তেজ
|
|
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয়। (বিশদ নিৰ্দেশনা চাওক।) সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
তেজ বা ৰক্ত (Blood), ৰক্তসংবহন তন্ত্ৰৰ লগত জড়িত এবিধ তৰল মাধ্যম । ই ৰক্তবাহিকাইদি খাদ্য, শ্বসন গেছ, ৰেচন দ্ৰব্য, হ'ৰম'ন, এনজাইম, আদি দ্ৰব্যবোৰ বিভিন্ন কলাসমূহলৈ প্ৰেৰণ কৰে আৰু কলাকোষসমূহত উৎপন্ন হোৱা কাৰ্বন ডাই-অস্কাইড গেছ আৰু অন্যান্য বিপাকীয় অলাগতিয়াল দ্ৰব্যসমূহ সংগ্ৰহ কৰি নিৰ্দিষ্ট স্হানলৈ কঢ়িয়াই নিয়ে । তেজ এবিধ তৰল সংযোজক কলা । ই প্লাজমা আৰু ৰক্তকণাৰে গঠিত । তেজত প্লাজমাৰ পৰিমাণ ৫৫ শতাংশ আৰু ৰক্তকণিকাৰ পৰিমাণ ৪৫ শতাংশ । তেজৰ ৰক্তকণিকাসমূহ প্লাজমাত ওপঙি থাকে আৰু তেজৰ সোঁতত ইহঁত প্ৰবাহমান হৈ থাকে ।
প্লাজমা: ৰক্তকণিকাবিহীন তেজৰ তৰল অংশই হ'ল প্লাজমা । ইয়াৰ ৰং পাতল হালধীয়া । ই কিছুমান অজৈৱিক আৰু জৈৱিক উপাদানেৰে গঠিত । অজৈৱিক উপাদানসমূহ হ'ল: ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম, আইৰণ ক্ল'ৰাইড, বাইকাৰ্বনেট, ছালফেট, ফছফেট, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন ইত্যাদি । জৈৱিক উপাদানসমূহ হ'ল: প্ৰটিন, কাৰ্বহাইড্ৰেট, লিপিড, হৰমন, এনমিয়া, ইউৰিয়া, ইউৰিক এচিড, এণ্টিবডি ইত্যাদি । প্লাজমাত খাদ্যৰ সৰল অৱস্থাসমূহ যেনে- গ্লুকজ, এমিন' এচিদ ইত্যাদি দ্ৰৱীভূত হৈ থাকে । এমনিয়া, ইউৰিয়া আৰু ইউৰিক এচিড আদি যৌগবোৰ প্লাজমাত থকা অলাগতিয়াল নাইট্ৰজেন জাতীয় ৰেচন দ্ৰব্য । দেহৰ পৰা উলিয়াই দিয়াৰ উদেশ্যে প্লাজমাই এইবোৰক উৎপন্ন হোৱা স্থানৰ পৰা ৰেচন অংগসমূহলৈ কঢ়িয়াই নিয়ে ।
ৰক্তকণিকা: তেজত তিনিবিধ ৰক্তকণিকা পোৱা যায়- লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকা । লোহিত ৰক্তকণিকাবোৰত হিম'গ্লবিন নামৰ এবিধ ৰঙা শ্বাসৰঞ্জক(Respiratory pigment) থাকে আৰু ইয়াৰ বাবেই তেজৰ ৰং ৰঙা হয় । লোহিত ৰক্তকণিকাৰ মুখ্য কাৰ্য হ'ল- ইয়াত থকা হিমগ্লবিনৰ দ্বাৰা হাওঁফাওঁৰ পৰা অক্সিজেন কঢ়িয়াই বিভিন্ন কলাসমূহক যোগান ধৰা । শ্বেত ৰক্তকণিকাৰ মুখ্য কাৰ্য হ'ল দেহক অনুজীৱৰ আক্ৰমণৰপৰা ৰক্ষা কৰা । অনুচক্ৰিকাৰ মুখ্য কাৰ্য হ'ল ৰক্তবাহিকাসমূহৰ পৰা হোৱা ৰক্তপাত বন্ধ কৰি শৰীৰত তেজৰ পৰিমাণ সংৰক্ষণ কৰা ।
ৰক্তদান: তেজৰ গ্ৰুপ চাৰিটা- A, B, AB আৰু O । গাইগুটীয়াভাৱে সকলো মানুহৰ তেজৰ গ্ৰুপ এই চাৰিটাৰ ভিতৰত যিকোনো এটা হয় । ৰক্তদানৰ ক্ষেত্ৰত O গ্ৰুপে সকলোকে, A আৰু B গ্ৰুপে AB গ্ৰুপক ৰক্ত দান কৰিব পাৰে । অৰ্থাৎ O গ্ৰুপে কেৱল O গ্ৰুপৰ, A গ্ৰুপে O আৰু A গ্ৰুপৰ আৰু B গ্ৰুপে O আৰু B গ্ৰুপৰ, AB গ্ৰুপে A, B, AB আৰু O গ্ৰুপৰ তেজ গ্ৰহণ কৰিৰ পাৰে ।