩৬] বৰানগৰৰ এই পুৰণি ঘৰটো মঠ স্থাপনৰ কাৰণে নিৰ্বাচিত হয় মূলত দুটি কাৰণত। প্ৰথম ঘৰটোৰ ভাড়া কম আছিল। দ্বিতীয় ঘৰটো শ্ৰীৰামকৃষ্ণৰ অন্ত্যেষ্টিস্থল কাশীপুৰ মহাশ্মশানৰ অত্যন্ত নিকটবৰ্তী আছিল। নৰেন্দ্ৰনাথ আৰু মঠৰ অন্যান্য সদস্যই ইয়াত জপধ্যান কৰিছিল আৰু শ্ৰীৰামকৃষ্ণ, শঙ্কৰাচাৰ্য, ৰামানুজ আৰু যিশু খ্ৰীষ্ট প্ৰমুখে ধৰ্মগুৰুসকলৰ লগত দৰ্শন আৰু শিক্ষাক লৈ আলোচনা কৰিছিল।[৪৬] এই মঠৰ প্ৰথম দিনবিলাকৰ কথা কবলৈ গৈ নৰেন্দ্ৰনাথে পাছত কৈছিল, "বৰানগৰ মঠত আমি অনেক ধৰ্মাচৰণ কৰিছো। পুৱাৰাতি তিনিটাত টোপনিৰ পৰা উঠি জপধ্যানত মগ্ন হওঁ। সেই দিনবিলাকত বৈৰাগ্য কি প্ৰবল আছিল! বাহিৰৰ জগৎখন আছে নে নাই, সেইকথা এবাৰো মনলৈ নাহিছিল।"[৪৬] ১৮৮৭ চনৰ প্ৰথমৰ ফালে নৰেন্দ্ৰনাথ আৰু তেওঁৰ আঠজন গুৰুভ্ৰাতাই আনুষ্ঠানিকভাবে সন্ন্যাস গ্ৰহণ কৰে। সন্ন্যাস গ্ৰহণৰ পাছত নৰেন্দ্ৰনাথে স্বামী বিবেকানন্দ নাম ধাৰণ কৰিছিল।[৪৭]

পৰিব্ৰাজক বিবেকানন্দ[সম্পাদনা কৰক]

১৮৮৮ চনত পৰিব্ৰাজকৰূপে মঠ ত্যাগ কৰে বিবেকানন্দই। পৰিব্ৰাজক হিন্দু সন্ন্যাসীৰ এটাই ধৰ্মীয় জীৱন – এই জীৱনত তেওঁলোকে স্বাধীনভাবে ভ্ৰমণ কৰি ঘূৰি ফুৰে কোনো স্থায়ী বাসস্থান বা বন্ধন নোহোৱাকৈ।[৪৯] পৰিব্ৰাজক জীৱনত স্বামী বিবেকানন্দৰ সঙ্গী আছিল এটি কমণ্ডলু, লাঠি, আৰু তেওঁৰ প্ৰিয় দুখন গ্ৰন্থ - ভগবদ্গীতা আৰু ইশানুসৰণ ।[৫০] পাঁচ বছৰ ধৰি ভাৰতৰ সৰ্বত্ৰ ভ্ৰমণ কৰি বিবেকানন্দই – প্ৰত্যেক শিক্ষাকেন্দ্ৰ দৰ্শন কৰে আৰু বিভিন্ন ধৰ্মসম্প্ৰদায় আৰু সমাজব্যবস্থাৰ সৈতে সুপৰিচিত হয়।[৫১][৫২] সাধাৰণ মানুহৰ দুখকষ্টৰ প্ৰতি তেওঁৰ সহানুভূতি জন্মে আৰু তেওঁ জাতিৰ উন্নতিকল্পে আত্মনিয়োগ কৰে।[৫১][৫৩] এই সময়ত ভিক্ষোপজীবি হৈ সমগ্ৰ ভাৰত পদব্ৰজেই ভ্ৰমণ কৰে বিবেকানন্দই। কেতিয়াবা কেতিয়াবা তেওঁৰ গুণমুগ্ধসকলে তেওঁক ট্ৰেইনৰ টিকট কিনি দিছিল। ভাৰত ভ্ৰমণ কৰাৰ সময়ত তেওঁ বিভিন্ন পণ্ডিত, দেৱান, ৰজা, আৰু হিন্দু, মুছলমান, খ্ৰীষ্টান এনেকি নিম্নবৰ্গৰ কৰ্মচাৰী আৰু চৰকাৰী আধিকাৰীসকলৰ লগতো মিলামিচা আৰু একেলগে বাস কৰিছিল।[৫৩]

উত্তৰ ভাৰত[সম্পাদনা কৰক]

১৮৮৮ চনত তেওঁ বাৰাণসীৰ পৰা তেওঁৰ যাত্ৰা আৰম্ভ কৰে। বাৰাণসীত তেওঁৰ লগত সাক্ষাত হয় বিশিষ্ট বাঙালী লেখক ভূদেব মুখোপাধ্যায় আৰু বিশিষ্ট সন্ত ত্ৰৈলঙ্গস্বামীৰ। ইয়াতেই বিশিষ্ট সংস্কৃত পণ্ডিত বাবু প্ৰেমদাস মিত্ৰৰ লগত তেওঁৰ পৰিচয় ঘটে, যাৰ লগত পৰৱৰ্তীকালত একাধিক পত্ৰালাপত তেওঁ হিন্দু ধৰ্মশাস্ত্ৰক লৈ আলোচনা কৰিছিল।[৫৪] বাৰাণসীৰ পাছত তেওঁ ক্ৰমে অযোধ্যা, লক্ষ্ণৌ, আগ্ৰা, বৃন্দাবন, হথৰাচ আৰু হৃষীকেশলৈ যায়। হথৰাচত তেওঁৰ লগত স্টেচন মাস্টৰ শৰৎচন্দ্ৰ গুপ্তৰ সাক্ষাত হয়, যি পাছলৈ বিবেকানন্দৰ শিষ্যত্ব গ্ৰহণ কৰি সদানন্দ নামে পৰিচিত হৈছিল। তেওঁ আছিল বিবেকানন্দৰ প্ৰথম যুগৰ শিষ্য।[৫৫][৫৬]১৮৮৮-৯০ মধ্যবৰ্তী সময়ত তেওঁ বৈদ্যনাথ আৰু এলাহাবাদ ভ্ৰমণ কৰে। এলাহাবাদৰ পৰা গাজিপুৰলৈ গৈ তেওঁ পাহাৰী বাবাৰ দৰ্শন কৰে। পাহাৰী বাবা আছিল এক অদ্বৈতবাদী সন্ত, যিজনে অধিকাংশ সময়েই ধ্যানমগ্ন হৈ থাকিছিল।[৫৭] ১৮৮৮-৯০ সময়ত এক ভগ্নস্বাস্থ্য আৰু মঠৰ দুই আৰ্থিক সাহায্যদাতা বলৰাম বসু আৰু সুৰেশচন্দ্ৰ মিত্ৰৰ মৃত্যুৰ পাছত মঠৰ আৰ্থিক ব্যবস্থাৰ সুব্যৱস্থা কৰাৰ প্ৰয়োজনত তেওঁ কেইবাবাৰো বৰানগৰৰ মঠলৈ প্ৰত্যাবৰ্তন কৰিছিল।[৫৬]

হিমালয় ভ্ৰমণ[সম্পাদনা কৰক]

১৮৯০ চনৰ জুলাই মাহত গুৰুভ্ৰাতা স্বামী অখণ্ডানন্দৰ লগত তেওঁ পুনৰবাৰ পৰিব্ৰাজক সন্ন্যাসী ৰূপেৰে দেশভ্ৰমণলৈ ওলায়। মঠলৈ ঘূৰে একেবাৰে পাশ্চাত্য ভ্ৰমণ শেষ কৰি।[৫৬][৫৮] প্ৰথমে তেওঁ যায় নৈনিতাল, আলমোৰা, শ্ৰীনগৰ, দেৰাদুন, ঋষিকেশ, হৰিদ্বাৰ আৰু হিমালয়লৈ। কথিত আছে, এই সময়ত এক দিব্যদৰ্শনত তেওঁ বহিৰ্জগৎ আৰু ক্ষুদ্ৰব্ৰহ্মাণ্ড প্ৰত্যক্ষ কৰে। পৰৱৰ্তীকালত পাশ্চাত্যত প্ৰদান কৰা তেওঁৰ জ্ঞানযোগ বক্তৃতামালাত এই বহিৰ্জগৎ আৰু ক্ষুদ্ৰব্ৰহ্মাণ্ডৰ বৰ্ণনা দিছে স্বামী বিবেকানন্দই। এই ভ্ৰমণৰ সময়ত তেওঁৰ অন্যান্য গুৰুভ্ৰাতা স্বামী ব্ৰহ্মানন্দ, সাৰদানন্দ, তুৰীয়ানন্দ, অখণ্ডানন্দ আৰু অদ্বৈতানন্দৰ লগত তেওঁৰ সাক্ষাৎ হয়। মীৰাটত কিছুদিন তেওঁলোকে একেলগে জপধ্যান, প্ৰাৰ্থনা আৰু শাস্ত্ৰপাঠ কৰি সময় অতিবাহিত কৰে। ১৮৯১ চনৰ জানুৱাৰী মাহৰ শেষৰফালে অন্যান্য গুৰুভ্ৰাতাসকলক এৰি তেওঁ অকলেই দিল্লীলৈ অগ্ৰসৰ হয়।[৫৮][৫৯]

ৰাজপুতনা[সম্পাদনা কৰক]

দিলীৰ ঐতিহাসিক স্থানবোৰ দেখাৰ পাছ্ত তেওঁ যায় ৰাজপুতনাৰ ঐতিহাসিক ৰাজ্য আলোৱাৰলৈ। পাছত তেওঁ জয়পুৰলৈ যায়। তাত এজন সংস্কৃত পণ্ডিতৰ ওচৰত অধ্যয়ন কৰে পাণিনিৰ অষ্টাধ্যয়ী। তাৰ পাছৰ গন্তব্যস্থল আছিল আজমেৰ। তাৰ বিখ্যাত দৰগাহ আৰু আকবৰৰ প্ৰাসাদ চাই তেওঁ মাউন্ট আবুলৈ যায়। মাউন্ট আবুত তেওঁৰ লগত সাক্ষাৎ হয় খেতৰিৰ মহাৰজা অজিত সিংহৰ। পাছত তেওঁ বিবেকানন্দৰ একনিষ্ঠ ভক্ত আৰু পৃষ্ঠপোষকৰূপে পৰিগণিত হয়। তেওঁৰ আমন্ত্ৰণতেই বিবেকানন্দই খেতৰিলৈ আহিছিল। তাত ৰজাৰ লগত তেওঁৰ নানা বিষয়ে আলোচনা হয়। খেতৰিতেই পণ্ডিত নাৰায়ণদাসৰ লগত তেওঁৰ ঘনিষ্ঠতা হয় আৰু তেওঁ পাণিনিৰ সূত্ৰৰ মহাভাষ্য অধ্যয়ন কৰে। খেতৰিত আঢ়ৈ মাহ কটোৱাৰ পাছত ১৮৯১ চনৰ অক্টোবৰত তেওঁ ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ উদ্দেশ্যে ৰাওনা হয়।[৫৩][৬০]

পশ্চিম ভাৰত[সম্পাদনা কৰক]

পশ্চিমৰ যাত্ৰাপথত তেওঁ ভ্ৰমণ কৰে আমেদাবাদ, বৰ্ধমান আৰু লিম্বদি। আমেদাবাদত তেওঁ ইছলামী আৰু জৈন সংস্কৃতিৰ পাঠ সমাপ্ত কৰে।[৫৩] লিম্বদিত ঠাকুৰ চাহেব জচৱন্ত সিংহৰ লগত তেওঁৰ সাক্ষাৎ হয়, যি নিজে আমেৰিকা আৰু ইংল্যাণ্ড ভ্ৰমণ কৰিছিল। ঠাকুৰ চাহেবৰ পৰাই বিবেকানন্দৰ পাশ্চাত্যলৈ বেদান্ত প্ৰচাৰৰ বাবে যোৱাৰ ধাৰণাটো প্ৰাপ্ত হয়। ইয়াৰ পাছত তেওঁ যায় জুনাগড়, গিৰনাৰ, কচ্ছ, পোৰবন্দৰ, দ্বাৰকা, পালিতানা আৰু বৰোদালৈ। পোৰবন্দৰত সন্ন্যাসজীৱনৰ নিয়ম ভাঙি তেওঁ ন মাহ অৱস্থান কৰে পণ্ডিতসকলৰ পৰা দৰ্শন আৰু সংস্কৃত গ্ৰন্থাৱলী অধ্যয়ন কৰাৰ কাৰণে। এই সময়ত সভাপণ্ডিতকলৰ লগত একযোগে বেদ অনুবাদৰ কামো কৰে।[৫৩] ইয়াৰ পাছত তেওঁ যায় মহাবলেশ্বৰ আৰু তাৰপাছত যায় পুণালৈ। পুণাৰ পৰা ১৮৯২ চনৰ জুন মাহত তেওঁ খান্ডোৱা আৰু ইন্দোৰ ভ্ৰমণ কৰে। কাথিয়াওয়াৰত তেওঁ বিশ্বধৰ্ম মহাসভাৰ কথা শুনে। তেওঁৰ অনুগামীসকলে তেওঁক সেই সভাত যোগদান কৰিবলৈ অনুৰোধ কৰে। খান্ডোৱাৰ পৰা তেওঁ বোম্বাই উদ্দেশ্যে যাত্ৰা কৰে। ১৮৯২ চনৰ জুলাই মাহত তেওঁ বোম্বাই পায়গৈ। পুণাৰ পথত ট্ৰেইনত বাল গঙ্গাধৰ তিলকৰ লগত তেওঁৰ সাক্ষাৎ হয়।[৬১] পুণাত কিছুদিন তিলকৰ লগত থকাৰ পাছত[৬২] ১৮৯২ চনৰ অক্টোবৰত স্বামী বিবেকানন্দই বেলগাঁওলৈ যাত্ৰা কৰে। বেলগাঁওতে তেওঁ অধ্যাপক জি এচ ভাটি আৰু চাব-ডিভিজনেল ফৰেস্ট অফিচাৰ হৰিপদ মিত্ৰৰ আতিথ্য গ্ৰহণ কৰে। বেলগাঁওৰ পৰা তেওঁ যায় গোৱাৰ পাঞ্জিম আৰু মাৰগাঁওলৈ। গোৱাৰ প্ৰাচীনতম ধৰ্মতত্ত্ব কনভেন্ট-কলেজ ৰাচোল চেমিনাৰীত তিনি দিন থাকে। এই কনভেন্ট-কলেজত সংৰক্ষিত আছিল লেটিন ৰচিত দুষ্প্ৰাপ্য ধৰ্মীয় সাহিত্যৰ পাণ্ডুলিপি আৰু মুদ্ৰিত ৰচনাৱলী। অনুমান কৰা হয়, ইয়াত তেওঁ খ্ৰীষ্টীয় ধৰ্মতত্ত্ব সম্পৰ্কে মূল্যবান জ্ঞান অৰ্জন কৰিছিল।[৬৩] মাৰগাঁওৰ পৰা বিবেকানন্দই ৰেলপথেৰে যাত্ৰা কৰে ধাৰোৱাৰৰ উদ্দেশ্যে। তাৰ পৰা আহে মহীশূৰ ৰাজ্যৰ ব্যাঙ্গালোৰলৈ।[৬৪]

দক্ষিণ ভাৰত[সম্পাদনা কৰক]

বেঙ্গালুৰুত স্বামীজীয়ে মহীশূৰ ৰাজ্যৰ দেৱান চাৰ কে. শেষাদ্ৰী আইয়াৰৰ লগত পৰিচিত হয়, আৰু পাছত তেওঁ মহীশূৰৰ মহাৰাজা শ্ৰী চামাৰাজেন্দ্ৰ ওয়াদিয়াৰৰ অতিথি হিচাবে ৰাজপ্ৰাসাদত থাকে। বিবৰণ অনুসাৰি চাৰ শেষাদ্ৰীয়ে স্বামীজীৰ পাণ্ডিত্যৰ বিষয়ে মন্তব্য কৰে, "এক আকৰ্ষণীয় ব্যক্তিত্ব আৰু ঐশ্বৰিক শক্তি যিটো তেওঁৰ দেশৰ ইতিহাসত সেইবিলাকৰ চিন ৰাখি যাবলৈ নিয়তিনিৰ্ধাৰিত আছিল।" মহাৰাজাই স্বামীজীক কোচিনৰ দেৱানৰ লগত পৰিচয় কৰাই দি এখন পত্ৰ আৰু এটা ৰেলৰ টিকট কাটি দিয়ে।[৬৫]

বেঙ্গালুৰুৰ পৰা তেওঁ ভ্ৰমণ কৰে ত্ৰিচুড়, কোদুনগ্যালোৰ, এৰনাকুলাম। এৰনাকুলামত ১৮৯২ চনৰ ডিচেম্বৰৰ প্ৰথমভাগত তেওঁ নাৰায়ণ গুৰুৰ সমসাময়িক ছত্তাম্পি স্বামীকালক দেখা পায়।[৬৬] এৰনাকুলামৰ পৰা তেওঁ ভ্ৰমণ কৰে ত্ৰিবানদ্ৰাম, নাগেৰক’ল আৰু ১৮৯২ চনৰ বৰদিনৰ প্ৰাক্কালত খোজ কাঢ়ি কন্যাকুমাৰী পায়গৈ।[৬৭] বিবৰণ অনুসৰি স্বামীজিয়ে "ভাৰতীয় পাহাৰৰ শেষ প্ৰান্তত" তিনি দিন ধৰি ধ্যান কৰিছিল যিটো পাছত বিবেকানন্দ ৰক মেমোৰিয়াল হিচাবে খ্যাতি লাভ কৰে।[৬৮] কন্যাকুমাৰীতে বিবেকানন্দই "এক ভাৰতৰ স্বপ্ন" দেখে, যাক সচৰাচৰ কোৱা হয় "১৮৯২ ৰ কন্যাকুমাৰী সঙ্কল্প"।[৬৯] তেওঁ লিখিছিল, "ক্যামোৰিন অন্তৰীপত মা কুমাৰীৰ মন্দিৰত বহি ভাৰতীয় পাহাৰৰ শেষ প্ৰান্তত বহি - মই এক পৰিকল্পনা কৰিছো: আমি ইমানবোৰ সন্ন্যাসী ঘূৰি ফুৰিছো আৰু মানুহক অধিবিদ্যা/দৰ্শনশাস্ত্ৰ শিকাইছো - এই সকলোবোৰ মাত্ৰ পাগলামি। আমাৰ গুৰুদেৱে কি কোৱা নাছিল, 'খালি পেট ধৰ্মৰ বাবে ভাল নহয়?' জাতি হিচাবে আমি আমাৰ স্বতন্ত্ৰ বৈশিষ্ট্য হেৰুৱাইছো আৰু এইটোৱেই হৈছে ভাৰতৰ সকলো অনিষ্টৰ কাৰণ। আমাৰ জনসাধাৰণক জাগ্ৰত কৰিব লাগিব।"[৬৯][৭০] কন্যাকুমাৰীৰ পৰা তেওঁ যায় মাদুৰাই য’ত ৰামনাদৰ ৰজা ভাস্কৰ সেতুপতিৰ লগত দেখা কৰি তেওঁ পৰিচয়পত্ৰ দেখুৱায়। ৰজাই স্বামীজীৰ শিষ্য হয় আৰু তেওঁক চিকাগোৰ ধৰ্ম সন্মিলনলৈ যোৱাৰ বাবে অনুৰোধ কৰে। মাদুৰাইৰ পৰা তেওঁ যায় পন্ডিচেৰীৰ ৰামেশ্বৰমলৈ। তাৰ পৰা তেওঁ যায় মাদ্ৰাজলৈ আৰু ইয়াত তেওঁ তেওঁৰ সকলো অনুগত শিষ্যৰ লগত সাক্ষাৎ কৰে যিসকলে স্বামীজীৰ আমেৰিকা ভ্ৰমণ আৰু পাছত মাদ্ৰাজত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠাৰ তহবিল সংগ্ৰহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ মাদ্ৰাজৰ শিষ্যসকল আৰু মহীশূৰ, ৰামনাদ, খেতৰিৰ ৰজাৰ, দেৱান আৰু অন্যান্য অনুগামীসকলৰ সংগৃহীত অৰ্থৰ সাহায্য লয় আৰু খেতৰিৰ মহাৰাজাৰ পৰামৰ্শক্ৰমে বিবেকানন্দ নাম ধাৰণ কৰি বিবেকানন্দই ১৮৯৩ চনৰ ৩১ মে তাৰিখে চিকাগোৰ উদ্দেশ্যে বোম্বে ত্যাগ কৰে।

জাপান ভ্ৰমণ[সম্পাদনা কৰক]

তেওঁৰ চিকাগো যোৱাৰ পথত বিবেকানন্দই ১৮৯৩ চনত জাপান ভ্ৰমণ কৰে। প্ৰথমে তেওঁ বন্দৰ নগৰী নাগাচাকি পায়গৈ আৰু তাৰপাছত কোবলৈ যাবলৈ এখন স্টীমাৰত উঠে। ইয়াৰ পৰা তেওঁ স্থল পথেৰে তিনিখন ডাঙৰ চহৰ ওচাকা, কিয়োটো আৰু ট’কিও ভ্ৰমণ কৰি ইয়োকোহামালৈ যায়। তেওঁ জাপানীসকলক "পৃথিবীৰ আটাইতকৈ পৰিষ্কাৰ-পৰিচ্ছন্ন জনগনৰ অন্যতম" বুলি অভিহিত কৰে আৰু কেৱল তেওঁলোকৰ ৰাস্তাঘাট আৰু ঘৰ-দুৱাৰৰ পৰিচ্ছন্নতা দেখিয়ে চমৎকৃত হোৱা নাছিল বৰং তেওঁলোকৰ কৰ্মচাঞ্চল্য, মনোভাব আৰু ভঙ্গি দেখিও চমৎকৃত হয় যিবোৰৰ সকলোবোৰকেই তেওঁৰ "চিত্ৰবৎ বা ছবিৰ দৰে" ভাব হৈছিল।[৭১] তেতিয়া আছিল জাপানত দ্ৰুত সামৰিক সংখ্যা/শক্তি বৃদ্ধিৰ সময় - চীন-জাপানৰ যুদ্ধ আৰু ৰাছিয়া-জাপান যুদ্ধৰ পূৰ্বসূচক। এই সকলোবোৰ প্ৰস্ত্তুতিয়ে বিবেকানন্দৰ মনোযোগ এৰি যোৱা নাছিল, যাৰ বিষয়ে তেওঁ লিখিছিল -"জাপানীসকলক দেখিলে এতিয়া ভাব হয় বৰ্তমান সময়ৰ প্ৰয়োজনানুসাৰে নিজকে সম্পূৰ্ণৰূপে জগাই তুলিছে। তেওঁলোক এতিয়া তেওঁলোকৰ নিজৰ কৰ্মকৰ্তাসকলৰ আবিষ্কৃত আৰু অতুলনীয় বলত কথিত বন্দুক/অস্ত্ৰসমূহৰ দ্বাৰা সজ্জিত এক সম্পূৰ্ণ সংগঠিত সামৰিক বাহিনী। তাৰবাহিৰেও তেওঁলোকে তেওঁলোকৰ নৌ-বাহিনীক অবিৰামভাৱে বৰ্ধিত কৰিছে।" তেওঁৰ পৰ্যবেক্ষণ শিল্পৰ অগ্ৰগতি সম্পৰ্কেও, "দিয়াচলাই কাৰখানাবোৰো একো একোটা চাবলগীয়া , আৰু তেওঁলোকক যি লাগে তাৰ বেছিভাগেই তেওঁলোকে নিজৰ দেশত তৈয়াৰ কৰি লব পাৰে।"[৭১] জাপানৰ দ্ৰুত অগ্ৰগতিৰ বিপৰীতে ভাৰতৰ পৰিস্থিতি তুলনা কৰি তেওঁ দেশৰ মানুহক তাগিদা দিছিল - "কুসংস্কাৰ আৰু নিপীড়নৰ শতাব্দীৰ সন্তান-সন্ততিসকল" – তোমালোকৰ সংকীৰ্ণ গাঁতৰ পৰা ওলায় আহাঁ আৰু বিদেশৰ ফালে চোৱা - “মই মাত্ৰ বিচাৰো যে আমাৰ যুৱকসকলো প্ৰতি বছৰে জাপান আৰু চীন ভ্ৰমণ কৰক। বিশেষ কৈ জাপানীসকলৰ তুলনাত ভাৰত তাৰপাছতো এনে কি এক স্বপ্নৰাজ্য যাৰ সকলোবোৰেই উচ্চস্তৰৰ আৰু ভাল। আৰু তোমালোক, তোমালোক কি?...তোমালোকে সমগ্ৰ জীৱনত বাজে কথা কৈছা, অনৰ্থক প্ৰলাপকাৰীসকল, তোমালোক কি? আহাঁ, এই মানুহসকলক চোৱা আৰু লাজত তোমালোকৰ মুখ ঢাকা। জড়বুদ্ধিসম্পন্ন জাতি, তোমালোকে তোমালোকৰ প্ৰাসাদ হেৰুৱাবা যদি তোমালোক বাহিৰলৈ আহাঁ! শত শত বছৰ ধৰি তোমালোকৰ মূৰৰ উপৰত ঘৰ কৰা কুসংস্কাৰৰ ক্ৰমবৰ্ধমান বোজা লৈ বহি আছা, শত শত বছৰ ধৰি ইজনে সিজনৰ স্পৰ্শযোগ্যতা বা স্পৰ্শ-অযোগ্যতাক লৈ আলোচনা কৰি তোমালোক সকলোৱে শক্তি ক্ষয় কৰিছা, যুগ যুগ ধৰি অবিৰাম সামাজিক পীড়নৰ দ্বাৰা তোমালোকৰ মানবিকতা নিষ্পেষিত - তোমালোক কি? আৰু তোমলোকে এতিয়াও কি কৰিছা?...তোমালোকে হাতত কিতাপ লৈ সমুদ্ৰতীৰত ভ্ৰমণ কৰিছা - ইউৰোপিয়ান মস্তিষ্ক-কৰ্মৰ অজীৰ্ণ পথভ্ৰষ্ট ক্ষুদ্ৰ ক্ষুদ্ৰ অংশৰ পুনৰাবৃত্তি কৰিছা, আৰু ত্ৰিশ টকীয়া কেৰানীৰ চাকৰিৰ বাবে সমস্ত আত্মা অবনত, অথবা খুববেছি এজন উকিল হোৱা - নবীন ভাৰতৰ উচ্চাকাঙ্খাৰ শিখৰ - আৰু প্ৰত্যেক ছাত্ৰই ইজনে সিজনৰ লগত নিজক সংযুক্ত কৰি ঘূৰি ঘূৰি এদল ক্ষুধাৰ্ত ল’ৰা-ছোৱালীৰ দল সৃষ্টি কৰিছে! তোমালোকৰ, কিতাপবিলাক, গাউনৰ, বিশ্ববিদ্যালয়ৰ ডিপ্লোমাবিলাক আৰু সকলোবোৰকে ডুবাই পেলোৱাৰ জোখাৰে সাগৰত কি পানীৰ অভাৱ?[৭১]”

প্ৰথম পাশ্চাত্য ভ্ৰমণ[সম্পাদনা কৰক]

চীন, কানাডা হৈ তেওঁ আমেৰিকাৰ চিকাগো পায়গৈ ১৮৯৩ চনৰ জুলাই মাহত।[৭২] কিন্তু তেওঁ এইটো জানিব পাৰি হতাশ হ’ল যে কোনো প্ৰকৃত প্ৰতিষ্ঠানৰ প্ৰমাণ-পত্ৰ/প্ৰশংসাপত্ৰ অবিহনে কোনো ব্যক্তিকে প্ৰতিনিধি হিচাবে গ্ৰহণ কৰা নহব। তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক জন হেনৰি ৰাইটৰ সংস্পৰ্শলৈ আহে।[৭৩] তেওঁক হাৰ্ভাৰ্ডলৈ আমন্ত্ৰণ জনোৱাৰ পাছত আৰু ধৰ্মসভাত বক্তৃতাদানত তেওঁৰ প্ৰশংসাপত্ৰ নথকাৰ প্ৰসঙ্গত ৰাইটৰ উদ্ধৃতি, "আপোনাৰ পৰা প্ৰশংসাপত্ৰ বিচৰাতো হৈছে স্বৰ্গত সূৰ্য্যৰ পোহৰ দিয়াৰ অধিকাৰ বিচৰাৰ দৰে অৱস্থা।" ৰাইটে তেতিয়া প্ৰতিনিধিসকলৰ দায়িত্বপ্ৰাপ্ত চেয়াৰমেনলৈ এখন চিঠিত লিখিলে যে, "আমাৰ সকলো অধ্যাপক একত্ৰিত হ’লেও যিমান শিক্ষিত এওঁ তেওঁলোকতকৈয়ো বেছি শিক্ষিত।" অধ্যাপকৰ সম্পৰ্কত বিবেকানন্দই নিজে লিখে যে, "তেওঁ মোক ধৰ্মসভালৈ যোৱাৰ প্ৰয়োজনীয়তা নিবন্ধ সহকাৰে বুজায়, য’ত তেওঁ ভাবিছিল জাতিৰ কাষত তেওঁক ইয়াৰ পৰিচয় দিব।"[৭৪]

বিশ্বধৰ্ম মহাসভা[সম্পাদনা কৰক]

ধৰ্মসভা ১৮৯৩ চনৰ ১১ ছেপ্টেম্বৰত চিকাগোৰ আৰ্ট ইনস্টিটিউটত উদ্বোধন হয়। সেইদিনা বিবেকানন্দই তেওঁৰ প্ৰথম সংক্ষিপ্ত ভাষণ দিয়ে। তেওঁ ভাৰত আৰু হিন্দু ধৰ্মৰ প্ৰতিনিধিত্ব কৰে।[৭৫] প্ৰথমৰফালে বিচলিত হ’লেও তেওঁ বিদ্যাৰ দেবী সৰস্বতীৰ আগত মূৰ দোঁৱায় আৰু তেওঁ বক্তৃতা আৰম্ভ কৰে এনেদৰে, "আমেৰিকাৰ ভ্ৰাতা আৰু ভগিনীসকল!"[৭৩][৭৬] তেওঁৰ এই সম্ভাষণে প্ৰায় সাত হাজাৰ দৰ্শক-শ্ৰোতাই দুই মিনিট থিয় হৈ তেওঁক সংম্বৰ্ধনা জনায়। নীৰৱতা ঘূৰি অহাৰ পাছত তেওঁ তেওঁৰ বক্তৃতা আৰম্ভ কৰিলে। "যি ধৰ্মই বিশ্বক সহিষ্ণুতা আৰু মহাজাগতিক গ্ৰহণযোগ্যতা শিকাইছে সেই ধৰ্মৰ সৰ্বাধিক প্ৰাচীন সন্ন্যাসীসকলৰ বৈদিক ক্ৰমানুসাৰে" তেওঁ জাতিসমূহৰ কনিষ্ঠতমকো অভিবাদন জনালে।[৭৭] আৰু তেওঁ গীতাৰ পৰা এই সম্পৰ্কত দুটা উদাহৰণমূলক পঙ্ক্তি উদ্ধৃত কৰে-"যিহেতু বিভিন্ন স্ৰোতধাৰাবোৰৰ উৎসসমূহ বিভিন্ন ঠাইত থাকে, সেই সকলোবোৰেই সাগৰৰ পানীত গৈ মিলি যায়, তেনেকৈয়ে, হে প্ৰভু, বিভিন্ন প্ৰবণতাৰ মাজেদিও মানুহে বিভিন্ন যিবিলাক পথত চলে, সেইবিলাক বিভিন্ন ৰকমে পোন বা বেকা ভাব হলেও, সেইবিলাক প্ৰভুৰ ফালেই ধাবিত হয়!" আৰু "যি আকাৰৰ মজেদিয়েই নহওক কিয়, যি মোৰ কাষলৈ আহে, বা মই তেওঁৰ কাষলৈ যাওঁ; সকলো মানুহেই বিভিন্ন পথেৰে চেষ্টা কৰিছে আৰু অৱশেষত মোৰ কাষ পায়হি।"[৭৭] সংক্ষিপ্ত বক্তৃতা হোৱা সত্ত্বেও ই সভাৰ আত্মা আৰু ইয়াৰ বিশ্বজনীন চেতনা ধ্বনিত কৰে।[৭৭][৭৮] সভাৰ সভাপতি, ডঃ ব্যাৰোজে কৈছিল, "কমলা-সন্ন্যাসী স্বামী বিবেকানন্দই ধৰ্মসমূহৰ মাতা ভাৰতৰ প্ৰতিনিধিত্ব কৰিছে আৰু তেওঁৰ শ্ৰোতাসকলৰ উপৰত সকলোতকৈ বিস্ময়কৰ প্ৰভাৱ বিস্তাৰ কৰিছে।"[৭৬] প্ৰেচে তেওঁৰ প্ৰচুৰ মনোযোগ আকৰ্ষণ কৰে যাৰ বাবে তেওঁ "ভাৰতৰ চাইক্লোন সন্ন্যাসী" হিচাবে অভিহিত হয়। নিউ ইয়ৰ্ক ক্ৰিটিকে লিখিছিল, "ঐশ্বৰিক অধিকাৰবলত তেওঁ এজন বক্তা আৰু হালধীয়া আৰু কমলাৰ চিত্ৰবৎ পৰিধানে তেওঁৰ শক্তিশালী, বুদ্ধিদীপ্ত চেহেৰাতকৈ কম আগ্ৰহোদ্দীপক নাছিল সেই সমৃদ্ধ আৰু ছন্দোময়ভাৱে উচ্চাৰিত শব্দসমূহ। নিউইয়ৰ্ক হেৰাল্ডে লিখিছিল, "বিবেকানন্দ নিঃসন্দেহে ধৰ্মসভাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিত্ব। তেওঁৰ বক্তৃতা শুনি আমি অনুভৱ কৰিছো যে এই শিক্ষিত জাতিৰ কাষলৈ মিছনাৰীক পঠোৱাতো কি ধৰণৰ মূৰ্খতা"।[৭৯] আমেৰিকাৰ বাতৰিকাকতসমূহে স্বামী বিবেকানন্দক "ধৰ্মসভাৰ সকলোতকৈ মহান ব্যক্তিত্ব" আৰু "সভাৰ সকলোতকৈ জনপ্ৰিয় আৰু প্ৰভাৱশালী ব্যক্তি" হিচাবে প্ৰতিবেদন লিখে।[৮০] তেওঁ সভাত আৰু অনেকবাৰ হিন্দুধৰ্ম আৰু বৌদ্ধধৰ্ম সম্পৰ্কিত বিষয়্ত কয়। সভা ১৮৯৩ চনৰ ২৭ ছেপ্টেম্বৰত সমাপ্ত হয়। সভাত তেওঁৰ সকলো বক্তৃতাৰ এটা সাধাৰন বিষয়বস্ত্তু আছিল - সাৰ্বজনীনতা - অধিক গুৰুত্বপূৰ্ণ ধৰ্মীয় সহিষ্ণুতা।[৮১]

আমেৰিকা আৰু ইংলণ্ডত বক্তৃতাদান[সম্পাদনা কৰক]

চিকাগো আৰ্ট ইনস্টিটিউটত ১৮৯৩ চনৰ ছেপ্টেম্বৰত ধৰ্মসভা শেষ হোৱাৰ পাছত বিবেকানন্দই পুৰা দুই বছৰ পূব আৰু কেন্দ্ৰীয় যুক্তৰাষ্ট্ৰৰ বিশেষ কৈ চিকাগো, ডেট্ৰয়েট, বোস্টন আৰু নিউইয়ৰ্কত বক্তৃতা দিয়ে। ১৮৯৫ চনৰ বসন্তকালৰ মাজত তেওঁৰ অব্যাহত প্ৰচেষ্টাৰ কাৰণে তেওঁ ক্লান্ত হৈ পৰে আৰু তেওঁৰ স্বাস্থ্য দুৰ্বল হৈ পৰে।[৮২] তেওঁৰ বক্তৃতাদান যাত্ৰা স্থগিত কৰাৰ পাছত স্বামীজীয়ে বেদান্ত ও যোগৰ উপৰত বিনা মূল্যে ব্যক্তি পৰ্যায়ত শিক্ষা দিয়া আৰম্ভ কৰে। ১৮৯৫ চনৰ জুনৰ পৰা দুই মাহব্যাপী তেওঁ থাউজ্যান্ড আইল্যান্ড পাৰ্কত তেওঁৰ এক ডজন শিষ্যক ব্যক্তি পৰ্যায়ত শিক্ষা দিয়াৰ বাবে ভাষণ দিয়ে। বিবেকানন্দই এইটোক আমেৰিকাত তেওঁৰ প্ৰথম ভ্ৰমণৰ আটাইতকৈ সুখী অংশ বুলি বিবেচনা কৰিছিল। তেওঁ পাছত "নিউইয়ৰ্ক বেদান্ত চ’চাইটি" প্ৰতিষ্ঠা কৰে।[৮২] আমেৰিকাত তেওঁৰ প্ৰথম পৰিদৰ্শনৰ সময়ত তেওঁ ইংল্যাণ্ড ভ্ৰমণ কৰে দুবাৰ - ১৮৯৫ আৰু ১৮৯৬ চনত। তাত তেওঁৰ বক্তৃতাসমূহ সফল হৈছিল।[৮৩] ইয়াতে তেওঁ সাক্ষাৎ পায় এগৰাকী আইৰিচ মহিলা মিছ মাৰ্গাৰেট নোবলৰ যি পাছলৈ চিস্টাৰ নিবেদিতা নামে পৰিচিত হয়।[৮২] ১৮৯৬ চনৰ মে মাহত তেওঁৰ দ্বিতীয় ভ্ৰমণৰ সময়ত পিমলিকোতত এটা ঘৰত থকা অৱ্স্থাত স্বামীজীয়ে দেখা পায় অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ এক বিখ্যাত ভাৰত বিশেষজ্ঞ ম্যাক্স মুলাৰক যি পাশ্চাত্যত ৰামকৃষ্ণৰ প্ৰথম আত্মজীবনী লিখিছিল।[৭৮]ইংলণ্ডৰ পৰা তেওঁ অন্যান্য ইউৰোপিয়ান দেশো ভ্ৰমণ কৰে। জাৰ্মানীত তেওঁ আৰু এজন ভাৰত বিশেষজ্ঞ পল ডিউচনৰ লগত সাক্ষাৎ কৰে।[৮৪] তেওঁ দুটি শিক্ষায়তনিক প্ৰস্তাৱো পায়, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত প্ৰাচ্য দৰ্শনৰ শ্বেয়াৰ আৰু কলাম্বিয়া বিশ্ববিদ্যালয়তো একেই ধৰণৰ প্ৰস্তাৱ। তেওঁ উভয় প্ৰস্তাৱেই প্ৰত্যাখ্যান কৰে এই বুলি যে পৰিভ্ৰমণকাৰী সন্ন্যাসী হিচাবে তেওঁ এই ধৰণৰ কামত স্থায়ী হৈ থাকিব নোৱাৰিব।[৮২] তেওঁ কোটিপ্ৰায় অকৃত্ৰিম শিষ্যক আকৃষ্ট কৰে। তেওঁৰ অন্যান্য শিষ্যসকলৰ মাজত আছিল জোচেফিন ম্যাকলিয়ড, মিছ মুলাৰ, মিছ নোবল, ই.টি.স্টাৰ্ডি, ক্যাপটেন আৰু মিছেচ চেভিয়েৰ-যিসকলে অদ্বৈত আশ্ৰম প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জে জে গুডউইন-তেওঁৰ স্টেনোগ্ৰাফাৰ হয় আৰু তেওঁ শিক্ষা আৰু বক্তৃতাসমূহৰ ৰেকৰ্ড কৰে।[৮২][৮৪] হেল ফ্যামিলি আমেৰিকাত তেওঁৰ উষ্ণতম আতিথ্যকৰ্তাসকলৰ অন্যতম আছিল।[৮৫] তেওঁৰ শিষ্য-ফ্ৰেঞ্চ মহিলা ম্যাডাম লুই হ’ল স্বামী অভয়ানন্দ আৰু মিস্টাৰ লিয়ন ল্যান্ডসবাৰ্গ হ’ল স্বামী কৃপানন্দ। তেওঁ কোটিপ্ৰায় অন্যান্য শিষ্যক ব্ৰহ্মচাৰীত দীক্ষা দিয়ে।[৮৬] স্বামী বিবেকানন্দ ধাৰণাসমূহ বহুসংখ্যক পণ্ডিত আৰু বিখ্যাত চিন্তাবিদৰ দ্বাৰা প্ৰশংসিত হয়-উইলিয়াম জেমচ, জোচেফ ৰয়েচ, চি.চি. এভাৰেট, হাৰ্ভাৰ্ড ধৰ্মশাস্ত্ৰ বিদ্যালয়ৰ ডিন, ৰবাৰ্ট জি ইনগাৰচ’ল, নিকোলা টেচলা, লৰ্ড কেলভিন আৰু অধ্যাপক হাৰম্যান লুডউইক ফাৰডিন্যান্ড ভন হেলমহোলটজ।[৮] অন্যান্য ব্যক্তিত্ব যিসকলে তেওঁৰ কথাবাৰ্তাত আকৃষ্ট হয় তেওঁলোক হ’ল হ্যাৰিয়েট মনৰো আৰু এলা হুইলাৰ উইলকক্স-দুজন বিখ্যাত আমেৰিকান কবি, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক উইলিয়াম জেমচ; ব্ৰুকলিন এথিক্যাল এচ’চিয়েচনৰ সভাপতি ডক্তৰ লুইজ জি জেনচ; নৰৱেৰ পিয়ানোবাদক ওলে বুলৰ পত্নী চাৰা চি বুল; ফ্ৰাঞ্চৰ অভিনেত্ৰী চাৰাহ বাৰ্ণহাৰট আৰু ফ্ৰাঞ্চৰ অপেৰা সঙ্গীতশিল্পী ম্যাডাম এমা ক্যালভি।[৮৭] পশ্চিমৰ পৰাও তেওঁ তেওঁৰ ভাৰতীয় কাম কাজ চলায় আছিল। বিবেকানন্দই ভাৰতত অৱস্থানৰত তেওঁৰ অনুগামী আৰু সন্ন্যাসী ভাইসকলক অৰ্থপূৰ্ণ উপদেশ দি বিৰামহীনভাৱে চিঠি লিখিছিল। পাশ্চাত্যৰ পৰা পঠোৱা তেওঁৰ চিঠিসমূহে সেই দিনবিলাকত সামাজিক কামৰ বাবে তেওঁৰ প্ৰচাৰাভিযানৰ চালিকাশক্তি হিচাবে কাম কৰিছিল।[৮৮] তেওঁ ভাৰতত থকা তেওঁৰ শিষ্যসকলক ডাঙৰ কিবা এটা কৰাৰ বাবে অনুপ্ৰাণিত কৰাৰ বাবে ক্ৰমাগত চেষ্টা চলায় যায়। তেওঁলোকলৈ পঠোৱা তেওঁৰ চিঠিসমূহত তেওঁৰ সকলোতকৈ কঠিন কিছুমান শব্দ আছিল।[৮৯] এই ধৰণৰ এখন চিঠিত তেওঁ স্বামী অক্ষৰানন্দলৈ লিখিছিল, "খেতৰি চহৰৰ দৰিদ্ৰ আৰু নীচ শ্ৰেণী ঘৰে ঘৰে যোৱা আৰু তেওঁলোকক ধৰ্মশিক্ষা দিয়া। ভূগোল আৰু অন্যান্য বিষয়তো তেওঁলোকক মৌখিক শিক্ষা দিয়া। অলসভাৱে বহি থাকি, ৰাজকীয় খাদ্য খাই আৰু "ৰামকৃষ্ণ, হে প্ৰভু!" বুলিলেই একো ভাল নহব -যদি তুমি দৰিদ্ৰসকলৰ বাবে একো ভাল কৰিব নোৱাৰা।"[৯০][৯১] পৰিণামস্বৰূপে ১৮৯৫ চনত বেদান্ত শিক্ষাৰ উদ্দেশ্যে বিবেকানন্দৰ সৰবৰাহকৃত অৰ্থৰে মাদ্ৰাজত "ব্ৰহ্মাবদীন" নামেৰে এক সাময়িকপত্ৰ প্ৰকাশ কৰা আৰম্ভ হৈছিল।[৯২] পৰৱৰ্তীকালত (১৮৮৯) "ব্ৰহ্মাবদীন"ত "দি ইমিটেশন অফ ক্ৰাইস্ট" ৰ প্ৰথম ছয় অধ্যায়ৰ বিবেকানন্দকৃত অনুবাদ প্ৰকাশিত হৈছিল।[৯৩] বিবেকানন্দই তেওঁৰ শিষ্য ক্যাপ্টেন আৰু মিছেচ চেভিয়েৰ আৰু জে জে গুডউইনক লৈ ১৮৯৬ চনৰ ১৬ ডিচেম্বৰত ইংলণ্ড এৰি ভাৰত অভিমুখে যাত্ৰা কৰে। এই যাত্ৰাৰ মাজতেই তেওঁলোকে ফ্ৰাঞ্চ আৰু ইটালী ভ্ৰমণ কৰে আৰু লিওনাৰ্ডো ডা ভিঞ্চিৰ দি লাস্ট চাপাৰ দৰ্শন কৰি ১৮৯৬ চনৰ ৩০ ডিচেম্বৰ তাৰিখে ভাৰত উদ্দেশ্যে ন্যাপলচ বন্দৰ ত্যাগ কৰে।[৯৪] পৰৱৰ্তীকালত মিছ মুলাৰ আৰু চিস্টাৰ নিবেদিতাই ভাৰতত তেওঁক অনুসৰণ কৰে। চিস্টাৰ নিবেদিতাই তেওঁৰ বাকী জীৱন ভাৰতীয় নাৰীৰ শিক্ষাত আৰু ভাৰতৰ স্বাধীনতা অৰ্জনত নিয়োজিত কৰে।[৮২][৯৫]

ভাৰতলৈ প্ৰত্যাবৰ্তন[সম্পাদনা কৰক]

কলম্বোৰ পৰা আলমোৰালৈ[সম্পাদনা কৰক]

বিবেকানন্দই ১৮৯৭ চনৰ ১৫ জানুৱাৰী তাৰিখে কলম্বো পায়গৈ আৰু এক পৰমানন্দদায়ক অভ্যৰ্থনা গ্ৰহণ কৰে। ইয়াত তেওঁ প্ৰাচ্যত তেওঁৰ প্ৰথম প্ৰকাশ্য বক্তৃতা (ভাৰত, পবিত্ৰ ভূমি) প্ৰদান কৰে। তাৰ পৰা কলকাতালৈ তেওঁৰ ভ্ৰমণ আছিল এক বিজয়ঘটিত অগ্ৰগতি। তেওঁ ভ্ৰমণ কৰে কলম্বোৰ পৰা পাম্বান, ৰামেস্বৰম, ৰামনাদ, মাদুৰাই, কুম্বাকোনাম আৰু মাদ্ৰাজ আৰু এই ঠাইসমূহত বক্তৃতা দিয়ে। জনগণ আৰু ৰজাসকলে তেওঁক অত্যুৎসাহী অভ্যৰ্থনা জনায়। পাম্বানৰ শোভাযাত্ৰাত ৰামনাদৰ ৰজাই নিজে স্বামীজীৰ ঘোঁৰাৰ গাড়ী টানিছিল। মাদ্ৰাজলৈ যোৱাৰ পথত কিছুমান ঠাইত য’তেই ট্ৰেইন নৰখাইছিল তাতেই জনগণে ৰেললাইনত বহি ট্ৰেইন ৰখাইছিল আৰু স্বামীজীৰ বক্তৃতা শুনাৰ পাছতহে ট্ৰেইনখনক যাবলৈ দিছিল।[৯৬] মাদ্ৰাজৰ পৰা তেওঁ কলকাতালৈ তেওঁৰ ভ্ৰমণ অব্যাহত ৰাখে আৰু আলমোৰা পৰ্য্যন্ত তেওঁ বক্তৃতা দিয়া চলায় যায়। পাশ্চাত্যত য’ত তেওঁ ভাৰতৰ মহান আধ্যাত্মিক ঐতিহ্যৰ কথা কৈছিল, তাত ভাৰতলৈ ঘূৰি আহি তেওঁৰ 'কলম্বোৰ পৰা আলমোৰা'লৈ বক্তৃতা আছিল জনগণৰ বাবে নৈতিক অনুপ্ৰেৰণা, বৰ্ণাশ্ৰম ভাতৃবিদ্বেষ দূৰীকৰণ, বিজ্ঞান শিক্ষাৰ উৎসাহদান, দেশৰ শিল্পায়ন, দাৰিদ্ৰ দূৰীকৰণ, ঔপনিবেশিক শাসনৰ অৱসান। এই সমস্ত বক্তৃতাসমূহ কলম্বোৰ পৰা আলমোৰা বক্তৃতা হিচাবে প্ৰকাশিত হৈছে। এই বক্তৃতাসমূহক জাতীয়তাবাদী ঐকান্তিকতা আৰু আধ্যাত্মিক ভাবাদৰ্শ বুলি বিবেচনা কৰা হয়।[৯৭] তেওঁৰ বক্তৃতাসমূহে মহাত্মা গান্ধী, বিপিন চন্দ্ৰ পাল আৰু বালগঙ্গাধৰ তিলক সহ আৰু অনেক ভাৰতীয় নেতাৰ উপৰত প্ৰচুৰ প্ৰভাৱ বিস্তাৰ কৰিছিল।[৯৮][৯৯]

ৰামকৃষ্ণ মঠ আৰু মিছন প্ৰতিষ্ঠা[সম্পাদনা কৰক]

অদ্বৈত আশ্ৰম, মায়াবতী, ৰামকৃষ্ণ মঠৰ এটা শাখা, প্ৰতিষ্ঠাকাল মাৰ্চ ১৯, ১৮৯৯, পৰৱৰ্তীকালত স্বামী বিবেকানন্দৰ অনেক লেখা প্ৰকাশ কৰে, বৰ্তমানে "প্ৰবুদ্ধ ভাৰত" সাময়িকী প্ৰকাশ কৰে ১৮৯৭ চনৰ ১ মেত কলকাতাত বিবেকানন্দই প্ৰতিষ্ঠা কৰে ধৰ্ম প্ৰচাৰৰ বাবে সংগঠন "ৰামকৃষ্ণ মঠ" আৰু সামাজিক কাম-কাজৰ বাবে সংগঠন "ৰামকৃষ্ণ মিছন"।[১০০] এইটো আছিল শিক্ষামূলক, সাংস্কৃতিক, চিকিৎসা-সংক্ৰান্ত আৰু দাতব্য কাম-কাজৰ মাজেৰে গৈ জনগণক সহায় কৰাৰ এক সামাজিক-ধৰ্মীয় আন্দোলনৰ আৰম্ভণি।[৭৮] ৰামকৃষ্ণ মিছনৰ আদৰ্শৰ ভেটি হৈছে কৰ্ম যোগ।[১০১][১০২] তেওঁৰ দ্বাৰা দুটি মঠ প্ৰতিষ্ঠিত হৈছিল যাৰ ভিতৰত কলকাতাৰ বেলুৰৰ মঠটোক ৰামকৃষ্ণ মঠ আৰু মিছনৰ হেডকোৱাৰ্টাৰ কৰা হৈছিল আৰু আনটো হিমালয়ৰ মায়াবতীত আলমোৰাৰ ওচৰত অদ্বৈত আশ্ৰম নামেৰে পৰিচিত আৰু পাছত তৃতীয় মঠটো মাদ্ৰাজত প্ৰতিষ্ঠা কৰা হৈছিল। ইংৰাজীত প্ৰবুদ্ধ ভাৰত আৰু বাংলাত উদ্বোধন নামেৰে দুটা সাময়িকী আৰম্ভ কৰা হৈছিল।[১০৩] একেই বছৰতে মুৰ্ছিদাবাদ জিলাত স্বামীয়ে দুৰ্ভিক্ষৰ বাবে অখন্ডানন্দৰ তত্বাৱ্ধানত উদ্ধাৰ কাৰ্য্য আৰম্ভ কৰা হৈছিল।[৭৮][১০০] ১৮৯৩ চনত পাশ্চাত্যত স্বামীজীৰ প্ৰথম ভ্ৰমণৰ সময়ত যেতিয়া তেওঁলোকে একেলগে ইয়োকাহামাৰ পৰা চিকাগো যাত্ৰা কৰিছিল তেতিয়া বিবেকানন্দই চাৰ জামছেদজী টাটাক এটা গবেষণা আৰু শিক্ষা প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিছিল। আনুমানিক এই সময়ত স্বামীজীয়ে টাটাৰ প্ৰতিষ্ঠিত "বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান" ৰ প্ৰধান হোৱাৰ অনুৰোধ সম্বলিত এখন চিঠি পায়। কিন্তু বিবেকানন্দই সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে এই বুলি যে সেইটো তেওঁ আধ্যাত্মিক আগ্ৰহৰ লগত সংঘাতপূৰ্ণ হ’ব।[১০৪][১০৫] তেওঁ পাছত পুনঃসংস্কাৰকৃত হিন্দু ধৰ্মাৱলম্বীসকলৰ পক্ষৰ আৰ্য সমাজ আৰু গোঁড়া হিন্দু ধৰ্মাৱলম্বীসকলৰ পক্ষৰ সনাতনপন্থীসকলৰ মাজত ঐক্যতা প্ৰতিষ্ঠাৰ উদ্দেশ্যে পশ্চিম পাঞ্জাব ভ্ৰমণ কৰে। ৰাৱালপিন্ডীত তেওঁ আৰ্য সমাজবাদী আৰু মুছলমানসকলৰ মাজৰ সক্ৰিয় বিৰোধ নিৰ্মূল কৰাৰ পদ্ধতি সম্পৰ্কে পৰামৰ্শ দিয়ে।[১০৬] তেওঁ লাহোৰ ভ্ৰমণ স্মৰণীয় হয় তেওঁৰ বিখ্যাত বক্তৃতাৰ বাবে আৰু এজন গণিতৰ অধ্যাপক তীৰ্থ ৰাম গোস্বামীৰ লগত তেওঁৰ সম্পৃক্ততাৰ কাৰণেই এই অধ্যাপকে পাছলৈ স্বামী ৰাম তীৰ্থ নামেৰে সন্ন্যাসজীৱন গ্ৰহণ কৰিছিল আৰু ভাৰত আৰু আমেৰিকাত বেদান্ত প্ৰচাৰ কৰিছিল।[১০০] তেওঁ দিল্লী আৰু খেতৰিসহ অন্যান্য ঠাইও ভ্ৰমণ কৰে আৰু ১৮৯৬ চনৰ জানুৱাৰীত কলকাতালৈ ঘূৰি আহে। পৰৱৰ্তী কেইবামাহো তেওঁ মঠৰ কাম-কাজ সংহত কৰাত আৰু শিষ্যসকলক প্ৰশিক্ষণ দি সময় অতিবাহিত কৰে।

দ্বিতীয় পাশ্চাত্য ভ্ৰমণ[সম্পাদনা কৰক]

তেওঁৰ ভগ্ন স্বাস্থ্য সত্ত্বেও তেওঁ পুনৰ ১৮৯৯ চনৰ জুন মাহত পাশ্চাত্য উদ্দেশ্যে যাত্ৰা কৰে।[১০৭] তেওঁৰ সঙ্গী আছি চিস্টাৰ নিবেদিতা আৰু স্বামী তুৰিয়ানন্দ। তেওঁ অলপ সময় ইংলণ্ডত থাকে তাৰপাছত আমেৰিকালৈ যায়। তেওঁৰ এই ভ্ৰমণকালত তেওঁ চানফ্ৰাঞ্চিচকো আৰু নিউইয়ৰ্কত বেদান্ত চ’চাইটি প্ৰতিষ্ঠা কৰে। তেওঁ এক সহৃদয় আমেৰিকান ভক্তৰ পৰা পোৱা ১৬০-একৰ মাটিত (০.৬৫ বৰ্গকি.মি.) ক্যালিফোৰ্ণিয়াত শান্তি আশ্ৰম প্ৰতিষ্ঠা কৰে।[১০৮] পাছত তেওঁ ১৯০০ চনত পেৰিচত ধৰ্ম মহাসভাত যোগ দিয়ে।[১০৯] লিঙ্গ পূজা আৰু গীতাৰ যথাৰ্থতা সম্পৰ্কিত বিবেকানন্দৰ পাণ্ডিত্যপূৰ্ণ প্ৰকাশৰ কাৰণে পেৰিচৰ বক্তৃতা স্মৰণীয়। পেৰিছৰ পৰা অলপ সময়ৰ কাৰণে তেওঁ ভ্ৰমণ কৰে ব্ৰিটানি, ভিয়েনা, ইস্তান্বুল, এথেঞ্চ আৰু মিচৰ। এই সময়ৰ বেছি ভাগ অংশত তেওঁ বিখ্যাত চিন্তাবিদ জুলচ বয়েচৰ অতিথি আছিল।[১০৮] তেওঁ ১৯০০ চনৰ ২৪ অক্টোবৰ তাৰিখে পেৰিছ ত্যাগ কৰে আৰু একেই বছৰৰ ৯ ডিচেম্বৰত বেলুৰ মঠ পায়গৈ।[১০৮]

শেষ জীৱন[সম্পাদনা কৰক]

বিবেকানন্দই কিছু দিন মায়াবতীৰ অদ্বৈত আশ্ৰমত আৰু পাছত বেলুৰ মঠত সময় অতিবাহিত কৰে। ইয়াৰপাছত শেষ দিন পৰ্যন্ত তেওঁ বেলুৰ মঠতেই থাকি ৰামকৃষ্ণ মিছন আৰু মঠৰ কাম-কাজ আৰু ইংলণ্ড আৰু আমেৰিকাৰ কাম-কাজ দেখাশুনা কৰি দিন অতিবাহিত কৰে। গোৱালিয়ৰৰ মহাৰাজাসহ এই বছৰসমূহত হাজাৰ হাজাৰ দৰ্শকে তেওঁক চাবলৈ আহে। ১৯০১ চনৰ ডিচেম্বৰত তেওঁ চাবলৈ আহে লোকমান্য তিলকসহ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃস্থানীয়লোকসকল। জাপানৰ ধৰ্ম মহাসভাত যোগ দিয়াৰ কাৰণে তেওঁ ১৯০১ চনৰ ডিচেম্বৰত আমন্ত্ৰণ পাইছিল, কিন্তু তেওঁৰ ভগ্ন স্বাস্থ্যই সেইটো অসম্ভৱ কৰি তোলে। তেওঁৰ শেষ দিনবিলাকত তেওঁ বোধগয়া আৰু বাৰাণসীত তীৰ্থ কৰিছিল।[১১০] তেওঁৰ ভ্ৰমণসমূহ, উত্তেজনাপূৰ্ণ বক্তৃতাদান, ব্যক্তিগত আলোচনা আৰু চিঠিপত্ৰৰ আদান-প্ৰদানে তেওঁৰ স্বাস্থ্যৰ উপৰত ক্ষতিকৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ হাঁপানি, ডায়াবেটিচ আৰু অন্যান্য শাৰীৰিক অসুখত ভুগিছিল।[১১১] তেওঁৰ দেহ ত্যাগৰ কিছুদিন পূৰ্বে তেওঁক ইচ্ছাকৃতভাবে বৰ্ষপঞ্জী/পঞ্জিকা পঢ়া দেখা গৈছিল। তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰাৰ তিনি দিন আগেয়েই তেওঁক দাহ কৰাৰ স্থান দেখুৱায় দিছিল-যি স্থানত বৰ্তমানে তেওঁৰ স্মৃতিত এটা মন্দিৰ আছে। তেওঁ কেতিয়াবা মানুহৰ আগত মন্তব্য কৰিছিল যে তেওঁ চল্লিশ বছৰ বয়স পৰ্য্যন্ত নাবাচে।[১১১] তেওঁৰ দেহ ত্যাগ কৰাৰ দিনা তেওঁ বেলুৰ মঠত ৰাতিপুৱা কিছু ছাত্ৰক শুক্লা-যজুৰ্বেদ শিকায়।[১১২] তেওঁ ভ্ৰাতা-শিষ্য স্বামী প্ৰেমানন্দৰ লগত খোজ কাঢ়ে আৰু তেওঁক ৰামকৃষ্ণ মঠৰ ভবিষ্যৎ সম্পৰ্কে নিৰ্দেশনা দিয়ে। বিবেকানন্দই ধ্যান কৰাৰ সময়ত ১৯০২ চনৰ ৪ জুলাই ৰাতি ৯টা ১০ মিনিটত দেহ ত্যাগ কৰে। তেওঁৰ শিষ্যসকলৰ মতে এইয়া আছিল মহাসমাধি।[১১৩] পৰৱৰ্তীকালত তেওঁৰ শিষ্যসকলে লিপিবদ্ধ কৰে যে তেওঁলোকে স্বামীজীৰ নাসাৰন্ধ্ৰ, তেওঁৰ মুখ আৰু চকুত "সামান্য তেজ" লক্ষ্য কৰিছিল।[১১৪] ডাক্তাৰসকলে মন্তব্য কৰে যে এইটো হ’ল তেওঁৰ মস্তিষ্কত এডাল ৰক্তনলী ফাটি যোৱাৰ কাৰণে, কিন্তু তেওঁলোকে মৃত্যুৰ প্ৰকৃত কাৰণ উলিয়াব নোৱাৰিলে। তেওঁৰ শিষ্যসকলৰ মতানুসৰি ব্ৰহ্মৰন্ধ্ৰ-মস্তিষ্কৰ চূড়াৰ ৰন্ধ্ৰ-অৱশ্যেই ফাটি থাকিব যেতিয়া তেওঁ মহাসমাধি অৰ্জন কৰিছিল। বিবেকানন্দই তেওঁৰ চল্লিশ বছৰ বয়স পৰ্য্যন্ত বাচি নথকাৰ তেওঁৰ নিজৰ ভৱিষ্যৎবাণী পূৰণ কৰিছিল।[১১২]

শিক্ষা আৰু দৰ্শন[সম্পাদনা কৰক]

স্বামী বিবেকানন্দই বিশ্বাস কৰিছিল যে আদি শঙ্কৰৰ ভাষ্যৰ ভিত্তিতে বেদান্ত দৰ্শনত হিন্দু ধৰ্মৰ সাৰাংশ সকলোতকৈ ভালভাবে প্ৰকাশিত হৈছে। তেওঁ নিম্নলিখিতভাৱে বেদান্তৰ শিক্ষাসমূহৰ সাৰসংক্ষেপ কৰিছিল,[১১৫]

  1. প্ৰত্যেক আত্মাই সম্ভাব্যৰূপে ঐশ্যৰিক/দেৱসুলভ।[১১৫]
  2. লক্ষ্য হৈছে বাহ্যিক আৰু আভ্যন্তৰীণ প্ৰকৃতি নিয়ন্ত্ৰণৰ দ্বাৰা এই দেবত্বক সুষ্পষ্টভাৱে দেখুৱা।[১১৫]
  3. কৰ্ম, বা পূজা, বা মন নিয়ন্ত্ৰণ, বা দৰ্শন - এটাৰ দ্বাৰা, বা অধিকৰ দ্বাৰা, বা এই সকলবোৰৰ দ্বাৰা এক কৰা - আৰু মুক্ত হোৱা।[১১৫]
  4. এইয়া হৈছে ধৰ্মৰ সমগ্ৰতা। মতবাদ, বা গোঁড়া মতবাদ, বা ধৰ্মীয় আচাৰ, বা গ্ৰন্থ, বা মন্দিৰ, বা মূৰ্তি হৈছে গৌণ খুঁটিনাটি বিষয়ৰ বাদে একো নহয়।[১১৫]
  5. যেতিয়ালৈকে আমাৰ দেশৰ এটা কুকুৰো ক্ষুধাৰ্ত, আমাৰ সমগ্ৰ ধৰ্মক ইয়াক খুৱাব লাগিব আৰু ইয়াৰ সেৱা কৰিব লাগিব, তাকে নকৰি অন্য যিয়ে কৰা নহওক লাগে তাৰ তুলনাত সকলো অধাৰ্মিক।
  6. জাগি উঠা, সচেতন হোৱা আৰু লক্ষ্যত উপনীত নোহোৱা পৰ্য্যন্ত থমকি নৰবা।
  7. শিক্ষা হৈছে মানুহৰ মাজত ইতিমধ্যে থকা উৎকৰ্ষৰ প্ৰকাশ।
  8. ধৰ্ম হৈছে মানুহৰ মাজত ইতিমধ্যে থকা দেবত্বৰ প্ৰকাশ।
  9. মানুহৰ সেৱা কৰা হৈছে ঈশ্বৰৰ সেৱা কৰা।

বিবেকানন্দৰ মতানুসৰি, ৰামকৃষ্ণৰ পৰা পোৱা তেওঁৰ এটি গুৰুত্বপূৰ্ণ শিক্ষা হৈছে "জীৱ হৈছে শিৱ"।[১১৬] এইটো তেওঁৰ মন্ত্ৰত পৰিণত হয়, আৰু দৰিদ্ৰ নাৰায়ণৰ সেৱাৰ ধাৰণা উদ্ভাৱন কৰে-(দৰিদ্ৰ) মানুহৰ মাজত আৰু মাজেদিয়ে ঈশ্বৰৰ সেৱা হয়। "যদি সঁচাকৈয়ে সকলো ইন্দ্ৰিয়গোচৰ বস্তু বা বিষয়ৰ নিমিত্তে ব্ৰহ্মৰ একতা থাকে, তেনেহ’লে কিহৰ ভিত্তিত আমি অন্যৰ তুলনাত নিজৰ ভাল বা বেয়া বিবেচনা কৰিম?" - এই প্ৰশ্ন তেওঁ নিজেই নিজকে কৰিছিল। শেষ পৰ্য্যন্ত তেওঁ সিদ্ধান্তত উপনীত হৈছিল যে এই পাৰ্থক্য বা স্বাতন্ত্ৰ্যসমূহ একতা/সমগ্ৰতাৰ মধ্যস্থিত পোহৰৰ শূন্যতাত মিলি যায় যেতিয়া ভক্তই মোক্ষ পায়। তেতিয়া এই একতা/সমগ্ৰতা সম্পৰ্কে অসচেতন "ব্যক্তিৰ" বাবে সমবেদনা আৰু তেওঁলোকক সহায় কৰাৰ দৃঢসংকল্প জাগ্ৰত হয়।

স্বামী বিবেকানন্দই বেদান্তৰ সেই শাখাৰ অঙ্গীভূত বুলি নিজকে ভাবিছিল যি শাখাৰ মতে কোনেও প্ৰকৃতভাবে মুক্ত হব নোৱাৰে যেতিয়ালৈকে আমি নিজেই মুক্ত হ’ব নোৱাৰো। আনকি ব্যক্তিগত পাপমোচনৰ আকাংক্ষ্যা ত্যাগ কৰিব লাগিব, আৰু কেৱল অন্যৰ পাপমোচনৰ কাৰণে ক্লান্তিহীন কৰ্মেৰে আলোকিত মানুহৰ প্ৰকৃত চিহ্ন। আত্মনো মোক্ষাৰ্থম জগতহিতায় চ (নিজৰ পাপমোচনৰ কাৰণে আৰু জগতৰ মঙ্গলৰ কাৰণে) - এই নীতিতে তেওঁ শ্ৰী ৰামকৃষ্ণ মঠ আৰু মিছন প্ৰতিষ্ঠা কৰে।[১১৭] বিবেকানন্দই তেওঁৰ শিষ্যসকলক পবিত্ৰ, অস্বাৰ্থপৰ হবলৈ আৰু শ্ৰদ্ধা/বিশ্বাস যাতে থাকে সেই উপদেশ দিছিল। তেওঁ ব্ৰহ্মাচৰ্য চৰ্চা কৰিবলৈ উপদেশ দিছিল। তেওঁৰ শৈশৱৰ বন্ধু প্ৰিয় নাথ সিনহাৰ লগত এক আলোচনাত তেওঁ তেওঁৰ দৈহিক আৰু মানসিক শক্তি আৰু বাগ্মীতাৰ উৎস/কাৰণ হিচাবে ব্ৰহ্মাচৰ্য চৰ্চাক অভিহিত কৰিছিল।[১১৮] বিবেকানন্দই পাৰাচাইকোলজি আৰু জ্যোতিষশাস্ত্ৰৰ আৱিৰ্ভূত ক্ষেত্ৰক সমৰ্থন কৰা নাছিল (ইয়াৰ এক দৃষ্টান্ত পোৱা যায় তেওঁৰ এক বক্তৃতাত মানুহে নিজেই তেওঁৰ ভাগ্য নিৰ্মাতা, সম্পূৰ্ণ কৰ্ম, ভলিউম ৮, নোটচ অফ ক্লাচ টক‌চ আৰু বক্তৃতাসমূহ) ইয়াৰ কাৰণ এই যে তেওঁৰ মতে এই ধৰণৰ কৌতুহলে আধ্যাত্মিক অগ্ৰগতিৰ সহায় নকৰে বৰং তাক ব্যাহতহে কৰে।

প্ৰভাৱ[সম্পাদনা কৰক]

বিংশ শতাব্দীৰ কেইবাজনো ভাৰতীয় নেতা আৰু দাৰ্শনিকে বিবেকানন্দৰ প্ৰভাৱ স্বীকাৰ কৰিছে। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল চক্ৰবৰ্তী ৰাজাগোপালচাৰীয়ে একেৰাহে লক্ষ্য কৰে যে "বিবেকানন্দই হিন্দু ধৰ্মক বচাই আছে, ভাৰতক বচাই আছে।"[১১৯] সুভাষ চন্দ্ৰ বসুৰ মতে বিবেকানন্দ "আধুনিক ভাৰতৰ নিৰ্মাতা" আৰু মহাত্মা গান্ধীৰ বাবে, বিবেকানন্দৰ প্ৰভাৱ বাঢ়িছে তেওঁৰ "দেশৰ কাৰণে ভালপোৱা অনেক হাজাৰ গুণৰ বাবে।" তেওঁক স্মৰণ কৰি ভাৰতত ১২ জানুৱাৰীত তেওঁৰ জন্মদিন উপলক্ষ্যে ভাৰতীয় যুৱ দিৱস পালিত হয়। এইয়া আছিল ভাৰতীয় যুৱকসকলৰ সম্পৰ্কে স্বামী বিবেকানন্দৰ যথাযথ ইঙ্গিত আৰু কিভাবে আধুনিক জগতত সম্পূৰ্ণভাৱে অংশগ্ৰহণৰ লগে লগে তেওঁলোকৰ প্ৰাচীন মূল্যবোধসমূহ ধৰি ৰাখিব পাৰি তাৰ বাবে চেষ্টা কৰা উচিত। স্বামী বিবেকানন্দই ভাৰতৰ স্বাধীনতা যুদ্ধৰ আন্দোলনক অনুপ্ৰাণিত কৰিছিল বুলি ব্যাপকভাৱে বিবেচনা কৰা হয়। তেওঁৰ লেখাসমূহে সুভাষ চন্দ্ৰ বসু, অৰবিন্দ ঘোষ আৰু বাঘা যতীনসহ স্বাধীনতা যোদ্ধাসকলৰ এক সম্পূৰ্ণ প্ৰজন্মকে অনুপ্ৰাণিত কৰিছিল। বিবেকানন্দ আছিল বিপ্লৱী স্বাধীনতা যোদ্ধা ভুপেন্দ্ৰনাথ দত্তৰ ভায়েক। ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰুত্বপূৰ্ণ ব্যক্তিত্ব সুভাষ চন্দ্ৰ বসুৱে কৈছিল, ’মই বিবেকানন্দৰ সম্পৰ্কে নিলিখাকৈ থাকিব নোৱাৰিছো। আনকি তেওঁৰ লগত যিসকলে অন্তৰঙ্গ হোৱাৰ সুযোগ পাইছে তেওঁলোকৰ মাজত খুব কম সংখ্যকেহে তেওঁক বুজি পাইছে বা তেওঁৰ গভীৰতাৰ উমান পাইছে। তেওঁৰ ব্যক্তিত্ব আছিল সমৃদ্ধ, সুগভীৰ, জটিল...ত্যাগত তেওঁ বেপৰুৱা, কৰ্মত তেওঁ বিৰতিহীন, ভালপোৱাত তেওঁ সীমাহীন, জ্ঞানত তেওঁ প্ৰগাঢ় ও বিচিত্ৰগামী, আবেগত তেওঁ প্ৰাণোচ্ছ্বল, আক্ৰমণত তেওঁ কৰুণাহীন তথাপি শিশুৰ দৰেই সৰল, আমাৰ পৃথিবীত তেওঁ আছিল এক বিৰল ব্যক্তিত্ব’। অৰবিন্দ ঘোষে বিবেকানন্দক তেওঁৰ আধ্যাত্মিক বিষয়ত বিজ্ঞ পৰামৰ্শদাতা হিচাবে বিবেচনা কৰিছিল। বিবেকানন্দ আছিল এক সক্ষম আত্মা যদিও কেতিয়াবা এইধৰণৰ কিছু কথা ওলায় যে, মানুহৰ মাজত তেওঁ এক সিংহ, কিন্তু তেওঁৰ সৃষ্টিশীল ক্ষমতা আৰু শক্তিৰ যি নিশ্চায়ক কৰ্ম তেওঁ ৰাখি গৈছে সেইয়া আমাৰ ধাৰণাৰ তুলনাত অতুলনীয়। তেওঁৰ প্ৰভাৱে এতিয়াও প্ৰচণ্ডভাৱে কাম কৰিছে বুলি আমি মনে মনে উপলব্ধি কৰোঁ, আমি ভালকৈ নাজানো কিভাবে, আমি ভালকৈ নাজানো ক’ত, কোনবোৰত এতিয়াও আকাৰ দিয়া হোৱা নাই, কিছুমান সিংহসদৃশ, মহিমান্বিত, অন্তৰ্জ্ঞানী, বৈপ্লবিক উত্থান যি ভাৰতৰ আত্মাত প্ৰৱেশ কৰিছে অৰু আমি কওঁ, "লক্ষ কৰা, বিবেকানন্দ এতিয়া তেওঁৰ মাতৃৰ আত্মাত জীয়াই আছে আৰু তেওঁৰ শিশু-সন্তানসকলৰ আত্মাত বাচি আছে। —শ্ৰী অৰবিন্দৰ বৈদিক আলোচনীত(১৯১৫)

  1. ফৰাচী নোবেল বিজয়ী ৰোমা ৰোলাৰ লিখনি,

তেওঁৰ শব্দসমূহ যেন মহৎ সঙ্গীত, বাক্যাংশসমূহ বিটোভেনৰ বৈশিষ্ট্যমন্ডিত, হ্যাণ্ডলৰ কোৰাচৰ কুচকাৱাজৰ দৰে সক্ৰিয় ছন্দময়। মই তেওঁৰ এই কথাসমূহ স্পৰ্শ কৰিব নোৱাৰো, কিতাপৰ পাতবিলাকৰ মাজেদি সেইবিলাক সামান্য আঁতৰ, ত্ৰিশ বছৰৰ দূৰত্বত, কোনো ৰোমাঞ্চ অনুভৱ নকৰাকৈয়ে মোৰ শৰীৰৰ মাজেৰে বিদ্যুত পাৰ হৈ যোৱা আঘাতৰ দৰে। আৰু আঘাত পোৱাকৈ বিদ্যুত পৰিবহন কৰাৰ কথা, অৱশ্যেই উৎপন্ন হৈ থাকিব যেতিয়া সেইবিলাক নায়কৰ মুখেৰে নিৰ্গত হৈছিল! বিবেকানন্দই ভাৰতৰ উত্তম প্ৰতিষ্ঠানবিলাকৰ অন্যতম ভাৰতীয় বিজ্ঞান ইন্সটিটিউট, প্ৰতিষ্ঠাতা জামছেদজী টাটাক[১২০] অনুপ্ৰাণিত কৰিছিল। বিদেশত ম্যাক্স মুলাৰৰ লগত যোগাযোগ আছিল। স্বামী বিবেকানন্দৰ বেদান্ত দৰ্শনৰ দ্বাৰা প্ৰভাৱিতসকলৰ মাজত অন্যতম আছিল বিজ্ঞানী নিকোলা টেচলা। সৰ্বোপৰি হিন্দুধৰ্ম বৰ্ণাশ্ৰম-প্ৰথা শাসিত নাৰীবিদ্বেষী বিশ্বাসৰ এক ধৰ্ম - ব্ৰিটিছ উপনিবেশ স্থাপনকাৰী প্ৰশাসকসকলৰ প্ৰচাৰণাৰ পৰা মুক্ত কৰি ভাৰতৰ প্ৰাচীন শিক্ষাসমূহ পাশ্চাত্যৰ দৰ্শক-শ্ৰোতাৰ সন্মুখত ইয়াক শুদ্ধ আকাৰে উপস্থাপন কৰি স্বামী বিবেকানন্দই হিন্দুসকলৰ মাজত এক গৌৰববোধৰ পুনৰুদ্ধাৰত সহায় কৰে। বস্ত্তত: পাশ্চাত্যত তেওঁৰ প্ৰাৰম্ভিক আকস্মিক আক্ৰমণ পৰৱৰ্তী ভাৰতীয় ধৰ্মীয় নেতাসকলে বিশ্বত তেওঁলোকৰ নিজৰ চিন ৰাখি যোৱাৰ পথ উন্মুক্ত কৰিছিলল, তাৰ লগতে হিন্দুসকল আৰু তেওঁলোকৰ ধৰ্মীয় ঐতিহ্যসমূহে পাশ্চাত্য জগতত প্ৰৱেশেৰ বাৰ্তা ঘোষনা কৰিছিল। স্বামী বিবেকানন্দৰ ধাৰণাসমূহে ভাৰতীয় যুৱকসকলৰ উপৰত প্ৰচুৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। অনেক প্ৰতিষ্ঠানত ছাত্ৰসকল একত্ৰিত হৈ আধ্যাত্মিক ধ্যান-ধাৰণাসমূহৰ আলোচনা আৰু এই ধৰণৰ নীতিসমূহৰ চৰ্চা ত্বৰান্বিত কৰিবলৈ সংঘ গঢ়ি তুলিছিল। এনে ধৰণৰ অনেক সংঘই তেওঁৰ নাম অৱলম্বন/পৰিগ্ৰহণ কৰিছিল। আই আই টি মাদ্ৰাজত এনে ধৰণৰ এটি গ্ৰুপৰ অস্তিত্ব আছে যিটো সৰ্বসাধাৰণৰ মাজত বিবেকাননন্দ পাঠ চক্ৰ বা বিবেকানন্দ স্টাডি চাৰ্কোল নামে পৰিচিত। বিবেকানন্দ সমিতি নামেৰে আই আই টি কানপুৰতো এনে ধৰণৰ আৰু এটা গ্ৰুপ আছে। অধিকন্তু বিবেকানন্দৰ ধাৰণা আৰু শিক্ষাসমূহ বিশ্বব্যাপী প্ৰতিষ্ঠানসমূহত চৰ্চিত হৈ প্ৰচলিত হৈ আছে।

  1. মহাত্মা গান্ধীয়ে কৈছিল[১২১],

"বিবেকানন্দৰ লেখাসমূহ কাৰো ওচৰত পৰিচয় কৰি দিয়াৰ দৰকাৰ নাই। সেইবিলাকৰ নিজৰ অপ্ৰতিৰোধ্য আবেদন আছে।" বেলুৰ মঠত গান্ধীজীয়ে কোৱা শুনা গৈছিল যে তেওঁৰ সমস্ত জীৱন আছিল বিবেকানন্দৰ ধাৰণাসমূহ কাৰ্যত পৰিণত কৰাৰ প্ৰচেষ্টা। বিবেকানন্দৰ মৃত্যুৰ অনেক বছৰৰ পাছত নোবেল বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল, "তুমি যদি ভাৰতক জানিব খোজা তেন্তে বিবেকানন্দক পঢ়া। তেওঁৰ সকলোবিলাকে ইতিবাচক, নেতিবাচক একোৱেই নাই।" ১৯৯৫ চনৰ ১১ নবেম্বৰ চিকাগোৰ প্ৰধানতম ৰাস্তাসমূহৰ এটা মিছিগান এভিনিউৰ এটা অংশ আনুষ্ঠানিকভাৱে "স্বামী বিবেকানন্দ চৰক" নামে পুনঃনামকৰণ কৰা হৈছিল।[১২২]

বিবেকানন্দ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ[সম্পাদনা কৰক]

যদিও ৰবীন্দ্ৰনাথ ঠাকুৰৰ কোনো প্ৰৱন্ধতে বিবেকানন্দৰ সবিশেষ উল্লেখ নেই, কবি ৰোমা ৰোলাক কৈছিল, "যদি আপুনি ভাৰতক জানিব খোজে, তেন্তে বিবেকানন্দক পঢ়ক, তেওঁৰ মাজত সকলোবোৰ ইতিবাচক নেতিবাচক একোৱেই নাই।" বিবেকানন্দৰ সম্পৰ্কত ঠাকুৰে যে উচ্চ ধাৰণা পোষণ কৰিছিল ইয়াতেই গম পোৱা যায়। বিবেকানন্দৰ গুৰু ৰামকৃষ্ণ পৰমহংসদেৱ সম্পৰ্কে ৰবীন্দ্ৰনাথ এটি কবিতা লিখিছিল: "পৰমহংস ৰামকৃষ্ণ দেৱৰ প্ৰতি"। "বহু সাধকেৰ বহু সাধনাৰ ধাৰা, ধেয়ানে তোমাৰ মিলিত হয়েছে তাৰা; তোমাৰ জীৱনে অসীমেৰ লীলাপথে নূতন তীৰ্থ ৰূপ নিল এ জগতে; দেশ বিদেশেৰ প্ৰণাম আনিল টানি সেথায় আমাৰ প্ৰণতি দিলাম আনি।।"[১২৩] ৰামকৃষ্ণ মিছন আয়োজিত ৰামকৃষ্ণৰ শততম বাৰ্ষিকী উদযাপন অনুষ্ঠানত ঠাকুৰ আছিল প্ৰধান অতিথি আৰু তেওঁৰ ৰামকৃষ্ণৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছিল। ১৯৩৭ চনৰ ধৰ্ম মহাসভা যিখন কলকাতাৰ ৰামকৃষ্ণ মিছনত অনুষ্ঠিত হৈছিল তাত ঠাকুৰে ৰামকৃষ্ণক (যাৰ জন্ম শতবাৰ্ষিকী উদযাপিত হৈছিল) এজন মহান ঋষি হিচাবে স্বীকাৰ কৰে কাৰণ "তেওঁৰ আত্মাৰ বিশালতা আপাতদৃষ্টিত বিৰোধী সাধনাৰ প্ৰণালীসমূহ উপলব্ধি কৰিব পাৰে, কাৰণ তেওঁৰ আত্মাৰ সৰলতা মুখ্য পুৰোহিত আৰু পণ্ডিতসকলৰ আড়ম্বৰ আৰু ক্লান্তিকৰ আৰু অপ্ৰয়োজনীয় পণ্ডিতপনাক সকলো সময়ৰ বাবে লাজ দিয়ে।"[১২৪]

কৰ্ম[সম্পাদনা কৰক]

বিবেকানন্দই প্ৰচুৰ পৰিমাণে দাৰ্শনিক কাম কৰি গৈছে। তেওঁৰ চাৰি যোগৰ (ৰাজযোগ, কৰ্মযোগ, ভক্তিযোগ আৰু জ্ঞানযোগ) উপৰত লিখা গ্ৰন্থসমূহ (বিশ্বৰ বিভিন্ন ঠাইত দিয়া বক্তৃতাৰ সংকলন) খুব প্ৰভাৱশালী আৰু হিন্দু যোগ চৰ্চাত আগ্ৰহী যি কোনো ব্যক্তিৰ বাবে এতিয়াও প্ৰাৰম্ভিক গ্ৰন্থ হিচাবে চোৱা দেখা যায়।। তেওঁৰ চিঠিসমূহৰ সাহিত্যিক ও আধ্যাত্মিক মূল্য সুবিদিত। তেওঁক এজন ভাল গায়ক আৰি কবি হিচাবেও বিবেচনা কৰা হয়।[১২৫] মৃত্যুৰ পূৰ্বে তেওঁ অনেক সঙ্গীত ৰচনা কৰে। তেওঁ তেওঁৰ শিক্ষাবস্ত্তুত হাস্যৰস ব্যবহাৰ কৰিছিল আৰু ৰন্ধা-বঢ়াত পাকৈত আছিল। তেওঁৰ ভাষা আছিল সাৱলীল। তেওঁৰ নিজৰ বাংলা লেখাসমূহে এই ঘটনাৰ প্ৰামাণিক সাক্ষ্য দিয়ে যে তেওঁ তেওঁৰ "উচ্চাৰিত বা লিখিত" বক্তব্যবোৰ বিশ্বাস কৰিছিল - বক্তা বা লিখকৰ জ্ঞান প্ৰদৰ্শনতকৈ বৰং শ্ৰোতা বা পাঠকৰ কাষত সেই বিষয়সমূহ সহজবোধ্য কৰাটোৱে আছিল তেওঁৰ উদ্দেশ্য।

ৰচনাৱলী[সম্পাদনা কৰক]

  • কৰ্ম যোগ
  • জ্ঞান যোগ

আৰু চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Vivekananda, Swami (19). "Paper On Hinduism". Complete Works Of Swami Vivekananda. http://www.advaitaashrama.org/cw/volume_1/addresses_at_the_parliament/v1_c1_paper_on_hinduism.htm। আহৰণ কৰা হৈছে: 16 August 2011. 
  2. 2.0 2.1 তেখেতৰ জন্ম ১৮৬৩ চনৰ জানুৱাৰী মাহত কলকাতাৰ এটা সম্ভ্ৰান্ত বেংগলী কায়স্থ পৰিয়ালত হৈছিল আৰু ১৯০২ চনৰ ৪ জুলাইত মৃত্যু হৈছিল। Justice, Phyllis G. (2003), Holy People of the World, ABC-CLIO, pp. 899 
  3. 3.0 3.1 Georg, Feuerstein (2002). The Yoga Tradition. Motilal Banarsidass. পৃষ্ঠা. 600. 
  4. Clarke, Peter Bernard (2006). New Religions in Global Perspective. Routledge. পৃষ্ঠা. 209. 
  5. Von Dehsen, Christian D. (1999). Philosophers and Religious Leaders. Greenwood Publishing Group. পৃষ্ঠা. 191. 
  6. Vivekananda, Swami (11th September, 1893), Response to Welcome, প্ৰকাশক Parliament of Religions, Chicago, http://en.wikisource.org/wiki/The_Complete_Works_of_Swami_Vivekananda/Volume_1/Addresses_at_The_Parliament_of_Religions/Response_to_Welcome 
  7. Harshvardhan Dutt (2005). Immortal Speeches. পৃষ্ঠা. 121. 
  1. স্বামী বিবেকানন্দৰ বাণী ও ৰচনা, ষষ্ঠ খণ্ড, উদ্বোধন কাৰ্যালয়, কলকাতা, ১৯৬১, পৃষ্ঠা ২১০
  2. ↑২.০ ২.১ ২.২ Jestice, Phyllis G. (2004). Holy People of the World. প্ৰকাশক: ABC-CLIO. pp. 899.
  3. ↑৩.০ ৩.১ Georg, Feuerstein (2002). The Yoga Tradition. প্ৰকাশক: Motilal Banarsidass. p. 600.
  4. ↑ Clarke, Peter Bernard (2006). New Religions in Global Perspective. প্ৰকাশক: Routledge. p. 209.
  5. ↑ ৫.০ ৫.১ Von Dehsen, Christian D. (1999). Philosophers and Religious Leaders. প্ৰকাশক: Greenwood Publishing Group. p. 191.
  6. ↑ Vivekananda, Swami (11th September, 1893), Response to Welcome, (Parliament of Religions, Chicago)
  7. ↑ Harshvardhan Dutt (2005). Immortal Speeches. p. 121.
  8. ↑ ৮.০ ৮.১ ৮.২ ৮.৩ ৮.৪ ৮.৫ Nikhilananda 1964
  9. ↑ Eastern and Western disciples 2006a, p. 21
  10. ↑ যুগনায়ক বিবেকানন্দ (অধ্যায় "বংশ পৰিচয়"), প্ৰথম খণ্ড, স্বামী গম্ভীৰানন্দ, উদ্বোধন কাৰ্যালয়, কলকাতা, ১৯৮৪, পৃ. ১১-২৩
  11. ↑ ১১.০ ১১.১ Eastern and Western disciples 2006a, p. 11
  12. ↑ Mukhopadhyay, Manishankar (1996). Obishshashyo Vivekananda. প্ৰকাশক: Sāhityama. (Kalikātā). pp. 19। সংগৃহীত হৈছে: 16 August 2011.
  13. ↑ Sahoo, Srijata. Ancestral Home Birthplace Of Vivekananda. Datta Ancestral Home - Birthplace of Vivekananda. প্ৰকাশক: Government of India। সংগৃহীত হৈছে: 3 October 2011.
  14. ↑ ১৪.০ ১৪.১ Swami Chetanananda. Swami Vivekananda. God lived with them. p. 20.
  15. ↑ Banhatti 1995, p. 4
  16. ↑ ১৬.০ ১৬.১ Arrington, Robert L.; Tapan Kumar Chakrabarti (2001). Swami Vivekananda. A Companion to the Philosophers. প্ৰকাশক: Blackwell Publishing. pp. 628.
  17. ↑ ১৭.০ ১৭.১ Early Years
  18. ↑ Biswas, Arun Kumar (1987). Buddha and Bodhisattva. প্ৰকাশক: Cosmo Publications. p. 19.
  19. ↑ Eastern and Western disciples 2006a, p. 46
  20. ↑ Pangborn, Cyrus R.; Bardwell L. Smith (1976). The Ramakrishna Math and Mission. Hinduism: New Essays in the History of Religions. প্ৰকাশক: Brill Archive. p. 106. "Narendra, son of a Calcutta attorney, student of the intellectually most demanding subjects in arts and sciences at Scottish Church College."
  21. ↑ ২১.০ ২১.১ Dhar 1976, p. 53
  22. ↑ Swami Vivekananda By N.L. Gupta, p.2
  23. ↑ Dhar 1976, p. 59
  24. ↑ Dutta, Mahendranath. Dhirendranath Basu. ed. Sri Sri Ramakrishner Anudhyan (6th সম্পাদিত). p. 89.
  25. ↑ Bhuyan, P. R. (2003). Swami Vivekananda. প্ৰকাশক: Atlantic Publishers & Distributors. p. 5.
  26. ↑ Swami Chetanananda. Swami Vivekananda. God lived with them. p. 22. "He asked the Brahmo Samaj leader, Devendranath Tagore, "Sir, have you seen God?", for which Devendranath had no answer and replied, "My boy, you have the eyes of a yogi. You should practise meditation.""
  27. ↑ Pangborn, Cyrus R.; Bardwell L. Smith (1976). The Ramakrishna Math and Mission. Hinduism: New Essays in the History of Religions. প্ৰকাশক: Brill Archive. p. 106. "He had tried the Brahmo Samaj in the hope that its leader—at that time, Keshab Chandra Sen—could lead him to the vision for which he yearned."
  28. ↑ ২৮.০ ২৮.১ Malagi, R.A.; M.K.Naik (2003). Stirred Spirit: The Prose of Swami Vivekananda. Perspectives on Indian Prose in English. প্ৰকাশক: Abhinav Publications. pp. 36-37.
  29. ↑ Prabhananda 2003, p. 233
  30. ↑ Banhatti 1995, pp. 7-9 "Vivekananda is said to have offered, in a letter to Herbert Spencer, some criticism of the celebrated philosopher's speculations, which the aged stalwart is said to have appreciated."
  31. ↑ Joseph, Jaiboy (002-06-23). Master visionary (English ভাষাত). প্ৰকাশক: The Hindu। সংগৃহীত হৈছে: 2008-10-09.
  32. ↑ Mukherjee, Dr. Jayasree (May 2004); “Sri Ramakrishna’s Impact on Contemporary Indian Society”। Prabuddha Bharatha। 2008-09-04 তাৰিখে সংগৃহীত।।
  33. ↑ Swami Chetanananda. God lived with them. p. 22. "Hastie said, 'I have known only one person, who has realized that blessed state, and he is Ramakrishna of Dakshineswar. You will understand it better if you visit this saint.'"
  34. ↑ "শ্ৰীশ্ৰীৰামকৃষ্ণলীলাপ্ৰসঙ্গ", দ্বিতীয় ভাগ (ঠাকুৰৰ দিব্যভাৱ আৰু নৰেন্দ্ৰনাথ), স্বামী সাৰদানন্দ, উদ্বোধন কাৰ্যালয়, কলকাতা, পৃষ্ঠা ৮৩
  35. ↑ Mannumel, Thomas. The Advaita of Vivekananda: A Philosophical Appraisal. p. 17.
  36. ↑ ৩৬.০ ৩৬.১ ৩৬.২ Prabhananda 2003, p. 232
  37. ↑ Vivekananda, Swami. My Master. The Complete Works of Swami Vivekananda. 4. প্ৰকাশক: Advaita Ashrama. pp. 178-179.
  38. ↑ ৩৮.০ ৩৮.১ ৩৮.২ Banhatti 1995, pp. 10-13
  39. ↑ ৩৯.০ ৩৯.১ Rolland, Romain (1929). Naren the Beloved Disciple. The Life of Ramakrishna. pp. pp.169-193.
  40. ↑ Arora, V. K. (1968). Communion with Brahmo Samaj. The social and political philosophy of Swami Vivekananda. প্ৰকাশক: Punthi Pustak. pp. p.4.
  41. ↑ Isherwood, Christopher (1976). Meditation and Its Methods According to Swami Vivekananda. প্ৰকাশক: Vedanta Press. p. 20.
  42. ↑ Cyrus R. Pangborn. The Ramakrishna Math and Mission. Hinduism: New Essays in the History of Religions. p. 98.
  43. ↑ Isherwood, Christopher (1976). Meditation and Its Methods According to Swami Vivekananda. প্ৰকাশক: Vedanta Press. p. 20. "He realized under the impact of his Master that all the living beings are the embodiments of the 'Divine Self'...Hence, service to God can be rendered only by service to man."
  44. ↑ Eastern and Western disciples 2006a, p. 183
  45. ↑ ৪৫.০ ৪৫.১ Rolland, Romain (1929). The River Re-Enters the Sea. The Life of Ramakrishna. pp. 201–214.
  46. ↑ ৪৬.০ ৪৬.১ God lived with them, p.38
  47. ↑ God lived with them, p.39
  48. ↑ Eastern and Western disciples 2006a, p. 277
  49. ↑ Rolland 2008, p. 7
  50. ↑ Dhar 1976, p. 243
  51. ↑ ৫১.০ ৫১.১ Richards, Glyn (1996). Vivekananda. A Source-Book of Modern Hinduism. প্ৰকাশক: Routledge. pp. 77-78.
  52. ↑ P. R. Bhuyan. Swami Vivekananda. p. 12.
  53. ↑ ৫৩.০ ৫৩.১ ৫৩.২ ৫৩.৩ ৫৩.৪ Rolland 2008, pp. 16-25
  54. ↑ Eastern and Western disciples 2006a, pp. 214-216
  55. ↑ Rolland 2008, pp. 11-12
  56. ↑ ৫৬.০ ৫৬.১ ৫৬.২ Banhatti 1995, pp. 19-22
  57. ↑ Eastern and Western disciples 2006a, pp. 227-228
  58. ↑ ৫৮.০ ৫৮.১ Eastern and Western disciples 2006a, pp. 243-261
  59. ↑ Rolland 2008, p. 15
  60. ↑ Eastern and Western disciples 2006a, pp. 262-287
  61. ↑ Rolland 2008, p. 25 "It was so at Poona in October, 1892 ; Tilak, the famous savant and Hindu political leader, took him at first for a wandering monk of no importance and began by being ironical; then, struck by his replies revealing his great mind and knowledge, he received him into his house for ten days without ever knowing his real name. It was only later, when the newspapers brought him from America the echoes of Vivekananda's triumph and a description of the conqueror, that he recognised the anonymous guest who had dwelt beneath his roof."
  62. ↑ Dhar 1976, p. 1434 "Tilak recoded his impressions as follows, 'When asked about his name he only said he was a Sanyasin ....There was absolutely no money with him. A deerskin, one of two clothes and a Kamandalu were his only possessions.'
  63. ↑ Eastern and Western disciples 2006a, pp. 288-320
  64. ↑ Eastern and Western disciples 2006a, pp. 321-346
  65. ↑ Eastern and Western disciples 2006a, pp. 323–325
  66. ↑ Eastern and Western disciples 2006a, pp. 327–329
  67. ↑ Eastern and Western disciples 2006a, pp. 339–342
  68. ↑ This view is supported by the evidence of two eyewitnesses. One of these was Ramasubba Iyer. In 1919, when Swami Virajananda, a disciple of the Swamiji, went on pilgrimage to Kanyakumari, Iyer told him that he had himself seen the Swami meditating on the rock for hours together, for three days consecutively ... Another eye-witness, Sadashivam Pillai, told that the Swami had remained on the rock for three nights and had seen him swim over to the rock. Next morning Pillai went to the rock with food for the Swami. There he found him meditating; and when Pillai asked him to return to the mainland, he refused. When he offered food to the Swami, the latter asked him not to disturb him. See, Eastern and Western disciples 2006a, pp. 344–346
  69. ↑ ৬৯.০ ৬৯.১ Agarwal, Satya P. (1998), The social role of the Gītā: how and why, প্ৰকাশক: Motilal Banarsidass, pp. 59, আইএসবিএন 9788120815247
  70. ↑ Life and Philosophy of Swami Vivekananda, p.24
  71. ↑ ৭১.০ ৭১.১ ৭১.২ Paranjape, Makarand (2005), Penguin Swami Vivekananda Reader, প্ৰকাশক: Penguin India, pp. 246–248, আইএসবিএন 0143032542
  72. ↑ P. R. Bhuyan, Swami Vivekananda, p. 15
  73. ↑ ৭৩.০ ৭৩.১ Minor, Robert Neil (1986), Swami Vivekananda's use of the Bhagavad Gita, Modern Indian Interpreters of the Bhagavad Gita, প্ৰকাশক: SUNY Press, p. 133
  74. ↑ P. R. Bhuyan, Swami Vivekananda, p. 16
  75. ↑ Banhatti 1995, p. 27 "Representatives from several countries, and all religions, were seated on the platform, including Mazoomdar of the Brahmo Samaj, Nagarkar of Prarthana Samaj, Gandhi representing the Jains, and Chakravarti and Mrs. Annie Besant representing Theosophy. None represeted Hinduism, as such, and that mantle fell on Vivekananda."
  76. ↑ ৭৬.০ ৭৬.১ P. R. Bhuyan, Swami Vivekananda, p. 17
  77. ↑ ৭৭.০ ৭৭.১ ৭৭.২ McRae 1991
  78. ↑ ৭৮.০ ৭৮.১ ৭৮.২ ৭৮.৩ Prabhananda 2003, p. 234
  79. ↑ J. N. Farquhar, Modern Religious Movements in India, p. 202
  80. ↑ Sharma, Arvind, Swami Vivekananda's Experiences, Neo-Hindu Views of Christianity, p. 87
  81. ↑ P. R. Bhuyan, Swami Vivekananda, p. 18
  82. ↑ ৮২.০ ৮২.১ ৮২.২ ৮২.৩ ৮২.৪ ৮২.৫ Adjemian, Robert; Christopher Isherwood, On Swami Vivekananda, The Wishing Tree, pp. 121–122
  83. ↑ Banhatti 1995, p. 30
  84. ↑ ৮৪.০ ৮৪.১ God lived with them, pp.49-50
  85. ↑ Life and Philosophy of Swami Vivekananda, p.27
  86. ↑ Burke, Marie Louise (1958), Swami Vivekananda in America: New Discoveries, p. 618
  87. ↑ God lived with them, p.47
  88. ↑ Kattackal, Jacob (1982), Religion and Ethics in Advaita, প্ৰকাশক: St. Thomas Apostolic Seminary, p. 219
  89. ↑ Majumdar, Ramesh Chandra (1963), Swami Vivekananda Centenary Memorial Volume, p. 577
  90. ↑ Burke, Marie Louise (1983), Swami Vivekananda in the West: New Discoveries, p. 417
  91. ↑ Sharma, Benishankar (1963), Swami Vivekananda: A Forgotten Chapter of His Life, প্ৰকাশক: Oxford Book & Stationary Co.,, p. 227
  92. ↑ Sheean, Vincent (2005), Forerunners of Gandhi, Lead, Kindly Light: Gandhi and the Way to Peace, প্ৰকাশক: Kessinger Publishing, p. 345
  93. ↑ Sharma, Arvind, Swami Vivekananda's Experiences, Neo-Hindu Views of Christianity, p. 83
  94. ↑ Life and Philosophy of Swami Vivekananda, pp.33-34
  95. ↑ A Comprehensive Biography of Swami Vivekananda, p.852
  96. ↑ Return and Consolidation, Life and Philosophy of Swami Vivekananda, pp. 33–34
  97. ↑ P. R. Bhuyan, Swami Vivekananda, p. 20
  98. ↑ P. R. Bhuyan, Swami Vivekananda, p. 27
  99. ↑ Gokhale, B. G. (Jan., 1964), "Swami Vivekananda and Indian Nationalism", Journal of Bible and Religion (Oxford University Press) খণ্ড: 32 (1): 35–42, "Vivekananda, Tilak, and Gandhi form parts of one continuous process. Many of Gandhi's ideas on Hinduism and spirituality come close to those of Vivekananda."
  100. ↑ ১০০.০ ১০০.১ ১০০.২ Banhatti 1995, pp. 34–35
  101. ↑ Thomas, Abraham Vazhayil (1974), Christians in Secular India, p. 44, "Vivekananda emphasized Karma Yoga, purposeful action in the world as the thing needful for the regeneration of the political, social and religious life of the Hindus."
  102. ↑ Miller, Timothy, The Vedanta Movement and Self-Realization fellowship, America's Alternative Religions, p. 181, "Vivekananda was adamant that the social worker should never believe that she or he was actually improving the world, which is, after all, illusory. Service should be performed without attachment to the final results. In this manner, social service becomes karma yoga, the disciple of action, that ultimately brings spiritual benefits to the server, not to those being served."
  103. ↑ Kraemer, Hendrik, Cultural response of Hindu India, World Cultures and World Religions, p. 151
  104. ↑ Prabhananda 2003, p. 235
  105. ↑ LULLA, ANIL BUDUR (September 3, 2007). IISc looks to Belur for seeds of birth. প্ৰকাশক: The Telegraph.
  106. ↑ Eastern and Western disciples 2006a, p. 291
  107. ↑ Eastern and Western disciples 2006b, p. 450
  108. ↑ ১০৮.০ ১০৮.১ ১০৮.২ Banhatti 1995, pp. 41–42
  109. ↑ The Paris Congress of the History of Religions, Complete Works of Swami Vivekananda, 4, প্ৰকাশক: Advaita Ashrama
  110. ↑ Banhatti 1995, pp. 43–44
  111. ↑ ১১১.০ ১১১.১ Banhatti 1995, pp. 45–46
  112. ↑ ১১২.০ ১১২.১ Eastern and Western disciples 2006b, pp. 645–662
  113. ↑ A.P. Sen (2006), Editor's Introduction, The Indispensable Vivekananda, p. 27
  114. ↑ M.V. Kamnath (2005), p.241, Philosophy of Life and Death
  115. ↑ ১১৫.০ ১১৫.১ ১১৫.২ ১১৫.৩ ১১৫.৪ Jackson, Carl T (1994), The Founders, Vedanta for the West, প্ৰকাশক: Indiana University Press, pp. 33–34
  116. ↑ Y. Masih (1991), Introduction to Religious Philosophy, Introduction to Religious Philosophy, প্ৰকাশক: Motilal Banarsidass, p. 68
  117. ↑ Agarwal, Satya P. (1998), The social role of the Gītā: how and why, প্ৰকাশক: Motilal Banarsidass, p. ix
  118. ↑ Priya Nath Sinha, Conversations and Dialogues : VI - X Shri Priya Nath Sinha, Complete Works of Swami Vivekananda, 5
  119. ↑ Prabuddha Bharata: 112, 1983.
  120. ↑ IISC
  121. ↑ Campbell, Joseph; Robin Larsen, Stephen Larsen, Antony Van Couvering (2002), Travels with the Swami, Baksheesh & Brahman, প্ৰকাশক: New World Library, pp. 74, আইএসবিএন 9781577312376
  122. ↑ July 13, 1998 Press Release From the Consulate General of India, Chicago, IL, USA
  123. ↑ Ramakrishna-Vivekananda Center of New York. (1996). Sri Ramakrishna Tributes.
  124. ↑ Katheleen M O'Connell. Utsav-Celebration: Tagore’s Approach to Cultivating the Human Spirit and the Study of Religion.
  125. ↑ G. S. Banhatti, The Quintessence of Vivekananda, p. 276, "A singer, a painter, a wonderful master of language and a poet, Vivekananda was a complete artist."