গোপীনাথ বৰদলৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গোপীনাথ বৰদলৈ
অসমৰ প্ৰথম মুখ্যমন্ত্ৰী
কাৰ্যকাল
১১ ফেব্ৰুৱাৰী ১৯৪৬ – ৬ আগষ্ট ১৯৫০
উত্তৰসূৰী বিষ্ণুৰাম মেধি
ব্যক্তিগত তথ্য
জন্ম ০৬ জুন, ১৮৯০[1]
ৰহা, নগাঁও, অসম
মৃত্যু ৫ আগষ্ট, ১৯৫০ (৬০ বছৰ)
গুৱাহাটী, অসম
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী সুৰবালা বৰদলৈ
শিক্ষানুষ্ঠান কটন মহাবিদ্যালয়
কলিকতা বিশ্ববিদ্যালয়
পেচা ৰাজনীতিবিদ, লেখক
পুৰস্কাৰ ভাৰত ৰত্ন (১৯৯৯, মৰণোত্তৰভাবে)

গোপীনাথ বৰদলৈ (৬ জুন ১৮৯০–৫ আগষ্ট ১৯৫০) আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী।[2] ৰাজনীতিৰ ক্ষেত্ৰত তেখেত মহাত্মা গান্ধীৰ অহিংসা নীতিৰ সমৰ্থক আছিল। অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল।[3] ভাৰতে স্বাধীনতা লাভ কৰা পাছত ধৰ্মৰ ভিত্তিত ভাৰত বিভাজনৰ সময়ত মুছলিম লিগে সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে আলোচনা কৰি অসমখন সেই সময়ৰ পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ অংশ কৰিব বিচাৰিছিল যদিও বৰদলৈৰ প্ৰবল বিৰোধিতাৰ বাবে অসম বাংলাদেশৰ অংশ হোৱাৰ পৰা ৰক্ষা পৰে।

জন্ম আৰু শৈশৱ[সম্পাদনা কৰক]

১৮৯০ চনৰ ৬ জুনত (১৮১২ শকৰ ২৬ জেঠ ৰবিবাৰে) নগাঁও জিলাৰহাত গোপীনাথ বৰদলৈৰ জন্ম হয়।[4] তেখেতৰ পিতৃ আছিল বুদ্ধেশ্বৰ বৰদলৈ আৰু মাতৃ প্ৰাণেশ্বৰী বৰদলৈ। তেওঁৰ পিতৃ বুদ্ধেশ্বৰ বৰদলৈয়ে ৰহাত চাকৰি কৰিছিল। বৰদলৈৰ সাত বছৰ বয়সলৈকে তেওঁলোক ৰহাতে বাস কৰিছিল আৰু ৰহাতেই প্ৰথম বিদ্যাৰম্ভ হয়। তাৰ পিছত তেওঁৰ পিতৃৰ চাকৰি সূত্ৰে মঙ্গলদৈলৈ বদলি হয়। মঙ্গলদৈ লৈ যাওঁতে তেওঁলোক নাৱেৰে গৈছিল আৰু নাৱেৰে যোৱা দীঘলীয়া সময়ছোৱাৰ ভিতৰত বৰদলৈয়ে মহাভাৰতখনকে পঢ়ি শেষ কৰি পেলাইছিল। মঙ্গলদৈত দুবছৰ থকাৰ পিছত তেওঁলোক বৰপেটালৈ বদলি সূত্ৰে গৈছিল আৰু এবছৰৰ ভিতৰতে বৰদলৈৰ ১২ বছৰ বয়সতে মাতৃ-বিয়োগ হয়। মাত্ৰ ১২ বছৰ বয়সতে তেওঁ মাতৃ স্নেহৰ পৰা বঞ্চিত হয় আৰু তেওঁৰ হৃদয় ভাগি পৰে। তেওঁ লালিত পালিত হ'বলগা হয় বিধবা বায়েক শশীকলা দেৱীৰ হাতত। মাতৃৰ বিয়োগৰ পিছত তেওঁক গুৱাহাটীলৈ পঠিওৱা হয় আৰু কটন কলেজিয়েট উচ্চ ইংৰাজী বিদ্যালয়ত নাম ভৰ্তি কৰোৱা হয়। বিদ্যালয়ৰ কালছোৱাত তেওঁ অসুখৰ কাৰণে প্ৰায়ভাগ সময়ে বিদ্যালয়ত নিয়মীয়া হ'ব পৰা নাছিল। সেই সময়ত তেওঁৰ প্ৰায়ে জ্বৰ আৰু গ্ৰহণী হৈছিল। এনে বেয়া স্বাস্থ্যৰ পাছতো তেওঁ পঢ়াৰ ক্ষেত্ৰত ভাল স্থান লাভ কৰিছিল।[5]

ছাত্ৰ জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

তাহানিৰ দিনত ছাত্ৰ-ছাত্ৰী সকলক ডবল প্ৰমোচন দিয়াৰ ব্যৱস্থা আছিল। সেইবাবে অনেক মেধা ছাত্ৰক সপ্তম মানৰ পৰা নৱম মান শ্ৰেণীলৈ পদোন্নতি দিয়া হৈছিল। স্কুলীয়া জীৱনত বৰদলৈয়ে ডবল প্ৰমোচন পোৱাৰ কাৰণে সৰু কালত তেওঁ হাইস্কুলৰ ওপৰ খাপত নাম ভৰ্তি কৰাৰ সুবিধা লাভ কৰিছিল। এনেদৰে প্ৰমোচন লাভ কৰি বৰদলৈয়ে ১৬ বছৰ পূৰ নৌহওঁতেই এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। কিন্তু কলিকতা বিশ্ববিদ্যালয়ৰ নিয়ম মতে, ১৬ বছৰ পূৰ হ'লেহে এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগে। ১৯০৭ চনত কটন কলেজিয়েটৰ পৰা মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয় আৰু এই পৰীক্ষাত সুখ্যাতিৰে পাছ কৰাৰ উপৰিও তেওঁ চিত্ৰাংকন বিষয়ত বিশেষ নম্বৰ লাভ কৰিবলৈ সমৰ্থ হয়। তাৰ পিছত তেওঁ কটন মহাবিদ্যালয়ত ভৰ্ত্তি হয়। তাৰ পৰা ১৯০৯ চনত আই.এ. পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হয়, এণ্ট্ৰেন্স পৰীক্ষাৰ দৰে তেওঁ এই পৰীক্ষাতো বৃত্তি লাভ কৰিবলৈ সক্ষম হয় আৰু কলিকতাৰ স্কটিছ চাৰ্চ কলেজত নামভৰ্ত্তি কৰে। সেই সময়ত উক্ত মহাবিদ্যালয়ৰত 'লেডী জেন ডাণ্ডাছ' নামেৰে এখনহে ছাত্ৰবাস আছিল আৰু ছাত্ৰাবাসত ভৰ্তি হোৱাটো সহজ নাছিল। কিন্তু সেইবাৰ অসমৰ পৰা পঢ়িবলৈ যোৱা ভালেমান ছাত্ৰই ছাত্ৰাবাসত থাকি পঢ়িবলৈ সুবিধা লাভ কৰিলে। তেওঁ স্নাতক পাঠ্যক্ৰমত অসমীয়া, বুৰঞ্জী, দৰ্শন-শাস্ত্ৰ আৰু ইংৰাজী বিষয় লৈ পঢ়িছিল। তাৰ পৰা ১৯১১ চনত বুৰঞ্জী বিষয়ত অনাৰ্ছ সহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ কলিকতাতে বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ আৰু আইন পঢ়িবলৈ কলিকতাৰ ১৭/১ অ'ল্ড বৈঠকখানা লেনৰ মেছত তেওঁৰ বন্ধু চন্দ্ৰনাথ শৰ্মাৰ লগত একেলগে অধ্যয়নত ব্ৰতী হ'ল। তেওঁ ৰিপণ মহাবিদ্যালয়ত আইন আৰু কলিকতা বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পঢ়িছিল। ১৯১৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু তিনি বছৰ কাল আইন পঢ়ে যদিও মাজতে ৰিপণ আইন মহাবিদ্যালয় এৰি বৰদলৈয়ে বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ত ভৰ্তি হয়, এই আইন মহাবিদ্যালয়তে তেওঁ অধ্যক্ষ ৰূপে পাইছিল মি. বাগচীক, সেইদৰে কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে পাইছিল চাৰ আশুতোষ মুখোপাধ্যায়ক। শেষত আইন পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ গুৱাহাটীলৈ ঘূৰি আহে।[5]

কৰ্মজীৱন[সম্পাদনা কৰক]

গোপীনাথ বৰদলৈ কলিকতাত থাকি মহাবিদ্যালয়ৰ চতুৰ্থ-বাৰ্ষিক শ্ৰেণীত পঢ়ি থাকোঁতেই পিতাকৰ মৃত্যু হয়। পিতৃৰ মৃত্যুত সংসাৰৰ মহাভাৰ তেওঁলৈ আহিল। তেখেতৰ পিতৃ পেছাত এজন চিকিৎসক আছিল যদিও সাঁচতীয়া ধন অধিক নাছিল, পৰিয়ালটো কোনোমতেহে চলিছিল। তদুপৰি ককায়েক ইন্দ্ৰেশ্বৰ বৰদলৈৰ মৃত্যুৱেও পৰিয়ালটোক চুই গৈছিল। ঘৰখনৰ বোজা পৰিছিল আইদেউয়েক শশীকলাৰ ওপৰত। সেয়ে বৰদলৈয়ে কলিকতাত অধ্যাপনাৰ চাকৰি বিচাৰিছিল যদিও পোৱা নাছিল। শেষত বৰদলৈয়ে পৰিয়ালৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য কৰি গুৱাহাটীত তৰুণ ৰাম ফুকনৰ অনুৰোধক্ৰমে তেখেতে সোণাৰাম হাইস্কুলৰ প্ৰধান শিক্ষকৰ অস্থায়ী পদত যোগ দিয়ে। সেই সময়ছোৱাতে তেখেতে পুনৰ আইনৰ পৰীক্ষাত বহে আৰু উত্তীৰ্ণ হৈ প্ৰধান শিক্ষকৰ চাকৰি এৰি দি, সত্যনাথ বৰা উকীলৰ অধীনত আৰ্টিকেল ক্লাৰ্ক ৰূপে ওকালতিত মনোযোগ দিলে। ১৯১৭ চনত গুৱাহাটীত ওকালতি আৰম্ভ কৰে।[5]

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

সেই সময়ত অসমৰ একমাত্ৰ ৰাজনৈতিক অনুষ্ঠান আছিল 'অসম এছ'চিয়েচন'। ১৯২২ চনতহে ভাৰতীয় জাতীয় কংগ্ৰেছৰ শাখা হিচাপে অসম কংগ্ৰেছৰ কাম-কাজ আৰম্ভ হয়। সেই বছৰতে গোপীনাথ বৰদলৈয়ে কংগ্ৰেছত স্বেচ্ছাসেৱী হিচাপে যোগ দিয়ে আৰু ৰাজনৈতিক জীৱনৰ পাতনি মেলে। ভাৰতৰ স্বাধীনতা আন্দোলনত তেখেতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ১৯২২ চনত অসহযোগ আন্দোলনৰ সময়ত তেখেতক গ্ৰেপ্তাৰ কৰি এবছৰ কাৰাবাস দিয়া হয়। চৌৰিচৌৰাৰ ঘটনাৰ পিছত অসহযোগ আন্দোলন বাতিল কৰা হয় আৰু বৰদলৈয়ে পুনৰ ওকালতি আৰম্ভ কৰে। ১৯৩০ৰ পৰা ১৯৩৩ চন পৰ্য্যন্ত তেখেতে ৰাজনৈতিক কাৰ্য্যকলাপৰ পৰা নিজকে আঁতৰাই ৰাখি সমাজসেৱাত মনোনিবেশ কৰে। তেখেত গুৱাহাটী পৌৰসভাৰ সদস্যও নিৰ্বাচিত হয়। তদুপৰি তেখেতে অসমৰ বাবে সুকীয়া বিশ্ববিদ্যালয় আৰু উচ্চ ন্যায়ালয়ৰ দাবী জোৰদাৰ কৰি তোলে।

১৯৩৫ চনত ব্ৰিটিছ ভাৰত গঠন কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰ আইন ৰচনা কৰা হয়। সেইবাবে অসম কংগ্ৰেছে ১৯৩৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্ব্বিতা কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে ৩৮খন আসনত জয়লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে যদিও মন্ত্ৰী আৰু মন্ত্ৰীসভাৰ শক্তি কৰ্তন কৰাৰ এক হঠকাৰী নিয়মৰ বিৰোধিতা কৰি তেওঁলোকে বিৰোধী দল হিচাপেই থকাৰ মন মেলে। গোপীনাথ বৰদলৈ এই বিৰোধী দলৰ দলপতি নিৰ্বাচিত হয়। কংগ্ৰেছৰ বাহিৰে আন আন দলৰ সমৰ্থনত চৈয়দ মহম্মদ ছাদুল্লাই মন্ত্ৰীসভা গঠন কৰে। কিন্তু ৰাইজৰ মৌলিক সমস্যাবোৰৰ সমাধানত চৰকাৰৰ আওকণীয়া মনোভাৱৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ শক্তি লাহে লাহে বাঢ়ি আহে। ১৯৩৮ চনত মহম্মদ ছাদুল্লা মন্ত্ৰীসভাই পদত্যাগ কৰে। তেতিয়া ৰাজ্যপালে গোপীনাথ বৰদলৈক মন্ত্ৰীসভাৰ গঠন কৰিবলৈ আহ্বান জনায আৰু সেই বছৰৰে ২১ ছেপ্তেম্বৰত তেখেতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।[3]

গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মূল কাৰণসমূহ আছিল তেখেতৰ ৰাজনৈতিক বিচক্ষণতা, মনোমোহা ব্যক্তিত্ব, সত্যবাদীতা আৰু আচৰণ যাৰ বাবে তেখেতৰ সহকৰ্মীসকলৰ উপৰিও বিভিন্ন সম্প্ৰদায়ৰ লোক আকৃষ্ট হৈ পৰিছিল। তেখেতৰ কৰ্মপন্থা আৰু বিচক্ষণতাৰ ফলতে কংগ্ৰেছ এক শক্তিশালী ৰাজনৈতিক দল হৈ পৰে। মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ উল্লেখযোগ্য সফলতাসমূহ আছিল মাটিৰ খাজানা বন্ধ কৰা, কানি নিবাৰণী আইন গঠন, থলুৱা লোকৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিবলৈ পমুৱা মুছলমানক মাটিৰ পত্তা দিয়া বন্ধ কৰা আদি।[3]

১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ বাবে চৰকাৰ বেছিদিন বৰ্তি নাথাকিল। ১৯৪০ চনত মহাত্মা গান্ধীৰ আহ্বানত বৰদলৈ মন্ত্ৰীসভাই পদত্যাগ কৰে। ১৯৪০ চনত তেখেতক পুনৰ গ্ৰেপ্তাৰ কৰা হয় যদিও শাৰীৰিক অসুস্থতাৰ হেতু এবছৰ হোৱাৰ আগতেই জেলৰপৰা মুক্তি দিয়া হয়। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হয়। তেতিয়া কংগ্ৰেছ দলক বেআইনী ঘোষনা কৰা হয় আৰু সকলো নেতাক গ্ৰেপ্তাৰ কৰা হয়।

একে সময়তে ব্ৰিটিছক দ্বিতীয় বিশ্বযুদ্ধ সহায় কৰাৰ প্ৰতিশ্ৰুতি দি মহম্মদ ছাদুল্লাই পুনৰবাৰ চৰকাৰ গঠন কৰে আৰু সোনকালেই সাম্প্ৰদায়িক কাৰ্য্য-কলাপত লিপ্ত হৈ পৰে। ১৯৪৪ চনত জেলৰ পৰা ওলায়েই গোপীনাথ বৰদলৈয়ে আন আন নেতাৰ সহায়ত চৰকাৰৰ এনে কামৰ বিৰোধিতা কৰিবলৈ ধৰে। উপায়হীন হৈ মহম্মদ ছাদুল্লাই বৰদলৈক আলোচনাৰ বাবে মাতি পঠিয়ায় আৰু তেওঁলোকৰ মাজত এখন চুক্তি হয়। এই চুক্তিৰ আধাৰত আধাৰত চৰকাৰে সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া, সভা-সমিতি বা শোভযাত্ৰাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা, পমুৱা মুছলমানৰ পুনৰ্সংস্থাপন প্ৰক্ৰিয়া শুদ্ধ কৰা আদিৰ প্ৰস্তাৱ দিয়ে।

১৯৪৫ চনৰ জুলাই মাহত ব্ৰিটিছে আঞ্চলিক আৰু কেন্দ্ৰীয় নিৰ্বাচনৰ পিছত ভাৰতৰ বাবে এক নতুন সংবিধান ৰচনা কৰাৰ কথা ঘোষণা কৰে। অসম কংগ্ৰেছেও ১৯৪৬ চনৰ নিৰ্বাচনত অংশ লৈ ১০৮টা আসনৰ ভিতৰত ৬১ টাত জয়লাভ কৰি সংখ্যাগৰিষ্ঠতা পায়। তেওঁলোকে চৰকাৰ গঠন কৰে আৰু গোপীনাথ বৰদলৈ সৰ্বসন্মতভাৱে মুখ্যমন্ত্ৰী নিৰ্বাচিত হয়।

কেবিনেট কমিছন আৰু বৰদলৈৰ ভূমিকা[সম্পাদনা কৰক]

১৯৪৬ চনত ভাৰতৰ স্বাধীনতাৰ দাবী আলোচনা কৰিবলৈ ব্ৰিটিছ চৰকাৰে এখন কেবিনেট কমিছন গঠন কৰে। ইয়াৰ সদস্যসকলে ছিমলা আৰু দিল্লীত কংগ্ৰেছ আৰু মুছলিম লীগৰ লগত সুকীয়া সুকীয়া আলোচনাত বহে। তেওঁলোকৰ আঁচনি অনুসৰি ৰাজ্যবোৰক তিনিটা গোটত ভগোৱা হ'ব আৰু সেইমতে তৃতীয় গোটত থাকিবলগীয়া অসম আৰু বংগৰ সংবিধান ৰচনা কৰিবলৈ প্ৰতিনিধি নিৰ্বাচন কৰা হ'ব। গোপীনাথ বৰদলৈয়ে ইয়াৰ সৰ্বনশীয়া পৰিণতি অনুমান কৰিব পাৰিলে কাৰণ গ্ৰুপত সোমোৱা মাত্ৰকে অসমীয়া মানুহ বংগৰ তুলনাত সংখ্যালঘু হৈ পৰিবাৰু তেওঁলোকৰ অধিকাৰ খৰ্ব হ'ব।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গ্ৰুপিং আঁচনিৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। গোপীনাথ বৰদলৈয়ে ভাৰতীয় কংগ্ৰেছৰ কাৰ্য্যকৰী কমিটি, কেবিনেট কমিটি আৰু ভাইচৰয়ক জনালে যে অসমৰ প্ৰতিনিধিয়ে তেওঁলোকৰ সংবিধান নিজেই ৰচনা কৰিব আৰু গ্ৰুপত সোমোৱা-নোসোমোৱাৰ সিদ্ধান্ত নিজৰ মাজতে ল'ব। ইয়াৰ পিছত কেবিনেট কমিটিয়ে ঘোষণা কৰিলে যে গ্ৰুপত সোমোৱাটো প্ৰতিখন ৰাজ্যৰ বাবে বাধ্যতামূলক আৰু পিছত তেওঁলোকে ইচ্ছা কৰিলে তাৰ পৰা ওলাই আহিব পাৰিব। এই ঘোষণাই পৰিস্থিতি আৰু জটিল কৰি তুলিলে। তাৰ পিছত বৰদলৈয়ে জাতীয় কংগ্ৰেছৰ নেতাসকলক লগ ধৰি বুজালে যদিও কোনো ফল নধৰিল। তেখেতে অসম কংগ্ৰেছৰ লগ লাগি গণ বিক্ষোভ আৰম্ভ কৰাৰ পাং পাতিলে। তেতিয়াহে ভাৰতীয় কংগ্ৰেছৰ কাৰ্য্যকৰী কমিটিৰ গা লৰিল আৰু তেওঁলোকক এই বিষয়ে বিধানসভাত সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ উপদেশ দিলে। তাৰ পিছত বিধানসভাৰ সদস্যসকল একমত হ'ল যে অসমৰ দহজন প্ৰতিনিধিয়ে কোনো গ্ৰুপত অন্তৰ্ভুক্ত নোহোৱাকৈ নিজৰ সংবিধান ৰচনা কৰিব আৰু পিছলৈ ভাৰতীয় সংবিধান ৰচনাৰ বাবে ৰাষ্ট্ৰীয় কমিটিৰ লগত মিলিত হ'ব।

জৱাহৰলাল নেহৰু আৰু মুছলিম লীগে এই সকলোবোৰ আওকাণ কৰি গ্ৰুপিং আঁচনি ৰুপায়ণৰ বাবে হাত মিলালে। উপায়ন্তৰ হৈ গোপীনাথ বৰদলৈয়ে মহাত্মা গান্ধীৰ ওচৰ চাপিল আৰু তেখেতে বৰদলৈক গ্ৰুপঙৰ বিৰোধিতা কৰি যাবলৈ উপদেশ দিলে।

১৯৪৭ চনত লৰ্ড মাউণ্টবেটেনে নতুন ভাইচৰয় হিছাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। তেওঁ মুছলিম লীগ, কংগ্ৰেছ আৰু মহাত্মা গান্ধীৰ লগত সুকীয়া সুকীয়া আলোচনাত মিলিত হ'ল। তেওঁলোকে গ্ৰুপিঙৰ পৰিৱৰ্তে বিভাজনক স্বাধীনতাৰ স্থায়ী সমাধান বুলি মত পোষণ কৰিলে। ভাৰত আৰু পাকিস্তান দুখন বেলেগ দেশলৈ পৰিৱৰ্তিত হ'ল।[3]

মুখ্যমন্ত্ৰী হিচাপে অৱদান[সম্পাদনা কৰক]

গোপীনাথ বৰদলৈৰ নামত ভাৰত চৰকাৰে ১৯৯১ চনত প্ৰবৰ্তন কৰা এটি ডাক টিকট

১৯৩৭ চনৰ ২১ ফেব্ৰুৱাৰীত গুৱাহাটীত কংগ্ৰেছ দলে দলপতি আৰু কৰ্ম পৰিচালক নিৰ্বাচন কৰি ল'বলৈ আয়োজন কৰা সভাই গোপীনাথ বৰদলৈকে সৰ্বসন্মতিক্ৰমে দলৰ দলপতি নিৰ্বাচন কৰে। চৈয়দ মহম্মদ ছাদুল্লা চৰকাৰৰ পৰাজয়ৰ পিছত, ১৯৩৮ চনৰ ২১ ছেপ্টেম্বৰত গোপীনাথ বৰদলৈয়ে অসমৰ মুখ্যমন্ত্ৰীৰ (তেতিয়াৰ প্ৰধানমন্ত্ৰী) গুৰু দায়িত্বভাৰ গ্ৰহণ কৰিবলগীয়া হয়। তেওঁ মুখ্যমন্ত্ৰী হৈয়ে পোনতে কৰ্মচাৰীসকলক সেৱাৰ মনোভাবেৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ মন্ত্ৰীসকলক প্ৰাপ্য দৰমহাৰ কিছু ধন কমাই ল'বলৈ আহ্বান জনায়। মন্ত্ৰীসকলৰ পৰা কাটি ৰখা অতিৰিক্ত টকাখিনি জমা কৰে আৰু সেই টকা বানপীড়িত লোকলৈ সাহায্য হিচাপে দান কৰিবলৈ সিদ্ধান্ত লয়। ১৯৩৯-৪০ চনৰ সময়ছোৱাত তেওঁ জনসাধাৰণৰ বাবে আন এটা ডাঙৰ কাম হাতত লয়। সেইকামটোৱেই আছিল মাটিৰ খাজানা হ্ৰাস কৰা। ১৯৩৯-৪০ চনত বৰদলৈৰ চৰকাৰে যিখন বাজেট দাঙি ধৰে সেইখন বাজেটে সম্পূৰ্ণ গঠনমূলক কামৰ আঁচনিৰ মাজেৰে দুখীয়া লোকক সকাহ দিব পাৰিছিল আৰু লগতে কিছু টকা ৰাহি কৰিব পৰা হৈছিল। বৰদলৈৰ মন্ত্ৰী সভাই কানি নিবাৰণ আৰু পাছপৰা অঞ্চলত শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। কানি নিবাৰণ কৰিবলৈ গৈ চৰকাৰৰ আয়কৰ বন্ধ হ'ল যদিও সেই কথা নগণ্য বুলিহে জ্ঞান কৰা হ'ল। এনে প্ৰচাৰ কাৰ্য্য চলাবলৈ বৰঞ্চ চৰকাৰৰহে ধনৰ প্ৰয়োজন হ'ল। এই সময়ছোৱাৰ ভিতৰত বৰদলৈয়ে শিক্ষা বিস্তাৰ শিতানত ২ লাখ ৮০ হাজৰ টকা বেছিকৈ ধাৰ্য কৰি বিশেষ মহানুভৱতা দেখুৱাইছিল। তেনে সময়তে ডিগবৈত বাগিচাৰ বনুৱাসকলৰ মাজত হোৱা ধৰ্মঘটত বৰদলৈ নিজে সোমাই পৰি, বনুৱা আৰু কোম্পানীৰ মালিকপক্ষৰ লগত আলোচনা কৰি বনুৱাসকলৰ স্বাৰ্থ ৰক্ষা কৰিছিল।[5]

দ্বিতীয় মহাযুদ্ধৰ পিছত, প্ৰাদেশিক ব্যৱস্থাপক সভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয় আৰু কংগ্ৰেছ দলে সংখ্যগৰিষ্ঠতা লাভ কৰে। এই নিৰ্বাচনত ১০৮টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে ৬১খন আসন লাভ কৰি ১৯৪৬ চনত মন্ত্ৰীসভা গঠন কৰে। দলৰ নেতা গোপীনাথ বৰদলৈয়ে মুখ্যমন্ত্ৰী নিৰ্বাচিত হয় আৰু ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীত ৭ জনীয়া মন্ত্ৰীসভা গঠিত কৰে। বৰদলৈয়ে শাসনভাৰ লৈয়ে নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰা মতে পোনতেই যিসকললোক কাৰাগাৰত ৰাজনৈতিক বন্দী হৈ আছিল তেওঁলোকক খালাচ দিয়ে। পাইকাৰী জৰিমনাৰ টকা আৰু জব্দ কৰা সকলো সা-সম্পত্তি ঘূৰাই দিলে।

মুখ্যমন্ত্ৰী বৰদলৈৰ হাতত শিক্ষা দপ্তৰৰো দায়িত্ব আছিল। পিছপৰা অসমৰ শিক্ষা ব্যৱস্থাক উন্নত কৰিবলৈয়ে বৰদলৈয়ে মহাত্মা গান্ধীৰ প্ৰৱৰ্তিত 'নয়ী তালীমী' শিক্ষা ব্যৱস্থাৰ প্ৰচলন কৰিছিল। ইয়াৰ বাবে তেওঁ প্ৰশিক্ষণ লবলৈ ২৪জন ছাত্ৰক দিল্লী আৰু ৱাৰ্দ্ধলৈ পঠিয়াই দিছিল। লগতে এই শিক্ষা বিস্তাৰৰ কাৰণে তেওঁ ৯টা কেন্দ্ৰ স্থাপন কৰিছিল আৰু তাৰে ৩টা কেন্দ্ৰ মহিলাৰ বাবে সংৰক্ষণ কৰিছিল। তদুপৰি তেওঁ সমগ্ৰ ৰাজ্য খনতে প্ৰাইমাৰী শিক্ষাক বাধ্যতামূলক কৰি দিছিল, সেয়ে প্ৰাইমাৰী শিক্ষক সকলৰ প্ৰশিক্ষণৰ বাবে তেওঁ ৬টা প্ৰশিক্ষণ কেন্দ্ৰও প্ৰতিষ্ঠা কৰিছিল। লোকেল বোৰ্ড আৰু মিউনিচিপালিটী এলেকাৰ পাছপৰা অঞ্চলত তেওঁ ৪১৯খন প্ৰাথমিক বিদ্যালয় স্থাপন আৰু ৫৮খন বিদ্যালয়লৈ ৰাজসাহায্য আগবঢ়াইছিল। টোলত সংস্কৃত শিক্ষা, মুছলমান সকলৰ বাবে মাদ্ৰাছা শিক্ষা আৰু হাইস্কুলত হিন্দী শিক্ষাৰ আঁচনি প্ৰস্তুত কৰোঁতাও আছিল গোপীনাথ বৰদলৈ।[5]

ভাৰতৰ স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ লগ লাগি এফালে চীন আৰু আনফালে পূব পাকিস্তানৰ পৰা অসমৰ সাৰ্বভৌমত্ত্ব সুৰক্ষিত কৰিবলৈ সমৰ্থ হয়। তেখেতে বিভাজনৰ পিছত হোৱা সংঘৰ্ষৰ ফলস্বৰূপে পূব পাকিস্তানৰ পৰা অহা লাখ লাখ হিন্দু শৰনাৰ্থীৰ পুনৰ্সংস্থাপনতো সহায় কৰে। তেখেতৰ কাৰ্যাৱলীৰ কাৰণেই বাংলাদেশৰ মুক্তিযুদ্ধ পৰ্যন্ত অসমৰ সাম্প্ৰদায়িক শান্তি অটুট থাকে। গোপীনাথ বৰদলৈৰ আশাশুধীয়া চেষ্টাতে গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, অসম চিকিৎসা মহাবিদ্যালয়, অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, বন প্ৰশিক্ষণ মহাবিদ্যালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, কামৰূপ একাডেমী, বি বৰুৱা মহাবিদ্যালয়, শৰণীয়া কস্তুৰবা আশ্ৰম, বকোৰ মৌমেন আশ্ৰম, অসম কৃষি বিশ্ববিদ্যালয়, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, কো-অপাৰেটিভ প্ৰশিক্ষণ মহাবিদ্যালয়, অসম ৰাজ্যিক সংগ্ৰহালয়, যোৰহাট কাৰিকৰী বিদ্যালয় আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন হয়। আজীৱন তেখেত গান্ধীৰ আদৰ্শৰ বিশ্বাসী আছিল। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হোৱাত গোপীনাথ বৰদলৈয়ে স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী হৈছিল। মুখ্যমন্ত্ৰী হৈয়ো তেখেতে সৰল জীৱন যাপন কৰিছিল।[5]

দেহাৱসান[সম্পাদনা কৰক]

১৯৫০ চনৰ ৫ আগষ্টত গোপীনাথ বৰদলৈয়ে ইহলীলা সম্বৰণ কৰে। সেইদিনা আছিল শনিবাৰ। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্যমন্দিৰত 'প্ৰতিবাদ' নামৰ এখন নাটকৰ আয়োজন কৰা হৈছিল। নাটকখনৰ বিশেষত্ব আছিল যে তাত সহ-অভিনয়ৰ আৰম্ভ কৰা হৈছিল আৰু নাটখনি উদ্বোধন মুখ্যমন্ত্ৰী বৰদলৈক আমন্ত্ৰণ জনোৱা হৈছিল। বৰদলৈদেৱে উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈকে সেইদিনা শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহিছিল আৰু সন্ধিয়াৰ আগে আগে গুৱাহাটী পাইছিল। সন্ধ্যা ঠিক ৭ বজাত নাটক উদ্বোধন কৰিছিল আৰু ৮ বজাৰ লগে লগে তেওঁ ৰাইজৰ পৰা বিদায় মাগিব বিচাৰিছিল যদিও সৰু সৰু ল'ৰা-ছোৱালী কেইটিৰ কাৰণে সেই অনুষ্ঠানত ৯ বজালৈকে থাকিবলৈ বাধ্য হৈছিল। তাৰ পিছত তেওঁ উলুবাৰী নিজা ঘৰলৈ ৰাওনা হৈছিল, নিশা ১০ বজাত তেওঁ ভাত-পানী খাই বিছনাত শুই পৰিছিল। কিন্তু ঠিক ১১ মান বজাৰ লগে লগে অকস্মাৎ তেওঁ হৃদযন্ত্ৰত এটা বেদনা অনুভৱ কৰিছিল আৰু সেই বেদনা ক্ৰমশঃ গুৰুতৰ হৈ আহিছিল। তেওঁৰ এই অসুখৰ খৱৰ পাই চিকিৎসক ভুবনেশ্বৰ বৰুৱাকে ধৰি আন কেইজনমান মুখিয়াল ডাক্তৰ আহিল যদিও তেওঁৰ সেই বেমাৰ উপশম কৰিব নোৱাৰিলে। বৰদলৈয়ে মাথোঁঁ এবাৰ ভঙা ভঙা মাতেৰে কৈছিল, "এইবাৰ মই ৰক্ষা পাম এনে আশা নাই। " সেইদিনা ৰাতিয়ে ২:৪০ মিনিটত ৬০ বছৰ বয়সত তেওঁৰ নৰ নাটৰ সামৰণি পৰিছিল। শৱযাত্ৰাৰ সময়ত অৰ্ধনমিত জাতীয় পতাকা আৰু ফুলৰ মালাৰে সুশোভিত মটৰ এখনত তেওঁৰ শৱধাৰা তুলি লোৱা হৈছিল। শৱধাৰাৰ আগে আগে উৰুলি আৰু হৰিধ্বনি কৰা হৈছিল। প্ৰায় আধা মাইল জোৰা শোভাযাত্ৰাত হাজাৰ হাজৰ জনতা, অসম পুলিচৰ বেটেলিয়ন আৰু সশস্ত্ৰ পুলিচ বাহিনীয়ে মৌনভাবে শেষ সন্মান প্ৰদৰ্শন কৰিছিল। ঠায়ে ঠায়ে সমবেত জনতাই আখৈ, চন্দন, দুৱা, অক্ষত পুষ্প আদি বৰ্ষণ কৰিছিল। চহৰ প্ৰদক্ষিণৰ পিছত শৱধাৰা কংগ্ৰেছ অফিচলৈ নিয়া হৈছিল আৰু তাতে জাতীয় পতাকাৰে শ আবৃত্ত কৰা হৈছিল। তাৰ পিছত নৱগ্ৰহ শ্মশানলৈ নি নানা ধৰণৰ ৰাজকীয় সন্মান প্ৰদৰ্শন কৰাৰ পিছত অন্তষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

ৰচনাৱলী[সম্পাদনা কৰক]

গোপীনাথ বৰদলৈ এগৰাকী লেখকো আছিল। তেখেতে বিশেষকৈ শিশুহঁতৰ বাবে বহুকেইখন কিতাপ লিখি থৈ গৈছে।[6]

  • শ্ৰীৰামচন্দ্ৰ
  • বুদ্ধদেৱ
  • যীশুখ্ৰীষ্ট
  • হজৰত মহম্মদ
  • গান্ধীজী
  • তৰুণৰাম ফুকন
  • অনাসক্তি যোগ

ভাৰত-ৰত্ন সন্মান[সম্পাদনা কৰক]

১৯৯৯ চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈক সেই সময়ৰ অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন ভাৰত চৰকাৰে মৰণোত্তৰভাৱে দেশৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন উপাধি প্ৰদান কৰে। গোপীনাথ বৰদলৈ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত এই সন্মান লাভ কৰা সৰ্বপ্ৰথম ব্যক্তি। ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সমাৰোহত ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনে প্ৰয়াত বৰদলৈৰ পত্নী সুৰবালা বৰদলৈৰ হাতত এই সন্মান অৰ্পণ কৰে। ভাৰত চৰকাৰে বৰদলৈৰ নামত এটি 'প্ৰচ্ছদ খাম' মুকলি কৰিছে। তদুপৰি তেওঁৰ জন্মস্থান ৰহাত অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত ৰহা চিকিৎসালয়ৰ ডাক্তৰ আবাস গৃহৰ ঘৰ-মাটি অধিগ্ৰহণ কৰি তাত এটা মিউজিয়াম সদৃশ অনুষ্ঠান পতাৰ বাবে ব্যৱস্থা কৰি তাৰ আধাৰশিলা ৰাজ্যপালে স্থাপন কৰিছে। গুৱাহাটী বৰঝাৰ বিমানবন্দৰটো গোপীনাথ বৰদলৈৰ নামেৰে নামকৰণ কৰা হৈছে।[5]

অনান্য সন্মান আৰু দিৱস[সম্পাদনা কৰক]

৫ আগষ্ট তেখেতৰ মৃত্যু দিনটো লোক কল্যাণ দিৱস হিচাপে উদযাপন কৰা হ'ব বুলি অসম চৰকাৰে ঘোষণা কৰে। লগতে উক্ত দিনটোত প্ৰতিখন জিলাৰ তিনিজনকৈ তৃতীয়-চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰীক নিৰ্বাচন কৰা হ’ব। যিসকলৰ বিৰুদ্ধে কোনোধৰণৰ দুৰ্নীতিৰ অভিযোগ নথকাৰ লগতে কৰ্মচাৰীজনৰ দক্ষতাও থাকে ৷ উপহাৰস্বৰূপে নিৰ্বাচিত কৰ্মচাৰীজনৰ চাকৰিৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Lokpriya's 129th birth anniversary celebrated at Raha". The Assam Tribune. http://www.assamtribune.com/scripts/detailsnew.asp?id=jun0918/state051. [সংযোগবিহীন উৎস]
  2. "Lokapriya Gopinath Bordoloi". www.assaminfo.com. http://www.assaminfo.com/famous-people/20/lokapriya-gopinath-bordoloi.htm। আহৰণ কৰা হৈছে: 2020-04-29. 
  3. 3.0 3.1 3.2 3.3 কুৰি শতিকাৰ কুৰিজন বিশিষ্ট অসমীয়া, সম্পাদক: প্ৰণতি শৰ্মা, অনিল শৰ্মা; জাৰ্নাল এম্প'ৰিয়াম, ১৯৯৯
  4. Yash, Mishra (23 February 2020). "Gopinath Bordoloi: Saving Assam, a Fight to the Finish" (en ভাষাত). www.livehistoryindia.com (www.livehistoryindia.com). Archived from the original on 27 February 2021. https://web.archive.org/web/20210227115330/https://www.livehistoryindia.com/history-daily/2020/02/23/gopinath-bordoloi-saving-assam-a-fight-to-the-finish. 
  5. 5.0 5.1 5.2 5.3 5.4 5.5 5.6 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ১৪৬-১৬৩. 
  6. http://www.indiaonline.in/About/Personalities/Freedom-Fighters/Gopinath-Bordoloi.aspx
  7. লোক কল্যাণ দিৱস, আহৰণ: ১৮ জুন, ২০২২।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]