মামণি ৰয়ছম গোস্বামী

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা



মামণি ৰয়ছম গোস্বামী

নৱেম্বৰ ২০০৬ত গোস্বামী
জন্ম ১৪ নৱেম্বৰ, ১৯৪১
গুৱাহাটী, অসম
মৃত্যু ২৯ নৱেম্বৰ, ২০১১ (৬৯ বছৰ)[1]
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী, অসম, ভাৰত[2]
পেচা লেখক, সম্পাদক, কবি, অধ্যাপিকা আৰু সমাজকৰ্মী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সময় ১৯৪১-২০১১
ধৰণ অসমীয়া সাহিত্য
উল্লেখনীয় কৰ্মৰাজী -দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা
-চিন্নমস্তাৰ মানুহটো
-তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা
দাম্পত্যসংগী মাধবেন ৰয়ছম আয়েংগাৰ (প্ৰয়াত)

মামণি ৰয়ছম গোস্বামী বা ইন্দিৰা গোস্বামী (১৯৪১-২০১১), সততে মামণি বাইদেউ[3] হিচাবে পৰিচিতা, ভাৰতৰ (অসম) এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক। তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাবে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড° গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰে।

গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড° গোস্বামীৰ ৰচনাৰ ভিতৰত অহিৰণ, চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ আদি উল্লেখযোগ্য উপন্যাস। তেখেতে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা[4] আৰু ১৯৯৯ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা[5] লাভ কৰে। তেখেত ভাৰতৰ প্ৰথম Principal Prince Claus Laureate (২০০৮)[6] আছিল।

অসমত অত্যন্ত জনপ্ৰিয় লেখিকাগৰাকীয়ে অসমৰ বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম (United Liberation Front of Assam: ULFA)-ক অস্ত্ৰ-সম্বৰণ আৰু জনজীৱনলৈ প্ৰত্যাবৰ্তনৰ বাবে আহ্বান জনাই চৰকাৰ আৰু সংগঠনটোৰ আলোচনাৰ জৰিয়তে শান্তি স্থাপনৰ প্ৰচেষ্টাতো জড়িত আছিল।

সূচী

[সম্পাদনা কৰক] জীৱন

[সম্পাদনা কৰক] শৈশৱ আৰু শিক্ষা

ভৱিষ্যতে মামণি ৰয়ছম গোস্বামী নামেৰে প্ৰসিদ্ধ হ'বলগীয়া ইন্দিৰা গোস্বামীগুৱাহাটীত জন্ম হৈছিল ১৯৪২ চনত, পিতা উমাকান্ত গোস্বামী আৰু মাতৃ অম্বিকা দেৱী। উমাকান্ত গোস্বামী এসময়ত কটন কলেজৰ প্ৰিন্সিপাল থকাৰ উপৰিও পাচত অসমৰ প্ৰথম শিক্ষাধিকাৰ আছিল।[উদ্ধৃতিৰ প্ৰয়োজন] মামণি ৰয়ছমৰ সৰুকালচোৱা আমৰঙা সত্ৰত কাটিছিল। তেওঁৰ খুৰাক চন্দ্ৰকান্ত গোস্বামী সত্ৰৰ সত্ৰাধিকাৰ আছিল। গুৱাহাটীৰ লতাশিল প্ৰাথমিক বিদ্যালয়, তৎকালিন অসমৰ ৰাজধানী শ্বিলঙৰ পাইন মাউণ্ট স্কুল আৰু পিছলৈ গুৱাহাটীতাৰিণীচৰণ বালিকা বিদ্যালয়ত মামণি ৰয়ছমে শিক্ষা লাভ কৰিছিল। তেখেতে গুৱাহাটীৰ সন্দিকৈ বালিকা মহাবিদ্যালয়ৰ পৰা আই এ পাচ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] অসমীয়া ভাষা 'মেজৰ' হিচাবে কটন কলেজৰ পৰা ১৯৬০ চনত স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৩ চনত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।

[সম্পাদনা কৰক] স্বামীৰ মৃত্যু আৰু বৃন্দাবনী জীৱন

বিশ্ববিদ্যালয়ৰ পঢ়া শেষ কৰি মামণি ৰয়ছম দক্ষিণ ভাৰতীয় অভিযন্তা মাধবন ৰয়চম আয়েংগাৰৰ লগত ১৯৬৬ চনত বিবাহপাশত আবদ্ধ হয় আৰু স্বামীৰ লগত তেওঁৰ কৰ্মক্ষেত্ৰ কাশ্মীৰলৈ গুচি যায়। পিচে দাম্পত্য সুখ উপভোগ কৰাৰ ১৮ মাহৰ পাচতে এক পথ দুৰ্ঘটনাত অকাল মৃত্যু হয়।[7] এই ঘটনাই মামণি ৰয়ছমৰ জীৱন আৰু সাহিত্যত সূদুৰপ্ৰসাৰী প্ৰভাব পেলাব।

বিপৰ্য্যস্ত মামণি ৰয়ছম মানসিকভাবে বিষাদগ্ৰস্ত হৈ পৰে। ১৯৮৮ চনত প্ৰকাশ পোৱা আত্মজীৱনী "আধা লেখা দস্তাবেজত তেওঁ লিখিছে যে হাতাশাত তেওঁ কেতিয়াবা আনকি আত্মহত্যাৰ[7] কথাও ভাবিছিল। তেওঁক সান্ত্বনা দিবলৈ শৈশৱৰ স্মৃতি আৰু দেউতাকৰ চিঠিৰ বহিৰে অন্য কোনো সমল নাছিল।[8] ১৯৬৮ চনত মামণি ৰয়ছমে গোৱালপাৰাৰ সৈনিক স্কুলত শিক্ষকতা কৰিবলৈ লয়।কিছুদিন পাচত তেখেতৰ শিক্ষক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ পৰামৰ্শক্ৰমে বৃন্দাবনত থাকিবলৈ গুচি যায়।[9][10] তাতে থকা সময়তে ১৯৬৯ চনত বৃন্দাবন ইন্‌ষ্টিটিউট অৱ অ'ৰিয়েণ্টেল ফিল'ছফীত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ অধীনত গৱেষণা আৰম্ভ কৰে। বৃন্দাবনৰ বিচিত্ৰ অভিজ্ঞতাৰ ভিত্তিতে মামণি ৰয়ছমে পৰবৰ্তীকালত তেখেতৰ ‌এখন অন্যতম শক্তিশালী উপন্যাস "নীলকণ্ঠী ব্ৰজ" ৰচনা কৰিব। তেখেতৰ অন্য এখন বিখ্যাত উপন্যাস "গংগাৰ পৰা ব্ৰহ্মপুত্ৰ উপন্যাসৰ ভেটিটোও ইয়াতেই গঢ় লৈছিল[11] ১৯৭১ চনত তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা-সাহিত্য অধ্যয়ন বিভাগত অসমীয়া বিষয়ৰ অধ্যাপিকা হিচাবে যোগদান কৰে আৰু মুৰব্বীৰূপে ইয়াৰেপৰাই অৱসৰ গ্ৰহণ কৰে। তুলসীদাসৰামচৰিতমানস আৰু মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণৰ তুলনামূলক অধ্যয়নৰ বাবে তেখেতে ১৯৭৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে[12]

[সম্পাদনা কৰক] অন্তিম সময়

২৯ নবেম্বৰ, ২০১১ তাৰিখে গুৱাহাটী, অসমত মামণি ৰয়ছম গোস্বামীয়ে শেষ স্বাস গ্ৰহণ কৰে।[13][2]

[সম্পাদনা কৰক] শান্তিদূত

২০০৪ চনত মামনি ৰয়ছমে অসমৰ বিচ্ছিন্নতাবাদী সংগঠন সংযুক্ত মুক্তি বাহিনীক (ULFA) হিংসা পৰিত্যাগ কৰিবলৈ আহ্বান জনাই সংগঠনটোৰ নেতৃবৃন্দ আৰু চৰকাৰৰ মাজত আলোচনা অনুস্থিত হোৱাত সহায়ৰ প্ৰয়াস কৰে। সেই প্ৰয়াসত সঁহাৰি জনাই সংগঠনটোৱে অসমৰ বিশিষ্ট নাগৰিক আৰু প্ৰচাৰমাধ্যমৰ প্ৰতিনিধিক লৈ People's Consultive Group (PCG) গঠন কৰে। PCG -ৰ মাধ্যমেৰে সংগঠনটোৰ চৰকাৰৰ লগত তিনিলানী আলোচনা অনুস্থিত হয়। ইয়াৰে এবাৰত ভাৰতৰ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙেও ভাগ লয়। প্ৰধানমন্ত্ৰীয়ে ডঃ গোস্বামীৰ জৰিয়তে সংগঠনটোৰ সকলো মুখ্য দাবীৰ বিষয়ে আলোচনাৰ বাবে ইচ্ছা প্ৰকাশ কৰি সংগঠনটোলৈ চিঠি লিখে। অৱশ্যে ইয়াত সংগঠনটোৰ মুখ্য দাবী "সাৰ্বৌভম অসম"ৰ বিষয়ে উল্লেখ নাছিল। [14][15][16]

[সম্পাদনা কৰক] জীৱনৰ অভিজ্ঞতা আৰু সাহিত্য

মামণি ৰয়চম গোস্বামীৰ সাহিত্যত তেখেতৰ জীৱনৰ প্ৰভাব স্পস্ট। এই কথা তেখেতে নিজৰ আত্মজীৱনী আধালেখা দস্তাবেজ আৰু অন্যান্য প্ৰসংগতো একাধিকবাৰ উল্লেখ কৰিছে।

“I try to write from the direct experiences of my life. I only mould these experiences with my imagination.”

মুখ্যতঃ ঔপন্যাসিকা হিচাবেহে বেছিকৈ জনপ্ৰিয় এইগৰাকী প্ৰতিভাবান লিখকে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো অনেক নান্দনিক আৰু গৱেষণামূলক সূষ্টিৰে সাহিত্যৰ লগতে শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰতো অৰিহণা আগবঢ়াই গৈছে। তেখেতৰ সাহিত্যকৰ্মসমূহে সাধাৰণ মানুহৰ বাস্তৱ জীৱনৰ কঠোৰ সত্য প্ৰতীয়মান কৰিলেও তেখেতৰ প্ৰকাশভংগী অত্যন্ত সংবেদনাশীল। ২০০৮ চনত প্ৰিন্সিপাল প্ৰিণ্স ক্ল'ছ সন্মান গ্ৰহণ কৰিবলৈ যাওঁতে আমষ্টাৰডামৰ "দা পাৱাৰ অব আৰ্ট" পত্ৰিকাত দিয়া এক সাক্ষাৎকাৰত মামণি ৰয়ছমে কৈছিল, "যিহেতু বিষয়বস্তু ৰূক্ষ, কাব্যিক ভাষা প্ৰয়োগ কৰিবই লাগিব। মাকে সন্তানক দিয়াৰ দৰেই ইয়াক ৰক্ষণাবেক্ষণ দিব লাগিব। মোৰ গল্প হৈছে কঠোৰ বাস্তৱ লৈ লিখা, কিন্তু মই ইয়াক সাহিত্যলৈ ৰূপান্তৰিত কৰি পেলাওঁ, অন্যথা ই এখন প্ৰচাৰ পত্ৰিকাহে হ'বগৈ। তাৰবাবে নিজে শিল্পী হ'ব লাগিব, এজন মহান শিল্পী, অন্যথা জনতাই ইয়াক নপঢ়িব।"[17]

"সৰ্বসাধাৰণ মানুহৰ অভিজ্ঞতা জীবন্ত ভাবে সাহিত্যত ফুটাই উঠাব পৰা মামণি ৰয়ছম এগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন লিখিকা। চিত্ৰকল্প বৰ্ণনাৰে তেখেতে মানুহৰ কাৰ্য্যকলাপত নস্বৰতাৰ প্ৰাধান্য, কেনেকৈ ৰাজনৈতীক, ধাৰ্মিক আৰু সাংস্কৃতিক প্ৰথাসমূহত নস্বৰতা প্ৰতিফলিত হয় আৰু কেনেকৈ জীৱনধাৰা, শাৰীৰিক অস্তিত্ব (gender), বয়ষ, দাৰিদ্ৰ্য, আৰু সংঘাটত ই প্ৰভাৱ বিস্তাৰ কৰে তাক স্পষ্টভাবে পৰিস্ফুট কৰে।"

প্ৰিন্সিপাল প্ৰিণ্স ক্ল'ছ সন্মানৰ সময়ত জুৰী, ২০০৮[18][19]

২০০৮ চনত প্ৰিন্সিপাল প্ৰিণ্স ক্ল'ছ সন্মানৰ বাবে মামনী ৰয়ছমক নিৰ্বাচিত কৰা জুৰীসকলৰ মতে, "সৰ্বসাধাৰণ মানুহৰ অভিজ্ঞতা জীবন্ত ভাবে সাহিত্যত ফুটাই উঠাব পৰা মামণি ৰয়ছম এগৰাকী অসাধৰণ প্ৰতিভাসম্পন্ন লিখিকা। চিত্ৰকল্প বৰ্ণনাৰে তেখেতে মানুহৰ কাৰ্য্যকলাপত নস্বৰতাৰ প্ৰাধান্য, কেনেকৈ ৰাজনৈতীক, ধাৰ্মিক আৰু সাংস্কৃতিক প্ৰথাসমূহত নস্বৰতা প্ৰতিফলিত হয় আৰু কেনেকৈ জীৱনধাৰা, শাৰীৰিক অস্তিত্ব (gender), বয়ষ, দাৰিদ্ৰ্য, আৰু সংঘাটত ই প্ৰভাৱ বিস্তাৰ কৰে তাক স্পষ্টভাবে পৰিস্ফুট কৰে।" মামণি ৰয়ছমক সামাজিক সংস্কৃতিত শাৰিৰীক অস্তিত্বৰ প্ৰভাব অনুধাবন, প্ৰকাশ আৰু অনন্য সাহিত্যৰ জৰিয়তে তেখেতৰ প্ৰভাবশালী সামাজিক তথা সাংস্কৃতিক কৰ্মৰ বাবে উক্ত সন্মান প্ৰদান কৰা হৈছে।[17]

গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড° গোস্বামীৰ ৰচনাৰ ভিতৰত অহিৰণ, চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ আদি উল্লেখযোগ্য উপন্যাস। ভিন্ন ভিন্ন পটভূমি লৈ লিখা এই উপন্যাস সমূহত মামণি ৰয়ছমে মুখ্যতঃ নাৰীৰ ক্ষেত্ৰত সামাজিক সংস্কাৰৰ অসাৰতা আৰু বৈষম্য[উদ্ধৃতিৰ প্ৰয়োজন] চিত্ৰায়িত কৰা দেখা যায়। নীলকণ্ঠী ব্ৰজ, সংস্কাৰ আদি উপন্যাসত তেখেতে নাৰীক মুখ্য কৰি লিখিছে।

[সম্পাদনা কৰক] দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা" উপন্যাসখনত মামণি ৰয়ছমে কিতাপখনত দ্বিতীয় মহাযুদ্ধৰ শেষৰ ফালৰ সময়ৰ পৰিবেশত আধুনিকতাৰ প্ৰবেশত ভাগি পৰিবলৈ আৰম্ভ কৰা সামাজিক গোঢ়ামীৰ এখন চিত্ৰ চিত্ৰায়িত কৰিছে। কামৰুপীয়া ঠাচৰ অসমীয়া ভাষাৰে লিখা উপন্যাসখন তেখেতে নিজেই ইংৰাজীলৈ অনুবাদো কৰে। কিতাপখনৰ পাতনিত তেখেতে লিখিছে -"....লিখকে নিজে অনুবাদ নকৰি অন্য ব্যক্তিয়ে কৰিবলৈ কঠিন হ'লহেতেন। অসমীয়া ভাষাৰ কামৰূপী ঠাচ বুজি পোৱা মানুহ খুব কমেইহে ওলাব। তদুপৰি ভাষাটোৰ কিচুমান শব্দৰ প্ৰচলনো আজি কালি নাইকীয়া হ'ল।"[20] ভাৰত স্বাধীন হোৱাৰ সময়তে লিখা উপন্যাসখনত সৰুতে কামৰূপৰ এখন বৈষ্ণবী সত্ৰত থাকি ডাঙৰ-দীয়ল হোৱা উচ্ছবংশজাত লেখিকাই নিজৰ সৰুকালৰ অভিজ্ঞতাৰ স্মৃতিৰ পৰা নতুন যুগৰ আৰম্ভণিত পুৰণি গোঢ়ামিৰ খহিবলৈ আৰম্ভ কৰা ভেটিটোৰ পৰিবেশত এগৰাকী উচ্চবংশৰ এগৰাকী "গোসানী" বাল্য বিধবাৰ আবেগ আৰু অৱদমনিত বাসনা, ধীৰে ধীৰে সোমাই অহা সাম্যবাদৰ প্ৰভাবে আৰু ভূমিনীতিৰ সংসোধনে ভাঙিবলৈ আৰম্ভ কৰা জমিদাৰী প্ৰথাৰ ক্ষমতাৰ পুৰণি তন্ত্ৰ আদিৰ চিত্ৰ এখন অংকণ কৰিছে। উপন্যাসখনৰ বাবে লাভ কৰা জ্ঞানপীঠ বঁটা স্বীকাৰ কৰা সময়ত লেখিকাৰ ভাষণত উপন্যাসখনৰ মূল চৰিত্ৰ "দুৰ্গা" নামৰ বাল্য বিধবা গৰাকীয়ে ভোগ কৰা যাতনাৰ প্ৰসংগত তেখেতে সেই সময়ৰ উচ্চবংশীয় বিধবাৰ হতাশাৰ কথা বৰ্ণনা কৰি কৈছিল, যে লিখাৰ শক্তি নথকাহ'লে হয়তো তেওঁ আত্মহত্যই কৰিলেহেঁতেন। উল্লেখযোগ্য যে লিখিকাকই নিজেও কম বয়ষতে, বিয়াৰ প্ৰায় দুবছৰৰ ভিতৰতে এটা দুৰ্ঘটনাত তেখেতৰ স্বামীক হেৰুৱাইছিল। মামণি ৰয়ছমৰ সাহিত্য কৰ্মৰাজীৰ বিষয়ে লেখক মহৰ্ষি লালে এইদৰে কয়, "ইন্দিৰা গোস্বামীৰ বিচিত্ৰ আৰু পৰিপুষ্ট সকলো ৰচনাকে এডাল সুতাই বান্ধি ৰাখিছে - ই হ'ল নাৰীৰ প্ৰতি তেখেতৰ সংবেদনশীলতা... কাহিনীৰ জটীলতা তথা সুক্ষ্ম বৰ্ণনাৰ মাজতো প্ৰতিভাবান লেখিকাই ভাৰতীয় নাৰীৰ স্বাধীনতাৰ পথত প্ৰত্যাহ্বানসমূহ দ্যৰ্থতাৰ অৱকাশ নৰখাকৈ ফুটাই তুলিছে।"

[সম্পাদনা কৰক] নীলকণ্ঠী ব্ৰজ

নীলকণ্ঠী ব্ৰজত ড° মামণি ৰয়ছমৰ কেন্দ্ৰীয় চৰিত্ৰ সৌদামিনী এগৰাকী কম বয়সীয়া উচ্চবংশীয় বিধবা, পটভূমি বৃন্দাবন। উচ্চ হিন্দু পৰিয়ালৰ বিধবাৰ গন্তব্যস্থল বৃন্দাবনত তেওঁলোকে সন্যাসিনীৰ জীবন নিৰ্বাহ কৰে, শৰীৰ আৰু মনৰ পৰিশুদ্ধিৰ কাৰণে। "এগৰাকী কমবয়সীয়া বিধবাৰ শৰীৰ আৰু মনৰ কেনেধৰণৰ পৰিবৰ্তন ঘটে আৰু ই কেনেকৈ তেওঁৰ পাচৰ জীবন ইয়াৰ দ্বাৰা প্ৰভাবিত হয় মই তাকেই দেখুৱাব খুজিছোঁ।" - ১৯৮৬ চনত "নীলকণ্ঠী ব্ৰজ"ৰ ইংৰাজী সংস্কৰণ "Shadow of Dark God" (অনুবাদক প্ৰফুল্ল কাকতি) -অৰ উদ্‌ঘাটন সমাৰোহত মামনী ৰয়ছমে কৈছিল। বিধবা হোৱাৰ পাছত ঘৰত তেওঁক চোৱাচিতা কৰিবলৈ ভাই ককাই পিতাক আদি থকা সত্বেও বৃন্দাবনত সন্যাসিনিৰ জীৱন যাপন কৰিবলৈ অহা উচ্চশিক্ষিতা সৌদামিনীয়ে বৈধব্যৰ অৰ্থ অনুধাবন কৰিবলৈ চেষ্টা কৰিছে, বিশ্লেষণ কৰিছে, আৰু শেষত ইয়াক প্ৰত্যাখ্যান কৰিছে।[21]

কম বয়সতে স্বামীহাৰা হোৱা কুলীন বংশৰ উচ্চশিক্ষিতা মামণি ৰয়ছম নিজ ঘৰৰ গোড়া,বঞ্চনামূলক জীবন যাপনৰ অবসান ঘটাই অন্য সাধন থকা অন্যান্য সমসাময়িক উচ্চশিক্ষিতা ভাৰতীয় নাৰীৰ দৰে লণ্ডনলৈ গুচি যাব পাৰিলেহেঁতেন, তেখেতে কিন্তু তেখেতে "হিন্দু সংস্কৃতিৰ কেন্দ্ৰ" বৃন্দাবনহে গ্ৰহণ কৰিলে। বৃন্দাবনত গৈ তেখেতে বৈধব্যৰ "পাপ" মুৰ পাতি লোৱা বিধবাসকলৰ গ্লানিপূৰ্ণ জীবন প্ৰণালী ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে।

লাহে লাহে মামণি ৰয়ছমৰ মনৰ আঘাত শুকাবলৈ আৰম্ভ কৰিলে।[22] তেওঁৰ মন ৰামায়ণ গৱেষণাৰ প্ৰতি আকৃষ্ট হয় আৰু বৃন্দাবন এৰি ৰামায়ণৰ বিষয়ে গৱেষণা কৰিবলৈ গুচি যায়।

[সম্পাদনা কৰক] আধালেখা দস্তাবেজ

"আধালেখা দস্তাবেজ" মামণি ৰয়ছমৰ আত্মজীৱনী। ইয়াত তেখেতে কোনো ধৰণৰ লুক-ধাক নকৰাকৈ নিজৰ জীৱন পাঠকৰ আগত উপস্থাপন কৰিছে। সৰুতে সত্ৰৰ পৰিবেশত ডাঙৰ দীঘল হোৱা কুলীন গোড়া বংশৰ ছোৱালী মামণি ৰয়ছমে সৰুকালৰ জীৱনৰ চিত্ৰ বৰ্ণনাৰ লগতে সত্ৰৰ ধাৰ্মিক আচাৰপূৰ্ণ পৰিবেশো বৰ্ণনা কৰিছে। সেই পৰিবেশত এগৰাকী কম বয়সীয়া বিধবাৰূপে জীৱনৰ সন্মুখীন হৈ কিদৰে তেওঁ হতাশাত ভাগি পৰিছিল সেই বৰ্ণনা পঢ়িলে সহজতে মামণি ৰয়ছম আৰু তেখেতৰ উপন্যাস সমূহৰ মূল ধাৰা - কঠোৰ বাস্তৱৰ ধাৰাত দলিত-নিস্পেষিত মানুহৰ বিশেষকৈ নাৰীৰ জীৱনৰ বঞ্ছনা আৰু গ্লানিৰ চিত্ৰ অংকণ - কিদৰে প্ৰতিফলিত হৈছে সেয়া পাঠকে বুজিব পাৰে।

[সম্পাদনা কৰক] সাহিত্য পঞ্জী

উপন্যাস

  • চেনাবৰ স্ৰোত (১৯৭২)
  • নীলকণ্ঠী ব্ৰজ (১৯৭৬)
  • অহিৰণ (১৯৮০)
  • মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস (১৯৮০)
  • দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা (১৯৮৮)
  • সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি (১৯৮৯)
  • ঈশ্বৰী জখমী যাত্ৰী ইত্যাদি (১৯৯১)
  • তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা (১৯৯৪)
  • মামনি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ (১৯৯৮)
  • দাশৰথীৰ খোজ (১৯৯৯)
  • ছিন্নমস্তাৰ মানুহটো (২০০১)
  • থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল (২০০৬)

চুটিগল্প

  • চিনাকি মৰম (১৯৬২)
  • কইনা (১৯৬৬)
  • হৃদয় এক নদীৰ নাম (১৯৯০)
  • মামনি ৰয়ছমৰ স্বনিৰ্বাচিত গল্প (১৯৯৮)
  • মামনি ৰয়ছম গোস্বামীৰ প্ৰিয় গল্প (১৯৯৮)

আত্মজীৱনী

  • আধা লিখা দস্তাবেজ (১৯৮৮)
  • দস্তাবেজৰ নতুন পৃষ্ঠা (২০০৭)

জীৱনী

  • মহিয়সী কমলা ((১৯৯৫)
  • মা (২০০৮)

অনুবাদ

  • প্ৰেমচন্দৰ চুটিগল্প ((১৯৭৫)
  • আধা ঘণ্টা সময় (১৯৭৮)
  • জাতক কথা (১৯৯৬)
  • কলম (১৯৯৬)
  • আহ্নিক (২০০০)

ইংৰাজী

  • Ramayana from Ganga to Brahmaputra (১৯৯৬)

সম্পাদনা

  • এৰি অহা দিনবোৰ (ড° মলয়া খাউন্দৰ সৈতে, ১৯৯৩)
  • Indian folklore

[সম্পাদনা কৰক] বঁটা আৰু সন্মান

  • ২০০৭- ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অৰুণাচল প্ৰদেশৰ দ্বাৰা ডি. লিট সন্মান
  • ২০০৮- ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা ডি. লিট সন্মান
  • ২০০৮- এছিয়াটিক চ'চাইটিৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ বঁটা
  • ২০০৮- প্ৰিন্স ক্ল'ছ বঁটা
  • ২০০৯- অসম সাহিত্য সভাৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা
  • ২০০৯- দিল্লী বিশ্ববিদ্যালয়ৰ Professor Emeritus সন্মান
  • Inter Religious and International Federation for World Peaceৰ শান্তি দূত বঁটা
  • Ramayana From Ganga To Brahmaputra গ্ৰন্থৰ বাবে Florida International Universityৰ "আন্তৰ্জাতিক তুলসী বঁটা"

[সম্পাদনা কৰক] অন্যান্য

  • "দঁতাল হাতীৰ উঁয়ে খোৱা হাউদা"ৰ ভিত্তিত ১৯৯৬ চনত দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় চেনেলৰ বাবে দুলাল ৰয়ে "কামৰূপ কী কাহানীয়া" শীৰ্ষক হিন্দী ধাৰাবাহিক নিৰ্মাণ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]
  • "দঁতাল হাতীৰ উঁয়ে খোৱা হাউদা"ৰ ভিত্তিত ১৯৯৬ চনত ড° সান্ত্বনা বৰদলৈয়ে "অদাহ্য" নামৰ বোলছবি নিৰ্মাণ কৰে[23]
  • একে নামৰ উপন্যাসৰ আধাৰত ৰঞ্জিত দাসে "সংস্কাৰ" শীৰ্ষক বোলছবি নিৰ্মাণ কৰে। ছবিখন কোলকাতা ছবি মহোৎসৱ আৰু দূৰদৰ্শনত প্ৰদৰ্শিত হয়।
  • "Words from the Mist" মামণি ৰয়ছম গোস্বামীৰ জীৱনৰ বিষয়ে জাহ্নু বৰুৱাই নিৰ্মাণ কৰা এখন তথ্যছবি[24]

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. "Jnanpith award winning Assamese litterateur Indira Goswami dies". Times of India. http://timesofindia.indiatimes.com/india/Jnanpith-award-winning-Assamese-litterateur-Indira-Goswami-dies/articleshow/10914222.cms. Retrieved November 29, 2011. 
  2. 2.0 2.1 "Mamoni Raisom Goswami passes away". Times of Assam. http://www.timesofassam.com/headlines/mamoni-roisom-goswami-passes-away/. Retrieved November 29, 2011. 
  3. [1]The Intimate Mornings with Mamoni Baideo; Manjeet Barua, 6/11/2006; Retrieved 1/12/2011
  4. Sisir Kumar Das, Sahitya Akademi. "A history of Indian literature: 1800-1910 Western impact: Indian responce". Google Books. http://books.google.co.in/books?id=sHklK65TKQ0C&pg=PA373&lpg=PA373&dq=Indira+Goswami,+Sahitya+Akademi&source=bl&ots=sPDV1j1sTc&sig=DXyp8QEuEWlcqTsRAJoJAFQbSk0&hl=en&ei=kQztSrbeD4OWkAXV29mZDw&sa=X&oi=book_result&ct=result&resnum=7&ved=0CB0Q6AEwBg#v=onepage&q=Indira%20Goswami%2C%20Sahitya%20Akademi&f=false. Retrieved December 01, 2011. 
  5. [2]Jnanpith award presented; The Hindu 25/02/2002; Retrieved 1/12/2011
  6. http://www.assamtimes.org/hot-news/2432.html Principal Prince Claus Award for Indira Goswami In a rare honour, Dr Indira Goswami (Mamoni Raisom) has been conferred the title of Professor Emeritus by Delhi University on 12th november 2009 and offered the job of teaching at her old Modern Indian Language Department. In an exceptional departure from past practice, the Department of Modern Indian Language and Literary Studies of Delhi University also organised a seminar on works of a living author. ,
  7. 7.0 7.1 [3]Indira Goswami and Women’s Empowerment; Malashri Lal, 3 Oct 2008; Retrieved 1/12/2011
  8. [4]Mamoni Raisom Goswami passes away, By Syed Zarir Hussain; Retrieved 1/12/2011
  9. [http://www.primenewstv.com/news/news.php?aID=1184&cat=4
  10. http://indiragoswami.blogspot.com/2008/10/indira-goswami-and-womens-empowerment.html]Loss of a veteran writer; Prime News; Retrieved 1/12/2011
  11. [5]Principal Prince Claus Award 2008, Principal Prince Claus Award 2008 Indira Goswami, Retrieved 1/12/2011
  12. [6]Dr Indira Goswami-Assam's fiery pen, By Shehar Bano Khan, Retrieved 1/12/2011
  13. [7]Asomiya Writer Indira Goswami Dead,Three-Day State Mourning In Assam; 29 Nov 2011; Retrieved 1/12/2011
  14. [8]Mamoni tried to start ULFA peace talks, The Assam Tribune, 29/11/2011, Retrieved 1/12/2011
  15. http://www.hindu.com/mp/2005/08/11/stories/2005081100630100.htm
  16. http://www.thesundayindian.com/en/story/mamoni-roisom-goswami-passes-away/14/26452/
  17. 17.0 17.1 [9]Indira Goswami catches hard life in poetry; By Marjan Terpstra, December 2008, Retrieved 1/12/2011
  18. http://www.princeclausfund.org/files/docs/30r364%20boek%20DEF.pdf
  19. http://webcache.googleusercontent.com/search?q=cache:QZZdEE0u5wkJ:www.northeasttoday.in/national-news/assam-famous-writer-dr-mamoni-raisom-goswami-dead/+mamoni+raisom+goswami+jury+Principal+Prince+Claus+Laureate&cd=9&hl=en&ct=clnk&gl=in
  20. [10]A masterpiece re-launched; By A.J. Thomas; 7 Nov 2004; Retrieved 1/12/2011
  21. [11]Mamoni Roisom Goswami’s novels- Folkloric perspective; by Ms. Dhanakshi Buragohain, Retrieved 1/12/2011
  22. [12]Creativity that outshone scholarship, Amarjyoti Choudhury, The Telegraph, Wednesday, November 30 ,2011; Retrieved 1/12/2011
  23. Adajya (1998) in The Internet Movie Database, Retrieved 1/12/2011
  24. Pratilip - Indira Goswami; Retrieved 1/12/2011


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত