ন'বেল বঁটা
| ন'বেল বঁটা | |
|---|---|
| বিৱৰণ | এটা বিষয়ত অতি-বিশেষ অৱদান আগবঢ়োৱা সকললৈ এই বঁটা প্ৰদান কৰা হয়। বিষয়সমূহ হৈছেঃ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, সাহিত্য, শান্তি, আৰু চিকিৎসা বা শৰীৰতত্ত্ব বিজ্ঞান (Physiology) |
| প্ৰদান কৰোঁতা | ছুইডিছ একাডেমি Royal Swedish Academy of Sciences কেৰোলিন্সকা ইনষ্টিটিউট নৰৱেৰ ন'বেল সমিতি |
| দেশ | ছুইডেন নৰৱে (অকল শান্তিৰ ন'বেল বঁটা) |
| প্ৰথম পুৰস্কাৰ প্ৰদান | ১৯০১ |
| ৱেবচাইট | nobelprize.org |
ন'বেল বঁটা (চুইডিছ উচ্চাৰণ: [noˈbɛl], Swedish definite form, singular: Nobelpriset, Norwegian: Nobelprisen) বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। বঁটা প্ৰদান কৰা বিভাগসমূহ আছিলঃ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, শৰীৰ-ৰচনা বিজ্ঞান আৰু চিকিৎসা, সাহিত্য আৰু শান্তি।[1]
শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হয় নৰৱেৰ অ'ছল' চহৰত, বাকী সকলো বঁটা ছুইডেনৰ ষ্টকহ'ম চহৰত প্ৰদান কৰা হয়। প্ৰতিটো ন'বেল বঁটাকে সেই বিষয়ৰ সৰ্বশ্ৰেষ্ঠ সন্মান বুলি গণ্য কৰা হয়।[2]
১৯৬৮ চনত ভেৰিজেছ ৰিক্সবেংকএ প্ৰণয়ন কৰা 'অৰ্থনীতি বিষয়ৰ আলফ্ৰেড ন'বেল স্মাৰক বঁটা'-কো ন'বেল বঁটাৰ সমকক্ষ বুলি ধৰা হয়। এই বঁটা প্ৰথমে প্ৰদান কৰা হৈছিল ১৯৬৯ চনত। স্বীকৃত ন'বেল বঁটা নহ'লেও এই বঁটাৰ ঘোষণা আৰু প্ৰদান ন'বেল বঁটাৰ লগত একেলগেই কৰা হয়।
ৰয়েল ছুইডিছ একাডেমি অফ্ ছায়েন্স-এ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু 'অৰ্থনীতি বিষয়ৰ আলফ্ৰেড ন'বেল স্মাৰক বঁটা' প্ৰদান কৰে। আনহাতে কেৰোলিন্সকা ইনষ্টিটিউট-ৰ 'ন'বেল পৰিষদে' (Nobel Assembly) শৰীৰ-ৰছনা আৰু চিকিৎসা বিষয়ৰ নোবেল বঁটা প্ৰদান কৰে। সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰে ছুইডিছ একাডেমি-এ। শান্তিৰ ন'বেল বঁটা প্ৰদান কৰে "নৰৱে ন'বেল সমিতি"য়ে।
প্ৰতিজনে বঁটা প্ৰাপকে একোটা সোণৰ মেডেল, এখন মানপত্ৰ, আৰু এটা টকাৰ অংক লাভ কৰে। 'ন'বেল প্ৰতিষ্ঠানে' সেই বছৰত আয় কৰা টকাৰ ওপৰত ন'বেল বঁটাৰ লগত দিয়া টকাৰ মান নিৰ্ভৰ কৰে। ২০১১ চনৰ ন'বেল বঁটাৰ লগত ১০ মিলিয়ন ছুইডেনৰ ক্ৰোনা (আমেৰিকান ডলাৰৰ মানত ১.৪৬ মিলিয়ন) প্ৰদান কৰা হৈছিল। ন'বেল বঁটা মৃত্যুৰ পাছত প্ৰদান কৰা নহয়। অৱশ্যে বঁটা ঘোষণা কৰাৰ পাছত প্ৰাপকৰ মৃত্যু হ'লে বঁটা দিয়া হয়। [3] তিনিজনতকৈ বেছি ব্যক্তিৰ মাজত ন'বেল বঁটা ভাগ কৰা নহয়। অৱশ্যে যোৱা শতিকাত প্ৰতিটো বঁটাৰ বাবদ প্ৰাপকৰ সংখ্যা বাঢ়ি অহা পৰিলক্ষিত হৈছে।[4]
[সম্পাদনা কৰক] তথ্য উৎস
- ↑ "Which country has the best brains?". BBC News. 8 October 2010. http://www.bbc.co.uk/news/magazine-11500373. Retrieved 6 December 2011.
- ↑ Shalev, Baruch Aba (2005). পৃষ্ঠা. 8.
- ↑ "Montreal-born scientist dies before Nobel honour". CBC News. 3 October 2011. http://www.cbc.ca/news/technology/story/2011/10/03/nobel-prize-medicine.html. Retrieved 3 October 2011.
- ↑ Jürgen Schmidhuber (2010): Evolution of National Nobel Prize Shares in the 20th Century, arXiv: http://arxiv.org/abs/1009.2634 , web site http://www.idsia.ch/~juergen/nobelshare.html