অসমীয়া ভাষা
| অসমীয়া | |
|---|---|
| আই পি এ উচ্চাৰণ | ɔxɔmija |
| কোৱা হয় | ভাৰত, ভূটান, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি |
| অঞ্চল | অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, উত্তৰ-পূব ভাৰতৰ আন কোনো কোনো ঠাই, দিল্লী, বেংগালুৰু, উত্তৰ প্ৰদেশ, পুণে-মহাৰাষ্ট্ৰ আদিৰ ঠাইবিশেষে[1] |
| স্থানীয় ভাষিক | ১৩ নিযুত (মুঠ ২০ নিযুত) |
| ভাষা পৰিয়াল |
ইন্দো-ইউৰোপীয়
|
| উপভাষা |
পূব উপভাষা
মধ্য উপভাষা
কামৰূপী উপভাষা
গোৱালপৰীয়া উপভাষা
|
| লিপি | অসমীয়া লিপি |
| আধিকাৰিক স্থিতি | |
| আধিকাৰিক ভাষা | ভাৰত (অসম) |
| নিয়মাধীন হয় | অসম সাহিত্য সভা |
| ভাষা সংকেত | |
| ISO 639-1 | as |
| ISO 639-2 | as |
| ISO 639-3 | asm |
অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অৰুণাচল প্ৰদেশৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অসমীয়াভাষী লোক আছে। অসমীয়া-ভিত্তিক "নাগামিজ নামৰ এটা মিশ্ৰিত ভাষা নাগালেণ্ডত ব্যাপকভাৱে ব্যৱহাৰ হয়। ভূটানতো কিছুসংখ্যক অসমীয়াভাষী লোক আছে। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ১.৩০ কোটিৰো বেছি[2] আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি[3]।
অসমীয়া ভাষাৰ গঢ় আৰু ধ্বন্নি বৈশিষ্টসমূহ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। অসমীয়া লিপিৰে এই ভাষা লিখা হয়। লিখাৰ ধৰণ বাওঁফালৰ পৰা সোঁফাললৈ আৰু ওপৰৰ পৰা তললৈ।
সূচী |
[সম্পাদনা কৰক] উদ্ভৱ আৰু বিকাশ
দ্বাদশ ত্ৰয়োদশ শতিকাতে পৃথিৱীৰ বৃহত্তম ভাষাগোষ্ঠী ইণ্ডো-ইউৰোপীয়ৰ বিভিন্ন পৰিবৰ্তনৰ ধাৰাৰ ফলশ্ৰুতিত অসমীয়া ভাষাৰ জন্ম হয়৷ প্ৰাচীন কালৰে পৰাই নিজা লিপি আৰু লিখিত সাহিত্যৰে পুষ্ট হৈ অসমীয়া ভাষাই বিবৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে৷ অসমীয়া ভাষা প্ৰধানকৈ ইণ্ডো-ইউৰোপীয় বা ভাৰত-ইউৰোপীয় পৰিয়ালৰ শতম শাখাৰ পৰা বিকাশ হৈছে৷ শতম শাখাৰ এটা প্ৰধান ভাগ আছিল 'আৰ্য' বা 'ভাৰত-ইৰানীয়'৷ এই আৰ্যভাষাৰে এটা প্ৰধান ঠাল ভাৰতীয় আৰ্যৰ পৰা খৃঃ পূঃ ৬ষ্ঠ শতিকাৰ পৰা ১০ম শতিকাৰ ভিতৰত বিকাশ হোৱা মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্ত্য প্ৰাকৃত বা অপভ্ৰংশ স্তৰৰ মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ জন্ম হয়৷[4]
অসমীয়া ভাষাৰ বিকাশক ডঃ বাণীকান্ত কাকতিয়ে তিনিটা ভাগত ভাগ কৰিছে৷[5]
- প্ৰাচীন অসমীয়া- চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষলৈ৷ এই কালছোৱাক আকৌ প্ৰাক-বৈষ্ণৱ আৰু বৈষ্ণৱ দুটা ভাগত ভগাব পাৰি৷
- মধ্যযুগীয় অসম- সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈ৷ আহোম ৰাজসভাৰ বুৰঞ্জীৰ গদ্যলৈকে৷
- আধুনিক অসমীয়া- ঊনবিংশ শতিকাৰ পৰা বৰ্তমানলৈ৷
খৃষ্টীয় পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ তাম্ৰফলিসমূহতেই প্ৰাচীন অসমীয়া লিখিত সাহিত্যৰ নিদৰ্শন পোৱা যায়৷ ইয়াৰ পিছত ক্ৰমে ক্ৰমে চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’, মাধৱ কন্দলীৰ ‘ৰামায়ণ’, শংকৰদেৱ-মাধৱদেৱৰ ‘কীৰ্তন-নামঘোষা’, ভট্টদেৱৰ ‘কথা-গীতা’, কথাগুৰুচৰিত, বুৰঞ্জীসাহিত্য আদিৰ পিছত সৃষ্টি হোৱা অৰুণোদই, জোনাকী, ৰামধেনু আদি বিভিন্ন সাহিত্যৰ মাজেৰে অসমীয়া ভাষাই এটা পূৰ্ণাঙ্গ অৱস্থা লাভ কৰে৷
[সম্পাদনা কৰক] লিপি
[সম্পাদনা কৰক] ৰূপতত্ত্ব আৰু ব্যাকৰণ
সংস্কৃত ভাষাৰ পৰিৱৰ্তনৰ ধাৰাইদি আহি অসমীয়া ভাষাৰ সৃষ্টি হ'লেও অসমীয়া ভাষাৰ ব্যাকৰণে কিছুমান নিৰ্দিষ্ট বিশেষত্ব প্ৰকাশ কৰিছে৷ অসমীয়া ভাষাত তলত দিয়াৰ দৰে ৰূপতাত্বিক বৈশিষ্টসমূহ প্ৰকাশ পায়[6]
- অসমীয়াত লিংগ ব্যাকৰণগত বিষয় নহয়৷
- অসমীয়াত বচন ব্যাকৰণগত নহয়৷
- সংস্কৃতত পুৰুষ তিনিটা, অসমীয়াত পুৰুষ চাৰিটা৷ (মধ্যম পুৰুষৰ মান্য আৰু তুচ্চাৰ্থবাচক ৰূপ আছে)৷
- সংস্কৃতৰ দৰে অসমীয়া ভাষাত ধাতুৰ কোনো গণৰ শ্ৰেণী-বিভাজন নাই৷
- সকৰ্মক ক্ৰিয়া আৰু অকৰ্মক ক্ৰিয়াৰ মাজত ভিন্নতা আছে।
- কৰ্তাপদতকৈ কৰ্মপদ সম্পূৰ্ণ পৃথক।
- ব্যক্তিগত সৰ্বনামসূচক অধিকাৰৰ বাবে সম্বোধনসূচক বিশেষ্যৰ শব্দৰূপ দিয়া হয়। (Kinship nouns are inflected for personal pronominal possession.)
- ক্ৰিয়া-বিশেষণ সমুহ ক্ৰিয়াৰ উৎসৰ পৰাই বিশ্লেষণ কৰিব পাৰি।
- জতুৱা ঠাঁচত পৰোক্ষ বাক্য গঠন কৰিব পাৰি।
[সম্পাদনা কৰক] ধ্বনিতত্ব
অসমীয়া ভাষাৰ ধ্বনিতত্বক প্ৰধানত দুটা ভাগত ভগাব পাৰি৷
[সম্পাদনা কৰক] স্বৰধ্বনি
যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ বিবৰৰ কোনো ঠাইত বাধা নাপায় তাক স্বৰধ্বনি বোলে৷ লিখিতভাৱে স্বৰধ্বনি ১১ টা যদিও; বিশিষ্ট স্বৰধ্বনি আঠটাহে পোৱা যায়৷ উচ্চাৰণৰ স্থান আৰু ৰীতি অনুসৰি অসমীয়া বিশিষ্ট স্বৰধ্বনিবোৰক তলত দিয়াৰ দৰে দেখুৱাব পাৰি৷[7][4]
ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিসমূহক কেইবাটাও ভাগত ভাগ কৰা হয়৷ জিভাৰ অংশ অনুসৰি সিহঁতক সন্মুখ, কেন্দ্ৰীয় আৰু পশ্চ তিনিভাগত ভাগ কৰা হয়৷ আকৌ জিভাৰ উচ্চতা অনুসৰি উচ্চ, উচ্চ-মধ্য, উচ্চ-নিম্ন-মধ্য, নিম্ন-মধ্য আৰু নিম্ন এই পাঁচভাগত ভগাব পাৰি৷ কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে৷[8]
| সন্মুখ | কেন্দ্ৰীয় | পশ্চ | |
|---|---|---|---|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
||
|
|
|
[সম্পাদনা কৰক] ব্যঞ্জনধ্বনি
যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ বিবৰৰ কোনো ঠাইত বাধা পায় তাক ব্যঞ্জনধ্বনি বোলে৷ স্বৰধ্বনিৰ সহায়ত ইয়াক উচ্চাৰণ কৰা হয়৷ লিখিতভাৱে অসমীয়া ভাষাত ৪০ টা ব্যঞ্জনধ্বনি পোৱা যায় যদিও অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জনধ্বনি ২১ টাহে পোৱা যায়৷[7][4]
ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটাক স্পৰ্শ, নাসিক্য, পাৰ্শ্বিক, কম্পিত আৰু উষ্ম ভাগত ভাগ কৰা হয়৷ স্পৰ্শধ্বনিবোৰৰ ভিতৰত ঘোষ আৰু অঘোষ দুই বিধৰ আছে৷ সেইবোৰ অল্পপ্ৰাণ আৰু মহাপ্ৰাণো হ'ব পাৰে৷ নাসিক্য, পাৰ্শ্বিক, আৰু কম্পিত ধ্বনিৰ আটাইবোৰ ঘোষ ধ্বনি৷ উষ্ম ধ্বনিৰ ভিতৰত ঘোষ আৰু অঘোষ দুইবিধ পোৱা যায়৷ /ঙ/ ৰ বাহিৰে আটাইবোৰ ব্যঞ্জন ধ্বনি শব্দৰ আৰম্ভণি, মাজ আৰু শেষত ব্যৱহাৰ হ'ব পাৰে৷ কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে৷
অসমীয়া ভাষাত 'য়' আৰু 'ৱ' এই দুটা অৰ্ধ-স্বৰ বিশিষ্ট-ধ্বনি নহয়৷ সিহঁত শ্ৰুতি-ধ্বনি ৰূপতহে থাকে৷ ওচৰাউচৰিকৈ থকা দুটা স্বৰ-ধ্বনিৰ আগৰটো 'ই' হ'লে দুয়োটা স্বৰ-ধ্বনিৰ মাজত আপোনা-আপুনি 'য়' উচ্চাৰিত হ'ব আৰু আগৰটো 'উ' বা 'ও' হ'লে আপোনা-আপুনি 'ৱ' উচ্চাৰিত হ'ব৷[8]
| উচ্চাৰণ স্থান | দ্বৌষ্ঠ্য | দন্তমূলীয় | পশ্চ-তালব্য | কণ্ঠ্য | |||
|---|---|---|---|---|---|---|---|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
||||
|
|
|
|
|
|
|||
|
|
|
||||||
|
|
|
||||||
[সম্পাদনা কৰক] উপভাষা
উনবিংশ শতিকাত খ্ৰীষ্টিয়ান মিছনেৰীসকলে যি ভাষাত শিৱসাগৰ জিলাত অৰুণোদই ছপা কৰিছিল সেই ভাষাই সময়ত মান্য ভাষা হৈছিল আৰু সেই ভাষাই বৰ্তমান চৰকাৰী ভাষা৷ অসমৰ সংবাদ পত্ৰ, স্কুল-কলেজ আদিতো এই ভাষাকে ব্যৱহাৰ কৰা হয়৷ কিন্তু বৰ্তমান অসমত ইয়াৰ বাহিৰেও কেইবাটাও উপভাষা প্ৰচলিত আছে৷ বাণীকান্ত কাকতিৰ মতে অসমত দুটা উপভাষাৰ প্ৰচলন আছে (1) পূব আৰু (2) পশ্চিম উপভাষা৷ কিন্তু বৰ্তমান উপভাষা বিভাজনত চাৰিটা ভাগ কৰা দেখা যায়৷[3]
- পূব উপভাষা (শিৱসাগৰকে ধৰি অন্যান্য জিলাত ব্যৱহাৰ কৰা বৰ্তমানৰ মান্য ভাষা)
- মধ্য উপভাষা (নগাঁও, মৰিগাঁও আদি আৰু তাৰ দাঁতি কাষৰিয়া অঞ্চল)
- কামৰূপী উপভাষা (কামৰূপ,নলবাৰী, বৰপেটা, দৰং, কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাত)
- গোৱালপাৰা উপভাষা (গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ আৰু বঙাইগাঁও জিলা)
[সম্পাদনা কৰক] অসমীয়া সাহিত্য
[সম্পাদনা কৰক] অতিৰিক্ত তথ্য
[সম্পাদনা কৰক] তথ্য সূত্ৰ
- ↑ [1]Language information service, India; Assamese-Demography; আহৰণ:১৯ ফ্ৰেব্ৰুৱাৰী ২০১২
- ↑ [2]ভাৰতীয় লোকপিয়ল তথ্য ২০০১, আহৰণ:১৯ ফ্ৰেব্ৰুৱাৰী ২০১২
- ↑ 3.0 3.1 [3]RCILTS (Phase 2); আহৰণ:১৯ ফেব্ৰুৱাৰী ২০১২
- ↑ 4.0 4.1 4.2 গ্ৰন্থ-অসমীয়া ভাষা, ডঃ ভীমকান্ত বৰুৱা, বনলতা, ১৯৯৭
- ↑ Assamese, Its Formation And Development, By- Dr. Banikanta Kakati, p. 13
- ↑ ব্যাকৰণ আৰু প্ৰাকৃতিক বিজ্ঞান, ডঃ ৰমেশ পাঠক, পৃষ্ঠা-২৬/২৭, ১৯৮৮
- ↑ 7.0 7.1 গ্ৰন্থ-অসমীয়া ভাষাৰ গঠন আৰু বিকাশ, ডঃ বাণীকান্ত কাকতি, ২০০২
- ↑ 8.0 8.1 গ্ৰন্থ-অসমীয়া ভাষা আৰু উপভাষা, ডঃ উপেন্দ্ৰনাথ গোস্বামী, ১৯৮৬
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
| ৱিকিমিডিয়া কমন্সত ‘অসমীয়া ভাষা’ বিষয় সংক্ৰান্তত মিডিয়া আছে। |
| ৱিকিপিডিয়া, মুক্ত বিশ্বকোষখনৰ অসমীয়া ভাষাৰ সংস্কৰণ |
- চন্দ্ৰকান্ত অভিধান; দ্বিতীয় সংস্কৰণ, গুৱাহাটী বিশ্ববিদ্যালয়, ১৯৬২
- A Dictionary in Assamese and English (1867) মাইল্ছ ব্ৰনছনে লিখা প্ৰথম অসমীয়া অভিধান; (books.google.com)ৰ পৰা
- শব্দ:ইংৰাজী-অসমীয়া অনলাইন অভিধান
- অসমীয়া ভাষা আৰু সাহিত্য
- অসমীয়া ভাষাৰ নমুনা
- অসমীয়াৰ Ethnologue প্ৰতিবেদন
- সঁফুৰা-অসমীয়া লেখাৰ সংগ্ৰহ
- অসমীয়া - UCLA Phonetics Lab Data
- লিপিবদ্ধ অসম অসমীয়া শব্দৰ উদ্ভৱৰ সন্ধানত, ড° গকুল গোস্বামী উত্স - নীলা চৰাই ৱেবছাইট|
|
|||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
|
||||||||
|
|||||||||||||||||||