দিল্লী

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


দিল্লী

दिल्ली / ਦਿੱਲੀ / دِلّی

স্থানাঙ্ক 28°36′36″N 77°13′48″E / 28.61°N 77.23°E / 28.61; 77.23
দেশ  ভাৰত
ৰাজ্য দিল্লী
ৰাজ্যপাল তেজেন্দ্ৰ খান্না
মূখ্যমন্ত্ৰী শীলা দীক্ষিত (ভাৰতীয় জাতীয় কংগ্ৰেছ)
মেয়ৰ ৰজনী আব্বি(বিজেপি)
বিধানসভা (আসন) Unicameral (70)
জনসংখ্যা

ঘনত্ব
চহৰ অঞ্চল

11[1] (2nd) (2011)

11,297 /km2 (29 /sq mi)
16[2][2] (2nd) (2011)

চৰকাৰী ভাষা ইংৰাজী, হিন্দী, পাঞ্জাৱী, উৰ্দু
সময়াঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০)
মাটিকালি

উচ্চতা

>1483 km2 (573 sq mi)

239 m (784 ft)[3]

ৱেবছাইট delhigovt.nic.in/index.asp
দিল্লীৰ মোহৰ

দিল্লী /ˈdɛli/, স্থানীয় উচ্চাৰণ Dilli (হিন্দী: दिल्ली, পাঞ্জাৱী: ਦਿੱਲੀ, উৰ্দু: دِلّی) বা Dehli (হিন্দী: देहली, উৰ্দু: دهلی) ভাৰতৰ সৰ্ববৃহত মেট্ৰপলিটান ৰাজ্য। ইয়াৰ লাল কিল্লা আৰু ইণ্ডিয়া গেট বিখ্যাত। [4][5][6][7]

সূচী

[সম্পাদনা কৰক] ইতিহাস

দিল্লী, ইতিহাসৰ বহু উত্থান পতনৰ নীৰৱ সাক্ষী এখন চহৰ, দেশৰ ৰাজনৈতিক স্পন্দন। আজিৰ পৰা এশ বছৰ পূৰ্বে এই মহানগৰ খনকে নতুন ৰূপত সজোৱাৰ বাবে চলিছিল। বৃটিছ শাসিত ভাৰতৰ ৰাজধানী হিচাবে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাত সষ্টম হৈ উঠিছিল বৃটিছ প্ৰশাসন। দেশৰ পূব কোণত থকা ৰাজধানী চহৰ কলিকতাৰ পৰা প্ৰশাসনৰ কাম কাজ চলোৱাত অসুবিধা হোৱাত দিল্লীলৈ বৃটিছ প্ৰশাসনে ৰাজধানী চহৰ স্থানান্তৰণৰ সিদ্ধান্ত গ্ৰহন কৰিছিল।

১৯১১ চনৰ ১২ ডিচেম্বৰ তাৰিখে সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে। তাৰ কিছুদিনৰ পাছতে অৰ্থাত ১৫ ডিচেম্বৰ তাৰিখে পঞ্চম জৰ্জ আৰু ৰাণী মেৰীৰ উপস্থিতিত নতুন ৰাজধানী চহৰৰ আধাৰশিলা স্থাপন কৰা হয়। আৰম্ভ হয় নতুন দিল্লীৰ নক্সা অংকনৰ প্ৰক্ৰিয়া। নতুন ৰাজধানী চহৰখন নতুন স্থাপত্য শিল্পৰে উজলাই তোলাৰ দায়িত্ব দিয়া হয় মুলতঃ দুজন ব্যক্তিক বৃটিছ স্থপতিবিদ ছাৰ এডৱিন লুটিয়েনচ আৰু হাৰ্বাৰ্ট বেকাৰক। এওঁলোক দুগৰাকী ব্যক্তিৰ নেতৃত্বতেই চলে নতুন দিল্লীৰ আন্তঃগাঁঠনি তথা ইউৰোপীয় স্থাপত্য শিল্পৰ আধাৰত নতুন নতুন ভৱন তথা পথৰ নিৰ্মান কাম কাজ। মোগল স্থাপত্য কীৰ্তিৰে শুৱাই থকা দিল্লীত মূৰ দাঙি উঠে বৃটিছ ভাস্কৰ্য্য শিল্পৰ নতুন ৰূপ। মুলতঃ বৃটিছ প্ৰশাসনৰ বিভিন্ন উচ্চখাপৰ বিষয়ববীয়াৰ ভৱন তথা বিভিন্ন প্ৰশাসনিক ভৱনসমূহ নিৰ্মানতহে অধিক গুৰুত্ব দিছিল। যদিও ১৯১১ চনত নতুন ৰাজধানী হিচাবে দিল্লীৰ আধাৰশিলা স্থাপন কৰা হৈছিল, নতুন চহৰৰ কাম কাজ আৰম্ভ হৈছিল প্ৰথম বিশ্বযুদ্ধৰ পাছতহে। ১৯৩১ চনত এই কাম সম্পূৰ্ণ হয় আৰু সেই সময়ৰ ভাৰতবৰ্ষৰ ভাইচৰয় লৰ্ড ইৰ্ৱিনে ১৩ ফেব্ৰুৱাৰী ১৯৩১ চনত নতুন ৰূপত দিল্লীৰ শুভ উদ্বোধন কৰে।


[সম্পাদনা কৰক] স্থাপত্য শিল্প

বৃটিছ শাসনত যেতিয়া দিল্লী চহৰৰ নৱনিৰ্মানৰ কাম কাজ চলি আছিল তেতিয়াই ইউৰোপীয় আৰু ভাৰতীয় স্থাপত্য কলাৰ আৰ্হিত মুৰ ডাঙি উঠিছিল বিভিন্ন বিশাল ভৱনে,যিবোৰ আজিও ভাৰত চৰকাৰৰ বিভিন্ন প্ৰশাসনিক কাম কাজত ব্যৱহাৰ হৈ আছে। বৃটিছ সাম্ৰাজ্যৰ স্থাপত্য শিল্পৰ পৰা বৰ্তমানৰ প্ৰযুক্তিৰ যুগলৈ দিল্লীত থিয় হৈ আছে বহু ভৱন, অট্টালিকা আদি।

[সম্পাদনা কৰক] ৰাষ্ট্ৰপতি ভৱন

বৃটিছ সাম্ৰাজ্যৰ ভাইচৰয় আৰু ভাৰতৰ গৱৰ্নৰ জেনেৰেল সকলৰ বাসস্থান হিচাবে নিৰ্মিত ‘ৰাষ্ট্ৰপতি ভৱন’ক পূৰ্বতে জনা গৈছিল ‘ভাইচৰয় হাউচ’ হিচাবে। প্ৰায় ১৯ বছৰৰ কাম কাজৰ অন্তত: সম্পূৰ্ণ হোৱা এই বিশালকায় ভৱনটো ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত ৰাষ্ট্ৰপতি ভৱন নাম দিয়া হয় আৰু ভাৰতৰ ৰাষ্ট্ৰপতিৰ বাসস্থান হিচাবে চিহ্নিত হয় । প্ৰায় দুইলাখ বৰ্গফুটেৰে আৱৰা আৰু ৩৬০ টা কোঠালিৰে ‘ৰাষ্ট্ৰপতি ভৱন’ হৈছে বিশ্বৰ যিকোনো ৰাষ্ট্ৰপ্ৰধানৰ ভৱনসমূহৰ ভিতৰতে বৃহত্তম ভৱন।

[সম্পাদনা কৰক] নৰ্থ আৰু চাউথ ব্লক (সচিবালয় ভৱন)

ৰাষ্ট্ৰপতি ভৱনৰ সমীপত থকা নৰ্থ আৰু চাউথ ব্লক হৈছে বৰ্তমান ভাৰতীয় প্ৰশাসন যন্ত্ৰৰ প্ৰাণকেন্দ্ৰ। প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়কে ধৰি বহুকেইটা গুৰুৰ্ত্বপূৰ্ণ মন্ত্ৰনালয়ৰ কাৰ্য্যালয় হিচাবে ব্যৱহৃত এই ভৱন দুটাৰ আৰ্হি প্ৰস্তুতি কৰিছিল স্থপতিবিদ হাৰ্বাৰ বেকাৰে। চাৰিটা খলপত বিভক্ত এই ভৱনৰ প্ৰতিটো মহলাত কোঠাৰ সংখ্যা প্ৰায় এহাজাৰ।

[সম্পাদনা কৰক] তিন মুৰ্তি ভৱন

স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বাসস্থান হিচাবে চিহ্নিত ‘তিন মূৰ্তি ভৱন’ক পূৰ্বতে জনা গৈছিল ‘ফ্লেগষ্টাফ হাউচ’(Flagstuff House) হিচাবে। বৃটিছ শাসনত সেনা প্ৰধানৰ বাসস্থান হিচাবে জনাজাত এই ভৱনৰ আৰ্হি প্ৰস্তুত কৰিছিল বৃটিছ স্থপতিবিদ ৰবাৰ্ট ৰাছেলে। বৰ্তমান এই ভৱন জৱাহৰলাল নেহৰুৰ স্মৃতিত উচৰ্গা কৰা হৈছে।

[সম্পাদনা কৰক] ৰাজপথ আৰু জনপথ

নতুন দিল্লীৰ দুটা উল্লেখযোগ্য মুখ্য পথ হৈছে ৰাজপথ আৰু জনপথ। পূৰ্বে কিংচৱে (Kingsway) নামেৰে জনাজাত এই পথ ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইণ্ডিয়া গেট হৈ ৰাষ্ট্ৰীয় ষ্টেডিয়ামলৈ বিস্তৃত। প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনা এই পথৰেই আগবাঢ়ে গণতন্ত্ৰ দিৱসৰ পেৰেড। ঠিক সেইদৰে নতুন দিল্লীৰ এটি ব্যস্ততম পথ জনপথো আছিল বৃটিছ ভাৰতৰ এক উল্লেখযোগ্য পথ, যাক প্ৰথমে জনা গৈছিল কুইনচৱে (Queensway) নামেৰে।

[সম্পাদনা কৰক] ইণ্ডিয়া গেট

ইণ্ডিয়া গেট

এক কথাত ক’বলৈ হ’লে নতুন দিল্লীৰ পৰিচয়েই হৈছে ইণ্ডিয়া গেট। ১৯৩১ চনত এডৱাৰ্ড লুটিয়েনচৰ আৰ্হিত নিৰ্মিত ইণ্ডিয়া গেট, মুলতঃ নিৰ্মান কৰা হৈছিল প্ৰথম বিশ্বযুদ্ধৰত মৃত্যুবৰণ কৰা বৃটিছ ভাৰতীয় সৈন্যবাহিনীৰ সোঁৱৰণত। ‘অল ইণ্ডিয়া ৱাৰ মেম’ৰিয়েল’(All India War Memorial) নামেৰে পুৰ্ব পৰিচিত ইণ্ডিয়া গেটত ১৯৭১ চনত প্ৰতিষ্ঠা কৰা হয় ‘অমৰ জোৱান জ্যোতি’। ১৯৭১ চনৰ গণতন্ত্ৰ দিৱসৰ দিনা ইন্দিৰা গান্ধীয়ে অমৰ জৱান জ্যোতিত ভাৰতীয় সৈন্যবাহিনীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পৰম্পৰা আজিও প্ৰতি বছৰে চলি আহিছে।

[সম্পাদনা কৰক] লটাচ টেম্পল

আধুনিক স্থাপত্য শিল্পৰ এক চমকপ্ৰদ নিদৰ্শন হ’ল লটাচ টেম্পল অথবা "বাহাই ধৰ্মাৱলম্বী উপসনা গৃহ"। নতুন দিল্লীৰ জনপ্ৰিয় স্থান সমূহৰ অন্তৰ্গত লটাচ টেম্পল, দৰ্শনৰ বাবে মুকলি কৰা হৈছিল ১৯৮৬ চনত। পদুম ফুলৰ আৰ্হিত নিৰ্মিত এই ভৱনৰ আৰ্হি প্ৰস্তুত কৰিছিল ফাৰিবৰ্জ চাবা নামৰ ইৰাণৰ স্থাপত্যশিল্পী এগৰাকীয়ে। দৈনিক প্ৰায় তেৰ হাজাৰ দৰ্শনাৰ্থীয়ে দৰ্শন কৰা লটাচ টেম্পল হৈছে নতুন দিল্লীৰ এক অনন্য পৰিচয়।

[সম্পাদনা কৰক] অক্ষৰধাম মন্দিৰ

যমুনা নদীৰ পাৰত অৱস্থিত নতুন দিল্লীৰ অন্য এক বিস্ময় হৈছে অক্ষৰধাম মন্দিৰ। স্বামীনাৰায়ন হিন্দু সম্প্ৰদায়ৰ আড়ম্বৰ্পূৰ্ণ এই উপসনা ভৱন আছে এক বিশাল এলেকাজুৰি। ছয় নৱেম্বৰ ২০০৬ চনত মুকলি কৰা এই মন্দিৰৰ কাৰুকাৰ্য্য চমকপ্ৰদ। গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডে ইতিমধ্যে বিশ্বৰ বৃহত্তম হিন্দু মন্দিৰ হিচাবে প্ৰমান পত্ৰ দিয়া এই মন্দিৰ নতুন দিল্লীৰ সৰ্বাধিক আকৰ্ষিত কৰা পৰ্য্যটকস্থলী সমুহৰ ভিতৰত অন্যতম।


[সম্পাদনা কৰক] শিক্ষা

দেশৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাবেও নতুন দিল্লী চিৰ পৰিচিত। দেশৰ কেইবাখনো প্ৰখ্যাত শিক্ষানুষ্ঠানে শিক্ষাদানৰ দিশত নতুন দিল্লীক এচিয়া মহাদেশৰ ভিতৰতে এখন উন্নত চহৰ হিচাবে প্ৰতিষ্ঠিত কৰিছে। পোনপ্ৰথমেই নাম ল’ব পাৰি দুখন প্ৰখ্যাত বিশ্ববিদ্যালয় দিল্লী বিশ্ববিদ্যালয় আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়। ১৯২২ চনত প্ৰতিষ্ঠিত হোৱা দিল্লী বিশ্ববিদ্যালয়ৰ কাম কাজ আৰম্ভ হৈছিল তিনিখন মহাবিদ্যালয়ৰ সহায়ত। ছেইণ্ট ষ্টিফেঞ্চ কলেজ, হিন্দু কলেজ আৰু ৰামজাচ কলেজ। দিল্লী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ বহু পূৰ্বেই এইকেইখন কলেজ প্ৰতিষ্ঠা কৰা হৈছিল যদিও পাছত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাত তিনিওখন কলেজ ইয়াৰ অন্তৰ্ভুক্ত হয়। বৰ্তমান বহুকেইখন প্ৰখ্যাত কলেজ এই বিশ্ববিদ্যালয়ৰ অন্তৰ্গত। ইয়াৰ উপৰিও এই বিশ্ববিদ্যালয়ৰ বহু বিভাগে ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলি উঠিছে। দিল্লী স্কুল অব ইকনমিক্স, ফেকাল্টি অব মেনেজমেন্ট ষ্টাডিজ, ফেকাল্টি অৱ ল’ ইত্যাদি বিভাগবোৰ শিক্ষাৰ সৰ্বোতকৃষ্ট বিভাগ সমুহৰ ভিতৰত অন্যতম। দেশৰ আন এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়েও নতুন দিল্লীৰ সৌষ্ঠৱ বৃদ্ধি কৰি আহিছে। স্নাতকোত্তৰ শিক্ষাক মুখ্য উদ্দেশ্য লৈ এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠিত হৈছিল ১৯৬৯ চনত। দেশৰ বিজ্ঞান আৰু সামাজিক গৱেষণাত উত্কৃষ্ট সেৱা আগবঢ়াই অহা এইখন শিক্ষানুষ্ঠানত বৰ্তমান দেশ বিদেশৰ প্ৰায় পাঁচ সহস্ৰাধিক মেধাবী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পাঠ্যক্ৰম, পাঠদান আদিৰ বাবে এই বিশ্ববিদ্যালয়ে এচিয়াৰ ভিতৰতে এখন উন্নত বিশ্ববিদ্যালয় হিচাবে জনাজাত হৈছে। দেশৰ মুছলিম সম্প্ৰদায়ৰ মাজত উচ্চ শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে স্থাপিত হোৱা জামিয়া মিলিয়া ইচলামিয়া দিল্লীত অৱস্থিত অন্য এখন লেখত লবলগীয়া শিক্ষানুষ্ঠান। ১৯২০ চনত স্থাপিত এই শিক্ষানুষ্ঠানখন ১৯৮৮ চনত ভাৰত চৰকাৰে কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাবে আনুষ্ঠানিকভাবে ঘোষণা কৰে। ইয়াৰ উপৰিও চিকিত্সা শিক্ষাৰ ক্ষেত্ৰত ’এইমচ’(AIIMS), কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত ’আই আই টি দিল্লী’ (IIT Delhi),জনসংযোগ আৰু সাংবাদিকতা শিক্ষাত ’ইণ্ডিয়ান ইনষ্টিটিউট অব মাচ কমিউনিকেচন’ (IIMC) আদি প্ৰখ্যাত শিক্ষানুষ্ঠান সমূহে দেশৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত সৰ্বোত্কৃষ্ট সেৱা আগবঢ়াই আছে।

[সম্পাদনা কৰক] বাণিজ্য

দেশৰ ভিতৰতে এখন উল্লেখযোগ্য বাণিজ্যিক চহৰ হিচাবে নতুন দিল্লীৰ নিজস্ব এক পৰিচয় আছে। বুৰঞ্জীপ্ৰসিদ্ধ কনট প্লেচৰ পৰা আৰম্ভ কৰি নেহৰু প্লেচলৈ বিস্তৃত ৰূপত বিস্তাৰিত হৈ আছে দিল্লীৰ বেপাৰ বাণিজ্য।

ৰাজধানী চহৰ দিল্লীৰ একেবাৰে সোঁমাজত অৱস্থিত এই কনট প্লেচৰ নিৰ্মান কাৰ্য্য আৰম্ভ হৈছিল ১৯২৯ চনত আৰু সমাপ্ত হৈছিল ১৯৩৩ চনত। ৰাণী ভিক্টোৰিয়াৰ তৃতীয় পুত্ৰ প্ৰিন্স আৰ্থাৰ তথা ডিউক অব কনাট(Duke of Connaught) ৰ নামেৰে নামাকৰণ কৰা এই স্থানডোখৰৰ নাম পাছত "ৰাজীৱ চৌক" নামেৰে নামাকৰণ কৰা হয় যদিও দিল্লীবাসীৰ বাবে ই চিপি (CP) হিচাবেহে অধিক জনপ্ৰিয়। এই কনট প্লেচতে ভূ গৰ্ভত অৱস্থিত "পালিকা বজাৰ" হৈছে এক জনপ্ৰিয় বেহা বেপাৰৰ কেন্দ্ৰ।

[সম্পাদনা কৰক] দিল্লী হাট

দেশৰ বিভিন্ন প্ৰান্তৰ হস্তশিল্প সমূহক একেখন মঞ্চলৈ আনিবলৈ কৰা এক প্ৰয়াসৰ ফলস্বৰূপেই প্ৰতিষ্ঠিত হৈছিল দিল্লী হাট(Dilli Haat)। দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন কাৰুকাৰ্য্য খচিত সামগ্ৰী সমুহৰ প্ৰদৰ্শনী তথা বিক্ৰীৰ প্ৰাণকেন্দ্ৰ দিল্লী হাট প্ৰতিষ্ঠা কৰা হৈছিল ১৯৯৪ চনত। হস্তশিল্পৰ লগতে বিভিন্ন প্ৰদেশৰ পৰম্পৰাগত খাদ্য সম্ভাৰ দিল্লী হাটৰ অইন এক আকৰ্ষণীয় ব্যৱস্থা।

[সম্পাদনা কৰক] নেহৰু প্লেচ

আশী দশকৰ শেষৰ ফালে প্ৰতিষ্ঠিত নেহৰু প্লেচ হৈছে দক্ষিণ এচিয়াৰ ভিতৰতে এক উল্লেখযোগ্য তথ্য প্ৰযুক্তিৰ ব্যৱসায় কেন্দ্ৰ। বিভিন্ন তথ্য প্ৰযুক্তিমূলক কোম্পানীৰ কাৰ্য্যালয়ৰ লগতে প্ৰযুক্তিমূলক সা সামগ্ৰীৰ বেহা বেপাৰৰ কেন্দ্ৰ নেহৰু প্লেচ দিল্লীৰ ব্যস্ততম ব্যৱসায়িক স্থান সমূহৰ ভিতৰত অন্যতম।

[সম্পাদনা কৰক] খান মাৰ্কেট

দেশৰ ভিতৰতে আটাইতকৈ খৰছী তথা বিশ্বৰ ২১তম খৰছী বজাৰখনেই হৈছে খান মাৰ্কেট। বিশিষ্ট ৰাজনৈতিক নেতা খান আব্দুল গফৰ খানৰ নামেৰে নামাকৰন কৰা এই বজাৰখনত আছে দেশ বিদেশৰ অজস্ৰ নামী দামী কোম্পানীৰ বিক্ৰী সামগ্ৰী। ইয়াৰ উপৰিও বৰ্তমান দিল্লীৰ আশে পাশে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ বানিজ্যিক কেন্দ্ৰ সমুহ গঢ়ি উঠিছে।


[সম্পাদনা কৰক] যাতায়ত ব্যৱস্থা

দিল্লীৰ যাতায়ত ব্যৱস্থাৰ আজি কিছু বছৰৰ ভিতৰতে এক যুগান্তকাৰী ৰূপত পৰিবৰ্তন ঘটিছে। বৰ্তমান বিভিন্ন আধুনিক প্ৰযুক্তিৰ যাতায়তৰ সা সুবিধাই দিল্লীক কৰি তুলিছে দেশৰ ভিতৰতে এক অনন্য মহানগৰ। পোনপ্ৰথমেই নাম লব লাগিব দিল্লী মেট্ৰ’ৰ, যিয়ে আধুনিক প্ৰযুক্তিৰে যাতায়ত আৰু যোগাযোগ মাধ্যমত এক বিপ্লব গঢ়ি তুলিছে। বিশ্বৰ বৃহত্তম মেট্ৰ’ৰেল নেটৱৰ্ক সমূহৰ অন্যতম এই মেট্ৰ সেৱাই ১৪২ টা ষ্টেচন (৩৫ টা ভূগৰ্ভস্থ) ৰ সৈতে দিল্লীৰ প্ৰায় ১৯০ কি.মি. পথত বিস্তৃত হৈ আছে। দিল্লী মেট্ৰ’ ৰেলসেৱাৰ কাম এতিয়াও চলি আছে। দিল্লীত যাতায়তৰ দ্বিতীয় প্ৰধান ব্যৱস্থাটোৱেই হ’ল দিল্লী পৰিবহন সেৱাৰ বাচ। বিশ্বৰ বৃহত্তম চি এন জি বাচসেৱা হিচাবে জনাজাত এই সেৱাৰ দ্বাৰা গোটেই দিল্লীতে বৰ্তমান চলি আছে প্ৰায় পাঁচ হাজাৰ সুদৃশ্য সেউজৰঙী বাচ, লগতে প্ৰায় এহাজাৰ শীত তাপ নিয়ন্ত্ৰিত বাচ। যাতায়তৰ ক্ষেত্ৰত দিল্লীৰ উল্লেখযোগ্য পথ সমূহৰ ভিতৰত মুখ্য পথ দুটা হৈছে ‘ৰিং ৰোড’(Ring Road) – বহি: আৰু আন্ত: ৰিং ৰোড। দুয়োটা ৰিং ৰোডৰ মুঠ দৈৰ্ঘ্য হৈছে ৮৭ কিলোমিটাৰ। গোটেই দিল্লীখনকেই এক বৃত্তাকাৰ ৰূপত আৱৰি থকা এই দুটা পথ হৈছে দিল্লীৰ যাতায়ত ব্যৱস্থাৰ হৃদস্পন্দন স্বৰূপ। দিল্লীক সাধাৰণে ‘উৰণীয়াসেঁতুৰ মহানগৰী’ হিচাবেও আখ্যা দিয়া হয়,কাৰণ প্ৰায়বোৰ পথতেই অৱস্থিত বৃহতাকাৰৰ উৰণীয়া সেঁতুসমূহ। খোদ ৰিং ৰোডতেই আছে বিশখনতকৈও অধিক বিশালকায় উৰণীয়া সেঁতু। বিমানসেৱাৰ ফালৰ পৰাও নতুন দিল্লীয়ে মুৰ ডাঙি উঠিছে শক্তিশালী ৰূপত। ইন্দিৰা গান্ধী আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰৰ সৰ্বাধুনিক ‘টাৰ্মিনেল ৩’ টো হৈছে দক্ষিণ এচিয়াৰ সবাতোকৈ বিশাল টাৰ্মিনেল। ঠিক সেইদৰে দৈনিক ষোল্লটা প্লেটফৰ্মত, তিনি শতাধিক ৰেলৰ আহ যাহেৰে আৰু প্ৰায় তিনি লক্ষাধিক ভ্ৰমনকাৰীৰে নতুন দিল্লী ৰেল ষ্টেচনটো হৈছে দেশৰ দ্বিতীয় ব্যস্ততম ৰেল ষ্টেচন।

[সম্পাদনা কৰক] কলা সংস্কৃতি

যিহেতু দিল্লীৰ জনগাঁঠনি বিভিন্ন ঠাইৰ লোকৰ সংমিশ্ৰনত গঢ় লৈ উঠিছে, সেইবাবে ইয়াৰ সংস্কৃতিও মিশ্ৰিত, যদিও উত্তৰ ভাৰতীয় লোকৰ কলা সংস্কৃতিৰ প্ৰাধান্যতা বেছি। কিন্তু দিল্লীক দেশৰ ভিতৰতে এখন উচ্চ খাপৰ সাংস্কৃতিক কেন্দ্ৰ বুলিও ধৰিলে ভুল কৰা নহ’ব। দেশৰ বিভিন্ন অঞ্চলৰ সংস্কৃতিক ঐতিহ্যক দৰ্শনীয় ৰূপত উপস্থাপন কৰিবলৈ ঘনে ঘনে অনুষ্ঠিত হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ। চিৰি ফৰ্ট,কামানী, শ্ৰীৰাম চেণ্টাৰ, ইণ্ডিয়ান হেবিটেট চেন্টাৰ আদিৰ দৰে আন্ত:ৰাষ্ট্ৰীয় মানৰ প্ৰেক্ষগৃহত অনুষ্ঠিত হয় বহুতো উচ্চমানদণ্ডৰ অনুষ্ঠান। ইয়াৰ উপৰিও নাট্য প্ৰদৰ্শনৰ দিশত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় হৈছে দেশৰ অন্যতম নাট্য শিক্ষানুষ্ঠান, য’ত প্ৰতিবছৰে অনুষ্ঠিত হয় দেশ বিদেশৰ কালজয়ী নাটসমূহ।

ইয়াৰ উপৰিও দেশৰ ৰাজনৈতিক আৰু কূটনীতিৰ প্ৰাণকেন্দ্ৰ নতুন দিল্লীতে আছে দেশৰ প্ৰধানমন্ত্ৰী তথা অন্যান্য মন্ত্ৰী,সাংসদ আদিৰ চৰকাৰী বাসগৃহসমূহ। ২৪ আকবৰ ৰোড বুলি ক’লে যেনেদৰে শাসনত থকা কংগ্ৰেছৰ মূখ্য কাৰ্য্যালয় হিচাবে জনা যায়,ঠিক সেইদৰে ১১ অশোকা ৰোড বুলি ক’লে মুখ্য বিৰোধী দল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য্যালয় হিচাবে জনা যায়। ঠিক সেইদৰে নতুন দিল্লীৰ চানক্যপুৰী হৈছে আন্ত:ৰাষ্ট্ৰীয় কূটনীতিৰ কেন্দ্ৰ, কাৰণ ইয়াতেই আছে দেশ বিদেশৰ ৰাষ্ট্ৰদূত সকলৰ কাৰ্য্যালয়। বিভিন্ন বিখ্যাত খাদ্য সম্ভাৰৰ বাবে বিখ্যাত দিল্লীত যিদৰে আপুনি চাঁদনী চৌকৰ ‘পৰাথেৱালী গলি’ত বিভিন্ন প্ৰকাৰৰ পৰঠা খাবলৈ পাব, ঠিক তেনেদৰে নিজামুদ্দিন আৰু নিউ ফ্ৰেণ্ডচ কলনীত বিচাৰি পাব ক্ৰমান্বয়ে মোগল ৰান্ধনীশালৰ বিৰিয়ানী আৰু প্ৰখ্যাত আফগান ৰন্ধন চাৱৰ্মা।

বুৰঞ্জীপ্ৰসিদ্ধ দিল্লীয়ে ইতিমধ্যে লালকিল্লা, কুটুব মিনাৰ, পুৰাণা কিল্লা আদিৰে নিজৰ ঐতিহ্য শ শ বছৰ ধৰি বহন কৰি আছে যদিও যোৱা এশটা বছৰত দিল্লীয়ে পাইছে আধুনিকতাৰ পৰশ,বিশেষকৈ যোৱা এটা দশকত নতুন দিল্লীয়ে লাভ কৰিছে অত্যাধুনিক প্ৰযুক্তিৰে এক অভিনৱ ৰূপ। সময়ে সময়ে বিভিন্ন বিতৰ্কৰ বাবে ই শিৰোনামা দখল কৰি থাকে যদিও দিল্লীয়ে আপোনাক বুজি পাবলৈ হ’লে আপুনিও দিল্লীক বুজি পাব লাগিব। উত্তৰ ভাৰতীয়ৰ আতিশায্য. হত্যা, হিংসা, ধৰ্ষন আদিৰে দিল্লীয়ে প্ৰায়েই শিৰোণামা দখল কৰি থাকে। কিন্তু দিল্লীক যদি এখন সেউজ, মিশ্ৰ সাংস্কৃতিক অথবা তথ্য প্ৰযুক্তিৰে উন্নত এখন ৰাজধানী হিচাবে চোৱা যায় তেন্তে দিল্লীৰ এক বেলেগ ৰূপ প্ৰত্যক্ষ হ’ব। দিল্লীত যিয়েই বহুবছৰ ধৰি কটাইছে তেওঁলোকে হয়তো ইয়াৰ মোহৰ পৰা আঁতৰি থাকিব নোৱাৰে সেয়া লাগিলে দক্ষিণ ভাৰতীয় এগৰাকীয়েই হওঁক, এগৰাকী গুজৰাটীয়েই হওঁক, এগৰাকী মাৰাঠীয়েই হওঁক অথবা এগৰাকী অসমীয়াই হওঁক।

দিল্লীবাসী অসমীয়া সকলৰ বাবেও যেন নতুন দিল্লীখন এখন আপোন ঘৰ। অসমৰ বিভিন্ন ঠাইৰ পৰা আহি দিল্লীত থিতাপি লোৱা অসমীয়াৰ অসমৰ প্ৰতি থকা ভালপোৱা খিনি ঢালি দিয়ে এই দিল্লী মহানগৰীতে। অসমত যিদৰে মাঘৰ মেজি জ্বলে, দিল্লীতো জ্বলে অসমৰ বাপতি সাহোন মাঘ বিহুৰ মেজি,অসমত যেনেদৰে শংকৰদেৱৰ জন্মোত্সৱত খোল তালৰ শবদৰে ৰজন জনাই যায় নামঘৰ, দিল্লীতো প্ৰতিধ্বনিত হয় সেই খোলৰ শব্দ। কাৰণ হয়তো লাখ লাখ অসমীয়াৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কৰ্মৰ সন্ধানত অহা সকলো লোকৰ দ্বিতীয়খন ঘৰেই হ’ল নতুন দিল্লী।

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. "Cities having population 1 lakh and above". censusindia. The Registrar General & Census Commissioner, India. http://www.censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_2_PR_Cities_1Lakh_and_Above.pdf. Retrieved 20 October 2011. 
  2. 2.0 2.1 "Urban Agglomerations/Cities having population 1 lakh and above". Censusindia. The Registrar General & Census Commissioner, India. http://www.censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_3_PR_UA_Citiees_1Lakh_and_Above.pdf. Retrieved 17 October 2011. 
  3. "General info on Delhi". Government of India. http://isc2001.nic.in/delhi.htm. Retrieved 3 May 2006. 
  4. Irfan Habib (1999). The agrarian system of Mughal India, 1556–1707. Oxford University Press, 1999. ISBN 9780195623291. http://books.google.co.in/books?id=0ymFAAAAIAAJ. "... The current Survey of India spellings are followed for place names except where they vary rather noticeably from the spellings in our sources: thus I read "Dehli" not "Delhi ..." 
  5. Royal Asiatic Society (1834). Journal of the Royal Asiatic Society of Great Britain & Ireland. Cambridge University Press, 1834. http://books.google.com/books?id=mtosAAAAIAAJ. "... also Dehli or Dilli, not Delhi ...". 
  6. L.T. Karamchandani (1968). India, the beautiful. Sita Publication, 1968. http://books.google.com/books?id=_sHWfveQGksC. "... According to available evidence the present Delhi, spelt in Hindustani as Dehli or Dilli, derived its name from King ...". 
  7. The National geographical journal of India, Volume 40. National Geographical Society of India, 1994. 1994. http://books.google.com/books?id=aqqAAAAAMAAJ. "... The name which remained the most popular is Dilli with variation in its pronunciation as Dilli, Dehli, or Delhi ...". 

[সম্পাদনা কৰক] অধিক তথ্য

[সম্পাদনা কৰক] বাহ্যিক সংযোগ

অনান্য




ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত