গোপাল কৃষ্ণ গোখলে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোপাল কৃষ্ণ গোখলে
জন্ম ৯ মে', ১৮৬৬
কথলুক, ৰত্নগিৰি জিলা, মহাৰাষ্ট্ৰ, ভাৰত
মৃত্যু ১৯ ফেব্ৰুৱাৰী, ১৯১৫ (৪৮ বছৰ)
মুম্বাই, ভাৰত
সংস্থা ভাৰতীয় জাতীয় কংগ্ৰেছ, দেক্কান শিক্ষা সমাজ
ৰাজনৈতিক আন্দোলন ভাৰতৰ স্বাঘীনতা আন্দোলন


গোপাল কৃষ্ণ গোখলে (মাৰাঠী: गोपाळ कृष्ण गोखले, ইংৰাজী: Gopal Krishna Gokhale) ভাৰতৰ স্বাধীনতা আন্দোলনৰ আদিযুগৰ এক স্বনামধন্য ৰাজনৈতিক নেতা আৰু এজন বিশিষ্ট সমাজ সংস্কাৰক আছিল। গোখলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীণ নেতা আৰু "চাৰভেন্টছ অফ ইণ্ডিয়া চছাইটি"ৰ প্ৰতিষ্ঠাপক আছিল। তেখেত গান্ধীজীৰ দৃষ্টিত এজন আদৰ্শ ৰাজনীতিবিদ আছিল। ৰাজনীতিৰ ক্ষেত্ৰত গোখলেৰ নিষ্ঠা, সততা, সাহস আৰু বিনম্ৰতা এই সকলোবোৰ গুণৰ উল্লেখ কৰি গান্ধীজীয়ে প্ৰশংসা কৰিছিল-

Political worker- pure as a crystal, gentle as a lamb, brave as a lion and chivalrous to a fault. It does not matter to me that he may not have been any of these things. It was enough for me that I could discover no fault in him to civil at. He was and remains for me, the most perfect man.

গান্ধীজীয়ে তেওঁক ৰাজনীতিৰ ক্ষেত্ৰত নিজ গুৰু হিছাপেও বৰণ কৰিছিল[1]

জন্ম[সম্পাদনা কৰক]

গোপাল কৃষ্ণৰ ১৮৬৬ চনৰ ৯ মে তাৰিখে ভাৰতৰ বোম্বাইত (বৰ্তমান মুম্বাই) অৱস্থিত ৰত্নগিৰী জিলাৰ কথলুক নামে গাঁও এখনৰ এটা অতি দুখীয়া ব্ৰাক্ষ্মণ পৰিয়ালত জন্ম হয়। গোখলেৰ দেউতাক কৃষ্ণ ৰাও শ্ৰীধৰৰ ঘৰুৱা অৱস্থা ইমানেই শোচনীয় আছিল যে পৰিয়ালৰ সকলোৰে বাবে সমানে দুসাজ ভাতৰ যোগাৰ সদায় নহৈছিল। এই অসহনীয় দৰিদ্ৰতাৰ মাজতে পুত্ৰ কন্যা সকলোকে এৰি এদিন কৃষ্ণ ৰাও শ্ৰীধৰেও চকু মুদিলে। গোখলে সেই সময়ত এটি অকণমান শিশু[1]

শিক্ষা[সম্পাদনা কৰক]

গোখলেৰ ককায়েকে নিজৰ পঢ়া-শুনা বাদ দি সংসাৰৰ সকলো দায়িত্ব মূৰ পাতি লোৱাৰ লগতে গোপাল কৃষ্ণ গোখলেকো বিদ্যালয়ত নাম লগাই দিলে। সংসাৰৰ অভাৱনীয় দৰিদ্ৰতাই গোখলেৰ ছাত্ৰ জীৱনত বিশেষ বাধাৰ সৃষ্টি কৰিব নোৱাৰিলে। বৰং অৱস্থাৰ প্ৰভাৱে তেওঁক জুয়ে পুৰা সোণৰ দৰে আৰু উজলাই তুলিলে। শিশু অৱস্থাতে তেওঁৰ চিন্তা জগতৰ প্ৰসাৰ ঘটিল। জীৱন সংগ্ৰামে জুৰুলা কৰা এখন বস্তুহাৰা সমাজৰ অভিজ্ঞতাই তেওঁক সঁচা হ’বলৈ, সহনশীল অথচ সাহসী হ’বলৈ, সাহসী হৈও বিনম্ৰ হ’বলৈ শিকালে। ১৯ শতিকাৰ ভাৰতীয় ব্ৰাক্ষণ কুলৰ সন্তান হিছাপে আধ্যাত্মিক চিন্তাতো সমানেই আগবাঢ়ি গৈছিল তেওঁ। আৰু এই চৰ্চ্চাৰ মাজত গঢ় লৈছিল তেওঁৰ নৈতিক চৰিত্ৰই। ১৮৮১ চনত গোখলেই কোলাপুৰৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰি কোলাপুৰৰ ৰাজাৰাম কলেজত নাম ভৰ্তি কৰে। এই কলেজৰ পৰা তেওঁ পুনাৰ দেক্কান কলেজলৈ যায় আৰু চূড়ান্ত ভাৱে বম্বেৰ এল্‌ফিনষ্টন কলেজৰ পৰা ১৮৮৪ চনত বি.এ. ডিগ্ৰী লাভ কৰি বম্বেৰ আইন কলেজত নাম ভৰ্তি কৰে। অৱশ্যে আইনৰ শিক্ষা সম্পূৰ্ণ নকৰাকৈয়ে তেওঁ এই কলেজৰ পৰা ওলাই আহে। এই সময়তে গোখলেৰ জীৱনত দাদাভাই নৰৌজী, ফিৰোজ চাহ মেহ্তা, জি.ভি. যোশী আৰু ৰাণাদে আদিৰ দৰে ব্যক্তি সকলৰ প্ৰভাৱ পৰে[1]

কৰ্ম জীৱন[সম্পাদনা কৰক]

কলেজীয়া শিক্ষা শেষ কৰিয়েই গোখলেই পুনাৰ দেক্কান এডুকেছন ছ’চাইটিৰ এজন আজীৱন সদস্য হিছাপে এই সন্থাত যোগ দিয়ে। ইয়াৰ পিছত ১৮৮৫ চনত যেতিয়া ফাৰ্ডচন কলেজৰ প্ৰতিষ্ঠা হয় তেতিয়া গোখলেক সেই কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপকৰ পদত নিযুক্তি দিয়া হয়। ১৯০২ চনলৈকে ১৭ বছৰ কাল এই কলেজত অধ্যাপনা কৰি গোখলেই ইয়াৰ পৰা অৱসৰ গ্ৰহণ কৰে। বয়সৰ ফালৰ পৰা তেওঁৰ তেতিয়াও আৰু বহুকাল অধ্যাপনা কৰাৰ সময় আছিল যদিও তেওঁ অৱসৰ লয় কেৱল সামাজিক কামত আত্মনিয়োগ কৰিবৰ বাবে। অৱশ্যে ইতিমধ্যে তেওঁ গণিতৰ এখন স্কুলীয়া পাঠ্যপুথিও লেখি উলিয়ায়। ইয়াৰ কিছুকাল আগতেই ১৮৮৯ চনত গোপাল কৃষ্ণ গোখলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যভুক্ত হয়। অধ্যাপনা কৰি থকা কালতেই তেওঁ ভালেমান ৰাজহুৱা অনুষ্ঠানৰ সৈতে জড়িত হৈ পৰিছিল আৰু পিছলৈ ৰাজহুৱা কামত সম্পূৰ্ণৰূপে আত্মনিয়োগ কৰাৰ পিছত তেওঁ এই অনুষ্ঠানসমূহৰ সৈতে জড়িত অন্যান্য বিখ্যাত ব্যক্তি সকল যেনে- ৰাণাদে, বাল গঙ্গাধৰ তিলক আদিৰ ঘনিষ্ঠ সম্পৰ্কলৈ আহে। ১৮৯৭ চনত গোখলেই ’ওৱেলবী কমিচান’ নামে জনাজাত ’ৰয়েল কমিচন’ অৰ্থাত্‌ ৰাজকীয় আয়োগত ’দেক্কান’ৰ প্ৰতিনিধিত্ব কৰে। ইয়াৰ পিছত ১৮৯৯ চনত গোখলে বোম্বে লেজিচ্‌লেটিভ কাউন্‌ন্সিললৈ আৰু ১৯০২ চনত ইম্পেৰিয়েল লেজিচ্‌লেটিভ কাউন্সিললৈ নিৰ্বাচিত হয়। ১৯০৮ চনত গোখলেক সেই সময়ৰ ভাৰতস্থ ব্ৰিটিছ চৰকাৰৰ সৰ্বোচ্চ সন্মান চি.আই.ই (Companion of the Indian Empire) প্ৰদান কৰা হয়। ইয়াৰ এবছৰৰ পিছত ১৯০৫ চনত গোখলে পুনা পৌৰ সভাৰ সভাপতি নিৰ্বাচিত হয়। ১৯১২ চনত তেওঁক ভাৰতীয় লোকসেৱা অয়োগৰ সদস্য মনোনীত কৰা হয়। ১৯১৪ চনত তেওঁলৈ কে.চি.আই.ই সন্মান (Knight Commander of the Indian Empire) আগবঢ়োৱা হয়। অৱশ্যে গোখলেই ব্ৰিটিছ শাসকে প্ৰদান কৰা এই সন্মান প্ৰত্যাখ্যান কৰে[1]

জীৱন দৰ্শন[সম্পাদনা কৰক]

গোখলেই ভাৰতীয় জনসাধাৰণৰ মনত জাতীয়তা বোধ জগাই তোলাৰ মানসেৰে ১৯০৫ চনত ’ছাৰ্ভেণ্টচ অব ইণ্ডিয়া ছ’চাইটি’ৰ স্থাপন কৰে। গোখলেৰ জীৱন দৰ্শন প্ৰতিষ্ঠিত হৈছিল গভীৰ আধ্যাত্মিকতাবাদৰ ওপৰত। আৰু আধ্যাত্মিকতাবাদৰ আদৰ্শয়েই নিয়ন্ত্ৰিত কৰিছিল তেওঁৰ ঘৰুৱা আৰু সমাজ জীৱনৰ সকলোবোৰ দিশ। আনকি ৰাজনীতিৰ ক্ষেত্ৰতো তেওঁ আধ্যাত্মিকতাবাদৰ পোষকতা কৰিছিল। এজন আগশাৰীৰ সমাজ সংস্কাৰকৰ ভূমিকাত গোখলেই জাতিভেদ প্ৰথা আৰু অস্পৃশ্যতা আঁতৰাবলৈ চেষ্টা কৰাৰ লগতে ভাৰতীয় সমাজখনক সামগ্ৰিক ভাৱে গ্ৰাস কৰি ৰখা অন্যান্য কু-সংস্কাৰ সমূহৰ বিলোপ সাধনৰ বাবেও অক্লান্ত পৰিশ্ৰম কৰি গৈছিল। ব্ৰিটিছ শাসনৰ ফলত ভাৰতত উদ্ভৱ হোৱা বিষম অৰ্থনৈতিক পৰিণতিৰ কথা উল্লেখ কৰি গোখলেই কৈছিল যে-’ব্ৰিটিছৰ শোষণমূলক শাসনেই ভাৰতৰ অৰ্থনৈতিক দুৰৱস্থাৰ মূল কাৰণ’। সেই সময়ত ইংল্ণ্ডৰ দ্বাৰা ভাৰতত প্ৰৱৰ্তিত ’মুকলি বজাৰৰ’ ঘোৰ বিৰোধিতা কৰি গোখলেই কৈছিল যে-’ইয়াৰ ফলত ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ সমূহৰ বিলোপ সাধন হ’ব’ আৰু তেওঁ ব্ৰিটিছ চৰকাৰৰ ওচৰত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে ’মুকলি বজাৰ’ বন্ধ কৰাৰ বাবে দাবী জনাইছিল। কৃষিৰ ক্ষেত্ৰত প্ৰগতি আনিবৰ বাবে গোখলেই নতুন কৃষি পদ্ধতি গ্ৰহণ কৰাৰ ওপৰত জোৰ দিছিল। আৰু লগতে ঋণগ্ৰস্ত দুখীয়া কৃষক সকলক দেনাৰ দায়ৰ পৰা মুক্ত কৰিবলৈ সমবায় বেংক স্থাপনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছিল। বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত হস্তশিল্পৰ বাহিৰেও আধুনিক কল-কাৰখানা স্থাপনৰ পোষকতা কৰি তেওঁ কৈছিল যে এই ক্ষেত্ৰত আধুনিক কল-কাৰখানা স্থাপন নহ’লে ভাৰত বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত কোনোকালে বাহিৰা পৃথিৱীখনৰ সন্মুখীন হ’ব নোৱাৰিব[1]

ৰাজনৈতিক আৰু সামাজিক জীৱন[সম্পাদনা কৰক]

ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সংস্কাৰৰ ক্ষেত্ৰত থকা তেওঁৰ চিন্তাধাৰা জনসমাজত সদৰি কৰাৰ উদ্দেশ্যে তেওঁ সততে ৰাজহুৱা মঞ্চত উপবিষ্ট হৈছিল। মাত্ৰ কুৰি বছৰ বয়সতেই তেওঁ জীৱনৰ প্ৰথম ৰাজহুৱা ভাষণটি দিয়ে। তেওঁৰ এই ভাষণ আছিল ভাৰতত ব্ৰিটিছ শাসন সম্পৰ্কে। ইয়াৰ পিছত তেওঁ দিয়া ভাষণ সমূহ হ’ল-১৮৯০ চনৰ কলিকতাত কংগ্ৰেছৰ ’লোণ কৰ হ্ৰাস’, ১৮৯২ চনত এলাহাবাদ অধিবেশনত, ১৯০৫ চনত বেনাৰস অধিবেশনত দিয়া সভাপতিৰ অভিভাষণ, ১৯০৮ চনত ধাৰৱাৰ ছ’চিয়েল কনফাৰেন্সত দিয়া ভাষণ আৰু ১৯০৭ চনৰ ৯ ফেব্ৰুৱাৰীত লক্ষ্ণৌত দান কৰা স্বদেশী আন্দোলন সম্পৰ্কীয় ভাষণ। গোখলেই জীৱনৰ প্ৰথম অৱস্থাত সাংবাদিকতাও কৰিছিল। ১৮৮৬ চনৰ পৰা ১৮৮৮ চনৰ ভিতৰত তেওঁ তিলকৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু সম্পাদিত সাপ্তাহিক কাকত ’মহাৰাট্টা’ত নিয়মিত ভাৱে লিখা মেলা কৰিছিল। ইয়াৰ পিছত গোখলেই ১৮৮৮ চনত ’সুধাৰক’ নামে এখন ইংগ মাৰাঠী কাকতৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণেৰে ১৮৯৫ চনলৈকে সাংবাদিকতাৰ কাম অব্যাহত ৰাখে আৰু তাৰ পিছত ’ৰাষ্ট্ৰসভা সামাচাৰ’ নামে এখন কাকত নিজে প্ৰকাশ কৰিবলৈ লয়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম পৰ্য্যায়ত ইয়াক নেতৃত্ব দিয়া ব্যক্তিসকলৰ ভিতৰত গোপাল কৃষ্ণ গোখলে অন্যতম প্ৰধান ব্যক্তি। এই দিশত গোখলে ভাৰতীয় জনসাধাৰণৰ বাবে এজন অতি প্ৰিয় নেতা আৰু বৃটিছ শাসকৰ বাবে ভয় আৰু শঙ্কাৰ কাৰণ হৈ পৰিছিল। ১৮৯৭ চনৰ পৰা ১৯১৪ চনত ভিতৰত তেওঁ মুঠ সাতবাৰ ইংলণ্ড ভ্ৰমণলৈ যায়। প্ৰতিটো ভ্ৰমণ কালত গোখলেই ভাৰতৰ স্বাৰ্থৰ প্ৰতি সেই দেশত জনমত গঠন কৰাৰ উদ্দেশ্যে কেতবোৰ গুৰুত্বপূৰ্ণ ভাষণ দান কৰে[1]

মৃত্যু[সম্পাদনা কৰক]

প্ৰায় তিনিটা দশক জুৰি নি:স্বাৰ্থ দেশ সেৱাৰ এক বিৰল নিদৰ্শন ৰাষ্ট্ৰৰ সমুখত থৈ এই মহান ব্যক্তি জনা ১৯১৫ চনত পৰলোকগামী হয়[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 গ্ৰন্থ: আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি, সম্পাদনা: কনকসেন ডেকা, পৃষ্ঠা নং:.......।

গ্ৰন্থসম্ভাৰ[সম্পাদনা কৰক]