ৰাজস্থান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজস্থান
राजस्थान
—  ৰাজ্য  —
ভাৰতত ৰাজস্থানৰ অৱস্থান
ৰাজস্থানৰ মানচিত্ৰ
ভৌগোলিক স্থানাংক (জয়পুৰ): 26°34′22″N 73°50′20″E / 26.57268°N 73.83902°E / 26.57268; 73.83902স্থানাংক: 26°34′22″N 73°50′20″E / 26.57268°N 73.83902°E / 26.57268; 73.83902
দেশ ভাৰত
প্ৰতিষ্ঠা ১ নৱেম্বৰ, ১৯৫৬
ৰাজধানী জয়পুৰ
জিলাসমূহ ৩৩ খন
চৰকাৰ
 - ৰাজ্যপাল Margaret Alva
 - মুখ্য মন্ত্ৰী Ashok Gehlot (INC)
 - বিধান সভা ‌এককক্ষীয় (২০০খন আসন)
 - লোকসভা সমষ্টি ২৫
 - High Court Rajasthan High Court
মাটিকালি
 - মুঠ 3,42,239 কি.মি. (1,32,139.2 বৰ্গ মাইল)
অঞ্চলৰ স্থানাক প্ৰথম
জনসংখ্যা (২০১১)
 - মুঠ 6,86,21,012
 - স্থান অষ্টম
 - জনঘনত্ব 201/কি.মি. (520.6/বৰ্গ মিটাৰ)
সময় অঞ্চল IST (গ্ৰী.মা.স.+০৫:৩০)
আই এচ অ’ ৩১৬৬ কোড IN-RJ
HDI বৃদ্ধি 0.637 (medium)
HDI rank 21st (2005)
শিক্ষিত হাৰ ৬৮% (বিংশতম)
চৰকাৰী ভাষা হিন্দী
ৱেবছাইট rajasthan.gov.in

ৰাজস্থান (ইংৰাজী: Rajasthan) ভাৰতৰ পশ্চিম প্ৰান্তত অৱস্থিত এখন ৰাজ্য। ই মাটিকালিৰ ফালৰপৰা ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য। 'ৰাজস্থান'ৰ অৰ্থ 'ৰজা থকা ঠাই'।[1] ৩৩°৩ উত্তৰ অক্ষাংশৰপৰা ৩১°১২ উত্তৰ অক্ষাংশৰ আৰু ৬৯°৩০ পূব দ্ৰাঘিমাংশৰপৰা ৭৮°১৭ পূব দ্ৰাঘিমাংশৰ অন্তৰ্গত ৰাজস্থানৰ জলবায়ু যেনেদৰে বিচিত্ৰ তেনেদৰেই অন্যতম এই ভূমিৰ ঐতিহ্য, শিল্প আৰু সংস্কৃতিও বিচিত্ৰ।

জাতি-জনজাতি[সম্পাদনা কৰক]

বিভিন্ন জাতি-উপজাতিৰ মিলনভূমি এই ৰাজস্হানৰ আটাইতকৈ পুৰণি অধিবাসী আছিল ভীল ( জনজাতি) আৰু মিনা (জনজাতি)সকল।পাছত ৰাজুপুতসকলে এই ভূমি শাসন কৰিছিল। সেয়ে পাছলৈ ঠাইখন ৰাজপুতনা হিচাপে খ্যাত হৈছিল। ৰাথোড়,ভাটি,চৌহান আদি ৰাজপুত লোক। জৈন, মহেশ্বৰী, ভুতড়া, ব্ৰাক্ষ্মণ , জাত, গুজাৰ, মেৱাটি, গডুলিয়া ,লোহাৰ,পেটেল আৰু অহিৰসকল ইয়াৰে অন্যান্য মুখ্য জাতি।

ৰাজস্থানৰ ঐতিহ্যময় স্থাপত্যবোৰ[সম্পাদনা কৰক]

ৰাজস্থা্নৰ প্ৰতিটো স্থাপত্যই ৰাজপুতসকলৰ ঐতিহ্য ঘোষণা কৰে। ইয়াত মূলতঃ তিনিখন জিলাৰ স্থাপত্যবোৰ উল্লেখ কৰা হ'ল।

জয়পুৰ[সম্পাদনা কৰক]

গোলাপী নগৰ জয়পুৰৰ পৰিকল্পনা কৰা হয় ১৯২৭ চনত। এই নগৰৰ প্ৰতিষ্ঠাপক ৰাজকুমাৰ চাৱাই জয়সিঙৰ নামেৰে ইয়াৰ নাম জয়পুৰ হয়। জয়পুৰৰ উল্লেখযোগ্য স্থাপত্যবোৰ হ'ল এলবাৰ্ট হল, হাৱামহল, যন্তৰ-মন্তৰ আৰু আমিৰ প্ৰাসাদ আৰু দুৰ্গবোৰ।

হাৱামহল
হাৱামহল

যি বিখ্যাত ৰাজপুত স্থাপত্যৰ শিল্পখ্যাতি আজি দেশে দেশে বিয়পি পৰিছে, সেয়া হ'ল হাৱামহল (The palace of Winds)। ১৭৯৯ চনত মহাৰাজা চাৱাই প্ৰতাপ সিঙে এই হাৱামহল সজাইছিল। পাঁচ মহলীয়া অষ্টকোণীয়া এই মহলটোত ১৫২ খন খিৰিকী আছে। খিৰিকী মানে বেৰত কিছুমান সৰু সৰু বিন্ধা,কুন্দ্ৰাক্ষ। সেই কুন্দ্ৰাক্ষইদি বাহিৰৰ বতাহ অনবৰতে (সকলো ঋতুতে) মহলৰ ভিতৰলৈ সোমাই থাকে।ref name=Rai>Rai, Vinay; William L. Simon (2007). Think India: the rise of the world's next superpower and what it means for every American. Dutton. পৃষ্ঠা. 194. ISBN 0-525-95020-6. http://books.google.com/books?id=JCx8OtS2ADIC&pg=PA194&dq=Hawa+Mahal&ei=7UYbS9ahA5nUkgS80fXiCw#v=onepage&q=Hawa%20Mahal&f=false। আহৰণ কৰা হৈছে: 2009-12-06. </ref>[2][3] সেয়াই তাৎপৰ্য। ভিতৰত প্ৰবেশ কৰিলে এনে লাগে যেন কোনো শীততাপ নিয়ন্ত্ৰিত কোঠাহে। ৰজস্থানৰ জলবায়ু উষ্ণ। সেয়ে ৰাণীসকলে শীতল বতাহ পাবলৈ, লগতে পথৰ শোভাযাত্ৰা আদি ওপৰৰপৰা উপভোগ কৰিবলৈ এই মহল সজোৱা হৈছিল। ইটো মহলাৰ পৰা সিটো মহলালৈ যাবলৈ কোনো খটখটি নাই। ঘূৰি ঘূৰি ক্ৰমাৎ ওপৰলৈ উঠি যোৱা এঢলীয়া ৰাস্তা আছে। ৰাজপুত স্থাপত্যৰ ই এটা অভিনৱ নিদৰ্শন।

যন্তৰ-মন্তৰ
যন্তৰ-মন্তৰ

ওঠৰ শতিকাত মহাৰাজা চাৱাই জয় সিং দ্বিতীয়ই পাঁচোটা মান মন্দিৰ (Astronomical observatory )দিল্লী (১৭২৪ চন),জয়পুৰ (১৭২৮ চন), উজ্জয়িনী (১৭৩৪ চন ), বাৰানসী (১৭৩৭ চন ) আৰু মথুৰাত (১৭৩৮ চন ) সজাইছিল। স্থানীয় সময়, সূৰ্য আৰু অন্য নক্ষত্ৰৰ অৱনতি, চন্দ্ৰগ্ৰহন, সূৰ্যগ্ৰহন আদি নিৰূপণ কৰিবলৈ এই মান মন্দিৰবোৰ সজোৱা হৈছিল। এই মান মন্দিৰকেইটাক “যন্তৰ-মন্তৰ” বুলি কোৱা হয়। ই বিভিন্ন পকী যন্ত্ৰপাতিৰ (Masonary instrument) সংগ্ৰহ। আটাইবোৰ যন্ত্ৰ-পাতিয়েই জ্যামিতিক আকাৰৰ। আটাইবোৰতেই স্কেলৰ দাগ কটা। আটাইকেইটা মান মন্দিৰৰ ভিতৰত জয়পুৰৰটো সবাতোকৈ ডাঙৰ। ইয়াৰ যন্ত্ৰ-পাতিবোৰ এতিয়াও বহু জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় হিচাপ-নিকাচৰ বাবে উপযোগী হৈ আছে। মোগল সাম্ৰাজ্যৰ শেষ পৰ্বত এক জ্ঞানী সামান্তৰাজৰ ৰাজদৰবাৰৰ জ্যোতিৰ্বিজ্ঞান দক্ষতা আৰু বিশ্বচেতনাৰ অভিপ্ৰকাশ ৰূপে ই ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাত সাংস্কৃতিক সম্পত্তি ৰূপে অন্তৰ্ভুক্ত হয়।[4][5]

এলবাৰ্ট হল সংগ্ৰহালয়
এলবাৰ্ট হল সংগ্ৰাহলয়

গৱৰ্নমেন্ট ছেণ্ট্ৰেল মিউজিয়ামটো ৰাজস্থানী শিল্প-সংস্কৃতিৰ সংগ্ৰহেৰে বিখ্যাত। ১৮৬৩ চনত ৰাজকুমাৰ এলবাৰ্টে উদ্ধোধন কৰিছিল বাবে ইয়াক “এলবাৰ্ট হল” বুলিও কয়।[6] পুৰাতাত্ত্বিক আৰু হস্তশিল্পৰ সামগ্ৰীৰ বৃহৎ সংগ্ৰহ ইয়াত আছে। সংগ্ৰহালয়ৰ বিভিন্ন অংশত যুদ্ধৰ জাখৰ, কবচ, ৰজাদিনীয়া অস্ত্ৰ-শস্ত্ৰ,ৰাজকীয় পোছাক, অলংকাৰ, দলিচা, পেইণ্টিং, কাপোৰৰ পুতলা, মৃৎশিল্পৰ বিভিন্ন সামগ্ৰী, ৰাজস্থানী লোকনৃত্য ( দাণ্ডিয়া), ৰাজস্থানী বিবাহ পদ্ধতি ইত্যাদি প্ৰদৰ্শন কৰা হৈছে।

আমিৰ

জয়পুৰ নগৰৰপৰা ১১ কিল’মিটাৰ উত্তৰ-পূবে আৰাৱলী পৰ্বতৰ ঢালত আমিৰ অৱস্থিত ৷ পূৰ্বতে আমিৰ মিনা জনজাতীয় লোকসকলৰ অধিকৃত অঞ্চল আছিল ৷পাছত ৰজা ধোলাৰাজে নিজৰ দখললৈ নিছিল ৷ জয়পুৰ নিৰ্মাণৰ পূৰ্বে প্ৰায় ছশ বছৰ আমিৰত ৰাজধানী আছিল ৷ আজিও আমিৰ নগৰে অতীতৰ শৌৰ্য-বীৰ্যৰ কথা ঘোষনা কৰি আছে ৷ আমিৰ নগৰ ইয়াৰ ধুনীয়া কাৰেংবোৰ আৰু তাৰ চাৰিওফালে থকা বিন্ধাযুক্ত সুবৃহৎ পকী বেৰবোৰৰ কাৰণে বিখ্যাত ৷ আমিৰ প্ৰাসাদ আৰু দুৰ্গ হিন্দু আৰু মুছলিম স্থাপত্যৰ এটা সুন্দৰ সংমিশ্ৰণ ৷ৰাজা মানসিঙে সোতৰ শতিকাত আমিৰ প্ৰাসাদ আৰু দুৰ্গ সজাবলৈ আৰম্ভ কৰিছিল আৰু শেষ কৰিছিল সাৱাই জয় সিং দ্বিতীয়ই তাৰ এশ বছৰ পাছত ৷ পেলেচ কমপ্লেক্সটোত আছে- চিচ মহল(Shees Mahal),দিৱান-ই-আম(The Hall of Public Audience),দিৱান-ই-খাচ(The Hall of Victory),সুখ নিৱাস(মহাৰাণীৰ শয়ন কক্ষ),সুহাগ মন্দিৰ(মহাৰাণীৰ কাচন কক্ষ),গণেশ পোল দৰৱাজা,সূৰযপোল দৰৱাজা,চান্দ পোল দৰৱাজা, সিংহ পোল দৰৱাজা, মহাৰাজৰ ভোজন কক্ষ ইত্যাদি ৷

চিচ মহল

কাচৰ টুকুৰাৰে নিৰ্মিত চিচ মহল আজিও পৃথিৱীৰ উৎকৃষ্ট “Chamber of Mirrors” বিবেচিত৷ ঘৰৰ মূধাৱৰণ,বেৰ,মজিয়া-এই সকলোতে নিশ্ছিদ্ৰকৈ বিভিন্ন আকৃতিৰ কাচৰ টুকুৰা লগোৱা আছে ৷তাত এডাল দিয়াচলাইৰ কাঠী জ্বলাই ওপৰলৈ চালে অপৰূপ দৃশ্য দেখা যায় ৷ হাজাৰ হাজাৰ জুইৰ শিখা মূধাৱৰণৰ আইনাৰ টুকুৰাবোৰত প্ৰতিফলিত হোৱা দেখা যায়৷ তলৰ মজিয়া আৰু সোঁৱে-বাঁৱে থকা বেৰবোৰতো সেই একেই দৃশ্য-লাখ লাখ জ্বলি থকা জুইৰ শিখা দেখা যায়৷

গণেশ পোল দৰৱাজা

সূক্ষ্মকৈ ফুল কটা কাঠৰ প্ৰকাণ্ড দুৱাৰ গণেশ পোল দৰৱাজাত(বিভিন্ন কাৰুকাৰ্য কৰা সেই দুৱাৰত)গণেশৰ ছবি অঁকা আছে ৷ তাত ব্যৱহাৰ কৰা বিভিন্ন ৰং হেনো পালেং শাককে ধৰি বিভিন্ন তৰু-তৃণৰপৰা আহৰণ কৰা উদ্ভিজ ৰং৷

যোধপুৰ[সম্পাদনা কৰক]

১৪৫৯ চনত ৰথোড়সকলৰ প্ৰধান ৰাও যোধা সিঙে যো্ধপুৰ নগৰ প্ৰতিষ্ঠা কৰে৷ তেওঁৰ নামেৰে এই নগৰৰ নাম ‘যোধপুৰ’হয়৷ যোধপুৰ নগৰৰ উল্লেখযোগ্য স্থাপত্য দুটা হ’ল উমেদ ভৱন পেলেচ আৰু মেহেৰানগড় দুৰ্গ ৷

উমেদ ভৱন পেলেচ

বিংশ শতিকাৰ প্ৰথমাৰ্ধত মহাৰাজা উমেদ সিঙে বিখ্যাত প্ৰাসাদ ‘উমেদ ভৱন পেলেচ’ সজাইছিল৷ প্ৰকাণ্ড প্ৰাসাদোটোৰ সোঁফালে পঁয়ত্ৰিছটা আৰু বাঁওফালে পঞ্চাছটা কোঠা আছে৷ এটা কোঠাৰ বেৰত ঐতিহাসিক যুদ্ধ-বিগ্ৰহৰ বহু ছবি অঁকা আছে৷একোটা জাতীয় সামগ্ৰীৰ বাবে একোটা কোঠা, যেনে-‘ঘড়িয়ো কা কমৰা’, ‘কাচ কা ফাৰ্নিচাৰ’, ‘চায় ৱ ডিনাৰ ছেট’, ‘বেলজিয়াম ড্ৰেছিং টেবুল ছেট’,ইত্যাদি৷ আটকধুনীয়া ছোফা ছেট সজাই থোৱা অভিজাত চ’ৰাঘৰটোত দেশ অথবা বিদেশৰ ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী আহিলে বহিবলৈ দিয়া হয়৷

মেহেৰানগড় দুৰ্গ

৪৯০ ফুট ওখ পাহাৰৰ ওপৰত অৱস্থিত ‘মেহেৰানগড়’ দুৰ্গ৷ মেহেৰানগড় মানে ৰাজকীয় বেষ্টন(Majestic and regal fort)৷ ১৪৫৯ চনত ৰাও যোধা সিঙে ৰাজস্থানী কলা-সংস্কৃতিক প্ৰধান্য দি এই প্ৰকাণ্ড দুৰ্গটো সজাইছিল৷ পাহাৰৰ বহু ওপৰলৈ ক্ৰমশ:উঠি যোৱা যথেষ্ঠ বহল এঢলীয়া পকী ৰাস্তাটোত একাদিক্ৰমে তিনিখন প্ৰবেশদ্বাৰ আছে৷ সেইকেইখন হৈছে-জয়পোল,লোহাপোল আৰু ফতেহপোল(Victory gate)৷ কেইবাটাও পাক ঘুৰি ওপৰলৈ যাব লাগে৷ দুৰ্গৰ ভিতৰৰ যাদুঘৰটোত পাল্কীখানা,শস্ত্ৰখানা, দৌলতখানা ইত্যাদি আছে৷ এটা কোঠাত আছে ৰাও শিৱাজীৰ(১২১১ চন)পৰা ৰাজা মানসিঙলৈকে(১৮০৪ চন) আঠাইছজন ৰজাৰ একাদিক্ৰমে নামৰ তালিকা এখন আৰু তেওঁলোকৰ ছবি৷ ভাৰতৰ একমাত্ৰ চামুণ্ডা মন্দিৰটো এই দুৰ্গতেই আছে৷ এই মন্দিৰত ২০০৮ চনত মহালয়াৰ দিনা ৰাতিপুৱা পূজা দিবলৈ আহি ঠেলা-হেঁচাত পদপিষ্টহৈ শ শ ভক্তই মৃত্যুক আঁকোৱালি লৈছিল৷

জয়শালমিৰ নগৰ[সম্পাদনা কৰক]

১৯৫৬ চনত ৰাও জয়শালে এই নগৰ প্ৰতিষ্ঠা কৰিছিল৷ সেয়ে তেওঁৰ নামেৰে এই নগৰৰ নাম জয়শালমিৰ হয়৷ দুৰ্গ,হাউলীৰে ভৰা জয়শালমিৰ নগৰক থৰ মৰুভূমিৰ সোণালী নগৰ বুলি কোৱা হয়৷ কিয়নো এই নগৰ থৰ মৰুভূমিৰ সোঁমাজত অৱস্থিত আৰু এই সকলো কিল্লা(দুৰ্গ),হাভেলী(হাউলী),প্ৰাসাদ-কাৰেং সোনালী ৰঙৰ৷ জয়শালমিৰ নগৰৰ উল্লেখযোগ্য স্থাপত্যবোৰ হ’ল-মন্দিৰ পেলেছ,পাট্টনকী হাভেলী আৰু সোনৰ কিল্লা৷

মন্দিৰ পেলেছ

২০০ বছৰ আগেয়ে মহাৰাজ মুলৰাজ সিঙে ‘মন্দিৰ পেলেছ’ সজাইছিল ৷ বৰ্তমান ইয়াত পূৰ্বৰ ৰাজপৰিয়ালৰ বংশধৰসকল থাকে৷ সোণালী ৰঙৰ কাৰেংটোৰ সন্মুখভাগ অতি সুক্ষ্মকৈ ফুল কটা৷ ওপৰমহলাৰ ভোজন কোঠাৰ কাৰুকাৰ্য্য বৰ্তমানৰ অভিজাত ৰেস্তোৰাঁৰ দৰে৷ চ’ৰাঘৰত এই ৰাজপৰিয়ালৰ পূৰ্বসুৰী ৰজাসকলৰ ছবি বন্ধাই থোৱা আছে৷

সোণৰ কিল্লা

১১৫৬ চনত ৰাও জয়শালে ৭৬ মিটাৰ ওখ ত্ৰিকুট পাহাৰৰ ওপৰত এই কিল্লা সজাইছিল৷ এই দুৰ্গৰ নিৰ্মাণত কোনো ছিমেণ্ট ,চূণ অথবা পানী ব্যৱহাৰ হোৱা নাই৷ ইটো-সিটো জোৰা লগা পদ্ধতিৰে(Interlocked System)এই দুৰ্গ নিৰ্মান কৰা হৈছে৷ জয়পুৰৰ আমিৰ ফ’ৰ্ট, যোধপুৰৰ মেহেৰানগড় ফ’ৰ্টৰ নিচিনাকৈ ইয়াত প্ৰকাণ্ড চাৰিখন প্ৰবেশদ্বাৰ আছে-গণেশপোল(Elephant Gate),সূৰজ পোল(Sun Gate),ভূতাপোল(Haunted Gate) আৰু হাৱা পোল(Wind Gate)৷ কিল্লাৰ ভিতৰত বহু হাভেলী আৰু ছশৰপৰা আঠশ বছৰীয়া পুৰণি হিন্দু আৰু জৈন মন্দিৰ আছে৷

পাট্টন কী হাভেলী

জয়শালমিৰ হাভেলীৰ নগৰ৷ এই হাভেলীবোৰে জয়শালমিৰৰ সাংস্কৃতিক ঐতিহ্য বহন কৰি আহিছে৷ বিখ্যাত ‘পাট্টন কী হাভেলী’ অৰ্থাৎ পাটোৱাসকলৰ হাউলী৷ ধনী সদাগৰ গুমন চান্দ পাটোৱাৰ পাঁচজন পুত্ৰই এই পাঁচমহলীয়া প্ৰকাণ্ড হাভেলীটো সজাইছিল৷ ১৮০০ চনত আৰম্ভ কৰা এই হাভেলীটো সম্পূৰ্ণ কৰিবলৈ পঞ্চাছ বছৰ লাগিছিল৷ ৰাজপুতনা স্থাপত্যৰ ই এটা বিশুদ্ধ উদাহৰণ৷ কুন্দত কটা মস্ত মস্ত স্তম্ভযুক্ত হাভেলীটো সোণালী ৰঙৰ৷


ৰাজস্থানী শিল্প আৰু কলা[সম্পাদনা কৰক]

ৰাজস্থানৰ পৰম্পৰাগত হস্তশিল্পৰ সামগ্ৰী ভাৰতবৰ্ষত অদ্বিতীয়৷

গহনা আৰু অলংকাৰ শিল্প

ৰাজস্থানী জুৱেলাৰি সৰ্বখ্যাত৷ জয়পুৰ হেনো ‘হীৰা কটা’ত(Cutting of small diamonds)পৃথিৱীৰ ভিতৰতে অন্যতম ঠাই৷ মুন ষ্ট’ন,প্ৰবাল আদি বিভিন্ন ধৰনৰ পাথৰৰ ব্যৱসায়ৰ বাবে ৰাজস্থান বিখ্যাত৷ পান্না,হীৰা, মুকুতা, ডালিমা বাখৰ(Garnet),Lapis lazuli,Agate(উজ্জল নীলা পাথৰ) আদি খটুৱাই জয়পুৰ আৰু যোধপুৰত ধুনীয়া অলংকাৰ তৈয়াৰ কৰা হয়৷ সম্প্ৰতি ৰাজস্থানী ‘কুণ্ডন’ৰ অলংকাৰে গোটেই পৃথিৱীতে বজাৰ দখল কৰিছে৷ এটা বিশেষ শৈলীৰ মীনা কৰা(The ‘Meenakari’ is the art of enameling on gold and silver),বাখৰ পতা আৰু মণি গঁথা অলংকাৰবোৰ দেশী-বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণ৷ গহনাৰ এই শৈলী ৰাজস্থানৰ নিজস্ব বৈশিষ্ট্য৷

বস্ত্ৰ কলা আৰু চিলাই কাম

ৰাজস্থানৰ বান্ধনী নক্সা(tie edge fabrics,tie and dye fabrics) আৰু কুণ্ড ছাপৰ(Block printed)শাৰী, ছেলোৱাৰ, কামিজ,ঘাগৰ-কাঞ্চলি,ওৰণা আৰু বিছনা চাদৰ ভাৰতবৰ্ষৰ সকলোতে জনপ্ৰিয়৷ অৱ্শ্যে এই শৈলীত কেঁচা ৰং ব্যৱহাৰ কৰা হয় বাবে ৰংবোৰ স্হায়ী নহয়৷ উৎকৃষ্ট বান্ধনীৰ কাম হয় যোধপুৰত৷ আনহাতে এই ভূমিত উৎপাদিত অতিকে পাতল ওজনৰ কোটা শাৰী ভাৰতবৰ্ষৰ সকলোতে জনপ্ৰিয়৷ ৰাজস্থানী মহিলাৰ বেজিসূতাৰ কামে সাত সাগৰৰ সিপাৰেও সমাদৰ লাভ কৰিছে৷ বিভিন্ন ধৰণৰ মণি,মাইকা,কড়ি,চুমকি আদি লগাই কৰা মোনা(Vanity bag,Purse etc.),শাৰী,স্কাৰ্ট আদিৰ উপৰিও শৃংখল চিলাই,কাঁথা সীয়া চিলাই আদিৰে কৰা গাৰু গিলিপ(Pillow cover) দলিচা,ছোফা ঢকা,মেজ ঢকা,ৱাল হেঙিং(বেৰ সজাবলৈ ওলমোৱা ডাঙৰ কাপোৰ) আদি পৰ্যটকৰ আকৰ্ষণৰ বস্তু৷ মেজ ঢকা, ৱাল হেঙিং আদিৰ ফুলৰ চানেকিত হাতী আৰু গণেশৰ প্ৰাধান্য বেছি দেখা যায়৷ আনহাতে দলিচা,কুশ্ব ন(Cushion)আদিত Applique,Patch work আদি জ্যামিতিক আৰ্হিৰ প্ৰাধান্য দেখা যায়৷

চিত্ৰকলা

ৰাজস্থানী হস্থশিল্পবোৰৰ ভিতৰত চিত্ৰকৰ্ম অন্যতম৷ এবিধ বিশেষ ধৰণৰ ক’লা কাপোৰত অঁকা চিত্ৰবোৰে মূলত: ৰাজস্থানী ঐতিহ্য আৰু সংস্কৃতিকে আলোকিত কৰিছে৷ এই চিত্ৰবোৰৰ ভিতৰত হাতী আৰু গনেশৰ উপৰিও উট,ঘোঁৰা,শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰু বিভিন্ন ভংগী,ৰজা-ৰাণী,মটকা লোৱা ৰাজস্থানী মহিলা,বিয়াৰ দোলাভাৰী,যুঁজৰ সৈনিক,বীৰ আদিৰ প্ৰাধান্য বেছি৷ হাতী হৈছে জয়পুৰ নগৰৰ প্ৰতীক৷ ঘোঁৰা উদয়পুৰ আৰু উট জয়শালমিৰ নগৰৰ প্ৰতীক৷ কাপোৰৰ উপৰিও কাঠ আৰু পকীঘৰৰ নতুন প্লাষ্টৰৰ ওপৰতো(Fresco)এই চিত্ৰকৰ্ম কৰা হয়৷ ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰকৰ্মবোৰ ৰাজস্থানত ৰাজকীয় উৎসাহত ১৬ শতিকাৰপৰাই আৰম্ভ হৈছিল৷ তেতিয়াৰ পৰাই বহু পৰিয়াল চিত্ৰকৰ্মত নিয়োজিত হয়৷ ক্ষুদ্ৰ চিত্ৰকৰ্মৰ আন এটা উদাহৰণ কাঠৰ মুখাবোৰ৷

চামৰা শিল্প

উটৰ চামৰাৰে সজা মোনা,জোতা,পেটি,টুপী আৰু হাড়েৰে তৈয়াৰ কৰা বুতাম,গহনা থোৱা বাকচ আদিয়ে পৰ্যটকসকলক হাত বাউলি মাতে৷ উটৰ চামৰাৰে তৈয়াৰ কৰা আগজোঙা জোতাবোৰে(জুটি) সগৌৰৱে ৰজা-মহাৰজাৰ কথা ঘোষণা কৰি আছে৷

টেৰাকোটা(Teracotta)

ৰং-বিৰঙৰ অকণি অকণি সেন্দুৰৰ টেমা,চাবিৰ ঘেৰত(Key ring) ওলমোৱা হাতী,ঘোঁৰা,উট আদি ৰাজস্থানী টেৰাকোটাৰ নব্য উল্লেখযোগ্য সামগ্ৰী৷ টেৰাকোটা শিল্পৰ এই সামগ্ৰীবোৰত সো্ণত সুৱগা চৰাইছে সেইবোৰৰ গাত লগোৱা সৰু সৰু বগা পাথৰবোৰে৷ সূ্ক্ষ্ম কলাই অদ্বিতীয় কৰি তুলিছে ৰাজস্থানী শিল্পক৷ অৱশ্যে পূৰ্বতে বেৰত লগাবলৈ প্ৰভূ গণেশ বা বীৰ মহাৰাজা যুক্ত ফলিহে (Wall Plaques) টেৰাকোটাত তৈয়াৰ কৰা হৈছিল৷ টেৰাকোটা শিল্পৰে তেওঁলোকে সুকীয়া অলংকাৰো তৈয়াৰ কৰে৷

পুতলা শিল্প

কাপোৰৰ পুতলা তৈয়াৰ কৰাত ৰাজস্থানী মহিলা নিপুণা৷ কাপোৰেৰে তৈয়াৰ কৰা হাতী,ঘোঁৰা,উট,ৰজা ৰাণীৰ পুতলা লৈ বেচিবলৈ বহি থকা ৰাজস্থানী মহিলা ৰাজস্থানৰ য’তে-ত’তে দেখা যায়৷

মৃৎশিল্প

ৰাজস্থানী মৃৎশিল্পত উৎপাদিত ‘মটকা’ৰ সমগ্ৰ ভাৰতত বিশেষ স্থান আছে৷ পাৰস্যৰপৰা আমদানিকৃত নীলা মৃৎশিল্পই জয়পুৰত ১৭ শতিকাত মহাৰাজা ৰামসিংহৰ ৰাজত্বকালত উৎকৃষ্টতা অৰ্জন কৰিছিল৷ আনহাতে চিত্ৰ অংকিত মৃৎশিল্পই বিকানিৰত প্ৰসাৰ লাভ কৰিছিল৷

ধাতৱ শিল্প

পিতলৰ বাচনত ফুল কটা, নক্সা কটা আৰু মীনা কৰা শিল্পত জয়পুৰ বিখ্যাত৷ পৰম্পৰাগত ৰূপৰ বাচন, যেনে-‘হুণ্ডাচ’(Water container) মছলাৰ টেমা,থাল(Tray),গহনা থোৱা বাকচ আদি অতিকে আকৰ্ষণীয়৷ ৰাজস্থানী হোৱাইত মেটেলৰ সমগ্ৰীবোৰ বাহিৰলৈ ৰপ্তানিও হয়৷

শিলত কটা ভাস্কৰ্য

‘ৰাজস্থান কলা মন্দিৰ’ত বগা মাৰ্বল পাথৰত কটা মূৰ্তি আৰু অন্যান্য সামগ্ৰীৰ ভাস্কৰ্য শিল্প দেখা যায়৷


ৰাজস্থানী সংস্কৃতি[সম্পাদনা কৰক]

সম্ভৱত: ৰাজস্থানী সংস্কৃতি আটাইতকৈ চহকী সংস্কৃতি৷

সাজ-পোছাক

ৰাজস্থানী পুৰুষ-মহিলাৰ আকৰ্ষনীয় পোছাক আৰু ৰাজকীয় খাদ্যই এই কথাৰ উমান দিয়ে৷ ঘৰুৱাভাৱে ৰাজস্থানী পুৰুষে ধুতি আৰু আংগাৰখা পিন্ধে৷ আনুষ্ঠানিকভাৱে চুৰিদাৰ-পায়জামা আৰু কুৰ্তা পিন্ধে৷ মহিলাসকলে কঁকালত ঘাগৰা,বুকুত কাঞ্চালি(a half sleeved bodice) তাৰ ওপৰত পেটলৈকে পৰা হাত চুটি চোলা(sleeveless top) আৰু মূৰত ‘চুনৰী’ লয়৷ ৰাজস্থানী মহিলাই মূৰৰপৰা ভৰিলৈকে অলংকাৰেৰে নিজকে সজ্জিত কৰে৷ পৰম্পৰাগতভাৱে ৰূপৰ গহনাৰ প্ৰাধান্য বেছি৷ কঁপাল,নাক,কাণ, ডিঙি,বাহু,মনিবন্ধ,কঁকাল,ভৰিৰ সৰু গাঁঠি,ভৰিৰ পতা,আঙুলি – প্ৰত্যেক অংগতে সুকীয়াকৈ অলংকাৰ পিন্ধে৷ বিবাহিতা মহিলাই হাতীদাঁতৰ বালা পিন্ধে৷ হাতীদাঁতৰ অলংকাৰক শুভ জ্ঞান কৰা হয়৷ কাণত ঘণ্টাকৃতিৰ গধুৰ ঝুমকা পিন্ধে৷ কাণত সাতটা পৰ্যন্ত বিন্ধা কৰা নিয়ম আছে৷ ডিঙিত ৰূপৰ হাঞ্চালি(hansli)পিন্ধে৷ কঁপালত পিন্ধে উঠঙাকৈ ফুল কটা ‘বৰলা’অথবা ‘চিচ ফুল’৷ বাহুত ‘বাজুবন্ধ’,ভৰিৰ পতাত গধুৰ ‘পায়েল’,আঙুলিত ‘বেণ্টি’আৰু কঁকালত ‘কৰধনি’পিন্ধে৷ ‘হাঞ্চলি’ৰ উপৰিও ডিঙিত এনে এধাৰ মণিহাৰ পিন্ধে যিধাৰৰ মাজে মাজে মুদ্ৰাৰ নিচিনা গোল অথবা চাৰিকোণীয়া পদক থাকে৷ এই মনিধাৰক ‘টায়েট’ বুলি কয়৷ ল’ৰাবিলাকে এখন কাণত ফুটা কৰে আৰু ‘লং’ বুলি এবিধ ফুলি পিন্ধে৷

আহাৰ

ৰাজস্থানী আহাৰৰ প্ৰধান বৈশিষ্ট্য হৈছে মাখন আৰু ঘিউৰে কৰা ৰন্ধা-বঢ়া৷ দক্ষিণ ভাৰতত যিদৰে নাৰিকল তেলেৰে খাদ্যদ্ৰব্য ৰন্ধা হয়,ইয়াত ঠিক প্ৰত্যেকবিধ খাদ্য ঘিউৰে ৰন্ধা হয়৷ ঘিউৰ উপৰিও গাখীৰ,বিশেষকৈ ‘কেশৰীয়া দুধ’ আৰু গাখীৰৰপৰা উৎপাদিত দৈ,পনিৰ,মাখন আদি সামগ্ৰীৰ প্ৰচলন বেছি৷ ইয়াৰ মানুহবোৰ যেনে ওখ-পাখ,শকত-আৱত,গৰু-ম’হবোৰো তেনে প্ৰকাণ্ড প্ৰকাণ্ড৷ ৰাজস্থানী হিন্দুসকল মূলত: নিৰামিষভোজী৷ প্ৰধান আহাৰ ভাত,ৰুটী৷ ঘেঁহুৰ উপৰিও মিচিৰ ৰুটী আৰু বজাৰৰ ৰুটীও তেওঁলোকৰ প্ৰধান খাদ্য৷ প্ৰত্যেক সাঁজ ভাততে পাপৰ সেকা আৰু দৈ অথবা ৰাইতা থাকে৷ বজৰাৰ খিচিৰি আন এবিধ প্ৰিয় ব্যঞ্জন৷

নৃত্য-গীত

সংগীত-নৃত্য কৰি ফুৰা দলবোৰ ৰাজস্থানী সংস্কৃতিৰ অন্যতম অংগ৷ পৰম্পৰাগত সাজ-পোছাকেৰে চাৰি-পাঁচজনীয়া মানুহৰ দল একোটাই হাতে হাতে থলুৱা বাদ্যযন্ত্ৰ,যেনে-সাৰাংগী,চেহনাই,সুৰনাই,ঢোলক,ঘণ্টা,ডমৰু,নাদ,খৰতাল লৈ ঠায়ে ঠায়ে বহি থাকে৷ সেই বাদ্যযন্ত্ৰত তেওঁলোকে ৰাজস্থানী লোকসংগীতৰ সুৰ তোলে৷ কেতিয়াবা সেই দলত পৰম্পৰাগত সাজ আৰু অলংকাৰ পিন্ধা মহিলাও থাকে৷ মহিলাসকলে সেই সুৰৰ তালে তালে লোকনৃত্য কৰে৷ সাধাৰণতে ভোপা,লাংগা,মাংগানিয়াৰ,কালবেলিয়া,যোগী,নায়ক,থোড়ী,ভাৱাৰী আদি সম্প্ৰদায়ৰ মানুহে এনে ধৰনে দল বান্ধি সংগীত নৃত্য কৰি ফুৰে৷ লাংগা আৰু মাংগানিয়াৰসকল মৰুৰ বুকুৰ থলুৱা শিল্পী৷ বিবাহ,হোলী আদি প্ৰত্যেক অনুষ্ঠান আৰু উৎসৱৰে সুকীয়া সুকীয়া সংগীত আছে৷ কালবেলিয়া,মটকা ভাৱাই,কাঠপুতলি(পুতলা নাচ),চাৰী(pot dance),কাচ্চী ঘোড়ী(dummy horse dance)আদি জনপ্ৰিয় নৃত্য৷ নৃত্য আৰু সংগীত এই লোকসকলৰ জীৱনৰ অবিচ্ছেদ্য অংগ৷ কালবেলিয়া সম্প্ৰদায়ৰ মহিলাসকলে কালবেলিয়া নৃত্য প্ৰদৰ্শন কৰে৷এই সম্প্ৰদায়টো মূলত: সাপ বাজীকৰ আৰু সাপৰ বিষৰ ব্যৱসায়ী হোৱা হেতুকে এই নৃত্যৰ সাজ-পোছাকবোৰ সাপৰ দৰে কৰা হয়৷ ভীল জনজাতিসকলে ঘুমৰ নৃত্য কৰে৷








তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • "ৰাজস্থান:ঐতিহ্য,শিল্প আৰু সংস্কৃতি" লেখক- তৰালি দেৱী চক্ৰৱতী। প্ৰান্তিক- (৩২শ বছৰ ১৫শ সংখ্যা। ১-১৫ জুলাই২০১৩)
  1. The Territories and States of India By Tara Boland-Crewe, David Lea, pg 208
  2. "Hawa Mahal". http://www.iloveindia.com/indian-monuments/hawa-mahal.html। আহৰণ কৰা হৈছে: 2009-12-06. 
  3. "Japiur, the Pink City". http://www.jaipur.org.uk/forts-monuments/hawa-mahal.html। আহৰণ কৰা হৈছে: 2009-12-06. 
  4. "Jantar Mantar, Jaipur". UNESCO. http://whc.unesco.org/en/list/1338। আহৰণ কৰা হৈছে: 2010-10-07. 
  5. "Jantar Mantar, Jaipur" (pdf). UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/1338.pdf। আহৰণ কৰা হৈছে: 2010-10-07. 
  6. "Jaipur City (or Jainagar)". The Imperial Gazetteer of India. 1909. pp. 402. http://dsal.uchicago.edu/reference/gazetteer/pager.html?objectid=DS405.1.I34_V13_408.gif. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]