নাটক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাহিত্য
প্ৰধান ক্ষেত্ৰ

উপন্যাস · কবিতা · নাটক
চুটি গল্প · চুটি উপন্যাস

গোত্ৰ

মহাকাব্য · গীতি-কাব্য · নাটক
প্ৰেমধৰ্মী · বিদ্ৰুপাত্মক
বিয়োগাত্মক · হাস্যৰসাত্মক
হাস্য-বিয়োগাত্মক

মাধ্যম

অভিনয় (নাট্যমঞ্চ বা থিয়েটাৰ) · গ্ৰন্থ

কৌশল

গদ্য · পদ্য

ইতিহাস আৰু তালিকা

সাহিত্যৰ ক্ৰম বিকাশ
সাহিত্য বিষয়ক সূচীকৰণ
সাহিত্যৰ ইতিহাস · আধুনিক সাহিত্যৰ ইতিহাস
গ্ৰন্থৰ তালিকা · লিখকসকলৰ তালিকা
সাহিত্য পুৰস্কাৰ · কাব্যিক পুৰস্কাৰ

আলোচনা

সাহিত্য সমালোচনা · সাহিত্য তত্ত্ব · সাহিত্য-সাময়িকী

Drama-icon.svg

নাটক (ইংৰাজী: Drama) সাহিত্যৰ এটি বিশেষ ধৰণ। সাধাৰণতে এটি লিখিত পাণ্ডুলিপি অনুসৰণ কৰি অভিনয় কৰি নাটক পৰিবেশন কৰা হয়। নাটক লিখা হয় অভিনয় কৰাৰ কাৰণে। গতিকে নাটক লিখাৰ আগতেই অভিনয়ৰ যোগ্যতা থকা বাঞ্চনীয়। নাটকত স্থান, সময় আৰু পৰিবেশৰ বৰ্ণনা থকাৰ উপৰিও সংলাপ থাকে। সংলাপৰ মাজেদিয়ে একোজন অভিনেতাই নাটকৰ বিভিন্ন বিষয় উপস্থাপন কৰে। তথাপি সংলাপেই শেষ কথা নহয়। সংলাপবিহীন অভিনয়ো নাটকৰ অংশ।

প্ৰেক্ষাপট[সম্পাদনা কৰক]

সংস্কৃত আলঙ্কাৰিকসকলে নাট্যসাহিত্যক কাব্য সাহিত্যৰ মাজত ঠাই দিছে। তেখেতসকলৰ মতে কাব্য দুই প্ৰকাৰৰ। দৃশ্য কাব্য আৰু শ্ৰব্য কাব্য। নাটক প্ৰধানত: দৃশ্য কাব্য আৰু ই সকলো প্ৰকাৰৰ কাব্য সাহিত্যৰ ভিতৰত শ্ৰেষ্ঠ।

কাব্যেসু নাটকং ৰম্যম

নাটকে দৃশ্য আৰু শ্ৰব্য কাব্যৰ সংমিশ্ৰণত ৰঙ্গমঞ্চৰ সহযোগত গতিশীল মানৱজীৱনৰ প্ৰতিচ্ছবি আমাৰ সন্মুখত জীৱন্ত ৰূপত দাঙি ধৰে। ৰঙ্গমঞ্চৰ অবিহনে নাটকৰ বিষয় স্পষ্ট নহয়। নাটকত উল্লেখিত ক’লা-কুশলীসকলে তেওঁলোকৰ নিপুণ অভিনয়েৰে নাটকৰ জঁকাটোত প্ৰাণৰ সঞ্চাৰ কৰে আৰু তাক বাস্তব জীৱনৰ স্বৰূপ প্ৰদান কৰে। অনেক সময়ত নাট্যকাৰে অভিনেতা অভিনেত্ৰীসকলৰ সংলাপৰ মাজেদি নিজৰ ধ্যান-ধাৰণা তুলি ধৰে। সেইকাৰণে নাটক সম্পূৰ্ণৰূপে বস্তুনিষ্ঠ বা সৰল বা অবজেকটিভ্‌চ্‍ নহবও পাৰে। কিন্তু শ্ৰেষ্ঠ নাট্যকাৰসকলে নিজকে যথাসাধ্য গোপনে ৰাখে আৰু চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত এক বিশেষ ধৰণৰ নিলিৰ্প্ততা অৱলম্বন কৰে।[1]

সংস্কৃত নাটক[সম্পাদনা কৰক]

সংস্কৃত নাটকত দেখা যায় যে, প্ৰথম: পূৰ্বৰঙ্গ বা মঙ্গলাচৰণ, দ্বিতীয়: সভাপূজা (সামাজিকলোকসকল), তৃতীয়: কবিসংজ্ঞা বা নাটকীয় বিষয়-কথন আৰু তাৰপাছত প্ৰস্তাবনা। ’মঙ্গলাচৰণ’ত সূত্ৰধাৰে (তেওঁ জাতিত ব্ৰাক্ষ্মণ, সংস্কৃতজ্ঞ আৰু অভিনয় পটু)মঞ্চত উপস্থিত হৈ অভিনয় কাৰ্য্য সুচাৰুৰূপে সম্পাদন কৰাৰ বাবে যি মঙ্গলাচৰণ কৰে তাৰ নাম’নান্দী’।

প্ৰস্তাবনাৰ পিছতেই সাধাৰণতে প্ৰথম অংক আৰম্ভ হয়। নাটকৰ ক’লা-কুশলীসকলে সম্বাদ নোপোৱাকৈ মঞ্চত প্ৰৱেশ কৰিব নোৱাৰে। মাত্ৰ নায়ক বা নায়িকাৰ প্ৰৱেশৰ ক্ষেত্ৰতহে কোনো সম্বাদৰ প্ৰয়োজন নাই। নাটকত গদ্য-পদ্য দুয়োটা ভাষাই ব্যৱহৃত হয়। তথাপি , সংস্কৃত নাটকত বিদ্বানপুৰুষে সাধাৰণতে সংস্কৃত, বিদুষী মহিলাসকলে শৌৰসেনী, ৰাজপুত্ৰ আৰু শ্ৰেষ্ঠসকলে অৰ্দ্ধমাগধী, বিদুষকে প্ৰাচ্যা আৰু ধূৰ্ত্ত অবন্তিক ভাষা ব্যৱহাৰ কৰিছিল।[1]

এখন সংস্কৃত নাটকৰ দৃশ্য

ঐক্যনীতি[সম্পাদনা কৰক]

সনাতনপন্থী নাট্যকাৰসকলে নাটকত তিনিটি ঐক্যনীতি মানি চলিছিল। সেইকেইটা হ’ল-

  1. সময়ৰ ঐক্য:-কাহিনীটো নাটক হিচাপে মঞ্চত উপস্থাপন কৰোতে যিমান সময় লাগে বাস্তৱ জীৱনত সেই ঘটনাটো ঠিক সিমান সময়তে সংঘটিত হ’লহেতেন এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। এৰিষ্টটলে এই কাল নিৰ্দেশনা দিবলৈ গৈ কৈছিল যে ইয়াক ’চিঙ্গল ৰিভলিউশ্বন অব্‍ দ্য চান’ অৰ্থাৎ ২৪ ঘণ্টাৰ মাজত সীমাবদ্ধ কৰিছিল।
  2. স্থানৰ ঐক্য:-নাটক এনে কোনো স্থানৰ উল্লেখ থাকিব নোৱাৰিব য’লৈ নাট্য-নিৰ্দেশিত সময়ৰ ভিতৰত ক’লা-কুশলীসকলে অহা-যোৱা কৰিব নোৱাৰিব।
  3. ঘটনাৰ ঐক্য:- নাটকত এনে কোনো দৃশ্য বা চৰিত্ৰৰ সমাবেশ ঘটাব নোৱাৰিব যাৰ বাবে নাটকৰ মূল সুৰ ব্যাহত হ’ব পাৰে। সমস্ত চৰিত্ৰ আৰু দৃশ্যই নাটৰ মূল বিষয় আৰু সুৰটোৰ পৰিপূৰকৰূপে প্ৰদৰ্শিত হ’ব লাগেব। লগতে নাটকখনৰ আদি, মধ্য আৰু অন্ত সমন্বিতে এটা অখণ্ডৰূপ হিচাপে পৰিস্ফুট হোৱাতো বাঞ্চনীয়।

ইংৰাজী সাহিট্যত বেন জনচনে ঐক্যনীতি মানি চলিছিল আৰু শ্যেক্সপিয়েৰে মাত্ৰ ’দ্য টেম্পেষ্ট এমং দ্য কমেডি অব্‍ এৰৰচ্‍’ৰ নিয়ম মানি চলিছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে প্ৰাচীন সংস্কৃত নাটকত কাল, স্থান আৰু ঘটনাৰ ঐক্য অনুসৰণ নাই হোৱা। ভবভূতিৰ ’মহাবীৰ চৰিত্ৰ’ত দ্বাদশবৰ্ষৰ ঘটনা নাট্য-আকাৰে পৰিবেশিত হৈছে।[1]


নাটকৰ উপাদান[সম্পাদনা কৰক]

  • মূল ভাবনা বা প্ৰেমিজ: একোখন নাটকে দৰ্শকসকলক কিবা ক’ব বিচাৰে। নাট্যকাৰে একোটি ধাৰণাকে অৱলম্বন কৰি একোটি কাহিনী তৈয়াৰ কৰে। কাহিনীৰ মাধ্যমেৰেই নাট্যকাৰে তেখেতৰ ধাৰণাটো কয়। নাট্যকাৰৰ এই বক্তব্যই হ’ল মূল ধাৰণা বা প্ৰেমিজ।
  • কাহিনী বা প্লট: নাটাকত সাধাৰণতে একোটা ঘটনা থাকে। কাহিনীৰ আৰম্ভণি, মধ্য আৰু শেষ থাকে। কাহিনীত এক বা একাধিক মানুহৰ বা চৰিত্ৰৰ বৰ্ণনা থাকে। নাটকৰ প্ৰধান কাহিনীৰ ওচৰা-ওচৰিকৈ উপ-কাহিনী বা চাব্‍-প্লট থাকিব পাৰে। এই উপ-কাহিনীয়ে প্ৰধান কাহিনীক সহায় কৰে।
  • চৰিত্ৰ: নাটকত যি লোকসকলৰ কাহিনী বৰ্ণনা কৰা হয় সেইলোকসকলেই নাটকৰ চৰিত্ৰ। মূলত: এখন নাটকত এটা প্ৰধান চৰিত্ৰ থাকে। চৰিত্ৰটো নাটকৰ আৰম্ভণিতে যিদৰে থাকে শেষলৈ সেইদৰে নাথাকিবও পাৰে। ঘটনাপ্ৰবাহৰ প্ৰভাৱত তাৰ নানাধৰণৰ পৰিবৰ্তন ঘটে।
  • সংলাপ: নাটকৰ চৰিত্ৰ বা পাত্ৰ-পাত্ৰীসকলে কথোপকথন হিচাপে যি কয় সেইয়াই সংলাপ। পোনপতীয়াকো ক’বলৈ গ’লে নাটকৰ চৰিত্ৰৰ মুখৰ কথাবোৰকেই সংলাপ বোলে।

নাটকৰ শ্ৰেণীবিভাগ[সম্পাদনা কৰক]

কোনো বিশেষ বিষয়ক ভিত্তি কৰি নাটকৰ শ্ৰেণীবিভাগ কৰা হোৱা নাই। নানাৰকম বিষয়বস্তু অনুসৰি নাটকক বিভিন্ন ভাগত ভগোৱা হৈছে। নাটকৰ শ্ৰেণীবিভাগবোৰ এইধৰণৰ-

বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘স্ত্ৰীৰ পত্ৰ’ নাটকৰ এটি দৃশ্যত অভিনেত্ৰী সীমা বিশ্বাস
জ্যোতি প্ৰসাদ আগৰৱালাৰ নাটক লভিতাৰ এটি দৃশ্য

ক) ভাব সংবেদনা ৰীতি অনুসৰি-

  1. ট্ৰেজেডি,
  2. কমেডি,
  3. ট্ৰেজি-কমেডি,
  4. মেলোড্ৰামা, আৰু
  5. ফাৰ্চ।

খ) বিষয়বস্তুৰ উত্স ৰীতি অনুসৰি-

  1. পৌৰাণিক,
  2. ঐতিহাসিক,
  3. ঐতিহাসিককল্প চৰিত্ৰমূলক,
  4. সামাজিক,
  5. পাৰিবাৰিক,
  6. উপকথাশ্ৰয়ী,
  7. কাল্পনিক।

গ) বিষয়বস্তুৰ প্ৰকৃতি অনুসৰি-

  1. ধৰ্মমূলক,
  2. নীতিমূলক,
  3. আধ্যাত্মিক,
  4. ৰাজনৈতিক,
  5. অৰ্থনৈতিক,
  6. প্ৰেমমূলক,
  7. দেশপ্ৰেমমূলক,
  8. সামাজিকমূলক,
  9. ষড়যন্ত্ৰমূলক,
  10. ৰোমাঞ্চকৰ দু:সাহসমূলক আৰু
  11. অপৰাধ আবিস্কাৰমূলক প্ৰভৃতি।

ঘ) উপাদানযোজনা বৈশিষ্ট্য অনুসৰি-

  1. গীতিনাট্য বা অপেৰা,
  2. যাত্ৰা,
  3. নৃত্যনাট্য,
  4. নাটক বা ড্ৰামা।

ঙ) আয়তন বা অংক সংখ্যা অনুসৰি-

  1. মহানাটক,
  2. নাটক,
  3. নাটিকা,
  4. একাঙ্কিকা।

চ) গঠন ৰীতি অনুসৰি-

  1. ক্লাচিকেল,
  2. ৰোমান্তিক,
  3. দৃশ্যাৱলী।

ছ) ৰচনাৰীতি অনুসৰি-

  1. পদ্যনাটক,
  2. গদ্যনাটক,
  3. গদ্য-পদ্যময় নাটক।

জ) উপস্থাপনৰীতি অনুসৰি-

  1. বাস্তবিক নাটক,
  2. ভাবতান্ত্ৰিক নাটক,
  3. ৰূপক নাটক,
  4. সাংকেতিক নাটক,
  5. একপ্ৰেশানিষ্টিক নাটক।

ঝ) উদ্দেশ্য অনুসৰি-

  1. ঘটনামুখ্য (মেলোড্ৰামা),
  2. চৰিত্ৰমুখ্য (চৰিত্ৰনাট্য),
  3. ৰসমুখ্য (ৰসনাট্য), আৰু
  4. তত্ত্বমুখ্য (তত্ত্বনাটক)

লোকনাট্য[সম্পাদনা কৰক]

সাধাৰণ মানুহৰ কথা বতৰাতে যি নাটক গঢ়ি উঠে, সাধাৰণ মানুহৰ কথা-বতৰাক অৱলম্বন কৰিয়ে যি কাহিনী ৰচিত হয় অথবা সাধাৰণ মানুহৰ কথা-বতৰা ৰীতি-নীতিৰে যি নাটক বাচি থাকে তকেই লোকনাট্য বোলা হয়।

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 সাহিত্য সন্দৰ্শন”, শ্ৰী শচন্দ্ৰ দাস, বৰ্ণ বিচিত্ৰা, ঢাকা, ৬ষ্ঠ সংস্কৰণ, ১৯৯৫, পৃষ্ঠা-৭৯।


গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • Banham, Martin, ed. 1998. The Cambridge Guide to Theatre. Cambridge: Cambridge University Press. ISBN 0-521-43437-8.
  • Brockett, Oscar G. and Franklin J. Hildy. 2003. History of the Theatre. Ninth edition, International edition. Boston: Allyn and Bacon. ISBN 0-205-41050-2.
  • Carlson, Marvin. 1993. Theories of the Theatre: A Historical and Critical Survey from the Greeks to the Present. Expanded ed. Ithaca and London: Cornell University Press. ISBN 0-8014-8154-6.
  • Duchartre, Pierre Louis. 1929. The Italian Comedy. Unabridged republication. New York: Dover, 1966. ISBN 0-486-21679-9.
  • Dukore, Bernard F., ed. 1974. Dramatic Theory and Criticism: Greeks to Grotowski. Florence, KY: Heinle & Heinle. ISBN 0-03-091152-4.
  • Durant, Will & Ariel Durant. 1963 The Story of Civilization, Volume II: The Life of Greece. 11 vols. New York: Simon & Schuster.
  • Elam, Keir. 1980. The Semiotics of Theatre and Drama. New Accents Ser. London and New York: Methuen. ISBN 0-416-72060-9.
  • Fergusson, Francis. 1949. The Idea of a Theater: A Study of Ten Plays, The Art of Drama in a Changing Perspective. Princeton, NJ: Princeton UP, 1968. ISBN 0-691-01288-1.
  • Gordon, Mel. 1983. Lazzi: The Comic Routines of the Commedia dell'Arte. New York: Performing Arts Journal Publications. ISBN 0-933826-69-9.
  • Harsh, Philip Whaley. 1944. A Handbook of Classical Drama. Stanford: Stanford UP; Oxford: Oxford UP.
  • Johnstone, Keith. 1981. Impro: Improvisation and the Theatre Rev. ed. London: Methuen, 2007. ISBN 0-7136-8701-0.
  • Pfister, Manfred. 1977. The Theory and Analysis of Drama. Trans. John Halliday. European Studies in English Literature Ser. Cambridige: Cambridge University Press, 1988. ISBN 0-521-42383-X.
  • Rehm, Rush. 1992. Greek Tragic Theatre. Theatre Production Studies ser. London and New York: Routledge. ISBN 0-415-11894-8.
  • Spolin, Viola. 1967. Improvisation for the Theater. Third rev. ed Evanston, Il.: Northwestern University Press, 1999. ISBN 0-8101-4008-X.
  • Taxidou, Olga. 2004. Tragedy, Modernity and Mourning. Edinburgh: Edinburgh UP. ISBN 0-7486-1987-9.
  • Weimann, Robert. 1978. Shakespeare and the Popular Tradition in the Theater: Studies in the Social Dimension of Dramatic Form and Function. Baltimore and London: The Johns Hopkins University Press. ISBN 0-8018-3506-2.
  • ---. 2000. Author's Pen and Actor's Voice: Playing and Writing in Shakespeare's Theatre. Ed. Helen Higbee and William West. Cambridge Studies in Renaissance Literature and Culture. Cambridge: Cambridge University Press. ISBN 0-521-78735-1.