ভাৰতৰ স্বাধীনতা আন্দোলন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঔপনিবেশিক ভাৰত
British Indian Empire
বৃটিছ ভাৰত
ঔপনিবেশিক ভাৰত
পৰ্টুগীজ ভাৰত ১৫১০-১৯৬১
ডাচ্চ ভাৰত ১৬০৫-১৮২৫
ডেনিচ ভাৰত ১৬২০-১৮৬৯
ফৰাচী ভাৰত ১৭৫৯-১৯৫৪
বৃটিছ ভাৰত ১৬১৩-১৯৪৭
ইষ্ট ইণ্ডিয়া কোম্পানী ১৬১২-১৭৫৭
ভাৰতৰ কোম্পানী ৰাজ ১৭৫৭-১৮৫৭
বৃটি্ছ ৰাজ ১৮৫৪-১৯৪৭
ব্ৰহ্মদেশৰ বৃটি্ছ শাসন ১৮২৪-১৯৪২
দেশীয় ৰাজ্যসমূহ ১৭৬৫–১৯৪৭/৪৮
দেশবিভাজন
১৯৪৭

ভাৰতৰ স্বাধীনতা আন্দোলন বুলিলে দক্ষিণ এছিয়াৰ একাংশত বৃটিচ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু পাচৰচোৱাত বৃটিছ চৰকাৰৰ শাসনৰ প্ৰতিবাদ কৰি তেওঁলোকক শাসনভাৰ এৰি গুচি যাবলৈ দাবীৰ পৰিপ্ৰেক্ষিতত তৎকালীন বৃটিছ শাসনৰ বিৰোধীতাত উদ্ভুত বিভিন্ন ৰাজনৈতীক সংৰচন, দৰ্শন আৰু আন্দোলনকে বুজা যায়।

১৯ শতিকাৰ প্ৰথম চতু্ৰ্থাশত বেহা বেপাৰৰ কাৰণে অহা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পাচলৈ সমগ্ৰ ভাৰত অধিকাৰ কৰে। পাচলৈ ভাৰতৰ শাসনৰ দায়িত্ব বৃটিচৰাজে গ্ৰহণ কৰে।

প্ৰথম বিশ্বযুদ্ধ[সম্পাদনা কৰক]

প্ৰথম বিশ্বযুদ্ধৰ দ্বিতীয় ভাগত ভাৰতৰ ভাইচৰয় ফ্ৰেডেৰিক থেছীগাৰে দিল্লীত অনুষ্ঠিত যুদ্ধৰ এক বৈঠকলৈ গান্ধীক নিমন্ত্ৰণ কৰে[1] যুদ্ধৰ প্ৰতি গান্ধীৰ সমৰ্থন আদায় আৰু ভাৰতৰ স্বাধীনতা সম্বন্ধে আলোচনা কৰিবলৈ।[2] এই যুদ্ধত গান্ধীয়ে ভাৰতীয় সকলক নিয়োজন কৰাত সন্মতি আগবঢ়ায়। গান্ধীয়ে ১৯০৬ চনত জুলু সকলৰ লগত যুদ্ধ আৰু প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভণিতে (১৯১৪) যুদ্ধত সৈনিকৰ পৰিৱৰ্তে সেৱা বিভাগত যোগ দিয়াৰহে পোষকতা কৰিছিল। ১৯১৮ চনৰ আলোচনাত গান্ধীয়ে সৈনিক হিচাপে ভাৰতীয় লোকক যোগ দিয়াৰ কথাটোত মান্তি হৈছিল।[3] ১৯১৮ চনৰ জুন মাহত প্ৰকাশিত 'যুদ্ধত যোগদানৰ বাবে আবেদন' শীৰ্ষক এক প্ৰচাৰপুস্তিকাত গান্ধীয়ে লিখিছিল, "এনে এটা অৱস্থা পাবলৈ আমি নিজকে প্ৰতিৰক্ষা দিয়াৰ ক্ষমতা লাভ কৰিব লাগিব। এই ক্ষমতাৰ বাবে অস্ত্ৰ তুলি লোৱাৰ আৰু ব্যৱহাৰ কৰাৰ সামৰ্থ প্ৰয়োজনীয়... অস্ত্ৰ ব্যৱহাৰৰ পূৰ্ণ সামৰ্থ্য পাবলৈ সৈনিক হিচাপে যোগদান কৰাৰ গত্যন্তৰ নাই।" ("To bring about such a state of things we should have the ability to defend ourselves, that is, the ability to bear arms and to use them...If we want to learn the use of arms with the greatest possible despatch, it is our duty to enlist ourselves in the army.")[4] অৱশ্যে ভাইচৰয়ৰ ব্যক্তিগত সচিবলৈ লিখা এক পত্ৰত অৱশ্যে গান্ধীয়ে নিশ্চিত কৰি দিছিল যে "ব্যক্তিগত পৰ্যায়ত তেওঁ বন্ধু বা শত্ৰু কাকোৱেই হত্যা বা আঘাত কৰিব নোৱাৰে।" ("personally will not kill or injure anybody, friend or foe.")[5]

যুদ্ধত যোগদানৰ বাবে গান্ধীয়ে জনোৱা সঁহাৰি দেখি তেখেতৰ অহিংস নীতিৰ প্ৰতি কিছু প্ৰশ্ন উঠিছিল। গান্ধীৰ বন্ধু 'চাৰ্লছ এণ্ড্ৰুজ'-এ লিখিছে, "ব্যক্তিগত ভাৱে গান্ধীৰ এই সিদ্ধান্ত আৰু সাধাৰণভাৱে তেখেতৰ নীতিৰ মাজৰ বিৰোধিতা মই কেতিয়াও মানি ল'ব নোৱাৰিলোঁ। এই একেটা কথাকে মই তেখেতৰ লগত মান্তি হ'ব পৰা নাই।" ("Personally I have never been able to reconcile this with his own conduct in other respects, and it is one of the points where I have found myself in painful disagreement.")[6] মহাত্মা গান্ধীৰ ব্যক্তিগত সচিব মহাদেৱ দেশায়ে লিখিছে, 'গান্ধীজীৰ অহিংস নীতি আৰু যুদ্ধৰ যোগদানৰ আহবান এই দুটাৰ মাজত থকা পাৰ্থক্যৰ প্ৰশ্ন অকল সমসাময়িক সময়তে নহয়, আজিও আলোচিত হৈ আছে।' ("The question of the consistency between his creed of 'Ahimsa' (non-violence) and his recruiting campaign was raised not only then but has been discussed ever since.")[3]

গান্ধীৰ প্ৰত্যাৱৰ্তন (১৯১৫-১৯৪৭)[সম্পাদনা কৰক]

১৯১৫ চনত মোহনদাস গান্ধী স্থায়ী ভাৱে ভাৰতলৈ উভতি আহে। এগৰাকী আন্তৰ্জাতিক পৰ্যায়ৰ ভাৰতীয় জাতীয়তাবাদী, সংগঠক আৰু সূত্ৰকাৰ (theorist) হিচাপে বিপুল সন্মানেৰে তেখেতক আদৰণি জনোৱা হয়। তেখেতে আহি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে আৰু ভাৰতৰ সমস্যাসমূহ আৰু প্ৰচলিত ৰাজনীতিৰ বিষয়ে জানিবলৈ পায়। সেইসময়ত কংগ্ৰেছ দলৰ নেতা গোপাল কৃষ্ণ গোখ্‌লে আদিয়ে নৰম পন্থাৰ সমৰ্থন কৰিছিল আৰু ব্যৱস্থাৰ ভিতৰত থাকিয়েই ভাৰতীয়সকলৰ সমস্যাৰ সমাধান আশা কৰিছিল। গান্ধীয়ে গোখ্‌লেৰ উদাৰনীতিৰ পোষকতা কৰে আৰু ইয়াৰ ভিত্তিতে নতুন আৰু সম্পূৰ্ণ ভাৰতীয় স্বৰূপৰ আন্দোলনৰ ভেঁটি গঢ়ি তোলে।[7]

১৯২০ চনত গান্ধী কংগ্ৰেছ দলৰ নেতা নিৰ্বাচিত হয় আৰু ১৯৩০ চনলৈ বিভিন্ন দাবীৰে স্বাধীনতা আন্দোলন আগবঢ়াই নিয়ে। এই সময়ছোৱাত গান্ধীয়ে দাবী সমৰ্থনৰ লগতে কেতিয়াবা আপোচকামী আৰু কেতিয়াবা নীৰৱতাৰ পন্থাও মানি চলিছিল। ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বাধীনতাৰ দাবী তোলে। বিভিন্ন দাবীৰ সন্মতিৰে ভাৰতৰ কেবাখনো ৰাজ্যত ইতিমধ্যে কংগ্ৰেছে চৰকাৰ গঠনত ভাগ লৈছিল। ভাৰতীয় সকলৰ সন্মতি নোলোৱাকৈ ভাৰতৰ ভাইচৰয়ে জাৰ্মানীৰ লগত যুদ্ধ ঘোষণা (১৯৩৯) কৰাত গান্ধী আৰু অন্যান্য কংগ্ৰেছ নেতাই সমৰ্থন প্ৰত্যহাৰ কৰে। ১৯৪২ চনত গান্ধীয়ে স্বাধীনতাৰ দাবী তোলাৰ লগে লগে ৰাজনৈতিক প্ৰেক্ষাপটত সংকটৰ সূচনা হয় আৰু গান্ধী প্ৰমুখ্যে বহুতো নেতাক কাৰাবাস দিয়া হয়। আনহাতে মুছলিম লীগে ইংৰাজ চৰকাৰক সহযোগিতাৰ আশ্বাস দিয়ে আৰু বিনিময়ত পৃথক মুছলিম ৰাষ্ট্ৰৰ দাবী জনায়। মহাত্মা গান্ধীয়ে এই দাবীৰ তুমূল বিৰোধিতা কৰিছিল। অৱশেষত ১৯৪৭ চনৰ আগষ্ট মাহত ভাৰতৰ ভূ-খণ্ডক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্তান নামেৰে দুখন পৃথক স্বাধীন ৰাষ্ট্ৰৰ গঠন হয়। দ্বিখণ্ডিত এই ব্যৱস্থাৰ প্ৰতি গান্ধীৰ সন্মতি নাছিল।[8]


চম্পাৰন আৰু খেড়া[সম্পাদনা কৰক]

চম্পাৰন আৰু খেড়াৰ সত্যাগ্ৰহৰ সময়ত গান্ধী (চন ১৯১৮)

ক্ৰমে বিহাৰ আৰু গুজৰাটৰ অন্তৰ্গত চম্পাৰন আৰু খেড়াত হোৱা সত্যাগ্ৰহ আন্দোলনতে গান্ধীয়ে প্ৰথম উল্লেখনীয় সফলতা লাভ কৰিছিল। চম্পাৰনত স্থানীয় কৃষকে সেই ঠাইৰ ঘাইকৈ ইংৰাজ জমিদাৰ আৰু প্ৰশাসনৰ বিৰূদ্ধে আন্দোলন গঢ়ি তুলিছিল। কৃষকসকলক নীলৰ খেতি কৰিবলৈ বাধ্য কৰোৱা হৈছিল। প্ৰথম অৱস্থাত খেতিয়কসকলে লাভৰ মুখ দেখিছিল যদিও দুটা দশকৰ পাছতো কৃষকসকলে একেটা মূল্যতে নীলৰ ফচল জামিদাৰক বিক্ৰী কৰিব লাগিছিল। চম্পাৰনৰ খেতিয়কসকলে মহাত্মা গান্ধীক এই বিষয়ে অৱগত কৰে। অহিংসাৰ ভিত্তিত গান্ধীয়ে এই আন্দোলন আগবঢ়ায় নিয়ে আৰু প্ৰশাসকৰ ফালক আগৰ অৱস্থা সলনি কৰিবলৈ বাধ্য কৰে।[9]

১৯১৮ চনত গুজৰাটৰ খেড়াত হোৱা বানপানীয়ে খেতিয়কসকলক জুৰুলা কৰিছিল আৰু তেওঁলোকে কৰৰ বোজা কম কৰিবলৈ আবেদন কৰিছিল। গান্ধীয়ে এই আন্দোলনৰ নেতৃত্ব দিবলৈ 'নদিয়াদ' নামে ঠাইত বাহৰ পাতে।[10] গান্ধীয়ে আন্দোলনৰ বাবে সমৰ্থক আৰু স্বেচ্ছাসেৱক সংগঠিত কৰিছিল। চৰ্দাৰ বল্লভ ভাই পেটেল ইয়াতেই গান্ধীৰ সংস্পৰ্শলৈ আহিছিল।[11] অসহযোগকে মুখ্য অস্ত্ৰ হিচাপে লৈ গান্ধীয়ে কৃষকসকলৰপৰা স্বাক্ষৰ সংগ্ৰহ অভিযানত নামে, য'ত খেতিয়কসকলে ভূমি কাঢ়ি লোৱাৰ ভয় দেখুৱালেই কৰ দিয়া নহ'ব বুলি স্বাক্ষৰ কৰিছিল। লগতে স্থানীয় ৰাজহ বিষয়া 'মমলতদাৰ' আৰু 'তলতদাৰ' সকলকো সামাজিক ভাৱে এঘৰীয়া কৰাৰ নীতি গ্ৰহণ কৰা হৈছিল। এই আন্দোলনৰ প্ৰতি সমগ্ৰ দেশৰ নাগৰিকৰ সমৰ্থন আদায়ৰ প্ৰতিও গান্ধীয়ে লক্ষ্য ৰাখিছিল। পাঁচ মাহ জুৰি আন্দোলন চলাৰ পাছত ১৯১৮ চনৰ মে' মাহৰ শেষৰ ফালে চৰকাৰে কৰদানৰ ক্ষেত্ৰত ভালেমান সংস্কাৰ সাধন কৰে। খেড়া আন্দোলনৰ চৰকাৰৰ সৈতে হোৱা বৈঠকত বল্লভ ভাই পেটেলে অংশ লৈছিল। ইংৰাজ চৰকাৰে কৰ সংগ্ৰহত শিথিলতা দিয়াৰ উপৰিও সকলো বন্দীকে মুক্ত কৰি দিছিল।[12]

খিলাফত আন্দোলন[সম্পাদনা কৰক]

১৯১৯ চনত গান্ধীয়ে নিজৰ স্থিতি সৱল কৰিবলৈ ইছলাম ধৰ্মী লোকসকলৰ খিলাফত আন্দোলনত যোগ দিয়ে। প্ৰথম বিশ্বযুদ্ধত অট্টোমান সাম্ৰাজ্যৰ পতনৰ পিছত ইছলাম ধৰ্মৰ নেতা 'খালিফ' (Caliph)-ৰ স্থিতি দুৰ্বল হৈ আহে আৰু ইয়াৰ লগতে গোটেই পৃথিৱীৰ মুছলমান সকলে নিজৰ পৱিত্ৰ স্থানসমূহৰ নিৰাপত্তা আশা কৰি [খিলাফত আন্দোলন]] গঢ়ি তুলিছিল।[13] ভাৰতত এই আন্দোলনৰ নেতৃত্ব বহন কৰিছিল 'সদৌ ভাৰত মুছলিম সমাৱৰ্তনে' (All-India Muslim Conference)। মোহনদাস গান্ধী এই সমাৱৰ্তনৰ স্থাপনৰ লগত জড়িত নাছিল[14] যদিও তেওঁ সোনকালেই ইয়াৰ উল্লেখযোগ্য মুখপাত্ৰ ৰূপে স্বীকৃতি লাভ কৰে আৰু সমগ্ৰ দেশৰে মুছলমান লোকৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হয়।[15] এই সফলতাৰ বাবেই গান্ধীয়ে ভিন্ন ধৰ্ম আৰু স্থানৰ লোকৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হয়। ভিন্ন সংস্কৃতিৰ লোকৰ মাজত জনপ্ৰিয় হোৱা মোহনদাস গান্ধীয়েই আছিল প্ৰথম গৰাকী ভাৰতীয় নেতা। ইয়াৰ লগতে কংগ্ৰেছেও ইছলাম ধৰ্মী লোকৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হয়। ১৯২০ চনত মহাত্মা গান্ধী কংগ্ৰেছৰ নেতা মনোনীত হয়।[16][17] ১৯২২ চনলৈ খিলাফত আন্দোলনৰ অন্ত পৰে।[18]

মহাত্মা গান্ধীয়ে 'সাম্প্ৰদায়িকতা'ৰ বিৰোধিতা কৰিছিল। ভাৰতৰ ৰাজনীতিত হিন্দু আৰু মুছলমানৰ মাজত সংঘাত এটা মুখ্য কাৰক আছিল। অৱশ্য ১৯২২ চনৰপৰা ক্ৰমান্বয়ে বাঢ়ি অহা সাম্প্ৰদায়িকতা-ক ৰোধ কৰিবলৈ মোহনদাস গান্ধী সক্ষম হোৱা নাছিল। এই সময়ত কেবাখনো ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষই গা কৰি উঠিছিল। অকল উত্তৰ প্ৰদেশতে ৯১-টা সংঘৰ্ষ হৈছিল।[19][20] এই সময়ছোৱাতে কংগ্ৰেছৰ ভিতৰত থকা মুছলমান নেতাৰ সংখ্যা কমি আহিবলৈ ধৰে। ১৯২১ চনত ১১% মুছলমান নেতাৰ ভিতৰত ১৯২৩ চনত ৪%-তকৈও কম ৰৈছিল। [21]

অসহযোগ আন্দোলন[সম্পাদনা কৰক]

যঁতৰত সূতা কাটি থকা মহাত্মা গান্ধী, ১৯২০ৰ শেষ ভাগত

১৯২০ চনত কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পাছত গান্ধীয়ে 'ব্ৰিটিছ ৰাজ'ৰ বিৰূদ্ধে সংগ্ৰাম আৰম্ভ কৰে। এই সংগ্ৰামত তেখেতে 'অস্ত্ৰ' হিচাপে লৈছিল অসহযোগ, অহিংসা আৰু শান্তিপূৰ্ণ প্ৰতিবাদক। হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়তে থকা তেখেতৰ জনপ্ৰিয়তাই তেখেতৰ নেতৃত্বক ফলপ্ৰসূ কৰি তুলিছিল। তেখেতে আনকি অতি সাম্প্ৰদায়িক মুছলমান সকলকো তেখেতৰ শান্তিপূৰ্ণ অসহযোগত যোগ দিবলৈ উদ্বুদ্ধ কৰিব পাৰিছিল।[22] এনে সময়তে ব্ৰিটিছ সেনাৰ দ্বাৰা পঞ্জাৱৰ 'জালিয়ানৱালা বাগত হোৱা গণহত্যাৰ' দেশজুৰি তীব্ৰ প্ৰতিবাদ হয়। বহু ব্ৰিটিছ বিষয়াই এই কাণ্ডক ১৮৫৭-ৰ দৰে আন এটা বিদ্ৰোহ দমন কৰিবলৈ উত্তম পন্থা বুলি সমৰ্থন দিছিল। কিন্তু ব্ৰিটিছৰ এই কাৰ্যই ভাৰতীয় নেতাসকলক ব্ৰিটিছ ৰাজ ভাৰতৰ শত্ৰু বুলি ভাবিবলৈ বাধ্য কৰাইছিল। মহাত্মা গান্ধীয়ে ব্ৰিটিছ সকলৰ এই কাৰ্যৰ বিৰোধ কৰাৰ উপৰিও জালিয়ানৱালা বাগৰ ফলশ্ৰুতিত ভাৰতীয়সকলে হাতত লোৱা উগ্ৰ পন্থাৰো বিৰোধিতা কৰিছিল। গান্ধীয়ে সংঘৰ্ষত নিহত ইংৰাজ অসামৰিক লোকসকলৰ প্ৰতিও শোকবাৰ্তা প্ৰকাশ কৰিছিল। তেখেতৰ এই কাৰ্যত প্ৰথমে দলে আপত্তি কৰিছিল। কিন্তু গান্ধীয়ে এই শোকবাৰ্তাৰ সমৰ্থনত আগবঢ়োৱা বক্তৃতাৰ দ্বাৰা অনুপ্ৰাণিত কংগ্ৰেছ দলে এই শোকবাণী প্ৰকাশ কৰিবলৈ মান্তি হৈছিল। বক্তৃতাত গান্ধীয়ে কৈছিল যে যিকোনো হিংসাই ক্ষতিকাৰক আৰু কোনো পৰিস্থিতিতে হিংসাক সমৰ্থন কৰা উচিত নহয়।[23]

জালিয়ানৱালা বাগ আৰু ইয়াৰ প্ৰতিক্ৰিয়াত হোৱা সংঘৰ্যলৈ চাই গান্ধীয়ে গান্ধীয়ে পূৰ্ণ স্বায়ত্ত্ব-শাসন আৰু সকলো চৰকাৰী প্ৰতিষ্ঠানৰ পূৰ্ন নিয়ন্ত্ৰণৰ প্ৰতি মনোনিবেশ কৰে। কালক্ৰমত ইয়েই 'স্বৰাজ'ৰ দাবীত পৰিণত হয়। স্বৰাজৰ দ্বাৰা গান্ধীয়ে 'সম্পূৰ্ণ ব্যক্তিগত, আধ্যত্মিক আৰু ৰাজনৈতিক স্বাধীনতা'ৰ (complete individual, spiritual, political independence) দাবী তুলিছিল।[24] এই সময়তে গান্ধীয়ে নিজকে 'গোঁড়া পন্থী হিন্দু' বুলি উল্লেখ কৰিছিল আৰু ১৯২১ চনত বৰতালৰ স্বামীনাৰায়ণ মন্দিৰত দিয়া এক ভাষণত কৈছিল হিন্দু ধৰ্মত অসহযোগিতা এক প্ৰাসংগিক ধাৰণা বুলি উল্লেখ কৰিছিল। তেখেতে কৈছিল:

এই পৱিত্ৰ স্থানত মই কওঁ যে যদি আপুনি 'হিন্দু ধৰ্ম'ক ৰক্ষা কৰিব বিচাৰিছে, তেন্তে অসহযোগেই হৈছে আপুনি আয়ত্ব কৰিবলগীয়া প্ৰথম আৰু অন্তিম পন্থা।' ("At this holy place, I declare, if you want to protect your 'Hindu Dharma', non-cooperation is first as well as the last lesson you must learn up.".[25]

সবৰমতী আশ্ৰম, গুজৰাটত গান্ধীৰ বাসস্থান

১৯২১ চনত মোহনদাস গান্ধী ভাৰতীয় কংগ্ৰেছ দলৰ কাৰ্যবাহী সম্পাদক নিযুক্ত হয় আৰু তেখেতৰ নেতৃত্বত কংগ্ৰেছৰ সংবিধান সলনি কৰি 'স্বৰাজ' দলৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। এক প্ৰতিকী মূল্যৰ বিনিময়ত দলৰ সদস্যপদ সকলোৰে বাবে মুক্ত কৰা হয়। লগতে দলৰ শৃঙ্খলা বজাই ৰখাৰ বাবে নতুন শাখা প্ৰৱৰ্তন কৰাৰ উপৰিও এই দলক এই বিশেষ শ্ৰেণীৰ লোকৰ সলনি সৰ্বসাধাৰণৰ দল হিচাপে গঠিত কৰাৰ প্ৰয়াস কৰা হয়। স্বদেশী আন্দোলনৰ বাবে গান্ধীয়ে অহিংস নীতিৰ পোষকতা কৰে আৰু বিদেশত নিৰ্মিত বস্তু বৰ্জনৰ সিদ্ধান্ত লোৱা হয়। বিদেশী বস্তু বৰ্জন কৰাৰ লগতে গান্ধীয়ে ব্ৰিটেইনত নিৰ্মিত কাপোৰৰ সলনি ঘৰুৱা ভাৱে নৰ্মিত 'খাদী'ৰ প্ৰচলনৰ বাবে ওকালতি কৰে। ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে দিনটোৰ কিছু সময় যঁতৰত সূতা কাটি 'খাদী' কাপোৰ তৈয়াৰ কৰি স্বাধীনতা আন্দোলনত ভাগ ল'বলৈ গান্ধীয়ে আহ্বান কৰিছিল।[26]

মোহনদাস গান্ধীয়ে কঢ়িয়াই লৈ ফুৰিব পৰা এটা সৰু যঁতৰ উদ্ভাৱন কৰিছিল।[27] সকলোৰে মাজত শৃঙ্খলাবোধ জগাই তোলা, অতি উচ্চাকাংখাক নিয়ন্ত্ৰণ কৰা আৰু মহিলাসকলকো এই আন্দোলনৰ প্ৰতি উদ্বুদ্ধ কৰা ইয়াৰ ইয়াৰ মূল উদ্দেশ্য আছিল। বিদেশী ব্সতু বৰজন কৰাৰ উপৰিও গান্ধীয়ে ইংৰাজ শিক্ষানুষ্ঠান, আদালত বৰ্জন কৰাৰ বাবেও আহ্বান কৰিছিল। চৰকাৰী চাকৰী ত্যাগ কৰাৰ লগতে ব্ৰিটিছে দিয়া সন্মান আদিও ঘূৰাই দিবলৈ গান্ধীয়ে কৈছিল।[28]

'অসহযোগ আন্দোলনে' জনসাধাৰণক আকৰ্ষণ কৰিছিল আৰু সফল হৈছিল। কিন্তু ১৯২২ চনত উত্তৰ প্ৰদেশৰ 'চৌৰি চৌৰা'ত সংঘটিত এক হিংসাত্মক কাণ্ডৰ পাছত অসহযোগ আন্দোলন বন্ধ কৰি দিয়া হয়। গান্ধীয়ে বিশ্বাস কৰিছিল আন্দোলন লোৱা এই হিংসাত্মক মোৰে গান্ধীয়ে আৰম্ভ কৰা অহিংস কাৰ্যাৱলীক দুৰ্বল কৰি তুলিব।[29] এনেদৰে গান্ধীয়ে তৃত্বীয় বাৰৰ বাবে হাতত লোৱা কাৰ্যসূচী বন্ধ কৰি দিছিল।[30] এনেতে ১৯২২ চনৰ ১০ মাৰ্চ তাৰিখে ৰাজদ্ৰোহৰ অপৰাধত মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰা হয় আৰু ৬ বছৰৰ বাবে কাৰদণ্ড দিয়া হয়। ১৮ মাৰ্চ তাৰিখে তেখেতৰ কাৰাবাসৰ আৰম্ভ হৈছিল। কিন্তু ২ বছৰ পাছত ১৯২৪ চনত 'এপেণ্ডিচাইটিছ' অপাৰেছনৰ বাবে গান্ধীক কাৰাবাসৰপৰা ৰেহাই দিয়া হয়।[31]

মহাত্মা গান্ধী কাৰাগাৰত থকা সময়চোৱাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভেঁটি দুৰ্বল হ'বলৈ আৰম্ভ কৰে আৰু দুটা ভাগত বিভক্ত হৈ পৰে। চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বাধীন এটা অংশই বিধায়িনী দলত অংশ লোৱাৰ পোষকতা কৰিছিল, আনহাতে চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ নেতৃত্বাধীন আনটো গোটে ইয়াৰ বিৰোধিতা কৰিছিল। এই আচিলাতে কংগ্ৰেছ দল দুটা ভাগত বিভক্ত হৈ পৰে। আনহাতে অহিংস আন্দোলনৰ আৰম্ভণিতে গঢ়ি উঠা হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ মাজতো ফাঁত মেলিবলৈ আৰম্ভ কৰে। মহাত্মা গান্ধীয়ে এই বিভাজন ৰোধ কৰিবলৈ ১৯২৪ চনত তিনি সপ্তাহ জোৰা অনশন কৰে, কিন্তু তেওঁ সম্পূৰ্ণ সফল হোৱা নাছিল।[32] ১৯২৪ চনতে গান্ধীয়ে বেলগাঁৱত হোৱা কংগ্ৰেছ মহাসভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। কিন্তু গান্ধীয়ে চৰ্ত আৰোপ কৰিছিল যে তেখেতৰ সভাপতিত্বত হোৱা মহাসভাত সকলো কংগ্ৰেছ পন্থীয়ে খাদী পৰিধান কৰিব লাগিব। মহাত্মা গান্ধীৰ দীৰ্ঘ ৰাজনৈতিক কালত এই এবাৰেই কংগ্ৰেছৰ সভাৰ সভাপতি হৈছিল।[33]

লোণ সত্যাগ্ৰহ (দাণ্ডী যাত্ৰা)[সম্পাদনা কৰক]

লোণ সত্যাগ্ৰহৰ বাবে গান্ধী আৰু অনুগামীসকলে কৰা দাণ্ডী যাত্ৰা মূল ভিডিঅ'

১৯২০-ৰ দশকৰ বেছিভাগ সময়েই মোহনদাস গান্ধী সক্ৰিয় ৰাজনীতিৰপৰা আঁতৰত আছিল। লোকচক্ষুৰপৰা আঁতৰি তেখেতে স্বৰাজ পাৰ্টি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত থকা বিভেদ আঁতৰ কৰি একলগ কৰাৰ প্ৰয়াস কৰি আছিল। ইয়াৰ লগতে তেওঁ অস্পৃশ্যতা, মাদক দ্ৰব্যৰ নিবাৰণ, অজ্ঞানতা আৰু দাৰিদ্ৰ দূৰ কৰাৰ বাবে চেষ্টা কৰিছিল। ১৯২৮ চনত তেখেত আকৌ সন্মূখ পটলৈ আহে। ইয়াৰ আগৰ বৰ্ষটোত ব্ৰিটিছে ছাৰ জন ছাইমনৰ নেতৃত্বত এখন সংবিধান সংশোধনী সমিতি গঠন কৰে। এই সমিতিত কোন ভাৰতীয়ক সদস্য লোৱা হোৱা নাছিল। এই কাৰণতে ভাৰতৰ ৰাজনৈতিক দলসমূহে এই সমিতিক অস্বীকাৰ কৰিছিল। ১৯২৮ চনত হোৱা কংগ্ৰেছৰ কলিকতা অধিবেশনত মহাত্মা গান্ধীৰ চেষ্টাত ব্ৰিটিছ শাসনে ভাৰতক অংগৰাজ্যৰ ([[en:dominion|) মৰ্যদা দিয়াৰ দাবী তোলে, ইয়াৰ অন্যথা অন্য এক অসহযোগ আন্দোলন গঢ়ি তোলাৰ কথা ঘোষণা কৰে যাৰ লক্ষ্য হ'ব ভাৰতৰ পূৰ্ণ স্বাধীনতা। কংগ্ৰেছৰ ডেকা নেতা সুভাষ চন্দ্ৰ বসু আৰু জৱাহৰলাল নেহৰুৱে পূৰ্ণ স্বাধীনতাৰ বাবে আন্দোলন কৰাৰ পক্ষপাতী আছিল। কিন্তু গান্ধীয়ে তেওঁলোকক সৈমান কৰাবলৈ সক্ষম হয়, কিন্তু আন্দোলনৰ বাবে তেখেতে নিজে বিচৰা অপেক্ষাৰ দুবছৰৰ পৰিৱৰ্তে এবছৰ কৰে।[34]

ব্ৰিটিছ চৰকাৰে এই দাবীৰ প্ৰতি কোনো মন্তব্য কৰা নাছীল ১৯২৯ চনৰ ডিচেম্বৰ মাহৰ ১৩ তাৰিখে লাহোৰত ভাৰতৰ পতাকা উন্মোচন কৰা হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে লাহোৰত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা দিৱস পালন কৰে। প্ৰায় প্ৰতিটো ভাৰতীয় দলেই এই দিনটোক বিভিন্ন ধৰণে উদ্‌যাপন কৰে। ইয়াৰ পাছতে গান্ধীয়ে নিমখৰ (লোণ) ওপৰত আৰোপ কৰা কৰৰ বিৰূদ্ধে এক নতুন সত্যাগ্ৰহ গঢ়ি তোলে। এই সত্যাগ্ৰহৰ অংশ হিচাপে গান্ধীয়ে ১২ মাৰ্চৰপৰা ৬ এপ্ৰিললৈ দাণ্ডী যাত্ৰা কৰে। এই যাত্ৰাত গান্ধীয়ে পদব্ৰজে ৩৮৮ কি.মি. (৩৮৮ kilometre (২৪১ mi)) ভ্ৰমণ কৰি আহমেদাবাদৰপৰা দাণ্ডীৰ সাগৰতীৰত উপস্থিত হয়, আৰু নিজহাতে নিমখ তৈয়াৰ কৰি যাত্ৰাৰ সমাপ্তি কৰে। কেবাহাজাৰ ভাৰতীয়ই গান্ধীৰ এই যাত্ৰাত অংশ লৈছিল। ভাৰতত ব্ৰিটিছৰ খোপনি দুৰ্বল কৰি জনসাধাৰণক উদ্বুদ্ধ কৰাত এই যাত্ৰাই বিশেষ ভূমিকা লৈছিল। চৰকাৰে ৬০,০০০-ৰো অধিক ব্যক্তিক এই যাত্ৰাৰ বাবে গ্ৰেপ্তাৰ কৰে।[35]

নাৰীৰ অংশগ্ৰহন[সম্পাদনা কৰক]

ঘৰুৱা ব্যৱহাৰত নিমখৰ দৈনন্দিন প্ৰয়োজনীয়তাৰ বাবে স্ত্ৰীসকলো এই সত্যাগ্ৰহৰ প্ৰতি আকৰ্ষিত হৈছিল। গান্ধীয়ে নাৰীসকলৰ অংশগ্ৰহন পোষকতা কৰিছিল; তেখেতে কৈছিল: "মহিলাসকলে মোকো তেওঁলোকৰ মাজৰে এজন বুলি ভাবিব পাৰিছে।"("the women have come to look upon me as one of themselves.") গান্ধীয়ে নাৰীৰ বিৰূদ্ধে প্ৰচলিত সংস্কাৰ পৰ্দা প্ৰথা, বাল্য বিবাহ, অস্পৃশ্যতা আৰু সতীদাহৰ বিৰোধ কৰিছিল। লোণ সত্যাগ্ৰহ আৰু বিদেশী দ্ৰৱ্য বৰ্জন আন্দোলনৰ বাবে তেওঁ মহিলা কৰ্মী নিয়োগ কৰিছিল।[36] মহাত্মা গান্ধীৰ এই মতবাদে ভাৰতীয় নাৰীসকলৰ মনত আত্মসন্মানবোধ জগাই তোলাৰ লগতে ভাৰতীয় সমাজৰ মুখ্য ধাৰাত নাৰীক সন্মানীয় স্থান দিছিল।[37]

আলোচনা[সম্পাদনা কৰক]

ভাইচৰয়ে দিয়া চিঠি মহাদেৱ দেশায়ে গান্ধীক পঢ়ি শুনাইছে। বিৰলা হাউছ, বোম্বে, ৭ এপ্ৰিল ১৯৩৯

অৱশেষত ব্ৰিটিছ চৰকাৰে মহাত্মা গান্ধীৰ লগত আলোচনাত মিলিত হ'বলৈ মান্তি হয়। এই আলোচনাৰ মৰ্মে লৰ্ড এডৱাৰ্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত মাৰ্চ, ১৯৩১-ত গান্ধী-আৰউইন চুক্তি সম্পাদিত হয়। এই চুক্তি মৰ্মে ব্ৰিটিছ চৰকাৰে আইন অমান্য আন্দোলন বন্ধ কৰাৰ বিনিময়ৰ সকলো ৰাজনৈতিক বন্দীকে মুকলি কৰি দিবলৈ সন্মত হয়। এই চুক্তিৰ আধাৰতে মহাত্মা গান্ধীক লণ্ডনত অনুস্থিত ঘূৰণীয়া মেজমেললৈ আমন্ত্ৰণ কৰা হয়। এই মেলত মহাত্মা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি আছিল। অৱশ্যে এই ঘূৰণীয়া মেজমেলৰপৰা গান্ধী আৰু জাতীয়তাবাদী নেতাসকলে হতাশ হৈ উভতিব লগীয়া হয়। এই মেলত ক্ষমতাৰ সালসনিৰ কোনো আলোচনা হোৱাৰ সলনি ভাৰতত থকা ৰাজ্যসমূহৰ ৰাজপুত্ৰ আৰু সংখ্যালঘূসকলৰ বিষয়েহে আলোচনা কৰা হৈছিল। লৰ্ড ৱেলিংটনে ভাৰতৰ জাতীয়তাবাদী নেতাসকলৰ প্ৰতি উগ্ৰ মোনোভাৱ প্ৰদৰ্শন কৰে আৰু জাতীয়তাবাদী আন্দোলন মষিমূৰ কৰাৰ বাবে নতুন পন্থা গ্ৰহন কৰ। মহাত্মা গান্ধীক আকৌ গ্ৰেপ্তাৰ কৰি অনুগামীসকলৰপৰা আঁতৰত ৰখাৰ প্ৰয়াস কৰে। কিন্তু চৰকাৰৰ এই চেষ্টা সফল নহ'ল।[38]


কংগ্ৰেছ ৰাজনীতি[সম্পাদনা কৰক]

১৯৩৪ চনত গান্ধীয়ে কংগ্ৰেছৰ সদস্যপদ ইস্তাফা দিয়ে। মোহনদাস গান্ধী কংগ্ৰেছৰ দলীয় নীতিৰ বিৰোধী হৈ এই ইস্তাফা দিয়া নাছিল। তেওঁ বিশ্বাস কৰিছিল যে তেখেতে অৱসৰ ল'লে কংগ্ৰেছৰ সদস্যৰ সংখ্যা বাঢ়িব, কাৰণ তেখেতৰ নীতিয়ে বহুতকে কংগ্ৰেছৰপৰা আঁতৰত ৰাখিছিল। এইসকলৰ ভিতৰত কমিউনিষ্ট, সমাজবাদী (socialist), ট্ৰেড-ইউনিয়ন, ধৰ্মীয় গোড়া সংস্থান, আৰু ব্যৱসায়ীসকল আছিল। তেখেতে এইসকল আহি নিজৰ বক্তব্য কংগ্ৰেছৰ মঞ্চতে দাঙি ধৰাটো বিচাৰিছিল। 'ৰাজ' ব্যৱস্থাত অংশ লোৱাৰ বাবে সাময়িক অনুমোদন জনোৱা কংগ্ৰেছ দলে 'ৰাজ'ৰ অনুমোদনৰ বাবে তেখেতকো হেঁচা দিয়াটো গান্ধীয়ে বিচৰা নাছিল।[39]

জৱাহৰলাল নেহৰুৰ সভাপতিত্বত ১৯৩৬ চনত লক্ষ্ণৌত অনুষ্ঠিত কংগ্ৰেছ অধিবেশনত গান্ধীয়ে আকৌ সক্ৰিয় ৰাজনীতিত অংশ গ্ৰহন কৰে। ভাৰতৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে গুণা-গঁথা কৰি থকাৰ সলনি গান্ধীয়ে পূৰ্ণ স্বাধীনতাৰ বাবে কাৰ্য্যসূচী লোৱাৰ পোষকতা কৰিছিল, কিন্তু তেখেতে কংগ্ৰেছে সমাজবাদক নিজৰ লক্ষ্য হিচাপে গ্ৰহন কৰাত আপত্তি কৰা নাছিল। ১৯৩৮ চনত কংগ্ৰেছৰ সভাপতিৰ পদত অধিস্থিত হোৱা [[সুভাষ চন্দ্ৰ বসু]ৰ লগত গান্ধীৰ মতানৈক্য ঘটিছিল। সুভাষ বসুৱে অহিংস প্ৰতিবাদৰ নীতিত বিশ্বাস ৰখা নাছিল।[40] মহাত্মা গান্ধীয়ে সমৰ্থন নকৰিলেও সুভাষ চন্দ্ৰ বসু দ্বিতীয় বাৰৰ বাবেও কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়। মহাত্মা গান্ধীৰ সমৰ্থিত প্ৰাৰ্থী ডা. পট্টভি সীতাৰামায়া সুভাষ বসুৰ হাতত পৰাজিত হয়। কিন্তু গান্ধীৰ নীতি অমান্য কৰাৰ বাবে কংগ্ৰেছ দলৰ নেতাসকলে সুভাষ বসুৰ বিৰোধিতা কৰি সদস্য পদৰপৰা ইস্তাফা দিয়ে। এই প্ৰতিবাদৰ ফলস্বৰূপে সুভাষ চন্দ্ৰ বসুৱে পদত্যাগ কৰে।[41][42] পট্টভি সীতাৰামায়াৰ পৰাজয় গান্ধীয়ে নিজৰ পৰাজয় বুলি উল্লেখ কৰে।[43]

দ্বিতীয় বিশ্বযুদ্ধ আৰু "ভাৰত ত্যাগ আন্দোলন"[সম্পাদনা কৰক]

গান্ধী আৰু নেহৰু, ১৯৪২ চনত

১৯৩৯ চনত আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধত মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ প্ৰতি প্ৰথমে "অহিংস নৈতিক সমৰ্থন" আগবঢ়াইছিল। কিন্তু কংগ্ৰেছৰ অন্যান্য নেতাসকলে ব্ৰিটিছসকলে নিজাববীয়াকৈ ভাৰতকো বিশ্বযুদ্ধৰ অংশীদাৰ কৰাত আপত্তি কৰিছিল। কাৰণ ব্ৰিটিছে ভাৰতৰ প্ৰতিনিধিৰ মতামত অবিহনেই ভাৰতক বিশ্বযুদ্ধৰ অংশীদাৰ কৰিছিল। ইয়াৰ প্ৰতিবাদত সকলো কংগ্ৰেছ নেতাই বিধায়িনী সদস্য পদৰপৰা ইস্তাফা দিয়ে।[44] দিঘলীয়া মন্থনৰ পাছত গান্ধীয়ে ঘোষণা কৰে যে ভাৰত এই যুদ্ধৰ অংশীদাৰ হ'ব নোৱাৰে, কাৰণ জাতীয় স্বাধীনতা অক্ষুণ্ণ ৰখাৰ বাবে হোৱা এই বিশ্বযুদ্ধত লিপ্ত ইংলেণ্ডে ভাৰতৰ স্বাধীনতাৰ দাবী মানি লোৱা নাই। যুদ্ধ আগবঢ়াৰ লগে লগে গান্ধীয়ে স্বাধীনতাৰ দাবীও প্ৰবল কৰি তোলে আৰু ব্ৰিটিছে 'ভাৰত ত্যাগ' কৰিব লাগিব বুলি 'গোৱালিয়া পুখুৰী মৈদান'ত অনুষ্ঠিত এখন সভাত ঘোষণা কৰে। 'ভাৰত ত্যাগ আন্দোলন' কংগ্ৰেছ দল আৰু মহাত্মা গান্ধীৰ চূড়ান্ত আন্দোলন আছিল য'ত ভাৰতৰপৰা ব্ৰিটিছক সম্পূৰ্ণৰূপে খেদি পঠিওৱাৰ আহ্বান জনোৱা হৈছিল।[45]

কংগ্ৰেছ দলৰ বাহিৰত আৰু ভিতৰতো গান্ধীয়ে যুদ্ধৰ প্ৰতি লোৱা স্থিতিক বহুতে সমালোচনা কৰিছিল। কিছু সংখ্যকে বিশ্বাস কৰিছিল যে নাজী জাৰ্মানীৰ বিৰূদ্ধে ব্ৰিটিছক সমৰ্থন নিদিয়াটো নৈতিক ভাৱে উচিত নাছিল। আন কিছুমানে আকৌ বিশ্বযুদ্ধত ব্ৰিটিছক সমৰ্থন নিদিয়াৰ ক্ষেত্ৰত গান্ধীয়ে শক্তিশালী আৰু নিৰ্দিষ্ট মনোভাৱ প্ৰকাশ কৰা নাছিল বুলি আপত্তি কৰিছিল। আনফালে ইংলেণ্ডে এই নাজীবাদৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ সময়তে ভাৰতৰ স্বাধীনতাৰ দাবী প্ৰত্যাখান কৰিছিল। এনে অৱস্থাতে 'ভাৰত ত্যাগ' আন্দোলন তীব্ৰ হৈ উঠে, বহুতো লোকক গ্ৰপ্তাৰ কৰা হয় আৰু ঠায়ে ঠায়ে হিংসাত্মক কাৰ্যকলাপ সংঘটিত হয়।[46]

১৯৪২ চনত গান্ধীয়ে অহিংস আন্দোলনৰ পোষকতা কৰিও মন্তব্য দিয়ে যে টুকুৰা-টুকুৰ ভাৱে সংঘটিত হিংসাত্মক কাৰ্যকলাপে আন্দোলনটোক স্থবিৰ কৰি নোতোলে, প্ৰকৃত অৰাজকতাতকৈ ব্ৰিটিছ প্ৰশাসনে সৃষ্টি কৰা 'নিয়মাধীন অৰাজকতা' (ordered anarchy) বেছি ভয়াবহ।("ordered anarchy" of "the present system of administration" was "worse than real anarchy.")[47][48] ইয়াৰ পাছতেই গান্ধীয়ে সকলো কংগ্ৰছকৰ্মী আৰু ভাৰতীয়ক পূৰ্ণ স্বাধীনতাৰ দাবীত অহিংস পন্থা অৱলম্বন কৰি 'কৰো য়া মৰোঁ' নীতিৰে আগবাঢ়িবলৈ আহ্বান জনায়।[49]

মহাত্মা গান্ধী আৰু মহম্মদ আলি জিন্না, বোম্বে, ১৯৪৪

১৯৪২ চনৰ ৯ আগষ্টত গান্ধী সমন্বিতে কংগ্ৰছৰ কৰ্মী সংস্থাৰ (Congress Working Committee) সকলো সদস্যকে গ্ৰেপ্তাৰ কৰা হয়। পুনাআগা খান মহল গান্ধীক ২ বছৰৰ বাবে বন্দী কৰি ৰখা হয়। এই বন্দী কালতেই গান্ধীৰ ৫০ বছৰৰ সচিব মহাদেৱ দেশাইৰ মৃত্যু হয়। বন্দী দশাৰ ১৮ মাহ পাছত ১৯৪৪ চনৰ ২২ ফেব্ৰুৱাৰীত মহাত্মা গান্ধীৰ পত্নী কস্তুৰ বাৰো মৃত্যু হয়। ইয়াৰ ছমাহ পাছত গান্ধীয়ে মেলেৰিয়া জ্বৰত ভোগে। বিশ্বযুদ্ধ শেষ হোৱাৰ আগেয়েই ১৯৪৪ চনৰ ৬ মেত স্বাস্থ্যজনিত কাৰণত তেখেতক মুক্ত কৰি দিয়া হয়। ব্ৰিটিছ ৰাজে কাৰাবন্দী হৈ থকা কালতে গান্ধীৰ মৃত্যু হোৱাটো বিচৰা নাছিল। জেলৰপৰা ওলাই গান্ধীয়ে ভাৰতৰ ৰাজনীতিত এক ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পায়--কিছু বছৰৰ আগলৈ প্ৰভাৱহীন হৈ থকা সদৌ ভাৰত মুছলীম লীগ এক শক্তিশালী ৰাজনৈতিক হিচাপে পৰিগণিত হয়[50]; লগতে মুছলীয় লীগৰ নেতা মহম্মদ আলি জিন্নাই তোলা 'পাকিস্তানৰ দাবী' ভাৰতৰ ৰাজনীতিৰ এক কেন্দ্ৰবিন্দু হৈ পৰে। ১৯৪৪ চনত মুম্বাইত গান্ধীয়ে জিন্নাৰ সৈতে আলোচনা কৰে, কিন্তু জিন্নাই গান্ধীয়ে জনোৱা আহ্বান আওকাণ কৰে কাৰণ আলোচনাত স্বাধীন পাকিস্তানৰ দাবী আলোচনা কৰা হোৱা নাছিল। মুছলিম সংখ্যাগৰিষ্ঠ প্ৰদেশ সমূহে গঠিত হ'বলৈ যোৱা ভাৰতৰ অংশ হোৱাৰ পৰা আঁতৰি থকাৰ অধিকাৰ পোৱাটো জিন্নাই বিচাৰিছিল।[51][52]

কংগ্ৰেছৰ নেতাসকল জেলত বন্দী হৈ থকাৰ সময়ত অন্যান্য দলসমূহে বিশ্বযুদ্ধৰ প্ৰতি সমৰ্থন আগবঢ়ায় আৰু অধিক সংগঠিত হয়। ক্ষুদ্ৰ ৰাজনৈতিক নেতাসকলে কংগ্ৰেছ নেতাসকলৰ অনুপস্থিতিত মুখ্য ভূমিকা লৈছিল যদিও সমগ্ৰ পৰিস্থিতৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা তেওঁলোকৰ নাছিল।[53] বিশ্বযুদ্ধৰ পাছতেই ইংৰাজে চৰকাৰে ভাৰতৰ শাসনভাৰ ভাৰতীয়লৈ হস্তান্তৰিত কৰাৰ সপক্ষে মত দিয়ে। ইয়াৰ ভিত্তিত গান্ধীয়ে সংগ্ৰাম সমাপ্ত হোৱাৰ কথা ঘোষণা কৰে। কংগ্ৰেছৰ নেতা সমন্বিতে প্ৰায় ১০০,০০০ ৰাজনৈতিক বন্দীক মুকলি কৰি দিয়া হয়।[54]

দেশ বিভাজন আৰু স্বাধীনতা, ১৯৪৭[সম্পাদনা কৰক]

দেশ বিভাজনৰ নীতিৰ প্ৰতি মহাত্মা গান্ধীয়ে বিৰোধিতা কৰিছিল কাৰণ ই তেখেতে বিচৰা ধৰ্মীয় অখণ্ডতাৰ দৰ্শনৰ বিপৰীত আছিল।[55] মহাত্মা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছৰ ভাৰত ত্যাগৰ বাবে দাবী তুলি আন্দোলন কৰা কালতে মুছলীম লীগে ১৯৪৩ চনত ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰি ভাৰত ত্যাগ কৰাৰ বাবে দাবী তোলে।[56] মহাত্মা গান্ধীয়ে মধ্যৱৰ্তী পথ এটা সৃষ্টি কৰি কংগ্ৰেছ আৰু মুছলীম লীগ-ক সংঘবদ্ধ হৈ এখন সাময়িক চৰকাৰ গঠন কৰাৰ বাবে প্ৰস্তাৱ দিয়ে। চৰকাৰখনে পাছত মুছলীম সংখ্যাগৰিষ্ঠ জিলাসমূহত গণভোটৰ দ্বাৰা বিভাজন সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত ল'ব।[57] জিন্নাই ১৬ আগষ্ট ১৯৪৬ চনত 'প্ৰত্যক্ষ সংগ্ৰাম দিৱস' (Direct Action Day) আহ্বান কৰি সৃষ্টি কৰা সাম্পৰ্দায়িক সংঘৰ্ষ দেখি গান্ধী বিমৰ্ষ হৈ পৰে আৰু সংঘৰ্ষ ৰোধ কৰিবলৈ ব্যক্তিগত ভাৱে সংঘৰ্ষপীড়িত অঞ্চলসমূ্হ ভ্ৰমণ কৰে। [58] ভাৰতীয় হিন্দু, মুছলমান আৰু খ্ৰীষ্টিয়ান সকলৰ মাজত সম্প্ৰীতি অনাৰ বাবে লগতে 'অস্পৃশ্য'সকলক হিন্দু সমাজৰ অন্তৰ্গত কৰিবলৈ গান্ধীয়ে অহোপুৰুষাৰ্থ কৰিছিল। [59]

১৯৪৭ চনৰ ১৪ আৰু ১৫ আগষ্টত 'ভাৰতীয় স্বাধীনতা আইন' প্ৰনয়ন কৰা হয়। ইয়াৰ লগে লগে সীমান্ত অঞ্চলৰ ১০-১২ নিযুত জনসাধাৰণ এফালৰপৰা আনফাললৈ প্ৰব্ৰজন কৰে। ইয়াৰ লগতে সংঘটিত হোৱা হিন্দু, মুছলমান আৰু শিখ ধৰ্মাৱলম্বী মানুহৰ মাজত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত প্ৰায় আধা নিযুত লোকৰ প্ৰাণহানি হয়।[60] নৰৱেৰ খ্যাতনামা বুৰঞ্জীবিদ জেন্স এৰূপ ছিপ-ৰ (Jens Arup Seip) মতে মহাত্মা গান্ধীৰ বুজনি, তেখেতৰ অনুগামী সকলৰ অহোপুৰুষাৰ্থ আৰু তেখেতৰ উপস্থিতি অবিহনে দেশ বিভাজনৰ পাছত হোৱা সংঘৰ্ষত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছিল।[61]

ষ্টেন্‌লী ৱলপৰ্ট-ৰ (Stanley Wolport) মতে:

"মহাত্মা গান্ধীয়ে কেতিয়াও ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ বিভাজন সমৰ্থন বা গ্ৰহন কৰা নাছিল ... কিন্তু তেওঁ বেছ পলমকৈহে ধৰিব পাৰিছিল যে তেওঁৰ নিকটতম সহকৰ্মী আৰু অনুগামীসকল আদৰ্শতকৈ ক্ষমতাৰ প্ৰতিহে বেছি লালায়িত আছিল, আৰু তেখেতৰ নিজস্ব দৰ্শনো এই ধাৰণাৰ দ্বাৰা ভ্ৰমিত আছিল যে তেখেতে নেতৃত্ব দিয়া ভাৰতৰ স্বাধীনতা সংগ্ৰাম অহিংস আছিল।"
"..plan to carve up British India was never approved of or accepted by Gandhi...who realised too late that his closest comrades and disciples were more interested in power than principle, and that his own vision had long been clouded by the illusion that the struggle he led for India's freedom was a nonviolent one."[62]





টোকা[সম্পাদনা কৰক]

  1. Chronology of Mahatma Gandhi's Life:India 1918 in WikiSource based on the Collected Works of Mahatma Gandhi. Based on public domain volumes.
  2. Gandhi,(1940). Chapter "Recruiting Campaign".
  3. 3.0 3.1 Desai, (1930).
  4. Gandhi, (1965) Collected Works, Vol 17. Chapter "67. Appeal for enlistment", Nadiad, 22 June 1918
  5. Gandhi, (1965) Collected Works, Vol 17. "Chapter 8. Letter to J. L. Maffey", Nadiad, 30 April 1918.
  6. Andrews (1930).
  7. Prashad, (1966).
  8. Claude Markovits (2004). A History of Modern India, 1480-1950. Anthem Press. পৃষ্ঠা. 367–86. http://books.google.com/books?id=uzOmy2y0Zh4C. 
  9. Hardiman, (2001).
  10. Unattributed (2004). "Satyagraha Laboratories Of Mahatma Gandhi". Indian National Congress website. All India Congress Committee. http://web.archive.org/web/20061206050856/http://www.aicc.org.in/satyagraha_laboratories_of_mahatma_gandhi.htm। আহৰণ কৰা হৈছে: 25 February 2012. 
  11. Gandhi, Rajmohan (2006),pp. 196–197.
  12. Brown, (1974). pp. 94–102
  13. Gail Minault, The Khilafat Movement Religious Symbolism and Political Mobilization in India (1982)
  14. Kham, Aqeeluzzafar (1990). "The All-India Muslim Conference and the Origin of the Khilafat Movement in India". Journal of the Pakistan Historical Society খণ্ড 38 (2): 155–162. 
  15. Roberts, W. H. (1923). "A Review of the Gandhi Movement in India". Political Science Quarterly খণ্ড 38 (2): 227–248. 
  16. Sugata Bose; Ayesha Jalal (2004). Modern South Asia: History, Culture, Political Economy. Psychology Press. পৃষ্ঠা. 112–14. http://books.google.com/books?id=qMJIuHL9ksAC&pg=PA112. 
  17. Judith Margaret Brown (1991). Gandhi: Prisoner of Hope. Yale University Press. পৃষ্ঠা. 140–47. http://books.google.com/books?id=boDAE8MLAJMC&pg=PA141. 
  18. Wilhelm von Pochhammer (2005). India's Road to Nationhood: A Political History of the Subcontinent. Allied Publishers. পৃষ্ঠা. 440. http://books.google.com/books?id=mHLB4m75pisC&pg=PA437. 
  19. Sumit Sarkar (1983). Modern India: 1885-1947. Macmillan. পৃষ্ঠা. 233. https://www.google.com/search?tbo=p&tbm=bks&q=%22155+killed%22+intitle:modern+intitle:india+inauthor:sarkar&num=10. 
  20. Claude Markovits, ed. (2004). A History of Modern India, 1480-1950. Anthem Press. পৃষ্ঠা. 372. http://books.google.com/books?id=uzOmy2y0Zh4C&pg=PA372. 
  21. Judith Margaret Brown (1994). Modern India: the origins of an Asian democracy. Oxford U. Press. পৃষ্ঠা. 228. http://books.google.com/books?id=Eq7tAAAAMAAJ. 
  22. Roberts, "A Review of the Gandhi Movement in India," Political Science Quarterly, (1923) p. 229
  23. Gandhi 1990, পৃষ্ঠা. 82.
  24. Chakrabarty, Bidyut (2008). Indian politics and society since independence: events, processes and ideology. Routledge. পৃষ্ঠা. 154. ISBN 978-0-415-40868-4. http://books.google.com/books?id=QzQHZ178C24C&pg=PA154। আহৰণ কৰা হৈছে: 4 April 2012. 
  25. Hardiman, (2003). p. 163
  26. Gandhi 1990, পৃষ্ঠা. 89.
  27. Unattributed (December 1931). "Gandhi Invents Spinning Wheel". Popular Science (Bonnier Corporation): 60. http://books.google.com/books?id=ESgDAAAAMBAJ&pg=PA60। আহৰণ কৰা হৈছে: 14 January 2012. 
  28. Shashi, (19960. p. 9.
  29. Gandhi 1990, পৃষ্ঠা. 105.
  30. Roberts, (2011).
  31. Datta, Amaresh (1 January 2006). The Encyclopaedia Of Indian Literature (Volume Two) (Devraj To Jyoti). Sahitya Akademi. পৃষ্ঠা. 1345. ISBN 978-81-260-1194-0. http://books.google.com/books?id=zB4n3MVozbUC&pg=PA1345। আহৰণ কৰা হৈছে: 4 April 2012. 
  32. Gandhi 1990, পৃষ্ঠা. 131.
  33. Jain, Jagdishchandra (1987). Gandhi, the forgotten Mahatma. প্ৰকাশক Delhi: Mittal Publications. পৃষ্ঠা. 17. ISBN 81-7099-037-8. http://books.google.co.in/books?id=NurqxSttqjoC&pg=PA17. 
  34. Gandhi 1990, পৃষ্ঠা. 172.
  35. Hatt, (2002). p. 33.
  36. Norvell, 1997.
  37. Sarma, (1994).
  38. Herman (20080. pp. 375–377.
  39. Gandhi 1990, পৃষ্ঠা. 246.
  40. Ghose, Sankar (1992). Jawaharlal Nehru, A Biography, p. 137. Allied Publishers Limited.
  41. Gandhi 1990, পৃষ্ঠা. 277–281.
  42. Sarkar, (2006).
  43. Dash, Siddhartha. "Orissa Review". http://orissa.gov.in/e-magazine/Orissareview/jan2005/englishPdf/Gandhi_subhas.pdf। আহৰণ কৰা হৈছে: 12 April 2012. 
  44. Gandhi 1990, পৃষ্ঠা. 283–286.
  45. Gandhi 1990, পৃষ্ঠা. 309.
  46. Gandhi 1990, পৃষ্ঠা. 318.
  47. Brock, Peter (1983). The Mahatma and mother India: essays on Gandhiʼs non-violence and nationalism. Navajivan Publishing House. পৃষ্ঠা. 34. http://books.google.com/books?id=vRduAAAAMAAJ&q=%22anarchy+to+the+present+system+of+administration+because+this+ordered+anarchy+is+worse+than+real+anarchy%22&dq=%22anarchy+to+the+present+system+of+administration+because+this+ordered+anarchy+is+worse+than+real+anarchy%22&hl=en&sa=X&ei=tZTsT_u2KMLdqgGVoKDqBQ&ved=0CEAQ6AEwAw. 
  48. Limaye, Madhu (1990). Mahatma Gandhi and Jawaharlal Nehru: a historic partnership. B. R. Publishing Corporation. পৃষ্ঠা. 11. ISBN 8170185475. http://books.google.com/books?id=WVIwAQAAIAAJ&q=%22anarchy+to+the+present+system+of+administration+because+this+ordered+anarchy+is+worse+than+real+anarchy%22&dq=%22anarchy+to+the+present+system+of+administration+because+this+ordered+anarchy+is+worse+than+real+anarchy%22&hl=en&sa=X&ei=tZTsT_u2KMLdqgGVoKDqBQ&ved=0CEUQ6AEwBA. 
  49. Wilhelm von Pochhammer (2005). India's Road to Nationhood: A Political History of the Subcontinent. Allied Publishers. পৃষ্ঠা. 469. http://books.google.com/books?id=mHLB4m75pisC&pg=PA469. 
  50. Lapping, (1989).
  51. "Gandhi, Jinnah Meet First Time Since '44; Disagree on Pakistan, but Will Push Peace". The New York Times. 7 May 1947. http://select.nytimes.com/gst/abstract.html?res=F30A1EFA3F58147B93C5A9178ED85F438485F9। আহৰণ কৰা হৈছে: 25 March 2012. (subscription required)
  52. Jalil, Azizul (1944). "When Gandhi met Jinnah". The Daily Star. Archived from the original on 22 February 2013. http://archive.is/Wnw51। আহৰণ কৰা হৈছে: 25 March 2012. 
  53. Bhattacharya, Sanjoy (2001). Propaganda and information in Eastern India, 1939-45: a necessary weapon of war. Psychology Press. পৃষ্ঠা. 33. ISBN 978-0-7007-1406-3. http://books.google.com/books?id=M2GI26jditsC&pg=PA33. 
  54. S. S. Shashi (1996). Encyclopaedia Indica: India, Pakistan, Bangladesh. Anmol Publications. পৃষ্ঠা. 13. ISBN 978-81-7041-859-7. http://books.google.com/books?id=Wv0vAQAAIAAJ। আহৰণ কৰা হৈছে: 28 February 2012. 
  55. Reprinted in The Essential Gandhi: An Anthology of His Writings on His Life, Work, and Ideas, Louis Fischer, ed., 2002 (reprint edition) pp. 106–108.
  56. Keen, Shirin (Spring, 1998). "The Partition of India". Emory University. http://www.english.emory.edu/Bahri/Part.html. 
  57. Gandhi, Mohandas Karamchand (5 January 1994). Jack, Homer A.. ed. The Gandhi reader: a source book of his life and writings. Grove Press. পৃষ্ঠা. 418. ISBN 978-0-8021-3161-4. 
  58. Wolpert, Stanley. Gandhi's Passion – The Life and Legacy of Mahatma Gandhi. Oxford University Press. ISBN 0-19-513060-X. http://www.nytimes.com/books/first/w/wolpert-gandhi.html. 
  59. Tønnesson, Øyvind (1 December 1999). "Mahatma Gandhi, the Missing Laureate". Nobelprize.org. http://nobelprize.org/nobel_prizes/peace/articles/gandhi/। আহৰণ কৰা হৈছে: 16 January 2012. 
  60. Metcalf, Barbara Daly; Metcalf, Thomas R.. A concise history of modern India. Cambridge University Press. পৃষ্ঠা. 221–222. ISBN 978-0-521-86362-9. http://books.google.com/books?id=iuESgYNYPl0C. 
  61. Saikia, Bijoy Sankar (2 October 2006). "Why Mahatma Gandhi didn't get a Nobel Prize". CNN IBN-Live. http://ibnlive.in.com/news/why-mahatma-gandhi-didnt-get-a-nobel-prize/22985-3-single.html. 
  62. Stanley Wolpert, Gandhi's Passion p. 7

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  • Heehs, Peter (1998). India's Freedom Struggle: A Short History. প্ৰকাশক Delhi: Oxford University Press. পৃষ্ঠা. 199. ISBN 9780195627985. 
  • Brown, Giles (August 1948). The Hindu Conspiracy, 1914-1917.The Pacific Historical Review. 17. University of California Press. pp. 299–310. ISSN 0030-8684 .
  • Popplewell, Richard J (1995). Intelligence and Imperial Defence: British Intelligence and the Defence of the Indian Empire 1904-1924.. Routledge. ISBN 9780714645803 .
  • Hoover, Karl. (May 1985). The Hindu Conspiracy in California, 1913-1918. German Studies Review. 8. German Studies Association. pp. 245–261. ISBN 01497952 .
  • Hopkirk, Peter (1997). Like Hidden Fire: The Plot to Bring Down the British Empire.. Kodansha Globe. ISBN 1568361270 .
  • Fraser, Thomas G (1977). Germany and Indian Revolution, 1914-18. Journal of Contemporary History, Vol. 12, No. 2 (April, 1977), pp. 255-272. Sage Publications. ISSN 00220094 .
  • Strachan, Hew (2001). The First World War. Volume I: To Arms. Oxford University Press. USA.. ISBN 0199261911 .
  • Lovett, Sir Verney (1920). A History of the Indian Nationalist Movement. New York, Frederick A. Stokes Company. ISBN 8175362499 
  • Sarkar, B.K. (March 1921). Political Science Quarterly. 36. The Acedemy of Political Science. pp. 136–138. ISSN 00323195 .
  • Tinker, Hugh (October 1968). India in the First World War and after. Journal of Contemporary History, 1918-19: From War to Peace. 3. Sage Publications. pp. 89–107. ISSN 00220094 .
  • Dr.'Krant'M.L.Verma Swadhinta Sangram Ke Krantikari Sahitya Ka Itihas (3 Volumes) 2006 New Delhi Praveen Prakashan ISBN 8177831224.
  • Sharma Vidyarnav Yug Ke Devta : Bismil Aur Ashfaq 2004 Delhi Praveen Prakashan ISBN 8177830783.
  • 'Krant'M.L.Verma Sarfaroshi Ki Tamanna (4 Volumes) 1997 Delhi Praveen Prakashan.
  • Dr. Mahaur Bhagwandas Kakori Shaheed Smriti 1977 Lucknow Kakori Shaheed Ardhshatabdi Samaroh Samiti.

গ্ৰন্থ সংগ্ৰহ[সম্পাদনা কৰক]

  • Brown, Judith M. Gandhi's Rise to Power: Indian Politics 1915-1922 (Cambridge South Asian Studies) (1974)
  • Brown, Judith M., 'Gandhi and Civil Resistance in India, 1917-47', in Adam Roberts and Timothy Garton Ash (eds.), Civil Resistance and Power Politics: The Experience of Non-violent Action from Gandhi to the Present. Oxford & New York: Oxford University Press, 2009. ISBN 978-0-19-955201-6.
  • Chandra, Bipan. India's Struggle for Independence 2012)
  • Jalal, Ayesha. The Sole Spokesman: Jinnah, the Muslim League and the Demand for Pakistan (Cambridge South Asian Studies) (1994)
  • Majumdar, R.C.. History of the Freedom movement in India. ISBN 0836423763. 
  • Gandhi, Mohandas (1993). An Autobiography: The Story of My Experiments With Truth. প্ৰকাশক Boston: Beacon Press. ISBN 0807059099. 
  • Sofri, Gianni (1995–1999). Gandhi and India: A Century in Focus. Janet Sethre Paxia (translator) (English edition translated from the Italian সম্পাদনা). প্ৰকাশক Gloucestershire: The Windrush Press. ISBN 1900624125. 
  • Gopal, Sarvepalli. Jawaharlal Nehru - Volume One: 1889 - 1947 - A Biography (1975), standard scholarly biography
  • Seal, Anil (1968). Emergence of Indian Nationalism: Competition and Collaboration in the Later Nineteenth Century. প্ৰকাশক London: Cambridge U.P.. ISBN 0521062748. 
  • Singh, Jaswant. Jinnah: India, Partition, Independence (2010)
  • Wolpert, Stanley A. Jinnah of Pakistan (2005)
  • Wolpert, Stanley A. Gandhi's Passion: The Life and Legacy of Mahatma Gandhi (2002)

বাহ্যিক সংয়োগ[সম্পাদনা কৰক]