গণিত
Wikipedia -ৰ পৰা
পৰিমাণ (quantity), গঠন (structure), পৰিবৰ্তন (change) আৰু স্থান (space)-বিষয়ক গৱেষণাকে সাধাৰণতে গণিত বোলা হয়। অন্য কিছুমানৰ মতে গণিত হ'ল "চিত্র (figure) আৰু সংখ্যাৰ (number) গৱেষণা", কিন্তু এইটো হৈছে গণিতৰ অতি সৰল সংজ্ঞা। গণিতৰ দৰ্শনৰ ভিন্ন ভিন্ন দৃষ্টিভঙ্গি মতে গণিতৰ ভিন ভিন সংজ্ঞা দেখা যায়। বিধিগত (formal) দৃষ্টিকোণ মতে গণিত হ'ল যুক্তিবিজ্ঞান (logic) আৰু বিশেষ প্রতীক-চিহ্নাদি (notation) ব্যবহাৰ কৰে স্বতঃসিদ্ধ-ৰূপে সংজ্ঞায়িত বিমূৰ্ত গঠনসমূহৰ (axiomatically defined abstract structures) গৱেষণা, অর্থাৎ গণিত হ'ল বিভিন্ন ধৰণৰ বিমূৰ্ত মানসিক খেলা আৰু গণিতৰ কাম হ'ল এই খেলাৰ নিয়মসমূহ আৰু বিভিন্ন খেলাৰ মাজত সম্পৰ্ক স্থাপন কৰা। অন্য এক বাস্তবতাবাদী (realistic) দৃষ্টিকোণ মতে গণিত হ'ল সেই সকলো বস্তু বা ধাৰণাৰ গৱেষণা, আমাৰ যুক্তিনিৰ্মাণ (reasoning) নিৰ্বিশেষে যাৰ স্বাধীন অস্তিত্ব আছে৷ অৰ্থাৎ গণিত বাস্তব বস্তুৰ গৱেষণা, মানুহৰ মনৰ বিমূৰ্ত সৃষ্টি নহয়, আৰু গণিতজ্ঞসকলৰ কাম হ'ল মূৰ্ত বাস্তবতাৰ পৰা গণিতৰ বিভিন্ন বিমূৰ্ত সূত্র উদ্ঘাটন কৰা। বিজ্ঞানৰ সকলো শাখাতে গণিতৰ ব্যৱহাৰ আছে; গণিতক সেয়ে "বিজ্ঞানৰ ভাষা", "বিশ্বৰ ভাষা" আৰু "সমস্ত বিজ্ঞানৰ ৰাণী" বুলি কোৱা হয়।