চিলাৰায়
| চিলাৰায় | |
|---|---|
| ধুবুৰীত থকা চিলাৰায়ৰ প্ৰতিমূৰ্তি | |
| পিতৃ | বিশ্বসিংহ |
চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধবজ। তেওঁৰ পিতৃ ষষ্ঠদশ শতিকাৰ কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ। তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল আৰু সৈন্যবাহিনীৰ ওপৰত চিলনীৰ দৰে দ্ৰুত গতিত আক্ৰমণ কৰিব পৰাৰ কাৰণে চিলাৰায় নাম পাইছিল। তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল। ১৫৬৩ চনৰ জুন মাহত তেওঁৰ নেতৃত্বত কোঁচ সৈন্যই আহোম ৰাজধানী গড়গাঁও অধিকাৰ কৰিছিল। খাছী সেনাপতি আৰু মণিপুৰৰ ৰজাকে আদি কৰি বহু ৰজাই তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। জয়ন্তীয়া ৰজা, ত্ৰিপুৰাৰ ৰজা আৰু ছিলেটৰ ৰজাই তেওঁৰ সৈন্যৰ হাতত মৃত্যুবৰণ কৰিছিল।
নৰনাৰায়ণ আৰু চিলাৰায়ে বংগ আক্ৰমণ কৰিবলৈ বিচাৰোঁতে দুৰ্ভাগ্যবশতঃ আফগান চুলতান চুলেইমান কৰাণিৰ হাতত চিলাৰায় বন্দী হয় আৰু আফগান সৈন্যই কোঁচ সাম্ৰাজ্যৰ বহুখিনি অধিকাৰ কৰে আৰু কামাখ্যা মন্দিৰৰো বহুখিনি ক্ষতি কৰে। অৱশ্যে নৰনাৰায়ণ আৰু চিলাৰায়ে পাছত কামাখ্যা মন্দিৰ পুনৰ্নিৰ্মাণ কৰে।
চিলাৰায়ে শ্ৰীমন্ত শংকৰদেৱক সুৰক্ষা আৰু আশ্ৰয় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আৰু তেওঁৰ ভতিজীক বিয়াও কৰিছিল।
১৫৭৭ চনত তেওঁ সৰু আই ৰোগত মৃত্যু বৰণ কৰে।
[সম্পাদনা কৰক] বীৰ চিলাৰায় বঁটা
অসম চৰকাৰে বীৰ চিলাৰায়ৰ স্মৰণত এই বঁটা প্ৰৱৰ্তন কৰিছিল।
[সম্পাদনা কৰক] তথ্য সংগ্ৰহ
- Sarkar, J N (1992), "Chapter IV: Early Rulers of Koch Bihar", in Barpujari, H. K., The Comprehensive History of Assam, 2, Guwahati: Assam Publication Board