ৰবীন্দ্ৰনাথ ঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰবীন্দ্ৰনাথ ঠাকুৰ Nobel prize medal.svg

১৯১৫ চনত কলিকতাত ৰবি ঠাকুৰ
জন্ম মে ৭ ১৮৬১
কলিকতা, ব্ৰিটিছ ভাৰত
মৃত্যু আগষ্ট ৭ ১৯৪১
কলিকতা, ব্ৰিটিছ ভাৰত
পেচা কবি, নাট্যকাৰ, দাৰ্শনিক, সংগীত নিৰ্মাতা, চিত্ৰকৰ, গল্পকাৰ
সময় বাংলাৰ পুনৰ্জাগৰণ


স্বাক্ষৰ

ৰবীন্দ্ৰনাথ ঠাকুৰ (৭ মে, ১৮৬১ - ৭ আগষ্ট, ১৯৪১) (২৫ বহাগ, ১২৬৮ - ২২ শাওন, ১৩৪৮ বঙ্গাব্দ) বাংলা সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে বাংলা সাহিত্যত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰে। তেখেতৰ গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত তেওঁ এচিয়া মহাদেশৰ প্ৰথম ব্যক্তি হিচাবে [1] নোবেল পুৰস্কাৰ লাভ কৰে। তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰে বাংলা ভাষা আৰু সংস্কৃতি সমৃদ্ধ । বিশ্বৰ বাংলা ভাষাভাষীসকলৰ মাজত তেওঁ বিশ্বকবি, কবিগুৰু আৰু গুৰুদেৱ নামেৰে প্ৰসিদ্ধ । তেওঁ বিশ্বৰ একমাত্ৰ কবি যি দুখনকৈ দেশৰ জাতীয় সঙ্গীত ৰচনা কৰিছে। বাংলাদেশৰ জাতীয় সঙ্গীত আমাৰ সোনাৰ বাংলা আৰু ভাৰতৰ জাতীয় সঙ্গীত জন গণ মন দুয়োটাৰে ৰচয়িতাই ৰবীন্দ্ৰনাথ। বাংলা ভাষা-সাহিত্য, শিল্প কলা আৰু শিল্প চেতনা ৰবীন্দ্ৰনাথৰ হাতত নতুনকৈ নিৰ্মিত হৈছে বুলি কোৱা যায়।

ব্ৰাহ্মণ সমাজৰ অন্তৰ্গত ৰবীন্দ্ৰনাথে তেওঁৰ জীবনৰ প্ৰথম কবিতা লিখিছিল মাত্ৰ আঠ বছৰ বয়সত। ১৮৭৭ চনত মাত্ৰ ১৬ বছৰ বয়সতে তেওঁ প্ৰথম চুটি গল্প আৰু নাটক লিখে। ইয়াৰ আগেয়েই তেওঁ ভানুসিংহ ছদ্মনামেৰে কিছু কাব্য সৃষ্টি কৰিছিল। পাৰিবাৰিক শিক্ষা, শিলাইদহৰ জীৱন আৰু প্ৰচুৰ ভ্ৰমণ অভিজ্ঞতাই তেওঁক প্ৰথাবিৰুদ্ধ আৰু প্ৰয়োগবাদী হিচাবে গঢ়ি উঠাত সহায় কৰিছিল। তেওঁ ব্ৰিটিছ শাসনৰ প্ৰবল বিৰোধিতা কৰিছিল আৰু মহাত্মা গান্ধীৰ নেতৃত্বৰে পৰিচালিত ভাৰতীয় স্বাধীনতা আন্দোলনক সমৰ্থন কৰিছিল। তেওঁৰ সমগ্ৰ পৰিয়ালৰ বিলুপ্তি আৰু বঙ্গ-ভঙ্গৰ নিদৰ্শন তেওঁৰ সন্মুখতেই ঘটিছিল। এইফালৰ পৰা তেওঁৰ জীৱনটো দুখৰ বুলি ক’ব পাৰি। কিন্তু তেওঁৰ কবিতা, অন্যান্য সাহিত্য আৰু বিশ্বভাৰতীৰ প্ৰতিষ্ঠাই তেওঁৰ জীৱনক যি মহিমা প্ৰদান কৰিছে সেয়া আজীৱন স্মৰণীয় হৈ থাকিব।

জীবনী[সম্পাদনা কৰক]

প্ৰাথমিক জীৱন (১৮৬১–১৯০১)[সম্পাদনা কৰক]

১৮৭৯ চনত ইংলেণ্ডত অধ্যয়নৰত ৰবীন্দ্ৰনাথ

ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ কলকাতাৰ জোড়াসাঁকোৰ বিখ্যাত ঠাকুৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। পিতৃ দেবেন্দ্ৰনাথ ঠাকুৰ আৰু মাতৃ সাৰদা দেবীৰ ১৪ টা সন্তানৰ মাজত ১৩ নম্বৰজন আছিল ৰবীন্দ্ৰনাথ [2] । তেওঁৰ সৰুতে মতা নাম আছিল ৰবি। ১১ বছৰ বয়সত তেওঁৰ লগুণদিয়নী সম্পন্ন হোৱাৰ পাচত ১৮৭৩ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে ৰবীন্দ্ৰনাথে পিতৃৰ লগত ভাৰত ভ্ৰমণৰ উদ্দেশ্যে যাত্ৰা কৰে। তেওঁ ভ্ৰমণ কৰা ভাৰতৰ বিভিন্ন ঠাইসমূহৰ ভিতৰত আাছিল তেওঁৰ পৈতৃক সম্পত্তি থকা শান্তিনিকেতন , অমৃতসৰ আৰু বৰ্তমান হিমাচল প্ৰদেশৰ শৈলনগৰী ডেলহাউচি। তাতে তেওঁ বিভিন্ন ব্যক্তিৰ জীৱনী পঢ়িল, অধ্যয়ন কৰিলে ইতিহাস, জ্যোতিৰ্বিজ্ঞান, আধুনিক বিজ্ঞান আৰু সংস্কৃত। একেলগে তেওঁলোকে কালিদাসৰ ধ্ৰুপদী কাব্যৰ বিভিন্ন পৰ্যালোচনা কৰিলে [3][4]। ১৮৭৭ চনত তেওঁৰ প্ৰথম সাহিত্যকৰ্ম প্ৰকাশিত হয়। ইয়াৰ মাজত আছিল মৈথিলি শৈলীত লিখা কিছু সুদীৰ্ঘ কবিতা। এই ধৰণৰ কবিতা প্ৰথম লিখিছিল কবি বিদ্যাপতিয়ে। এইলানি কবিতা সম্পৰ্কে তেওঁ উল্লেখ কৰিছে যে, এইবিলাক হৈছে ভানুসিংহৰ(সপ্তদশ শতাব্দীৰ বৈষ্ণৱ কবি) হেৰাই যোৱা কাব্য-সংগ্ৰহ [5]। সেই একে বছৰতে তেওঁ লিখে ভিক্ষাৰিনী নামৰ গল্পটি, যি বাংলা সাহিত্যৰ প্ৰথম চুটি গল্পৰ মৰ্যদা লাভ কৰিছে [6][7] । ১৮৮২ চনত তেওঁৰ বিখ্যাত কাব্যগ্ৰন্থ সন্ধ্যা সংগীত প্ৰকাশিত হয়। "নিৰ্ঝৰেৰ স্বপ্নভঙ্গ" নামৰ বিখ্যাত কবিতাটি এই কাব্যগ্ৰন্থৰে অন্তৰ্গত।

১৮৮৩ চনত পত্নী মৃণালিনী দেবীৰ সৈতে ৰবীন্দ্ৰনাথ

১৮৭৮ চনত বেৰিষ্টাৰ হোৱাৰ উদ্দেশ্যে ৰবীন্দ্ৰনাথে ইংলেণ্ডলৈ যাত্ৰা কৰে। তাত ব্ৰাইটনৰ এখন পাব্লিক স্কুলত তেওঁ নামভৰ্তি কৰে। তাৰপিছত তেওঁ ইউনিভাৰ্চিটি কলেজ লণ্ডনত পঢ়াশুনা কৰে। ১৮৮০ চনত তেওঁ কোনো ডিগ্ৰি লাভ নকৰাকৈ ভাৰতলৈ ঘূৰি আহে। ১৮৮৩ চনত তেওঁ মৃণালিনী দেবীক বিয়া কৰায়। জন্মৰ সময়ত মৃণালিনীৰ ঘৰত মতা নাম আছিল ভৱতাৰিণী (১৮৭৩ - ১৯০২)। তেওঁলোকৰ পাঁচটি সন্তানৰ জন্ম হৈছিল যদিও তাৰ মাজতে দুটি শিশুকালতেই মৃত্যুৰ মুখত পৰে।[8] । ১৮৯০ চনৰপৰা ৰবীন্দ্ৰনাথে শিলাইদহত থকা তেওঁৰ পৈতৃক সম্পত্তি চোৱাচিতা কৰাৰ দায়িত্ব গ্ৰহণ কৰে। এইখিনি সময়ত তেওঁ "জমিদাৰ বাবু" নামেৰে পৰিচিত আছিল। এইছোৱা সময়তে ৰবীন্দ্ৰনাথে অনেক গল্প ৰচনা কৰে। তেওঁৰ তিনিটা খণ্ডত ৰচিত বিখ্যাত গল্প সংকলন গল্পগুচ্ছৰ (য'ত মুঠ ৮৪টা চুটি গল্প আছে) প্ৰায় আধাসংখ্যক গল্প এইখিনি সময়তেই তেওঁ ৰচনা কৰে। [6] । এই গল্পসমূহত ব্যঙ্গ তথা আবেগৰ সমন্বয়ত গ্ৰামীণ বাংলাৰ সঠিক চিত্ৰ নিপুণভাবে ফুটি উঠিছে।[9]

শান্তিনিকেতন (১৯০১-১৯৩২)[সম্পাদনা কৰক]

১৯০১ চনত ৰবীন্দ্ৰনাথে শিলাইদহ ত্যাগ কৰি শান্তিনিকেতনৰ উদ্দেশ্যে যাত্ৰা কৰে। তেওঁৰ শান্তিনিকেতনলৈ যোৱাৰ মূল উদ্দেশ্য আছিল এখন আশ্ৰম স্থাপন কৰা। এই আশ্ৰমত তেওঁ গঢ়ি তোলে এটি মাৰ্বল পাথৰেৰে সুশোভিত মন্দিৰ, এখন বিদ্যালয়, বাগিচা আৰু গ্ৰন্থাগাৰ[10]। এইছোৱা সময়তেই তেওঁৰ পত্নী আৰু দুটা সন্তানৰ পৰলোকপ্ৰাপ্তি হয়। ১৯০৫ চনৰ জানুৱাৰী মাহৰ ১৯ তাৰিখে তেওঁৰ পিতৃ দেবেন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু ঘটে। ইতিমধ্যে তেওঁৰ সাহিত্যকৰ্মই দেশে-বিদেশে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।১৯০১ চনত তেওঁৰ নৈবেদ্য কাব্যপুথি আৰু ১৯০৬ চনত খেয়া নামৰ কাব্যপুথি প্ৰকাশিত হয়। ১৯১৩ চনৰ নৱেম্বৰ মাহত তেওঁ "গীতাঞ্জলী" কাব্যপুথিৰ বাবে সাহিত্যৰ নোবেল বটা লাভ কৰে।

১৯২১ চনত ৰবীন্দ্ৰনাথে কৃষি অৰ্থনীতিবিদ লিওনাৰ্ড কে এল্‌মহাৰ্স্টৰ লগত মিলি শান্তিনিকেতনৰ সমীপত অৱস্থিত সুৰুল নামৰ গাঁৱত পল্লী পুনৰ্নিমাণ সংস্থা নামৰ এটা প্ৰতিষ্ঠান গঢ়ি তোলে। পিছত তেওঁ এই প্ৰতিষ্ঠানটোৰ নাম সলনি কৰি "শ্ৰীনিকেতন" ৰাখে। এই "শ্ৰীনিকেতন"ৰ মাধ্যমেৰে ৰবীন্দ্ৰনাথে মহাত্মা গান্ধী পৰিচালিত স্বাধীনতা আন্দোলনৰ এটি বিকল্প ব্যৱস্থা প্ৰতিষ্ঠাৰ চেষ্টা কৰিছিল। [11]। এই প্ৰতিষ্ঠানত তেওঁ দেশ-বিদেশৰ বিভিন্ন পণ্ডিত আৰু বিদ্বান লোকৰ সহযোগত গাঁৱৰ লোকসকলক বিনামূলীয়া শিক্ষা দিয়াৰ প্ৰয়াস কৰিছিল।[12][13]। ১৯৩০ৰ দশকত তেওঁ ভাৰতবৰ্ষৰ অস্বাভাৱিক বৰ্ণবিভেদৰ বিষয়ে মতামত প্ৰকাশ কৰা আৰম্ভ কৰে। তেওঁ এই বৰ্ণবিভেদৰ বিৰূদ্ধে বক্তৃতা, কবিতা, নাটক আদিৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। মূলতঃ দলিতসকলক সমাজত অবাধ প্ৰৱেশাধিকাৰ দিয়াটোৱেই আছিল তেওঁৰ উদ্দেশ্য।

জনপ্ৰিয়তাৰ বছৰসমূহত (১৯৩২-১৯৪১)[সম্পাদনা কৰক]

১৯৪০ চনত শান্তিনিকেতনত মহাত্মা গান্ধীৰ সৈতে সাক্ষাৎৰত ৰবীন্দ্ৰনাথ।

জীৱনৰ অন্তিম দশকতো ৰবীন্দ্ৰনাথৰ সৃজনশীলতা অটুট আছিল। তেখেতৰ জনপ্ৰিয়তাও আছিল তুঙ্গত। ১৯৩৪ চনৰ ১৫ জানুৱাৰীত ভাৰতৰ বিহাৰ ৰাজ্যত হোৱা প্ৰলয়ংকাৰী ভূমিকম্প সম্বন্ধে মহাত্মা গান্ধী-য়ে কৈছিল যে 'এয়া দলিতসকলক বশীভূত কৰিবলৈ ঈশ্বৰৰ এক প্ৰতিশোধ'।[14] । ৰবীন্দ্ৰনাথে এই মন্তব্যৰ বাবে মহাত্মা গান্ধীক ৰাজহুৱা ভাৱে তিৰস্কাৰ কৰে। ঈয়াৰোপৰি বঙ্গৰ আৰ্থসামাজিক অৱস্থাৰ অৱনতি আৰু কলিকতাত দৰিদ্ৰতাৰ প্ৰাদুৰ্ভাৱৰ কাৰণে বিশেষ ভাৱে দুখ প্ৰকাশ কৰে। ১০০ শাৰীৰ এটা মিত্ৰাক্ষৰ বৰ্জিত কবিতাৰে তেখেতে নিজৰ বেদনাৰ বহিৰ্প্ৰকাশ কৰে। দ্বিমুখী চিন্তাধাৰাক উদ্বুদ্ধ কৰাৰ এই কৌশল পৰৱৰ্তী কালৰ সত্যজিত ৰায় পৰিচালিত অপুৰ সংসাৰ নামৰ চলচ্চিত্ৰত অনুসৰণ কৰা হয়।[15][16]। এই সময়ত ৰবীন্দ্ৰনাথৰ লেখাৰ এটা ১৫ খণ্ডৰ সংকলন প্ৰকাশ কৰা হয়। এই সংকলনৰ অন্তৰ্ভূক্ত আছিল "পুনশ্চ" (১৯৩২), "শেষ সপ্তক" (১৯৩৫) আৰু "পাত্ৰপুট" (১৯৩৬)। তেখেতে গদ্য-গান আৰু নৃত্যনাট্য ৰচনাৰ পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখে, আৰু ইয়াৰ মাজত আছেঃ "'চিত্ৰাঙ্গদা"" (১৯১৪)[17], "শ্যামা" (১৯৩৯) আৰু "চণ্ডালিকা" (১৯৩৮)। এই কালছোৱাত ৰছিত উপন্যাসসমূহ হৈছে "দুই বোন" (১৯৩৩), "মালঞ্চ" (১৯৩৪) আৰু "চাৰ অধ্যায়" (১৯৩৪)। জীৱনৰ শেষ সময়ত তেখেতে বিজ্ঞান সংক্ৰান্তীয় বিষয়ৰ প্ৰতি আগ্ৰহান্বিত হয় আৰু তাৰ প্ৰমাণ পোৱা যায় "বিশ্ব পৰিচয়" (১৯৩৭) নামৰ এটি প্ৰবন্ধ সংকলনত। তেখেতে জীৱবিজ্ঞান, পদাৰ্থবিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান অধ্যয়ণ কৰে আৰু তেখেতৰ সেই সময়ৰ কবিতা আৰু সাহিত্য-কৰ্মত বিজ্ঞানৰ প্ৰাকৃতিক নিয়মৰ প্ৰতি তেখেতৰ বোধগম্যতা ফুটি উঠে। এই সাহিত্যৰাজীত উচ্চমানৰ প্ৰকৃতিবাদ প্ৰস্ফুটিত হোৱা দেখা যায়। তেখেতৰ তিনিটা ভিন্ন গল্পত বৈজ্ঞানিক প্ৰক্ৰিয়াৰ বাখ্যা দিয়া আছে, এই গল্পকেইটা হ'লঃ "সে" (১৯৩৭), "তিন সঙ্গী" (১৯৪০) আৰু "গল্পসল্প"। (১৯৪১)[18]

জীৱনৰ শেষ চাৰি বছৰ ৰবীন্দ্ৰনাথৰ শৰীৰৰ বিভিন্ন স্থানত বিষ হৈছিল। ১৯৩৭ চনৰ শেষৰ পিনে তেখেতে চেতনা হেৰুৱায় আৰু ইয়াৰ পিছত এক দীঘলীয়া সময়ৰ বাবে তেখেত ক'মাত থাকে। তিনি বছৰ পাছত ১৯৪০ চনত তেখেতে আকৌ গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে আৰু ইয়াৰ পাছত তেখেত পুনৰাই সুস্থ নহ'ল। এইসময়ত ৰচিত কবিতাবোৰ তেখেতৰ জীৱনৰ অন্যতম প্ৰধান ৰচনা হিচাপে খ্যত হৈছে। কাৰণ এই কবিতাবোৰৰ মাজত তেখেতে মৃত্যুৰ দুৱাৰ-দলিত ভৰি দিয়াৰ আভাষ প্ৰস্ফুটিত হৈছিল। [19][20] দীঘলীয়া অসুস্থতাৰ অন্তত ১৯৪১ চনৰ ৭ আগষ্ট তাৰিখে (২২ শাওন, ১৩৪৮ বঙ্গাব্দ) জোৰাসাঁকোৰ ওপৰ মহলাৰ এটা কোঠাত তেখেতে প্ৰাণত্যাগ কৰে। এই ঘৰটোতেতে তেখেতে ডাঙৰ-দীঘল হৈছিল।[21][22] তেখেতৰ মৃত্যু বাৰ্ষিকী আজিও বিশ্বৰ সকলো প্ৰান্তৰ বাংলাভাষী লোকে গাম্ভীৰ্য সহকাৰে পালন কৰে।

ভ্ৰমণসমূহ[সম্পাদনা কৰক]

১৯২৪ খ্ৰীষ্টাব্দত চীংহুৱা বিশ্ববিদ্যালয়ত চৈনিক শিক্ষাবিদসকলৰ সৈতে ঠাকুৰ; সোঁফালৰপৰা মাজত।

ঠাকুৰৰ ভ্ৰমণৰ নিচা আছিল প্ৰখৰ। ১৮৭৮ চনৰ পৰা ১৯৩২ চনৰ মাজভাগলৈ তেওঁ পাঁচখন মহাদেশৰ ত্ৰিছখনৰো অধিক দেশ ভ্ৰমণ কৰিছিল। ইয়াৰ বহুতো ভ্ৰমণৰ উদ্দেশ্য আছিল ভাৰতৰ বাহিৰৰ অবাঙালী পঢ়ুৱৈ আৰু শ্ৰোতাসকলক তেখেতৰ সাহিত্য কৰ্মৰ সৈতে পৰিচয় কৰি দিয়া আৰু কেখেতৰ ৰাজনৈতিক আদৰ্শ প্ৰচাৰ কৰা। ১৯১২ চনত ইংলেণ্ডলৈ যোৱাৰ যাওঁতে তেখেতে এবাকচ কিতাপো লৈ গৈছিল আৰু এই কিতাপবোৰে বিভিন্ন মিচনেৰী ব্যক্তিত্ব, চাৰ্লচ এফ এণ্ড্ৰুজ, এংলো আইৰিচ কবি উইলিয়াম বাটলাৰ য়েটচ, এজৰা পাউণ্ড, ৰবাৰ্ট ব্ৰিজেছ, আৰ্নষ্ট ৰাইট প্ৰমুখ্যে বিভিন্ন ব্যক্তিক মুগ্ধ কৰিছিল। য়েটচে আনকি গীতাঞ্জলীৰ ইংৰাজী অনুবাদৰ ভূমিকাও লিখিছিল। এণ্ড্ৰুজে ভাৰতলৈ আহি শান্তি নিকেতনত তেখেতৰ সৈতে যোগ দিছিল। ১৯১৬ চনৰ ৩ মেৰ পৰা ১৯১৭ চনৰ এপ্ৰিল মাহ পৰ্যন্ত তেখেতে জাপান আৰু যুক্তৰাষ্ট্ৰত বক্তৃতা প্ৰদান কৰে। এই বক্তৃতাবোৰত তেখেতে বিশেষকৈ জাপানী এবং মাৰ্কিন জাতীয়তাবাদৰ নিন্দা কৰে। তেখেতে "ভাৰতত জাতীয়তাবাদ" শীৰ্ষক এটি প্ৰবন্ধ ৰচনা কৰে, য'ত ভাৰতীয় জাতীয়তাবাদৰ প্ৰতি বিদ্ৰুপ আৰু প্ৰশংসা উভয়েই আছিল। বিশ্বজনীন শান্তিবাদত বিশ্বাসীসকলে অৱশ্য ইয়াৰ প্ৰশংসা কৰিছিল। এইসকলৰ ভিতৰত এজন আছিল ৰোমাঁ ৰোঁলা। তাৰপৰা ভাৰতলৈ উভতি অহাৰ পিছতেই ৬৩ বছৰ বয়সীয়া ৰবীন্দ্ৰনাথে পেৰু চৰকাৰৰ আমন্ত্ৰণ মৰ্মে সেই দেশলৈ যায় আৰু একেলগে মেক্সিকোলৈ যোৱাৰ সুযোগো গ্ৰহণ কৰে। তেখেতৰ ভ্ৰমণৰ প্ৰতি সন্মান দেখুৱাই উভয় দেশৰ চৰকাৰে শান্তিনিকেতনৰ বিশ্বভাৰতীলৈ ১০০,০০০ মাৰ্কিন ডলাৰ অনুদান আগবঢ়ায়।

১৯২৪ চনৰ ৬ নবেম্বৰত ৰবীন্দ্ৰনাথে আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনচ আয়াৰচলৈ যায়। কিন্তু তালৈ যোৱাৰ মাত্ৰ এসপ্তাহৰ পিছতে তেখেত অসুস্থ হৈ পৰাত 'ভিক্টোৰিয়া ওকাম্পো'ত অবস্থিত Villa Miralrío লৈ যোৱা হয়। অসুস্থ ৰবীন্দ্ৰনাথ ১৯২৬ চনৰ জানুৱাৰী মাহত ভাৰতলৈ ওভতনি যাত্ৰা আৰম্ভ কৰে। সেই বছৰৰে ৩০ মেৰ দিনা তেখেত ইটালীৰ লেপলচ পায় আৰু পিছদিনাই ইটালীৰ ফেচীবাদী একনায়ক বেনিতো মুচলিনীৰ সৈতে সাক্ষাৎ কৰে। দুয়োৰো মাজত উষ্ণ সম্পৰ্ক বিৰাজমান আছিল। কিন্তু ১৯২৬ চনৰ ২০ জুলাইৰ দিনা ৰবীন্দ্ৰনাথে প্ৰথম মুচনিনীৰ বিৰুদ্ধে মুখ খোলে আৰু তাৰ ফলত দুয়োৰো মাজৰ সম্পৰ্কত ফাট মেলে।

১৯৩২ চনৰ এপ্ৰিল-মে মাহত ৰবীন্দ্ৰনাথে (প্ৰথম শাৰী, সোঁফালৰ পৰা তৃতীয়) ইৰানী মজলিচৰ সদস্যসকলৰ সৈতে সাক্ষাৎ কৰে।

১৯২৭ চনৰ ১৪ জুলাইত ৰবীন্দ্ৰনাথে দুজন সঙ্গীৰ সৈতে দক্ষিণ-পূব এচিয়া ভ্ৰমণলৈ যায়। তেখেতৰ ভ্ৰমণসূচীৰ ভিতৰত আছিল বালি, জাভা দ্বীপ, কুৱালালামপুৰ, মালাক্কা, পেনাং, চিয়াম আৰু চিঙ্গাপুৰ। তেখেতৰ এই সময়ৰ ভ্ৰমণ কাহিনী 'যাত্ৰী' শীৰ্ষক ৰচনাত স্থান পাইছে। ১৯৩০ চনৰ প্ৰথমৰ ফালে তেখেতে ইউৰোপ আৰু আমেৰিকালৈ দীৰ্ঘকালৰ ভ্ৰমণৰ উদ্দেশ্যে যাত্ৰা কৰে। ভ্ৰমণৰ শেষৰ ফালে লণ্ডন আৰু পেৰিচত তেখেতৰ চিত্ৰকৰ্মৰ প্ৰদৰ্শনী হয়। এইসময়ত তেখেতে বাৰ্মিংহামত 'ৰিলিজিয়াচ চোচাইটি অৱ ফ্ৰেণ্ডচ'ৰ আতিথ্য গ্ৰহণ কৰিছিল। ইয়াতে বহি তেখেতে অক্সফোৰ্ড বিশ্ববিদ্যালৰ বাবে বিখ্যাত 'হিবাৰ্ট ভাষণ' প্ৰস্তুত কৰিছিল। এই ভাষণৰ বিষয়বস্তু আছিল আমাৰ ঈশ্বৰৰ মানৱতাবোধ আৰু মানুহ আৰু পৰামাত্মাৰ স্বৰ্গীয় ৰূপ। তেখেতে 'ৰিলিজিয়াচ চোচাইটি অৱ ফ্ৰেণ্ডচ'ৰ সভাতো বক্তৃতা প্ৰদান কৰিছিল। তেখেতৰ বক্তৃতাৰ বিষয় আছিল বৃটিছ আৰু ভাৰতীয়ৰ সম্পৰ্ক। তেখেতে ইয়াত "dark chasm of aloofness"ৰ বিষয়েও বক্তব্য ৰাখিছিল। ইয়াৰ পিছত তেখেত ডেনমাৰ্ক, চুইজাৰলেণ্ড আৰু জাৰ্মানী ভ্ৰমণলৈ যায়। তাৰ পাছিত যায় চোভিয়েট ইউনিয়নলৈ। সৰ্বশেষত ১৯৩২ চনৰ এপ্ৰিল মাহত ইৰানৰ শ্বাহ ৰেজা শ্বাহ পাহলভিয়ে তেখেতৰ ইৰান ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়। কবিগুৰু নিজেও ইৰানী কবি হাফিজৰ অতীন্দ্ৰিয়বাদী সাহিত্যৰ প্ৰতি আকৃষ্ট হৈছিল। স্বাভাৱিকতে তেখেতে শ্বাহৰ আমন্ত্ৰণ ৰক্ষা কৰি ইৰানলৈ যায়। ১৯৩৩ চনত ভ্ৰমণ কৰে শ্ৰীলংকা। এই ভ্ৰমণলানিৰ যোগেদি ৰবীন্দ্ৰনাথে তৎকালীন বিশ্বৰ বহু বিশিষ্ট ব্যক্তিত্বৰ সৈতে পৰিচিত হয়। এইসকলৰ ভিতৰত কেইগৰাকীমান হ'ল- হেনৰি বাৰ্গচন, এলবাৰ্ট আইনষ্টাইন, ৰবাৰ্ট ফ্ৰ'ষ্ট, টমাচ মান, জৰ্জ বাৰ্নাৰ্ড শ্ব, এইচ জি ৱেলচ আৰু ৰোঁমা ৰোঁলা। তেখেতৰ এই ভ্ৰমণে তেখেতক মানুহৰ মাজত থকা বিভাজন আৰু জাতীয়তাবাদৰ স্বৰূপ উপলব্ধি কৰাত সহায় কৰিছিল।

সাহিত্যকৰ্ম[সম্পাদনা কৰক]

ৰবীন্দ্ৰনাথৰ সকলোতকৈ প্ৰভাৱশালী সাহিত্য হৈছে তেখেতৰ গান আৰু কবিতাবোৰ। চুটিগল্প, প্ৰবন্ধ, ভ্ৰমণকাহিনী আৰু নাটক ৰচনাতো তেখেত সিদ্ধহস্ত আছিল। গান আৰু কবিতাৰ পিছতে তেখেতৰ আটাইতকৈ প্ৰভাৱশালী ৰচনা হ'ল চুটিগল্প। তেখেতক বাংলা ভাষাৰ চুটিগল্পৰ প্ৰতিষ্ঠাতা বুলি গণ্য কৰা হয়। তেখেতৰ ৰচনাৰ ছান্দসিক, আশাবাদী আৰু গীতিধৰ্মী ৰূপে সহজেই সকলোকে আকৰ্ষম কৰে। সাধাৰণ বাঙালীৰ জীৱনধাৰা আছিল তেখেতৰ ৰচনাৰ প্ৰধান উপজীৱ্য।

উপন্যাস[সম্পাদনা কৰক]

  • গোৰা
  • ঘৰে বাইৰে
  • চতুৰঙ্গ
  • চাৰ অধ্যায়
  • চোখেৰ বালি
  • দুই বোন
  • শেষেৰ কবিতা
  • নৌকা ডুবি
  • প্ৰজাপতিৰ নিৰ্বন্ধ
  • বউ ঠাকুৰাণীৰ হাট
  • মালঞ্চ
  • যোগাযোগ
  • ৰাজৰ্ষি

নাটক[সম্পাদনা কৰক]

ৰবীন্দ্ৰনাথে প্ৰথম প্ৰথম ভাতৃ জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰ অনুদিত মঁলিয়েৰবুৰ্জোৱা (Le Bourgeois Gentilhomme) নাটৰ প্ৰধান চৰিত্ৰৰ ৰূপায়নৰ মাজেৰে আত্মপ্ৰকাশ কৰে। ২০ বছৰ বয়ষত তেওঁ প্ৰথম নাটক "বাল্মিকী" ৰচনা কৰে। ইয়াত ডকাইত ৰত্নাকৰে কেনেকৈ নিজৰ জীৱনদৰ্শন সলনি কৰি বাল্মিকী হৈ ৰামায়ণ ৰচনা কৰে তাক প্ৰতীয়মান কৰা হৈছে। [23] ইয়াত তেওঁ বিভিন্ন নাট্যশৈলী আৰু ভাৱৰ প্ৰকাশ ঘটাইছে, যেনে কীৰ্তনৰ ব্যৱহাৰ, মাতাল গানত ঐতিহ্যবাহী বৃটিচ আৰু আইৰিচ লোকসংগীতৰ সূৰৰ সংকলন।[24]

১৮৯০ চনত ৰবীন্দ্ৰনাথে বিসৰ্জন ৰচনা কৰেন যাক অনেকে তেওঁৰ ৰচিত সৰ্বশ্ৰেষ্ঠ নাটক বুলি বিবেচনা কৰে।[23] তেওঁৰ পাচৰ ফালৰ নাটকবোৰত ৰূপকে বেচি প্ৰাধান্য পাইছে। এনে এখন উল্লেখযোগ্য নাটক "ডাকঘৰ"। ইয়াত এজন সৰু ল'ৰাই নিজৰ দৈনন্দিন জীৱনৰ পৰা মুক্তি বিচাৰে আৰু অৱশেষত "শুই পৰে" (মৃত্যুৰ ৰূপক/প্ৰতীক)। সাৰ্ব জনীন আৱেদনসম্পন্ন "ডাকঘৰ"ৰ গল্পই ইউৰোপত যঠেষ্ট সঁহাৰি পাইছিল। ৰবীন্দ্ৰনাথৰ ভাষাত ল'ৰাটোৰ শুই পৰাৰ ৰূপকটোৱে "শুই পৰা" ৰূপকটোৱে "জাগতিক স্তুপীকৃত সম্পদ আৰু প্ৰচলিত বিশ্বাস"ৰ পৰা "আধ্যাত্মিক মুক্তি" সূচাইছে।[25][26] আন এখন উল্লেখযোগ্য নাট "চন্দালিকা" এটা প্ৰাচীন বৌদ্ধ কিংবদন্তী লৈ গঢ়ি উঠিছে। ইয়াত গৌতম বুদ্ধৰ শিষ্য আনন্দই এগৰাকী আদিবাসী ছোৱালীৰ পৰা পানী খুজি খোৱাৰ কথা বৰ্নোৱা হৈছে।[27] ৰবীন্দ্ৰনাথৰ বিখ্যাত নাটক "ৰক্তকৰবী"ত এজন লোভী ৰজাৰ কথা কোৱা হৈছে। ধনৰ লোভত তেওঁ প্ৰজাসকলক খনিত কাম কৰিবলৈ বাধ্য কৰে। নায়িকা নন্দিনীয়ে প্ৰজাসকলক একগোট কৰে আৰু এই অত্যাচাৰৰ অন্ত ঘটায়। তেওঁৰ অন্যান্য উল্লেখযোগ্য নাটক হৈছে "চিত্ৰাংগদা", "ৰাজা", মায়াৰ খেলা আদি। ৰবীন্দ্ৰনাথৰ নৃত্যপ্ৰধান নাটসমূহক "ৰবীন্দ্ৰ নৃত্যনাট্য" বুলি জনা যায়। তেখেতে ৰচনা কৰা নাটকসমূহ হ'ল-

  • Autumn-Festival
  • Chitra
  • Malini
  • Red Oleanders
  • Sacrifice
  • Sanyasi or the Ascetic
  • The Gardener
  • The King and the Queen The Trial
  • The Waterfall
  • অচলায়তন
  • অৰূপৰতন
  • ঋণশোধ
  • কালমৃগয়া
  • কালেৰ যাত্ৰা
  • কাহিনী গুৰু
  • গৃহপ্ৰবেশ
  • গোড়ায় গলদ
  • চণ্ডালিকা
  • চিত্ৰাঙ্গদা
  • চিৰকুমাৰ-সভা
  • ডাকঘৰ
  • তপতী
  • তাসেৰ দেশ
  • নটৰাজ নটীৰ পূজা
  • নৃত্যনাট্য চণ্ডালিকা
  • নৃত্যনাট্য চিত্ৰাঙ্গদা
  • নৃত্যনাট্য মায়াৰ খেলা
  • নবীন
  • নলিনী
  • প্ৰকৃতিৰ প্ৰতিশোধ
  • প্ৰায়শ্চিত্ত
  • পৰিত্ৰাণ
  • পৰিশোধ
  • ফাল্গুনী
  • ব্যঙ্গকৌতুক
  • বসন্ত
  • বাল্মীকিপ্ৰতিভা
  • বাঁশৰি
  • বিদায়-অভিশাপ
  • বিসৰ্জন বিসৰ্জন সংক্ষিপ্ত
  • বৈকুণ্ঠেৰ খাতা
  • ভগ্নহৃদয়
  • মুকুট
  • মুক্তধাৰা
  • মুক্তিৰ উপায়
  • মায়াৰ খেলা
  • মালঞ্চ
  • মালিনী
  • যোগাযোগ
  • ৰক্তকৰবী
  • ৰুদ্ৰচণ্ড
  • ৰাজা
  • ৰাজা ও ৰানী
  • শ্যামা
  • শ্ৰাৱণগাথা
  • শাপমোচন
  • শাৰদোৎসব
  • শেষ বৰ্ষণ
  • শেষৰক্ষা
  • শোধবোধ
  • সুন্দৰ
  • হাস্যকৌতুক

গল্প সংকলন[সম্পাদনা কৰক]

  • English Stories
  • তিনসংগী
  • গল্পগুচ্ছ
  • গল্প-চল্প
  • লিপিকা
  • অন্যান্য

কবিতা[সম্পাদনা কৰক]

Three-verse handwritten composition; each verse has original Bengali with English-language translation below: "My fancies are fireflies: specks of living light twinkling in the dark. The same voice murmurs in these desultory lines, which is born in wayside pansies letting hasty glances pass by. The butterfly does not count years but moments, and therefore has enough time."
স্ব-হস্তাক্ষৰত ৰবীন্দ্ৰনাথৰ কবিতা, ১৯২৬ চনত বাংলা আৰু ইংৰাজী ভাষাত হাঙ্গেৰিত ৰচিত

বিহাৰীলাল চক্ৰৱৰ্তী (১৮৩৫-১৮৯৪) আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ পূৰ্বসূৰী কবি।[28] ৰবীন্দ্ৰনাথৰ কবিকাহিনী, বনফুল আৰু ভগ্নহৃদয় এই তিনিখন কাব্যগ্ৰন্থত বিহাৰীলালৰ প্ৰভাৱ সুস্পষ্ট।[29] সন্ধ্যাসংগীত কাব্যগ্ৰন্থত ৰবীন্দ্ৰনাথে প্ৰথন নিজেৰ বক্তব্য প্ৰকাশ কৰে।[29] এই পৰ্বৰ সন্ধ্যাসংগীত, প্ৰভাতসংগীত, ছবি ও গান আৰু কড়ি ও কোমল কাব্যগ্ৰন্থৰ মূল বিষয়বস্তু আছিল মানৱ হৃদয়ৰ বিষণ্ণতা, আনন্দ, মৰ্ত্যপ্ৰীতি আৰু মানৱপ্ৰেম।[29] ১৮৯০ চনত প্ৰকাশিত মানসী আৰু তাৰ পিছত প্ৰকাশিত সোনাৰ তৰী (১৮৯৪), চিত্ৰা (১৮৯৬), চৈতালি (১৮৯৬), কল্পনা (১৯০০) আৰু ক্ষণিকা (১৯০০) কাব্যগ্ৰন্থত ৰবীন্দ্ৰনাথৰ প্ৰেম আৰু সৌন্দৰ্য সম্পৰ্কিত ৰোমান্তিক ভাৱনা ফুটি উঠিছে।[29] ১৯০১ চনত ব্ৰহ্মচৰ্যাশ্ৰম প্ৰতিষ্ঠাৰ পিছত ৰবীন্দ্ৰনাথৰ কবিতাত আধ্যাত্মিক চিন্তাৰ প্ৰাধান্য পৰিলক্ষিত হয়। এই চিন্তা প্ৰকাশ পাইছে নৈবেদ্য (১৯০১), খেয়া (১৯০৬), গীতাঞ্জলি (১৯১০), গীতিমাল্য (১৯১৪) আৰু গীতালি (১৯১৪) কাব্যগ্ৰন্থত।[29] ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ সূচনা হোৱাত বলাকা (১৯১৬) গ্ৰন্থত ৰবীন্দ্ৰনাথৰ কবিতাত আধ্যাত্মিক চিন্তাৰ পৰিৱৰ্তে মৰ্ত্যৰ জীৱন সম্পৰ্কে আগ্ৰহ প্ৰকাশ পায়।[29] পলাতকা (১৯১৮) গ্ৰন্থত গল্প-কবিতাৰ ৰূপত তেখেতে নাৰী জীৱনৰ সমসাময়িক সমস্যাবোৰ তুলি ধৰে।[29] পূৰবী (১৯২৫) আৰু মহুৱা (১৯২৯) কাব্যগ্ৰন্থত ৰবীন্দ্ৰনাথ প্ৰেমক উপজীব্য কৰে।[29] ইয়াৰ পিছত পুনশ্চ (১৯৩২), শেষ সপ্তক (১৯৩৫), পত্ৰপুট (১৯৩৬) আৰু শ্যামলী (১৯৩৬) শীৰ্ষক চাৰিখন গদ্যকাব্য প্ৰকাশিত হয়।[29] জীৱনৰ শেষ দশকত কবিতাৰ আঙ্গিক আৰু বিষয়বস্তুক লৈ তেখেতে কেইটামান নতুন পৰীক্ষা-নিৰীক্ষা চলাইছিল।[29] এই সময়ৰ ৰোগশয্যায় (১৯৪০), আৰোগ্য (১৯৪১), জন্মদিনে (১৯৪১) আৰু শেষ লেখা (১৯৪১, মৰণোত্তৰ ভাবে প্ৰকাশিত) গ্ৰন্থত মৃত্যু আৰু মৰ্ত্যপ্ৰীতিক এটা নতুন আঙ্গিকত প্ৰকাশ কৰিছিল।[29] কবিজনাৰ শেষ কবিতা "তোমাৰ সৃষ্টিৰ পথ" মৃত্যুৰ আঠ দিন আগত মৌখিকভাবে ৰচনা কৰিছিল।[29]

ৰবীন্দ্ৰনাথৰ কবিতাত মধ্যযুগীয় বৈষ্ণব পদাৱলী, উপনিষদ, কবীৰৰ দোহাৱলী, লালনৰ বাউল গীত আৰু ৰামপ্ৰসাদ সেনৰ শাক্ত পদাৱলীৰ প্ৰভাৱ পৰিলক্ষিত হয়।[30][31][32] তথাপি প্ৰাচীন সাহিত্যেৰ দুৰূহতাৰ পৰিবৰ্তে তেখেতে এক সহজ আৰু সৰস কাব্যৰচনাৰ আঙ্গিক গ্ৰহণ কৰিছিল। আকৌ ১৯৩০-ৰ দশকত কিছু পৰীক্ষামূলক ৰচনাৰ মাধ্যমেদি বাংলা সাহিত্যত আধুনিকতা আৰু বাস্তৱতাবোধৰ প্ৰাথমিক আবিৰ্ভাৱ প্ৰসঙ্গত তেখেতে নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।[33] বহিৰ্বিশ্বত তেখেতৰ আটাইতকৈ সুপৰিচিত কাব্যগ্ৰন্থখন হ'ল গীতাঞ্জলি। এই গ্ৰন্থৰ বাবেই তেখেতেনোবেল বঁটা লাভ কৰিছিল।[34] নোবেল ফাউণ্ডেচনে তেখেতৰ এই গ্ৰন্থখনক "গভীৰ সংবেদনশীল, উজ্জ্বল আৰু সুন্দৰ কাব্যগ্ৰন্থ" বুলি মন্তব্য কৰিছল।[35]

সঙ্গীত আৰু চিত্ৰশিল্প[সম্পাদনা কৰক]

ৰবীন্দ্ৰনাথ ঠাকুৰ এজন উচ্চ পৰ্যায়ৰ সংগীতজ্ঞ আৰু চিত্ৰকৰ আছিল। তেখেতে লেখা ২,২৩০টা গান বাংলা সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ। ৰবীন্দ্ৰনাথৰ গান ৰবীন্দ্ৰ সংগীত হিচাপে পৰিচিত। ৰবীন্দ্ৰনাথৰ গানক আচলতে তেখেতৰ সাহিত্যৰাজিৰ পৰা পৃঠক কৰা কঠিন। সেইবোৰৰ বেচিভাগেই কবিতা, নাটক বা গল্প-উপন্যাসৰ অংশ। তেখেতৰ গানত হিন্দুস্থানী শাস্ত্ৰীয় সংগীতৰ ঠুমৰীৰ বিশেষ প্ৰভাৱ দেখা যায়। মানৱ মনৰ সকলো অভিব্যক্তিয়ে তেখেতৰ গানত ধৰা দিছে।[36]

ষাঠি বছৰ বয়সত ৰবীন্দ্ৰনাথে ৰং-তুলিকা হাতত তুলি লৈছিল আৰু সফতাৰে তেখেতে নানা চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছিল। প্ৰথম চিত্ৰ প্ৰদৰ্শনী হয় পেৰিচ নগৰত। দক্ষিণ ফ্ৰাঞ্চৰ এজন শিল্পীয়ে তেখেতক এই প্ৰদৰ্শনীৰ বাবে অনুপ্ৰাণিত কৰিছিল। পিছত এই প্ৰদৰ্শনী ইউৰোপৰ নানা স্থানত অনুষ্ঠিত হয়।[37]

ৰাজনৈতিক মতাদৰ্শ[সম্পাদনা কৰক]

শান্তিনিকেতনত গান্ধীৰ ভ্ৰমণ। ৰবীন্দ্ৰনাথৰ স’তে মহাত্মা গান্ধী আৰু তেওঁৰ পত্নী কস্তুৰবা গান্ধী, ১৯৪০।

ৰবীন্দ্ৰনাথৰ ৰাজনৈতিক মতাদৰ্শত বিভিন্ন প্ৰকাৰৰ দৰ্শনৰ প্ৰভাব পৰিলক্ষিত হয়। তেওঁ ইউৰোপীয় ঔপনিৱেশতাবাদৰ প্ৰতিবাদ কৰিছিল আৰু ভাৰতৰ জাতীয়তাবাদী আন্দোলনকো সমৰ্থন কৰিছিল।[38]। হিন্দু-জাৰ্মান ষড়যন্ত্ৰৰ কথা তেওঁ জানিছিল বুলি প্ৰমাণ পোৱা যায়। ইয়াৰ বাবে সমৰ্থন লাভৰ উদ্দেশ্যে তেওঁ জাপানৰ প্ৰধানমন্ত্ৰী কাউন্ট তেৰাউচি আৰু প্ৰাগ্তন প্ৰধানমন্ত্ৰী ওকুমাৰ সৈতে আলোচনা কৰিছিল।[39] পিচে, একে সময়তে তেওঁ স্বদেশী আন্দোলনৰ বিৰোধিতা কৰাইছিল তথা ১৯২৫ চনৰ এটা প্ৰবন্ধত এয়াক "চৰকাৰ পাগলামী" আখ্যা দিয়ে।[40]

দেশক স্বাধীন কৰাৰ উদ্দেশ্যে তেওঁ অসহযোগ বা সশস্ত্ৰ আন্দোলনৰ পৰিবৰ্তে স্বাৱলম্বিতা আৰু জনগণৰ আত্মিক উন্নতিৰ ওপৰত গুৰুত্ব দিছিল। তেওঁৰ মতে বৃটিচ ঔপনিবেশিক সাশন অশুভ নহয়, বৰং ই সামাজিক সমস্যাৰ এক ৰাজনৈতীক ৰূপ হে। তেওঁ ভাৰতবাসীক এই শাসন মানি ল'বলৈ আহ্বান জনাই কয়, "There can be no question of blind revolution, but of steady and purposeful education".[41]

প্ৰভাৱ[সম্পাদনা কৰক]

বহুতৰ মতে ৰবীন্দ্ৰনাথৰ গীতত প্ৰাচীন আইৰিচ আৰু স্কটিছ সুৰ আৰু ছন্দৰ প্ৰভাৱ বিদ্যমান। উদাহৰণ স্বৰূপে কব পাৰি "পুৰোনো সেই দিনেৰ কথা" গীতটোৰ মূল সুৰ স্কটিছ লোকগীত "অল্ড লেং চাইন"ৰ পৰা লোৱা হৈছে। তাৰোপৰি তেখেতৰ গীতত বঙ্গীয় বাউল গীত আৰু দক্ষিণ ভাৰতৰ উচ্চাঙ্গ সঙ্গীতৰ প্ৰভাৱ পৰিলক্ষিত হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. [1]
  2. (Dutta & Robinson 1995:37).
  3. (Dutta & Robinson 1995:55–56).
  4. (Stewart & Twichell 2003:91).
  5. (Stewart & Twichell 2003:3).
  6. 6.0 6.1 (Chakravarty 1961:45).
  7. (Dutta & Robinson 1997:265).
  8. (Dutta & Robinson 1995:373).
  9. (Dutta & Robinson 1995:109).
  10. (Dutta & Robinson 1995:133).
  11. (Dutta & Robinson 1995:239–240).
  12. (Dutta & Robinson 1995:242).
  13. (Dutta & Robinson 1995:308–309).
  14. (Dutta & Robinson 1995:312–313).
  15. (Dutta & Robinson 1995:335–338).
  16. (Dutta & Robinson 1995:342).
  17. "Chitra at Project Gutenberg"
  18. (Asiatic Society of Bangladesh 2006).
  19. (Dutta & Robinson 1995:338).
  20. (Indo-Asian News Service 2005).
  21. (Dutta & Robinson 1995:367).
  22. (Dutta & Robinson 1995:363).
  23. 23.0 23.1 (Chakravarty 1961:123).
  24. (Dutta & Robinson 1995:79–80).
  25. (Dutta & Robinson 1997:21–23).
  26. (Chakravarty 1961:123–124).
  27. (Chakravarty 1961:124).
  28. "বিহাৰীলাল ও ৰবীন্দ্ৰনাথ", অলোক ৰায় সম্পাদিত বিহাৰীলাল চক্ৰবৰ্তীৰ সাৰদামঙ্গল ও সাধেৰ আসন (বাংলা গ্ৰন্থ), পৃ. ৫৫-৫৬
  29. 29.00 29.01 29.02 29.03 29.04 29.05 29.06 29.07 29.08 29.09 29.10 29.11 সৰ্বজনেৰ ৰবীন্দ্ৰনাথ (বাংলা গ্ৰন্থ), পৃ. ২৩-২৪
  30. Roy 1977, p. 201
  31. Stewart & Twichell 2003, p. 94
  32. Urban 2001, p. 18
  33. Dutta & Robinson 1995, p. 281
  34. Stewart & Twichell 2003, pp. 95–96
  35. The Nobel Prize in Literature 1913, The Nobel Foundation, http://nobelprize.org/nobel_prizes/literature/laureates/1913/, r কৰা হৈছে: 14 August 2009 
  36. (Dutta & Robinson 1995:94).
  37. (Dutta & Robinson 1997:222).
  38. (Dutta & Robinson 1997:127).
  39. (Brown 1948:306)
  40. (Dutta & Robinson 1995:261).
  41. (Dutta & Robinson 1997:239–240).

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • ৰবীন্দ্ৰনাথ ঠাকুৰ [2]