মাদাৰ টেৰেছা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
মাদাৰ টেৰেছা
জন্ম এগ্‌নেছ গোন্‌জা বোজাজিউ (Agnes Gonxhe Bojaxhiu)
২৬ আগষ্ট, ১৯১০
স্কপেজ, কছ'ভ' বিলায়েট, অট্টোমান সাম্ৰাজ্য
মৃত্যু ৫ ছেপ্টেম্বৰ, ১৯৯৭
কলিকতা, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বংশদ্ভূত এলবেনিয়ান[1][2]
উত্তৰসূৰী নিৰ্মলা যোশী
ধৰ্ম কেথ'লিক খ্ৰীষ্টান


মাদাৰ টেৰেছা (২৬ আগষ্ট, ১৯১০ -- ৫ ছেপ্টেম্বৰ, ১৯৯৭), (জন্মৰ নামঃ এগ্‌নেছ গোন্‌জা বোজাজিউ [3] (pronounced [aɡˈnɛs ˈɡɔndʒa bɔjaˈdʒiu]), এগৰাকী কেথ'লিক খ্ৰীষ্টান পন্থীয় নান (nun) আছিল। তেখেত মূলতঃ এলবেনিয়ান জাতিৰ ব্যক্তি[4][5] পাছলৈ এখেতে ভাৰতীয় নাগৰিকত্ব গ্ৰহন কৰিছিল।[6] এখেতে কলিকতাত 'মিছনেৰীজ অফ চেৰিটি' স্থাপন কৰিছিল। ১৯৫০ চনৰপৰা 'মিছনেৰীজ অফ্‌ চেৰিটি'ৰ জৰিয়তে এখেতে দুখীয়া, অনাথ, ৰোগী আৰু মৃত্যমুখী মানুহৰ সহায়ৰ বাবে কাম কৰিছিল। ভাৰতত এই কামৰ ভেঁটি স্থাপন হ'লেও পাছলৈ 'মিছনেৰীজ অফ্‌ চেৰিটি'ৰ কাম-কাজ সমগ্ৰ বিশ্বলৈ বিয়পি পৰে। পোপ জন পল দ্বিতীয়-ই এখেতক মৃত্যুৰ পাছত 'কলিকতাৰ স্বৰ্গীয় টেৰেছা' (Blessed Teresa of Calcutta) সন্মানেৰে বিভূষিত কৰে।[7][8]

মাদাৰ টেৰেছাই জীৱন কালত বহুতো বঁটা আৰু সন্মানেৰে বিভূষিত হোৱাৰ উপৰিও ভাৰত চৰকাৰে ১৯৮০ চনত তেখেতক ভাৰতৰত্ন প্ৰদান কৰে। ১৯৭৯ চনত মাদাৰ টেৰেজাক ' শান্তিৰ নোবেল বঁটা' প্ৰদান কৰা হয়। এখেতৰ সমাজসেৱা কৰ্মৰ কিছুমান দোষৰ বাবে তেখেতৰ কিছু সংখ্যক সমালোচকো আছে। [9]

[সম্পাদনা কৰক] তথ্য সমল

[সম্পাদনা কৰক] বাহ্যিক সংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত