সৰোজনী নাইডু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰোজনী নাইডু
Sarojini Naidu

১৯৪৬ চনত মুম্বাইত সৰোজনী নাইডুৰ এখন চিত্ৰ
জন্ম সৰোজনী চট্টোপাধ্যায়
১৩ ফেব্ৰুৱাৰী, ১৮৭৯
হায়দ্ৰাবাদ, হায়দ্ৰাবাদ ৰাজ্য, ভাৰত
মৃত্যু ২ মাৰ্চ, ১৯৪৯ (৭০ বছৰ)
লক্ষ্নৌ, উত্তৰ প্ৰদেশ, ভাৰত
পেচা কবি, লিখক, সমাজকৰ্মী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন কিংছ কলেজ লণ্ডন
গিৰটন কলেজ, কেমব্ৰিজ
দাম্পত্যসংগী ড° মুথয়ালা গোভিন্দ্ৰাজুলু
সন্তান জয়সূৰ্য, পদ্মজা, ৰণধীৰ, নীলৱাৰ আৰু লীলামণি


সৰোজনী নাইডু (ইংৰাজী: Sarojini Naidu) (১৩ ফেব্ৰুৱাৰী ১৮৭৯ – ২ মাৰ্চ ১৯৪৯) স্বকীয় বৈশিষ্ট্যৰে পৰিচিত এগৰাকী মহিলা যি কেৱল এগৰাকী স্বাধীনতা-কৰ্মীৰ লগতে এগৰাকী অনুভূতিপ্ৰৱণ কবি আছিল। তেখেতক ভাৰতীয় কোকিলা বা দ্য নাইটেঙ্গেল অৱ ইণ্ডিয়া নামেৰেও জনা যায়[1]। তেখেত একেধাৰে এগৰাকী দেশপ্ৰেমিক, ৰাজনীতিবিদ, প্ৰশাসনিক দক্ষতাসম্পন্ন, বক্তা, সমাজকৰ্মী, গৃহিণী আছিল।


জন্ম[সম্পাদনা কৰক]

১৮৭৯ চনৰ ১৩ ফেব্ৰুৱাৰীত ভাৰতহায়দ্ৰাবাদ চহৰৰ এটা হিন্দু পৰিয়ালত তেখেতে জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃ অঘৰনাথ চট্টোপাধ্যায় আছিল এগৰাকী বিজ্ঞানী তথা দাৰ্শনিক। তেওঁ ইংৰাজী তথা নাৰী শিক্ষাৰ পৃষ্ঠপোষকো আছিল। মাতৃ বৰদা সুন্দৰী দেৱী আছিল এগৰাকী প্ৰখ্যাত বাংলা কবি। আঠটি সন্তানৰ মাজত সৰোজনী দেৱী আছিল জ্যেষ্ঠ। তেওঁলোক ডাঙৰ-দীঘল হোৱা ঘৰখন বুদ্ধিজীৱী, কবি, দাৰ্শনিক আৰু পৰিৱৰ্তনকামী ব্যক্তিৰে ভৰা আছিল। সেয়ে সৰোজিনী নাইডুৱে অনুভৱ কৰিছিল যে তেওঁ ভাৰতীয় হিচাপে ডাঙৰ হৈছে, হিন্দু অথবা ব্ৰাহ্মণ হিচাপে নহয়।

শিক্ষা[সম্পাদনা কৰক]

সৰোজনী এগৰাকী বিদূষী মহিলা আছিল। তেখেতে মাথোঁ ১২ বছৰ বয়সতে মেট্ৰিক পৰীক্ষাত মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ অধীনত শীৰ্ষস্থান দখল কৰে। তেওঁ কেইবাটাও ভাষা যেনে- উৰ্দু, তেলেগু, ইংৰাজী, বেংগলী আৰু পাৰ্চী ভাষা আয়ত্ত কৰিছিল[2]। পিতৃয়ে তেখেত অংকশাস্ত্ৰজ্ঞ অথবা বিজ্ঞানী হোৱাটো বিচৰাৰ বিপৰীতে সৰোজনী নাইডু হ’ব বিচাৰিছিল এগৰাকী কবি। হায়দৰাবাদৰ নবাবে সৰোজনীৰ লিখনিত সন্তুষ্ট হৈ বিদেশত পঢ়িবলৈ জলপানিৰ ব্যৱস্থা কৰি দিয়াত মাথোঁ ১৬ বছৰ বয়সতে সৰোজনীয়ে ইংলেণ্ডৰ King’s College-অত নামভৰ্তি কৰে[3]। পিছত কেমব্ৰিজৰ Girton College আৰু কেমব্ৰিজৰ গিৰটন কলেজত শিক্ষাগ্ৰহণ কৰে[4]। তাতে তেওঁ সেই সময়ৰ বিশিষ্ট ব্যক্তি, যেনে- আৰ্থাৰ চাইমন আৰু এডমাণ্ড গউচেচৰ সাণ্ণিধ্যলৈ আহে। গউচেচে সৰোজনীক নিজৰ দেশৰ পৰ্বত, নদী, সমাজৰ লগত মিলি কবিতা সৃষ্টি কৰিবলৈ উৎসাহিত কৰিছিল।

সংসাৰ[সম্পাদনা কৰক]

তেওঁৰ ১৫ বছৰ বয়সতে দক্ষিণ ভাৰতৰ ড৹ গোবিন্দৰাজুলু নাইডু নামৰ এজন চিকিৎসকৰ সৈতে প্ৰেম হয়। কিন্তু তেওঁ ব্ৰাহ্মণ নাছিল। সেই সময়ত জাতিভেদ প্ৰথা প্ৰবল আছিল যদিও পিতৃৰ পূৰ্ণ সমৰ্থনত এইগৰাকী অব্ৰাহ্মণ লোকৰ সৈতে ১৯ বছৰ বয়সত সৰোজনী নাইডুৰ বিয়া হয়। বিবাহিত জীৱনত সুখী সৰোজনী নাইডু চাৰিটা সন্তানৰ মাতৃ আছিল, তেওঁলোক হ’ল জয়সূৰ্য, পদ্মজা, ৰণধীৰ, নীলৱাৰ আৰু লীলামণি।

কৰ্মক্ষেত্ৰ[সম্পাদনা কৰক]

সৰিজনী নাইডু (সোঁফালে) আৰু লগত মহাত্মা গান্ধী ১৯৩০ চনৰ সত্যাগ্ৰহ আন্দোলনত

১৯০৫ চনত বেংগল বিভক্ত হোৱাৰ সময়ত সৰোজনীয়ে ভাৰতীয় জাতীয় আন্দোলনত যোগদান কৰে। সেই সময়ত তেখেত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, মহম্মদ আলী জিন্না, ৰবীন্দ্ৰনাথ ঠাকুৰ, গোপাল কৃষ্ণ গোখলে, এনি বেচান্ট ইত্যাদিৰ সংস্পৰ্শলৈ আহে। সেই সময়ৰ মহিলাক সজাগ কৰি পাকঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে তেখেতে চহৰৰ পৰা চহৰলৈ, ৰাজ্যৰ পৰা ৰাজ্যলৈ কেৱল নাৰীৰ অধিকাৰৰ দাবীত ভ্ৰমণ কৰিছিল। ভাৰতীয় নাৰীৰ আত্মবিশ্বাসৰ ধাৰা সৰোজনী নাইডুৱে পুণৰ স্থাপন কৰিছিল।

১৯২৫ চনত কানপুৰৰ ভাৰতীয় কংগ্ৰেছৰ বছৰেকীয়া অধিৱেশনত সৰোজনী নাইডুৱে সভাপতিত্ব কৰিছিল। তেখেতে আইন অমান্য আন্দোলনত মুখ্য ভূমিকা গ্ৰহণ কৰে আৰু গান্ধীজী তথা অন্যান্য প্ৰতিনিধিসকলৰ সৈতে কাৰাগাৰৰ বন্দীত্ব গ্ৰহণ কৰে। ১৯৪২ চনত তেওঁ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি গান্ধীজীৰ সৈতে ২১মাহ কাৰাবাস খাটে। গান্ধীজীৰ সৈতে তেখেতৰ সুন্দৰ সম্পৰ্ক আছিল আৰু গান্ধীজীক ‘মিকি মাউচ’ বুলি সম্বোধন কৰিছিল। প্লেগ মহামাৰীৰ সময়ত এইগৰাকী মহিয়সী নাৰীৰ সেৱাসুলভ অংশগ্ৰহণৰ বাবে ‘কেইশৰ-ই-হিন্দ’ সন্মান প্ৰদান কৰা হয়। দেশে স্বাধীনতা লাভ কৰাৰ পাছত তেওঁ উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰূপে নিয়োজিত হয়। তেওঁ আছিল দেশৰ প্ৰথম মহিলা ৰাজ্যপাল

সাহিত্যকৰ্ম[সম্পাদনা কৰক]

তেখেতৰ কবিতাত শব্দৰ সুন্দৰ প্ৰয়োগ দেখা যায়। মহৰ্ষি অৰবিন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, জৱাহৰলাল নেহৰু আদি তেওঁৰ কবিতাৰ গুণমুগ্ধ। গোপাল কৃষ্ণ গোখলেই তেখেতৰ সুন্দৰ কাব্য প্ৰতিভাক ভাৰত মাতৃৰ স্বাধীনতাৰ বাবে প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছিল। সৰোজনী নাইডুৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহ হ’ল:

  1. Golden Threshold[5]
  2. The Bird of Times[6]
  3. The Broken Wings[6][7]
  4. The Magic Tree
  5. The Wizard Mark
  6. A treasury of poems.

ইয়াৰে ১৯০৫ চনত প্ৰকাশিত ‘Golden Threshold’ৰ বাবে তেখেত বুল বুলে হিন্দ নামেৰে সন্মানিত হয়।

বিখ্যাত কবিতাসমূহ[সম্পাদনা কৰক]

  • Autumn Song
  • Damayante to Nala in the Hour of Exile
  • Ecstasy
  • Indian Dancers
  • The Indian Gypsy
  • Indian Love-Song
  • Indian Weavers
  • In Salutation to the Eternal Peace
  • In the Forest
  • In the Bazaars of Hyderabad
  • Leili
  • Nightfall in the City of Hyderabad
  • Palanquin Bearers
  • The Pardah Nashin
  • Past and Future
  • The Queen's Rival
  • The Royal Tombs of Golconda
  • The Snake-Charmer
  • Song of a Dream
  • The Soul's Prayer
  • Suttee
  • To a Buddha Seated on a Lotus
  • To the God of Pain
  • Wandering Singers
  • Street Cries

মৃত্যু[সম্পাদনা কৰক]

১৯৪৯ চনৰ ২ মাৰ্চত এইগৰাকী মহান ব্যক্তিৰ মহাপ্ৰয়াণ ঘটে। মনে প্ৰাণে ভাৰতীয় সৰোজনী নাইডু নাৰী সমাজৰ গৌৰৱ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Colors of India". First Woman Governor of a State in India. http://www.thecolorsofindia.com/interesting-facts/government/first-woman-governor-of-a-state-in-india.html। আহৰণ কৰা হৈছে: 25 March 2012. 
  2. Gibson, edited by Mary Ellis. Anglophone poetry in colonial India, 1780-1913 : a critical anthology. প্ৰকাশক Athens: Ohio University Press. পৃষ্ঠা. 4. ISBN 9780821419427. http://books.google.co.in/books?ei=IMhuT_CgIYTorQfF9r2gDg&id=L21oPitEqIUC&dq=Sarojini+Naidu+learned+to+speak+Urdu%2C+Telugu%2C+English%2C+Persian+and+bengali&q=Naidu#v=snippet&q=Naidu&f=false. 
  3. "Live India". 
  4. Shashi, editor-in-chief Padmashri S.S. (2007). Encyclopaedia Indica : India, Pakistan, Bangladesh (1st ed. সম্পাদনা). প্ৰকাশক New Delhi: Anmol Publications. পৃষ্ঠা. 72. ISBN 9788170418597. http://books.google.co.in/books?id=r_0vAQAAIAAJ&q=Impressed+by+her+play+Maher+Muneer+,+the+Nizam+of+Hyderabad+gave+her+scholarship+to+study+abroad&dq=Impressed+by+her+play+Maher+Muneer+,+the+Nizam+of+Hyderabad+gave+her+scholarship+to+study+abroad&hl=en&sa=X&ei=5shuT5eZMNHirAeW14GhDg&ved=0CDAQ6AEwAA. 
  5. Knippling, Alpana Sharma, "Chapter 3: Twentieth-Century Indian Literature in English", in Natarajan, Nalini, and Emanuel Sampath Nelson, editors, Handbook of Twentieth-century Literatures of India (Google books link), Westport, Connecticut: Greenwood Publishing Group, 1996, ISBN 978-0-313-28778-7, retrieved December 10, 2008
  6. 6.0 6.1 Vinayak Krishna Gokak, The Golden Treasury Of Indo-Anglian Poetry (1828-1965), p 313, New Delhi: Sahitya Akademi (1970, first edition; 2006 reprint), ISBN 81-260-1196-3, retrieved August 6, 2010
  7. Sisir Kumar Das, "A History of Indian Literature 1911-1956: Struggle for Freedom: Triumph and Tragedy", p 523, New Delhi: Sahitya Akademi (1995), ISBN 81-7201-798-7; retrieved August 10, 2010

বাহ্যিক সংযোগ[সম্পাদনা কৰক]