বিপন্ন সময়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিপন্ন সময়  

'বিপন্ন সময়'ৰ বেটুপাত
লেখক মেদিনী চৌধুৰী
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ ইতিহাসভিত্তিক উপন্যাস
প্ৰকাশ ১৯৯৬
মিডিয়া প্ৰকাৰ মুদ্ৰণ

বিপন্ন সময় (ইংৰাজী: Biponno Xomoi) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত এখনি উল্লেখযোগ্য উপন্যাস। উপন্যাসখনৰ বিষয়বস্তু হৈছে ইতিহাস-সচেতনতা আৰু ইতিহাস বিশ্লেষণ। উল্লেখযোগ্য যে, বিশেষ উপন্যাসখনৰ বাবে ঔপন্যাসিক মেদিনী চৌধুৰীয়ে ১৯৯৯ চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[1]

গ্ৰন্থকাৰৰ চমু পৰিচয়[সম্পাদনা কৰক]

মেদিনী চৌধুৰী অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক। তেখেতৰ ৰচনাসমূহৰ ভিতৰত প্ৰধানকৈ আছে উপন্যাস, জীৱনীমূলক উপন্যাস, বুৰঞ্জীমূলক গ্ৰন্থ, ভ্ৰমণ কাহিনী আৰুজন প্ৰব্ৰজন, সাহিত্য চিন্তা, ছাত্ৰ আন্দোলন আদি বিভিন্ন বিষয় সম্পৰ্কীয় প্ৰবন্ধ। বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু আদৰ্শৰে সমৃদ্ধ জীৱনভিত্তিক উপন্যাস ফেৰেংগাদাও মেদিনী চৌধুৰীৰ উল্লেখযোগ্য সৃষ্টি।

উপন্যাসৰ সংক্ষিপ্ত বিৱৰণ[সম্পাদনা কৰক]

গ্ৰন্থখনত ঊনবিংশ আৰু বিংশ শতিকাৰ অসম আৰু অসমে মুখামুখি হোৱা সমস্যাবোৰৰ বিৱৰণভিত্তিক কথন সন্নিৱিষ্ট হৈছে। বুৰঞ্জীৰ ঘটনাৱলীক কাহিনীৰ দ্বাৰা সংযুক্তকৰণৰ চেষ্টা এটা এই উপন্যাসত পৰিলক্ষিত হয়। সংশয় আৰু দ্বিধাগ্ৰস্ততাত আবদ্ধ নতুন পুৰুষে কেনেধৰণৰ কৌতূহলৰে বিগত সময়ছোৱাক চাইছে, তাৰো এখন সম্যক ছবি গ্ৰন্থখনত উপস্থাপিত হৈছে।[1]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

মেদিনী চৌধুৰীৰ এই গ্ৰন্থখনে ১৯৯৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 বৰুৱা, শান্তনু কৌশিক (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৬০৮. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.