ৰবীন্দ্ৰ কেলকৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰবীন্দ্ৰ কেলকৰ
জন্ম ৭ মাৰ্চ, ১৯২৫[1]
কুকোলিম, গোৱা, ভাৰত
মৃত্যু ২৭ আগষ্ট, ২০১০ (৮৫ বছৰ)
মাডগাও, গোৱা, ভাৰত
সমাধিস্থল প্ৰিঅ’ল, গোৱা, ভাৰত[2]
পেচা স্বাধীনতা সেনানী, ভাষা কৰ্মী, কবি, লেখক
ভাষা কোংকণী

ৰবীন্দ্ৰ কেলকৰ(ইংৰাজী: Ravindra Kelekar; জন্ম : ৭ মাৰ্চ, ১৯২৫   – ২৭ আগষ্ট, ২০১০) কোংকণী ভাষাৰ এগৰাকী প্ৰসিদ্ধ ভাৰতীয় লেখক। কোংকণী ভাষাৰ উপৰিও তেওঁ হিন্দী আৰু মাৰাঠী ভাষাতো লেখা-মেলা কৰে।[3] তেখেত এগৰাকী গান্ধীবাদী কৰ্মী, স্বাধীনতা সেনানী আৰু কোংকণী ভাষৰ বাটকটীয়া আছিল। তেওঁ এগৰাকী প্ৰসিদ্ধ পণ্ডিত, ভাষাবিদ আৰু সৃষ্টিশীল চিন্তা-নায়ক। কেলকৰে ভাৰতৰ স্বাধীনতা সংগ্ৰাম, গোৱাৰ মুক্তি আন্দোলন আৰু মুম্বাইৰ সৈতে নৱ-নিৰ্মিত গোৱাক একত্ৰিত কৰাৰ বিৰুদ্ধে হোৱা আন্দোলনত ভাগ লৈছিল। কোংকণী ভাষা মণ্ডল প্ৰতিষ্ঠাত তেওঁ উল্লেখযোগ্য ভূমিকা লৈছিল, যি মণ্ডলে কোংকণী ভাষাক পূৰ্ণ বিকশিত ভাষা ৰূপে প্ৰতিষ্ঠা কৰিবলৈ আৰু ৰাজ্যিক ভাষাৰ মাৰ্যদা দিবলৈ আন্দোলন কৰিছিল।[4] ১৯৮৭ চনৰ ফেব্ৰুৱাৰী মাহত, গোৱা বিধানসভাই কোংকণীক ৰাজ্যিক ভাষাৰ মৰ্যাদা দিয়ে।[5]

তেওঁ এশৰো অধিক কিতাপ লিখিছে আৰু দুই দশকৰো অধিক কাল 'জাগ' আলোচনীৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছে।

২৭ আগষ্ট, শুক্ৰবাৰে; মাডগাও, গোৱাৰ এপ'ল' হস্পিটেলত ১১ বাজি ৩০ মিনিটত কেলকৰৰ মৃত্যু হয়।[3][6] গোৱা চৰকাৰে কেলকৰৰ নিজা গাঁৱত ৰাষ্ট্ৰীয় মৰ্যদাৰে তেওঁ শেষকৃত্য সম্পন্ন কৰে। [2]

কেলকৰে ২০০৮ চনত পদ্মভূষণ[7][8], কলা একাডেমীৰ গোমন্ত সাৰদা বঁটা, ১৯৭৭ চনত সাহিত্য অকাডেমি বঁটা[9], ২০০৭ চনত সাহিত্য অকাডেমি ফেলোশ্বিপ[10] আৰু ২০০৬ চনত কোংকণী ভাষাত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা জ্ঞানপীঠ বঁটা [11]লাভ কৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "41st Jnanpith Award to Eminent Hindi Poet Shri Kunwar Narayan and 42nd Jnanpith Award jointly to Eminent Konkani Poet and Author Shri Ravindra Kelekar and Sanskrit Poet and Scholar Shri Satya Vrat Shastri" (Press release). Jnanpith. 22 November 2008. Archived from the original on 15 February 2010. https://web.archive.org/web/20100215175046/http://jnanpith.net/images/Press-Release-41st-%26-42nd-Awards.pdf। আহৰণ কৰা হৈছে: 17 May 2021. 
  2. 2.0 2.1 "Ravindra Kelekar cremated at native village". The Hindu (Chennai, India). 29 August 2010. http://www.hindu.com/2010/08/29/stories/2010082958251800.htm. 
  3. 3.0 3.1 "Ravindra Kelekar passes away". The Hindu (Chennai, India: The Hindu Group). 28 August 2010. https://www.thehindu.com/news/national/Ravindra-Kelekar-passes-away/article16147201.ece. 
  4. Kelekar, Ravindra; Martyres, F. J.; Saldanha, A. A. (1963). A Bibliography of Konkani Literature in Devanagari, Roman and Kannada characters. প্ৰকাশক Goa, India: Gomant Bharati Publications. OCLC 18500452. 
  5. "Goa battles to preserve its identity". The Times of India. 16 May 2010. Archived from the original on 3 November 2012. https://web.archive.org/web/20121103132136/http://articles.timesofindia.indiatimes.com/2010-05-16/goa/28303750_1_goans-maharashtra-and-goa-official-language. 
  6. Saradesāya, Manohararāya (2000). A history of Konkani literature: from 1500 to 1992. Sahitya Akademi. পৃষ্ঠা. 209. ISBN 81-7201-664-6. https://books.google.com/books?id=1YILeUD_oZUC&q=%22Ravindra+Kelekar%22+-inpublisher%3Aicon&pg=PA209. 
  7. "Padma Bhushan Awardees". Know India: National portal of India. Ministry of Communications and Information Technology. http://india.gov.in/myindia/padmabhushan_awards_list1.php। আহৰণ কৰা হৈছে: 25 September 2010. 
  8. "The man who most influenced a language". The Times of India: section Times City, p. 4. 23 November 2008. http://epaper.timesofindia.com/Repository/ml.asp?Ref=VE9JR08vMjAwOC8xMS8yMyNBcjAwNDAy&Mode=HTML&Locale=english-skin-custom. 
  9. "AKADEMI AWARDS (1955-2018)". http://sahitya-akademi.gov.in/awards/akademi%20samman_suchi.jsp#KONKANI। আহৰণ কৰা হৈছে: 1 March 2019. 
  10. "Akademi confers fellowship on Ravindra Kelekar". The Hindu (Chennai, India). 8 October 2007. http://www.hindu.com/2007/10/08/stories/2007100852980300.htm. 
  11. Kamat, Prakash (24 November 2008). "Jnanpith for Kelekar". The Hindu (Chennai, India). Archived from the original on 21 November 2009. https://web.archive.org/web/20091121014406/http://www.hindu.com/2008/11/24/stories/2008112459141100.htm.