আহোম জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আহোম জনগোষ্ঠী
মুঠ জনসংখ্যা
২০ লাখ (১৯৯০ আনুমানিক)
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ভাৰত:
    অসম ১৯ লাখ
    অৰুণাচল প্ৰদেশ ৫০,০০০
ভাষাসমূহ

অসমীয়া ভাষা, (পূৰ্বতে) আহোম ভাষা

ধৰ্ম

Om.svg হিন্দু ধৰ্ম

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

ছান লোক, থাই লোক, অসমীয়া

আহোম (ইংৰাজী: Ahom, থাই: ไทอาหม Tai Aohm) সকল হৈছে অসমৰ এটি উল্লেখযোগ্য জাতি। আহোম সকল টাই জাতিৰ লোক৷ টাই সকল দক্ষিণ-পূব এছিয়াৰ এটি প্ৰধান জাতি৷ উজনি অসমৰ জিলা কেইখন এই আহোম সকলৰ প্ৰধান বসতিস্থল৷ খৃঃ পূঃ কেইবা শতিকাৰো আগতেই এওঁবিলাকৰ প্ৰবজন আৰম্ভ হয়। চীনদেশৰ সাৰুৱা উপত্যকা অঞ্চলেই যদিও টাই সকলৰ আদি বাসস্থান, তথাপি ভাষা আৰু সংস্কৃতি উভয় বিষয়তে আহোমসকলৰ ওপৰত চীনা সংস্কৃতিৰ প্ৰভাৱৰ মাত্ৰা নিচেই তাকৰ। চীন দেশত বিভিন্ন বংশৰ ৰজাসকলে সাম্ৰাজ্য স্থাপনৰ প্ৰচেষ্টা চলোৱাৰ লগে লগে টাই সকলৰ প্ৰবজন আৰম্ভ হয়। তথাপি দক্ষিণ চীনৰ য়ুনান প্ৰদেশত খৃষ্টীয় পঞ্চম-ষষ্ঠ শতিকামানলৈকে এওঁবিলাকে সুকীয়া ভাষা, সংস্কৃতি আৰু ৰাজ্য শাসনৰ প্ৰণালীৰে বসবাস কৰে। এই সময়তে টাই জাতিটো কেইবাটাও শাখাত ভাগ হৈ দক্ষিণ-পূব এচিয়াত বিয়পি পৰে (Linguistic Survey Of India Vol. II, pp. 59-60)। তাৰে এটা শাখাই উত্তৰ ব্ৰহ্মত ছশ বছৰমান ৰাজত্ব কৰাৰ পিছত চুকাফাৰ নেতৃত্বত পাটকাই পৰ্ব্বত পাৰ হৈ আহি ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজ্য স্থাপন কৰেহি। এই ঠালটোৱেই কালক্ৰমত ‘আহোম’ নামেৰে জনাজাত হৈ পৰে আহোমসকলে নিজকে কিন্তু ‘খাম-টাই’ নামেৰেহে চিনাকী দিছিল।

ইতিহাস[সম্পাদনা কৰক]

ৰাজনৈতিক উচ্চাকাংক্ষাই চুকাফা নামৰ য়ুন্নানৰ এজন টাই কোঁৱৰক পশ্চিমৰ ফালে আগুৱাই আহি এখন নতুন দেশৰ শাসনকৰ্তা হ'বলৈ অনুপ্ৰাণিত কৰিছিল৷ ১২২৮ খৃষ্টাব্দত তেওঁ প্ৰায় ৯০০০ অনুগামীৰে সৈতে অসমত প্ৰৱেশ কৰে৷ উজনি অসমৰ শিৱসাগৰ জিলাত তেওঁলোকে প্ৰথম বসতি স্থাপন কৰে৷ মিত্ৰতা আৰু চুবুৰীয়া জাতিৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপনেৰে তেওঁলোকে সফল ভাৱে এখন শক্তিশালী ৰাজ্যৰ ভেঁটি গঢ়িলে৷ কালক্ৰমত ওচৰ-চুবুৰীয়া বহু জাতিৰ লোক এই জাতিৰ লগত লীন গ'ল৷ উদাহৰণস্বৰূপে, চুকাফাৰ অনুগামী সকলে অসমত আহি লগ পোৱা বৰাহী জাতিৰ লোক আজি অসমত পোৱা নাযায়৷ বৰাহীসকল সম্পূৰ্ণ ভাৱে তেওঁলোকৰ সৈতে মিলি গ'ল৷ প্ৰথম অহা টাই জাতিৰ লোকসকল আৰু পাছত তেওঁলোকৰ সৈতে মিলি যোৱা এই লোকসকলৰ বংশধৰ সকলকে আহোম বুলি কোৱা হয়৷ উজনি অসমৰ জিলা কেইখন এই জাতিৰ প্ৰধান বসতিস্থল৷

ধৰ্ম আৰু সংস্কৃতি[সম্পাদনা কৰক]

বিবাহ প্ৰথা[সম্পাদনা কৰক]

আহোমসকলে নিজস্ব প্ৰথাৰে সম্পাদিত কৰা বিবাহ পদ্ধতিক চকলং বোলা হয়৷ আহোমসকলে নিজস্ব প্ৰথাৰে সম্পাদিত কৰা বিবাহ পদ্ধতিক চকলং বুলি জনা যায় ৷ ৰাতি বিবাহৰ শুভ লগ্নত বেদীৰ সমুখত সোণ, ৰূপ, পিতল বা কাঠৰ গছাত ১০১ গছ চাকি চোমদেও প্ৰমুখ্যে ১০১ জনা দেৱতাৰ উদ্দেশ্যি প্ৰজ্জ্বলিত কৰা হয় ৷ গছাৰ সমুখত এক অষ্ট বাহুযুক্ত মৰল সাজি তাৰ ওপৰত জোঁৱাই বৰণৰ কাপোৰ-কানি, বৰণমালা আৰু ২টা গাৰু চক্ ধৰাই এখন শৰাই কন্যাপক্ষৰ দ্বাৰা সসম্ভ্ৰমে ৰখা হয় ৷ দৰাপক্ষৰ পৰা কইনাৰ উদ্দেশ্যে অনা দ্ৰব্যৰ সৈতে আনএখন শৰাই ওচৰা-ওচৰিকৈ ৰখা হয় ৷ ইয়াৰ পিছত উভয় পক্ষৰ মধ্যস্থ ব্যক্তি ৰূপে দেওধাই পণ্ডিতে দৰা-কইনা তেওঁলোকৰ সাতপুৰুষৰ চমু বিবৃতি শুনায় আৰু কড়ী-টোপোলা বজাই যুগ্মজীৱনৰ বাবে প্ৰয়োজনীয় উপদেশ দুয়োপক্ষৰ উদ্দেশ্যে তিনিবাৰকৈ প্ৰদান কৰে৷ দেওধাই পণ্ডিতৰ উপদেশৰ অন্তত দৰাই গাৰু চক্ এবাৰ স্পৰ্শ কৰি কইনাৰ পিনে আগবঢ়াই দিয়ে আৰু কইনাই এবাৰ চক্ স্পৰ্শ কৰি দৰাৰ পিনে আগবঢ়াই দিয়ে ৷ ইয়াৰ পিছত দুয়োপক্ষৰ পৰা স্থাপন কৰা শৰাইদুখনৰ ঢাকনি গুচাই স্পৰ্শ কৰাৰ নিয়ম৷ দৰাৰ পিনে শৰাইখন কন্যাৰফাললৈ তথা কন্যাৰফালৰ শৰাইখন দৰাৰ ফাললৈ স্থানান্তৰিত কৰিব লাগে ৷ তাৰপিছত মৰলৰ ওপৰত এখন বৰকাঁহী পতা হয় আৰু ইয়াত দৰা-কইনাই টেমী-কটাৰী সলনা-সলনি কৰি প্ৰীতি খেল খেলে৷ অৱশেষত দৰা-কইনাই দেওধাই পণ্ডিত আৰু অন্যান্য জ্ঞাতিবোৰৰ আশীৰ্বাদ লৈ চকলং ভাঙি ভিতৰলৈ প্ৰস্থান কৰে ৷ কোনো কোনো ঠাইত চকলঙৰ দিনা ভকতক ভোজ-ভাত খুৱাই দৰা-কইনাই ভকত সেঁৱা কৰে৷[1]

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস (পৃষ্ঠা- ১১৭)

বাহ্যিক সংযোগ[সম্পাদনা কৰক]