ভাৰত ৰত্ন
| ভাৰতৰত্ন | ||
| বঁটাৰ তথ্য | ||
|---|---|---|
| প্ৰকাৰ | অসামৰিক | |
| শ্ৰেণী | সাধাৰণ | |
| বৰ্ণনা | আহত পাতৰ উপৰত সূৰ্যৰ চিত্ৰৰ লগত "ভাৰত ৰত্ন" খোদিত দেৱনাগৰী লিপিত |
|
| প্ৰতিষ্ঠা | ১৯৫৪ | |
| অন্তিমবাৰ প্ৰদান | ২০০৮ | |
| মুঠ প্ৰদানৰ সংখ্যা | ৪১ | |
| প্ৰদানকৰ্তা | ভাৰত চৰকাৰ | |
| প্ৰথম প্ৰাপ্তক | সৰ্বপল্লী ৰাধাকৃষ্ণন | |
| অন্তিম প্ৰাপ্তক | ভীমসেন যোশী | |
| বঁটাৰ মৰ্যদা | ||
| কোনো নাই ← ভাৰতৰত্ন → পদ্মবিভূষণ | ||
ভাৰতৰত্ন (হিন্দী: भारत रत्न) (ইংৰাজী অনুবাদ জুৱেল অৱ ইণ্ডিয়া[1] বা জেম অৱ ইণ্ডিয়া[2]) ভাৰত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান৷[3] সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়৷ ভাৰত ৰত্ন প্ৰাপকসকলৰ কোনেও এই বিশেষ সম্মানজনক উপাধি নামৰ অঙ্গ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে। তথাপিটো ইয়াৰ ভাৰতীয় মানক্ৰমত বিশেষ স্থানৰ অধিকাৰী। ১৯৫৪ চনৰ ২ জানুৱাৰীত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই পুৰস্কাৰৰ প্ৰৱৰ্তন কৰিছিল।[4] পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী সম্মানবোৰৰ লগত ভাৰতৰত্ন বঁটা প্ৰদানো ১৩ জুলাই, ১৯৭৭ চনৰ পৰা ২৬ জানুৱাৰী, ১৯৮০ পৰ্যন্ত বন্ধ হৈ আছিল। বৰ্তমানলৈকে (২০১২ চন) ৪২ জন ব্যক্তিক এই সম্মান দিয়া হৈছে। ভাৰতীয় সকলৰ বাদে অন্য বিদেশী ব্যক্তিৰ ভিতৰত খান আব্দুল গফৰ খান (পাকিস্তান), নেলচন মাণ্ডেলা (দক্ষিণ আফ্ৰিকা) আদিকো এই সন্মানেৰে বিভূষিত কৰা হৈছিল৷ ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে এই সন্মান প্ৰদান কৰা হৈছিল৷
২০১১ চনত ভাৰতৰ গৃহ মন্ত্ৰালয় আৰু ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে এই বটা প্ৰাপকৰ যোগ্যতাৰ মাপকাঠি সংশোধন কৰি ক্ৰীড়াবিদ সকললৈকো এই বঁটা প্ৰদান কৰাৰ সুযোগ প্ৰদান কৰে৷[5]
সূচী |
বঁটাৰ গঠন [সম্পাদনা কৰক]
ভাৰত ৰত্নৰ মূল নিৰ্দিষ্ট বিৱৰণ অনুসৰি, এই বঁটাটো এটা বৃত্তাকাৰ সোনৰ পদক যাৰ মাজত অঙ্কিত বস্তুবোৰৰ মাজত ভাৰতৰ জাতীয় প্ৰতীক আৰু নীতিবাক্য সন্নিবিষ্ট কৰা হৈছে। এই বিৱৰণী অনুসাৰে কেতিয়া ভাৰত ৰত্ন পদকটো নিৰ্মান কৰা হৈছিল সেইটো জনা নাযায়। প্ৰকৃত পদকটি আঁহত পাতৰ আকাৰত নিৰ্মান কৰা হৈছে। ইয়াৰ একোনত দেৱনাগৰী লিপিত “ভাৰত ৰত্ন” কথাটি লিপিবদ্ধ কৰা হৈছে আৰু ওপৰৰ দিশত জাতীয় প্ৰতীক আৰু নীতিবাক্যটি খোদিত আছে।
ইতিহাস [সম্পাদনা কৰক]
১৯৫৪ চনৰ ২ জানুৱাৰীত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই পুৰস্কাৰৰ প্ৰৱৰ্তন কৰিছিল। প্ৰথম অৱস্থাত অৰ্থাত জানুৱাৰী, ১৯৫৪ চনত মৰোণত্তৰ ভাৱে ভাৰত ৰত্ন প্ৰদানৰ ব্যৱস্থা নাছিল। এই কাৰণতেই হয়তো মহাত্মা গান্ধীক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা ন’হল। ১৯৫৫ চনৰ জানুৱাৰীৰ পৰাহে মৰোণত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ পক্ৰিয়া সংযুক্ত কৰা হয়। পৰৱৰ্তী সময়ত সুভাষচন্দ্ৰ বসু সহ মুঠ ১২ জনক মৰোণত্তৰ ভাৱে ভাৰতৰত্ন প্ৰদান কৰা হয়। কিন্তু পাছত আইনী জটিলতাৰ বাবে সুভাষচন্দ্ৰ বসুৰ ভাৰত ৰত্ন ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰ বাধ্য হয়। এইটোৱেই পুৰস্কাৰ প্ৰত্যাহাৰৰ একমাত্ৰ নিদৰ্শন। ১৯৭৭ চনৰ ১৩ জুলাইৰ পৰ ১৯৮০ চনৰ ২৬ জানুৱাৰী পৰ্যন্ত প্ৰায় তিনি বছৰ মোৰাৰজী দেশাই পৰিচালিত চৰকাৰৰ আমোলাত অন্যান্য পদ্ম পুৰস্কাৰৰ লগত ভাৰতৰত্নও ৰদ কৰা হৈছিল।
ভাৰতৰত্ন বিজয়ীসকলৰ তালিকা [সম্পাদনা কৰক]
| নাম[6] | চিত্ৰ | জন্ম / মৃত্যু | প্ৰাপ্তিৰ বৰ্ষ | চমু পৰিচয় | |
|---|---|---|---|---|---|
| ১. | চক্ৰৱৰ্তী ৰাজাগোপালচাৰী | ১৮৭৮–১৯৭২ | ১৯৫৪ | স্বাধীনতা সংগ্ৰামী, অন্তিম গৱৰ্ণৰ জেনেৰেল | |
| ২. | চি ভি ৰমন | ১৮৮৮–১৯৭০ | ১৯৫৪ | নোবেল বঁটা বিজয়ী পদাৰ্থ বিজ্ঞানী | |
| ৩. | সৰ্বপল্লী ৰাধাকৃষ্ণন | ১৮৮৮–১৯৭৫ | ১৯৫৪ | দাৰ্শনিক, ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি | |
| ৪. | ভগৱান দাস | ১৮৬৯–১৯৫৮ | ১৯৫৫ | স্বাধীনতা সংগ্ৰামী, লিখক | |
| ৫. | মোক্ষগুণ্ডাম বিশ্বেস্বৰ্য | ১৮৯০–১৯৬২ | ১৯৫৫ | চিভিল ইঞ্জিনিয়াৰ, মহিশূৰ ৰাজ্যৰ দেৱান | |
| ৬. | জৱাহৰলাল নেহৰু | ১৮৮৯–১৯৬৪ | ১৯৫৫ | স্বাধীনতা সংগ্ৰামী, লিখক, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী | |
| ৭. | গোবিন্দ বল্লভ পণ্ট | ১৮৮৭–১৯৬১ | ১৯৫৭ | স্বাধীনতা সংগ্ৰামী, উত্তৰ প্ৰদেশৰ মূখ্যমন্ত্ৰী, গৃহমন্ত্ৰী | |
| ৮. | গোবিন্দ বল্লভ পণ্ট | ১৮৫৮–১৯৬২ | ১৯৫৮ | শিক্ষক, সমাজ সংস্কাৰক | |
| ৯. | বিধান চন্দ্ৰ ৰয় | ১৮৮২–১৯৬২ | ১৯৬১ | চিকিৎসক, পশ্চিমবংগৰ মূখ্যমন্ত্ৰী | |
| ১০. | পুৰুষোত্তম দাস টেণ্ডন | ১৮৮২–১৯৬২ | ১৯৬১ | স্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ | |
| ১১. | ৰাজেন্দ্ৰ প্ৰসাদ | ১৮৮৪–১৯৬৩ | ১৯৬২ | স্বাধীনতা সংগ্ৰামী, ন্যায়ধীশ, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি | |
| ১২. | ডক্টৰ জাকিৰ হুছেইন | ১৮৯৭–১৯৬৯ | ১৯৬৩ | পণ্ডিত, ভাৰতৰ তৃতীয় ৰাষ্ট্ৰপতি | |
| ১৩. | পাণ্ডুৰাংগ বমন কানে | ১৮৮০–১৯৭২ | ১৯৬৩ | ভাৰততত্ত্ববিদ আৰু সংস্কৃত পণ্ডিত | |
| ১৪. | লাল বাহাদুৰ শাস্ত্ৰী | ১৯০৪–১৯৬৬ | ১৯৬৬ | স্বাধীনতা সংগ্ৰামী, ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী | |
| ১৫. | ইন্দিৰা গান্ধী | ১৯১৭–১৯৮৪ | ১৯৭১ | ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী | |
| ১৬. | ভি ভি গিৰি | ১৮৯৪–১৯৮০ | ১৯৭৫ | ট্ৰেড ইউনিয়িন নেতা আৰু চতুৰ্থ ৰাষ্ট্ৰপতি | |
| ১৭. | কে কামৰাজ | ১৯০৩–১৯৭৫ | ১৯৭৬ | স্বাধীনতা সংগ্ৰামী, মাদ্ৰাছ জিলাৰ মূখ্যমন্ত্ৰী | |
| ১৮. | মাদাৰ টেৰেছা | ১৯১০–১৯৯৭ | ১৯৮০ | শান্তিৰ নোবেল বঁটা (১৯৭৯) বিজয়ী | |
| ১৯. | আচাৰ্য বিনোদ ভাৱে | ১৮৯৫–১৯৮২ | ১৯৮৩ | সমাজ সংস্কাৰক, স্বাধীনতা সংগ্ৰামী | |
| ২০. | খান আব্দুল গফ্ফৰ খান | ১৮৯০–১৯৮৮ | ১৯৮৭ | প্ৰথম অধিকাৰপ্ৰাপ্ত ভাৰতীয় নাগৰিক, স্বাধীনতা সংগ্ৰামী | |
| ২১. | এম জি ৰামচন্দ্ৰ | ১৯১৭–১৯৮৭ | ১৯৮৮ | চলচ্চিত্ৰ অভিনেতা, তামিলনাডুৰ মূখ্যমন্ত্ৰী | |
| ২২. | বি আৰ আম্বেদকাৰ | ১৮৯১–১৯৫৬ | ১৯৯০ | ভাৰতীয় সংবিধানৰ ৰূপকাৰ, সমাজ সংস্কাৰক, অৰ্থনীতিবিদ আৰু পণ্ডিত | |
| ২৩. | নেলছন মেণ্ডেলা | জন্ম ১৯১৮ | ১৯৯০ | দ্বিতীয় অনাগৰিক আৰু প্ৰথম অভাৰতীয়, জাতিবিদ্বেষবিৰোধী আন্দোলনৰ নেতা | |
| ২৪. | ৰাজীৱ গান্ধী | ১৯৪৪–১৯৯১ | ১৯৯১ | ভাৰতৰ সপ্তম প্ৰধান মন্ত্ৰী | |
| ২৫. | চৰ্দাৰ বল্লভভাই পেটেল | ১৮৭৫–১৯৫০ | ১৯৯১ | স্বাধীনতা সংগ্ৰামী, ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী | |
| ২৬. | মোৰাৰজী দেশাই | ১৮৯৬–১৯৯৫ | ১৯৯১ | স্বাধীনতা সংগ্ৰামী, ভাৰতৰ পঞ্চম প্ৰধান মন্ত্ৰী | |
| ২৭. | আবুল কালাম আজাদ | ১৮৮৮–১৯৫৮ | ১৯৯২ | স্বাধীনতা সংগ্ৰামী, ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী | |
| ২৮. | জে আৰ ডি টাটা | ১৯০৪–১৯৯৩ | ১৯৯২ | শিল্পপতি আৰু সমাজসেৱক | |
| ২৯. | সত্যজিত ৰায় | ১৯২২–১৯৯২ | ১৯৯২ | বাংলা চলচ্চিত্ৰ নিৰ্মাতা | |
| ৩০. | এ পি জে আবুল কালাম | জন্ম ১৯৩১ | ১৯৯৭ | ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু বিজ্ঞানী | |
| ৩১. | গুলজাৰিলাল নন্দ | ১৮৯৮–১৯৯৮ | ১৯৯৭ | স্বাধীনতা সংগ্ৰামী, প্ৰাক্তন প্ৰধানমন্ত্ৰী | |
| ৩২. | অৰুণা আছফ আলি | ১৯০৮–১৯৯৬ | ১৯৯৭ | স্বাধীনতা সংগ্ৰামী | |
| ৩৩. | এম এছ চুব্বুলক্ষ্মী | ১৯১৬–২০০৪ | ১৯৯৮ | কণ্ঠশিল্পী, কৰ্ণাটক শাস্ত্ৰীয় সঙ্গীতজ্ঞ | |
| ৩৪. | চিদাম্বৰম চুব্ৰমনিয়াম | ১৯১০–২০০০ | ১৯৯৮ | স্বাধীনতা সংগ্ৰামী, কৃষিমন্ত্ৰী | |
| ৩৫. | জয়প্ৰকাশ নাৰায়ন | ১৯০২–১৯৭৯ | ১৯৯৯ | স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ | |
| ৩৬. | ৰবি শংকৰ | জন্ম ১৯২০ | ১৯৯৯ | চিতাৰ বাদক | |
| ৩৭. | অমৰ্ত্য সেন | জন্ম ১৯৩৩ | ১৯৯৯ | অৰ্থনিতীবিদ | |
| ৩৮. | গোপীনাথ বৰদলৈ | ১৮৯০–১৯৫০ | ১৯৯৯ | স্বাধীনতা সংগ্ৰামী, স্বাধীন অসমৰ মূখ্যমন্ত্ৰী | |
| ৩৯. | লতা মংগেশকাৰ | জন্ম ১৯২৯ | ২০০১ | নেপথ্য কণ্ঠশিল্পী | |
| ৪০. | বিছমিল্লাহ খান | ১৯১৬–২০০৬ | ২০০১ | ভাৰতীয় শাস্ত্ৰীয় চেহনাই বাদক | |
| ৪১. | ভীমশেন যোশী | ১৯২২–২০১১ | ২০০৮ | ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতজ্ঞ |
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ Mahajan, Vidya Dhar (1971). The Constitution of India. প্ৰকাশক Lucknow, Uttar Pradesh: Eastern Book Company. পৃষ্ঠা. 169.
- ↑ Hoiberg, Dale; Indu Ramchandani (2000). Students' Britannica India. প্ৰকাশক New Delhi: Encyclopedia Britannica (India). Vol. 3, p198. ISBN 0-85229-760-2.
- ↑ Pylee, Moolamattom Varkey (1971). The Constitution of India. প্ৰকাশক New Delhi: S. Chand & Company Ltd.. পৃষ্ঠা. 114. ISBN 978-81-219-2203-6.
- ↑ Dhawan, S. K. (1991). Bharat Ratnas, 1954-1991. Wave Publications. পৃষ্ঠা. 9.
- ↑ "Govt changes criteria for Bharat Ratna; now open for all". The Hindu. Press Trust of India. 16 December 2011. http://www.thehindu.com/news/national/article2720348.ece। আহৰণ কৰা হৈছে: 16 December 2011.
- ↑ "ভাৰত-ৰত্ন বঁটা বিজয়ীৰ তালিকা (১৯৫৪ - ২০০৭". ভাৰতৰ গৃহ মন্ত্ৰালয়. http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf। আহৰণ কৰা হৈছে: ৭ ডিচেম্বৰ, ২০১০.
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
|
||||||||||||||||||||||||||||||||||||||||