মাধৱদেৱ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
মাধৱদেৱ
জন্ম ১৪৮৯ চন
নাৰায়ণপুৰ, লক্ষীমপুৰ্, অসম
মৃত্যু ১৫৯৬ চন
কোচবিহাৰ
অন্য নাম বঢ়াৰ পো
উল্লেখযোগ্য কৰ্ম বৰগীত, ভক্তি-ৰত্নাৱলী, নামঘোষা
ধৰ্ম মহাপুৰুষীয়া ধৰ্ম

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষ ভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয় ।

সূচী

[সম্পাদনা কৰক] পূৰ্বপুৰুষ আৰু জন্ম

১৪৮৯ চনত নাৰায়ণপুৰ নামে ঠাইৰ লেটেকুপুখুৰিৰ পাৰত মাধৱদেৱৰ জন্ম হয় । পিতৃ বৰকণাগিৰি (গোবিন্দ গিৰি ভূঞা) আছিল হৰিভুঞা ৰ বংশধৰ । বাৰভুঞা আৰু কছাৰী মাজৰ অঁৰিয়া-অঁৰিৰ বাবে কছাৰীৰ উপদ্ৰবত গোবিন্দ গিৰি ভূঞা নিজৰ ভাৰ্য্যাসহিত (মনোৰমা) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ পলাই অহাৰ সময়ত বাটতে তেওঁলোকৰ সকলো সম্পত্তি চুৰে নিয়ে ৷ এনে অসহায় অৱস্থাত অসম ৰজাৰ উজিৰ হৰিশিঙা গিৰীয়ে লগ পাই তেওঁলোকক নিজৰ ঘৰতে পৰিচৰ্য্যা কৰি ৰাখে ৷ এই হৰিশিঙা গিৰীৰ ঘৰতে মাধৱদেৱৰ জন্ম হয় ৷

[সম্পাদনা কৰক] মণি-কাঞ্চণ সংযোগ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ আগতে মহাপুৰুষ মাধৱদেৱ শাক্ত ধৰ্মী লোক আছিল । এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে যদিহে মাকৰ অসুখ ভাল হয়। তেওঁ যেতিয়া ছাগলী দুটা আনিবলৈ নিজৰ খুলশালীয়েকক পাচিলে খুলশালীয়েকে তেওঁৰ কথা নুশুনি ক’লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা কোনেও সুফল নাপাই । খুলশালীয়েকে তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা ক’লে আৰু তেওঁকো শংকৰদেৱৰ ওচৰত শৰণ ল’বৰ বাবে উপদেশ দিলে । এই কথা শুনি মাধৱদেৱে শংকৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰিলে। শেষত শংকৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি তেওঁ শংকৰদেৱে প্ৰৱৰ্তন কৰা একশৰণ ধৰ্মত দীক্ষা ল’লে । শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক মণি-কাঞ্চণ সংযোগ বুলি জনা যায়।

[সম্পাদনা কৰক] সাহিত্য ৰচনা

তেওঁ একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰিছিল । মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) গীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে উপলভ্য। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে। তেওঁৰ এটি উল্লেখনীয় বৰগীত হ’ল – তেজৰে কমলাপতি

মহাপুৰুষজনাই ৰচনা কৰা দুখন অপূৰ্ব পুথি হ'ল

  • ভক্তি-ৰত্নাৱলী
  • নামঘোষা

[সম্পাদনা কৰক] তিৰোভাৱ

মহাপুৰুষ মাধৱদেৱেৰ ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত দেহাৱসান ঘটে ।

[সম্পাদনা কৰক] তথ্যসুত্ৰ

  • Neog, Maheshwar (1980). Early History of the Vaishnava Faith and Movement in Assam. Delhi: Motilal Banarasidass.
ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত