মামণি ৰয়ছম গোস্বামী
| মামণি ৰয়ছম গোস্বামী | |
|---|---|
![]() নৱেম্বৰ ২০০৬ত গোস্বামী |
|
| জন্ম | ইন্দিৰা গোস্বামী ১৪ নৱেম্বৰ, ১৯৪১ গুৱাহাটী, অসম |
| মৃত্যু | ২৯ নৱেম্বৰ, ২০১১ (৬৯ বছৰ)[1] গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী, অসম, ভাৰত[2] |
| পেচা | লেখক, সম্পাদক, কবি, অধ্যাপিকা আৰু সমাজকৰ্মী |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| সময় | ১৯৪১-২০১১ |
| ধৰণ | অসমীয়া সাহিত্য |
| উল্লেখনীয় কৰ্মৰাজী | -দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা -চিন্নমস্তাৰ মানুহটো -তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা |
| দাম্পত্যসংগী | মাধবেন ৰয়ছম আয়েংগাৰ (প্ৰয়াত) |
|
প্ৰভাবিত কৰে
|
|
মামণি ৰয়ছম গোস্বামী (ইংৰাজী: Mamoni Raisom Goswami, জন্ম:১৯৪১- মৃত্যু:২০১১) হৈছে অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। সততে মামণি বাইদেউ হিচাবে তেখেতক জনা যায়।[3] তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড° গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল।
গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড° গোস্বামীৰ ৰচনাৰ ভিতৰত উল্লেখযোগ্য উপন্যাস হৈছে অহিৰণ, চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি । তেখেতে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা[4] আৰু ১৯৯৯ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা[5] লাভ কৰিছিল। তেখেত ভাৰতৰ প্ৰথম Principal Prince Claus Laureate (২০০৮) আছিল।[6]
অসমত জনপ্ৰিয় লেখিকাগৰাকীয়ে অসমৰ বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসমক অস্ত্ৰ-সম্বৰণ আৰু জনজীৱনলৈ প্ৰত্যাবৰ্তনৰ বাবে আহ্বান জনাই চৰকাৰ আৰু সংগঠনটোৰ আলোচনাৰ জৰিয়তে শান্তি স্থাপনৰ প্ৰচেষ্টাতো জড়িত আছিল।
সূচী |
জীৱন[সম্পাদনা কৰক]
শৈশৱ[সম্পাদনা কৰক]
১৯৪২ চনত মামণি ৰয়ছম গোস্বামীৰ গুৱাহাটীত জন্ম হৈছিল। জন্মতে তেখেতৰ নাম আছিল ইন্দিৰা গোস্বামী। পিতৃৰ নাম আছিল উমাকান্ত গোস্বামী আৰু মাতৃৰ নাম অম্বিকা দেৱী। উমাকান্ত গোস্বামী এসময়ত কটন কলেজৰ অধ্যক্ষ থকাৰ উপৰিও পিছলৈ অসমৰ প্ৰথম শিক্ষাধিকাৰ হৈছিল।[7] মামণি ৰয়ছমৰ সৰুকালচোৱা আমৰঙা সত্ৰত অতিবাহিত হৈছিল। তেখেতৰ খুৰাক চন্দ্ৰকান্ত গোস্বামী সত্ৰৰ সত্ৰাধিকাৰ আছিল।
শিক্ষা[সম্পাদনা কৰক]
গুৱাহাটীৰ লতাশিল প্ৰাথমিক বিদ্যালয়, তৎকালীন অসমৰ ৰাজধানী শ্বিলঙৰ "পাইন মাউণ্ট স্কুল" আৰু পিছলৈ গুৱাহাটীৰ তাৰিণীচৰণ বালিকা বিদ্যালয়ত মামণি ৰয়ছমে শিক্ষা গ্ৰহণ কৰিছিল। তেখেতে গুৱাহাটীৰ সন্দিকৈ বালিকা মহাবিদ্যালয়ৰ পৰা আই এ পাচ কৰে।[7] ১৯৬০ চনত অসমীয়া ভাষা 'মেজৰ' হিচাবে কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত ১৯৬৩ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।
স্বামীৰ মৃত্যু আৰু বৃন্দাবনী জীৱন[সম্পাদনা কৰক]
বিশ্ববিদ্যালয়ৰ পঢ়া শেষ কৰি মামণি ৰয়ছম দক্ষিণ ভাৰতীয় অভিযন্তা মাধবন ৰয়চম আয়েংগাৰৰ লগত ১৯৬৬ চনত বিবাহপাশত আবদ্ধ হয়। তাৰ পিছত স্বামীৰ লগত তেওঁৰ কৰ্মক্ষেত্ৰ কাশ্মীৰলৈ গুচি যায়। পিচে বিবাহৰ ১৮ মাহৰ পাচতে এক পথ দুৰ্ঘটনাত মাধবনৰ অকাল মৃত্যু হয়।[8] এই ঘটনাই মামণি ৰয়ছমৰ জীৱন আৰু সাহিত্যত সুদূৰপ্ৰসাৰী প্ৰভাব পেলায়।
বিপৰ্য্যস্ত মামণি ৰয়ছম মানসিকভাবে বিষাদগ্ৰস্ত হৈ পৰিছিল। ১৯৮৮ চনত প্ৰকাশ পোৱা আত্মজীৱনী আধা লেখা দস্তাবেজত তেওঁ লিখিছে যে হাতাশাত তেওঁ কেতিয়াবা আনকি আত্মহত্যাৰ কথাও ভাবিছিল।[8] তেওঁক সান্তনা দিবলৈ শৈশৱৰ স্মৃতি আৰু দেউতাকৰ চিঠিৰ বহিৰে অন্য কোনো সমল নাছিল।[9] ১৯৬৮ চনত মামণি ৰয়ছমে গোৱালপাৰাৰ সৈনিক স্কুলত শিক্ষকতা কৰিবলৈ লয়। কিছুদিন পাচত তেখেতৰ শিক্ষক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ পৰামৰ্শক্ৰমে বৃন্দাবনত থাকিবলৈ গুচি গৈছিল।[10][11] তাতে থকা সময়তে ১৯৬৯ চনত বৃন্দাবন ইন্ষ্টিটিউট অৱ অ'ৰিয়েণ্টেল ফিল'ছফীত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ অধীনত গৱেষণা আৰম্ভ কৰিছিল। বৃন্দাবনৰ বিচিত্ৰ অভিজ্ঞতাৰ ভিত্তিতে মামণি ৰয়ছমে পৰবৰ্তীকালত তেখেতৰ এখন অন্যতম শক্তিশালী উপন্যাস "নীলকণ্ঠী ব্ৰজ" ৰচনা কৰিছিল। তেখেতৰ অন্য এখন বিখ্যাত উপন্যাস গংগাৰ পৰা ব্ৰহ্মপুত্ৰ উপন্যাসৰ ভেটিটোও ইয়াতেই গঢ় লৈছিল।[12]
১৯৭১ চনত তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা-সাহিত্য অধ্যয়ন বিভাগত অসমীয়া বিষয়ৰ অধ্যাপিকা হিচাপে যোগদান কৰিছিল। ইয়াৰেপৰাই তেওঁ সেই বিভাগৰ মুৰব্বীৰূপে অৱসৰ গ্ৰহণ কৰিছিল। তুলসীদাসৰ ৰামচৰিতমানস আৰু মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণৰ তুলনামূলক অধ্যয়নৰ বাবে তেখেতে ১৯৭৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।[13]
অন্তিম সময়[সম্পাদনা কৰক]
মামণি ৰয়ছম গোস্বামী "lung infection" আৰু বিভিন্ন ৰোগত আক্ৰান্ত হৈ প্ৰায় আঠটা মাহ সংকটজনক অৱস্থাত আছিল।[14] সেয়ে তেওঁক গুৰগাঁৱৰ এখন চিকিৎসালয়ত চিকিৎসা কৰা থকা হৈছিল। অৱশেষত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছিল।[14] ২০১১ চনৰ ২৯ নবেম্বৰ তাৰিখে পুৱা ৭ বাজি ৪৬ মিনিটত অসমৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মামণি ৰয়ছম গোস্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰে।[15][2]
শান্তিদূত[সম্পাদনা কৰক]
২০০৪ চনত মামনি ৰয়ছমে অসমৰ বিচ্ছিন্নতাবাদী সংগঠন সংযুক্ত মুক্তি বাহিনীক (ULFA) হিংসা পৰিত্যাগ কৰিবলৈ আহ্বান জনাই সংগঠনটোৰ নেতৃবৃন্দ আৰু চৰকাৰৰ মাজত আলোচনা অনুস্থিত হোৱাত সহায়ৰ প্ৰয়াস কৰিছিল।[16] সেই প্ৰয়াসত সঁহাৰি জনাই সংগঠনটোৱে অসমৰ বিশিষ্ট নাগৰিক আৰু প্ৰচাৰমাধ্যমৰ প্ৰতিনিধিক লৈ People's Consultive Group (PCG) গঠন কৰে। PCG -ৰ মাধ্যমেৰে সংগঠনটোৰ চৰকাৰৰ লগত তিনিলানী আলোচনা অনুস্থিত হৈছিল।[17] ইয়াৰে এবাৰত ভাৰতৰ প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙেও ভাগ লৈছিল। প্ৰধানমন্ত্ৰীয়ে ড° গোস্বামীৰ জৰিয়তে সংগঠনটোৰ সকলো মুখ্য দাবীৰ বিষয়ে আলোচনাৰ বাবে ইচ্ছা প্ৰকাশ কৰি সংগঠনটোলৈ চিঠি লিখিছিল।[16] অৱশ্যে ইয়াত সংগঠনটোৰ মুখ্য দাবী "সাৰ্বৌভম অসম"ৰ বিষয়ে উল্লেখ নাছিল।[18]
জীৱনৰ অভিজ্ঞতা আৰু সাহিত্য[সম্পাদনা কৰক]
মামণি ৰয়চম গোস্বামীৰ সাহিত্যত তেখেতৰ জীৱনৰ প্ৰভাব স্পষ্ট। এই কথা তেখেতে নিজৰ আত্মজীৱনী আধালেখা দস্তাবেজ আৰু অন্যান্য প্ৰসংগতো একাধিকবাৰ উল্লেখ কৰিছে।
| “ | “I try to write from the direct experiences of my life. I only mould these experiences with my imagination.” | ” |
মুখ্যতঃ ঔপন্যাসিকা হিচাবেহে বেছিকৈ জনপ্ৰিয় এইগৰাকী প্ৰতিভাবান লিখকে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো অনেক নান্দনিক আৰু গৱেষণামূলক সূষ্টিৰে সাহিত্যৰ লগতে শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰতো অৰিহণা আগবঢ়াই গৈছে। তেখেতৰ সাহিত্যকৰ্মসমূহে সাধাৰণ মানুহৰ বাস্তৱ জীৱনৰ কঠোৰ সত্য প্ৰতীয়মান কৰিলেও তেখেতৰ প্ৰকাশভংগী অত্যন্ত সংবেদনাশীল। ২০০৮ চনত প্ৰিন্সিপাল প্ৰিণ্স ক্ল'ছ সন্মান গ্ৰহণ কৰিবলৈ যাওঁতে আমষ্টাৰডামৰ "দা পাৱাৰ অব আৰ্ট" পত্ৰিকাত দিয়া এক সাক্ষাৎকাৰত মামণি ৰয়ছমে কৈছিল, "যিহেতু বিষয়বস্তু ৰূক্ষ, কাব্যিক ভাষা প্ৰয়োগ কৰিবই লাগিব। মাকে সন্তানক দিয়াৰ দৰেই ইয়াক ৰক্ষণাবেক্ষণ দিব লাগিব। মোৰ গল্প হৈছে কঠোৰ বাস্তৱ লৈ লিখা, কিন্তু মই ইয়াক সাহিত্যলৈ ৰূপান্তৰিত কৰি পেলাওঁ, অন্যথা ই এখন প্ৰচাৰ পত্ৰিকাহে হ'বগৈ। তাৰবাবে নিজে শিল্পী হ'ব লাগিব, এজন মহান শিল্পী, অন্যথা জনতাই ইয়াক নপঢ়িব।"[19]
"সৰ্বসাধাৰণ মানুহৰ অভিজ্ঞতা জীৱন্তভাৱে সাহিত্যত ফুটাই উঠাব পৰা মামণি ৰয়ছম এগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন লিখিকা। চিত্ৰকল্প বৰ্ণনাৰে তেখেতে মানুহৰ কাৰ্য্যকলাপত নস্বৰতাৰ প্ৰাধান্য, কেনেকৈ ৰাজনৈতিক, ধাৰ্মিক আৰু সাংস্কৃতিক প্ৰথাসমূহত নস্বৰতা প্ৰতিফলিত হয় আৰু কেনেকৈ জীৱনধাৰা, শাৰীৰিক অস্তিত্ব (gender), বয়ষ, দাৰিদ্ৰ্য, আৰু সংঘাটত ই প্ৰভাৱ বিস্তাৰ কৰে তাক স্পষ্টভাবে পৰিস্ফুট কৰে।"
২০০৮ চনত "প্ৰিন্সিপাল প্ৰিন্স ক্ল'ছ সন্মান"ৰ বাবে মামণি ৰয়ছমক নিৰ্বাচিত কৰা জুৰীসকলৰ মতে, "সৰ্বসাধাৰণ মানুহৰ অভিজ্ঞতা জীবন্ত ভাবে সাহিত্যত ফুটাই উঠাব পৰা মামণি ৰয়ছম এগৰাকী অসাধৰণ প্ৰতিভাসম্পন্ন লিখিকা। চিত্ৰকল্প বৰ্ণনাৰে তেখেতে মানুহৰ কাৰ্য্যকলাপত নস্বৰতাৰ প্ৰাধান্য, কেনেকৈ ৰাজনৈতীক, ধাৰ্মিক আৰু সাংস্কৃতিক প্ৰথাসমূহত নস্বৰতা প্ৰতিফলিত হয় আৰু কেনেকৈ জীৱনধাৰা, শাৰীৰিক অস্তিত্ব (gender), বয়ষ, দাৰিদ্ৰ্য, আৰু সংঘাটত ই প্ৰভাৱ বিস্তাৰ কৰে তাক স্পষ্টভাবে পৰিস্ফুট কৰে।" মামণি ৰয়ছমক সামাজিক সংস্কৃতিত শাৰিৰীক অস্তিত্বৰ প্ৰভাব অনুধাবন, প্ৰকাশ আৰু অনন্য সাহিত্যৰ জৰিয়তে তেখেতৰ প্ৰভাবশালী সামাজিক তথা সাংস্কৃতিক কৰ্মৰ বাবে উক্ত সন্মান প্ৰদান কৰা হৈছে।[19]
উপন্যাস[সম্পাদনা কৰক]
গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড° গোস্বামীৰ ৰচনাৰ ভিতৰত অহিৰণ, চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ আদি উল্লেখযোগ্য উপন্যাস। ভিন্ন ভিন্ন পটভূমি লৈ লিখা এই উপন্যাস সমূহত মামণি ৰয়ছমে মুখ্যতঃ নাৰীৰ ক্ষেত্ৰত সামাজিক সংস্কাৰৰ অসাৰতা আৰু বৈষম্য[উদ্ধৃতিৰ প্ৰয়োজন] চিত্ৰায়িত কৰা দেখা যায়। নীলকণ্ঠী ব্ৰজ, সংস্কাৰ আদি উপন্যাসত তেখেতে নাৰীক মুখ্য কৰি লিখিছে।
দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা[সম্পাদনা কৰক]
দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসখন মামণি ৰয়ছম গোস্বামীয়ে কামৰূপীয়া ঠাচৰ অসমীয়া ভাষাৰে ৰচনা কৰিছে। ইয়াত দ্বিতীয় মহাযুদ্ধৰ শেষৰ ফালৰ সময়ৰ পৰিবেশত আধুনিকতাৰ প্ৰৱেশত ভাগি পৰিবলৈ আৰম্ভ কৰা সামাজিক গোড়ামীৰ এখন চিত্ৰ চিত্ৰায়িত কৰা হৈছে। এই উপন্যাসখন তেখেতে নিজেই ইংৰাজীলৈও অনুবাদো কৰিছিল। কিতাপখনৰ পাতনিত তেখেতে লিখিছে -"....লিখকে নিজে অনুবাদ নকৰি অন্য ব্যক্তিয়ে কৰিবলৈ কঠিন হ'লহেতেন। অসমীয়া ভাষাৰ কামৰূপী ঠাচ বুজি পোৱা মানুহ খুব কমেইহে ওলাব। তদুপৰি ভাষাটোৰ কিচুমান শব্দৰ প্ৰচলনো আজি কালি নাইকিয়া হ'ল।"[22] ভাৰত স্বাধীন হোৱাৰ সময়তে লিখা উপন্যাসখনত সৰুতে কামৰূপৰ এখন বৈষ্ণবী সত্ৰত থাকি ডাঙৰ-দীয়ল হোৱা উচ্ছবংশজাত লেখিকাই নিজৰ সৰুকালৰ অভিজ্ঞতাৰ স্মৃতিৰ পৰা নতুন যুগৰ আৰম্ভণিত পুৰণি গোঢ়ামিৰ খহিবলৈ আৰম্ভ কৰা ভেটিটোৰ পৰিবেশত এগৰাকী উচ্চবংশৰ এগৰাকী "গোসানী" বাল্য বিধৱাৰ আৱেগ আৰু অৱদমনিত বাসনা, ধীৰে ধীৰে সোমাই অহা সাম্যবাদৰ প্ৰভাবে আৰু ভূমিনীতিৰ সংসোধনে ভাঙিবলৈ আৰম্ভ কৰা জমিদাৰী প্ৰথাৰ ক্ষমতাৰ পুৰণি তন্ত্ৰ আদিৰ চিত্ৰ এখন অংকণ কৰিছে। উপন্যাসখনৰ বাবে লাভ কৰা জ্ঞানপীঠ বঁটা স্বীকাৰ কৰা সময়ত লেখিকাৰ ভাষণত উপন্যাসখনৰ মূল চৰিত্ৰ "দুৰ্গা" নামৰ বাল্য বিধবা গৰাকীয়ে ভোগ কৰা যাতনাৰ প্ৰসংগত তেখেতে সেই সময়ৰ উচ্চবংশীয় বিধবাৰ হতাশাৰ কথা বৰ্ণনা কৰি কৈছিল যে, লিখাৰ শক্তি নথকা হ'লে হয়তো তেওঁ আত্মহত্যাই কৰিলেহেঁতেন। মামণি ৰয়ছমৰ সাহিত্য কৰ্মৰাজীৰ বিষয়ে লেখক মহৰ্ষি লালে এইদৰে কয়, "ইন্দিৰা গোস্বামীৰ বিচিত্ৰ আৰু পৰিপুষ্ট সকলো ৰচনাকে এডাল সুতাই বান্ধি ৰাখিছে - ই হ'ল নাৰীৰ প্ৰতি তেখেতৰ সংবেদনশীলতা... কাহিনীৰ জটীলতা তথা সুক্ষ্ম বৰ্ণনাৰ মাজতো প্ৰতিভাবান লেখিকাই ভাৰতীয় নাৰীৰ স্বাধীনতাৰ পথত প্ৰত্যাহ্বানসমূহ দ্যৰ্থতাৰ অৱকাশ নৰখাকৈ ফুটাই তুলিছে।"
নীলকণ্ঠী ব্ৰজ[সম্পাদনা কৰক]
নীলকণ্ঠী ব্ৰজ উপন্যাসখন ড° মামণি ৰয়ছম গোস্বামীয়ে বৃন্দাবনক পটভূমি হিচাপে লৈ ৰচিত। উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে সৌদামিনী, এগৰাকী কম বয়সীয়া উচ্চবংশীয় বিধবা। উচ্চ হিন্দু পৰিয়ালৰ বিধবাৰ গন্তব্যস্থল বৃন্দাবনত তেওঁলোকে সন্যাসিনীৰ জীবন নিৰ্বাহ কৰে, শৰীৰ আৰু মনৰ পৰিশুদ্ধিৰ কাৰণে। "এগৰাকী কমবয়সীয়া বিধবাৰ শৰীৰ আৰু মনৰ কেনেধৰণৰ পৰিবৰ্তন ঘটে আৰু ই কেনেকৈ তেওঁৰ পাচৰ জীবন ইয়াৰ দ্বাৰা প্ৰভাবিত হয় মই তাকেই দেখুৱাব খুজিছোঁ।" - ১৯৮৬ চনত "নীলকণ্ঠী ব্ৰজ"ৰ ইংৰাজী সংস্কৰণ "Shadow of Dark God" (অনুবাদক প্ৰফুল্ল কাকতি) -অৰ উদ্ঘাটন সমাৰোহত মামনী ৰয়ছমে কৈছিল। বিধবা হোৱাৰ পাছত ঘৰত তেওঁক চোৱাচিতা কৰিবলৈ ভাই ককাই পিতাক আদি থকা সত্বেও বৃন্দাবনত সন্যাসিনিৰ জীৱন যাপন কৰিবলৈ অহা উচ্চশিক্ষিতা সৌদামিনীয়ে বৈধব্যৰ অৰ্থ অনুধাবন কৰিবলৈ চেষ্টা কৰিছে, বিশ্লেষণ কৰিছে, আৰু শেষত ইয়াক প্ৰত্যাখ্যান কৰিছে।[23]
কম বয়সতে স্বামীহাৰা হোৱা কুলীন বংশৰ উচ্চশিক্ষিতা মামণি ৰয়ছম নিজ ঘৰৰ গোড়া, বঞ্চনামূলক জীৱন যাপনৰ অৱসান ঘটাই অন্য সাধন থকা অন্যান্য সমসাময়িক উচ্চশিক্ষিতা ভাৰতীয় নাৰীৰ দৰে লণ্ডনলৈ গুচি যাব পাৰিলেহেঁতেন, তেখেতে কিন্তু তেখেতে "হিন্দু সংস্কৃতিৰ কেন্দ্ৰ" বৃন্দাবনহে গ্ৰহণ কৰিলে। বৃন্দাবনত গৈ তেখেতে বৈধব্যৰ "পাপ" মূৰ পাতি লোৱা বিধৱাসকলৰ গ্লানিপূৰ্ণ জীৱন প্ৰণালী ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে।
লাহে লাহে মামণি ৰয়ছমৰ মনৰ আঘাত শুকাবলৈ আৰম্ভ কৰিলে।[24] তেওঁৰ মন ৰামায়ণ গৱেষণাৰ প্ৰতি আকৃষ্ট হয় আৰু বৃন্দাবন এৰি ৰামায়ণৰ বিষয়ে গৱেষণা কৰিবলৈ গুচি যায়।
আধালেখা দস্তাবেজ[সম্পাদনা কৰক]
আধালেখা দস্তাবেজ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী। ইয়াত তেখেতে কোনো ধৰণৰ লুক-ধাক নকৰাকৈ নিজৰ জীৱন পাঠকৰ আগত উপস্থাপন কৰিছে। সৰুতে সত্ৰৰ পৰিবেশত ডাঙৰ দীঘল হোৱা কুলীন গোড়া বংশৰ ছোৱালী মামণি ৰয়ছমে সৰুকালৰ জীৱনৰ চিত্ৰ বৰ্ণনাৰ লগতে সত্ৰৰ ধাৰ্মিক আচাৰপূৰ্ণ পৰিবেশো বৰ্ণনা কৰিছে। সেই পৰিবেশত এগৰাকী কম বয়সীয়া বিধবাৰূপে জীৱনৰ সন্মুখীন হৈ কিদৰে তেওঁ হতাশাত ভাগি পৰিছিল তাৰ বৰ্ণনা দিছে। মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰা উপন্যাস সমূহৰ মূল ধাৰা আছিল কঠোৰ বাস্তৱৰ ধাৰাত দলিত-নিস্পেষিত মানুহৰ বিশেষকৈ নাৰীৰ জীৱনৰ বঞ্ছনা আৰু গ্লানি। এই উপন্যাসখনটো ইয়াৰ চিত্ৰ অংকণ প্ৰতিফলিত হৈছে।
সাহিত্য পঞ্জী[সম্পাদনা কৰক]
|
উপন্যাস
|
চুটিগল্প
আত্মজীৱনী
জীৱনী
|
অনুবাদ
ইংৰাজী
সম্পাদনা
|
বঁটা আৰু সন্মান[সম্পাদনা কৰক]
|
|
অন্যান্য[সম্পাদনা কৰক]
- "দঁতাল হাতীৰ উঁয়ে খোৱা হাউদা"ৰ ভিত্তিত ১৯৯৬ চনত দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় চেনেলৰ বাবে দুলাল ৰয়ে ৰুমা ঘোষৰ পৰিচালনাৰে "কামৰূপ কী কাহানীয়া" শীৰ্ষক হিন্দী ধাৰাবাহিক নিৰ্মাণ কৰে।[27]
- "দঁতাল হাতীৰ উঁয়ে খোৱা হাউদা"ৰ ভিত্তিত ১৯৯৬ চনত ড° সান্ত্বনা বৰদলৈয়ে "অদাহ্য" নামৰ বোলছবি নিৰ্মাণ কৰে।[28]
- একে নামৰ উপন্যাসৰ আধাৰত ৰঞ্জিত দাসে "সংস্কাৰ" শীৰ্ষক বোলছবি নিৰ্মাণ কৰে। ছবিখন কলকাতা ছবি মহোৎসৱ আৰু দূৰদৰ্শনত প্ৰদৰ্শিত হয়।
- "Words from the Mist" মামণি ৰয়ছম গোস্বামীৰ জীৱনৰ বিষয়ে জাহ্নু বৰুৱাই নিৰ্মাণ কৰা এখন তথ্যচিত্ৰ।[29]
তাৰিখ বা চন |
ঘটনা |
|---|---|
| ১৮ নৱেম্বৰ ১৯৪১ | গুৱাহাটীত জন্ম |
| ১৯৫৪ | গুৱাহাটিৰ লতাশিল প্ৰাইমেৰী বিদ্যালয় আৰু শ্বিলংৰ পাইন মাউণ্ট স্কুলত প্ৰথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰাৰ পিছত গুৱাহাটীৰ তাৰিণীচৰণ বালিকা বিদ্যালয়ত নামভৰ্তি |
| ১৯৫৭ | তাৰিণীচৰণ বালিকা বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীৰ্ণ |
| ১৯৬০ | কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ |
| ১৯৬২ | প্ৰথম গল্প সংকলন "চিনাকী মৰম" প্ৰকাশ |
| ১৯৬৩ | গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ |
| ১৯৬৫ | মাধৱেন ৰয়ছম আয়েংগাৰৰ সৈতে বিবাহ |
| ১৯৬৭ | মটৰ দূৰ্ঘটনাত মাধৱেন ৰয়ছম আয়েংগাৰৰ মৃত্যু |
| ১৯৬৮ | গোৱালপাৰা সৈনিক বিদ্যালয়ত শিক্ষয়ত্ৰী হিচাপে যোগদান |
| ১৯৬৯ | বৃন্দাবন ইনষ্টিটিউট অৱ অৰিয়েণ্টেল ফিল’ছফীত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ অধীনত গৱেষণা আৰম্ভ |
| ১৯৭১ | দিল্লী বিশ্ববিদ্যালয়ত আধুনিক ভাৰতীয় ভাষা সাহিত্য অধ্যয়ন বিভাগত অসমীয়া বিভাগৰ অধ্যাপিকা হিচাপে যোগদান |
| ১৯৭২ | প্ৰথম উপন্যাস "চেনাবৰ স্ৰোত" প্ৰকাশ |
| ১৯৭৩ | "মাধৱ কন্দলিৰ অসমীয়া ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিত মানসৰ তুলনামূলক অধ্যায়ন" শীৰ্ষক বিষয়ত পি এইচ ডিগ্ৰী (PHD Degree) লাভ |
| ১৯৭৬ | জাপান আৰু দক্ষিণ-পূৱ এছিয়া ভ্ৰমণ |
| ১৯৭৪ | দিল্লীৰ মানস চতুৰ্পদী সমিতিৰ দ্বাৰা "মাধৱ কন্দলিৰ অসমীয়া ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিত মানসৰ তুলনামূলক অধ্যায়ন" ৰ বাবে সন্মান |
| ১৯৮৩ | "মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস" নামৰ তিনিখন উপন্যাসৰ সংকলখনৰ বাবে ""সাহিত্য অকাডেমী বঁটা"" লাভ |
| ১৯৮৬ | "নীলকণ্ঠী ব্ৰজ"ৰ ইংৰাজী অনুবাদ "The Shadow of the Dark God and the Sin" প্ৰকাশ |
| ১৯৮৮ | নতুনকৈ প্ৰকাশ পোৱা "দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা" উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ বঁটা লাভ আত্মজীৱনীমূলক গ্ৰন্থ "আধালেখা দস্তাবেজ""ৰ প্ৰকাশ |
| ১৯৮৯ | "সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি" নামৰ তিনিখন উপন্যাসৰ সংকলনৰ বাবে ভাৰত নিৰ্মাণ বঁটা লাভ |
| ১৯৯০ | আত্মজীৱনীমূলক গ্ৰন্থ "আধালেখা দস্তাবেজ"ৰ ইংৰাজী অনুবাদ "An unfinished Autobiography" প্ৰকাশ |
| ১৯৯২ | ইণ্ডোনেছিয়াত অনুষ্ঠিত নৱম আন্তৰ্জাতিক ৰামায়ণ সন্মিলনত যোগদান লক্ষনৌৰ উত্তৰ প্ৰদেশ হিন্দী সংস্থাৰ পৰা সৌহাৰ্দ্য লাভ |
| ১৯৯৩ | "দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা"ৰ ইংৰাজী অনুবাদ "Saga of South Kamrup"ৰ প্ৰকাশ |
| ১৯৯৬ | সাহিত্য ক্ষেত্ৰৰ জীৱনজোৰা কৃতিৰ বাবে কমল কুমাৰী ফাউণ্ডেশ্বনে আগবঢ়োৱা কমল কুমাৰী বঁটা লাভ |
| ১৯৯৭ | "দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা"ৰ হিন্দী অনুবাদ "দক্ষিণ কামৰূপ কী কথা"ৰ (दक्षिण कामरूप की कथा) প্ৰকাশ |
| ১৯৯৮ | ৰামায়ণী সাহিত্য সম্পৰ্কীয় আলোচনা চক্ৰত সঞ্চালক হিচাপে ভাগ ল’বলৈ স্পেইন যাত্ৰা |
| ১৯৯৯ | আমেৰিকাৰ ফ্ল’ৰিডা বিশ্ববিদ্যালয়ে আয়োজন কৰা "তুলসী দাস আৰু তেওঁৰ সাহিত্যকৰ্ম" শীৰ্ষক সন্মিলনত আন্তৰ্জাতিক তুলসী বঁটা লাভ বাৰখন উপন্যাস সংকলন "মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ" প্ৰকাশ |
| ২০০১ | ভাৰতৰ সৰ্বোচ্চ সাহিত্য বঁটা জ্ঞানপীঠ লাভ |
| ২০০২ | ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান প্ৰত্যাখ্যান পশ্চিম বংগৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ ডি লিট উপাধি লাভ অসমৰ আহোম সভাৰ "মহীয়সী জয়মতী বঁটা" প্ৰদান |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "Jnanpith award winning Assamese litterateur Indira Goswami dies". Times of India. http://timesofindia.indiatimes.com/india/Jnanpith-award-winning-Assamese-litterateur-Indira-Goswami-dies/articleshow/10914222.cms। আহৰণ কৰা হৈছে: November 29, 2011.
- ↑ 2.0 2.1 "Mamoni Raisom Goswami passes away". Times of Assam. http://www.timesofassam.com/headlines/mamoni-roisom-goswami-passes-away/। আহৰণ কৰা হৈছে: November 29, 2011.
- ↑ The Intimate Mornings with Mamoni Baideo; Manjeet Barua, 6/11/2006; Retrieved 1/12/2011
- ↑ Sisir Kumar Das, Sahitya Akademi. "A history of Indian literature: 1800-1910 Western impact: Indian responce". Google Books. http://books.google.co.in/books?id=sHklK65TKQ0C&pg=PA373&lpg=PA373&dq=Indira+Goswami,+Sahitya+Akademi&source=bl&ots=sPDV1j1sTc&sig=DXyp8QEuEWlcqTsRAJoJAFQbSk0&hl=en&ei=kQztSrbeD4OWkAXV29mZDw&sa=X&oi=book_result&ct=result&resnum=7&ved=0CB0Q6AEwBg#v=onepage&q=Indira%20Goswami%2C%20Sahitya%20Akademi&f=false। আহৰণ কৰা হৈছে: December 01, 2011.
- ↑ Jnanpith award presented; The Hindu 25/02/2002; Retrieved 1/12/2011
- ↑ Principal Prince Claus Award for Indira Goswami In a rare honour,
- ↑ 7.0 7.1 মামণি ৰয়ছম গোস্বামীৰ ৰচনা সমগ্র- সম্পাদনা হেমন্ত কুমাৰ ভৰালী । ISBN : 978-81-7339-457-7। শৈশৱৰ আত্মকথা - মামণি ৰয়ছম গোস্বামী। পৃ.৪৬, ৫৫
- ↑ 8.0 8.1 Indira Goswami and Women’s Empowerment; Malashri Lal, 3 Oct 2008; Retrieved 1/12/2011
- ↑ Mamoni Raisom Goswami passes away, By Syed Zarir Hussain; Retrieved 1/12/2011
- ↑ "Prime News Tv". Prime News Tv. http://www.primenewstv.com/news/news.php?aID=1184&cat=4। আহৰণ কৰা হৈছে: 2013-01-30.
- ↑ Loss of a veteran writer; Prime News; Retrieved 1/12/2011
- ↑ Principal Prince Claus Award 2008, Principal Prince Claus Award 2008, Indira Goswami, Retrieved 1/12/2011
- ↑ Dr Indira Goswami-Assam's fiery pen, By Shehar Bano Khan, Retrieved 1/12/2011
- ↑ 14.0 14.1 "Mamoni Raisom Goswami - Profile, Biography, Photos of Famous Assamese litterateur". Assam Journal. http://www.assamjournal.com/2011/11/mamoni-raisom-goswami-profile-biography.html। আহৰণ কৰা হৈছে: January 22, 2013.
- ↑ Asomiya Writer Indira Goswami Dead,Three-Day State Mourning In Assam; 29 Nov 2011; Retrieved 1/12/2011
- ↑ 16.0 16.1 SANGEETA BAROOAH PISHAROTY (Aug 11, 2005). "Scripting a recipe for peace". hindu.com. The Hindu. http://www.hindu.com/mp/2005/08/11/stories/2005081100630100.htm। আহৰণ কৰা হৈছে: January 22, 2013.
- ↑ "Mamoni tried to start ULFA peace talks". the assam tribune. the assam tribune (Guwahati,). November 30, 2011. http://www.assamtribune.com/scripts/detailsnew.asp?id=nov3011/at09। আহৰণ কৰা হৈছে: January 22, 2013.
- ↑ "Jnanpith awardee Indira Goswami passes away - Hemanta Phukan". The Sunday Indian. 2011-11-29. http://www.thesundayindian.com/en/story/mamoni-roisom-goswami-passes-away/14/26452/। আহৰণ কৰা হৈছে: 2013-01-30.
- ↑ 19.0 19.1 Indira Goswami catches hard life in poetry; By Marjan Terpstra, December 2008, Retrieved 1/12/2011
- ↑ Prince Claus Fund, accessdate: 2013-01-30
- ↑ "Assam Famous Writer Dr. Mamoni Raisom Goswami Dead | Northeast Today". Webcache.googleusercontent.com. 2011-11-29. http://webcache.googleusercontent.com/search?q=cache:QZZdEE0u5wkJ:www.northeasttoday.in/national-news/assam-famous-writer-dr-mamoni-raisom-goswami-dead/+mamoni+raisom+goswami+jury+Principal+Prince+Claus+Laureate&cd=9&hl=en&ct=clnk&gl=in। আহৰণ কৰা হৈছে: 2013-01-30.
- ↑ A masterpiece re-launched; By A.J. Thomas; 7 Nov 2004; Retrieved 1/12/2011
- ↑ Mamoni Roisom Goswami’s novels- Folkloric perspective; by Ms. Dhanakshi Buragohain, Retrieved 1/12/2011
- ↑ Creativity that outshone scholarship, Amarjyoti Choudhury, The Telegraph, Wednesday, November 30 ,2011; Retrieved 1/12/2011
- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ 2013-05-13. "Prez confers Assam Ratna, Sankardev award". Assamtimes.org. http://www.assamtimes.org/node/8315। আহৰণ কৰা হৈছে: 2013-05-14.
- ↑ Daulat Rahman (2004-03-24). "Role model in the act of life". The Telegraph. http://www.telegraphindia.com/1040324/asp/northeast/story_3041589.asp। আহৰণ কৰা হৈছে: 2013-05-14.
- ↑ Adajya (1998) in The Internet Movie Database, Retrieved 1/12/2011
- ↑ Pratilip - Indira Goswami; Retrieved 1/12/2011
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- মামণি ৰয়ছম গোস্বামী সম্পৰ্কে অসমীয়া অনলাইন ডট কম ৱেবছাইটত সন্নিবিষ্ট তথ্য।
- Amitav Ghosh on Indira Goswami
- Obituary in The Hindu : A beloved daughter of Assam, writer, peacemaker
- Principal Prince Claus Award 2008 Citation
- Indira Goswami receiving Jnanpith Award from V S Naipaul
- Chronicles of Courage
- Ramayana research institute to come up in Guwahati
- Why is Indira Goswami 'great'?
- An Interview with Puravee Kalita
- Mamoni Raisom Goswami - Profile & Biography
|
|||||||||||||||||||||||||||||||||||||||||
