ৱিকিপিডিয়া:সাধাৰণ দায়লুপ্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপিডিয়াই বৈধতাৰ কোনো নিশ্চয়তা প্ৰদান নকৰে

ৱিকিপিডিয়া এখন অনলাইন মুক্ত-সমল সহযোগিতামূলক বিশ্বকোষ। অৰ্থাত্‍ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱকসকলে মিলিজুলি জ্ঞানৰ ভঁৰাল হিছাপে ইয়াক গঢ়ি তুলিছে। প্ৰকল্পটোৰ গঠনে ইণ্টাৰনেটৰ সুবিধা থকা যিকোনো ব্যক্তিক ইয়াৰ সমল সলনি কৰিবলৈ সুযোগ দিয়ে। মন কৰক যে ইয়াত পোৱা কথাবিলাক বিশেষজ্ঞ ব্যক্তিৰদ্বাৰা পৰীক্ষিত নহ'বও পাৰে, গতিকে তথ্যসমূহ ১০০%ই শুদ্ধ বা সম্পূৰ্ণ বুলি ধৰি লোৱাটো অমূলক।

তাৰ অৰ্থ এইটো নহয় যে আপুনি ৱিকিপিডিয়াত মূল্যবান আৰু শুদ্ধ তথ্য নাপাবই। তথাপি ৱিকিপিডিয়াই ইয়াত উপলব্ধ তথ্যৰ শুদ্ধতা দাবী কৰিব নোৱাৰে। কোনোটো প্ৰবন্ধৰ সমল সেই বিষয়বস্তু সম্পৰ্কে জ্ঞান নথকা বা সেই তথ্যৰ লগত সন্মত নোহোৱা ব্যক্তি এজনে আহি সলাই দিব পাৰে বা খেলিমেলিৰ সৃষ্টি কৰিব পাৰে। উল্লেখযোগ্য যে অন্যান্য প্ৰায় সকলো বিশ্বকোষ আৰু প্ৰসংগ-কৰ্মৰ একেধৰণৰ দায়লুপ্তি চনদ আছে।

কোনো আনুষ্ঠানিক পৰ্যালোচনা কৰা নহয়

প্ৰবন্ধবোৰৰ বিশ্বাসযোগ্য সংস্কৰণ চিনাক্ত কৰিবৰ বাবে আমি চেষ্টা কৰি আছোঁ। আমাৰ সক্ৰিয় সম্পাদকসকলে বিশেষ:শেহতীয়া সলসলনি আৰু বিশেষ:নতুন পৃষ্ঠাসমূহ আদি সঁজুলিৰ জৰিয়তে নতুন আৰু পৰিৱৰ্তিত সমলৰ ওপৰত চকু ৰাখে। কিন্তু ৱিকিপিডিয়াত নিয়মিত পুনৰ্নিৰীক্ষণ কৰা নহয়। যদিও পাঠকসকলে ভুল-ত্ৰুটি শুধৰাব পাৰে আৰু সাধাৰণ পুনৰ্নিৰীক্ষণ কৰিব পাৰে, তেওঁলোকৰ তেনে কোনো আইনী দায়িত্ব নাই আৰু গতিকে ইয়াত পোৱা সকলো তথ্যৰ যিকোনো ঠাইত ব্যৱহাৰৰ বাবে মানৰ নিশ্চয়তা নাই। আনকি অনানুষ্ঠানিকভাৱে পুনৰ্নিৰীক্ষণ কৰা বা নিৰ্বাচিত প্ৰবন্ধও আপুনি চোৱাৰ আগে আগে কাৰোবাৰদ্বাৰা বেয়াকৈ সম্পাদিত হ'ব পাৰে।

কোনো অৱদানকাৰী, অৰ্থ যোগান ধৰোঁতা, প্ৰশাসক, বা ৱিকিপিডিয়াৰ লগত জড়িত আন কোনো ব্যক্তি এই ৱেবপৃষ্ঠাসমূহত প্ৰদৰ্শিত কোনো অশুদ্ধ বা অপবাদজনক তথ্যৰ বাবে আৰু তথ্যসমূহ ব্যৱহাৰৰ পৰা হোৱা অসুবিধাৰ বাবে দায়বদ্ধ নহয়।

কোনো চুক্তি নাই; সীমিত অনুজ্ঞাপত্ৰ আছে

অনুগ্ৰহ কৰি নিশ্চিত হৈ লওক যে ইয়ালৈ বৰঙণি আগবঢ়োৱা তথ্যসমূহ বিনামূলীয়াকৈ দিয়া হৈছে; আৰু আপোনাৰ লগত এই চাইটৰ গৰাকী, চাইটৰ ব্যৱহাৰকাৰী, চাইটৰ চাৰ্ভাৰৰ গৰাকী, ৱিকিপিডিয়াৰ গাইগুটীয়া অৱদানকাৰী, প্ৰশাসক বা এই প্ৰকল্পৰ সৈতে যিকোনোভাৱে জড়িত কোনো ব্যক্তিৰে চুক্তি স্বাক্ষৰিত হোৱা নাই। এওঁলোক কোনোৱেই আপোনাৰ দাবীৰ লগত সম্পৰ্কিত নহয়। আপোনাক এই চাইটৰ পৰা যিকোনো কথা কপী কৰাৰ স্বাধীনতা দিয়া হৈছে; ইয়াৰ দ্বাৰা ৱিকিপিডিয়াৰ কোনো সদস্য, এজেণ্ট, সংগঠক বা ব্যৱহাৰকাৰীৰ লগত কোনো চুক্তিভিত্তিক বা অচুক্তিভিত্তিক দায়বদ্ধতাৰ সৃষ্টি কৰা হোৱা নাই।

ক্ৰিয়েটিভ কমন্স এট্ৰিবিউছন-শ্বেয়াৰএলাইক ৩.০ আন্‌প'ৰ্টেড লাইচেঞ্চ (CC-BY-SA) আৰু জিএনইউ ফ্ৰী ড'কুমেণ্টেছন লাইচেঞ্চ (GFDL)ৰ আওতাৰ বাহিৰত এই তথ্যসমূহৰ ব্যৱহাৰ আৰু পৰিৱৰ্তনৰ বাবে ৱিকিপিডিয়াৰ আৰু আপোনাৰ মাজত কোনো চুক্তি হোৱা নাই। আপুনি ৱিকিপিডিয়া বা ইয়াৰ সহযোগী প্ৰকল্পত লিখা কোনো তথ্য কোনোবাই সলালে, সম্পাদনা কৰিলে, পৰিৱৰ্তন কৰিলে বা আঁতৰালে ৱিকিপিডিয়াৰ কোনো ব্যক্তি দায়ী নহ'ব।

ট্ৰেড্‌মাৰ্ক

ৱিকিপিডিয়াৰ প্ৰবন্ধৰ প্ৰদৰ্শিত, উল্লেখিত বা উদ্ধৃত কোনো ট্ৰেড্‌মাৰ্ক, চাৰ্ভিছ মাৰ্ক, কালেক্‌টিভ মাৰ্ক, ডিজাইন স্বত্ব বা একেধৰণৰ স্বত্ব সেইবোৰৰ নিজ নিজ স্বত্বাধিকাৰীৰ সম্পত্তি। সেইবোৰ ইয়াত ব্যৱহাৰ হোৱাৰ অৰ্থ এই নহয় যে আপুনি CC-BY-SA আৰু GFDL অনুজ্ঞাপত্ৰৰ আওতাৰ বাহিৰত সেইবোৰৰ অন্য ব্যৱহাৰ কৰিব পাৰিব। উল্লেখ নকৰালৈকে ৱিকিপিডিয়া বা ৱিকিমিডিয়া চাইটসমূহ তেনে স্বত্বাধিকাৰীৰ লগত যুক্ত নহয় আৰু গতিকে ৱিকিপিডিয়াই কোনো সংৰক্ষিত বিষয়ৰ ব্যৱহাৰৰ অনুমতি দিব নোৱাৰে। এনেধৰণৰ ব্যৱসায়িক সম্পত্তিৰ ব্যৱহাৰৰ বাবে আপুনি নিজে দায়বদ্ধ।

ব্যক্তিত্ব অধিকাৰ

ৱিকিপিডিয়াত থকা কোনো বিষয়ে এজন চিনাকী জীৱিত বা সদ্য মৃত ব্যক্তিক চিত্ৰিত কৰিব পাৰে। কপিৰাইট মুক্ত নহ'লে জীৱিত বা সদ্য মৃত ব্যক্তিৰ ছবিৰ ব্যৱহাৰ কোনো কোনো বিচাৰব্যৱস্থাত ব্যক্তিত্ব অধিকাৰৰ দ্বাৰা সীমাবদ্ধ। এনে সমল ব্যৱহাৰ কৰাৰ আগতে নিশ্চিত হওক যে আপুনি ব্যৱহাৰ কৰিব খোজা ধৰণে তাক ব্যৱহাৰ কৰাৰ আইনগত অধিকাৰ আপোনাৰ আছে। আপুনি যে কাৰো ব্যক্তি অধিকাৰ লঙ্ঘন কৰা নাই, সেয়া নিশ্চিত কৰাৰ দায়িত্ব কেৱল আপোনাৰ।

সমলৰ আইনগত অধিকাৰ আৰু বৈধতা

ৱিকিপিডিয়াৰ তথ্যসমূহৰ প্ৰকাশ আপুনি যি দেশৰ পৰা এই তথ্যসমূহ প্ৰত্যক্ষ কৰিছে সেই দেশৰ বিচাৰব্যৱস্থা অনুসৰি আইন উলঙ্ঘন হ'ব পাৰে। ৱিকিপিডিয়াৰ তথ্যসমূহ আমেৰিকা যুক্তৰাষ্ট্ৰফ্ল'ৰিডা ৰাজ্যত থকা এটা চাৰ্ভাৰত সংৰক্ষণ কৰা হৈছে, আৰু ইয়াক তাৰ আঞ্চলিক আৰু ফেডাৰেল আইনৰ অধীনত চোৱাচিতা কৰা হয়। আপোনাৰ দেশৰ আইনৰ হয়তো সেই আইনৰ লগত সাদৃশ্য নাথাকিব পাৰে। ৱিকিপিডিয়াই কোনো আইন উলঙ্ঘনক উৎসাহিত নকৰে। আপুনি এই ডমেইনৰ বিভিন্ন লিংকত থকা কোনো তথ্য ব্যৱহাৰ, পুনৰ্ব্যৱহাৰ বা পুনৰ্প্ৰকাশ কৰিলে ৱিকিপিডিয়াই কোনো আইন ভঙ্গৰ দায়িত্ব গ্ৰহণ নকৰে।

কোনো পেছাগত পৰামৰ্শ নহয়

যদি আপোনাক কোনো সুনিৰ্দিষ্ট পৰামৰ্শৰ প্ৰয়োজন (যেনে- চিকিৎসা সম্পৰ্কীয়, আইনী, অৰ্থনৈতিক, বা বিপদাশঙ্কা ব্যৱস্থাপনা), অনুগ্ৰহ কৰি এজন বিশেষজ্ঞ বা তেনে ক্ষেত্ৰত অনুজ্ঞাপত্ৰ থকা ব্যক্তিৰ শৰণাপন্ন হওক।