ৰাজ্যসভা
|
|
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয়। (বিশদ নিৰ্দেশনা চাওক।) সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
| ৰাজ্যসভা | |
|---|---|
| ধৰন | |
| ধৰন | ভাৰতৰ সংসদৰ উচ্চ সদন |
| নেতা | |
| সভাপতি |
মহম্মদ হামিদ আনচাৰী, নিৰ্দলীয় ১১ আগষ্ট, ২০০৭ [1] |
| ডেপুটি চেয়াৰমেন | কে. ৰহমান খান, কংগ্ৰেছ ৩ জানুৱাৰী, ২০০৭ [2] |
| সভাৰ নেতা | মনমোহন সিংহ, কংগ্ৰেছ |
| বিৰোধী নেতা | অৰুণ জেটলি, বিজেপি ৩ জুন ২০০৯[3] |
| গঠন | |
| সদস্য | ২৫০ জন (২৩৮ নিৰ্বাচিত + ১২ জন মনোনীত) |
| ৰাজনৈতিক দলসমূহ | সংযুক্ত প্ৰগতিশীল মৰ্চা জাতীয় গণতান্ত্ৰিক মৰ্চা বামফ্ৰন্ট |
| সভাৰ স্থান | |
| ৰাজ্যসভা কক্ষ, সংসদ ভৱন, সংসদ মাৰ্গ, নতুন দিল্লী | |
| ৱেবছাইট | |
| rajyasabha.nic.in | |
ৰাজ্যসভা হৈছে ভাৰতীয় সংসদৰ উচ্চ সদন। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ সভাপতি, সদস্যসকলৰ মাজৰ পৰা এজন উপ-সভাপতি নিৰ্বাচিত কৰা হয়, তেওঁৰ তত্বাবধানত সদনৰ দৈনন্দিন কাম-কাজ চলে।
সূচী |
[সম্পাদনা কৰক] সদস্য সংখ্যা
ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে ২৫০ জন, ইয়াৰে ১২ জনক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে, বাকীসকলক ৰাজ্যবোৰৰ বিধানসভাৰ সদস্যসকলে নিৰ্বাচিত কৰে। ৰাষ্ট্ৰপতিয়ে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক ৰাজ্যসভালৈ প্ৰধান মন্ত্ৰীৰ পৰামৰ্শ মতে মনোনীত কৰে।
[সম্পাদনা কৰক] সদস্য হোৱাৰ যোগ্যতা
সংবিধানৰ ৮৩ নং অনুচ্ছেদত সংসদৰ দুই কক্ষৰ সদস্য হোৱাৰৰ যোগ্যতা উল্লেখ কৰা হৈছে। ৰাজ্যসভাৰ সদস্যসকলৰ ভাৰতীয় প্ৰজাতন্ত্ৰৰ নাগৰিক হ’ব লাগে– যিজনৰ বয়স ৩০ বছৰৰ কম নহয় আৰু লগতে কোনো ধৰণৰ ফৌজদাৰি গোচৰৰ লগত জড়িত নহয়। অনাগৰিক, আদালত দ্বাৰা বিকৃত মস্তিষ্ক বা দেউলিয়া ঘোষিত বা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লাভজনক কোনো পদত চাকৰিত নিয়োজিত ব্যক্তিসকল ৰাজ্যসভাৰ সদস্যৰ প্ৰাৰ্থী হ’ব নোৱাৰে।
[সম্পাদনা কৰক] কাৰ্যকাল
ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল ৬ বছৰ, প্ৰত্যেক ৬ বছৰৰ পিছত সদনৰ তিনিভাগৰ এভাগ সদস্যৰ ম্যাদ শেষ হয়, আৰৃ এই ধৰণে খালি হোৱা আসনসমুহ পুৰণ কৰাৰ বাবে নিৰ্বাচন অনুস্থিত হয়। যিহেতু এবাৰত তিনিভাগৰ এভাগ সদস্যৰহে ম্যাদ শেষ হয়, সেইবাবে ৰাজ্যসভা কেতিয়াও ভঙ্গ্ নহয়।
[সম্পাদনা কৰক] ক্ষমতা আৰু দায়িত্ব
ৰাজ্যসভাৰ বেচিভাগ ক্ষমতা লোকসভাৰ দৰেই । অৱশ্যে বিত্তীয় বিধেয়কৰ ক্ষেত্ৰত ৰাজ্যসভাৰ বিশেষ ক্ষমতা নাই। চৰকাৰৰ বিপক্ষে অনাস্থা প্ৰস্তাৱ ৰাজ্যসভাত উত্থাপিত কৰিব নোৱাৰি।
[সম্পাদনা কৰক] দল অনুযায়ী সদস্যপদ
ৰাজ্যসভাৰ দল অনুযায়ী সদস্যসংখ্যাৰ তালিকা দিয়া হ’ল।[4]
| মিত্ৰ-গোষ্ঠী (২০১০ চনৰ নিৰ্বাচনৰ পৰ) | দল | সাংসদ |
|---|---|---|
| সংযুক্ত গণতান্ত্ৰিক মৰ্চা আসন: ৯১ |
ভাৰতীয় জাতীয় কংগ্ৰেছ | ৭১ |
| জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টী | ৭ | |
| দ্ৰাবিড় মুন্নেত্ৰা কড়গম | ৭ | |
| সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ | ৩ | |
| জম্মু আৰু কাশ্মীৰ নেশ্যনেল কনফাৰেন্স | ২ | |
| বড়োলেণ্ড পিপল’ছ ফ্ৰন্ট | ১ | |
| জাতীয় গণতান্ত্ৰিক মৰ্চা আসন: ৬৯ |
ভাৰতীয় জনতা পাৰ্টি | ৫১ |
| জনতা দল (সংযুক্ত) | ৭ | |
| শিৱসেনা | ৪ | |
| শিৰোমণি অকালি দল | ৩ | |
| অসম গণ পৰিষদ | ২ | |
| ৰাষ্ট্ৰীয় লোক দল | ১ | |
| ভাৰতীয় জাতীয় লোক দল | ১ | |
| তৃতীয় ফ্ৰন্ট আসন: ৩৪ |
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) | ১৩ |
| বিজু জনতা দল | ৬ | |
| ভাৰতৰ কমিউনিষ্ট পাৰ্টি | ৫ | |
| অল ইণ্ডিয়া আন্না দ্ৰাবিড় মুন্নেত্ৰা কড়গম | ৫ | |
| তেলুগু দেশম পাৰ্টি | ৪ | |
| সাৰা ভাৰত ফৰৱাৰ্ড ব্লক | ১ | |
| অন্যান্য আসন: ৩২ |
সমাজবাদী পাৰ্টি | ৫ |
| বহুজন সমাজ পাৰ্টি | ১৮ | |
| ৰাষ্ট্ৰীয় জনতা দল | ৪ | |
| লোক জনশক্তি পাৰ্টি | ২ | |
| মিজো নেশ্যনেল ফ্ৰন্ট | ১ | |
| ছিক্কিম ডেমোক্ৰেটিক ফ্ৰন্ট | ১ | |
| নাগালেণ্ড পিপল’ছ ফ্ৰন্ট | ১ | |
| মনোনীত | ৮ | |
| অন্যান্য দল আৰু নিৰ্দলীয় | ৬ | |
| খালি আসন | ১ | |
| সৰ্বমুঠ | ২৪৫ |
[সম্পাদনা কৰক] আৰু চাওক
[সম্পাদনা কৰক] তথ্য সংগ্ৰহ
- ↑ "Hon'ble Chairman, Rajya Sabha, Parliament of India". rajyasabha.nic.in. http://164.100.47.5/Chairman-Rajyasabha/Default.aspx. Retrieved 19 August 2011.
- ↑ "Deputy Chairman, Rajya Sabha, Parliament of India". http://164.100.47.7/deputychairman/. Retrieved 19 August 2011.
- ↑ "RAJYA SABHA - AN INTRODUCTION". rajyasabha.nic.in. http://rajyasabha.nic.in/rsnew/about_parliament/rajya_sabha_introduction.asp. Retrieved 19 August 2011.
- ↑ Source: Election Commission of India
[সম্পাদনা কৰক] আৰু পঢ়ক
- The Nominated Members of India's Council of States: A Study of Role-Definition J. H. Proctor, Legislative Studies Quarterly, Vol. 10, No. 1, Feb., 1985), pp. 53-70.
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
- Report card: Muslim Members of Rajya Sabha during July-Aug ’09 session - TCN News
- Rajya Sabha homepage hosted by the Indian government
- Rajya Sabha FAQ page hosted by the Indian government
- Report 37 Rajya Sabha members have criminal
- Nominated members list
- State wise list
|
|||||
|
||||||||||||||||
|
||||||||||||||