ইন্দিৰা গান্ধী
|
|
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অতিৰিক্ত তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে আলোচনা পৃষ্ঠাখনটো এই সম্পৰ্কীয় কিবা তথ্য থাকিব পাৰে, সেয়াও আপুনি চাব পাৰে।
অধিক সহায়ৰ বাবে কাষৰ "[বিস্তাৰ কৰক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্রয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্রহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্রত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্রথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভূল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰুপন কৰিবলৈ অকো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
|
|
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
| ইন্দিৰা গান্ধী | |
![]() |
|
|
|
|
| দপ্তৰৰ কাৰ্যকাল ১৪ জানুৱাৰী, ১৯৮০ – ৩১ অক্টোবৰ, ১৯৮৪ |
|
| ৰাষ্ট্ৰপতি | নীলম সঞ্জীৱা ৰেড্ডী জাইল সিং |
|---|---|
| পূৰ্বসূৰী | চৰণ সিং |
| উত্তৰসূৰী | ৰাজীৱ গান্ধী |
| দপ্তৰৰ কাৰ্যকাল ২৪ জানুৱাৰী, ১৯৬৬ – ২৪ মাৰ্চ ১৯৭৭ |
|
| ৰাষ্ট্ৰপতি | ৰাধাকৃষ্ণণ জাকিৰ হুছেইন ভেংকট গিৰি (সাময়িকী) হিদায়উল্লাহ (Acting) ভেংকট গিৰি ফখৰুদ্দিন অঅলি আহমেদ জাত্তি (সাময়িকী) |
| Deputy | মোৰাৰজী দেশাই |
| পূৰ্বসূৰী | গুলজাৰিলাল নন্দ (সাময়িকী) |
| উত্তৰসূৰী | মোৰাৰজী দেশাই |
|
|
|
| দপ্তৰৰ কাৰ্যকাল ৯ মাৰ্চ ১৯৮৪ – ৩১ অক্টোবৰ ১৯৮৪ |
|
| পূৰ্বসূৰী | নৰসিংহ ৰাও |
| উত্তৰসূৰী | ৰাজীৱ গান্ধী |
| দপ্তৰৰ কাৰ্যকাল ২২ আগষ্ট১৯৬৭ – ১৪ মাৰ্চ ১৯৬৯ |
|
| পূৰ্বসূৰী | এম চি চাগলা |
| উত্তৰসূৰী | দিনেশ সিং |
|
|
|
| দপ্তৰৰ কাৰ্যকাল 1১৪ জানুৱাৰী ১৯৮০ – ১৫ জানুৱাৰী ১৯৮২ |
|
| পূৰ্বসূৰী | চি সুব্ৰমনিয়াম |
| উত্তৰসূৰী | আৰ ভেংকটৰমণ |
| দপ্তৰৰ কাৰ্যকাল ৩০ নৱেম্বৰ ১৯৭৫ – ২০ ডিচেম্বৰ ১৯৭৫ |
|
| পূৰ্বসূৰী | চৰ্দাৰ চৰণ সিং |
| উত্তৰসূৰী | বংশী লাল |
|
|
|
| দপ্তৰৰ কাৰ্যকাল ২৭ জুন ১৯৭০ – ৪ ফেব্ৰুৱাৰী ১৯৭৩ |
|
| পূৰ্বসূৰী | যশৱন্ত চৱন |
| উত্তৰসূৰী | উমা শংকৰ দীক্ষিত |
|
|
|
| দপ্তৰৰ কাৰ্যকাল ১৬ জুলাই, ১৯৬৯ – ২৭ জুন, ১৯৭০ |
|
| পূৰ্বসূৰী | মোৰাৰজী দেশাই |
| উত্তৰসূৰী | যশৱন্ত চৱন |
|
|
|
| জন্ম | নৱেম্বৰ ১৯, ১৯১৭ আনন্দ ভৱন, এলাহাবাদ, উত্তৰ প্ৰদেশ |
| মৃত্যু | অক্টোবৰ ৩১, ১৯৮৪ (৬৬ বছৰ) নতুন দিল্লী, ভাৰত |
| ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| দাম্পত্য সঙ্গী | ফিৰোজ গান্ধী |
| সম্পৰ্ক | জৱহৰলাল নেহৰু (পিতৃ) |
| সন্তান | ৰাজীৱ গান্ধী সঞ্জয় গান্ধী |
| অধ্যয়নকৃত শিক্ষা প্ৰতিষ্ঠান | বিশ্ব ভাৰতী বিশ্ববিদ্যালয়, কলকাতা |
'ইন্দিৰা গান্ধী (ইংৰাজী: Indira Gandhi) (১৯১৭-১৯৮৪) ভাৰত প্ৰথম মহিলা প্ৰধান মন্ত্ৰী, জৱাহৰলাল নেহেৰুৰ কন্যা আছিল। তেওঁ লালবাহাদুৰ শাস্ত্ৰী মন্ত্ৰী সভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। মহাত্মা গান্ধীৰ আঁচনি ক্ৰমে চৰ্খা সংঘ প্ৰতিষ্ঠাতা আছিল আৰু চৈধ্য বছৰ বয়সত বানৰ সেনা সংগঠন কৰে। কংগ্ৰেছত ভৰ্তি হৈ ২১ বছৰ বয়সৰ পৰাই ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল আৰু ১৩ মাহ কাল কাৰাবাস খাটিছিল। ১৯১৬ চনত জব্বলপুৰত হিন্দু-মুছলিম বিৰোধ, পূব আফ্ৰিকাত থকা ভাৰতীয় সংখ্যালঘু নিৰাপত্তাৰ শংকা আৰু ইন্দো-আমেৰিকানৰ সম্পৰ্কৰ সমন্বয় গঢ়িছিল। তেওঁৰ ব্যক্তিত্ব আৰ কৃতিত্বৰ স্বীকৃতি স্বৰূপে ১৯৭১ চনত ভাৰত-ৰত্ন উপাধিৰে তেওঁক ভাৰত চৰকাৰে সন্মানিত কৰে।[1]
সূচী |
জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]
ইন্দিৰা গান্ধীৰ জন্ম হয় ১৯১৭ চনৰ ১৯ নবেম্বৰত উত্তৰ প্ৰদেশৰ এলাহাবাদৰ আনন্দ ভৱনত। তেওঁৰ পিতৃ বিশ্ব বৰেণ্য নেতা, ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু মাতৃ কমলা নেহেৰু। তেওঁৰ মাক সৰুকালতেই ঢুকোৱাত, পিতাকৰ মৰম-স্নেহতে ডাঙৰ দীঘল হয়। কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰেই সৰুতে ইন্দিৰাক নাম দিছিল প্ৰিয়দৰ্শিনী। তেওঁৰ ককাকৰ নাম আছিল মতিলাল নেহেৰু। সৰুৰে পৰা তেওঁ নানা শিক্ষাৰে শিক্ষিত হৈছিল। ঘৰুৱা পৰিবেশৰ পৰাই তেওঁ সৰুতেই ৰাজনৈতিক শিক্ষা আয়ত্ত কৰিছিল। সেইসময়ত আনন্দ ভৱন কংগ্ৰেছৰ প্ৰধান কাৰ্য্যালয় আছিল। ১৯৪২ চনত ইন্দিৰা গান্ধীয়ে অসম অইল কোম্পানীৰ মূৰব্বী বিষয়া ফিৰোজ গান্ধীৰ লগত বিবাহ পাশত আবদ্ধ হয় আৰু তেতিয়াৰে পৰাই তেওঁ গান্ধী উপাধি গ্ৰহণ কৰিছিল। তেওঁলোকৰ যুগ্ম জীৱনৰ সাক্ষী আছিল দুই সন্তান ক্ৰমে--সঞ্জয় গান্ধী আৰু ৰাজীৱ গান্ধী।[1]
শিক্ষা জীৱন[সম্পাদনা কৰক]
ইন্দিৰা গান্ধীয়ে স্কুলীয়া শিক্ষা একাধিকক্ৰমে লাভ কৰিব পৰা নাছিল। পোনতে পুনাৰ গুজৰাটী বিদ্যালয় এখনত শিক্ষা আৰম্ভ কৰি পাছত শান্তিনিকেতনলৈ যায়। ১৯৩৪ চনত মোম্বাই বিশ্ববিদ্যালয়ৰ পৰা মেট্ৰিকুলেচন পাছ কৰে আৰু বিশ্বভাৰতীত ভৰ্তি হয় ১৯৩৪ চনৰ জুলাই মাহত। শান্তিনিকেতনত কবিগুৰু ৰবীন্দ্ৰী নাথ ঠাকুৰৰ তত্বাবদানত সংগীত-নৃত্যকলা সাধনাৰ শিক্ষা লাভ কৰে। তেওঁ ১৯৩৫ চনত অধ্যয়নৰ বাবে চুইজাৰলেণ্ডলৈ যায়। তাৰ পিছত তেওঁ ১৯৩৬ চনত অক্সফোৰ্ড বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰে। নানা অসুবিধাত তেওঁ ডিগ্ৰী সম্পূৰ্ণ কৰিব নোৱাৰিলে কিন্তু জেলৰ পাৰ পিতাকে বিশ্বসাহিত্য-সভ্যাত-কৃষ্টি-ৰাজনীতি বিষয়ৰ যিবোৰ চিঠি প্ৰেৰণ কৰিছিল সেই চিঠিৰ সাৰমৰ্ম পাঠ্য-পুথিৰ শিক্ষাতকৈ কোনোগুণে হীন নাছিল আৰু সেই শিক্ষাকে কণ্ঠস্থ কৰিছিল ইন্দিৰা গান্ধীয়ে। তদুপৰি স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ, বিদেশ ভ্ৰমণৰ অভিজ্ঞতা, বিশ্বভাৰতীৰ শিক্ষা, বৃটিছ শ্ৰমিক পাৰ্টি আৰু ছাত্ৰ আন্দোলনৰ লগত স্থাপন হোৱা সম্পৰ্কৰ অভিজ্ঞতাও ভবিষ্যত্ জীৱনৰ সমাজবাদী আদৰ্শৰ ভেটি স্বৰূপ আছিল।[1]
ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]
১৯১৬ চনত জব্বলপুৰত হিন্দু-মুছলিম বিৰোধ সাম কটাৰ পিছত ১৯৩৭ চনত ইন্দিৰা গান্ধী নিৰ্বাচনৰ কামত ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰে। ১৯৩৮ চনত তেওঁক কংগ্ৰেছৰ এগৰাকী সদস্যা হিচাপে অন্তৰ্ভুক্ত কৰি লোৱা হৈছিল। তাৰ পিছত কংগ্ৰেছ মহিলা শাখাৰ চেয়াৰমেন নিৰ্বাচিত হয়। কেন্দ্ৰীয় নিৰ্বাচন আয়োগ, কেন্দ্ৰীয় সংসদী পৰিষদ আৰু সৰ্বভাৰতীয় কংগ্ৰেছৰো তেওঁ সভানেত্ৰী আচিল। বাল সহযোগ, কমলা নেহেৰু বিদ্যালয়, বাল ভৱন, ভাৰতীয় শিশু কল্যাণ সন্থাৰ সভানেত্ৰীৰ উপৰিও আন্তৰ্জাতিক শিশু কল্যাণ সন্থাৰো তেওঁ উপ-সবানেত্ৰী আছিল। তদুপৰি তেওঁ কেন্দ্ৰেীয় সমাজ উন্নয়ন সমিতি, সৰ্বভাৰতীয় হস্তশিল্প সমিতি, ৰাষ্ট্ৰীয় ঐক্যসাধন সমিতি, কেন্দ্ৰীয় শিক্ষা বিভাগ আৰু সাংস্কৃতিক উন্নয়ন অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ লগতো তেওঁ ঘনিষ্ঠভাৱে জড়িত আছিল। ১৯৬৪ চনত লালবাহাদুৰ শাস্ত্ৰীৰ মন্ত্ৰীসভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী নিযুক্ত হয়। ১৯৬৬ চনত লালবাহাদুৰ শাস্ত্ৰীৰ অকাল মৃত্য হয় আৰু আকৌ গলজাৰিলাল নন্দ ভাৰতৰ প্ৰধান মন্ত্ৰী হয়। গলজাৰিলালৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ইন্দিৰা গান্ধী। ১৯৬৭ চনৰ ১২ মাৰ্চত চতুৰ্থ সাধাৰণ নিৰ্বাচনত বিজয়ী হৈ ইন্দিৰা গান্ধী দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়। ১৯৬৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি ড০ জাকিৰ হুছেইনৰ মৃত্যু হোৱাত সেই পদ পূৰণৰ বাবে সমস্যাৰ সৃষ্টি হয়। উপৰাষ্ট্ৰপতি ভি ভি গিৰিয়ে কাৰ্যবাহী ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ লয়। ১৯৬৯ চনৰে বাঙ্গালোৰ অধিবেশনে ৰাষ্ট্ৰপতি ৰূপে পাবলৈ বিচাৰিলে নীলম সঞ্জীৱ ৰেড্ডীক। ইন্দিৰা গান্ধীয়ে মনোনয়নত স্বাক্ষৰ দানো কৰিলে। ইয়াৰ প্ৰতিবাদ ভি ভি গিৰিয়েও ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতাত নামিল। ইন্দিৰা গান্ধীয়েও গিৰিৰ হৈ সমৰ্থন আগবঢ়ালে। গিৰি নিৰ্বাচিত হল ৰাষ্ট্ৰপতি হিচাপে। ইন্দিৰা গান্ধীৰ এই কাৰ্য্যত কংগ্ৰেছৰ ৰাইট অৱ চেণ্টাৰৰ সৈতেও তেওঁৰ বিৰোধ হৈ পৰিল। কংগ্ৰেছত বিভাজন হল আৰু কংগ্ৰেছ দুটা শিবিৰলৈ ৰূপান্তৰ হল, পুৰণি আৰু নতুন কংগ্ৰেছ নামেৰে। পুৰণি কংগ্ৰেছৰ সভাপতি হল নিজলিঙ্গপ্পা আৰু নতুন কংগ্ৰেছৰ সভাপতি হল জগজীৱন ৰাম। ২৮২ জনীয়া কংগ্ৰেছ সংসদী দলৰ ২২০ জনে ইন্দিৰাৰ সপক্ষে আৰু ৬০ জনে ডাক্তৰ ৰাম সুভাগ সিঙকে নেতা নিৰ্বাচন কৰি বিপক্ষ গ্ৰহণ কৰিলে।[1]
১৯৭১ চনত পঞ্চম অন্তৰ্ৱৰ্তীকালীন সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনত ইন্দিৰাই বিপুল সংখ্যাগৰিষ্ঠাতাৰে জয়লাভ কৰে। ৫১৮ খন আসনৰ বাবে কংগ্ৰেছে ৪৪২ জন প্ৰাৰ্থী দি ৩৫১ খন আসন লাভ কৰিলে। সাংগঠনিক কংগ্ৰেছে ১৬ খন আসনহে লাভ কৰিবলৈ সমৰ্থ হয়। এই নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিছিল উত্তৰ প্ৰদেশৰ ৰায়বেৰেলিয়ৰ পৰা আৰু মুঠ ভোট পাইছিল--১,৮৩,৩০৯ টা। ১৯৭১ চনৰ মাৰ্চত কংগ্ৰেছ সংসদী দলৰ সভাত ইন্দিৰা গান্ধী বিনা প্ৰতিদ্বন্দিতাৰে নেতা নিৰ্বাচিত হয়। জগজীৱন ৰামে তেওঁৰ নাম প্ৰস্তাৱ কৰে আৰু সমৰ্থন কৰে ফকৰুদ্দিন আলি আহমেদ আৰু ওৱাই, বি , চবনে।[1]
ইন্দিৰা গন্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত অনেক সাফল্যতা পৰিলক্ষিত হয়। বিশেষকৈ ১৯৬৯ চনৰ ১৯ জুলাইত ভাৰতীয় মালিকৰ পৰিচালনাত থকা ১৪ টা বাণিজ্যিক বেঙ্ক ৰাষ্ট্ৰীয়কৰণ হয়। ১৯৬৯ চনৰ জুলৈকে বেঙ্কৰ জমাৰ পৰিমান ৫০ কোটি টকা বা ততোধিক হোৱা বাণিজ্যিক বেংককহে ৰাষ্ট্ৰীয়কৰণ কৰা হয়। ১৯৭১ চনৰ ৯ আগষ্ট তাৰিখে নতুন দিল্লীত ভাৰত-ছোভিয়েট শান্তি-মৈত্ৰী আৰু সহযোগিতাৰ চুক্তি ইন্দিৰাৰ আন এটা মহান স্বাক্ষৰ। ২০ বছৰীয়া ম্যাদৰ চুক্তিখনত অৰ্থনৈতিক, বৈজ্ঞানিক, কাৰিকৰী, শিল্পকলা, ক্ৰীড়া, ভ্ৰমণ, চিনেমা, জনস্বাস্থ্য, বাতৰি-কাকত, শিক্ষা আদিত গুৰুত্ব আৰোপ কৰা হয়। এইখন চুক্তিৰ উপৰিও ১৯৭২ চনৰ ২০ নবেম্বৰত স্বাক্ষৰিত হয় ভাৰত-ছোভিয়েটৰ আন এখন অৰ্থনৈতিক চুক্তি। এই চুক্তিত বোকাৰো আৰু ভিলাই তীখা কাৰখনাৰ উত্পাদন ক্ষমতা বৃদ্ধিত অগ্ৰাধিকাৰ দিয়া হয়। ১৯৮০ চনৰ লোকসভাৰ সপ্তম সাধাৰণ নিৰ্বাচনৰ আৰম্ভ হল, এইবাৰো ইন্দিৰা গান্ধী নিৰ্বাচিত হৈ আহিল। শাসনভাৰ হাতত লৈয়ে দেশৰ অৰ্থনৈতিক আৰু সামাজিক দিশটো টনকিয়াল কৰাৰ কাৰণে অধিক উত্সাহেৰে কৰিদফীয়া কাৰ্যসূচীত মনোনিবেশ কৰিলে। এই সময়ছোৱাতে পঞ্জাৱ আৰু অসমত আন্দোলন গঢ়ি উঠিল। অসমৰ বিদেশী বহিস্কৰণৰ সমস্যাটো তেওঁ কোনো সুমীমাংসা কৰিব নোৱাৰিলে আৰু পাঞ্জাৱৰ সমস্যাটোও একো পৰিবৰ্তন কৰিব নোৱাৰিলে মৃত্যু সময়লৈকে।[1]
পুৰস্কাৰ প্ৰাপ্ত বঁটা[সম্পাদনা কৰক]
- ভাৰত ৰত্ন বঁটা (১৯৭১),
- কৃষি দেৱী ছেৰেছ (১৯৭২),
- মাতৃ (১৯৫৩),
- ৰাষ্ট্ৰনেত্ৰী (১৯৭৩)
মৃত্যু[সম্পাদনা কৰক]
১৯৮৪ চনৰ ৩১ অক্টোৱৰৰ দিনা দিল্লীত নিজা বাসভৱনত গা-ৰক্ষী উগ্ৰপন্থী শিখলোকৰ গুলীৰ আঘাতত তেওঁৰ জীৱন বন্তি নিৰ্বাপিত হয়
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
গ্ৰন্থ সংযোগ[সম্পাদনা কৰক]
- Ved Mehta, A Family Affair: India Under Three Prime Ministers (1982) ISBN 0-19-503118-0
- Pupul Jayakar, Indira Gandhi: An Intimate Biography (1992) ISBN 978-0-679-42479-6
- Katherine Frank, Indira: the life of Indira Nehru Gandhi (2002) ISBN 0-395-73097-X
- Ramachandra Guha, India after Gandhi: The History of the World's Largest Democracy (2007) ISBN 978-0-06-019881-7
- Inder Malhotra, Indira Gandhi: A personal and political biography (1991) ISBN 0-340-53548-2
- Indira Gandhi – Iron Lady of India by Dr Sulakshi Thelikorala
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘ইন্দিৰা গান্ধী’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ইন্দিৰা গান্ধী বিষয়ে অডিপি (মুক্ত নিৰ্দেশিকা প্ৰকল্প)ত থকা তথ্য
- Rare pictures of Indira Gandhi
|
|
|||||||
