সাহিত্য
| সাহিত্য |
|---|
|
প্ৰধান ক্ষেত্ৰ
|
|
উপন্যাস · কবিতা · নাটক |
| গোত্ৰ |
|
মহাকাব্য · গীতি-কাব্য · নাটক |
| মাধ্যম |
| কৌশল |
| ইতিহাস আৰু তালিকা |
|
সাহিত্যৰ ক্ৰম বিকাশ |
| আলোচনা |
লিখন-শিল্পক এক কথাত সাহিত্য (ইংৰাজী: literature) বোলা হয়। গদ্য, পদ্য আৰু নাটক - এই তিনি ধাৰাত প্ৰাথমিকভাৱে সাহিত্যক ভাগ কৰা হৈছে। গদ্যৰ কিছুমান ভাগ হৈছে প্ৰবন্ধ, নিবন্ধ, গল্প ইত্যাদি। সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে সাহিত্য।
‘সম’ আৰু ‘হিত’ – এই দুয়োটা শব্দৰ পৰাই সাহিত্য শব্দটোৰ সৃষ্টি হৈছে। সাহিত্যৰ লগত ভাষাৰ সম্পৰ্ক ওতঃপ্ৰত, দুয়ো দুয়োৰে পৰিপুৰক। সাহিত্য হ’ল সমাজৰ দাপোন স্বৰূপ। সমাজত বৰ্তি থকা আবেগ-অনুভূতি, বিদ্ৰোহ-আকাংক্ষা, মৰম-অত্যাচাৰ আদি বিভিন্ন দিশক সাহিত্যৰ যোগেদি প্ৰতিফলিত কৰা হয়। সামাজিক জনজীৱনৰ প্ৰতিটো দশকে ভাষাৰ সহায়ত সাহিত্যৰ যোগেদি প্ৰকাশ কৰিব পাৰি। সাহিত্য অবিহনে এটা ভাষা বা জাতি জীয়াই থাকিব নোৱাৰে । সাহিত্য চৰ্চাই ভাষা বা জাতিক উন্নতিৰ পথত আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সহায় কৰে।