গোপীনাথ বৰদলৈ
| গোপীনাথ বৰদলৈ | |
|---|---|
| জন্ম | ৬ জুন,১৮৯০ |
| জন্মস্থান | ৰহা |
| মৃত্যু | ৫ আগষ্ট,১৯৫০ |
| মৃত্যুস্থান | গুৱাহাটী |
| পেশা | ৰাজনীতিজ্ঞ, স্বাধীনতা সংগ্ৰামী, সমাজ সেৱক |
গোপীনাথ বৰদলৈ (৬ জুন ১৮৯০–৫ আগষ্ট ১৯৫০) আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী । ৰাজনীতিৰ ক্ষেত্ৰত তেখেত মহাত্মা গান্ধীৰ অহিংসা নীতিৰ সমৰ্থক আছিল । অসম আৰু অসমীয়াৰ প্ৰতি তেখেতে জীৱন উছৰ্গা কৰা বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামএ তেখেতক "লোকপ্ৰিয়" উপাধিৰে বিভূষিত কৰিছিল [1] ।
সূচী |
[সম্পাদনা কৰক] প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৮৯০ চনৰ ৬ জুনত ৰহাত গোপীনাথ বৰদলৈৰ জন্ম হয় । তেখেতৰ পিতৃ আছিল বুদ্ধেশ্বৰ বৰদলৈ আৰু মাতৃ প্ৰাণেশ্বৰী বৰদলৈ । তেখেতৰ ১২ বছৰ বয়সতে মাতৃ-বিয়োগ হয় । ১৯০৭ চনত মেট্ৰিকুলেচন পৰীক্ষাত ঊত্তীৰ্ণ হোৱাৰ পিছত কটন মহাবিদ্যালয়ত ভৰ্ত্তি হয় । তাৰ পৰা ১৯০৯ চনত আই.এ. পৰীক্ষাত ঊত্তীৰ্ণ হয় আৰু স্কটিছ চাৰ্চ কলেজত নামভৰ্ত্তি কৰে । তৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ১৯১৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । তাৰ পিছত তেখেতে তিনি বছৰ কাল আইন পঢ়ে যদিও শেষ পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ গুৱাহাটীলৈ ঘূৰি আহে । গুৱাহাটীত তৰুণ ৰাম ফুকনৰ অনুৰোধক্ৰমে তেখেতে সোণাৰাম হাইস্কুলৰ প্ৰধান শিক্ষকৰ অস্থায়ী পদত যোগ দিয়ে । সেই সময়ছোৱাতে তেখেতে পুনৰ আইনৰ পৰীক্ষাত বহে আৰু ঊত্তীৰ্ণ হৈ ১৯১৭ চনত গুৱাহাটীত ওকালতি আৰম্ভ কৰে ।
[সম্পাদনা কৰক] ৰাজনৈতিক জীৱন
সেই সময়ত অসমৰ একমাত্ৰ ৰাজনৈতিক অনুষ্ঠান আছিল "অসম এছ’চিয়েচন" । ১৯২২ চনতহে ভাৰতীয় জাতীয় কংগ্ৰেছৰ শাখা হিছাপে অসম কংগ্ৰেছৰ কাম-কাজ আৰম্ভ হয় । সেই বছৰতে গোপীনাথ বৰদলৈয়ে কংগ্ৰেছত স্বেচ্ছাসেৱী হিছাপে যোগ দিয়ে আৰু ৰাজনৈতিক জীৱনৰ পাতনি মেলে । ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেখেতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে । ১৯২২ চনত অসহযোগ আন্দোলনৰ সময়ত তেখেতক গ্ৰেপ্তাৰ কৰি এবছৰ কাৰাবাস দিয়া হয় । চৌৰিচৌৰাৰ ঘটনাৰ পিছত অসহযোগ আন্দোলন বাতিল কৰা হয় আৰু বৰদলৈয়ে পুনৰ ওকালতি আৰম্ভ কৰে । ১৯৩০ৰ পৰা ১৯৩৩ চন পৰ্য্যন্ত তেখেতে ৰাজনৈতিক কাৰ্য্যকলাপৰ পৰা নিজকে আঁতৰাই ৰাখি সমাজসেৱাত মনোনিবেশ কৰে । তেখেত গুৱাহাটী পৌৰসভাৰ সদস্যও নিৰ্বাচিত হয় । তাৰোপৰি তেখেতে অসমৰ বাবে সুকীয়া বিশ্ববিদ্যালয় আৰু উচ্চ ন্যায়ালয়ৰ দাবী জোৰদাৰ কৰি তোলে ।
১৯৩৫ চনত ব্ৰিটিছ ভাৰত গঠন কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰ আইন ৰচনা কৰা হয় । সেইবাবে অসম কংগ্ৰেছে ১৯৩৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লয় । তেওঁলোকে ৩৮ খন আসনত জয়লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে যদিও মন্ত্ৰী আৰু মন্ত্ৰীসভাৰ শক্তি কৰ্তন কৰাৰ এক হঠকাৰী নিয়মৰ বিৰোধিতা কৰি তেওঁলোকে বিৰোধী দল হিছাপেই থকাৰ মন মেলে । গোপীনাথ বৰদলৈ এই বিৰোধী দলৰ দলপতি নিৰ্বাচিত হয় । কংগ্ৰেছৰ বাহিৰে আন আন দলৰ সমৰ্থনত মহম্মদ ছাদুল্লাই মন্ত্ৰীসভা গঠন কৰে । কিন্তু ৰাইজৰ মৌলিক সমস্যাবোৰৰ সমাধানত চৰকাৰৰ আওকণীয়া মনোভাৱৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ শক্তি লাহে লাহে বাঢ়ি আহে । ১৯৩৮ চনত মঃ ছাদুলা মন্ত্ৰীসভাই পদত্যাগ কৰে । তেতিয়া ৰাজ্যপালে গোপীনাথ বৰদলৈক মন্ত্ৰীসভাৰ গঠন কৰিবলৈ আহ্বান জনায আৰু সেই বছৰৰে ২১ ছেপ্তেম্বৰত তেখেতে মুখ্যমন্ত্ৰী হিছাপে শপত গ্ৰহণ কৰে [2] ।
গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মূল কাৰণসমূহ আছিল তেখেতৰ ৰাজনৈতিক বিচক্ষণতা, মনোমোহা ব্যক্তিত্ব, সত্যবাদীতা আৰু আচৰণ যাৰ বাবে তেখেতৰ সহকৰ্মীসকলৰ উপৰিও বিভিন্ন সম্প্ৰদায়ৰ লোক আকৃষ্ট হৈ পৰিছিল । তেখেতৰ কৰ্মপন্থা আৰু বিচক্ষণতাৰ ফলতে কংগ্ৰেছ এক শক্তিশালী ৰাজনৈতিক দল হৈ পৰে । মুখ্যমন্ত্ৰী হিছাপে তেখেতৰ উল্লেখযোগ্য সফলতাসমূহ আছিল মাটিৰ খাজানা বন্ধ কৰা, কানি নিবাৰণী আইন গঠন, থলুৱা লোকৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিবলৈ পমুৱা মুছলমানক মাটিৰ পত্তা দিয়া বন্ধ কৰা আদি [3] ।
১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ বাবে চৰকাৰ বেছিদিন বৰ্তি নাথাকিল । ১৯৪০ চনত মহাত্মা গান্ধীৰ আহ্বানত বৰদলৈ মন্ত্ৰীসভাই পদত্যাগ কৰে । ১৯৪০ চনত তেখেতক পুনৰ গ্ৰেপ্তাৰ কৰা হয় যদিও শাৰীৰিক অসুস্থতাৰ হেতু এবছৰ হোৱাৰ আগতেই জেলৰপৰা মুক্তি দিয়া হয় । ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হয় । তেতিয়া কংগ্ৰেছ দলক বেআইনী ঘোষনা কৰা হয় আৰু সকলো নেতাক গ্ৰেপ্তাৰ কৰা হয় ।
একে সময়তে ব্ৰিটিছক দ্বিতীয় বিশ্বযুদ্ধ সহায় কৰাৰ প্ৰতিশ্ৰুতি দি মঃ ছাদুলাই পুনৰবাৰ চৰকাৰ গঠন কৰে আৰু সোনকালেই সাম্প্ৰদায়িক কাৰ্য্য-কলাপত লিপ্ত হৈ পৰে । ১৯৪৪ চনত জেলৰ পৰা ওলায়েই গোপীনাথ বৰদলৈয়ে আন আন নেতাৰ সহায়ত চৰকাৰৰ এনে কামৰ বিৰোধীতা কৰিবলৈ ধৰে । উপায়হীন হৈ মঃ ছাদুলাই বৰদলৈক আলোচনাৰ বাবে মাতি পঠিয়ায় আৰু তেওঁলোকৰ মাজত এখন চুক্তি হয় । এই চুক্তিৰ আধাৰত আধাৰত চৰকাৰে সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া, সভা-সমিতি বা শোভযাত্ৰাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা, পমুৱা মুছলমানৰ পুনৰ্সংস্থাপন প্ৰক্ৰিয়া শুদ্ধ কৰা আদিৰ প্ৰস্তাৱ দিয়ে ।
১৯৪৫ চনৰ জুলাই মাহত ব্ৰিটিছে আঞ্চলিক আৰু কেন্দ্ৰীয় নিৰ্বাচনৰ পিছত ভাৰতৰ বাবে এক নতুন সংবিধান ৰচনা কৰাৰ কথা ঘোষণা কৰে । অসম কংগ্ৰেছেও ১৯৪৬ চনৰ নিৰ্বাচনত অংশ লৈ ১০৮ টা আসনৰ ভিতৰত ৬১ টাত জয়লাভ কৰি সংখ্যাগৰিষ্ঠতা পায় । তেওঁলোকে চৰকাৰ গঠন কৰে আৰু গোপীনাথ বৰদলৈ সৰ্বসন্মতভাৱে মুখ্যমন্ত্ৰী নিৰ্বাচিত হয় ।
[সম্পাদনা কৰক] কেবিনেট কমিছন আৰু বৰদলৈৰ ভূমিকা
১৯৪৬ চনত ভাৰতৰ স্বাধীনতাৰ দাবী আলোচনা কৰিবলৈ ব্ৰিটিছ চৰকাৰএ এখন কেবিনেট কমিছন গঠন কৰে । ইয়াৰ সদস্যসকলে ছিমলা আৰু দিল্লীত কংগ্ৰেছ আৰু মুছলিম লীগৰ লগত সুকীয়া সুকীয়া আলোচনাত বহে । তেওঁলোকৰ আঁচনি অনুসৰি ৰাজ্যবোৰক তিনিটা গোটত ভগোৱা হ’ব আৰু সেইমতে তৃতীয় গোটত থাকিবলগীয়া অসম আৰু বংগৰ সংবিধান ৰচনা কৰিবলৈ প্ৰতিনিধি নিৰ্বাচন কৰা হ’ব । গোপীনাথ বৰদলৈয়ে ইয়াৰ সৰ্বনশীয়া পৰিণতি অনুমান কৰিব পাৰিলে কাৰণ গ্ৰুপত সোমোৱা মাত্ৰকে অসমীয়া মানুহ বংগৰ তুলনাত সংখ্যালঘূ হৈ পৰিবাৰু তেওঁলোকৰ অধিকাৰ খৰ্ব হ’ব ।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গ্ৰুপিং আঁচনিৰ বিৰোধীতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে । গোপীনাথ বৰদলৈয়ে ভাৰতীয় কংগ্ৰেছৰ কাৰ্য্যকৰী কমিটি, কেবিনেট কমিটি আৰু ভাইচৰয়ক জনালে যে অসমৰ প্ৰতিনিধিয়ে তেওঁলোকৰ সংবিধান নিজেই ৰচনা কৰিব আৰু গ্ৰুপত সোমোৱা-নোসোমোৱাৰ সিদ্ধান্ত নিজৰ মাজতে ল’ব । ইয়াৰ পিছত কেবিনেট কমিটিয়ে ঘোষণা কৰিলে যে গ্ৰুপত সোমোৱাটো প্ৰতিখন ৰাজ্যৰ বাবে বাধ্যতামূলক আৰু পিছত তেওঁলোকে ইচ্ছা কৰিলে তাৰ পৰা ওলাই আহিব পাৰিব । এই ঘোষণাই পৰিস্থিতি আৰু জটিল কৰি তুলিলে । তাৰ পিছত বৰদলৈয়ে জাতীয় কংগ্ৰেছৰ নেতাসকলক লগ ধৰি বুজালে যদিও কোনো ফল নধৰিল । তেখেতে অসম কংগ্ৰেছৰ লগ লাগি গণ বিক্ষোভ আৰম্ভ কৰাৰ পাং পাতিলে । তেতিয়াহে ভাৰতীয় কংগ্ৰেছৰ কাৰ্য্যকৰী কমিটিৰ গা লৰিল আৰু তেওঁলোকক এই বিষয়ে বিধানসভাত সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ উপদেশ দিলে । তাৰ পিছত বিধানসভাৰ সদস্যসকল একমত হ’ল যে অসমৰ দহজন প্ৰতিনিধিয়ে কোনো গ্ৰুপত অন্তৰ্ভুক্ত নোহোৱাকৈ নিজৰ সংবিধান ৰচনা কৰিব আৰু পিছলৈ ভাৰতীয় সংবিধান ৰচনাৰ বাবে ৰাষ্ট্ৰীয় কমিটিৰ লগত মিলিত হ’ব ।
জৱাহৰলাল নেহৰু আৰু মুছলিম লীগে এই সকলোবোৰ আওকাণ কৰি গ্ৰুপিং আঁচনি ৰুপায়ণৰ বাবে হাত মিলালে । উপায়ন্তৰ হৈ গোপীনাথ বৰদলৈয়ে মহাত্মা গান্ধীৰ ওচৰ চাপিল আৰু তেখেতে বৰদলৈক গ্ৰুপঙৰ বিৰোধীতা কৰি যাবলৈ উপদেশ দিলে ।
১৯৪৭ চনত লৰ্ড মাউণ্টবেটেনএ নতুন ভাইচৰয় হিছাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে । তেওঁ মুছলিম লীগ, কংগ্ৰেছ আৰু মহাত্মা গান্ধীৰ লগত সুকীয়া সুকীয়া আলোচনাত মিলিত হ’ল । তেওঁলোকে গ্ৰুপিঙৰ পৰিৱৰ্তে বিভাজনক স্বাধীনতাৰ স্থায়ী সমাধান বুলি মত পোষণ কৰিলে । ভাৰত আৰু পাকিস্তান দুখন বেলেগ দেশলৈ পৰিৱৰ্তিত হ’ল ।
এইদৰেই গোপীনাথ বৰদলৈয়ে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । তেখেতৰ বাহিৰে আন কোনো নেতাই যে সেই দুৰ্যোগৰ কালছোৱাত সাহসেৰে বাট দেখুৱাব পাৰিলেহেতেন তাত সন্দেহৰ থল আছে [4] ।
[সম্পাদনা কৰক] মুখ্যমন্ত্ৰী হিছাপে অৱদান
ভাৰতৰ স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈয়ে চৰ্দাৰ বল্লভ ভাই পেটেলৰ লগ লাগি এফালে চীন আৰু আনফালে পূব পাকিস্তানৰ পৰা অসমৰ সাৰ্বভৌমত্ত্ব সুৰক্ষিত কৰিবলৈ সমৰ্থ হয় । তেখেতে বিভাজনৰ পিছত হোৱা সংঘৰ্ষৰ ফলস্বৰূপে পূব পাকিস্তানৰ পৰা অহা লাখ লাখ হিন্দু শৰনাৰ্থীৰ পুনৰ্সংস্থাপনতো সহায় কৰে । তেখেতৰ কাৰ্যাৱলীৰ কাৰণেই বাংলাদেশৰ মুক্তিৰ যুঁজ পৰ্যন্ত অসমৰ সাম্প্ৰদায়িক শান্তি অটুট থাকে । গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, অসম চিকিৎসা মহাবিদ্যালয়, অসম পশু চিকিৎসা মহাবিদ্যালয় আদিৰ স্থাপন কৰাৰ ক্ষেত্ৰতো বৰদলৈয়ে আগভাগ লয় । জেলত থাকোতেই তেখেতে "শ্ৰীৰামচন্দ্ৰ", "হজৰত মহম্মদ", "বুদ্ধদেৱ" আদি গ্ৰন্থও লিখে । আজীৱন তেখেত গান্ধীৰ আদৰ্শৰ বিশ্বাসী আছিল । মুখ্যমন্ত্ৰী হৈয়ো তেখেতে সৰল জীৱন যাপন কৰিছিল । ১৯৫০ চনৰ ৫ আগষ্টত গোপীনাথ বৰদলৈয়ে ইহলীলা সম্বৰণ কৰে ।
১৯৯৯ চনত তেখেতক মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয় [5] ।
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ কুৰি শতিকাৰ কুৰিজন বিশিষ্ট অসমীয়া,সম্পাদক-ড: প্ৰণতি শৰ্মা,অনিল শৰ্মা;জাৰ্নাল এম্প’ৰিয়াম,১৯৯৯
- ↑ কুৰি শতিকাৰ কুৰিজন বিশিষ্ট অসমীয়া,সম্পাদক-ড: প্ৰণতি শৰ্মা,অনিল শৰ্মা;জাৰ্নাল এম্প’ৰিয়াম,১৯৯৯
- ↑ কুৰি শতিকাৰ কুৰিজন বিশিষ্ট অসমীয়া,সম্পাদক-ড: প্ৰণতি শৰ্মা,অনিল শৰ্মা;জাৰ্নাল এম্প’ৰিয়াম,১৯৯৯
- ↑ কুৰি শতিকাৰ কুৰিজন বিশিষ্ট অসমীয়া,সম্পাদক-ড: প্ৰণতি শৰ্মা,অনিল শৰ্মা;জাৰ্নাল এম্প’ৰিয়াম,১৯৯৯
- ↑ "Padma Awards Directory (1954-2007)". Ministry of Home Affairs. http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf. Retrieved 7 December 2010.