কাৰ্বি জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাৰ্বি জনেগাষ্ঠী
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
কাৰ্বি আংলং, অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, চীন,বাংলাদেশ, থাইলেনদ,
ভাষাসমূহ

কাৰ্বি ভাষা

ধৰ্ম

হিন্দু ধৰ্ম, খ্ৰীষ্টান ধৰ্ম ইত্যাদি

কাৰ্বি জনেগাষ্ঠীৰ (ইংৰাজী: Karbi people) লোকসকল অসমৰ সেউজীয়া পাহাৰৰ বুকুত বাস কৰা অন্যতম আদিম অধিবাসী। আগেয়ে তেওঁলোক মিকিৰ বুলি জনাজাত আছিল[1] আৰু তেওঁলোকে বাস কৰা পৰ্বতীয়া জিলাখন মিকিৰ পাহাৰ নামেৰে জনা গৈছিল। কিন্তু বৰ্তমান তেওঁলোকক কাৰ্বি বুলিহে জনা যায় আৰু জিলাখনৰ নামো কাৰ্বি আংলং নামেৰে নামাকৰণ কৰা হৈছে। কাৰ্বিসকল বিভিন্ন জিলাত সিঁচৰিত হৈ আছে যদিও কাৰ্বি আংলং মিকিৰ পাহাৰতে সংখ্যা গৰিষ্ঠ কাৰ্বি লোক থুপ খাই থকাতো ঐতিহাসিক প্ৰমাণ থকাত, এই জিলা কাৰ্বিসকলৰ স্বায়ত্ব শাসিত জিলা হিচাবে পৰিগণিত হয়। অৱশ্যে ইয়াৰ বাবে কাৰ্বি সকলে সংগঠিত ৰূপত যুঁজ দিব লগা হৈছিল। ১৯৫২ চনৰ আগলৈকে সংযুক্ত মিকিৰ পাহাৰ জিলা নামেৰে নগাঁও জিলাৰ লগত সংযুক্ত আছিল। ইয়াৰ এটা অংশ শিৱসাগৰ জিলা আৰু খাচীয়া জয়ন্তীয়া জিলাৰ সৈতেও সংলগ্ন আছিল[উদ্ধৃতিৰ প্ৰয়োজন]। বৰ্তমান কাবি আংলং জিলাখনেই কাৰ্বিসকলৰ মূল কৰ্মস্থলী। কাৰ্বিসকলৰ কৃষ্ট আৰু জীৱন দৰ্শনত খাছী ছিনটেং দৰ্শনৰ উপৰিও ভাৰতীয় হিন্দু দৰ্শনৰ প্ৰবাহ বিদ্যামান। 'ছাবিন আলুন'(কাৰ্বি ৰামায়ণ), 'হাঈ'মু আলুন', বনগীত, সাধুকথা, ফকৰা-যোজনা আদি বিভিন্ন লোক সাহিত্যৰ সমলেৰে পোত খাই থকা কাৰ্বি সমাজখন সমগ্ৰ অসমৰ মাটিৰ সৈতে মিলি থকাতো এক অমূল্য সম্পদ।

কাৰ্বিসকলৰ মূলগোষ্ঠী ৫ টা[উদ্ধৃতিৰ প্ৰয়োজন]-

  1. ইংহি,
  2. ইংতি,
  3. টেৰাং,
  4. টেৰণ আৰু
  5. তিমুং।

ইতিহাস[সম্পাদনা কৰক]


ভাষা[সম্পাদনা কৰক]


জনসংখ্যা[সম্পাদনা কৰক]


ভৌগোলিক বিতৰন[সম্পাদনা কৰক]


খাদ্যাভ্যাস[সম্পাদনা কৰক]


কাৰ্বি লোকসকলৰ প্ৰধান আহাৰ হৈছে ভাত। কুকুৰা চৰাই,গাহৰি,ছাগলী আদিৰ মঙহ কাৰ্বি লোকসকলৰ প্ৰিয় খাদ্য। এড়ীপলুৰ লেটা,শুকান মাছ আৰু শুকতি আদিও খাদ্য হিচাপে ব্যৱহাৰ কৰে। পূজা-পাৰ্বন আদিত হৰ(মদ) নিতান্তই প্ৰয়োজনীয় আৰু সন্মনীয়।

ধৰ্ম[সম্পাদনা কৰক]



সাজ-পাৰ আৰু আ-অলংকাৰ[সম্পাদনা কৰক]

কাৰ্বি লোকসকলে তাঁতশাল 'পে থেৰাং'খনৰ সাঁ-সঁজুলিবোৰ যোগেদি প্ৰয়োজনীয় সাজ পোচাক তৈয়াৰ কৰি ওলিয়াই। কাৰ্বি লোকসকলে মেখেলাখনক 'পিনী' বুলি কয়। কাৰ্বি নাৰীসকলৰ মাজত 'মাৰবং হমক্ৰি আপিনী'ৰ আদৰ বেছি। পিনীখন আটকৈ ৰাখিবৰ কাৰণে কঁকালত 'ৱামকক' নামৰ এক ডেৰ আঙুল বহলৰ ফিটা বন্ধা হয়। দেখাত সৰু হ'লেও এই ৱামকক কাপোৰত বিভিন্ন ফুলৰ চানেকি পোৱা যায়। কাৰ্বি নাৰীয়ে পৰিধান কৰা অন্যান্য উল্লেখযোগ্য সাজ-পাৰ হ'ল- পে-ছাৰপী, খন-জাৰী, পে-ছেলেং, দুকফিৰ্‌ছ' ইত্যাদি। আনহাতে, কাৰবি পুৰুষে পৰিধান কৰা ৰিকং (চুৰিয়া), আৰু চই-(চোলা) আৰু পাগুৰি লোকসকলৰ অন্যতম নিদৰ্শন। বিচিত্ৰ ৰঙৰ কাপোৰ পিন্ধি ভাল পোৱাৰ দৰে কাৰবি নাৰীয়ে ডিঙিত লেক (মণি), কাণত ন'থেংপি (কাণ থুৰিয়া), হাতত ৰয় (খাৰু) আৰু আঙুলিত আৰনান (আঙঠি) পিন্ধা দেখা যায়[2]

সংস্কৃতি[সম্পাদনা কৰক]

ভৈয়াম কাৰ্বি সকলৰ লোকবাদ্য[সম্পাদনা কৰক]

  1. চেংপে (ডাঙৰ ঢোল): এই ঢোলটো ষোল্ল-ওঠৰ ইঞ্চি মান দীঘল,দহ-বাৰ ইঞ্চিমান ব্যাসৰ কাঠৰ খোলাৰে চেংটো তৈয়াৰ কৰা হয়। ঢোলটো এফালে সৰু,এফালে ডাঙৰ। ঢোলটো কোবানিখন গৰু চালৰ আৰু তালিকন ছাগলী ছালৰ। কোবনি-তালিক কাৰ্বিত'আবং-তালি' বোলি কোৱা হয়।
  2. দাংদ (এমুখীয়া ঢোল): এই ঢোলটো ঢুলিয়াই কঁকালত বান্ধি লৈ বিহুৰ সময়ত 'চেংবে'ৰ সৈতে বজায়। এই ঢোলটো দুখন হাতত দুডাল মাৰিলৈ বজোৱা হয়।
  3. কিথি কাৰহি আচেং: গাঁৱত কোনো লোকৰ মৃত্য হ'লে একেদিনা ভিতৰত ঢোলকাটি, ঢোল খুলি,তাত চামাৰা-বৰতি লগাই মৃতকৰ চোতালত যিটো ঢোল বজাই নাচিবলগীয়া হয়, সেই ঢোলটোৱে হৈছে 'কিথি কাৰহি আচেং'।
  4. আহন আপংছী (বৰবাঁহী): আহন আপংছী মানে হ'ল বৰবাঁহী। এই বাঁহীত আঠটাকৈ ফুটা থাকে। কৃষি দেৱতাৰ পূজা 'ৰেত আৰ্ণাম','আমৈ মৈ কিকান', দেহাল পূজা,বাঁহ নৃত্য( ক্লক্ ক্লক্ চৰ'কিকান),ডেকা চাঙত মেল বহা দিনখন,কোনোবা গৃহস্হৰ মাংগলীক অনুষ্ঠানত এই বাঁহী বজোৱা হয়[উদ্ধৃতিৰ প্ৰয়োজন]
  5. তুৰয়িত (বাঁহী): 'তুৰিয়া' মানে হ'ল ওঁঠেৰে বজোৱা বাঁহী। এই বাঁহীটো প্ৰধানকৈ গৰখীয়াসকলে বজায় কাৰণে ইয়াক গৰখীয়া বাঁহী বুলিও জনা যায়। এই বাঁহৰ বাঁহীটোত মাত্ৰ দুটা ফুটা থাকে।এই বাঁহী বন দেৱতাৰ পূজা 'ইংলং আৰ্ণাম'টি পাতাৰ পাছতহে 'তুৰিয়িত'টো বজাব পাৰে।
  6. বৰকালি আহনমুৰীত: কালিটোত মাইকী হাঁহৰ পাখিত ধানৰ নাৰদি বজোৱা হয়। দ'মাহী,দেওশাল'আৰ্ণাম কিপন',গাভৰু সকলে দেহাল পূজাৰ সময়ত পিঠাগুৰি খুন্দোতে,ডেকা চাঙৰ বৰ খুঁটা 'নুমপেটো' আনোতে বজোৱা হয়। পাছত এই কলিটো সসন্মানে বাংঠেৰ ঘৰত ৰখা হয়।
  7. মুৰীতয'ৰা: এই কলিটোত ভালেমান যোৰা থাকে কাৰণ ইয়াক 'মুৰীতয'ৰা' বোলি কোৱা হব। মুৰীতয'ৰাটো দেহাল পূজা আৰু দ'মাহীত ব্যৱহাৰ কৰা নহয়। এই দুটি অনুষ্ঠানৰ বাহিৰে অন্যান্য অনুষ্ঠানত মুৰীতয'ৰা বজোৱা হয়।
  8. মুৰীতজাংকেক্ (পেঁপা): এই পেঁপাটো বন বাঁহৰ আগলিৰে বনোৱা হয়। ইয়াক হাদাৰী খেলোতে,খৰি-খেৰ কাটিবলৈ যাওঁতে,গৰু চৰাওতে বজোৱা হয়।
  9. পামপ্ৰপ: ই এটা বাঁহৰ চুঙাৰ বাদ্য। ইয়াক 'আমৈ মৈ কিকান'ত বজায়।
  10. গেংগং:
  11. হাৰ্লিং (তাল): কাৰ্বি সমাজত তালৰ ব্যৱহাৰ নাই যদিও বাঘ মাৰি পতা অনুষ্ঠানত 'টিকে কিকান'ত তাল ব্যৱহাৰ কৰা হয়।
  12. সান(কাঁহ)


ভৈয়াম কাৰ্বি সকলৰ লোক-নৃত্য[সম্পাদনা কৰক]

ভৈয়াম কাৰ্বি লোক সাকল অনুষ্ঠানপ্ৰিয় সংগীতময় জনগোষ্ঠী। এই লোক সকলে প্ৰায় সকলোবোৰ লোকানুষ্ঠানত লোকবাদ্য বা লোকনৃত্য প্ৰদৰ্শন কৰে। আনকি মৃত এগৰাকীৰ শ'ৰ কাষতো 'অচেপী' এজনীয়ে বিননি বা সুৰতুলি কান্দৰ নিয়ম আছে। কাৰ্বি সমাজৰ সৰহখিনি অনুষ্ঠানেই কৃষিৰ লগত জড়িত। ভৈয়াম কাৰ্বি নৃত্যক কিকান বুলি কোৱা হয়[উদ্ধৃতিৰ প্ৰয়োজন]

১) ৰেত কিনং কিকান ২) দ'মাহী কিকান

ভৈয়াম কাৰ্বি লোক সকলে বিহু তিনিটা নিজস্ব পৰম্পৰাৰে পালন কৰি আহিছে। বৰবিহু'দ'মাহীপে'ত তেওঁলোকে প্ৰতি ঘৰ মানুহৰ চোতালত গৈ চোতাল গীত 'খল আলুন'ৰ উপৰিও 'দ'মাহী আলুন' গায় আৰু নৃত্য কৰে। চোতালত নাচোতে 'কাৰ্লেক কিকান'(কেৰ্কেটুৱা নৃত্য),'ফুউক কি-এ কিকান'(কল গছ নৃত্য),'টিক চৰং কিনেপ কিকান'(বাঘে গৰু ধৰা নৃত্য), 'ৱ'পাচিৰছু কিকান"(কুকুৰা যুঁজৰ নৃত্য),'চং-নক্ কিকান'(ঢোল তৰোৱাল নৃত্য) আদি[উদ্ধৃতিৰ প্ৰয়োজন]। ৩) আমৈ মৈ কিকান।

উত্সৱ[সম্পাদনা কৰক]

কাৰ্বি সকলৰ বিবাহ পদ্ধতি[সম্পাদনা কৰক]

ছোৱালী এজনীক ঘৰৰ বোৱাৰী কৰিবলৈ হলে কাৰ্বি সামাজিক প্ৰথানুযায়ী তিনিবাৰ কন্যা পক্ষৰ ঘৰলৈ মাননি সহ দৰা পক্ষৰ পৰা যাব লাগে।

১) দৰা ঘৰীয়াৰ গৃহিনীৰ লগত দুই বা তিনিজনী বিবাহিতা মহিলা লগত লৈ কন্যা ঘৰলৈ মদ এবটললৈ আলহী স্বৰূপে উপস্হিত হৈ কণ্যা ঘৰৰ গৃহিণীৰ সৈতে নানা বিষয়ত কথোপকথন কৰোঁতে ছোৱালীজনীক বোৱাৰী হিচাপে পাবলৈ থকাৰ ইচ্ছা কথা ব্যক্ত কৰে। এই প্ৰক্ৰিয়াক 'নেংপি-নেংছ'কাচিংকি' অৰ্থাৎ বিয়নী মেল বুলি কোৱা হয়।

২) বিয়নী মেলত সন্মতিৰ ইঙ্গিত পোৱা পিছত এইবাৰ সঠিক উত্তৰ পাবলৈ প্ৰযোজনীয় মাননী হৰবং লগত লৈ মোমাইৰ ঘৰ উপস্হিত হৈ পুনৰ কথা-বতৰা হয়। ইয়াক 'কেপাতিনি'(নিশ্চয়তা নিৰ্দ্ধাৰণ)বুলা হয়। তৃতীয় বাৰত হৰবং লৈ মোমাই ঘৰলৈ গৈ বিবাহৰ দিন-বাৰ নিৰ্দ্ধাৰণ কৰা হয়। এইদৰে যথাক্ৰমে তিনিটা দফা কাম সমাধা হোৱা পাছত এটা শুভ দিন নিৰ্ধাৰণ কৰি কন্যা ঘৰলৈ দৰা পক্ষৰ লোক বিয়া বৰযাত্ৰী হৈ যায়। কন্যা ঘৰত ৰাতি মোমাই থকা নিয়মে হৰবং আৰু মদ অপৰ্ন কৰাৰ লগে লগে বিবাহ প্ৰক্ৰিয়া আৰম্ভ হয়। সমূহ ৰাইজৰ উপস্হিতিত দৰা-কইনা উভয় পক্ষৰ মাজত প্ৰশ্নোত্তৰ প্ৰদান কৰা পদ্ধতিত কথোপকথন হয়। এই পদ্ধতি পাছত মোমাই পক্ষই তেওঁলোকক অৰ্পণ কৰা মাননি হৰবংটো হাতত লৈ ইষ্ট দেৱতা প্ৰমুখ্যে আন দেৱ-দেৱতাৰ আশীষ বিচাৰি কিছুমান শ্লোক মাতা হয়। বিয়াত দৰা-কইনা উভয় পক্ষৰ মাজত বিয়া-গীতৰ যোগেদি পৰস্পৰৰ উদ্দেশ্য আৰু মতামতৰ বিনিময় কৰা হয়। বিয়া দিনা ৰাতি সকলো নিয়ম যথাযথ সমাধা কৰি পিছৰ দিনাও কৰণীয়া কামবোৰ শেষ কৰি যথা সময়ত কন্যাজনী লৈ দৰা পক্ষৰ বিয়া-যাত্ৰীয়ে স্ব-গৃহাভিমুখে যাত্ৰা কৰে। বিয়া যাত্ৰীয়ে দৰা ঘৰত উপস্হিত হোৱা পাছত বিবাহৰ বিবাহ কাৰ্য্য দ্বিতীয় পৰ্যায়ৰ নীতি-নিয়ম পালন কৰা হয়। কাৰ্বি সমাজৰ অপৰিহাৰ্য্য সন্মান হৈছে হৰবং (লাও পানী) ইয়াৰ অবিহনে কাৰ্বি সমাজৰ বিবাহ-সবাহৰ এখন সম্পন্ন হ'ব নোবাৰে।

কাৰ্বি সকলৰ মৃতকৰ সংস্কাৰ[সম্পাদনা কৰক]

কাৰ্বি লোক সকলে মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে মৃত্যৰ পিছত কৰা কাঠ সংস্কাৰ বা খৰি দিয়া কাৰ্যই শেষ নহয়। খৰি দিয়া পাছত পুনৰ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এটা ডাঙৰ মৃত্যু উৎসৱ উদযাপন কৰা হয়। এই উৎসৱকে চ'মাংকান অৰ্থাৎ দহা বা শ্ৰাদ্ধ। কাৰ্বি সকলৰ বিশ্বাস মতে 'চ'মাংকান' নকৰিলে মৃতকৰ আত্মাই সম্পূৰ্ণৰূপে পাপ-তাত, দুখ-ক্লেশ আদি পৰা পৰিত্ৰাণ নাপায়। অনস্হানুসৰি 'চ'মাংকান' তিনি প্ৰকাৰে পতা হয়। যেনে-

  1. সাধাৰণ পৰ্যায়'কান ফ্লাফ্লাং,
  2. মধ্যম পৰ্যায়'লাংটুক' আৰু
  3. উচ্চ পৰ্যায়'হাৰ্ণে'[উদ্ধৃতিৰ প্ৰয়োজন]

'চ'মাংকান'ৰ প্ৰথম দিনা মৃতকৰ পৰিয়াল-পৰিজনে ৰাইজক লগত লৈ ঢোলে-দগৰে নিজৰ 'থিৰি'বা শ্মাশানশালিলৈ গৈ প্ৰতিজন মৃতকৰ চিতাশালি(টিপিত)ৰ পৰা অস্হিৰ সলনি কড়ি(ছ'বাই)এটাকে হাড়ৰ প্ৰতিক ৰূপে গাভৰু এগৰাকীয়ে বোকোচাত কৰি লৈ গৃহস্হৰ ঘৰলৈ আনে। সেয়া যেন মৃতকে পুনৰ জীৱন লাভহে কৰিছে। তেতিয়া মৃতকৰ নিয়ম-নীতি জনা 'ওচেপী'এগৰাকী প্ৰতীকী ৰূপত জীৱন লাভ কৰা ব্যক্তিকেইজনক ৰান্ধি-বাঢ়ি খুৱায়। তাৰ পাছতেই 'ওচেপী'গৰাকীয়ে ঘোষণা কৰে যে এইসকল ব্যক্তিৰ পুণৰ টান নৰিয়া আৰু ওজাই মংগল চাই কয় যে এইসকল ব্যক্তিত বচাব নোৱাৰি । তেতিয়া ৰোগী থোৱা ঘৰৰ পৰা কান্দোনৰ সুৰ ভাহি আহে আৰু তেতিয়াৰ পৰাই আৰম্ভ হয় একেলেথাৰিয়ে বিননি তুলি কন্দাৰ পৰম্পৰা। যিগৰাকী মহিলাই বিননি তুলি কান্দে তেওঁক 'কাচাৰ্হেপী'বা'লুঞ্চেপী'বোলে। বিননিত গোৱা হয় মৃত ব্যক্তিজনৰ জীৱিত কালৰ মনৰ হেঁপাহৰ কথা। দ্বিতীয় দিনা বিভিন্ন গাঁওৰ পৰা দহা বা শ্ৰাদ্ধৰ থলীলৈ ৰাইজ আহে। বয়সস্হ পুৰুষ-মহিলাই হওক বা ডেকা-গাভৰুৱেই হওক, প্ৰত্যেকেই মৃতকলৈ মদ-ভাত,বিড়ি-চাধাৰ লগতে খনীয়া তামোল একোখনো যাচে। গৃহস্হ ঘৰেও আলহিসকলক সন্মান যাচি মদ-পানী খুৱায়। তাৰ লগতে দ্বিতীয় দিনাই 'চ'মাংকান'নাচিবলৈ বিভিন্ন গাঁৱৰ পৰা ডেকা-গাভৰুৰ শিল্পী দলসমূহ আহি মৃতকৰ ঘৰত উপস্হিত হয়। তেওঁলোকে নিজৰ লগত প্ৰতিখন গাঁওৰ কাৰ্বি জাতীয় প্ৰতীক 'জাম্বিলী আথন'একোটা আনিছিল।'চ'মাংকান'উৎসৱ কাৰ্বি সকলৰ কৃষ্টিৰ প্ৰাণ বুলি ধৰা হয় যদিও 'জাম্বিলী আথন'কাৰ্বি কৃষ্টিৰ আত্মা বুলি কোৱা হয়। ইহলোক আৰু পৰলোকৰ মাজত যোগসুত্ৰ স্হাপনাৰ্থে এই প্ৰতীক ব্যৱহাৰ কৰা হয়। তৃতীয় দিনাৰ আবেলিপৰত ঢোলে-দগৰে মৃতকৰ প্ৰতীক ৰূপৰ খেৰৰ জুমুঠিকেইটা পুনৰ শ্মশানলৈ নিয়া হয়। তেতিয়া এক কৰুণতাৰে ভৰা পৰিৱেশৰ সৃষ্টি হয়। শ্মাশনশালিনি চিতাৰ জুইত জুমুঠিবোৰ তুলি দিয়া হয়। কাৰ্বিসকলৰ মতে তেতিয়া হে যেন মৃতকৰ আত্মাই সিপুৰীলৈ যাত্ৰা কৰে আৰু স্বৰ্গপ্ৰাপ্তি হয়।[3][4][5]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. karbi.net
  2. আসামীছ অনলাইন ডট কম, প্ৰবন্ধ:কাৰবি নাৰীৰ সাজ-পাৰ, আহৰণ কৰা তাৰিখ: ০৩ জুন, ২০১২
  3. গ্ৰন্হ: তিৱা আৰু কাৰ্বি লোক-সংস্কৃতিৰ লেচাৰি বুটলি, লিখক: মুৰুলীধৰ দাস, পৃষ্ঠা নং-৪৯,৮৮,৯১
  4. কাৰবি কৃষ্টিৰ উৎস, লিখক: ?
  5. গ্ৰন্হ: কাৰবি লোক সমাজ-সাহিত্য সংস্কৃতিত এভূমুকি, লিখক সুৰেন্দ্ৰ বৰুৱা, পৃষ্ঠা নং- ৬-৮

বাহ্যিক সংযোগ[সম্পাদনা কৰক]