খান আব্দুল গফ্ফৰ খান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খান আব্দুল গফুৰ খান

১৯৪০ চনত তোলা খানৰ ছবি
জন্ম ১৮৯০
Hashtnagar, উতমানজায়, Charsadda, North-West Frontier Province, British India (now Pakistan)
মৃত্যু ১৯৮৮ (বয়স ৯৭–৯৮)
Peshawar, Khyber Pakhtunkhwa
সমাধিস্থল জালালাবাদ, আফগানিস্থান
অন্য নাম বাদছাহ খান, বাছা খান, স্বৰ্হাদি গান্ধী, ফক্কৰ-ই-আফগান
সংস্থা Khudai Khidmatgar, Indian National Congress, National Awami Party
ৰাজনৈতিক আন্দোলন Indian Independence Movement
ধৰ্ম ইছলাম

খান আব্দুল গফুৰ খান(ইংৰাজী: Khan Abdul Ghaffar Khan) (১৮৯০-১৯৮৮) আছিল এজন পাছতুন ৰাজনীতিবিদ আৰু ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অহিংসা আন্দোলনত ভাগ লোৱা এজন ধৰ্মীয় নেতা। তেখেতে ১৯৪২ চনৰ আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় অংশগ্ৰহনকাৰী আছিল। তেখেতে আজীৱন অহিংসাৰ পথত চলা ধাৰ্মিক মুছলমান আছিল আৰু মহাত্মা গান্ধীৰ নিকট বন্ধু আছিল।[1] তেখেতক ফকৰ-এ-আফগান (আফগানৰ গৌৰৱ), বাদশ্বাহ খান (ৰজা খান) আৰু ছৰহদী গান্ধী (সীমান্তৰ গান্ধী) উপাধিৰেও জনা গৈছিল। ১৯৮৭ চনত ভাৰতৰ নাগৰিকত্ব নথকাকৈয়ে তেখেতক সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত-ৰত্নৰে বিভূষিত কৰা হয়।[2]

জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]

গফুৰ খানৰ জন্ম হয় ১৮৯০ চনত পেছোৱাৰৰ পৰা ত্ৰিশ মাইল দূৰত থকা উতমানজায় গাঁৱত। তেওঁৰ আব্বাজানৰ নাম আছিল খান বাহাৰাম খান। বাহাৰাম খান এজন প্ৰতিপত্তিশালী জমিদাৰ আছিল।[2]

শিক্ষা জীৱন[সম্পাদনা কৰক]

গফুৰ খানক মাত্ৰ পাঁচ বছৰ বয়সতে মোক্তাব বিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। কম দিনৰ ভিতৰতে তেওঁ কোৰাণ শ্বৰীফ কণ্ঠস্থ কৰি হাফিজ হোৱাৰ দক্ষতা দেখুৱাইছিল। মোক্তাৱ পাছ কৰাৰ পিছত, তেওঁক এখন ইংৰাজী বিদ্যালয়ত নাম লগাই দিয়া হৈছিল। সৰুতে গফুৰ খান বাদচাহ খান নামেও জনাজাত আছিল। তেওঁ পেছোৱাৰ স্কুলৰ পৰা পিছত কেমবেলপুৰলৈ হাইস্কুলত পঢ়িবলৈ গৈছিল। ইয়াৰ পিছত উচ্চ শিক্ষা লবলৈ আলগড়লৈ যায়। কিন্তু মাক-পিতাকৰ অনুমতি নোলোৱাকৈ তেওঁ পঢ়া-শুনা বাদ দি সেনা বাহিনীত যোগদান কৰে। কিন্তু এই কামতো তেওঁ শান্তি নাপালে। এদিন তেওঁ চাকৰি বাদ দি ওলাই আহিল।[2]

কৰ্ম জীৱন[সম্পাদনা কৰক]

খান আব্দুল গফুৰ খানৰ পঢ়া-শুনাত আধৰুৱা কৰি এদিন পৰিয়ালৰ অজ্ঞাতেই সামৰিক বাহিনীত যোগদান কৰিছিল। কিছুদিনৰ পিছত সেই চাকৰিও বাদ দি ওলাই আহিছিল। তাৰ পিছত তেওঁ নিজ গাঁৱতেই সমাজৰ পৰা নিৰক্ষৰতা দূৰ কৰাৰ অভিযান চলালে। কেইজনমান বন্ধু-বান্ধৱৰ সহযোগত তেওঁ দাৰুল-ইলিম নামে এটা শিক্ষা সংগঠনৰ জন্ম দিলে আৰু ১৯১০ চনত তেওঁ উতমানজেয়ত এখন বিদ্যালয় স্থাপন কৰিলে। সেইসময়ত বৃটিছ চৰকাৰে জনসাধাৰণক কৰা অন্যায়-অত্যাচাৰ, অত্পীড়ন আৰু কঠোৰ শাসনত তেওঁৰ মন বিদ্ৰোহী হৈ পৰিল। ১৯১৯ চনত ৰাওলাট এক্ট প্ৰৱৰ্তন কৰাত, এই ৰাওলাট এক্টৰ বিৰুদ্ধে গফুৰ খানে জনসাধাৰণক উত্তেজিত কৰি তুলিছিল। চৰকাৰে সেইবাবে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। ১৯২০ চনত হোৱা অসহযোগ আন্দোলনলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱাত তেওঁক চৰকাৰে পুনৰ গ্ৰেপ্তাৰ কৰি তিনিবছৰ সশ্ৰম কাৰাদণ্ড বিহিছিল। ১৯২৪ চনত তেওঁ কাৰাগাৰৰ পৰা মুকলি হোৱাত, জনসাধাৰণে তেওঁক ফখৰে আফগান অৰ্থাত্ পাঠান জাতিৰ গৌৰৱ আখ্যা দিছিল। ১৯২৬ চনত তেওঁ আৰৱ দেশৰ মক্কালৈ হজ কৰিবলৈ যায়, তেতিয়াই তেওঁ চুয়েজ বন্দৰ হৈ জেৰুজালেম, পেলেষ্টাইন, লেবানন, চিৰিয়া , ইৰাক আদি প্ৰসিদ্ধ ঠাইসমূহো ভ্ৰমণ কৰিছিল। ১৯২৮ চনত তেওঁ পাখতুন নামেৰে এখন বাতৰি কাকত উলিয়াই সীমান্ত প্ৰদেশৰ মানুহক জাতীয়তাবাদী ভাবধাৰাৰে বান্ধ খুৱাবলৈ সমৰ্থ হয় আৰু কাকতখনে ৰাইজৰ যথেষ্ট সমাদৰ পায়। গফুৰ খানৰ এনেকাৰ্যৰ শংকিত হৈ চাৰকাৰে পুনৰ তেওঁক ১৯২৯ চনত গ্ৰেপ্তাৰ কৰে। এইবাৰ তেওঁ জেলত থাকোতেই বিভিন্ন সময়ত লালা লাজপত ৰায়, মানিকলাল খান, আগা চফধৰ, ডাক্তৰ পানচাৰী, জাফৰ আলী খান, মুফতি কেফায়াতুল্লা, আলী গুলমান, পণ্ডিত জগতৰামক লগ পায়। ১৯৩৪ চনত মহাত্মা গান্ধীয়ে বিদেশী বস্ত্ৰ বৰ্জনৰ বাবে দিয়া আন্দোলনতো তেওঁ সক্ৰিয় হোৱাৰ বাবে চৰকাৰে পুনৰ কাৰাবৰণ দিছিল। পিছত তেওঁ গান্ধীজীৰ আমন্ত্ৰন ক্ৰমে ৱাৰ্দ্ধালৈ যায় আৰু মহাত্মাৰ লগতে থাকিবলৈ লয়। ১৯৩৪ চনত ভাৰতৰ জাতীয় কংগ্ৰেছৰ অধিবেশন বহে আৰু এই অধিবেশনৰ বাবে সভাপতি নিৰ্বাচন কৰে সীমান্ত কেশৰী গফুৰ খানক। ইয়াৰ পিছত তেওঁ বংগদেশ, বোম্বাই আদিকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তলৈ গৈ স্বাধীনতা আন্দোলনৰ বাখ্যা দাঙি ধৰে। বিয়াল্লিছৰ আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনত তেওঁ উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত গফুৰ খানে নেতৃত্ব দিছিল বাবে পুলিচ ইন্সপেষ্টৰ খুৰছিদে তেওঁক লাঠিৰে কোৱাই দুডাল কামি হাড় ভাঙি দিছিল আৰু জেলত ভৰাই ৰাখিছিল। ১৯৪৫ চনত জেলৰ পৰা পুনৰ মুক্তি লাভিছিল। ১৯৪৬ চনত অবিভক্ত ভাৰতৰ প্ৰাদেশিক বিধান সভাৰ নিৰ্বাচনত বিদ্ৰোহী পাঠান আব্দুল গফুৰ খানে প্ৰতিনিধিত্ব কৰি কংগ্ৰেছক জয়যুক্ত কৰে। ১৯৪৬ চনৰ ২৬ আগষ্টত মুছলীম লীগে পৃথক গৃহ-ভূমি আৰ্থাত্ পাকিস্থানৰ দাবী জনায়। ১৯৪৭ চনৰ ৩ জুনত গৱৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্ট বেটেনে ভাৰতক দ্বি-খণ্ডিত কৰাৰ মত বিচাৰি আহ্বান জনায়। কিন্তু এই ভাৰতক দ্বি-খণ্ডিত কৰাৰ প্ৰস্তাৱক মহাত্মা গান্দী আৰু আব্দুল গফুৰ খানে তীব্ৰ প্ৰতিবাদ জনাই। তেওঁলোকৰ প্ৰতিবাদকো নেওচি পাকিস্তানৰ জন্ম হল।[2]


মৃত্যু[সম্পাদনা কৰক]

খান আব্দুল গফুৰ খানৰ ১৯৮৮ চনত পৰলোক প্ৰাপ্তি ঘটে।

পুৰস্কাৰ প্ৰাপ্ত বঁটা[সম্পাদনা কৰক]

  1. ভাৰত ৰত্ন, (১৯৮৭)[3]
  2. নেহৰু বঁটা, (Jawaharlal Nehru Award for International Understanding) (১৯৬৯)[4]

উপাধি[সম্পাদনা কৰক]

  1. ফকৰ-ই- আফগান,
  2. ফখৰে পাঠান,
  3. গান্ধী -এ-চৰহাদ,
  4. সীমান্ত গান্ধী,
  5. সীমান্ত কেশৰী,
  6. বাদশ্বাহ খান।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. An American Witness to India's Partition by Phillips Talbot Year (2007) Sage Publications ISBN 978-0-7619-3618-3
  2. 2.0 2.1 2.2 2.3 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ৭৬,৭৭,৭৮. 
  3. Abdul Ghaffar Khan, 98, a Follower of Gandhi (January 21, 1988) New York Times. Retrieved January 21, 2008
  4. "List of the recipients of the Jawaharlal Nehru Award". ICCR website. http://www.iccrindia.net/jnawardlist.html. 

গ্ৰন্থ সংযোগ[সম্পাদনা কৰক]

  • Habib, Irfan (September–October 1997). "Civil Disobedience 1930–31". Social Scientist (Social Scientist) খণ্ড 25 (9–10): 43. doi:10.2307/3517680. 
  • Johansen, Robert C. (1997). "Radical Islam and Nonviolence: A Case Study of Religious Empowerment and Constraint Among Pashtuns". Journal of Peace Research খণ্ড 34 (1): pp. 53–71. doi:10.1177/0022343397034001005. 
  • Caroe, Olaf. 1984. The Pathans: 500 B.C.-A.D. 1957 (Oxford in Asia Historical Reprints)." Oxford University Press. ISBN 0-19-577221-0
  • Khan Abdul Ghaffar Khan (1969). My life and struggle: Autobiography of Badshah Khan (as narrated to K.B. Narang). Translated by Helen Bouman. Hind Pocket Books, New Delhi.
  • Rajmohan Gandhi (2004). Ghaffar Khan: non-violent Badshah of the Pakhtuns. Viking, New Delhi. ISBN 0-670-05765-7.
  • Eknath Easwaran (1999). Nonviolent Soldier of Islam: Ghaffar Khan, a man to match his mountains. Nilgiri Press, Tomales, CA. ISBN 1-888314-00-1
  • Khan Abdul Ghaffar Khan: A True Servant of Humanity by Girdhari Lal Puri pp 188–190.
  • Mukulika Banerjee (2000). Pathan Unarmed: Opposition & Memory in the North West Frontier. School of American Research Press. ISBN 0-933452-68-3
  • Pilgrimage for Peace: Gandhi and Frontier Gandhi Among N.W.F. Pathans, Pyarelal, Ahmedabad, Navajivan Publishing House, 1950.
  • Tah Da Qam Da Zrah Da Raza, Abdul Ghaffar Khan, Mardan [Khyber-Pakhtunkhwa] Ulasi Adabi Tolanah, 1990.
  • Thrown to the Wolves: Abdul Ghaffar, Pyarelal, Calcutta, Eastlight Book House, 1966.


বাহ্যিক সংযোগ[সম্পাদনা কৰক]