চিকিৎসা বিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিকিৎসা বিজ্ঞানৰ গ্ৰীক দেৱতা এছক্লিপিয়াছৰ মূৰ্তি, হাতত এছক্লিপিয়াছৰ প্ৰতীক সৰ্পদণ্ড (এডাল দণ্ডত মেৰ খাই থকা সাপ একোডাল)।

চিকিৎসা বিজ্ঞান ৰোগ উপশমৰ বিজ্ঞান আৰু কলা। মানৱ শৰীৰ আৰু মনৰ স্বাস্থ্য ভালে ৰখাৰ উদ্দেশ্যেৰে ৰোগ নিৰাময় আৰু ৰোগ প্ৰতিষেধৰ বিষয়ে চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰা হয় আৰু প্ৰয়োজন অনুসৰি বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয়।

সমসাময়িক চিকিৎসা বিজ্ঞানে স্বাস্থ্য বিজ্ঞানৰ অধ্যয়ন, গৱেষণা, আৰু সংশ্লিষ্ট প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰেৰে লব্ধ জ্ঞানৰ আধাৰত ঔষধ বা শল্য চিকিৎসাৰ (ছাৰ্জাৰী) দ্বাৰা ৰোগ নিৰাময়ৰ কৰাৰ চেষ্টা কৰে। ঔষধ আৰু শল্য চিকিৎসাৰ উপৰিও মনোচিকিৎসা (psychotherapy), কৃত্ৰিম অংগ সংস্থাপন, আণৱিক ৰশ্মিৰ প্ৰয়োগ, বাহ্যিক উপায় (যেনে, স্প্লিণ্ট (Splint) আৰু ট্ৰেকছন), জৈৱিক সামগ্ৰী (তেজ, অণু জীৱ ইত্যাদি), শক্তিৰ অন্যান্য উৎস (বিদ্যুৎ, চুম্বক, অতি-শব্দ ইত্যাদি) ইত্যাদিৰো প্ৰয়োগ কৰা হয়।

চিকিৎসা বিজ্ঞানক ইংৰাজীত 'মেডিচিন' (Medicine) বোলা হয়। মেডিচিন শব্দৰ উৎপত্তি হৈছে লেটিন ভাষাৰ ars medicina শব্দৰপৰা, যাৰ অৰ্থ হৈছে "the medical art" ('চিকিৎসাৰ কলা')[1][2]

ইতিহাস[সম্পাদনা কৰক]

প্ৰাগঐতিহাসিক যুগৰ চিকিৎসা বিজ্ঞানত ঔষধি-গছৰ প্ৰয়োগ, খনিজ পদাৰ্থ আৰু অইন প্ৰাণীৰ দেহাংশ প্ৰয়োগ ইত্যাদিয়েই মূখ্য আছিল। বেছি ভাগ সময়তে এনে সামগ্ৰীসমূহক পুৰোহিত, সন্যাসী বা কবিৰাজে কোনো অনুষ্ঠানৰ মাধ্যমত প্ৰয়োগ কৰিছিল আৰু ইয়াৰ ক্ৰিয়াক যাদুকৰী বা ঐশ্বৰিক বুলি ভবা হৈছিল। কেবাটাও বিভাগত এনে চিকিৎসাৰ বিধানক ভাগ কৰা হৈছিল, যেনে, জড় পদাৰ্থত আত্মাৰ অস্তিত্ব (animism), আধ্যাত্মিকতা (ঈশ্বৰ অথবা পূৰ্বপুৰুষৰ প্ৰতি আহ্বান), যাদুকৰী শক্তি (একোজন ব্যক্তিৰ হাতত বিশেষ ক্ষমতা থকা বুলি ভবা) বা, সৌভাগ্যবশতঃ কোনোবা এজনে বিশেষ শক্তি লাভ কৰা। 'চিকিৎসা নৃতত্ব বিজ্ঞান'ৰ (medical anthropology) আওতাত স্বাস্থ্য, স্বাস্থ্যৰ যতন আৰু সংশ্লিষ্ট বিষয়ৰ লগত সমাজ আৰু কৃষ্টিৰ প্ৰভাৱ আলোচনা কৰা হয়।


প্ৰাচীন মিছৰীয় চিকিৎসক 'ইমোটেপ'-ৰ প্ৰতিকৃতি। 'ইমোটেপ' প্ৰাচীন জগতৰ প্ৰথম গৰাকী নাম জনা চিকিৎসক।
প্ৰাচীন গ্ৰীছৰ এজন ৰোগীয়ে চিকিৎসা গ্ৰহন কৰি থকাৰ দৃশ্য। পেৰিছৰ 'লুভৰ মিউজিয়াম'ত থকা এই পাত্ৰটো ঔষধি তেল ৰখাৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলি ধাৰণা কৰা হৈছে। (কালঃ ৪৮০-৪৭০ খ্ৰী.পূ.)
প্ৰাচীন গ্ৰীছৰ প্ৰখ্যাত চিকিৎসক হিপ'ক্ৰেটিছ, (খ্ৰী.পূ. ৪৬০-৩৭০), এখেতক 'চিকিৎসা বিজ্ঞানৰ জন্মদাতা' বুলি কোৱা হয়।[3][4]

চিকিৎসা বিজ্ঞান সম্বন্ধীয় প্ৰাচীন তথ্য মিছৰীয় সভ্যতা, বেবিলনৰ সভ্যতা, ভাৰতৰ আয়ুৰ্বেদ শাস্ত্ৰ, চীনা সভ্যতা, গ্ৰীক আৰু ৰোমান সকলো পুৰণি সভ্যতাৰ পৰাই পোৱা গৈছে। খ্ৰী.পূ. ৩০০০ চনৰ মিছৰীয়া সভ্যতাৰ পাঠত পোৱা 'ইমোটেপ' (Imhotep)-ক প্ৰথমগৰাকী নাম জানিব পৰা চিকিৎসক বুলি ঠাৱৰ কৰা হৈছে। চিকিৎসালয়ৰ ধাৰণা পোৱা গছৈ শ্ৰীলংকাৰ মিহিনতালে সভ্যতাত। .[5][6] প্ৰাচীন ভাৰতৰ ঋষি 'শুষ্ৰুত'-ই কেবাবিধো শল্য-চিকিৎসাৰ বিৱৰণী লিখি ৰাখিছে। তেখেতৰ বৰ্ণনাত পোৱা শল্য-চিকিৎসাৰ পদ্ধতিসমূহ বিৱৰণী আধুনিক প্লাষ্টিক ছাৰ্জাৰীৰ সৈতে সাদৃশ্য থকা পৰিলক্ষিত হয়[7][8]

প্ৰাচীন গ্ৰীছৰ চিকিৎসক হিপ'ক্ৰেটিছ-ক চিকিৎসা-বিজ্ঞানক জনক বুলি অভিহিত কৰা হৈছে[4][9] । তেখেতেই চিকিৎসা-বিজ্ঞানত প্ৰণালীবদ্ধ অধ্যয়ন আৰু যুক্তিপূৰ্ণ ধাৰণাৰ অৱতাৰণা কৰে। হিপ'ক্ৰটিছে চিকিৎসকসকলৰ বাবে 'হিপ'ক্ৰেটিছৰ শপত' বাক্যৰ প্ৰনয়ন কৰে। এই শপত-বাক্যৰ প্ৰাসংগিকতা আজিও বিদ্যমান। এখেতেই প্ৰথমে ৰোগসমূহক একিউট (ক্ষণিক), ক্ৰ'নিক (দৈৰ্ঘদিনীয়া), এণ্ডেমিক (বহল প্ৰাদুৰ্ভাৱ থকা) আৰু এপিডেমিক (মহামাৰী) এই কেইটা ভাগ কৰে। তেখেতে এক্সাচাৰবেছন (exacerbation), পুনৰাবৃত্তি (relapse), সংকটাৱস্থা (crisis), ক্ষণস্থায়ী (paroxysm), শীৰ্ষাৱস্থা (peak) আৰু কনভালেছেন্স (convalescence) আদি ৰোগৰ বিভিন্ন অৱস্থাৰ সংজ্ঞাও নিৰ্ধাৰণ কৰে। [10][11]

আন এজন গ্ৰীক চিকিৎসক গেলেন প্ৰাচীন জগতৰ এগৰাকী নাম-জ্বলা শল্য চিকিৎসক আছিল। তেখেতে কেইবা ধৰণৰ শল্য চিকিৎসা সমাপন কৰিছিল, যাৰ ভিতৰত মগজু আৰু চকুৰ অপাৰেছনো আছিল। ৰোমান সাম্ৰাজ্যৰ উত্থান আৰু ইউৰোপত মধ্য যুগৰ আৰম্ভণিৰ লগে লগে গ্ৰীছৰ চিকিৎসা বিদ্যাৰ প্ৰসাৰ কমি আহে। বিশেষকৈ পশ্চিম ইউৰোপত গ্ৰীক পদ্ধতিৰ ব্যৱহাৰ প্ৰায় নোহোৱা হৈ পৰে, অৱশ্যে পূবৰ ৰোমান সাম্ৰাজ্যত গ্ৰীক পদ্ধতিৰ অবিহত আছিল।

খ্ৰীষ্টাব্দ ৭৫০-ৰ পাছত মুছলিম ৰাষ্ট্ৰসমূহলৈ হিপ'ক্ৰটিছ, গেলেন আৰু শুশ্ৰুতৰ লেখনী সমূহৰ আৰৱী অনুবাদ বিয়পি পৰে আৰু ইছলামীয় চিকিৎসা বিজ্ঞানৰ সূচনা হয়। এই কালচোৱাত চিকিৎসা বিজ্ঞানৰ কিছূমান উল্লেখনীয় আৱিষ্কাৰ হয়। এই কালৰ এগৰাকী বিখ্যাত চিকিৎসক আছিল আভিচেনা। হিপ'ক্ৰেটিছ, ইমোটেপ আৰু আভিচেনাক একেলগেও চিকিৎসা বিজ্ঞানৰ জনক আখ্যা দিয়া হয়।[12][13] আভিচেনাই ৰছনা কৰা 'দা কেনন অফ্‌ মেডিছিন' (The Canon of Medicine) চিকিৎসা বিজ্ঞানৰ আটাইতকৈ বিখ্যাত পুথি।[14] অন্যান্য কেইজনমান উল্লেখযোগ্য অৱদানকাৰী হ'ল 'আবুল কাইছ' (আবু আল-কাছিম আল-জৱাহিৰি, Abu al-Qasim al-Zawahiri)[15], ইবন জুহৰ (Ibn Zuhr বা Avenzoar)[16], ইবন আল-নফিছ (Ibn al-Nafis)[17], আৰু এভেৰোএছ (Averroes)[18]

মহম্মদ ইবন জাকৰিয়া ৰাজি (ৰেজেছ, Muhammad ibn Zakarīya Rāzi (Rhazes))[19]-এ প্ৰথমবাৰৰ বাবে গ্ৰীক চিকিৎসা বিজ্ঞানৰ 'প্ৰাণ-ৰস' (humor)-ৰ ধৰাণাৰ সত্যতাৰ ওপৰত প্ৰশ্ন তুলিছিল। গ্ৰীক চিকিৎসা বিজ্ঞানৰ 'প্ৰাণ-ৰস তত্ব'ই (humorism) মধ্য-যুগৰ পশ্চিম ইউৰোপ আৰু ইছলাম সাম্ৰাজ্যত চিকিৎসা-বিজ্ঞানৰ মূল তত্ব হিচাপে পৰিগণিত হৈ আছিল।[20] মুছলিম ৰাষ্ট্ৰসমূহত থকা 'বিমাৰিস্তান' (Bimaristan) আছিল প্ৰথম কালৰ ৰাজহুৱা চিকিৎসালয়।[21][22]

চতুৰ্দশ আৰু পঞ্চদশ শতিকাত ইউৰোপ আৰু মধ্য-পূৰ্বত দেখা দিয়ে 'ক'লা মৃত্যু'-ৰ (Black Death) বিভীষিকা। মধ্য-পূৰ্বৰ তুলনামূলকভাৱে উন্নত চিকিৎসা বিজ্ঞানেও এই ৰোগৰ কোনো নিৰমায় উলিয়াব পৰা নাছিল। বৰং মধ্য-পূৰ্বতকৈ পশ্চিম ইউৰোপেহে এই ৰোগৰ ক্ষতি সোনকালে লাঘৱ কৰিব পাৰিছিল। [23] আধুনিক যুগৰ প্ৰথমাংশত ইউৰোপৰ চিকিৎসা বিজ্ঞানলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াইছিল গেব্ৰিয়েল ফেলোপিঅ' (Gabriele Falloppio) আৰু উইলিয়াম হাৰ্ভে-ই (William Harvey)।


চতুৰ্দশ আৰু পঞ্চদশ শতিকাতে প্ৰচলিত জ্ঞানক অমান্য কৰাৰ ধাৰা এটা গঢ় লৈ উঠে। মধ্য-যুগীয় সময়ৰ ধাৰণাত পৃথিৱীৰ সকলো জ্ঞান প্ৰাচীন পণ্ডিতসকলৰ লেখনীত পোৱা যায় বুলি ভবা হৈছিল। আৰু যিটো সেই লেখনীৰ লগত নিমিলে তাক অনিয়ম বুলি ধৰা হৈছিল। ইউৰোপত নৱ-জাগৰণৰ উন্মেষৰ লগে লগে সকলো ধাৰণাকে নতুনকৈ পৰীক্ষা-নিৰীক্ষাৰে প্ৰমান কৰা আৰু প্ৰয়োজনবোধে নতুন মতবাদ আগবঢ়োৱাৰ প্ৰথা গঢ়ি উঠে। প্ৰাচীন জ্ঞানৰ লগত ভেছেলিয়াছ আদিৰদৰে পণ্ডিতে নতুন কথা যোগ দিবলৈ আৰম্ভ কৰে।

মানৱ দেহৰ গঠন (এনাটমী) সম্বন্ধে এণ্ড্ৰেয়াছ ভেছেলিয়াছ-এ (Andreas Vesalius) এখন নতুন গ্ৰন্থ প্ৰনয়ন কৰে, 'De humani corporis fabrica' (১৫৪৩)। এই গ্নন্থখনত শৱদেহৰ ব্যৱচ্ছেদ কৰি পোৱা দেহৰ ভিতৰৰ অংগৰ বিষয়ে ছবি আৰু তথ্য সম্বলিত কৰা হৈছিল[24]। সমসাময়িক ফঁৰাছী দেশীয় শল্য-চিকিৎসক 'এমব্ৰয় পাৰী'-ক (Ambroise Paré) (১৫১০-১৫৯০) শল্য-চিকিৎসাৰ জনক আখ্যা দিয়া হয়। ১৬৭৬ চনত এণ্টন ভন্‌ লিউৱেনহক-এ (Antonie van Leeuwenhoek) নিজৰ আৱিষ্কৃত অনুবীক্ষণ যন্ত্ৰেৰে অণু-জীৱৰ উপস্থিতি ধৰা পেলাবলৈ সক্ষম হয়। তেখেতএই অণু-জীৱ অধ্যয়ন বিষয়-ৰ (microbiology)-ৰ সূচনা কৰে [25]। ইটালীৰ শল্য-চিকিৎসক আৰু এনাট'মি বিশাৰদ মেটিঅ' ৰিয়াল্ড' কল'ম্বো-ৰ (Matteo Realdo Colombo) মতাৱলীৰে অনুপ্ৰেৰিত হৈ ইংৰাজ উইলিয়াম হাৰ্ভে-ই (William Harvey) ৰক্ত-পৰিবহন তন্ত্ৰৰ বৰ্ণনা দিয়ে [26]হাৰমান বোয়েৰহাভে-য়ে লিডেনত কৰা শিক্ষাদান আৰু ৰছনা কৰা পাঠ্য-পুথি 'ইনষ্টিটিউছনিছ মেডিকা' (Institutiones medicae) (১৭০৮)-ৰ বাবে তেখেতক 'শৰীৰতত্ব'-ৰ (physiology) পিতৃ বুলি ক'ব খোজা হয়। সপ্তদশ শতিকাতে ফৰাচী চিকিৎসক পিয়েৰ ফুঁছে-ই (Pierre Fauchard) দন্ত চিকিৎসা বিজ্ঞানৰ পাতনি মেলিছিল বুলি কোৱা হয়। তেখেতক আধুনিক দন্ত চিকিৎসাৰ পিতৃ বোলা হয়[27]

১৭৬১ চনত পশু চিকিৎসা বিজ্ঞান মানৱ চিকিৎসা বিজ্ঞানৰপৰা পৃথককৈ গঢ় লৈ উঠিবলৈ আৰম্ভ কৰে। ইয়াৰ আগলৈ পশুৰ চিকিৎসাও সাধাৰণ চিকিৎসক সকলেই কৰিছিল। ক্ল বুৰ্জোলে-ই (Claude Bourgelat) ১৭৬১ চনত ফ্ৰান্সৰ লিঅ'নত পশু চিকিৎসা বিজ্ঞানৰ প্ৰথমটো প্ৰতিষ্ঠানৰ পট্টন কৰে।

আধুনিক জৈৱচিকিৎসা গৱেষণা-ৰ সূচনাই প্ৰাচীন মতাৱলীৰ পৰা আঁতৰি পৰীক্ষণীয় আৰু পুণৰাবৃত্তি কৰিব পৰা তত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ ধৰে। অষ্টাদশ শতিকাৰপৰা আধুনিক চিকিৎসা বিজ্ঞানৰ সূচনা হোৱা বুলি কোৱা হয়। এড'ৱাৰ্ড জেনাৰৰ (Edward Jenner) বৰ আইপ্ৰতিষেধক ছিটা-ৰ আৱিষ্কাৰ, ১৮৮০ চনত ৰবাৰ্ট কক-ৰদ্বাৰা (Robert Koch) বেক্টেৰিয়াৰ দ্বাৰা ৰোগ হ'ব পাৰে বুলি প্ৰতিষ্ঠাপিত সত্য আৰু ১৯০০ চনৰ 'এণ্টিবায়'টিক'ৰ আৱিষ্কাৰ এই তিনিওটাক আধুনিক চিকিৎসা বিজ্ঞানৰ বুনিয়াদী আৱিষ্কাৰ বুলি কোৱা হয়।

অষ্টাদশ শতিকাৰ পাছৰেপৰা নতুন নতুন গৱেষণাৰ ফছল দেখিবলৈ পোৱা যায়। ঘাইকৈ ইউৰোপতে এনে গৱেষণা সম্পন্ন হৈছিল। জাৰ্মানী আৰু অষ্ট্ৰিয়া-ৰ ৰুডল্ফ ভাৰ্চ' (Rudolf Virchow) , উইলহেল্ম কন্‌ৰাড ৰ'ণ্টজেন (Wilhelm Conrad Röntgen), কাৰ্ল লেণ্ডষ্টেইনাৰ (Karl Landsteiner) আৰু অ'টো লেৱি (Otto Loewi) এই সকলে উল্লেখনীয় বৰঙনি আগবঢ়ায়। ইংলেণ্ডৰপৰা আলেকজেণ্ডাৰ ফ্লেমিং (Alexander Fleming), জোছেফ লিষ্টাৰ (Joseph Lister), ফ্ৰান্সিছ ক্ৰিক (Francis Crick) আৰু ফ্লোৰেন্স নাইটিংগেল-এ বিশেষ বৰঙনি যোগায়। স্পেইনছাণ্টিয়াগো ৰেম'ন ৱাই কেজেল-ক (Santiago Ramón y Cajal) 'আধুনিক স্নায়ু বিজ্ঞান'ৰ জনক আখ্যা দিয়া হয়।

অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰপৰা বিশেষ বৰঙনি আগবঢ়াইছিল ম'ৰিছ ৱিলকিন্স (Maurice Wilkins), হাৱাৰ্ড ফ্ল'ৰে (Howard Florey) আৰু ফ্ৰেংক মেক্‌ফাৰলেন বাৰ্ণেট-এ (Frank Macfarlane Burnet).

আমেৰিকা যুক্তৰাষ্ট্ৰ-ৰ উইলিয়াম উইলিয়ামছ্‌ কীন (William Williams Keen), উইলিয়াম ক'লি (William Coley), জেম্‌ছ ডি. ৱাট্‌ছন (James D. Watson); ইটালীছালভাড'ৰ লুৰিয়া (Salvador Luria); ছুইজাৰলেণ্ড-ৰ আলেক্সাণ্ড্ৰে য়াৰ্ছিন (Alexandre Yersin); জাপান-ৰ কিটাটাছো শ্বিবাছাবুৰো (Kitasato Shibasaburō); ফ্ৰান্সজঁ মাৰ্টিন চাৰ্ক'ট (Jean-Martin Charcot), ক্ল বাৰ্নাৰ্ড (Claude Bernard), পল ব্ৰোকা (Paul Broca) আদিয়ে প্ৰভূত বৰঙনি যোগাইছিল। একদৰেই ৰুছিয়ানিকোলাই কোৰোটকভ্‌ (Nikolai Korotkov), আৰু ইংলেণ্ডৰ উইলিয়াম অছ্‌লাৰ (William Osler|Sir William Osler) আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৰ্ভে কুছিংৰ (Harvey Cushing) অৱদানো আছিল বিশেষভাৱে উল্লেখনীয়।

বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে চিকিৎসা-বিজ্ঞানত ঔষধ-ৰ প্ৰয়োগ বাঢ়ি আহিবলৈ ধৰে। ওঠৰশ শতিকালৈ চিকিৎসা বিজ্ঞানত ঔষধ হিচাপে গছ-লতাৰ উপৰিও, জীৱৰ দেহৰ অংশ আৰু মানৱ দেহৰ অংশ ব্যৱহাৰ কৰা হৈছিল।[28] ঔষধ বিজ্ঞান (Pharmacology) এনেদৰে বনৌষধি-ৰ পৰাই বিকশিত হৈছে। এতিয়াও কেবাবিধৰ ঔষধ উদ্ভিদৰপৰাই পোৱা যায়। প্ৰতিষেধক ছিটাৰ আৱিষ্কাৰক আছিল ক্ৰমে এড'ৱাৰ্ড জেনাৰ (Edward Jenner) আৰু লুই পেষ্টুৰ (Louis Pasteur)। বৰ্তমান ঔৱধ প্ৰস্তুত কৰিবলৈ ৰাসায়নিক প্ৰক্ৰিয়াৰ সহায় লোৱা হয়. লগতে প্ৰয়োজন বোধে প্ৰয়োগশালাত ডিজাইন কৰা অণুৰ প্ৰয়োগো কৰা হয়। অতি সম্প্ৰতি জিনীয় প্ৰযুক্তিৰ যোগেদিও ঔষধ প্ৰস্তুত কৰা হৈছে।

পল এৰলিখ-এ (Paul Ehrlich) ১৯০৮ চনত প্ৰথমে আৰ্ছেফিনামিন (arsphenamine/Salvarsan) নামৰ এণ্টিবায়'টিক ঔষধ আৱিষ্কাৰ কৰে।[29] ছালফা যৌগ প্ৰথমে আৱিষ্কাৰ হোৱা এণ্টিবায়'টিকৰ শ্ৰেণী।

সাক্ষ্য ভিত্তিক চিকিৎসা বিজ্ঞান (Evidence-based medicine) সমসাময়িক চিকিৎসাৰ এটা ধাৰা। এই ধাৰাত চিকিৎসা পদ্ধতিৰ সুষম আৰু সফলতম প্ৰয়োগৰ বাবে প্ৰমাণযোগ্য গৱেষণালব্ধ জ্ঞানৰ ওপৰত গুৰুত্ব দিয়া হয়। বৰ্তমান বিশ্বত গঢ়ি উঠা তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশে এই ধাৰাক সহায় কৰিছে। এই ধাৰাক নেতৃত্ব প্ৰদান কৰিছে কক্ৰেন ক'লাবোৰেছন-এ (Cochrane Collaboration)।


The Doctor, শিল্পীঃ ছাৰ লিউক ফিল্ডছ্‌ (Sir Luke Fildes) (১৮৯১)

ক্লিনিকেল আচাৰ (Clinical practice)[সম্পাদনা কৰক]

চিকিৎসা বিজ্ঞানৰ নিয়মৰ অধীনত চিকিৎসক এজনে নিজৰ চিকিৎসা বিষয়ক জ্ঞানৰ আধাৰত প্ৰথমে ৰোগবিধ নিৰ্ণয় কৰে, চিকিৎসা প্ৰদান কৰে আৰু আগলৈ ৰোগ প্ৰতিষোধ কৰাৰ যত্ন কৰে। চিকিৎসক ৰোগীৰ মাজৰ সম্পৰ্ক এটা আৰম্ভ হয় ৰোগী চিকিৎসকৰ ওচৰলৈ অহাৰ পাছত চিকিৎসকে ৰোগীৰ ৰোগৰ ইতিহাস আৰু নথীসমূহ চোৱাৰ পাছৰেপৰা। ইয়াৰ পাছত ৰোগীৰ লগত ৰোগসম্পৰ্কে জানিবলৈ এটা সাক্ষাৎকাৰ লোৱা হয়[30] আৰু ৰোগীৰ দেহ পৰীক্ষা কৰা হয়। দেহৰ পৰীক্ষা কৰাৰ সময়ত ষ্টেথ'স্কোপ আদিৰ দৰে সঁজুলিৰ সহায় লোৱা হয়। ৰোগৰ লক্ষণসমূহ জনাৰ পাছত প্ৰয়োজন অনুসৰি অন্যান্য পৰীক্ষা যেনে তেজৰ পৰীক্ষা, এক্স-ৰে, বায়'প্‌ছি আদিৰ বিধান দিয়া হয়। ইয়াৰ লগতে ৰোগ নিৰসনৰ বাবে ঔষধ বা প্ৰয়োজনীয় অন্যান্য চিকিৎসাৰ বিধান দিয়া হয়। জনা তথ্যৰ আধাৰত সাধাৰণতে সম্ভাৱনীয় ৰোগসমূহৰ এখন তালিকা কৰা হয় আৰু ৰোগীক প্ৰয়োজনীয় কথা আৰু লবলগীয়া সাৱধানতা আদিৰ বিষয়েও জনোৱা হয়। এই সম্পূৰ্ণ কাৰ্যাৱলী লিখিত ৰূপত সংৰক্ষণ কৰা হয়। ৰোগীৰ নথি প্ৰায় সকলো দেশতে ন্যায়িক নথি বুলি ধৰা হয়[31]। পাছৰ বাৰ ৰোগীয়ে দেখুৱাবলৈ অহাৰ সময়তো একেখিনি নিয়মকে মনা হয় যদিও সাধাৰণতে প্ৰথম বাৰতকৈ কম সময় লাগে, কাৰণ বেছিভাল তথ্য প্ৰথমেই নথিভুক্ত কৰা হয়।

ৰোগ পৰীক্ষাৰ অংশসমূহ হৈছে[30]:

  • মুখ্য অসুবিধা (Chief complaint (cc)): চিকিৎসকৰ ওচৰলৈ অহাৰ মূখ্য কাৰণ। এই কাৰণ সমূহক ৰোগৰ লক্ষণ (symptoms) বোলা হয়। ৰোগৰ লক্ষণ হৈছে, ৰোগীৰ নিজৰ ভাস্য অনুসৰি নিজে অনুভৱ কৰা অসুবিধাসমূহ। এইখিনিতে অসুবিধাসমূহ কিমান দিনৰপৰা হৈ আছে, তাকো সোধা হয়। ইয়াকে প্ৰদৰ্শিত লক্ষণ (presenting complaint) বুলিও কোৱা হয়।
  • বৰ্তমান ৰোগৰ বিৱৰণী (History of present illness / complaint (HPI)): এই অংশত লক্ষণসমূহৰ দৈৰ্ঘৰ লগতে বিতং বিৱৰণী লোৱা হয়।
  • বৰ্তমান স্থিতি: ৰোগীৰ পেছাৰ বিৱৰণী।
  • ৰোগীয়ে ব্যৱহাৰ কৰি থকা ঔষধাদিৰ বিৱৰণ: ৰোগীয়ে সেই সময়ত যিকোনো অসুবিধাৰ বাবে ব্যৱহাৰ কৰি থকা অন্যান্য ঔষধৰ বিষয়ে বতৰা লোৱা হয়।
  • পুৰণি ৰোগৰ বিৱৰণ: ৰোগীৰ পুৰণি ৰোগৰ তথ্যাদি বা সমকালীন ভাৱে ভূগি থকা অন্যান্য দিঘলীয়া ৰোগ, আঘাট, প্ৰতিষেধকৰ বিৱৰণী।
  • সামাজিক বিৱৰণী: ৰোগীৰ জন্মস্থান, বাসস্থান, বিবাহ, আৰ্থিক আৰু সামাজিক স্থিতি, খাদ্যাভাস, নিচাসক্তিৰ বিৱৰণ।
  • পৰিয়ালৰ ৰোগৰ বিৱৰণী: ৰোগীৰ পৰিয়ালৰ অইন লোকে ভূগি থকা ৰোগৰ বিষয়ে সোধা হয়। প্ৰয়োজন বোধে বংশলতিকা প্ৰস্তুত কৰা হয়।
  • প্ৰণালীগত পুণৰনিৰীক্ষণ (Review of systems (ROS) or systems inquiry')': সাধাৰণতে ওপৰৰ সাক্ষাৎকাৰৰ সময়ত ৰৈ যাব পৰা কিছুমান অৱশ্যে সুধিবলগীবা প্ৰশ্ন এই অংশত সোধা হয়। যেনে, ওজন হ্ৰাস, টোপনিৰ ব্যঘাত, জ্বৰ, টেমূনা, শৌচ-প্ৰসাৱৰ অসুবিধা ইত্যাদি)। প্ৰয়োজনবোধে অইন তন্ত্ৰৰ বিষয়েও বিশেষ প্ৰশ্ন সোধা হয়।

ৰোগীৰ সাক্ষাৎকাৰৰ পাছত ৰোগৰ চিহ্ন (Signs) উলিয়াবলৈ ৰোগীৰ দেহ পৰীক্ষা কৰা হয়। দেহ পৰীক্ষাৰপৰা চিকিৎসকে পোৱা ৰোগৰ লক্ষণ সমূহক ৰোগ চিহ্ন (Signs) বোলা হয়। চিকিৎসকে ৰোগৰ চিহ্ন নিৰ্ণয় কৰিবলৈ দৰ্শন, শ্ৰৱণ, স্পৰ্শ, ঘ্ৰাণ সমূহ ইন্দ্ৰিয়ৰ প্ৰয়োগ কৰে, প্ৰয়োজন অনুসৰি যন্ত্ৰৰ ব্যৱহাৰ কৰা হয়। দৈহিক পৰীক্ষাৰ বাবে চাৰিটা নিয়মক ক্ৰমানুসাৰে ব্যৱহাৰ কৰিবলৈ শিক্ষা দিয়া হয়: চাক্ষুস পৰীক্ষণ (Inspection), স্পৰ্শ পৰীক্ষণ (Palpation), পাৰ্‌কাছন (Percussion) আৰু অ'ছকাল্‌টেছন (Auscultation)। চাক্ষুস পৰীক্ষণ চকুৰে দেখা লক্ষণসমূহ নিৰ্ণয় কৰা হয়। স্পৰ্শ পৰীক্ষণত ৰোগীৰ দেহৰ বিভিন্ন অংশ পিটিকি-মোহাৰি ঘাইকৈ স্পৰ্শৰ দ্বাৰা পৰীক্ষা কৰা হয়, পাৰ্‌কাছনত ৰোগীৰ দেহত আঙুলিৰে টুকুৰিয়াই উৎপন্ন কৰিব পৰা শব্দৰ পৰীক্ষা কৰা হয়, আৰু অ'ছকাল্‌টেছনত ষ্টেথোস্কোপ-এৰে ৰোগীৰ দেহৰ অংগই উৎপন্ন কৰা মৃদু শব্দৰ বুজ লোৱা হয়। দৈহিক পৰীক্ষা কৰোঁতে এই নিয়মৰ ক্ৰমানুৱৰ্তীতা মানি চলাত গুৰুত্বাৰোপন কৰা হয়।

ক্লিনিকেল পৰীক্ষাৰ দ্বাৰা তলত উল্লেখিত বিষয়সমূহৰ বিষয়ে যথাসাধ্য জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰা হয়।

  • বুনিয়াদী চিহ্ন, (Vital signs): ওজন, উচ্চতা, দেহৰ উত্তাপ, ৰক্তচাপ, নাড়ী (pulse), শ্বাসৰ হাৰ, হিমোগ্লোবিনৰ পৰিমাণ
  • ৰোগীৰ গঢ়-গতি (দৈহিক অৱস্থা, জণ্ডিছ, তেজহীনতা, নখত ক্লাবিং ইত্যাদি)
  • ছাল (Skin)
  • মূৰ, চকু, কাণ, ডিঙি
  • হৃদযন্ত্ৰ আৰু সিৰা আৰু ধমনীৰ অৱস্থা
  • শ্বাস তন্ত্ৰ
  • পাচন তন্ত্ৰ
  • প্ৰজনন অংগ
  • হাড় আৰু পেশী
  • স্নায়ু তন্ত্ৰ
  • মানসিক স্থিতি

অৱশ্যে সাক্ষাৎকাৰত সময়ত ওলাই সম্মুখলৈ অহা তন্ত্ৰটোৰ বিষয়েহে বেছি ভালকৈ পৰীক্ষা কৰা হয়, সকলোখিনি পৰীক্ষা প্ৰায়েই কৰা নহয়।

প্ৰয়োজন বোধে প্ৰায়োগিক পৰীক্ষা (Laboratory Test) বা 'চিকিৎসা বিজ্ঞানীয় প্ৰতিচ্ছবি বিজ্ঞান'ৰ (Medical Imaging) সহায় লোৱা হয়।

চিকিৎসাৰ সিদ্ধান্ত লওঁতে (Medical decision-making, MDM) ওপৰোক্ত সাক্ষাৎকাৰ আৰু পৰীক্ষাৰ পাছত ওলাই অহা তথ্যসমূহ বিশ্লেষন কৰি প্ৰথমে সাম্ভাৱ্য ৰোগৰ তালিকা (differential diagnosis) এখন প্ৰস্তুত কৰা হয়, তাৰ পাছত ৰোগীৰ মূল ৰোগবিধ কি সেইটো নিৰ্ণয় কৰিবলৈ কি ব্যৱস্থা লোৱা হয়, তাৰো পৰিকল্পনা কৰা হয়।

ইয়াৰ পাছত প্ৰকৃত ৰোগ নিৰ্ণয় কৰা (নিদান) আৰু চিকিৎসাৰ বিষয়ে সিদ্ধান্ত লোৱা হয়। ৰোগীক আৰু পৰীক্ষাৰ বাবে পৰামৰ্শ দিয়া, ঔষধ বা অন্যান্য পদ্ধতি অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া, প্ৰয়োজন বোধে বিশেষজ্ঞৰ ওচৰলৈ প্ৰেৰণ কৰা, কেতিয়াবা ৰোগীক অকল সাৱধানে থাকিবলৈ দিয়া আদি বিভিন্ন সিদ্ধান্ত লোৱা হ'ব পাৰে, আৰু সকলোখিনিয়েই চিকিৎসাৰ অংশ। ৰোগীক পুনৰাই নিয়মিত পৰীক্ষাৰ বাবেও মতা হ'ব পাৰে।

সমগ্ৰ পদ্ধতিটোত লগা সময়, কেইটামান মিনিটৰপৰা এটা দুটা সপ্তাহলৈ হ'ব পাৰে। সেয়া নিৰ্ভৰ কৰি ৰোগীৰ লক্ষণৰ জটিলতা আৰু ব্যাপ্তিৰ ওপৰত। দুৰূহ ৰোগ নিৰ্ণয় কৰোঁতে সাধাৰণতে দিঘলীয়া সময় লাগে।

পুনৰ পৰীক্ষাৰ সময়তো প্ৰায় একেখিনি পদ্ধতি পালন কৰা হয়, কিন্তু প্ৰথম বাৰতকৈ কম সময় লাগে।

প্ৰতিষ্ঠান[সম্পাদনা কৰক]

ছাণ্টা মাৰিয়া ডে লা স্কেলা (ছিয়েনা)(Santa Maria della Scala (Siena)), ড'মেনিকো ডি বাৰ্ট'লো-ৰ (Domenico di Bartolo, ১৪৪১-১৪৪২) অংকিত ফ্ৰেস্কো।

সাম্প্ৰতিক কালত চিকিৎসা বিজ্ঞানক স্বাস্থ্য দপ্তৰৰ দ্বাৰা পৰিচালনা কৰা হয়। চিকিৎসা সম্বন্ধীয় ন্যায়িক বিধান, যোগ্যতা, বিনিয়োগ আদিৰ বিধান দেশৰ চৰকাৰে স্থাপন কৰে, আৰু কিছুমান ক্ষেত্ৰত আন্তৰ্জাতিক ভাৱে এই নিয়মাৱলী মানি চলা হয়। স্বাস্থ্য খণ্ডৰ নীতি-নিয়ম, বিধানে চিকিৎসা কেনেকৈ প্ৰদান কৰা হয়, তাৰ ওপৰত প্ৰমুখ প্ৰভাৱ পেলায়।

উন্নত দেশ সমূহত (আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰে)[32][33] আৰু প্ৰায় ভাগ উন্নয়নশীল দেশত চিকিৎসা প্ৰদানক সাৰ্বজনীন স্বাস্থ্য সেৱা-ৰ (Universal Health Care) জৰিয়তে প্ৰদান কৰা হয়। এই সেৱাৰ জৰিয়তে সকলো দেশবাসীকে বাবে চিকিৎসা প্ৰদানৰ বাবে একেটা ব্যয় কোষৰপৰা বা বাধ্যতামূলক স্বাস্থ্য বীমাৰ জৰিয়তে চিকিৎসা প্ৰদান কৰা হয়। সমূহ দেশবাসীয়েই নিজৰ আৰ্জনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ যাতে স্বাস্থ্য সেৱা লাভ কৰিবলৈ সক্ষম হয়, তাৰ বাবে সাৰ্বজনীন স্বাস্থ্য সেৱা প্ৰদান কৰা হয়। চৰকাৰী বা বেচৰকাৰী বা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ যোগেদি চিকিৎসা প্ৰদানক ৰাইজৰ মাজলৈ লৈ যোৱা হয়।

বেজীৰে দিব পৰা ঔষধৰ এম্পিউল

চিকিৎসা প্ৰদানত তথ্যৰ স্বচ্ছতাৰ প্ৰতিও নজৰ দিয়া হয়। অৱশ্যে ইয়াৰ লগতে ৰোগীৰ ব্যক্তিগত তথ্যৰ গোপনশীলতা অটুট ৰখাৰ ওপৰতো গুৰুত্ব দিয়া হয়।

চিকিৎসা প্ৰদানৰ আধাৰ স্তৰ[সম্পাদনা কৰক]

চিকিৎসা সেৱাৰ প্ৰদান ব্যৱস্থাক তিনিটা ভাগত ভগোৱা হয়: প্ৰাথমিক (primary), মাধ্যমিক (secondary) আৰু উচ্চ (tertiary) বিভাগ।

'প্ৰাথমিক সেৱা' ৰোগীয়ে চিকিৎসাৰ বাবে আগবাঢ়ি অহাৰ সময়ত অহা প্ৰথমটো সংযোগ। চিকিৎসকৰ উপৰিও নাৰ্ছ, সহায়কাৰী বা অন্যান্য স্বাস্থ্য-কৰ্মীৰ দ্বাৰা প্ৰাথমিক সেৱা প্ৰদান কৰা হয়। প্ৰায় ৯০% ৰোগীৰ সমস্যা এই প্ৰাথমিক সেৱাৰ যোগেদিয়েই সমাধান কৰাটো সম্ভৱ। প্ৰাথমিক সেৱাত চিকিৎসাৰ লগতে প্ৰতিৰোধ আৰু সাস্থ্যৰ নীতি-নিয়ম সম্পৰ্কে শিক্ষা দিয়া হয়।

মাধ্যমিক পৰ্যায়ৰ সেৱা বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয়। সাধাৰনতে চিকিৎসকৰ চেম্বাৰ বা ক্লিনিক বা হস্পিটেল সমূহত মাধ্যমিক সেৱা প্ৰদান কৰা হয়। মাধ্যমিক সেৱাৰ বাবে 'প্ৰাথমিক সেৱা'ৰপৰা ৰোগীক উচ্চ পৰ্যায়ৰ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। যিবোৰ সমস্যা সমাধানৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ প্ৰয়োজন হয়, তেনে সমস্যাবোৰ প্ৰেৰণ কৰা হয়। মাধ্যমিক সেৱাৰ বাবে ৰোগীক বহিঃ বা অন্তঃ দুয়োটা বিভাগতে চিকিৎসা প্ৰদান কৰা হ'ব পাৰে। শল্য চিকিৎসা, প্ৰাথমিক সেৱাৰ দ্বাৰা সমাধান কৰিব নোৱাৰা সমস্যা আদি মাধ্যমিক সেৱাত চোৱা হয়।

উচ্চ সেৱাৰ প্ৰদানৰ বাবে বিশেষ সুবিধা থকা চিকিৎসালয় বা আঞ্চলিক প্ৰতিষ্ঠানৰ প্ৰয়োজন হয়। প্ৰাথমিক আৰু মাধ্যমিক স্তৰত উপলব্ধ নোহোৱা বিভিন্ন পৰীক্ষা-নীৰিক্ষা আৰু চিকিৎসা ব্যৱস্থা আৰু বিশেষ অৰ্হতা থকা চিকিৎসা বিশেষজ্ঞৰ যোগেদি এই সেৱা প্ৰদান কৰা হয়। চিকিৎসা মহাবিদ্যালয় সমূহক উচ্চ পৰ্যায়ৰ চিকিৎসা প্ৰদান প্ৰতিষ্ঠান বুলি গণ্য কৰা হয়।


শাখা[সম্পাদনা কৰক]

আধুনিক চিকিৎসা সেৱাৰ প্ৰদান এটা বহুজনীয় আৰু বহুশাখাৰ আন্তঃ গোট। প্ৰশিক্ষিত চিকিৎসা কৰ্মী, চিকিৎসক, পৰীক্ষা-কৰ্মী, ধাত্ৰী, জৰুৰী-অৱস্থাৰ বাবে প্ৰশিক্ষিত স্বাস্থ্য-কৰ্মী ইত্যাদিৰে এটা এই গোট গঠিত হয়।

মানৱ চিকিৎসা বিজ্ঞানে অকল ৰোগ সম্বন্ধীয় কথাৰ বাহিৰেও আন সংশ্লিষ্ট বিষয় সাঙুৰি লয়। দন্ত চিকিৎসা বিজ্ঞান বেলেগকৈ পঢ়া হয় যদিও মূলতঃ ইও চিকিৎসা বিজ্ঞানৰ এটা অংশ।

চিকিৎসক সকলে নিম্নোক্ত গোট সমূহৰ ভিতৰত বিশেষজ্ঞৰ পাঠ্যক্ৰম পঢ়িব পাৰে।

চিকিৎসা বিজ্ঞানৰ মূল শাখা সমূহ:

  • চিকিৎসা বিজ্ঞানৰ বুনিয়াদী বিজ্ঞান: (Basic sciences) ইয়াত মানৱ শৰীৰৰ গঠন, কাৰ্য আৰু ৰাসায়নিক প্ৰক্ৰিয়া, জৈৱ-পৰিসংখ্যা, কোষ বিজ্ঞান ইত্যাদি অধ্যয়ন কৰিব লাগে। পোনপটীয়াকৈ চিকিৎসা বিষয়ক আলোচনা নহ'লেও এইখিনিয়ে ৰোগৰ বিষয়ে জনাৰ আধাৰ প্ৰস্তুত কৰে আৰু ইয়াক চিকিৎসাৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰে। চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰ বাবে এইখিনি বাধ্যতামূলক ভাৱে পঢ়িব লাগে। পাছলৈ চিকিৎসকে এইবোৰ বিষয়ত উচ্চতৰ ডিগ্ৰী আৰু গৱেষণাৰ বাবে অধ্যয়ন কৰিব পাৰে।
  • চিকিৎসা বিষয়ক শাখা: (Medical specialties) চিকিৎসা বিজ্ঞানৰ অধ্যয়ন আৰু প্ৰদানৰ সুবিধাৰ বাবে চিকিৎসা বিষয়ক কিছুমান ভাগত ভগোৱা হৈছে। অংগ ভেদে আৰু কিছু ক্ষেত্ৰত ৰোগ ভেদে এই শাখা সমূহ ভাগ কৰা হৈছে।
  • আন্ত-শাখা: (Interdisciplinary fields) কেবাটাও সংলগ্ন শাখাৰ সংমিশ্ৰন কৰিও কিছুমান শাখা গঠন কৰা হৈছে। এনে শাখাবোৰত ভিন্ন তন্ত্ৰত প্ৰভাৱ বিস্তাৰ কৰা কিছুমান ৰোগৰ বিষয়ে আলোচনা কৰা হয়।

বুনিয়াদী শাখাসমূহ[সম্পাদনা কৰক]

বিশেষজ্ঞ শাখাসমূহ[সম্পাদনা কৰক]

চিকিৎসা-বিজ্ঞানৰ অন্তৰ্গত কেবাটাও বিশেষজ্ঞ শাখা আছে। বিশেষজ্ঞ শাখাসমূহৰ বাবে বেলেগে উচ্চ শিক্ষা আহৰণ কৰিব লাগে। বিশেষজ্ঞ শাখাসমূহৰ গঠন মূলতঃ সেই শাখাত হোৱা প্ৰযুক্তিগত বিকাশে নিৰ্ণয় কৰে, য'ত বিশেষ জ্ঞানৰ প্ৰয়োজন হয় (যেনে সংজ্ঞানাশক ঔষধৰ ব্যৱহাৰ), বা কিছুমান কৰ্মৰ একেৰূ’পী ধাৰায়ো (যেনে জৰুৰীকালীন অৱস্থাৰ চিকিৎসা) বিশেষজ্ঞ বিভাগ একোটাৰ জন্ম দিয়ে।

চিকিৎসা বিজ্ঞানৰ বিশেষজ্ঞ শাখাসমূহক মূলতঃ দুটা প্ৰধান ভাগত ভগোৱা হয়ঃ মেডিচিন আৰু ছাৰ্জাৰী (শল্য চিকিৎসা)। অস্ত্ৰোপচাৰৰ অবিহনে চিকিৎসা প্ৰদান কৰা সকলো শাখাকে মেডিচিনৰ ভিতৰত ৰখা হয়। বেছিভাগ এনে বিশেষজ্ঞ শাখাসমূহৰ বাবে 'আভ্যন্তৰিণ মেডিচিন' (Internal Medicine)-এ উচ্চ শিক্ষা গ্ৰহন কৰাটো প্ৰয়োজনীয়। ভাৰতবৰ্ষত স্নাতকোত্তৰ পৰ্যায়ত বিশেষজ্ঞ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰা হয়। ছাৰ্জাৰী বিভাগত যিকোনো অস্ত্ৰোপচাৰ সম্বলিত চিকিৎসা প্ৰদান ব্যৱস্থাক ৰখা হৈছে। কিছুমান শাখাক এতিয়াও মেডিছিন আৰু ছাৰ্জাৰী বুলি শাখাভূক্ত কৰিব নোৱাৰি, যেনে, ৰেডিঅ'লজী, পেথ'লজী, এনাষ্ঠেছিঅ'লজী ইত্যাদি।

ছাৰ্জাৰীৰ অন্তৰ্গত শাখাসমূহত বিশেষজ্ঞই অস্ত্ৰোপচাৰ কৰাৰ উপৰিও, অস্ত্ৰোপচাৰ বিধান সম্বন্ধীয় সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয়। ইয়াৰ উপৰি অস্ত্ৰোপচাৰৰ আগৰ আৰু পাছৰ আনুষাংগিক সমস্যাবিলাকো সমাধান কৰিব লাগে।

মেডিচিনৰ অন্তৰ্গত বিশেষজ্ঞ শাখাসমূহ[সম্পাদনা কৰক]

'আভ্যন্তৰীণ মেডিচিন' জটিল আৰু দুৰহ ৰোগসমূহৰ নিদান, যত্ন আৰু অস্ত্ৰোপচাৰ অবিহনে কৰা চিকিৎসা সম্বন্ধীয় শাখা। এই শাখাত তন্ত্ৰ সাপেক্ষে বা সমগ্ৰ শৰীৰকে একেলগে অধ্যয়ন কৰা হ'ব পাৰে। কিছুমান উৎসৰ মতে, দেহৰ আভ্যন্তৰীণ অংগৰ বিষয়ে অধ্যয়ন কৰা হয়[34] ইয়াক আভ্যন্তৰীণ মেডিচিন বোলা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত এই বিভাগৰ চিকিৎসকক 'ইণ্টাৰনিষ্ট' (Internist) বুলি কোৱা হয়। আনহাতে কমনৱেল্‌থ ৰাষ্ট্ৰ সমূহত এই বিভাগৰ চিকিৎসকক 'ফিজিছিয়ান' (Physician) বুলি কোৱা হয়। [35] ফিজিছিয়ান আৰু ইণ্টাৰনিষ্ট দুয়োটা শব্দৰে আওতাত স্ত্ৰী-আৰু প্ৰসূতি ৰোগ, পেথ'লজী, চাইকিয়াট্ৰী আৰু সকলো শল্য চিকিৎসা সম্বিলত শাখাক ৰখা নহয়।

বৰ্তমান আভ্যন্তৰীণ মেডিচিনৰ ভিতৰতো কেবাটাও অতি-বিশেষ বিশেষজ্ঞ শাখা আছে। উদাহৰণ স্বৰূপে, কিডনী সম্বন্ধীয় নেফ্ৰ'লজী ইত্যাদি। [36]

আভ্যন্তৰীণ মেডিছিন শাখাৰ উপশাখা সমূহ:

  • কাৰ্ডিঅ'লজী (হৃদযন্ত্ৰ সম্বন্ধীয়) Cardiology
  • সংকটাৱস্থাৰ চিকিৎসা Critical care medicine
  • এণ্ড'ক্ৰাইন'লজী (হৰম'ন সম্বন্ধীয়) Endocrinology
  • গেষ্ট্ৰএণ্টেৰ'লজী (পাচক প্ৰণালী) Gastroenterology
  • জেৰিয়াট্ৰিক্‌ছ (বৃদ্ধাৱস্থাৰ ৰোগ) Geriatrics
  • হিমাট'লজী (ৰক্ত সম্বন্ধীয়) Haematology
  • হেপাট'লজী (যকৃত সম্বন্ধীয়) Hepatology
  • সংক্ৰামক ৰোগ সম্বন্ধীয় Infectious diseases
  • নেফ্ৰ'লজী (বৃক্ক সম্বন্ধীয়) Nephrology
  • অংক'লজী (কৰ্কট ৰোগ সম্বন্ধীয়) Oncology
  • শিশু ৰোগ বিজ্ঞান Pediatrics
  • বুকুৰ ৰোগৰ বিজ্ঞান Pulmonology/Pneumology/Respirology
  • ৰিউমেট'লজী (বাঁত বিষ সম্বন্ধীয়) Rheumatology
  • নিদ্ৰা সম্বন্ধীয় বিজ্ঞান Sleep medicine.

আভ্যন্তৰীণ মেডিছিন বিভাগৰ শিক্ষা দেশ ভেদে বেলেগ বেলেগ হয়। ভাৰতত আভ্যন্তৰীণ মেডিছিনৰ ৩ বছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম আছে। অতি বিশেষ বিশেষজ্ঞ শাখাসমূহৰ অধ্যয়নৰ বাবে মেডিছিন বিভাগৰ স্নাতকোত্তৰ উপাধি লোৱাৰ পাছত দুই বছৰৰ বিশেষ পাঠ্যক্ৰম আছে।


তথ্য সূচী[সম্পাদনা কৰক]

  1. Etymology: Latin: medicina, from ars medicina "the medical art", from medicus "physician". (Etym.Online) Cf. mederi "to heal", etym. "know the best course for," from PIE base *med- "to measure, limit. Cf. Greek medos "counsel, plan", Avestan vi-mad "physician")
  2. "Medicine" Online Etymology Dictionary
  3. Useful known and unknown views of the father of modern medicine, Hippocrates and his teacher Democritus., U.S. National Library of Medicine
  4. 4.0 4.1 The father of modern medicine: the first research of the physical factor of tetanus, European Society of Clinical Microbiology and Infectious Diseases
  5. Prof. Arjuna Aluvihare, "Rohal Kramaya Lovata Dhayadha Kale Sri Lankikayo" Vidhusara Science Magazine, November 1993.
  6. Resource Mobilization in Sri Lanka's Health Sector – Rannan-Eliya, Ravi P. & De Mel, Nishan, Harvard School of Public Health & Health Policy Programme, Institute of Policy Studies [দ্ব্যৰ্থতা দূৰীকৰণৰ প্ৰয়োজন ], February 1997, Page 19. Accessed 2008-02-22.
  7. A. Singh and D. Sarangi (2003). "We need to think and act", Indian Journal of Plastic Surgery.
  8. H. W. Longfellow (2002). "History of Plastic Surgery in India", Journal of Postgraduate Medicine.
  9. Grammaticos P.C. & Diamantis A. (2008). "Useful known and unknown views of the father of modern medicine, Hippocrates and his teacher Democritus". Hell J Nucl Med খণ্ড 11 (1): 2–4. PMID 18392218. 
  10. Garrison 1966, পৃষ্ঠা 97
  11. Martí-Ibáñez 1961, পৃষ্ঠা 90
  12. Becka J (1980). "The father of medicine, Avicenna, in our science and culture: Abu Ali ibn Sina (980–1037) (Czech title: Otec lékarů Avicenna v nasí vĕdĕ a kulture)" (in Czech ভাষাত). Cas Lek Cesk খণ্ড 119 (1): 17–23. PMID 6989499. 
  13. Medical Practitioners
  14. ""The Canon of Medicine" (work by Avicenna)". Encyclopædia Britannica. 2008. http://www.britannica.com/eb/topic-92902/The-Canon-of-Medicine। আহৰণ কৰা হৈছে: 11 June 2008. 
  15. Ahmad, Z. (St Thomas' Hospital) (2007). "Al-Zahrawi – The Father of Surgery". ANZ Journal of Surgery খণ্ড 77 (Suppl. 1): A83. doi:10.1111/j.1445-2197.2007.04130_8.x 
  16. Rabie E. Abdel-Halim (2006), "Contributions of Muhadhdhab Al-Deen Al-Baghdadi to the progress of medicine and urology", Saudi Medical Journal 27 (11): 1631–1641.
  17. Chairman's Reflections (2004), "Traditional Medicine Among Gulf Arabs, Part II: Blood-letting", Heart Views 5 (2): 74–85 [80].
  18. Martín-Araguz A, Bustamante-Martínez C, Fernández-Armayor Ajo V, Moreno-Martínez JM (2002-05-01- - 15). "Neuroscience in al-Andalus and its influence on medieval scholastic medicine" (in Spanish ভাষাত). Revista de neurología খণ্ড 34 (9): 877–892. PMID 12134355. 
  19. David W. Tschanz, PhD (2003), "Arab(?) Roots of European Medicine", Heart Views 4 (2).
  20. On the dominance of the Greek humoral theory, which was the basis for the practice of bloodletting, in medieval Islamic medicine see Peter E. Pormann and E. Savage Smith,Medieval Islamic medicine, Georgetown University, Washington DC, 2007 p. 10, 43–45.
  21. Micheau, Françoise. "The Scientific Institutions in the Medieval Near East". pp. 991–2 , in (Morelon & Rashed 1996, পৃষ্ঠা 985–1007)
  22. Peter Barrett (2004), Science and Theology Since Copernicus: The Search for Understanding, p. 18, Continuum International Publishing Group, ISBN 056708969X.
  23. Michael Dols has shown that the Black Death was much more commonly believed by European authorities than by Middle Eastern authorities to be contagious; as a result, flight was more commonly counseled, and in urban Italy quarantines were organized on a much wider level than in urban Egypt or Syria (The Black Death in the Middle East Princeton, 1977, p. 119; 285–290.
  24. Page through a virtual copy of Vesalius's De Humanis Corporis Fabrica
  25. Madigan M, Martinko J (editors) (2006). Brock Biology of Microorganisms (11th সম্পাদনা). Prentice Hall. ISBN 0-13-144329-1. 
  26. Zimmer, Carl. 2004. Soul Made Flesh: The Discovery of the Brain – and How It Changed the World. New York: Free Press.
  27. "Pierre Fauchard: the 'Father of Modern Dentistry'". British Dental Journal 201, 779 – 781 (2006)
  28. Peter Cooper, "Medicinal properties of body parts", The Pharmaceutical Journal, 18/25 December 2004, Vol. 273 / No 7330, pp. 900–902 http://www.pharmj.com/editorial/20041218/christmas/p900bodyparts.html
  29. "">arsphenamine". arsphenamine - Medical Dictionary - The Free Dictionary
  30. 30.0 30.1 Coulehan JL, Block MR (2005). The Medical Interview: Mastering Skills for Clinical Practice (5th সম্পাদনা). F. A. Davis. ISBN 0-8036-1246-X. OCLC 232304023. 
  31. Addison K, Braden JH, Cupp JE, Emmert D, et al. (AHIMA e-HIM Work Group on the Legal Health Record) (September 2005). "Update: Guidelines for Defining the Legal Health Record for Disclosure Purposes". Journal of AHIMA খণ্ড 78 (8): 64A–G. PMID 16245584. http://library.ahima.org/xpedio/groups/public/documents/ahima/bok1_027921.hcsp?dDocName=bok1_027921. 
  32. Insuring America's Health: Principles and Recommendations, Institute of Medicine at the National Academies of Science, 2004-01-14
  33. "The Case For Single Payer, Universal Health Care For The United States". Cthealth.server101.com. http://cthealth.server101.com/the_case_for_universal_health_care_in_the_united_states.htm। আহৰণ কৰা হৈছে: 4 May 2009. 
  34. "internal medicine" at Dorland's Medical Dictionary
  35. H.W. Fowler. (1994). A Dictionary of Modern English Usage (Wordsworth Collection) (Wordsworth Collection). NTC/Contemporary Publishing Company. ISBN 1853263184. 
  36. "The Royal Australasian College of Physicians: What are Physicians?". Royal Australasian College of Physicians. Archived from the original on 6 March 2008. http://web.archive.org/web/20080306053048/http://www.racp.edu.au/index.cfm?objectid=49EF1EB5-2A57-5487-D74DBAFBAE9143A3। আহৰণ কৰা হৈছে: 5 February 2008.