কামৰূপ ৰাজ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কামৰূপ ৰাজ্য
সাম্ৰাজ্য
৩৫০–১১৪০
ৰাজধানী প্ৰাগজ্যোতিষপুৰ (গুৱাহাটী)
হাৰুপেশ্বৰ (তেজপুৰ)
দূৰ্জয়া (গুৱাহাটী)
চৰকাৰ Absolute monarchy, unitary state
কাল ধ্ৰুপদী যুগ
 - স্থাপিত ৩৫০
 - পতন ১১৪০
Today part of  ভাৰত
 বাংলাদেশ
Warning: Value specified for "continent" does not comply

কামৰূপ (ইংৰাজী: Kamarupa বা Pragjyotisha) অসমৰ প্ৰথম ঐতিহাসিক ৰাজ্য যিখন ৩৫০ চনৰ পৰা ১১৪০ চনলৈ প্ৰায় ৮০০ বছৰ বৰ্তি আছিল। ইয়াক প্ৰাগজ্যোতিষ বুলিও কোৱা হৈছিল। এই ৰাজ্য মুঠ তিনিটা ৰাজবংশই তেওঁলোকৰ ৰাজধানী বৰ্তমানৰ গুৱাহাটী আৰু তেজপুৰৰ পৰা শাসন কৰিছিল। সমগ্ৰ ব্ৰহ্মপুত্ৰ নদী উপত্যকা, উত্তৰ বংগ আৰু বাংলাদেশৰৰ কিছু অংশ ইয়াৰ লগত সংলগ্ন আছিল[1]

প্ৰাচীনকালত ইয়াৰ নাম আছিল প্ৰাগজ্যোতিষকালিকা পুৰাণ আৰু হিউয়েনচাংৰ মতে এই ৰাজ্যৰ পশ্চিম সীমান্তত কৰতোৱা নদী আৰু পূব দিশত শদিয়াৰ নিকটৱৰ্তী দিক্কাৰবাসিনী মন্দিৰ আছিল। বৰ্মন, ম্লেছ আৰু পাল ৰাজবংশই ৰাজ্যখনত দ্বাদশ শতাব্দী পৰ্যন্ত শাসন কৰিছিল। কামৰূপ ৰাজ্যৰ অস্তিত্ব পাল ৰজাসকলৰ পতনৰ পিছত ধীৰে ধীৰে লোপ পাবলৈ ধৰে। দ্বাদশ শতাব্দীৰ পিছত ৰাজ্যখন সৰু সৰু ৰাজনৈতিক অঞ্চলত ভাগ ভাগ হৈ পৰে যদিও তাৰ পিছতো ঐতিহাসিকবিদসকলে কামৰূপ কামৰূপ নামেৰেই সমগ্ৰ ভূখণ্ডৰ উল্লেখ কৰিছিল।[2] ১৫শ শতিকাৰ শেষৰফালে কমতা ৰাজ্য আক্ৰমণ কৰা মুছলিম শাসক আল্লাউদ্দিন হুছেইন শ্বাহৰ মুদ্ৰাত অঞ্চলটোক কামৰূ বা কামৰূদ বুলি উল্লেখ কৰা হৈছে। এই ৰাজ্যৰ নামৰ অস্তিত্ব বৰ্তমান অসমৰ কামৰূপ জিলাৰ মাজতেই বৰ্তি আছে।

This is the 7th and 8th century extent of Kamarupa kingdom in Assam. The map is created using historical data from reliable books and on the basis of archaeological findings in this region. The Kingdom of Kamarupa included areas comprised in what is now Bhutan and Arunachal Pradesh.
The findspots of inscriptions[3] associated with the Kamarupa kingdom give an estimate of its geographical location and extent.

সূচী

কামৰূপৰ উৎসসমূহ [সম্পাদনা কৰক]

টলেমিৰ বিশ্বমানচিত্ৰত এছিয়া য’ত কামৰূপক Cirrhadia হিচাপে দেখুৱা হৈছে।

মহাভাৰত আৰু ৰামায়ণত এই অঞ্চলক প্ৰাগজ্যোতিষ হিচাপে আখ্যায়িত কৰা হৈছে।(উৎস চাওক) ইৰিত্ৰিয় সাগৰৰ পেৰিপ্লাছ (প্ৰথম শতাব্দী) আৰু টলেমিৰ জিঅ’গ্ৰাফিয়াত (দ্বিতীয় শতাব্দী) এই অঞ্চলক কিৰহাদিয়া নামে আখ্যায়িত কৰিছে যি কিৰাট গণৰ নামেৰে নামাকৰণ কৰা হৈছে[4]। প্ৰাচীন লিপিত কামৰূপৰ প্ৰথম উল্লেখ পোৱা যায় ৪ৰ্থ শতাব্দীৰ সমুদ্ৰগুপ্তৰ এলাহাবাদসকলৰ শিলালিপিৰ পৰা। পৰ্যটক হিউয়েনচাং ৭ম শতাব্দীৰ সময়ত ভাস্কৰবৰ্মণৰ শাসনকালত এই ৰাজ্য ভ্ৰমণ কৰে। কামৰূপৰ শিলালিপিৰ দৰে কামৰূপৰ ৰজাসকলৰ সময়ৰ বিশেষকৈ ভাস্কৰবৰ্মণৰ সময়ৰ অসম আৰু বাংলাদেশত পোৱা বিভিন্ন শিলালিপিৰ পৰা অনেক মূল্যবান তথ্য পোৱা সম্ভৱ হৈছে।

স্থানীয় উৎসসমূহত কামৰূপ নামটোৰ ব্যৱহাৰ দেখা নাযায়। স্থানীয়ভাৱে ইয়াক প্ৰাগজ্যোতিষ বুলিহে কোৱা হৈছিল; ৰজাক কোৱা হৈছিল প্ৰাগজ্যোতিষাধিপতি[5] অশোকৰ সময়ৰ নথি-পত্ৰত অসমৰ কোনো উল্লেখ নাই।[6]

ভৌগোলিক সীমা [সম্পাদনা কৰক]

দশম শতিকাৰ কালিকা পুৰাণ আৰু সপ্তম শতিকাৰ হিউয়েনচাঙৰ বৰ্ণনা অনুসৰি পশ্চিমফালৰ সীমা আছিল ঐতিহাসিক কৰতোৱা নদী।[7] পূবে আছিল বৰ্তমান কালৰ শদিয়াৰ ওচৰৰ তাম্ৰেশ্বৰী দেৱীৰ মন্দিৰ।[8] দক্ষিণৰ সীমা আছিল বাংলাদেশঢাকা আৰু মৈমনসিং জিলাৰ মাজৰ সীমাৰ ওচৰত। গতিকে কামৰূপ ৰাজ্য ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে বৰ্তমানৰ ভূটান আৰু বাংলাদেশৰ কিছু অংশলৈ বিস্তৃত আছিল। এই অঞ্চলসমূহত সিঁচৰতি হৈ থকা বিভিন্ন অভিলেখে এই কথা সমৰ্থন কৰে। ত্ৰয়োদশ শতিকাত কামৰূপ ৰাজ্য খণ্ড-বিভণ্ড হৈ সৰু সৰু ৰাজ্য গঢ় লৈ উঠে। তাৰ ভিতৰত পশ্চিমে কমতা ৰাজ্য আৰু পূবে আহোম ৰাজ্য শক্তিশালী হৈ পৰে। ১৫৮১ চনত কমতাৰ শাসক কোচ ৰজা নৰনাৰায়ণে তেওঁৰ ৰাজ্যক দুভাগত ভাগ কৰে আৰু সংকোশ নদীৰ পূবৰ অংশটো চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱক সঁপি পশ্চিম অংশটো নিজে ৰাখে।[9] বৰ্তমানৰ পশ্চিমবঙ্গ-অসমৰ সীমাই এই বিভাজনকে প্ৰতিফলিত কৰে। নৰনাৰায়ণৰ পিছত ১৬০২ চনমানৰ পৰা পূবৰ কোচ ৰাজ্যখন বাৰে বাৰে মোগল আৰু আহোমৰ আক্ৰমণৰ সন্মুখীন হয়। ১৬১৫ চনমানৰ পৰা এই ঠাই মোগল আৰু আহোমৰ যুদ্ধথলীত পৰিণত হয়। ১৭শ শতিকাৰ শেষৰফালে আহোমে শেষবাৰৰ বাবে মোগলক খেদি পঠিয়াই আৰু ১৮২৬ চনত ব্ৰিটিছৰ আগমণ পৰ্যন্ত এই স্থান অধিকাৰ কৰি থাকে।

কামৰূপ ৰাজ্যৰ গঠন [সম্পাদনা কৰক]

কামৰূপৰ ৰজাসকলে এৰি যোৱা শিলালিপি বা হিউৱেনচাঙৰৰ দৰে পৰ্যটকৰ বৰ্ণনাৰ পৰা কামৰূপ ৰাজ্যৰ গঠন অনুমান কৰিব পাৰি।[10]

ৰজা আৰু ৰাজসভা: ৰজাজনক দৈৱিক মূলৰ বুলি ভবা হৈছিল। জ্যেষ্ঠানুক্ৰমে পৰৱৰ্তী ৰজা নিৰ্বাচন কৰা হৈছিল, কিন্তু ইয়াত দুবাৰ যতি পৰিলে বেলেগ বংশ বাছনি কৰা হৈছিল। আগৰ ৰজাজনে কোনো সন্তান নোহোৱাকৈ মৃত্যুবৰণ কৰাৰ পিছত দ্বিতীয় নিয়ম অনুসৰি ৰাজ্যৰ উচ্চ বিষয়াসকলে ব্ৰহ্মপালক ৰজা পাতিছিল। ৰাজসভাত ৰাজগুৰু, কবি, বিদ্বান ব্যক্তি, চিকিৎসক আদি লোক আছিল। বিভিন্ন অভিলেখত ৰাজপ্ৰসাদৰ ভিন ভিন বিষয়াৰ পদৰ নাম পোৱা যায়: মহাবৰাধিপতি, মহাপ্ৰতিহাৰ, মহাল্লকাপ্ৰৌধিক আদি।

মন্ত্ৰীসভা: ৰজাক পৰামৰ্শ দিবলৈ মন্ত্ৰীৰ এটা গোট আছিল (মন্ত্ৰীপৰিষদ)। হিউৱেনচাঙৰ বৰ্ণনাত ভাস্কৰবৰ্মণে মন্ত্ৰীসকলৰ লগত কৰা এক আলোচনাৰ কথা আছে। কমৌলি অনুদানৰ মতে এই পদসমূহ ব্ৰাহ্মণসকলৰ দ্বাৰা বংশানুক্ৰমে পূৰণ কৰা হৈছিল। ৰাজ্যৰ কাম-কাজৰ সুচাৰু পৰিচালনাৰ বাবে বিষয়াৰ আন আন কিছুমান গোট আছিল।

ৰাজহ: বিশেষ কৰ-সংগ্ৰাহকে কৃষকৰপৰা মাটিৰ খাজানা (কৰ) সংগ্ৰহ কৰিছিল। খেতি কৰা মাটিৰ অধিকাৰ নথকা কৃষকসকলে উপৰিকৰ দিব লাগিছিল। কৈৱৰ্তসকলে নাৱেৰে বণিজ কৰা সদাগৰসকলৰপৰা শুল্ক সংগ্ৰহ কৰিছিল। ৰাজ্যৰ তামৰ খনিৰ ওপৰত একচেতীয়া অধিকাৰ আছিল। ৰাজ্যৰ ভঁৰাল আৰু ধনকোষৰ চোৱা-চিতাৰ দায়িত্ব ভাণ্ডগৰাধিকৃত আৰু কোষ্ঠগাৰিকৰ ওপৰত ন্যস্ত কৰা হৈছিল।

অনুদান: ৰজাই ব্ৰাহ্মণসকলক অনুদান দিছিল (ব্ৰাহ্মদেয়)। ইয়াৰ ভিতৰত আছিল গাঁও, পানী আদি। অনুদান লাভ কৰাসকলে ৰাজহ সংগ্ৰহৰ অধিকাৰ পোৱাৰ লগতে নিজে কৰ দিয়া বা উপদ্ৰৱৰ পৰা মুক্ত আছিল। কেতিয়াবা কিছুমান ব্ৰাহ্মণক উত্তৰ ভাৰতৰপৰা আনি বৰ্ণাশ্ৰমধৰ্ম স্থাপনৰ উদ্দেশ্যেৰে কামৰূপত বহুওৱা হৈছিল। অনুদানৰ নিয়মে সামন্ত শ্ৰেণী থকাৰ কথাও ইংগিত কৰে। মন্দিৰ আৰু ধাৰ্মিক অনুষ্ঠানলৈ দিয়া অনুদানক ধৰ্মোত্তৰ আৰু দেৱোত্তৰ বুলি কোৱা হৈছিল।

মাটিৰ জৰীপ: মাটিৰ জৰীপ কৰি শ্ৰেণীবিভাজন কৰা হৈছিল। খেতিৰ মাটিৰ (ক্ষেত্ৰ) স্বত্ব ব্যক্তিবিশেষ বা পৰিয়ালৰ ওচৰত আছিল। অনুৰ্বৰ মাটি (খিল) আৰু অৰণ্যৰ স্বত্ব সমূহীয়া আছিল। There were lands called bhucchidranyaya that were left unsurveyed by the state on which no tax was levied.

প্ৰশাসন: গোটেই ৰাজ্যখনক প্ৰশাসনিক গোটত ভগোৱা হৈছিল। ওপৰৰ পৰা তললৈ সেইবোৰ আছিল ভুক্তি, মণ্ডল, বিষয়, পুৰা (নগৰ) আৰু অগ্ৰহৰ (গাঁৱৰ সমষ্টি)। অধিকাৰ আৰু তেওঁৰ তলতীয়া ন্যায়কৰণিক, ব্যৱহাৰিক, কায়স্থ আদিয়ে এইসমূহৰ চোৱা-চিতা কৰিছিল। তেওঁলোকে ন্যায়িক দায়িত্বও পালন কৰিছিল, কিন্তু তাৰ সৰ্বোচ্চ কৰ্তৃত্ব ৰজাৰ ওচৰত আছিল। আইন বলবৎ কৰা আৰু শাস্তি বিহাৰ দায়িত্বত আছিল দাণ্ডিক (দণ্ডাধীশ) আৰু দণ্ডপাশিক (দাণ্ডিকৰ আদেশ বলবৎ কৰা বিষয়া)।

ৰাজনৈতিক ইতিহাস [সম্পাদনা কৰক]

See: Early Period of Kamarupa

Kamarupa, first mentioned on Samudragupta's Allahabad rock pillar as a frontier kingdom, began as a subordinate but sovereign ally of the Gupta empire around present-day Guwahati in the 4th century. It finds mention along with Davaka, a kingdom to the east of Kamarupa in the Kapili river valley in present-day Nagaon district, but which is never mentioned again as an independent political entity in later historical records. Kamarupa, which was probably one among many such state structures, grew territorially to encompass the entire Brahmaputra valley and beyond. The kingdom was ruled by three major dynasties, all of which drew their lineage from the legendary king Naraka, who is said to have established his line by defeating the aboriginal king Ghatakasura of the Danava dynasty.

বৰ্মণ ৰাজবংশ (৩৫০ খ্ৰীষ্টাব্দ–৬৫৫ খ্ৰীষ্টাব্দ) [সম্পাদনা কৰক]

Pushyavarman (350–374) established the Varman dynasty, by fighting many enemies from within and without his kingdom; but his son Samudravarman (374–398), named after Samudragupta, was accepted as an overlord by many local rulers.[11] Nevertheless, subsequent kings continued their attempts to stabilize and expand the kingdom.[12] Narayanavarma (494–518) and his son Bhutivarman (518–542) offered the ashwamedha (horse sacrifice);[13] and as the Nidhanpur inscription of Bhaskarvarman avers, these expansions included the region of Chandrapuri visaya, identified with present-day Sylhet division. Thus, the small but powerful kingdom that Pushyavarman established grew in fits and starts over many generations of kings and expanded to include adjoining possibly smaller kingdoms and parts of Bangladesh.

After the initial expansion till the beginning of Bhutivarman's reign, the kingdom came under attack from Yasodharman (525–535) of Malwa, the first major assault from the west.[14] Though it is unclear what the effect of this invasion was on the kingdom; that Bhutivarman's grandson, Sthitavarman (566–590), enjoyed victories over the Gauda of Karnasuvarna and performed two aswamedha ceremonies suggests that the Kamarupa kingdom had recovered nearly in full. His son, Susthitavarman (590–600) came under the attack of Mahasenagupta of East Malwa. These back and forth invasions were a result of a system of alliances that pitted the Kamarupa kings (allied to the Maukharis) against the Gaur kings (allied with the East Malwa kings).[15] Susthitavarman died as the Gaur invasion was on, and his two sons, Suprathisthitavarman and Bhaskarvarman fought against an elephant force and were captured and taken to Gaur. They were able to regain their kingdom due probably to a promise of allegiance.[16] Suprathisthitavarman's regin is given as 595–600, a very short period, at the end of which he died without an heir.

Supratisthitavarman was succeeded by his brother, Bhaskarvarman (600–650), the most illustrious of the Varman kings who succeeded in turning his kingdom and invading the very kingdom that had taken him captive. Bhaskarvarman had become strong enough to offer his alliance with Harshavardhana just as the Thanesar king ascended the throne in 606 after the murder of his brother, the previous king, by Shashanka of Gaur. Harshavardhana finally took control over the kingless Maukhari kingdom and moved his capital to Kanauj.[17] The alliance between Harshavardhana and Bhaskarvarman squeezed Shashanka from either side and reduced his kingdom, though it is unclear whether this alliance resulted in his complete defeat. Nevertheless, Bhaskarvarman did issue the Nidhanpur copper-plate inscription from his victory camp in the Gaur capital Karnasuvarna (present-day Murshidabad, West Bengal) to replace a grant issued earlier by Bhutivarman for a settlement in the Sylhet region of present-day Bangladesh.[18]

In about 643, the Xuanzang visited Bhaskarvarman's court. Xuangzang confirms that the western border of the Kamarupa kingdom was the Karatoya river. At the end of this visit, Bhaskarvarman accompanied Xuanzang to Kanauj, and participated in a religious assembly and a festival at Prayaga (Allahabad) with Harshavardhana, spending more than a year away from his own kingdom. It seems Bhaskaravarman maintained relations with China. He recounted to Xuanzang a Chinese song about the Jin dynasty which became very popular in his kingdom. After the death of Harsha, he helped a mission from China led by Wang Hiuen-ts'oe according to a Chinese account. Bhaskarvarman, also called Kumar, or Shri Kumar, was a bachelor king and died without an heir.

ম্লেছ ৰাজবংশ (c655–c900 CE) [সম্পাদনা কৰক]

After Bhaskaravarman's death without an heir, the kingdom passed into the hands of Salasthambha(655–670), an erstwhile local governor[19] and a member of an aboriginal group called Mlechchha (or Mech), after a period of civil and political strife. This dynasty too drew its lineage from the Naraka dynasty, though it had no dynastic relationship with the previous Varman dynasty. The capital of this dynasty was Haruppeshvara, now identified with modern Dah Parbatiya near Tezpur. The kingdom took on feudal characteristics[20] with political power shared between the king and second and third tier rulers called mahasamanta and samanta who enjoyed considerable autonomy.[21] The last ruler in this line was Tyāga Singha (890–900).

পাল ৰাজবংশ [সম্পাদনা কৰক]

After the death of Tyāgasimha without an heir, a member of the Bhauma family, Brahmapala (900–920), was elected as king by the ruling chieftains, just as Gopala of the Pala dynasty of Bengal was elected. The original capital of this dynasty was Hadapeshvara, and was shifted to Durjaya built by Ratnapala, near modern Guwahati. The greatest of the Pala kings, Dharmapala had his capital at Kamarupanagara, now identified with North Guwahati. The last Pala king was Jayapala (1075–1100). Around this time, Kamarupa was attacked and the western portion was conquered by the Pala king of Gaur Ramapala.

স্বাধীন ৰজাসমূহ [সম্পাদনা কৰক]

গৌড়ৰ ৰজাই বেছিদিন কামৰূপ শাসন কৰিব নোৱাৰিলে আৰু তিম্জ্ঞদেৱে (১১১০-১১২৬) কিছুকালৰ বাবে স্বাধীনভাৱে কামৰূপ শাসন কৰে। গৌড়ৰ ৰজা কুমাৰপালৰ (ৰামপালৰ পুত্ৰ) এজন বিষয়াই তিম্জ্ঞদেৱৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে আৰু কামৰূপৰ Hamshkonchi অঞ্চলত নিজকে শাসকৰূপে প্ৰতিষ্ঠা কৰে। কুমাৰপালৰ লগত বন্ধুত্বপূৰ্ণ যোগাযোগ ৰাখিলেও তেওঁ কামৰূপৰ ৰজাৰ লেখীয়াকৈ হাতীৰ মোহৰ ব্যৱহাৰ কৰি অনুদান দিবলৈ লয়[22] আৰু মহাৰজাধীৰাজ উপাধি গ্ৰহণ কৰে। এই সময়ছোৱাত কামৰূপ ৰাজ্যত কিছুমান সৰুসুৰা সমস্যাই দেখা দিয়ে। ১২০৫ চনত আফগান মহম্মদ-ই-বখতিয়াৰে কামৰূপৰ মাজেৰে তিব্বতৰ বিৰুদ্ধে অভিযানৰ বাবে যায় আৰু দুৰ্দশাৰ সন্মুখীন হয়। ১২৫৭ চনত বংগৰ মুঘীচুদ্দিন য়াজবেকে কামৰূপৰ এজন অজ্ঞাত শাসকক আক্ৰমণ কৰি পৰাস্ত কৰে। কিন্তু য়াজবেকে বেছিদিন ৰাজধানী অধিকাৰ কৰি থাকিব নোৱাৰিলে। বাৰিষাকালি তেওঁলোকৰ শক্তি টুটি আহে আৰু শেষত স্থানীয় মানুহৰ হাতত মৃত্যু হয়।

কামৰূপ ৰাজ্যৰ অন্ত [সম্পাদনা কৰক]

শেষৰফালে পশ্চিম কামৰূপত বড়ো, কোচ আৰু মেছ জনগোষ্ঠীৰ নেতাসকলে শাসন কৰিছিল। মধ্য অসমত কছাৰী ৰাজ্য আৰু পূবফালে চুতীয়া ৰাজ্য বাঢ়ি আহিছিল। পিছলৈ শক্তিশালী ৰাজ্য স্থাপন কৰা আহোম জনগোষ্ঠীৰ লোকসকলে কছাৰী আৰু চুতীয়া ৰাজ্যৰ মাজত থিতাপি লোৱা আৰম্ভ কৰিছিল।

লগতে চাওক [সম্পাদনা কৰক]

টোকা [সম্পাদনা কৰক]

  1. (Sircar 1990:63–68)
  2. মধ্যযুগত ব্ৰহ্মপুত্ৰৰ উত্তৰফালে সংকোশ নদী আৰু বৰনদীৰ মাজৰ অঞ্চলটোক কামৰূপ (বা পাৰ্ছিয়ান বুৰঞ্জীৰ মতে ।কোচ হাজো) বুলি কোৱা হৈছিল।
  3. (Lahiri 1991:26–28)
  4. Sircar, D. C., (1990) Chapter 5: Epico-Puranic Myths and Legends, pp 81
  5. "The name Kamarupa does not appear in local grants where Pragjyotisha alone figures with the local rulers called Pragjyotishadhipati." (Puri 1968, পৃষ্ঠা 3)
  6. (Puri 1968, পৃষ্ঠা 4)
  7. Historical Karatoya River from Banglapedia
  8. Sircar (1990) pp 63–64
  9. Bhuyan, S. K. (1949) Anglo-Assamese Relations 1771–1826, Department of Historical and Antiquarian Studies in Assam, Gauhati, pp 260 and map.
  10. Choudhury, P. C., (1959) The History of Civilization of the People of Assam, Guwahati
  11. (Lahiri 1991:68)
  12. (Lahiri 1990:72) The Nagajari Khanikargaon rock inscription of 5th century found in Golaghat adduces the fact that the kingdom spread to the east very quickly.
  13. (Sircar 1990:101)
  14. (Lahiri 1991:70). Though the first evidence is from the Mansador stone pillar inscription of Yasodharman, there is no reference to this invasion in the Kamarupa inscriptions.
  15. (Sircar 1990:106–107)
  16. (Sircar 1990:109)
  17. (Sircar 1990:113)
  18. (Sircar 1990:115)
  19. (Lahiri 1991:76)
  20. (Lahiri 1991:77–79)
  21. (lahiri 1991:78)
  22. কমৌলী অনুদানত বিদ্যাদেৱে কামৰূপৰ ৰাজকীয় মোহৰত হাতীৰ সলনি গণেশৰ প্ৰতিকৃতি ব্যৱহাৰ কৰিছিল।

তথ্য সংগ্ৰহ [সম্পাদনা কৰক]

  • Guha, Amalendu (December 1983), "The Ahom Political System: An Enquiry into the State Formation Process in Medieval Assam (1228–1714)", Social Scientist খণ্ড 11 (12): 3–34, doi:10.2307/3516963 
  • Lahiri, Nayanjot (1991). Pre-Ahom Assam: Studies in the Inscriptions of Assam between the Fifth and the Thirteenth Centuries AD. Munshiram Manoharlal Publishers Pvt Ltd. 
  • Puri, Baij Nath (1968). Studies in Early History and Administration in Assam. Gauhati University. 
  • Sarkar, J N (1990), "Koch Bihar, Kamrup and the Mughals, 1576–1613", in Barpujari, H K, The Comprehensive History of Assam: Mediebal Period, Political, II, প্ৰকাশক Guwahati: Publication Board, Assam, pp. 92–103 
  • Sircar, D C (1990), "Pragjyotisha-Kamarupa", in Barpujari, H K, The Comprehensive History of Assam, I, প্ৰকাশক Guwahati: Publication Board, Assam, pp. 59–78 
  • Sircar, D C (1990), "Political History", in Barpujari, H K, The Comprehensive History of Assam, I, প্ৰকাশক Guwahati: Publication Board, Assam, pp. 94–171