অৰুণাচল প্ৰদেশ (হিন্দী: अरुणाचल प्रदेश, pronounced [ərʊˈɳaːtɕəl prəˈd̪eːɕ] (
শুনক)) ভাৰত গণৰাজ্যৰ এখন ৰাজ্য। এইখন উত্তৰ-পূব ভাৰতত অৱস্থিত। অৰুণাচল প্ৰদেশৰ দক্ষিণে অসম আৰু নাগালেণ্ড, পশ্চিমে ভূটান, পূৱে ম্যানমাৰ আৰু উত্তৰে চীন দেশ, তিনিওপিনৰ পৰা দেশৰ সীমা হোৱা বাবে অৰুণাচলৰ ৰাজনৈতিক গুৰুত্ব অধিক । সংষ্কৃতত অৰুণাচল প্ৰদেশৰ অৰ্থ "পুৱতিৰ আলোকেৰে আলোকিত দেশ "[4] উত্তৰ-পূব ভাৰতত ইয়াৰ অৱস্থানৰ বাবে অৰুণাচল প্ৰদেশক সূৰ্য উঠা দেশ বুলিও জনা যায়।[5] ("প্ৰদেশৰ" অৰ্থ "ৰাজ্য", বা "অঞ্চল") । উত্তৰ-পূৱ ভাৰতৰ আন আন ৰাজ্যৰ দৰে অৰুণাচল প্ৰদেশৰো সৰহ সংখ্যক লোক তিব্বতীয় বংশোদ্ভৱ। দিত্বীয় বিশ্বযুদ্ধৰ সময়ৰ চীন ভাৰতৰ একমাত্ৰ সংযোগকাৰী বিখ্যাত লিডু-বাৰ্মা পথ (ষ্টিলৱেল পথ)ৰাজ্যখনৰ পূৱ প্ৰান্তেদি গৈছে ।
পাহাৰে আৱৰা প্ৰদেশখনৰ অসম সংলগ্ন কিছু অংশ সমতলভূমি। ৰাজ্যখনৰ দুই-তৃতীয়াংশতকৈও বেছি অঞ্চল ঘন অৰণ্যৰে আৱৰা । অৰুণাচলত অনুসূচীত জাতি আৰু জনজাতিৰ প্ৰাধান্য অধিক । ১৯৮১ চনৰ লোকপিয়ল অনুযায়ী অনুসূচীত জাতি ৭৯% । ই সমগ্ৰ ভাৰতৰ অনুসূচীত জাতিৰ ৭% । ইয়াত প্ৰধানকৈ ২০টা জনগোষ্ঠীয়ে বসবাস কৰে । এওঁলোকৰ বহুতো উপজাতি আছে । প্ৰধান জনগোষ্ঠীসমূহ হ’ল – আদি, নিশি, আপাতানি, তাগিন, খামটি, নোকটে, ৱাঞ্চে, তাংচা, চিংফৌ, মেনপা, শোৰদুকপেন আৰু অকা ।
- ↑ Commissioner Linguistic Minorities, 43rd report: July 2004 - June 2005, pp. para 2.4, http://nclm.nic.in/index1.asp?linkid=203, retrieved 2007-07-16 .
- ↑ The official language of the state is English and Hindi is taught as a second language in school.Das, Varsha. "Production of Literacy Materials in Minor Languages". National Book Trust of India. http://www.accu.or.jp/litdbase/pub/dlperson/94srw/94SRW_03.pdf. Retrieved 21 May 2011.
- ↑ Five languages spoken by the principal tribes in Arunachal Pradesh - Adi, Apatani, Bhoti, Khampti and Nishi are offered to students in state schools, however English is the language of administration and recruitment. Commissioner Linguistic Minorities, 43rd report: July 2004 - June 2005, pp. para 2.3–2.4, http://nclm.nic.in/index1.asp?linkid=203, retrieved 2007-07-16 .
- ↑ ঊষা শৰ্মা (২০০৫). Discovery of North-East India. মিট্টল প্ৰকাশ. পৃষ্ঠা. ৬৫. ISBN 9788183240345.
- ↑ "Arunachal Pradesh - The Land of the Rising Sun". ইণ্ডিহিলচ.কম. http://www.indyahills.com/arnp/. Retrieved ২০১০-১০-০৬.
|
|
|
| ৰাজ্য |
|
|
| কেন্দ্ৰীয়শাসিত অঞ্চল |
|
|
চ্