বাৰ্ট্ৰেণ্ড ৰাছেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা


বাৰ্ট্ৰেণ্ড আৰ্থাৰ ৱিলিয়াম ৰাছেল, তৃতীয় আৰ্ল ৰাছেল
সম্পূৰ্ণ নাম বাৰ্ট্ৰেণ্ড আৰ্থাৰ ৱিলিয়াম ৰাছেল, তৃতীয় আৰ্ল ৰাছেল
জন্ম ১৮ মে', ১৮৭২
ট্ৰেলেক, মন্‌মাউথশ্বায়াৰ, সংযুক্ত ৰাজ্য
মৃত্যু ২ ফেব্ৰুৱাৰী, ১৯৭০ (৯৭ বছৰ)
পেনৰাইনডিউড্ৰিথ, সংযুক্ত ৰাজ্য
যুগ বিংশ শতিকাৰ দৰ্শন
অঞ্চল পশ্চিমীয়া দৰ্শন
ধাৰা বিশ্লেষণাত্মক দৰ্শন
সাহিত্যৰ ন'বেল বঁটা
১৯৫০
আগ্ৰহ মেটাফিজিক্স, এপিস্টেমোলজি, যুক্তি, গণিত, ভাষাৰ দৰ্শন, বিজ্ঞানৰ দৰ্শন, নীতি শাস্ত্ৰ, ধৰ্মৰ দৰ্শন, দৰ্শনৰ ইতিহাস
উল্লেখযোগ্য কৰ্ম বিশ্লেষণাত্মক দৰ্শন, যৌক্তিক পৰমাণুবাদ, বিৱৰণ তত্ব, নলেজ বাই একুইন্টেঞ্চ আৰু নলেজ বাই ডেস্ক্ৰিপশ্যন, ৰাছেলৰ পাৰাডক্স, ৰাছেলৰ টিপট্‌

বাৰ্ট্ৰেণ্ড ৰাছেল (ইংৰাজী: Bertrand Russell) সম্পূৰ্ণ নাম বাৰ্ট্ৰেণ্ড আৰ্থাৰ উইলিয়াম ৰাছেল, তৃতীয় আৰ্ল ৰাছেল, অ’ এম, এফ আৰ এছ (১৮ মে ১৮৭২ – ২ ফেব্ৰুৱাৰী ১৯৭০) একেধাৰে এজন ব্ৰিটিছ[1] দাৰ্শনিক, গণিতজ্ঞ আৰু ন’বেল বঁটা বিজয়ী সাহিত্যিক হোৱাৰ উপৰিও এজন মানৱ মুক্তি আৰু মানৱাধিকাৰৰ প্ৰবক্তা আছিল।[2]

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

১৮৭২ চনৰ ১৮মে’ তাৰিখে জন্ম গ্ৰহণ কৰা বাৰ্ট্ৰেণ্ড ৰাছেলৰ মাত্ৰ এবছৰ বয়সতেই পিতৃবিয়োগ হয়। বিখ্যাত ’আৰ্ল’(Earl) পৰিয়ালৰ সন্তান বাৰ্ট্ৰেণ্ড ৰাছেলক সেই বয়সতেই ৰিচমণ্ড পাৰ্কৰ (Richmond park) পেমব্ৰ’ক ভৱনলৈ লৈ অহা হয়। ইয়াত তেওঁ আইতাকৰ তত্বাৱধানত ডাঙৰ-দীঘল হ’বলৈ ধৰে। ’প্ৰিনচিপিয়া মেথেমেটিকা’(Principia Mathematica) ৰ দৰে বিখ্যাত গ্ৰন্থৰ প্ৰণেতা ৰাছেলে তেওঁৰ প্ৰাৰম্ভিক স্কুলীয়া জীৱনত পূৰণৰ নেওতাখন মনত ৰাখিব কান্দি পেলাইছিল। ইফালে বীজ গণিতখন দেখিলেও তেওঁ জ্বৰ উঠিছিল। জ্যামিতিতো তেওঁ আছিল তথৈবচ। কিন্তু সেই ৰাছেলেই এদিন গণিত শাস্ত্ৰৰ মহামূল্যবান গ্ৰন্থ ’প্ৰিনচিপিয়া মেথেমটিকা’ৰ ৰচনা আৰু প্ৰকাশেৰে বিশ্বক চমক খুৱাই তোলে। বাৰ্ট্ৰেণ্ড ৰাছেলৰ ককাদেউতাক ’লৰ্ড জন ৰাছেলৰ আছিল এটা প্ৰকাণ্ড ঘৰুৱা পুথিভঁৰাল। বাৰ্ট্ৰেণ্ড ৰাছেলৰ দিনটোৰ বেছিভাগ সময় অতিবাহিত হৈছিল এই পুথিভঁৰাল বা গ্ৰন্থাগাৰত। তেওঁৰ অধ্যয়ন কোনো এটা বিশেষ বিষয়ৰ মাজতে সীমাবদ্ধ নাছিল। ১৬ বছৰ বয়সত ভৰি দিয়াৰ আগতেই বাৰ্ট্ৰেণ্ড ৰাছেলে এই গ্ৰন্থাগাৰটোৰ প্ৰায়বোৰ কিতাপেই পঢ়ি শেষ কৰি পেলাইছিল। পৰবৰ্তী কালত ’ব্ৰিটেইনৰ সৰ্বশ্ৰেষ্ঠ জ্ঞানী’ (The wisest man in Britain) খিতাপী লাভ কৰাৰ মূলতে আছিল ৰাছেলৰ এই অধ্যয়ন। কিন্তু এই অধ্যয়নৰ পৰা হোৱা জ্ঞানোপাৰ্জন আৰু তেওঁৰ স্বকীয় চৰ্চ্চাৰ ফলত তেওঁ কেৱল ব্ৰিটেইনৰ সৰ্বশ্ৰেষ্ঠ জ্ঞানী হৈ নাথাকিল, তেওঁ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ জ্ঞানীৰূপে পৰিচিত হ’ল। অত্যধিক অধ্যয়নৰ ফলত ১৬ বছৰ বয়সতে ৰাছেলৰ চকুৰ দৃষ্টিশক্তি শোচনীয়ভাৱে হ্ৰাস পায়। ফলস্বৰূপে চিকিত্সকৰ নিৰ্দেশক্ৰমে তেওঁ লিখা-পঢ়াৰ পৰা বিৰত থাকিবলগীয়া হয়।[3]

১৮ বছৰ বয়সত ৰাছেলে ট্ৰিনিটি কলেজত ভৰ্তি হয়। সেই সময়ত ট্ৰিনিটিত শিক্ষা গ্ৰহণ কৰি থকা বিখ্যাত লোকসকলৰ ভিতৰত বিশেষভাৱে উল্লেখনীয় আছিল কবি থমাছ মূৰ, হোৱাইটহেদ্‍, এডিংটন, ৰুদাৰকৰ্ড, মাৰ্ছেল আদি। এই প্ৰখ্যাত ব্যক্তিসকলৰ ভিতৰত হেগেলীয় দাৰ্শনিক মেক্টেকগাৰ্টো আছিল। ৰাছেলৰ সৈতে টেগাৰ্টৰ বন্ধুত্ব হোৱাৰ উপৰিও টেগাৰ্টোৰ দাৰ্শনিক চিন্তাধাৰাৰ প্ৰভাৱো পৰে ৰাছেলৰ ওপৰত।[3]

বিবাহ আৰু সামাজিক জীৱন[সম্পাদনা কৰক]

কেমব্ৰিজৰ ট্ৰিনিটি কলেজৰ পৰা ওলোৱাৰ কিছুকাল পিছতেই অৰ্থাৎ ১৮৯৪ চনৰ ডিচেম্বৰ মাহত এলীচ্‍ পিয়েৰছেল্‍ স্মিথৰ হৈতে ৰাছেলৰ বিয়া হয়। তেওঁ ধৰ্মীয় নীতি-নিয়মৰ ক্ষেত্ৰত থকা নিৰ্দেশাৱলীতো সত্যতাৰ অভাৱ লক্ষ্য কৰিছিল আৰু ধৰ্মকো তেওঁৰ জীৱনত স্থান দিয়া নাছিল। পৰীক্ষা আৰু পৰিদৰ্শনৰ ওপৰত নিৰ্ভৰশীল তেওঁৰ বহু দৰ্শিতাজনিত (Emperical) দৰ্শনৰ ওপৰত ভিত্তি কৰিহে ৰাছেলে সকলো কথালৈ লক্ষ্য কৰিছিল আৰু সেইমতেই বিশুদ্ধ বৈজ্ঞানিক দৃষ্টিভংগীৰে সকলোবোৰ কথা গ্ৰহণ কৰিছিল। তেওঁ এই দৃষ্টিভঙ্গীৰেই মাৰ্ক্সবাদতো বিশ্বাস কৰিছিল আৰু পিছৰ জীৱনত স্থায়ীভাৱে সমাজতন্ত্ৰকেই গ্ৰহণ কৰিছিল। বৈবাহিক নীতি-নিয়মৰ ক্ষেত্ৰতো ৰাছেলে বিশ্বাস নাৰাখি মুক্ত প্ৰেমৰহে (Free lave) পোষকতা কৰিছিল। তেওঁ নিজে চাৰিবাৰ বিয়া কৰাইছিল। কিন্তু সামাজিক নিয়মানুসাৰে এই কেইখন বিয়া হোৱা নাছিল। কোনো ধৰণৰ স্থিৰীকৃত সূত্ৰৰ ওপৰত ৰাছেলে বিশ্বাস নকৰিছিল। সেয়ে সমাজৰ প্ৰবৰ্তিত এনে প্ৰতিটো নিয়মৰ উলঙ্ঘা কৰি তেওঁ এদিন সমাজহীন হৈ পৰিছিল। এই সময়ত তেওঁ প্ৰচলিত ৰীতি-নীতিত বিশ্বাস নৰখা কেতবোৰ লোক বিচাৰি লৈছিল বন্ধুত্ব কৰিবৰ বাবে আৰু তেনেকৈয়ে তেওঁৰ বন্ধুত্ব হৈছিল চিড্নী্, বিয়েট্ৰিচ্‌ ৱেব (Beatrice Web), বাৰ্ণাৰ্ড শ্ব, চাৰ্লচ ট্ৰেভেলিন আৰু হাৰ্বাট চেমুৱেলৰ দৰে বিখ্যাত ব্যক্তিসকলৰ সৈতে।[3]

চীন ভ্ৰমণ কালত ড’ৰা ব্লেক নামৰ পৰিচাৰিকা গৰাকীয়ে তেওঁৰ দ্বিতীয়া পত্নীৰ স্থান লাভ কৰে। ড’ৰা ব্লেকৰ সৈতে হোৱা তেওঁৰ দ্বিতীয় বিবাহৰ অন্তত ৰাছেলে তেওঁৰ পত্নীৰ সৈতে অগলাগি ’বেকন হিল স্কুল’(Beacon Hill School) স্থাপন কৰে। এই স্কুল ৰাছেলে নিজ চেষ্টাত দ্বিতীয় মহাসমৰৰ সময়লৈকে চলাই যায়। ১৯৩৫ চনত ৰাছেলৰ, ড’ৰা ব্লেকৰ সৈতে বিবাহ বিচ্ছেদ ঘটে আৰু তৃতীয়বাৰৰ বাবে তেওঁ এইবাৰ বিয়া কৰায় পেট্ৰিচিয়া স্পেন্‌চক্‌(Patricia Spence)। ৮০ বছৰ বয়সত ৰাছেলে চতুৰ্থবাৰ বিয়া কৰাইছিল।[3]

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

ৰাছেলে কেৱ্ল সামাজিক সংস্কাৰৰহে যে বিৰোধিতা কৰিছিল এনে নহয়। তেওঁৰ ৰাজনৈতিক দৃষ্টিভঙ্গীও আছিল বৈপ্লৱিক। এই বৈপ্লৱিক দৃষ্টিভঙ্গীৰে তেওঁ প্ৰথম মহাসমৰৰ সময়ত ব্ৰিটেইনে পালন কৰা ভূমিকাৰ ঘোৰ বিৰোধিতা কৰিছিল আৰু ফলস্বৰূপে চৰকাৰৰ অপ্ৰিয়ভাজন হৈছিল। প্ৰথম বিশ্বযুদ্ধই ৰাছেলৰ জীৱন আৰু চিন্তাধাৰাৰ আমূল পৰিবৰ্তন সাধন কৰে। প্ৰথমাৱস্থাত যুদ্ধই তেওঁ মনত সৃষ্টি কৰা ত্ৰাস আৰু দুখৰ ভাবৰ পৰা হৈ তেওঁ এইবাৰ যুদ্ধ বিৰোধী আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰে। তেওঁ ’ন’ কন্‌চক্ৰিপচন্‌ কমিটী (No Conscription Committee) ৰ সদস্যভুক্ত হয় আৰু যুদ্ধবিৰোধী মুখপত্ৰ ’লেবাৰ লিডাৰ’(Labour Leader) কাকতত চৰকাৰৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ উঠে। ইয়াৰ পৰিণতি হিছাপে ১৯১৬ চনৰ ১৫ জুন তাৰিখে তেওঁ গ্ৰেপ্তাৰবৰণ কৰিবলগীয়া হয় আৰু পিছত লণ্ডনৰ লৰ্ড মেয়ৰৰ সমুখত ৰাজকীয় সৈন্য বাহিনীৰ মাজত বিশৃঙ্খলতা সৃষ্টি কৰিবলৈ বিচৰাৰ অভিযোগত তেওঁক ট্ৰিনিটি কলেজৰ চাকৰিৰ পৰাও বখাৰ্স্ত কৰা হয়। আনকি এই সময়তে তেওঁক আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে অধ্যাপনাৰ বাবে জনোৱা আমন্ত্ৰণো, পৰৰাষ্ট্ৰ বিভাগে তেওঁক সেই দেশলৈ পাৰপত্ৰ নিদিয়াৰ ফলত প্ৰত্যাখ্যান কৰিবলগীয়া হয়। ১৯১৭ চনত ৰাছেলে ’ন’ কন্‌চক্ৰিপচন কমিটীৰ আন এখন মুখপত্ৰ ’দি ট্ৰাইবুনেল’ত লিখা এটি প্ৰবন্ধৰ বাবে ছমাহ কাৰাবাসত কটাবলগীয়া হয়। ’ব্ৰিক্সটন’ কাৰাগাৰত দ্বিতীয় শ্ৰেণীৰ বন্দী হিছাপে থকা অৱস্থাত তেওঁক টি-এছ ইলিয়ট, ডেমেণ্ড মেকাৰ্থে আদিৰ দৰে ব্যক্তিসকলে লগ ধৰিবলৈ যায় অৰু তেওঁলোকৰেই হস্তক্ষেপত ৰাছেলে কাৰাগাৰত লাভ কৰে এটা প্ৰথম শ্ৰেণীৰ ’চেল’। ইয়াৰ পিছত বন্দী অৱস্থাতে ’ইনট্ৰডাকচন টু মেথমেটিকেল ফিলচফী’ (Introduction to Mathematical Philosophy) গ্ৰন্থখন ৰচনা কৰি শেষ কৰাৰ উপৰিও পৰবৰ্তী কালত প্ৰকাশ পাবলগীয়া তেওঁ ’এনালাইচিচ অৱ মাইণ্ড”(Analysis of Mind) গ্ৰন্থৰ জুমুঠিটোও তৈয়াৰ কৰে। লগতে দে’ ৱেৰ (Dewey) ’এচেজ ইন এক্সপেৰি মেণ্টেল লজীক’ (Essays in Experimentel Logic) গ্ৰন্থৰ এটি সমালোচনাও লিখি উলিয়ায়। ১৯২০ চনত ছোভিয়েত ইউনিয়নৰ আমন্ত্ৰণক্ৰমে ৰাছেলে সেই দেশ ভ্ৰমণ কৰে। তেওঁৰ এই ভ্ৰমণৰ পটভূমিত ৰচিত হয় ’দে প্ৰেকটিচ এণ্ড থিয়ৰী অৱ বল্‌স্বেভিজিম (The Practice and theory of Balshevism) সেই একে বছৰতে ৰাছেল চীন দেশ ভ্ৰমণতো যায়। চীনদেশ ভ্ৰমণ কালত তেওঁৰ সন্মানাৰ্থে বেইজিং বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে এখনি ৰাছেল পত্ৰিকা প্ৰকাশ কৰে। সেই সময়ৰ অবিসম্বাদী চীনা নেতা চান য়াটচনে মন্তব্য কৰে যে বাৰ্ট্ৰেণ্ড ৰাছেলেই ইংলণ্ডৰ একমাত্ৰ ব্যক্তি যি চীনদেশক সম্পূৰ্ণৰূপে বুজি পায়। চীন ভ্ৰমণৰ অন্তত ৰাছেলে প্ৰকাশ কৰে, সেই সময়ৰ চীনৰ সমস্যা ৰাজিৰ ওপৰত ৰচিত ’দি প্ৰব্‌লেমচ্‌ অব চাইনা’ (The Problems of China)। কিন্তু এই ভ্ৰমণ শেষ কৰাৰ পূৰ্বকালত ৰাছেল অসুস্থ হৈ পৰে আৰু মৃতপ্ৰায় অৱস্থাৰ পৰা ড’ৰা ব্লেক নামৰ এগৰাকী পৰিচাৰিকাৰ যত্নত পুনৰ সুস্থতা লাভ কৰে।ইতিমধ্যে দুবাৰকৈ সংসদৰ নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ পিছতো ৰাছেলে পুনৰ ১৯২২/২৩ চনত সংসদীয় নিৰ্বাচনত লেবাৰ পাৰ্টিৰ প্ৰাৰ্থী হিছাপে অংশগ্ৰহণ কৰে। অৱশ্যে এইবাৰো তেওঁ পৰাজয়বৰণ কৰিবলগীয়া হয়।[3]

প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

বহুমুখী প্ৰতিভাৰ অধিকাৰী ৰাছেলে ৩৮ বছৰ বয়সলৈকে প্ৰধানকৈ গণিতশাস্ত্ৰৰ চৰ্চ্চাতেই ব্যস্ত থাকে। এই সময়ছোৱাতে তেওঁ তেওঁৰ বিখ্যাত গ্ৰন্থ ’প্ৰিনচিপিয়া মেথেমেটিকা’ৰ তিনিটা খণ্ডৰ কাম শেষ কৰে। ১৯৩০ৰ দশকটোৰ ভিতৰত ৰাছেলে ৰচনা কৰে ’দি কঙ্কুৱেষ্ট্‌ অব হেপিনেচ’(The Conquest of Happiness), ’ইন প্ৰেইজ্‌ অব আইড্‌‌ল্‌নেচ’(In Praise of Idleness) আৰু ’ৰিলিজিয়ন অণ্ড চায়েন্স’(Religion and science) নামে তিনিখন গ্ৰন্থ।[3] অনান্য গ্ৰন্থসমূহৰ নাম তলত উল্লেখ কৰা হ’ল।

দ্বিতীয় বিশ্বযুদ্ধ[সম্পাদনা কৰক]

দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ এবছৰমান আগতে ৰাছেলে তেওঁৰ তিনিটি পুত্ৰ আৰু পত্নীসহ আমেৰিকালৈ যায় আৰু প্ৰায় ছবছৰ কাল তাত বসবাস কৰে। এই সময়ছোৱাতে ৰাছেলে কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ উপৰিও ’কলেজ অব নিউইয়ৰ্ক চিটি’ৰ দৰ্শন বিভাগৰ অধ্যাপক হৈ থাকে। ইয়াৰোপৰি তেওঁ হাৰ্ভাৰ্ড আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয়তো বক্তৃতা দান কৰে। ১৯৪৪ চনত ট্ৰিনিটিৰ আমন্ত্ৰণক্ৰমে তেওঁ পুনৰ ইংলণ্ডলৈ ঘূৰি আহি কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত যোগদান কৰে। ইংলণ্ডলৈ প্ৰত্যাবৰ্তন কৰাৰ পাছত ৰাছেল এইবাৰ সৰব হৈ উঠে পাৰমাণবিক নিৰস্ত্ৰীকৰণৰ সমৰ্থনত। তেওঁ এই উদ্দেশ্য সাধনৰ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। ১৯৪৮ চনত বি-বি-চিৰ অনুৰোধক্ৰমে ৰাছেলে ’অথৰিটি এণ্ড দি ইনডিভিজুৱেল’ শীৰ্ষক বক্তৃতামালা আগবঢ়ায়।

পুৰস্কাৰ[সম্পাদনা কৰক]

১৯৪৯ চনত ’অৰ্ডাৰ অব মেৰিট’ সন্মানেৰে বিভূষিত হয়। ৭৮ বছৰ বয়সত ১৯৫০ চনত ৰাছেলে ভ্ৰমণ কৰে অষ্ট্ৰেলিয়া। এই ভ্ৰমণৰ পৰা ঘূৰি গৈ ইংলেণ্ড পোৱাৰ কিছুদিনৰ ভিতৰতে লাভ সাহিত্যৰ নোবেল বঁটা[3]

মৃত্যু[সম্পাদনা কৰক]

১৯৭০ চনত ৯৭ বছৰ বয়সত মৃত্যুবৰণ কৰা বাৰ্ট্ৰেণ্ড ৰাছেলে তেওঁৰ জীৱনকালত প্ৰকাশ কৰা দৰ্শন আৰু গণিত শাস্ত্ৰৰ ৰচনাসমূহৰ উপৰিও প্ৰায় ডেৰকুৰি গল্প ৰচনা কৰি তেওঁৰ অসাধাৰণ সাহিত্যিক প্ৰতিভাৰ উদাহৰণ দাঙি ধৰে। বেৰী যোহনবাৰ্গৰ দ্বাৰা সংগৃহীত আৰু সম্পাদিত আৰু জৰ্জ এলেন এণ্ড আনউইনৰ দ্বাৰা প্ৰকাশিত ’দি কালেক্টেড ষ্টৰীজ অব বাৰ্ট্ৰেণ্ড ৰাছেল’(The Collected stories of Bertrend Russel) গ্ৰন্থত ৰাছেলৰ সমূহ সাহিত্য ৰচনা পঢ়িবলৈ পোৱা যায়।[3]

টোকা[সম্পাদনা কৰক]

  1. Sidney Hook, "Lord Russell and the War Crimes Trial", Bertrand Russell: critical assessments, Volume 1, edited by A. D. Irvine, (New York 1999) page 178
  2. Stanford Encyclopedia of Philosophy, "Bertrand Russell", 1 May 2003
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 কনকসেন ডেকা (১৯৯৪). আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি. দিছপুৰ প্ৰিণ্ট হাউছ. পৃষ্ঠা. ১১-১৫. 

অধিক তথ্য সংযোগ[সম্পাদনা কৰক]

  • 1900, Sur la logique des relations avec des applications à la théorie des séries, Rivista di matematica 7: 115–148.
  • 1901, On the Notion of Order, Mind (n.s.) 10: 35–51.
  • 1902, (with Alfred North Whitehead), On Cardinal Numbers, American Journal of Mathematics 23: 367–384.
  • 1948, BBC Reith Lectures: Authority and the Individual A series of six radio lectures broadcast on the BBC Home Service in December 1948.
  • John Newsome Crossley. A Note on Cantor's Theorem and Russell's Paradox, Australian Journal of Philosophy 51: 70–71.
  • Ivor Grattan-Guinness, 2000. The Search for Mathematical Roots 1870–1940. Princeton University Press.
  • Bertrand Russell: A Political Life by Alan Ryan 1981

ৰাছেলৰ দৰ্শন বিষয়ক গ্ৰন্থ[সম্পাদনা কৰক]

  • Bertrand Russell: Critical Assessments, edited by A. D. Irvine, 4 volumes, London: Routledge, 1999. Consists of essays on Russell's work by many distinguished philosophers.
  • Bertrand Russell, by John Slater, Bristol: Thoemmes Press, 1994.
  • Bertrand Russell's Ethics. by Michael K. Potter, Bristol: Thoemmes Continuum, 2006. A clear and accessible explanation of Russell's moral philosophy.
  • The Philosophy of Bertrand Russell, edited by P.A. Schilpp, Evanston and Chicago: Northwestern University, 1944.
  • Russell, by A. J. Ayer, London: Fontana, 1972. ISBN 0-00-632965-9. A lucid summary exposition of Russell's thought.
  • The Lost Cause: Causation and the Mind-Body Problem, by Celia Green. Oxford: Oxford Forum, 2003. ISBN 0-9536772-1-4 Contains a sympathetic analysis of Russell's views on causality.
  • Russell's Idealist Apprenticeship, by Nicholas Griffin. Oxford: Oxford University Press, 1991.

জীৱনীমূলক গ্ৰন্থ[সম্পাদনা কৰক]

  • Bertrand Russell: Philosopher and Humanist, by John Lewis (1968)
  • Bertrand Russell, by A. J. Ayer (1972), reprint ed. 1988: ISBN 0-226-03343-0
  • The Life of Bertrand Russell, by Ronald W. Clark (1975) ISBN 0-394-49059-2
  • Bertrand Russell and His World, by Ronald W. Clark (1981) ISBN 0-500-13070-1
  • Bertrand Russell: Mathematics: Dreams and Nightmares by Ray Monk (1997) ISBN 0-75380-190-6
  • Bertrand Russell: 1872–1920 The Spirit of Solitude by Ray Monk (1997) ISBN 0-09-973131-2
  • Bertrand Russell: 1921–1970 The Ghost of Madness by Ray Monk (2001) ISBN 0-09-927275-X
  • Logicomix: An Epic Search for Truth by Apostolos Doxiadis, and Christos Papadimitriou (2009)

অধিক পঢ়ক[সম্পাদনা কৰক]

  • Bertrand Russell. 1967–1969, The Autobiography of Bertrand Russell, 3 volumes, London: George Allen & Unwin.
  • Wallechinsky, David & Irving Wallace. 1975–1981, "Famous Marriages Bertrand Russell & Alla Pearsall Smith, Part 1" & "Part 3", on "Alys" Pearsall Smith, webpage content from The People's Almanac, webpages: Part 1 & Part 3 (accessed 8 November 2008).
  • Russell B, (1944) "My Mental Development", in Schilpp, Paul Arturn "The Philosophy of Betrand Russell", New York, Tudorm 1951, pp 3–20

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

ইণ্টাৰনেটত উপলদ্ধ অনান্য লিখনি
শ্ৰৱণ
অনান্য