জ্ঞানপীঠ বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জ্ঞানপীঠ বঁটা
Jnanpith Award.jpg
বঁটাৰ তথ্য
শ্ৰেণী সাহিত্য (ব্যক্তিগত)
বৰ্ণনা ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান
প্ৰতিষ্ঠা ১৯৬১
প্ৰথমবাৰ প্ৰদান ১৯৬৫
অন্তিমবাৰ প্ৰদান ২০১০[1]
মুঠ প্ৰদানৰ সংখ্যা ৪৬[1] (৫১ জন ব্যক্তি)
প্ৰদানকৰ্তা ভাৰতীয় জ্ঞানপীঠ
প্ৰথম প্ৰাপক জি শঙ্কৰ কুৰুপ
অন্তিম প্ৰাপক অমৰ কান্ত, শ্ৰী লাল শুক্লা আৰু চন্দ্ৰশেখৰা কম্বাৰা[1]

জ্ঞানপীঠ বঁটা (ইংৰাজী: Jnanpith Award) ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান। দ্যা টাইমচ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়৷

বঁটা[সম্পাদনা কৰক]

সংস্কৃত ভাষাত জ্ঞানপীঠ শব্দৰ অৰ্থ হ'ল জ্ঞানৰ বেদী৷ এই বঁটাত আছে নগদ পাঁচ লাখ টকা, এখন মানপত্ৰ আৰু সৰস্বতীৰ এটি ব্ৰঞ্জৰ মূৰ্তি৷ ১৯৬১ চনত এই বঁটা আৰম্ভ কৰা হয়৷ ইংৰাজীকে ধৰি ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত থকা আধুনিক ভাষাসমূহৰ যিকোনো ভাষাৰ সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সৃষ্টিশীল কৰ্মৰ বাবে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয়৷ ১৯৬৫ চনত মালায়লম লেখক জি শংকৰ কুৰুপ-ক প্ৰথম এই বঁটা প্ৰদান কৰা হয়৷

১৯৮২ চনৰ আগতে এখন নিৰ্দিষ্ট গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল যদিও তাৰ পিছৰ পৰা লেখকজনৰ সামগ্ৰিক সাহিত্যকৃতিৰ মূল্যায়ন কৰিহে এই বঁটা প্ৰদানৰ নিয়ম কৰা হয়৷

জ্ঞানপীঠ বঁটা প্ৰাপ্তসকল[সম্পাদনা কৰক]

বছৰ নাম সাহিত্য কৰ্ম ভাষা
১৯৬৫ জি শঙ্কৰ কুৰুপ ওডাক্কুঝল (বাঁশি) মালয়ালম
১৯৬৬ তাৰাশঙ্কৰ বন্দ্যোপাধ্যায় গণদেবতা বাংলা
১৯৬৭ উমাশঙ্কৰ যোশী নিশীথা গুজৰাটী
১৯৬৮ সুমিত্ৰানন্দন পন্ত চিদম্বৰা হিন্দী
১৯৬৯ ফিৰাক গোৰখপুৰী গুল-এ-নগমা উৰ্দু
১৯৭০ বিশ্বনাথ সত্যনাৰায়ণ ৰামায়ণ কল্পবৃক্ষশমু (এক সমৃদ্ধ বৃক্ষ: ৰামায়ণ) তেলেগু
১৯৭১ বিষ্ণু দে স্মৃতি সত্ত্বা ভৱিষ্যৎ বাংলা
১৯৭২ ৰামধাৰী সিং 'দিনকৰ' ঊৰ্বশী হিন্দী
১৯৭৩ দত্তাত্ৰেয় ৰামচন্দ্ৰ বেন্দ্ৰে নাকুতান্তি (চাৰ তাৰ) কানাড়া
১৯৭৩ গোপীনাথ মোহান্তি পৰজা ওড়িয়া
১৯৭৪ বিষ্ণু সখাৰাম খান্দেকৰ যযাতি মাৰাঠী
১৯৭৫ আকিলান চিত্ৰাপ্পাবাই তামিল
১৯৭৬ আশাপূৰ্ণা দেবী প্ৰথম প্ৰতিশ্ৰুতি বাংলা
১৯৭৭ কে শিবৰাম কৰন্থ মুকাজ্জিয়া কানাসুগালু (মুকাজ্জিৰ স্বপ্ন) কানাড়া
১৯৭৮ সচ্চিদানন্দ হীৰানন্দ বাৎস্যায়ন 'অজ্ঞেয়' কিতনি নাও মেঁ কিতনি বাৰ (কিমান নাওঁত কিমান বাৰ) হিন্দী
১৯৭৯ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মৃত্যুঞ্জয় অসমীয়া
১৯৮০ এচ কে পোট্টেক্কাট ওৰু দেসাত্তিন্তে কথা (এখন দেশৰ কথা) মালয়ালাম
১৯৮১ অমৃতা প্ৰীতম কাগজ কে ক্যানভাস পাঞ্জাবী
১৯৮২ মহাদেবী বৰ্মা যম হিন্দী
১৯৮৩ মাস্তি ভেঙ্কটেশ আয়েঙ্গাৰ চিক্কাবীৰা ৰাজেন্দ্ৰ কানাড়া
১৯৮৪ থাকাজি শিবশঙ্কৰ পিল্লাই কয়াৰ মালয়ালাম
১৯৮৫ পান্নালাল পাটেল মানবী নি ভবাই গুজৰাটী
১৯৮৬ সচ্চিদানন্দ ৰাউত ৰায় ওড়িয়া
১৯৮৭ বিষ্ণু বামন শিৰওয়াদকৰ (কুসুমাগ্ৰজ) মাৰাঠী
১৯৮৮ ড.চি নাৰায়ণ ৰেড্ডী বিশ্বম্ভৰ তেলেগু
১৯৮৯ কাৰ্টুল এন হাইদৰ আখিৰে সবকে হামসফৰ উৰ্দু
১৯৯০ ভি কে গোকাক ভাৰত সিন্ধু ৰশ্মি কানাড়া
১৯৯১ সুভাষ মুখোপাধ্যায় বাংলা
১৯৯২ নৰেশ মেহতা হিন্দী
১৯৯৩ সীতাকান্ত মহাপাত্ৰ ওড়িয়া
১৯৯৪ ইউ আৰ আনন্দমূৰ্তি সংস্কাৰ কানাড়া
১৯৯৫ এম টি বাসুদেবন নায়াৰ ৰাণ্ডামুজাম (দ্বিতীয় সুযোগ) মালয়ালম
১৯৯৬ মহাশ্বেতা দেবী বাংলা
১৯৯৭ আলি সৰদাৰ জাফৰি উৰ্দু
১৯৯৮ গিৰিশ কাৰানাড কানাড়া
১৯৯৯ নিৰ্মল বৰ্মা হিন্দী
১৯৯৯ গুৰদয়াল সিং পাঞ্জাবী
২০০০ মামণি ৰয়ছম গোস্বামী অসমীয়া
২০০১ ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ গুজৰাটী
২০০২ ডি জয়কান্থন তামিল
২০০৩ বিন্দা কৰন্দিকৰ অষ্টদৰ্শন (কবিতা) মাৰাঠি
২০০৪ ৰহমান ৰাহি সভুক সোডা, কালামি ৰাহিসিয়া ৰোদে জাৰেন মাঞ্জ কাশ্মীৰি
২০০৫ কুঁয়াৰ নাৰায়ণ হিন্দী
২০০৬ ৰবীন্দ্ৰ কেলেকৰ কোঙ্কণি
২০০৬ সত্যব্ৰত শাস্ত্ৰী সংস্কৃত
২০০৭ ও এন ভি কুৰুপ মালায়ালাম সাহিত্যলৈ কৰা অবদানৰ বাবে মালয়ালম
২০০৮ আখলাক মহম্মদ খান 'শাহৰিয়াৰ' উৰ্দু
২০০৯ অমৰ কান্ত[1] হিন্দী
২০০৯ শ্ৰী লাল শুক্লা[1] হিন্দী
২০১০ চন্দ্ৰশেখৰা কম্বাৰা[1] কানাড়া সাহিত্যলৈ কৰা অবদানৰ বাবে কানাড়া


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]