চন্দনা গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চন্দনা গোস্বামী
জন্ম ১৮ নৱেম্বৰ, ১৯৬৯
গুৱাহাটী
বাসগৃহ চেনিকুঠী, গুৱাহাটী
ৰাষ্ট্ৰীয়তা  ভাৰত
বংশদ্ভূত অসমীয়া
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ
শিক্ষানুষ্ঠান কটন কলেজ,
গুৱাহাটী বিশ্ববিদ্যালয়
পেচা ঔপন্যাসিক
সক্ৰিয় হৈ থকা সময় ২০‍০৯-বৰ্তমানলৈকে
উল্লেখযোগ্য কৰ্ম পাটকাইৰ ইপাৰে মোৰ দেশ
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী ৰাজীৱ গোস্বামী
পিতৃ-মাতৃ ভৰত চন্দ্ৰ মিশ্ৰ ভাগৱতী (পিতৃ)
বাসন্তী দেৱী (মাতৃ)
সন্তান চিত্ৰালী গোস্বামী (জন্ম: ১৯‍৯৮)
বঁটা, সন্মান, পুৰস্কাৰ আদি সাহিত্য অকাডেমি বঁটা (২০১২)

চন্দনা গোস্বামী (ইংৰাজী: Chandana Goswami, জন্ম: ১৮ নৱেম্বৰ, ১৯৬৯ চন) অসমীয়া ভাষাৰ এগৰাকী ঔপন্যাসিক। উদীয়মান ঔপন্যাসিক হিচাপে চন্দনা গোস্বামী অসমৰ সাহিত্য জগত‍ত বিশেষভাৱে পৰিচিত।[উদ্ধৃতিৰ প্ৰয়োজন] তেওঁৰ প্ৰথম সাহিত্য সৃষ্টি ‘পাটকাইৰ ইপাৰে মোৰ দেশ’ নামৰ বুৰঞ্জীমূলক উপন্যাসখনৰ বাবে ২০১‍২ চনত ভাৰত চৰকাৰ‍ প্ৰদত্ত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়।[1] জীৱনৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ‍তে সাহিত্য অকাডেমি বঁটা লাভ কৰা চন্দনা গোস্বামী অসমৰ প্ৰথমগৰাকী সাহিত্যিক।

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

১৯৬৯ চনৰ ১৮ নৱেম্বৰত গুৱাহাটীত চন্দনা গোস্বামীৰ জন্ম হয়। তেওঁৰ পিতৃ‍ৰ নাম আছিল ভৰত চন্দ্ৰ মিশ্ৰ ভাগৱতী, মাতৃৰ নাম আছিল বাসন্তী দেৱী। তেওঁৰ পিতৃ গহপুৰ‍ৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু মাতৃ ছয়দুৱাৰ মহাবিদ্যালয়ৰে শিক্ষা বিভাগৰ প্ৰবক্তা আছিল।[2]

শৈক্ষিক জীৱন[সম্পাদনা কৰক]

পিতৃ-মাতৃ‍ৰ কৰ্মভূমি গহপুৰত অৱস্থিত গহপুৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত ১৯৭৩ চনত চন্দনা গোস্বামীয়ে  শৈক্ষিক জীৱনৰ পাতনি মেলে। ইয়াৰ পাছত গহপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৮৩ চনত প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীৰ্ণ হয়। সেই বছৰ‍তে কটন কলেজত উচ্চতৰ মাধ্যমিক কলা শাখাত নামভৰ্তি কৰি ১৯৮‍৫ চনত উৰ্ত্তীৰ্ণ হয়। কটন কলেজৰ পৰাই অৰ্থনীতি মূল বিষয় হিচপে লৈ ১৯৮‍৮ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত গুৱাহাটী বিশ্ব‍বিদ্যালয়ৰ পৰা ১৯‍৯২ চনত অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[2]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯‍৯২ চনত গুৱাহাটীৰ চেনিকুঠীৰ বাসিন্দা ৰাজীৱ গোস্বামীৰ লগত চন্দনা গোস্বামী বিবাহপাশত আবদ্ধ হয়।[2] ৰাজীৱ গোস্বামী পেছাত এগৰাকী উদ্যোগী ত‍থা ব্যৱসায়ী। তেওঁলোকৰ এগৰাকী কন্যা সন্তান চিত্ৰালী গোস্বামী (জন্ম: ১৯‍৯৮)।

চাকৰি কাল[সম্পাদনা কৰক]

চন্দনা গোস্বামীয়ে পোনপ্ৰথমে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত প্ৰবক্তাৰূপে যোগদান কৰে। পাচলৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰে যদিও ব্যক্তিগত কাৰণত ২০‍০৪ চনত চাকৰি‍ৰ পৰা অব্যাহতি লয়।[2]

কৰ্মৰাজি[সম্পাদনা কৰক]

চন্দনা গোস্বামীয়ে জীৱনৰ প্ৰথমখন গ্ৰন্থ ‘পাটকাইৰ ইপাৰে মোৰ দেশ’ এখন বুৰঞ্জীমূলক উপন্যাস। এই বুৰঞ্জীমূলক উপন্যাসখন অসমৰ মধ্য‍যুগীয় ইতিহাসৰ আধাৰত ৰচিত।[3] তেওঁৰ দ্বিতীয়খন উপন্যাস ‘কেয়ুম্’ৰ মূল বিষয়বস্তু অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ প্ৰব্ৰজনৰ সমস্ত কালছোৱা। দক্ষিণ চীনৰপৰা যুগ যুগ ধৰি প্ৰব্ৰজন কৰি জনগোষ্ঠীটোৱে নানানটা ঘাত-প্ৰতিঘাতৰ মাজেৰে তিব্বত হৈ কিদৰে ভাৰত ভূমিত থিতাপি লাগিছিলহি – এই সমস্ত ঘটনাৰাজি  বিস্তৃ‍ত ৰূপত উপন্যাসখনত ডাঙি ধৰা হৈছে।[2]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • পাটকাইৰ ইপাৰে মোৰ দেশ (প্ৰথম প্ৰকাশ: অক্টোবৰ ২০‍০৯, প্ৰকাশক: চন্দ্ৰ প্ৰকাশ, গুৱাহাটী; আই.এচ.বি.এন. 978-93-244-0566-1)
  • কেয়ুম্ (প্ৰথম প্ৰকাশ: নৱেম্বৰ ২০১৩, প্ৰকাশক: চন্দ্ৰ প্ৰকাশ, গুৱাহাটী; আই.এচ.বি.এন. 978-93-244-0327-8)

বঁটা/সন্মান[সম্পাদনা কৰক]

alt=|thumb|upright|চন্দনা গোস্বামীৰ হাতৰ আখৰ‍ৰ নমুনা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]