জ্ঞানপীঠ বঁটা
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| জ্ঞানপীঠ বঁটা | ||
| বঁটাৰ তথ্য | ||
|---|---|---|
| শ্ৰেণী | সাহিত্য (ব্যক্তিগত) | |
| প্ৰতিষ্ঠা | ১৯৬১ | |
| প্ৰথমবাৰ প্ৰদান | ১৯৬৫ | |
| অন্তিমবাৰ প্ৰদান | ২০১০[1] | |
| মুঠ প্ৰদানৰ সংখ্যা | ৪৬[1] (৫১ জন ব্যক্তি) | |
| প্ৰদানকৰ্তা | ভাৰতীয় জ্ঞানপীঠ | |
| বৰ্ণনা | ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান | |
| প্ৰথম প্ৰাপ্তক | জি শঙ্কৰ কুৰুপ | |
| অন্তিম প্ৰাপ্তক | অমৰ কান্ত, শ্ৰী লাল শুক্লা আৰু চন্দ্ৰশেখৰা কম্বাৰা[1] | |
জ্ঞানপীঠ বঁটা ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান। দ্যা টাইমচ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়
[সম্পাদনা কৰক] বঁটা
সংস্কৃত ভাষাত জ্ঞানপীঠ শব্দৰ অৰ্থ হ'ল জ্ঞানৰ বেদী৷ এই বঁটাত আছে নগদ পাঁচ লাখ টকা, এখন মানপত্ৰ আৰু সৰস্বতীৰ এটি ব্ৰঞ্জৰ মূৰ্তি৷ ১৯৬১ চনত এই বঁটা আৰম্ভ কৰা হয়৷ ইংৰাজীকে ধৰি ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত থকা আধুনিক ভাষাসমূহৰ যিকোনো ভাষাৰ সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সৃষ্টিশীল কৰ্মৰ বাবে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয়৷ ১৯৬৫ চনত মালায়লম লেখক জি শংকৰ কুৰুপ-ক প্ৰথম এই বঁটা প্ৰদান কৰা হয়৷
১৯৮২ চনৰ আগতে এখন নিৰ্দিষ্ট গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল যদিও তাৰ পিছৰ পৰা লেখকজনৰ সামগ্ৰিক সাহিত্যকৃতিৰ মূল্যায়ন কৰিহে এই বঁটা প্ৰদানৰ নিয়ম কৰা হয়৷
[সম্পাদনা কৰক] জ্ঞানপীঠ বঁটা প্ৰাপ্তসকল
| বছৰ | নাম | সাহিত্য কৰ্ম | ভাষা |
|---|---|---|---|
| ১৯৬৫ | জি শঙ্কৰ কুৰুপ | ওডাক্কুঝল (বাঁশি) | মালয়ালম |
| ১৯৬৬ | তাৰাশঙ্কৰ বন্দ্যোপাধ্যায় | গণদেবতা | বাংলা |
| ১৯৬৭ | উমাশঙ্কৰ যোশী | নিশীথা | গুজৰাটী |
| ১৯৬৮ | সুমিত্ৰানন্দন পন্ত | চিদম্বৰা | হিন্দী |
| ১৯৬৯ | ফিৰাক গোৰখপুৰী | গুল-এ-নগমা | উৰ্দু |
| ১৯৭০ | বিশ্বনাথ সত্যনাৰায়ণ | ৰামায়ণ কল্পবৃক্ষশমু (এক সমৃদ্ধ বৃক্ষ: ৰামায়ণ) | তেলেগু |
| ১৯৭১ | বিষ্ণু দে | স্মৃতি সত্ত্বা ভৱিষ্যৎ | বাংলা |
| ১৯৭২ | ৰামধাৰী সিং 'দিনকৰ' | ঊৰ্বশী | হিন্দী |
| ১৯৭৩ | দত্তাত্ৰেয় ৰামচন্দ্ৰ বেন্দ্ৰে | নাকুতান্তি (চাৰ তাৰ) | কানাড়া |
| ১৯৭৩ | গোপীনাথ মোহান্তি | পৰজা | ওড়িয়া |
| ১৯৭৪ | বিষ্ণু সখাৰাম খান্দেকৰ | যযাতি | মাৰাঠী |
| ১৯৭৫ | আকিলান | চিত্ৰাপ্পাবাই | তামিল |
| ১৯৭৬ | আশাপূৰ্ণা দেবী | প্ৰথম প্ৰতিশ্ৰুতি | বাংলা |
| ১৯৭৭ | কে শিবৰাম কৰন্থ | মুকাজ্জিয়া কানাসুগালু (মুকাজ্জিৰ স্বপ্ন) | কানাড়া |
| ১৯৭৮ | সচ্চিদানন্দ হীৰানন্দ বাৎস্যায়ন 'অজ্ঞেয়' | কিতনি নাও মেঁ কিতনি বাৰ (কিমান নাওঁত কিমান বাৰ) | হিন্দী |
| ১৯৭৯ | বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য | মৃত্যুঞ্জয় | অসমীয়া |
| ১৯৮০ | এচ কে পোট্টেক্কাট | ওৰু দেসাত্তিন্তে কথা (এখন দেশৰ কথা) | মালয়ালাম |
| ১৯৮১ | অমৃতা প্ৰীতম | কাগজ কে ক্যানভাস | পাঞ্জাবী |
| ১৯৮২ | মহাদেবী বৰ্মা | যম | হিন্দী |
| ১৯৮৩ | মাস্তি ভেঙ্কটেশ আয়েঙ্গাৰ | চিক্কাবীৰা ৰাজেন্দ্ৰ | কানাড়া |
| ১৯৮৪ | থাকাজি শিবশঙ্কৰ পিল্লাই | কয়াৰ | মালয়ালাম |
| ১৯৮৫ | পান্নালাল পাটেল | মানবী নি ভবাই | গুজৰাটী |
| ১৯৮৬ | সচ্চিদানন্দ ৰাউত ৰায় | ওড়িয়া | |
| ১৯৮৭ | বিষ্ণু বামন শিৰওয়াদকৰ (কুসুমাগ্ৰজ) | মাৰাঠী | |
| ১৯৮৮ | ড.চি নাৰায়ণ ৰেড্ডী | বিশ্বম্ভৰ | তেলেগু |
| ১৯৮৯ | কাৰ্টুল এন হাইদৰ | আখিৰে সবকে হামসফৰ | উৰ্দু |
| ১৯৯০ | ভি কে গোকাক | ভাৰত সিন্ধু ৰশ্মি | কানাড়া |
| ১৯৯১ | সুভাষ মুখোপাধ্যায় | বাংলা | |
| ১৯৯২ | নৰেশ মেহতা | হিন্দী | |
| ১৯৯৩ | সীতাকান্ত মহাপাত্ৰ | ওড়িয়া | |
| ১৯৯৪ | ইউ আৰ আনন্দমূৰ্তি | সংস্কাৰ | কানাড়া |
| ১৯৯৫ | এম টি বাসুদেবন নায়াৰ | ৰাণ্ডামুজাম (দ্বিতীয় সুযোগ) | মালয়ালম |
| ১৯৯৬ | মহাশ্বেতা দেবী | বাংলা | |
| ১৯৯৭ | আলি সৰদাৰ জাফৰি | উৰ্দু | |
| ১৯৯৮ | গিৰিশ কাৰানাড | কানাড়া | |
| ১৯৯৯ | নিৰ্মল বৰ্মা | হিন্দী | |
| ১৯৯৯ | গুৰদয়াল সিং | পাঞ্জাবী | |
| ২০০০ | মামণি ৰয়ছম গোস্বামী | অসমীয়া | |
| ২০০১ | ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ | গুজৰাটী | |
| ২০০২ | ডি জয়কান্থন | তামিল | |
| ২০০৩ | বিন্দা কৰন্দিকৰ | অষ্টদৰ্শন (কবিতা) | মাৰাঠি |
| ২০০৪ | ৰহমান ৰাহি | সভুক সোডা, কালামি ৰাহি ওসিয়া ৰোদে জাৰেন মাঞ্জ | কাশ্মীৰি |
| ২০০৫ | কুঁয়াৰ নাৰায়ণ | হিন্দী | |
| ২০০৬ | ৰবীন্দ্ৰ কেলেকৰ | কোঙ্কণি | |
| ২০০৬ | সত্যব্ৰত শাস্ত্ৰী | সংস্কৃত | |
| ২০০৭ | ও এন ভি কুৰুপ | মালায়ালাম সাহিত্যলৈ কৰা অবদানৰ বাবে | মালয়ালম |
| ২০০৮ | আখলাক মহম্মদ খান 'শাহৰিয়াৰ' | উৰ্দু | |
| ২০০৯ | অমৰ কান্ত[1] | হিন্দী | |
| ২০০৯ | শ্ৰী লাল শুক্লা[1] | হিন্দী | |
| ২০১০ | চন্দ্ৰশেখৰা কম্বাৰা[1] | কানাড়া সাহিত্যলৈ কৰা অবদানৰ বাবে | কানাড়া |
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 "Amar Kant, Shrilal Shukla, Kambar win Jnanpith Award". PTI. The Hindu. http://www.thehindu.com/arts/books/article2470528.ece?homepage=true. Retrieved December 05, 2011.
|
||||||||||||||||||||||||||||||||||||||||