গুৱাহাটী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুৱাহাটী
মন্দিৰৰ নগৰ, উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ
—  মহানগৰ  —
ঘড়ীৰ কাটাৰ দিশত ওপৰৰ বাওঁফালৰ পৰা: ডিভাইন প্লাজা মল, নেডফি হাউছ, ম'নাল প্লাজা, অনিল প্লাজা ডাউনটাউন গুৱাহাটী, পাহাৰৰ পৰা ৰাতিৰ দৃশ্য, গুৱাহাটীত কুঁৱলী, গনেশগুৰি উৰণীয়া সেঁতু, ডি টি টাৱাৰ্ছ
গুৱাহাটী
গুৱাহাটীৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°11′0″N 91°44′0″E / 26.183333°N 91.733333°E / 26.183333; 91.733333
দেশ  ভাৰত
অঞ্চল নামনি অসম
ৰাজ্য অসম
জিলা কামৰূপ মহানগৰ
মেয়ৰ আবিৰ পাত্ৰ (ভাৰতীয় জাতীয় কংগ্ৰেছ)
উপায়ুক্ত আশুতোষ অগ্নি্হোত্ৰী, ACS[1]
জনসংখ্যা

ঘনত্ব

25,08,021 (44) (2009)

৪,৫১১ /km2 (১১,৬৮৩ /sq mi) (44) (2010)

সময়াঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স. +০৫:৩০)
মাটিকালি

উচ্চতা

>556 km (345 mi)>

55 m (180 ft)

ৱেবছাইট গুৱাহাটী

গুৱাহাটী, (ইংৰাজী: গুৱাহাটী) বা পূৰ্বতে কোৱা "গৌহাটী" ভাৰতঅসম ৰাজ্যৰ এখন মহানগৰ। ইয়াক প্ৰাচীন কালত "প্ৰাগজ্যোতিষপুৰ" নামেৰে জনা গৈছিল। ই উত্তৰ-পূব ভাৰতৰ বৃহত্তম মেট্ৰ'প'লিটান এলেকা আৰু কলকাতা, পাটনাৰ পিছত পূব ভাৰতৰ তৃতীয় বৃহৎ নগৰ। ইয়াক উত্তৰ-পূব ভাৰতৰ 'প্ৰৱেশদ্বাৰ' বুলিও কোৱা হয়। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ২,৫০৮,২০১ জন। যোৱা দশককেইটাত গুৱাহাটীৰ যথেষ্ট ভৌগোলিক আৰু জনসংখ্যাৰ পৰিৱৰ্তন হৈছে। প্ৰাচীন প্ৰাগজ্যোতিষপুৰ আছিল কামৰূপ ৰাজ্যৰ ৰাজধানী। বৰ্তমানেও ইয়াত বহুতো পুৰণি মঠ-মন্দিৰ দেখিবলৈ পোৱা যায়। কামাখ্যা মন্দিৰ, উমানন্দ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, শুক্ৰেশ্বৰ মন্দিৰ, বশিষ্ঠ মন্দিৰ, দৌল গোবিন্দ মন্দিৰ আদি এইবোৰৰ ভিতৰত অন্যতম।

গুৱাহাটী মহানগৰৰ দক্ষিণে আছে ব্ৰহ্মপুত্ৰ নদী, উত্তৰে ছিলঙৰ পাহাৰ, পূবত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু পশ্চিমে নাৰেঙ্গী অৱস্থিত। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেও উত্তৰ গুৱাহাটীৰ ৰূপত ইয়াৰ লাহে লাহে পৰিবৰ্ধন হৈছে। গুৱাহাটী পৌৰ নিগমৰ অধীনত থকা অঞ্চল হৈছে ২১৬ বৰ্গকি:মি: আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনত ৩৪০ বৰ্গকি:মি: এলেকা আছে।

গুৱাহাটী উত্তৰ-পূব ভাৰতৰ এক প্ৰধান বাণিজ্যিক আৰু শৈক্ষিক কেন্দ্ৰ। ইয়াত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ দৰে বিশ্বস্তৰৰ শিক্ষানুষ্ঠানৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন মহাবিদ্যালয়ৰ দৰে গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান অৱস্থিত। গুৱাহাটী উত্তৰ পূব ভাৰতৰ সাংস্কৃতিক, ৰাজনৈতিক, প্ৰশাসনিক কাম-কাজৰো এক অন্যতম কেন্দ্ৰ। উত্তৰ পূব ভাৰতৰ অন্য স্থানসমূহলৈ যাবৰ বাবে গুৱাহাটী এক প্ৰধান বিকল্প। গুৱাহাটী আৰু ইয়াৰ চৌপাশৰ অঞ্চলসমূহত যথেষ্ট সংখ্যক হাতী, বাঘ, বান্দৰ আদি জীৱ-জন্তু আছে।[2] চৰাই-চিৰিকতিৰ ফালৰ পৰাও এই অঞ্চল ধনী।[3]

নামৰ উৎপত্তি[সম্পাদনা কৰক]

গুৱাহাটী নামটো অসমীয়া ভাষাৰ দুটা শব্দ 'গুৱা' (অৰ্থ- তামোল) আৰু 'হাট' (অৰ্থ- বজাৰ)ৰ পৰা উদ্ভৱ হৈছে। ব্ৰিটিছ উপনিবেশৰ কালত এই নামটো "গৌহাটী" বুলি কোৱা হৈছিল আৰু ১৯৮০ৰ দশকৰ শেষৰফালে ই বৰ্তমানৰ ৰূপ পায়।

ইতিহাস[সম্পাদনা কৰক]

গুৱাহাটীৰ কিংবদন্তী আৰু ইতিহাস কেইবাহাজাৰ বছৰৰ পুৰণি। নগৰখনৰ উৎপত্তিৰ কথা জনা নাযায় যদিও মহাকাব্য, পুৰাণ আৰু আন পৰম্পৰাগত ইতিহাসত উল্লেখ কৰা কাহিনীসমূহৰ পৰা ইয়াক এছিয়াৰ এখন অন্যতম পুৰণি নগৰ বুলি অনুমান কৰিব পাৰি।

ইতিহাসৰ মতে গুৱাহাটী কেইবাখনো প্ৰাচীন ৰাজ্যৰ ৰাজধানী আছিল। মহাভাৰতৰ মতে ই নৰকাসুৰ আৰু ভগদত্তৰ ৰাজ্যৰ ৰাজধানী আছিল। নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰ, চিত্ৰাচল পাহাৰত অৱস্থিত প্ৰাচীন জ্যোতিষচৰ্চাৰ মন্দিৰ নৱগ্ৰহ, বশিষ্ঠৰ পুৰাতাত্বিক সম্পদ আৰু আন আন ঠায়ে নগৰখনৰ কিংবদন্তীমূলক ইতিহাসৰ কথাকে সমৰ্থন কৰিছে।

আমবাৰীৰ খননকাৰ্যত ষষ্ঠ খ্ৰীষ্টাব্দত নগৰখনৰ অৱস্থিতিৰ কথা জানিব পৰা গৈছে। বেলেগ বেলেগ সময়ত নগৰখনক 'প্ৰাগজ্যোতিষপুৰ' (পূবৰ পোহৰ) আৰু দুৰ্জয় বুলি জনা গৈছিল আৰু ই কামৰূপ ৰাজ্যবৰ্মণ আৰু পাল ৰাজবংশৰ ৰাজধানী আছিল। হিউৱেন চাঙৰ লিখনিৰ পৰা জানিব পৰা যায় যে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা ভাস্কৰবৰ্মণৰ (৭ম খ্ৰীষ্টাব্দ) ৰাজত্বকালত নগৰখনৰ বিস্তৃতি আছিল ১৯ কি:মি:, লগতে সম্ভৱতঃ ই ৰজাৰ ৩০,০০০ যুঁজাৰু নাওসমৃদ্ধ জলবাহিনীৰ প্ৰধান ঘাটি আছিল। পাল বংশৰ শাসনকালত ই ১০ম-১১শ শতিকালৈকে অসমৰ ৰাজধানী আছিল। আমবাৰীৰ খননকাৰ্য তথা কটন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ সাজোতে কৰা খননত উদ্ধাৰ হোৱা ইটাৰ দেৱাল আৰু ঘৰবোৰৰ পৰা ইয়াক ৯ম-১১শ শতিকা সময়ছোৱাৰ এখন অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ বৃহৎ নগৰ বুলি অনুমান কৰিব পাৰি।

দীঘলী পুখুৰী

১২শ-১৫শ শতিকাৰ মাজত মধ্যযুগৰ সময়ছোৱাত কমতা ৰাজ্যৰ পতনৰ পিছত নগৰখনে পূৰ্বৰ গৰিমা হেৰুৱায় আৰু প্ৰধানতঃ পশ্চিমৰ কোচ হাজো আৰু পূবৰ আহোম ৰাজ্যৰ কূটনৈতিক থলী হৈ পৰে। মোগলৰ হাতত কোচ ৰাজ্যৰ পশ্চিমভাগ (কোচ বিহাৰ)ৰ পতন হোৱাৰ পিছত পূবৰ ভাগটো (কোচ হাজো) আহোমৰ অধীন হৈ পৰে। আহোম আৰু মোগলৰ মাজৰ সীমা কৰতোৱা নদী (এতিয়াৰ উত্তৰ বঙ্গত) বা মানস নদী নিৰ্ধাৰণ হ'লেও গুৱাহাটী এক গুৰুত্বপূৰ্ণ ঘাটি হৈ থাকিল।

নগৰখন আহোম ৰজাই পাতি দিয়া নামনি অসমৰ সেনা প্ৰধান বৰফুকনৰ ঘাটি আছিল। বৰ্তমানৰ ফাঁচী বজাৰৰ ঠাইত বৰফুকনত বাসগৃহ আছিল আৰু তেওঁৰ পাৰিষদ-গৃহ আছিল (দোপদাৰ) বৰ্তমান ভৰলুৰ ২৭৪ মিটাৰ পশ্চিমে। বৰফুকনৰ ব্যক্তিগত সচিব মজিন্দাৰ বৰুৱাৰ বাসগৃহ আছিল বৰ্তমানৰ উপায়ুক্তৰ বাসভৱনৰ ঠাইত। (Baruah 1992:200–201)

মোগলে অসম জয় কৰিবলৈ ১৭বাৰ প্ৰচেষ্টা চলাইছিল যদিও প্ৰতিবাৰেই পৰাজিত হৈছিল। গুৱাহাটীৰ ওচৰৰ শৰাইঘাটত হোৱা ১৬৭১ চনৰ যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই মোগলক পৰাস্ত কৰিছিল। গুৱাহাটীৰ সমীপৱৰ্তী অঞ্চলত থকা "মোমাই-কটা গড়" (লাচিতে কামত গাফিলতি কৰা বাবে মোমায়েকৰ শিৰচ্ছেদ কৰা কাহিনীৰ পৰা হোৱা নাম) আহোমসকলৰ কঠোৰ শ্ৰম আৰু যুঁজাৰু মনোভাৱৰ পৰিচায়ক।

গুৱাহাটীত বহুতো বুৰঞ্জীমূলক স্থান আছে। চাৰিচুকীয়া দীঘলী পুখুৰীৰ ব্ৰহ্মপুত্ৰৰ লগত সংযোগ আছিল আৰু সম্ভৱতঃ ইয়াক মধ্যযুগত আহোমৰ দ্বাৰা নাৱৰ বন্দৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। তাৰোপৰি বহুতো পুখুৰী, মন্দিৰ, গড় আদি দেখিবলৈ পোৱা যায়। সকলোতকৈ গুৰুত্বপূৰ্ণ পুৰাতাত্বিক স্থান হৈছে দীঘলী পুখুৰীৰ ওচৰৰ আমবাৰী।

গুৱাহাটী মহানগৰৰ দৃশ্য

জলবায়ু[সম্পাদনা কৰক]

গুৱাহাটীৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 30
(86)
33
(91)
38
(100)
40
(104)
38
(100)
40
(104)
37
(99)
37
(99)
37
(99)
35
(95)
32
(90)
28
(82)
40
(104)
গড় উষ্ণতা - উচ্চ °C (°F) 23
(73)
25
(77)
30
(86)
31
(88)
31
(88)
31
(88)
32
(90)
32
(90)
31
(88)
30
(86)
27
(81)
24
(75)
29
(84)
গড় উষ্ণতা - নিম্ন °C (°F) 10
(50)
12
(54)
15
(59)
20
(68)
22
(72)
25
(77)
25
(77)
25
(77)
24
(75)
21
(70)
16
(61)
11
(52)
19
(66)
সৰ্বনিম্ন উষ্ণতা °C (°F) 5
(41)
6
(43)
6
(43)
11
(52)
16
(61)
18
(64)
20
(68)
21
(70)
20
(68)
15
(59)
10
(50)
5
(41)
5
(41)
বৰ্ষাপাতৰ পৰিমাণ mm (inches) 11.4
(0.449)
12.8
(0.504)
57.7
(2.272)
142.3
(5.602)
248.0
(9.764)
350.1
(13.783)
353.6
(13.921)
269.9
(10.626)
166.2
(6.543)
79.2
(3.118)
19.4
(0.764)
5.1
(0.201)
1,717.7
(67.626)
উৎস: wunderground.com [4]

নগৰৰ ৰূপ[সম্পাদনা কৰক]

গুৱাহাটী নগৰৰ বিস্তৃতি

কেন্দ্ৰৰ পৰা দক্ষিণ, পূব আৰু পশ্চিম দিশলৈ মহানগৰখনৰ বিস্তৃতি ঘটিছে। যোৱা কেইদশকমানত দক্ষিণ গুৱাহাটীৰ গণেশগুৰি, বেলতলা, পাঞ্জাবাৰী, জটীয়া, কাহিলীপাৰা আদি ঠায়ে ৰাজধানী দিশপুৰক আৱৰি এটা উপ-কেন্দ্ৰ গঢ়ি তুলিছে।

মুখ্য অঞ্চল পুৰণি নগৰখনৰ লগতে পান বজাৰ, পল্টন বজাৰ, ফাঁচী বজাৰ আৰু উজান বজাৰেৰে গঠিত। পল্টন বজাৰ যাতায়ত আৰু হোটেলৰ কেন্দ্ৰ, পান বজাৰত বিভিন্ন শৈক্ষিক আৰু প্ৰশাসনিক ভৱন আছে, ফাঁচী বজাৰ হৈছে পাইকাৰী আৰু খুচুৰা বস্তু বিক্ৰীৰ কেন্দ্ৰ আৰু উজান বজাৰ হৈছে মূলতঃ আবাসিক আৰু প্ৰশাসনিক অঞ্চল। এইবোৰৰ লগতে পিছলৈ লাচিত নগৰ, চান্দমাৰী, উলুবাৰী, জু ৰ'ড আদি অঞ্চল সংযোজিত হয়।

নগৰ সংযোগী পথসমূহৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে দক্ষিণৰফালে জি.এছ. ৰ'ড (নগৰৰ কেন্দ্ৰৰ পৰা প্ৰায় ১৫ কি:মি:)। অৰ্থনৈতিক দিশৰপৰা গুৰুত্বৰ উপৰিও ইয়াৰ আশে-পাশে বহুতো কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু আৰু বসতিস্থল আছে। অসমৰ ৰাজধানী দিশপুৰো ইয়াতে অৱস্থিত। নগৰখনৰ দক্ষিণ অংশত ইয়াৰ ওচৰতে গণেশগুৰিৰ ৰূপত যোৱা কেইদশকমান ধৰি এটা উপ-কেন্দ্ৰ গঢ়ি উঠিছে।

পশ্চিম অংশত অৱস্থিত ক'ৰিডৰত (নগৰৰ কেন্দ্ৰৰ পৰা প্ৰায় ৩০ কি:মি:) গুৱাহাটীৰ পৰা দেশৰ আন আন অঞ্চল সংযোগী ৰেলপথসমূহ অৱস্থিত। এই ক'ৰিড'ৰে ঐতিহাসিক আৰু আবাসিক দিশৰপৰা গুৰুত্বপূৰ্ণ অঞ্চল যেনে নীলাচল পাহাৰ, পাণ্ডু, মালিগাঁও (উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়)ক সংযোগ কৰি দুটা ভাগ হৈছে। এটা পথ উত্তৰ গুৱাহাটীক আৰু আনটোৱে গুৱাহাটী বিশ্ববিদ্যালয় (জালুকবাৰী) হৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰক সংযোগ কৰিছে।

পূবফালে থকা তৃতীয়টো প্ৰধান ক'ৰিড'ৰে (নগৰ কেন্দ্ৰৰ পৰা প্ৰায় ১৫ কি:মি:) নুনমাটি আৰু নাৰেঙ্গিক সংযোগ কৰিছে।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে নগৰখনৰ দক্ষিণ অংশক আৱৰি ইয়াক পশ্চিম অংশৰ লগত সংযোগ কৰিছে।


পৰিচালনা[সম্পাদনা কৰক]

গুৱাহাটী পৌৰনিগম নামৰ সংস্থা নগৰখন পৰিচালনা, বিকাশ আৰু ব্যৱস্থাপনাৰ দায়িত্বত আছে। পৌৰনিগমে নগৰখনক ৬০টা ৱাৰ্ডত ভাগ কৰিছে।[5] গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (GMDA) নামৰ ৰাজ্যিক সংস্থা বৃহত্তৰ গুৱাহাটী মহানগৰ অঞ্চলৰ পৰিকল্পনা আৰু বিকাশৰ দায়িত্বত আছে। গুৱাহাটীৰ সামগ্ৰিক বিকাশা বাবে শেহতীয়াকৈ ৰাজ্য চৰকাৰে 'গুৱাহাটী উন্নয়ন বিভাগ' স্থাপন কৰিছে।

গুৱাহাটী চাৰিটা বিধান সভা সমষ্টিৰে গঠিত: জালুকবাৰী, দিশপুৰ, পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী।[6] এই গোটেইকেইটা গুৱাহাটী (লোক সভা সমষ্টি)ৰৰ অন্তৰ্গত।[7]

জনগাঁথনি[সম্পাদনা কৰক]

গুৱাহাটীৰ ভাৰতৰ ভিতৰতে দ্ৰুত গতিত বৰ্ধিত এখন নগৰ। নগৰখনৰ জনসংখ্যা ১৯৭১ চনত ২ লাখৰ পৰা বাঢ়ি ১৯৯১ চনৰ ৫ লাখৰ বেছি হয় আৰু ২০০১ চনত এই সংখ্যা হয়গৈ ৮,০৮,০২১ জন। ২০১১ চনৰ লোকপিয়ল অনুসৰি গুৱাহাটী মহনগৰৰ জনসংখ্যা ৯,৬৩,৪২৯ জন।[8] পুৰুষ আৰু মহিলাৰ সংখ্যা ক্ৰমে ৫,০২,২২৫ জন আৰু ৪,৬১,১৭৪ গৰাকী। জনসংখ্যাৰ ৯% ০-৬ বছৰীয়া শিশু। গড় সাক্ষৰতাৰ হাৰ ৩১.১১%। পুৰুষ আৰু মহিলাৰ অনুপাত ১০০০:৯১৮ ।[8] জনসংখ্যাৰ অধিকাংশই হিন্দু ধৰ্মাৱলম্বী লোক।

অৰ্থনীতি[সম্পাদনা কৰক]

২০১০ চনত গুৱাহাটী মহানগৰৰ মুঠ উৎপাদন প্ৰায় ১০০ কোটি মাৰ্কিন ডলাৰ বুলি ধাৰণা কৰা হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন] নদী বন্দৰ হিচাপে গুৱাহাটী আগৰেপৰাই এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক আৰু বাণিজ্যিক কেন্দ্ৰ ৰূপে বিবেচিত হৈ আহিছে। নগৰৰ উপাৰ্জনৰ হিছাপ পৰম্পৰাগতভাৱে কৰা নহয় বাবে সঠিক সংখ্যা এতিয়াও পোৱা হোৱা নাই। তথাপিও বাণিজ্যিক কাম-কাজ আৰু নিয়োজনলৈ লক্ষ্য কৰিলে মহানগৰখনে অসমৰ উপাৰ্জনৰ এক বুজন অংশ বহন কৰিছে বুলি অনুমান কৰিব পাৰি।

প্ৰধান অৰ্থনৈতিক কাম-কাজৰ ভিতৰত বেপাৰ-বাণিজ্য, পৰিবহণ সেৱা, চাকৰি আদি। গুৱাহাটী মহানগৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক কেন্দ্ৰবিন্দু। ই হ'ল মুখ্য পাইকাৰী আৰু খুচুৰা বিতৰণৰ কেন্দ্ৰস্থল। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (Guwahati Tea Auction Centre) পৃথিৱীৰ ভিতৰতে এটি সৰ্ববৃহৎ নিলাম কেন্দ্ৰ। অন্য চহৰবিলাকৰ দৰে বৰ্তমান গুৱাহাটী মহানগৰটো মল (mall) সংস্কৃতি গঢ়ি উঠিছে। উৎপাদন এটা মুখ্য কাৰ্য যদিও ভাৰতৰ অনান্য উদ্যোগিক অঞ্চলৰ লগত ই সমানে আগবাঢ়িব পৰা নাই। ইয়াৰ প্ৰধান উৎপাদন উদ্যোগ হ'ল ভাৰতীয় তেল নিগমৰ (Indian Oil Corporation Limited) গুৱাহাটী মহানগৰীৰ নুনমাটিত অৱস্থিত নুনমাটি তেল শোধনাগাৰটো। ইয়াতে বিভিন্ন উৎপাদন কেন্দ্ৰসমূহৰ (যেনে-নুমলীগড় তেল শোধনাগাৰ) মুখ্য কাৰ্যালয় সমূহ অৱস্থিত। ছপাশাল, ছপা মাধ্যম, বৈদ্যুতিক মাধ্যমসমূহৰ লগত জড়িত বিভিন্ন ব্যৱসায় সমৃহেও এক বিশেষ স্থান লাভ কৰিছে। যোৱা দুটা দশকত অন্যান্য ব্যৱসায় যেনে-ৰীয়েল ইষ্টেট, বিত্তীয় ব্যৱসায় আদিও বৃদ্ধি পাইছে। বৰ্তমান সময়ত বিভিন্ন শৃংখল ব্যৱসায়িক বাণিজ্যৰ খুচুৰা বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান যেনে-বিশাল মেগা মাৰ্ট, বিগ বাজাৰ, পেন্টালুনছ, ৱেষ্টছাইড আদি প্ৰতিষ্ঠানেও মহানগৰীখনৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে। 'গুৱাহাটী ষ্টক এক্সছেইঞ্জ' (GSE) হ'ল মহানগৰীখনৰ অন্যতম উাল্লেখযোগ্য অৰ্থনৈতিক যোগাযোগৰ বিত্তীয় প্ৰতিষ্ঠান। ইয়াৰোপৰি বিত্তীয় প্ৰতিষ্ঠান নেডফিৰ কাৰ্য্যালয় গুৱাহাটীৰ দিশপুৰত অৱস্থিত। পৰ্যটন, শিক্ষা, গৱেষণা, সাংস্কৃতিক কাৰ্যকলাপ আদিৰ ক্ৰমান্বয়ে হোৱা বৃদ্ধিয়েও মহানগৰীখনৰ অৰ্থনীতিত বিশেষ বৰঙণি যোগাইছে।

গঠন[সম্পাদনা কৰক]

আই আই টি গুৱাহাটীৰ ৰাতিৰ দৃশ্য

গুৱাহাটী এখন মজলীয়া আকাৰৰ নগৰ আৰু জনসংখ্যাৰ ফালৰপৰা ভাৰতত ইয়াৰ স্থান প্ৰায় ৫০তম। কিন্তু নগৰখনৰ জীৱনশৈলীৰ মান তুলনামূলকভাৱে উন্নত। ২০০৬ চনত ভাৰতীয় আলোচনী 'আউটলুকে' কৰা এক সমীক্ষামতে এই ক্ষেত্ৰত ভাৰতৰ নগৰসমূহৰ ভিতৰত গুৱাহাটীৰ স্থান ১৬তম।[উদ্ধৃতিৰ প্ৰয়োজন] নগৰখনত বাসগৃহ, কৰ্মক্ষেত্ৰ, আধুনিক বজাৰ অঞ্চল, আধুনিক এপাৰ্টমেণ্ট আদিৰ ব্যৱস্থা আছে। এছিয়ান ডেভেল'পমেণ্ট বেংকৰ আৰ্থিক সাহায্যৰে গুৱাহাটীৰ পৰিগাঁথনি উন্নত কৰাৰ পৰিকল্পনা কৰা হৈছে। ভাৰত চৰকাৰে নগৰাঞ্চলৰ উন্নয়নৰ বাবে গঠন কৰা 'জৱাহৰলাল নেহৰু নেছনেল আৰ্বান ৰিনিৱেল মিছন'ৰ অধীনত গুৱাহাটীয়েও এক পুঁজি লাভ কৰিব। নগৰখনৰ পৰিগাঁথনি উন্নত কৰাৰ বাবে উপযুক্ত সা-সুবিধাৰ অভাৱ পৰিলক্ষিত হয়। মুখ্যতঃ ভূমিৰ পানীৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰা পানী যোগান ব্যৱস্থা পৰ্যাপ্ত নহয়।

নগৰখনৰ আন্তঃগাথনিৰ উন্নয়নৰ বাবে পৰ্যাপ্ত সুবিধাৰ অভাৱ। মুখ্যতঃ ভূমিৰ পানীৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰা পানী যোগান ব্যৱস্থাও পৰ্যাপ্ত নহয়। মাটিৰ তলেদি নৰ্দমাৰ পানী বোৱাই নিয়া ভাল ব্যৱস্থাৰ অভাৱ পৰিলক্ষিত হয়। ব্যক্তিগত ঘৰত ছেপ্‌টিক টেংকৰ জনপ্ৰিয়তা অধিক। কোনো কোনো অঞ্চলত বৰষুণ বেছি হোৱাৰ পিছত পানী জমা হোৱাৰ সমস্যা হয়। পাহাৰৰ মাটি উটি আহি নৰ্দমা বন্ধ কৰাটো নগৰখনৰ বাবে সমস্যাদায়ক আৰু খৰছী। গোটা আৱৰ্জনাসমূহ স্থানীয় প্ৰাধিকাৰীয়ে ব্যক্তিগত সহযোগীৰ সহায়ত ব্যৱস্থাপনা কৰে।

টোকা[সম্পাদনা কৰক]

  1. http://kamrup.nic.in/telefr.htm
  2. Choudhury, A.U. (2002). Big cats, elephant, rhino and gaur in Guwahati. The Rhino Found. NE India Newsletter 4:16-19.
  3. Choudhury, A.U. (2003). Guwahati: the city of Adjutants and other endangered birds. The Rhino Found. NE India Newsletter 5:14-17.
  4. "Historical Weather for Delhi, India". Weather Underground. http://www.wunderground.com/NORMS/DisplayIntlNORMS.asp?CityCode=42182&Units=both। আহৰণ কৰা হৈছে: November 27, 2008. 
  5. "Map of Municupal Wards of Guwahati". http://www.gmcportal.in:8080/GMCPortal/jsp/include/GMCMap.jsp। আহৰণ কৰা হৈছে: 1 July 2011. 
  6. "Map of Assembly constituencies, Assam". Maps of India. http://www.mapsofindia.com/assemblypolls/assam/। আহৰণ কৰা হৈছে: 2 April 2011. 
  7. "List of Parliamentary & Assembly Constituencies" (PDF). Assam. Election Commission of India. http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05. 
  8. 8.0 8.1 "Guwahati City Census". Govt. of India. http://www.census2011.co.in/census/city/191-guwahati.html। আহৰণ কৰা হৈছে: May 17, 2012. 

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • Buaruah, S. L. (1993), Last Days of Ahom Monarchy, Munshiram Manoharlal Publishers Pvt Ltd, New Delhi 
  • Cities of ancient India By Baij Nath Puri
  • Early history of Kāmarupa By Kanak Lal Barua

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

অসমৰ নগৰ-মহানগৰ
জিলাৰ নাম নগৰ-মহানগৰ
ওদালগুৰি ওদালগুৰিটংলা
কৰিমগঞ্জ কৰিমগঞ্জবদৰপুৰ
কাছাৰ লক্ষীপুৰশিলচৰ
কামৰূপ ৰঙিয়াপলাশবাৰী
কামৰূপ মহানগৰ গুৱাহাটীউত্তৰ গুৱাহাটী
কাৰ্বি আংলং ডিফুডকমোকাহাওৰাঘাটবোকাজানহামৰেণডংকামোকাম
কোকৰাঝাৰ কোকৰাঝাৰগোঁসাইগাঁও
গোলাঘাট গোলাঘাটদেৰগাঁওবোকাখাতসৰুপথাৰবৰপথাৰ
গোৱালপাৰা গোৱালপাৰালক্ষীপুৰ, গোৱালপাৰা
চিৰাং বাসুগাঁওবিজনী
ডিব্ৰুগড় ডিব্ৰুগড়নাহৰকটীয়াচাবুৱা
ডিমা হাছাও হাফলংউমৰাংচুমাহুৰমাইবং
তিনিচুকীয়া তিনিচুকীয়াডিগবৈডুমডুমামাকুমমাৰ্ঘেৰিটা
দৰং মঙ্গলদৈখাৰুপেটীয়াছিপাঝাৰ
ধুবুৰী ধুবুৰীগৌৰীপুৰচাপটগ্ৰামবিলাসীপাৰাচাপৰ
ধেমাজি ধেমাজীচিলাপথাৰ
নগাঁও নগাঁওকামপুৰৰহাডবকাহোজাইলামডিংলংকা
নলবাৰী নলবাৰীটিহু
বঙাইগাঁও বঙাইগাওঁঅভয়াপুৰী
বৰপেটা বৰপেটাবৰপেটা ৰোডহাউলীসৰ্থেবাৰী
বাক্সা
মৰিগাঁও মৰিগাঁও
যোৰহাট যোৰহাটমৰিয়নিতিতাবৰ
লখিমপুৰ উত্তৰ লখিমপুৰবিহপুৰীয়ানাৰায়ণপুৰ
শিৱসাগৰ শিৱসাগৰশিমলুগুৰিআমগুৰিনাজিৰাসোণাৰিমৰাণহাট
শোণিতপুৰ তেজপুৰঢেকীয়াজুলিৰঙাপাৰাগহপুৰবিশ্বনাথ চাৰিআলি
হাইলাকান্দি হাইলাকান্দিলালা