কামৰূপ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কামৰূপ জিলা
—  জিলা  —
কামৰূপ জিলাৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
সদৰ আমিনগাঁও
মাটিকালি
 - মুঠ 6,882 কি.মি. (2,657.2 বৰ্গ মাইল)
জনসংখ্যা (2011)
 - মুঠ 35,96,292
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
ৱেবছাইট http://kamrup.nic.in/

কামৰূপ (ইংৰাজী: Kamrup) ভাৰতঅসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা৷ ২০০৩ চনত পুৰণি কামৰূপ জিলা দুভাগত বিভক্ত হয়; বৃহত্তৰ গুৱাহাটী অঞ্চলক লৈ এখন নতুন জিলা কামৰূপ মহানগৰ জিলা গঠন কৰা হয় আৰু অন্যখনৰ নাম আগৰ কামৰূপেই থাকিল।[1] ২০০৪ চনত কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ এটা অংশ নবগঠিত বাক্সা জিলাত অন্তৰ্ভূক্ত হয়। বিভাজনৰ পাছত কামৰূপৰ সদৰ গুৱাহাটীৰ পৰা আমিনগাঁওলৈ স্থানান্তৰিত কৰা হ'ল।

কামৰূপ নামৰ উৎপত্তি[সম্পাদনা কৰক]

কামৰূপ নামৰ উৎপত্তি সংক্ৰান্তত পুৰাণত এটা আখ্যান আছে। আখ্যানটো এনে ধৰণৰঃ দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহ হৈছিল। সা-সম্পত্তি নাইকীয়া টোকোনা বুলি মহাদেৱক দক্ষই চকু পাৰি দেখিব নোৱাৰিছিল। এবাৰ দক্ষই এটা যজ্ঞৰ আয়োজন কৰিলে। কিন্তু তালৈ জোৱায়েকক নিমন্ত্ৰণ নকৰিলে। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হ'লগৈ। জীয়েকক দেখি দক্ষৰ খঙে চুলিৰ আগ পালে আৰু মহাদেৱক ভৰ্ত্সনা কৰিবলৈ ধৰিলে। স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰিলে। প্ৰিয়াৰ বিয়োগত মহাদেৱ শোকত বলিয়া হ'ল আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমণ কৰি তাণ্ডব নৃত্য আৰম্ভ কৰিবলৈ ধৰিলে। মহাদেৱে তাণ্ডৱ নৃত্য কৰিলে পৃথিৱী ধ্বংস হ'ব। সেয়ে বিষ্ণুই বুদ্ধি কৰি মহাদেৱক শান্ত কৰিবৰ বাবে সতীৰ দেহটোক কাটিবলৈ তেওঁৰ অস্ত্ৰ সুদৰ্শন চক্ৰ পঠাই দিলে। শৰীৰৰ অংশবোৰ ঠায়ে ঠায়ে পৰি গ'ল। য'তেই এনে অংশ পৰিল, তাতেই একোখন তীৰ্থস্থান গঢ়ি উঠিল। নীলাচল পাহাৰত সতীৰ যোনীভাগ পৰিল আৰু তাত কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা হ'ল। এসময়ত মৃতদেহটো নাইকীয়া হ'ল আৰু মহাদেৱ গভীৰ ধ্যানত মগ্ন হ'ল। বহু দিন পাৰ হৈ গ'ল। দেৱকুলত হাহাকাৰ লাগিল। মহাদেৱ সংহাৰৰ গৰাকী। তেওঁৰ অবিহনে পৃথিৱীত কোনো মানুহৰ মৃত্যু নোহোৱা হ'ল। কিন্তু ধ্বংস নহ'লে সৃষ্টি কেনেকৈ হব? দেৱতাসকলে প্ৰেমৰ দেৱতা কামদেৱক পৃথিৱীলৈ পঠিয়ালে মহাদেৱৰ ধ্যান ভঙ্গ কৰিবলৈ। কামদেৱ আহিল আৰু তেওঁৰ দেহলৈ মদনৰ পঞ্চশৰ মাৰি পঠিয়ালে। মহাদেৱৰ ধ্যান ভঙ্গ হ'ল। প্ৰচণ্ড খঙত তেওঁ তৃতীয় নয়নেৰে অগ্নি বৰষি কামদেৱক ঠিতাতে ভষ্ম কৰি পেলালে। এইবাৰ কামদেৱৰ পত্নী ৰতিদেৱীয়ে স্বামীক জীয়াই তুলিবলৈ মহাদেৱক কাতৰ প্ৰাৰ্থনা জনালে। লাহে লাহে মহাদেৱৰ ক্ৰোধবহ্নি নিৰ্বাপিত হ'ল আৰু কামদেৱক পুনৰ জীৱন দান দিলে। যি ভূমিত কামদেৱে পুনৰ্জীৱন বা পুনৰ ৰূপ ঘূৰাই পাইছিল, সেই ভূমি পাছলৈ কামৰূপ নামেৰে জনাজাত হৈছিল।

ইতিহাস[সম্পাদনা কৰক]


ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

  • কামৰূপ জিলাৰ অৱস্থানঃ
    ২৫.৪৬- ২৬.৮৯ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯০.৪৮-৯০.৫০ ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত।
  • মাটি কালিঃ
    ৪,৩৪,৫০০ হেক্টৰ।
  • জলবায়ুঃ
  • বাৰ্ষিক বৃষ্টিপাতঃ
    ১৫০০-২৬০০ মিঃমিঃ
  • গড় আৰ্দ্ৰতাঃ
    ৭৫%
  • তাপমাত্ৰাঃ
    উচ্চতম:৩৮.৫ ডিগ্ৰী চেলচিয়াচ
    নিম্নতম:৭ ডিগ্ৰী চেলচিয়াচ
  • চাৰিসীমাঃ
উত্তৰে ওদালগুৰি আৰু বাক্সা জিলা
পূৱে দৰং আৰু কামৰূপ মহানগৰ জিলা
দক্ষিণে মেঘালয়
পশ্চিমে গোৱালপাৰা আৰু নলবাৰী জিলা
  • জিলাখনৰ উল্লেখযোগ্য নদীঃ
    জিলাখনৰ সোঁমাজেৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। আনকেইখন প্ৰধান নৈ হ'ল পাগলদিয়া, নোনা, বৰলীয়া, পুঠিমাৰী, বৰনদী, কলাজল আৰু কুলসী।

জন গাঁথনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ জিলাৰ জনসংখ্যা ১,৫১৭,২০২ জন; ইয়াৰে পুৰুষ ৭৭৯,৬০৮ জন আৰু মহিলা ৭৩৭,৫৯৪ জনী। মহিলাৰ সংখ্যা প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৪৬ জনী। জন-ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ৪৩৬ জন। দহ বছৰত জনসংখ্যা বৃদ্ধিৰ হাৰ ১৫.৬৭%। শিক্ষিতৰ হাৰ ৭২.৮১%।[2]

প্ৰশাসনিক গাঁথনি[সম্পাদনা কৰক]

কামৰূপ জিলা ২টা মহকুমাৰে গঠিত-

১) গুৱাহাটী মহকুমা
২) ৰঙিয়া মহকুমা।

গুৱাহাটী মহকুমাৰ ১১টা উন্নয়ন খণ্ডত ১০৫খন গাঁও পঞ্চায়ত আৰু ৰঙিয়া মহকুমাৰ ৪টা উন্নয়ন খণ্ডত ৫৭খন গাঁও পঞ্চায়ত আছে।

কামৰূপ জিলাত চহৰৰ সংখ্যা ২খন-

ৰঙিয়া
পলাশবাৰী।

জিলাখনৰ অন্তৰ্গত বিধানসভাৰ সমষ্টিকেইটা হ'লঃ

১)বকো
২)পলাশবাৰী
৩) ছয়গাঁও
৪) জালুকবাৰী (এটা অংশ গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত),
৫) ৰঙিয়া (এটা অংশ বাক্সা জিলাৰ অন্তৰ্গত)
৬) কমলুপৰ
৭) হাজো।

যাতায়ত[সম্পাদনা কৰক]

কামৰূপ জিলাক তিনিটা ৰাষ্ট্ৰীয় ঘাইপথে চুই গৈছে।

৩১ নং ঘাইপথ : ৰঙিয়া, বাইহাটা চাৰিআলি, আমিনগাঁওৰ মাজেৰে গৈ জালুকবাৰীত ৩৭ নং ঘাইপথত লগ লাগিছে।
৩৭ নং ঘাইপথ : দক্ষিণ কামৰূপৰ বকো, ছয়গাঁও, মিৰ্জা চুই যোৰহাট, ডিব্ৰুগড় অভিমুখে গৈছে।
৫২ নং ঘাইপথ : বাইহাটা চাৰিআলিৰ পৰা আৰম্ভ হৈ তেজপুৰ, লক্ষীমপুৰ অভিমুখে গৈছে।

জিলাখনৰ আন কেইটামান প্ৰধান পথ

ৰঙিয়া দৰঙা পথ (ভূটান সংযোগী)
বাইহাটা চাৰিআলি গোৰেশ্বৰ পথ
ৰঙিয়া ডিমু চেঁচা পথ
বাইহাটা ডিমু কমাৰকুছি পথ

উল্লেখযোগ্য শিক্ষানুষ্ঠান[সম্পাদনা কৰক]

  1. ভাৰতীয় প্ৰদ্যোগিকী প্ৰতিষ্ঠান, গুৱাহাটী
  2. শুৱালকুছি ইনষ্টিটিউট অৱ ফেচন টেকনোলজী
  3. নবোদয় বিদ্যালয়, ৰঙিয়া
  4. ৰঙিয়া মহাবিদ্যালয়
  5. পূৱ কামৰূপ মহাবিদ্যালয়
  6. উত্তৰ গুৱাহাটী মহাবিদ্যালয়
  7. মিৰ্জা মহাবিদ্যালয়
  8. ৰঙিয়া আৰবিক মহাবিদ্যালয়
  9. মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়,ৰঙিয়া
  10. কেন্দ্ৰীয় বিদ্যালয় , ৰঙিয়া

জিলাখনৰ উল্লেখযোগ্য ঠাই[সম্পাদনা কৰক]

  1. চান্দ সদাগৰৰ মেৰঘৰ
    ছয়গাঁওত এতিয়াও মেৰঘৰৰ অৱশেষ দেখিবলৈ পোৱা যায়। ইয়াৰ সৈতে বেউলা-লক্ষীন্দৰৰ উপাখ্যান জড়িত হৈ আছে।
  2. মদন কামদেৱ দেৱালয়
    বাইহাটা চাৰিআলিৰ পৰা মাত্ৰ ৩ কিঃমিঃ দূৰত্বত অৱস্থিত। অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষ অঞ্চলটোত সিঁচৰতি হৈ আছে। নবম-দশম শতিকামানতে শৈৱপন্থী পালবংশীয় শাসকে এই স্থাপত্য আৰু ভাস্কৰ্য নিৰ্মাণ কৰিছিল। পৰ্যটকৰ বাবে অতি আকৰ্ষণীয় ঠাই।
  3. সিদ্ধেশ্বৰ দেৱালয়
    শুৱালকুছিত অৱস্থিত। আহোম ৰজা শিৱসিংহৰ শাসনকালত নিৰ্মাণ কৰা এটা শিৱ মন্দিৰ।
  4. গোপেশ্বৰ দেৱালয়
    বাইহাটা চাৰিআলিৰ পৰা দূৰত্ব দুই কিঃমিঃ। নৱম-দশম শতিকাকে প্ৰতিষ্ঠিত এই দেৱালয়লৈ দূৰ-দূৰণিৰ পৰা ভক্তসকল আহে। স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষ দেখিহলৈ পোৱা যায়।
  5. হয়গ্ৰীৱ মাধৱ মন্দিৰ
    হাজোৰ মণিকূট পাহাৰত অৱস্থিত। ১৫৮৩ খৃষ্টাব্দত কোঁচ ৰজা ৰঘূদেৱে নিৰ্মাণ কৰিছিল। কিছুমান ঐতিহাসিকৰ মতে পাল বংশীয় শাসকসকলে প্ৰথমে এই মন্দিৰ নিৰ্মাণ কৰিছিল।
  6. দৌলগোৱিন্দ মন্দিৰ
    উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত অৱস্থিত এটা ঐতিহাসিক মন্দিৰ।
  7. অশ্বক্লান্ত মন্দিৰ
    ১৭২০ খৃষ্টাব্দত আহোম ৰজা শিৱ সিংহই নিৰ্মাণ কৰিছিল। নৰকক বধ কৰিবলৈ আহোঁতে শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা ইয়াতে ক্লান্ত হৈ পৰিছিল বুলি প্ৰবাদ আছে[3]
  8. দীৰ্ঘেশ্বৰী মন্দিৰ
    এখন অতি উল্লেখযোগ্য দেৱী তীৰ্থ। উত্তৰ গুৱাহাটীত অৱস্থিত। দশম একাদশ শতিকাৰ কিছুমান শৈল মুৰ্তি এয়াত দেখা যায়।
  9. পোৱামক্কা
    হাজোত অৱস্থিত। সন্ত গিয়াচুদ্দিন আউলিয়াৰ সমাধিস্থল।মুচলমানসকলৰ এখন পবিত্ৰ তীৰ্থস্থান। অনা-মুচলমানসকলেও শ্ৰদ্ধা সহকাৰে এই তীৰ্থ দৰ্শন কৰে। মক্কাৰ পৰা এপোৱা মাটি আনি ইয়াত দিয়া হৈছিল বাবেই ইয়াৰ নাম পোৱামক্কা হোৱা বুলি কঠিত আছে।
  10. চানডুবী বিল
    গুৱাহাটীৰ পৰা দূৰত্ব ৬৪ কিঃমিঃ। বৰশী বোৱা আৰু নাও চালনাৰ বাবে আকৰ্ষণীয় ঠাই। অতি জনপ্ৰিয় বনভোজস্থলী।
  11. শুৱালকুছি
    পূবৰ মানচেষ্টাৰ বুলি জনা যায়। পাট-মুগাৰ শিল্পৰ বাবে অতি প্ৰসিদ্ধ। অসমৰ আটাইতকৈ ডাঙৰ গাঁও।
  12. শৰাইঘাটৰ যুদ্ধ সোঁৱৰণী উদ্যান
    লাচিত বৰফুকন আৰু শৰাইঘাটৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ আজ্ঞাঠুৰীত এই পাৰ্কখন নিৰ্মাণ কৰা হৈছে।
  13. দীপ্তেশ্বৰী দেৱালয়
    ৰঙিয়াৰ নগৰৰ পৰা কিছু আঁতৰত দীপ্তেশ্বৰী দেৱালয়৷ দীপ্তেশ্বৰীক কামাখ্যাৰ আন এটা ৰূপ বুলিও কোৱা হয়৷ এই দেৱালয়খন মাটিত পোত খাই আছিল বুলি বহু ঐতিহাসিকে মত পোষণ কৰে৷ কামাখ্যাৰ নিচিনাকৈ এই দেৱালয়ৰ গুহাৰ তলেৰে পানী বৈ গৈছে৷ কিছু বছৰ আগেয়ে বংগ দেশৰ বণিক এজনে ইংৰাজৰ দিনৰ জাহাজত ব্যাবহাৰ কৰা চাকি এই দেৱালয়ত দি থৈ যায় ৷ সেই চাকিগচা ৫ পোৱা তেলেৰে জলোৱা হয়। বংগদেশৰ বণিকজনক কামাখ্যাদেৱীয়ে সপোনত দেখাইছিল যে বণিকজনে কামাখ্যাধামৰ পৰা ৫৫ কিমি দূৰত থকা দীপ্তেশ্বৰী দেৱালয়ত তেওঁৰ লগত থকা চাকিগচা দি আহিব লাগিব৷ সেই বাবে তেওঁ চাকিগচা দেৱালয়ত দি থৈ যায়৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Law, Gwillim (2011-09-25). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-11-25. 
  2. "CENSUS 2011 - Provisional Results for Kamrup". http://online.assam.gov.in/web/population-census/districts?webContentId=68921। আহৰণ কৰা হৈছে: November 28, 2011. 
  3. আসামীছ অনলাইন আহৰণ কৰা তাৰিখ ০৩ জুন, ২০১২