অসমীয়া সাহিত্য
|
|
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্রয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই বা য'তে প্রয়োজন দেখে {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্রবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্রত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে । |
| অসমীয়া সাহিত্য | |
|---|---|
চৰ্যাপদ পুথি শ্ৰীমন্ত শংকৰদেৱ, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী, কমলাকান্ত ভট্টাচাৰ্য্য, জ্যোতিপ্ৰসাদ আগৰৱালা |
|
| অসমীয়া সাহিত্য (শ্ৰেণী: সাহিত্য) অসমীয়া ভাষা |
|
| সাহিত্যৰ ইতিহাস | |
| অসমীয়া সাহিত্যৰ ইতিহাস | |
| অসমীয়া সাহিত্যিকসকলৰ তালিকা | |
| কালানুক্রমিক তালিকা - বৰ্ণানুক্ৰমিক তালিকা | |
| অসমীয়া সাহিত্যিক | |
| ঔপন্যাসিক - গল্পকাৰ - নাট্যকাৰ - কবি - প্ৰবন্ধকাৰ | |
| সাহিত্যধাৰা | |
| প্ৰাচীন আৰু মধ্যযুগীয় চৰ্যাপদ - প্ৰাক-শঙ্কৰী যুগৰ সাহিত্য - বৈষ্ণৱ যুগৰ সাহিত্য - অৰুণোদই যুগ - অনুবাদ সাহিত্য -মুছলিম সাহিত্য - লোকসাহিত্য আধুনিক যুগৰ সাহিত্য উপন্যাস - কবিতা - নাটক - চুটিগল্প - প্ৰবন্ধ - শিশুসাহিত্য - কল্পবিজ্ঞান - অভিধান |
|
| প্ৰতিষ্ঠান আৰু পুৰস্কাৰ | |
| ভাষা শিক্ষায়ন সাহিত্য পুৰস্কাৰ |
|
| সম্পৰ্কীয় প্ৰবেশদ্বাৰ সাহিত্য প্ৰবেশদ্বাৰ অসম প্ৰবেশদ্বাৰ |
|
অসমীয়া সাহিত্যক পৰিৱৰ্তনৰ দিশৰ পৰা লক্ষ্য কৰি কেইবাটাও ভাগত ভগাব পাৰি৷ যেনে
- চৰ্যাপদ
- প্ৰাক বৈষ্ণৱ সাহিত্য
- বৈষ্ণৱ সাহিত্য
- পাঁচালী সাহিত্য
- চৰিত পুথি আৰু বংশাৱলী
- আহোম যুগৰ সাহিত্য
- আধুনিক অসমীয়া সাহিত্য
সূচী |
[সম্পাদনা কৰক] চৰ্যাপদ
মূল প্ৰৱন্ধ: চৰ্যাপদ অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিৰ্দেশন চৰ্যাপদবোৰত পোৱা যায়৷ চৰ্যাপদবোৰ বৌদ্ধ ধৰ্মৰ মূল আচাৰ-নীতিবোৰ প্ৰচাৰ কৰিবলৈ গীতৰ আকাৰত ৰচনা কৰা হৈছিল৷ ৰাগ-ৰাগিনী অনুসৰি গোৱা এই গীতবোৰক চৰ্যাগীত, বৌদ্ধগান বা দোহাও বোলে৷ চৰ্যাপদবোৰ অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি ঠাৱৰ কৰা হৈছে৷
[সম্পাদনা কৰক] প্ৰাক শঙ্কৰী যুগ
অসমীয়া সাহিত্যৰ পূৰ্ণাংগ ৰূপত লিখিত সাহিত্যৰ আদৰ্শ স্থাপন হয় ১৪শ শতিকাত ৰচিত হেম সৰস্বতী 'প্ৰহ্লাদ চৰিত' পুথিৰ জড়িয়তে৷ আনহাতে ১৪শ শতিকাত মাধৱ কন্দলীয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰে৷ আধুনিক ভাৰতীয় ভাষা তথা উত্তৰ ভাৰতৰ ভিতৰত এইখনেই প্ৰথম ৰামায়ণ৷ ৰুদ্ৰ কন্দলিয়ে মহাভাৰতৰ 'দ্ৰোণ পৰ্ব' অনুবাদ কৰে৷ ১৫শ শতিকাত সৃষ্টি হয় দূৰ্গাবৰৰ 'গীতি ৰামায়ণ', একেদৰে পীতাম্বৰ আৰু মনকৰেও পুৰাণৰ পৰা যথেষ্ট সংখ্যক গীত অনুবাদ কৰে৷ এই শ্ৰেণীৰ সাহিত্যক পাঁচালী সাহিত্য বোলে৷
[সম্পাদনা কৰক] বৈষ্ণৱ যুগ
১৫শ শতিকাত জন্ম গ্ৰহণ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯-১৬৬৮) অসমত বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিবৰ কাৰণে সংস্কৃত সাহিত্যৰ পৰা অনেক সাহিত্য অনুবাদ কৰাৰ লগতে স্বকীয়ভাৱেও অনেক সাহিত্য সৃষ্টি কৰিছিল৷ কীৰ্তন-ঘোষা, ভক্তি-প্ৰদীপ, ৰুক্মিণী হৰণ, হৰিচন্দ্ৰ উপাখ্যান আৰু বলি চলন, দশম আদি উল্লেখযোগ্য৷ ৰাম সৰস্বতীয়ে অনুবাদ কৰে মহাভাৰতৰ বিভিন্ন কাণ্ডসমূহ আৰু বিভিন্ন পুৰাণ-উপপুৰাণৰ পৰা সংগ্ৰহিত 'বধ কাব্যসমূহ'৷ মাধৱদেৱৰ 'ৰাজসুই যজ্ঞ' আদি এই সময়ৰ অন্যান্য লেখত ল'ব লগিয়া গ্ৰন্থ৷ এই সময়তে ভট্টদেৱে প্ৰথম বাৰৰ কাৰণে সাহিত্য ৰচনাত গদ্যক একমাত্ৰ প্ৰকাশৰ মাধ্যম হিচাপে গ্ৰহণ কৰে৷ তেওঁৰ 'কথা-গীতা', 'কথা-ভাগৱত' অন্যতম৷
[সম্পাদনা কৰক] শঙ্কৰোত্তৰ যুগ
অসমৰ আহোম ৰাজত্বৰ সময়তো অসমীয়া সাহিত্যৰ যথেষ্টসংখ্যক নতুন নতুন সাহিত্যৰ সৃষ্টি হৈছিল৷ আহোম যুগত সৃষ্টি হৈছিল বুৰঞ্জী সাহিত্যসমূহ৷ ইয়াৰ উপৰিও আহোম যুগৰ অন্যতম সৃষ্টি আছিল ব্যৱহাৰিক সাহিত্যসমূহ৷ জ্যোতিষ, চিকিত্সা, গণিত, সঙ্গীত, নৃত্য আৰু বিভিন্ন বিষয়ত এই গ্ৰন্থসমূহ ৰচনা কৰা হৈছিল৷ শঙ্কৰোত্তৰ যুগত চৰিত সাহিত্যসমূহো সৃষ্টি কৰা হৈছিল৷ কথা গুৰু চৰিত এই সময়ৰ অন্যতম সৃষ্টি৷ ইয়াৰ উপৰিও দামোদৰ চৰিত, বৰদোৱা চৰিত, বনমালী দেৱৰ চৰিত আদি চৰিত পুথি পোৱা যায়৷
[সম্পাদনা কৰক] ৰোমান্টিক যুগৰ সাহিত্য : অৰুণোদই যুগ
আধুনিক অসমীয়া সাহিত্যৰ আৰম্ভণি খ্ৰীষ্টান মিছনেৰী নাথান ব্ৰাউন, মাইলচ্ ব্ৰনচন আদিৰ প্ৰচেষ্টাত অসমীয়া ভাষাত প্ৰকাশ কৰা অৰুণোদয় (১৮৪৬) আলোচনীৰ সময়ৰ পৰাই আৰম্ভ হয়৷ ইয়াৰ আগতে ১৮১৩ চনত মিছনেৰীসকলৰ উদ্যোগতে আত্মাৰাম শৰ্মাই বাইবেল অসমীয়ালৈ অনুবাদ কৰে৷ এইখনেই অসমীয়া ভাষাত প্ৰথম ছপা পুথি৷ সেইসময়তে নাথান ব্ৰাউনএ ৰচনা কৰে 'গ্ৰামাটিকেল নটিচেছ অৱ দ্যা আছামিছ লেংগুৱেজ' (১৮৪৮) , মাইলচ্ ব্ৰনচনএ ৰচনা কৰে 'অসমীয়া-ইংৰাজী অভিধান' (১৮৬৭) আৰু ১৮৩৯ চনত অন্য এজন মিছনেৰী ডব্লিও.ৰবিনচনে ৰচনা কৰে ইংৰাজীত প্ৰথম অসমীয়া ব্যাকৰণ 'এ গ্ৰামাৰ অৱ আছামিছ লেংগুৱেজ'।
১৯ শ শতিকাত অসমীয়া সাহিত্যই এক নতুন ধাৰাৰে আগবাঢ়ে৷ এই সময়তে হেমচন্দ্ৰ বৰুৱা(১৮৩৫-১৮৯৬) অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ 'অসমীয়া ব্যাকৰণ' (১৮৯৫) ৰচনা কৰে৷ আৰু অসমীয়া ভাষাত প্ৰথম অভিধান 'হেমকোষ' (১৯০০) ৰচনা কৰে৷ এই সময়তে প্ৰকাশ পায় অসমীয়া সংবাদ পত্ৰ 'অসম বন্ধু' (১৮৮৫)৷ আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-৯৬), গুণাভিৰাম বৰুৱা (১৮৩৭-৯৫) এই সময়ৰ উল্লেখযোগ্য ব্যক্তি৷ গুণাভিৰাম বৰুৱাৰ 'ৰাম-নৱমী' (১৮৫৭) আৰু হেমচন্দ্ৰ বৰুৱাৰ 'কানীয়া-কীৰ্তন' (১৮৬১) উল্লেখ্যযোগ্য গ্ৰন্থ৷
কলিকাতাত পঢ়িবলৈ গৈ চন্দ্ৰ কুমাৰ আগৰৱলা (১৮৬৭-১৯৩৮), লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৭-১৯৩৮) আৰু হেমচন্দ্ৰ গোস্বামী (১৮৭২-১৯২৮)ৰ প্ৰচেষ্টাত প্ৰকাশ পোৱা 'জোনাকী' (১৮৮৯) আলোচনীৰ সময়ৰ পৰাই আধুনিক অসমীয়া সাহিত্যলৈ সম্পূৰ্ণভাৱে ৰোমাণ্টিক কবিতা, চুটিগল্প, নাটক, উপন্যাস, ৰসৰচনা, আত্মজীৱনি, জীৱনি আদিৰ সৃষ্টি হয়৷ এই সময়তে আগৰৱলাৰ প্ৰকাশ পায় 'প্ৰতিমা' (১৯১৪)আৰু 'বীণ-বৰাগী' (১৯২৩) নামৰ দুখন কবিতা পুথি৷ বেজবৰুৱাই প্ৰকাশ কৰে 'কদমকলি' (১৯১৩) আৰু 'পদুমকলি'৷ হেমচন্দ্ৰ গোস্বামীয়ে প্ৰথম অসমীয়া চনেট সৃষ্টিৰে ৰচনা কৰে কবিতা সংকলন 'ফুলৰ চাকি' (১৯০৭)৷ ইয়াৰ বাহিৰেও এই সময়তে সাহিত্যৰ অন্যান্য দিশতো যথেষ্ঠ সংখ্যক অৱদান আগবঢ়ায৷
এই পিছতে যথেষ্ঠ সংখ্যক কবি নাট্যকাৰৰ জন্ম হয়৷ ভোলানাথ দাস (১৮৫৮-১৯২৮), কমলাকান্ত ভট্টাচাৰ্য্য (১৮৫৩-১৯২৭), হিতেশ্বৰ বৰবৰুৱা (১৮৭৬-১৯৩৯), বেণুধৰ ৰাজখোৱা (১৮৭২-১৯৩৫), ৰঘুনাথ চৌধাৰী (১৮৭৯-১৯৬৬) আদিয়ে যথেষ্ঠ সংখ্যক কবিতা পুথি ৰচনা কৰে৷ আধুনিক অসমীয়া উপন্যাৰ ধাৰাটো আৰম্ভ কৰে ৰজনীকান্ত বৰদলৈয়ে (১৮৬৭-১৯৩৯)৷ তেওঁৰ উল্লেখ্যযোগ্য সৃষ্টি হ'ল 'মিৰিজীয়ৰী'(১৮৯৫), 'মনোমতী' (১৯০০), 'দন্দোৱা দ্ৰোহ' (১৯০৯) আৰু 'ৰহদৈ লিগিৰী' (১৯৩০)৷ পদ্মনাথ গোহাঁঞি বৰুৱাৰ (১৮৭১-১৯৪৬) কবিতা পুথি 'ফুলৰ চানেকি', 'জুৰণি' (১৯০০) আৰু 'লীলা' (১৯০১) উল্লেখযোগ্য৷
এই সময়তে অসমীয়া অতিন্দ্ৰীয়বাদী কবিতাক জনপ্ৰিয় কৰি তোলে ক্ৰমে দূৰ্গেশ্বৰ শৰ্মা (১৮৮২-১৯৬১) আৰু নলিনীবালা দেৱী (১৮৯৮-১৯৭৮)৷ উমৰ খায়াম অসমীয়ালৈ অনুবাদ কৰে যতীন্দ্ৰনাথ দুৱৰাই (১৮৯২-১৯৭৮)৷ অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়োৱা এই সময়ৰ অন্যান্য কবিসকল আছিল ৰত্নকান্ত বৰকাকতী (১৮৯৭-১৯৬৩), পাৰ্বতী প্ৰসাদ বৰুৱা (১৯০৪-১৯৬৪), পদ্মধৰ চলিহা (১৮৯৫-১৯৬৮),জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩-১৯৫১), প্ৰসন্নলাল চৌধৰী(১৯০২), বিনন্দ্ৰ চন্দ্ৰ বৰুৱা (১৯০৩) আৰু দেৱকান্ত বৰুৱা (১৯১৪)৷ দেৱকান্ত বৰুৱাৰ 'সাগৰ দেখিছা' কাব্য পুথি অসমীয়া ৰোমাণ্টিক কবিতা আৰু আধুনিক কবিতাৰ যুগসন্ধিৰ কবিতা বুলিব পাৰি৷
[সম্পাদনা কৰক] আধুনিক যুগৰ সাহিত্য
দ্বিতীয় মহাযুদ্ধৰ পিছত অসমীয়া সাহিত্যলৈ ভাৱ, ভাষা, আংগিক সকলো ফালে নানা পৰিৱৰ্তনে দেখা দিলে৷ এই সময়ত ৰচিত কবিতা, চুটিগল্প, নাটক, উপন্যাস সকলোফালে নতুনত্বয় দেখা দিলে৷ চৈয়দ আব্দুল মালিক, যোগেশ দাস, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, ভবেন্দ্ৰনাথ শইকীয়া, মহিম বৰা, হিতেশ ডেকা, হোমেন বৰগোহাঞি, নিৰুপমা বৰগোহাঞি, মামণি ৰয়চম গোস্বামী আদিৰ গল্প আৰু উপন্যাসে আধুনিক সাহিত্যৰ ভৰাঁল চহকী কৰে৷ কবিতাৰ ক্ষেত্ৰত হীৰেন ভট্টাচাৰ্য, অজিত বৰুৱা, হৰেকৃষ্ণ ডেকা, নীলমণি ফুকন (কনিষ্ঠ), নিৰ্মল প্ৰভা বৰদলৈ, নলিনীধৰ ভট্টাচাৰ্য্য আদি উল্লেখ্যযোগ্য৷ ইয়াৰ লগে লগে ন-ন প্ৰতিভাৱান সাহিত্যিকৰ সৃষ্টিয়ে বৰ্তমান অসমীয়া সাহিত্যক চহকী কৰি তুলিছে৷
[সম্পাদনা কৰক] তথ্য সংগ্ৰহ
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
- অসমীয়া সাহিত্যৰ ইতিহাস সম্পৰ্কীয় এটা টোকা।
- অসমীয়া গীত সহিত্য, বিয়ানাম, লেখক-ডিম্বেশ্বৰ নেওগ, আমি অসমীয়া ৱেবছাইট।
|
|||||||||||||||||||