সাহিত্য অকাডেমি
সাহিত্য অকাডেমি (Sahity Akademi, National Academy of Letters) ভাৰতীয় সাহিত্যৰ উন্নয়ন আৰু সমন্বয় সাধনৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এটা অনুষ্ঠান। স্বাধীনতাৰ পূৰ্বেই সাহিত্যৰ উন্নয়নৰ বাবে এক ৰাষ্ট্ৰীয় সংস্থা গঠনৰ চিন্তাগ-চৰ্চা চলি আছিল যদিও ১৯৫২ চনতহে চৰকাৰে সাহিত্য অকাডেমি গঠন কৰাৰ সিদ্ধান্ত লয় আৰু ১৯৫৪ চনৰ ১২ মাৰ্চ তাৰিখে আনুষ্ঠানিক ভাবে উদ্ঘাটন কৰে। যি প্ৰস্থাৱৰ দ্বাৰা চৰকাৰে অনুষ্ঠানটো গঠন কৰাৰ সিদ্ধান্ত লৈছিল, তাত সাহিত্য অকাডেমিৰ গঠনৰ উদ্দেশ্য সম্পৰ্কে এনেদৰে বৰ্ণনা কৰা হৈছিল, 'ভাৰতীয় সাহিত্যৰ সক্ৰিয় বিকাশৰ বাবে কাম কৰা এক ৰাষ্ট্ৰীয় সংস্থা, যাৰ উদ্দেশ্য উচ্চ সাহিত্যিক মানদণ্ড প্ৰতিষ্টা কৰা, ভাৰতীয় ভাষাৰ সাহিত্যিক গতিবিধিৰ সমন্বয় আৰু ইয়াৰ যোগেদি দেশখনৰ ৰাষ্ট্ৰীয় ঐক্যৰ উন্নয়ন সাধন।'[1] সাহিত্য অকাডেমি এক স্বায়ত্বশাসিত সংস্থা আৰু ১৯৫৬ চনৰ ৭ জানুৱাৰী তাৰিখে চোচাইটি ৰেজিষ্ট্ৰেচন এক্ট, ১৯৬০ অধীনত ইয়াক পঞ্জীয়ন কৰা হয়।
ইয়াৰ প্ৰথমগৰাকী সভাপতি আছিল পণ্ডিত জৱাহৰলাল নেহৰু। বাংলা সাহিত্যিক সুনীল গঙ্গোপাধ্যায় বৰ্তমান সাহিত্য অকাডেমিৰ সভাপতি, এছ এছ নুৰ সহ-সভাপতি আৰু কন্নড় সাহিত্যিক অগ্ৰহৰ কৃষ্ণমূৰ্তি ইয়াৰ সচিব।
সূচী |
[সম্পাদনা কৰক] অৱস্থান
১৯৬১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মশতবৰ্ষত নিৰ্মিত নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনলৈ সাহিত্য অকাডেমিৰ মুখ্য কাৰ্যালয় স্থানান্তৰ কৰা হয়। স্থপতিবিদ এইছ ৰহমানৰ ৰূপাঙ্কনেৰে নিৰ্মাণ কৰা এই ভৱনত সংগীত নাটক একাডেমী, ললিত কলা একাডেমী আদিৰ লগতে ই অৱস্থিত। মুম্বাই, বেংগালুৰু, কলকাতা আৰু চেন্নাইত ইয়াৰ চাৰিটা আণ্চলিক কাৰ্যালয় আছে। দিল্লীৰ মন্দিৰ মাৰ্গত "স্বাতী" নামৰ এক বিক্ৰী কেন্দ্ৰ আছে। উত্তৰ-পূৰ্বাঞ্চলৰ লোক কৃষ্টিৰ উন্নয়নৰ আবে শ্বিলঙত এটা আঞ্চলিক কেন্দ্ৰ স্থাপন কৰা হৈছে।[2]
[সম্পাদনা কৰক] গঠন
সাহিত্য অকাডেমিৰ সৰ্বোচ্চ শাসন কৰ্তৃত্ব অৰ্পিত থাকে ৯৭ জন সদস্যযুক্ত সাধাৰণ পৰিষদ আৰু ২৫ জন সদস্যৰ এক কাৰ্যকৰী গোটৰ হাতত। এই দুই সভাই অকাডেমিৰ নীতি-নিৰ্দেশনা প্ৰণয়ন কৰে। সভাপতি, উপ-সভাপতি, অৰ্থনৈতিক উপদেষ্টা সচিবৰে সৈতে প্ৰতি প্ৰদেশৰ একোজনকৈ সাহিত্যিক, প্ৰতিখন বিশ্ববিদ্যালয়ৰ একোজন লেখক বা গৱেষক, সংগীত-নাটক একাডেমীৰ এজন আৰু ৰাজা ৰামমোহন ৰায় গ্ৰন্থাগাৰৰ এজন লৈ সাধাৰণ পৰিষদ গঠন হয়।[2] ইয়াৰে পাঁচগৰাকী ভাৰত চৰকাৰে মনোনীত কৰে। সাহিত্য সংস্কৃতিৰ ডাঙৰ অনুষ্ঠানসমূহৰ পৰাও এজনকৈ সাহিত্যিকৰ নাম বিচৰা হয়। সাধাৰণ পৰিষদৰ কাৰ্যকাল পাঁচ বছৰীয়া। সাধাৰণতে কোনো সদস্যই ধাৰাবাহিকভাৱে দুবাৰকৈ প্ৰতিনিধিত্ব কৰিব নোৱাৰে। বছৰি এবাৰকৈ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয়।
[সম্পাদনা কৰক] কাৰ্যাৱলী
[সম্পাদনা কৰক] সাধাৰণ
সাধাৰণ পৰিষদৰ প্ৰাথমিক কামবোৰ হৈছে সভাপতি, উপ-সভাপতি, কৰ্যনিৰ্বাহক গঠন, বিত্তীয় পৰিষদ গঠন, সাহিত্য অকাডেমি বঁটাৰ বাবে লেখকৰ নিৰ্বাচন আৰু বিভিন্ন নিয়ম-নীতিৰ প্ৰস্তুতকৰণ আদি। অকডেমিয়ে ফেব্ৰুৱাৰী মাহত সপ্তাহ জোৰাকৈ সাহিত্য উত্সৱৰ আয়োজন কৰে। ইয়াত গ্ৰন্থমেলা, বঁটা প্ৰদান, আলোচনা চক্ৰ আদি কাৰ্যসূচী থাকে। যুৱ লেখক-লেখিকাৰ বাবে "মুলাকাত" শীৰ্ষক অনুষ্ঠান, কবি সন্মিলন, বিভিন্ন বিশ্ববিদ্যালয় বা সাহিত্য-সংস্কৃতিৰ অনুষ্ঠানৰ সহযোগত সমগ্ৰ ভাৰততে দ্ৰুপদী আৰু লোক কলাৰ কাৰ্যসূচী পতাটোও অকাডেমিৰ দায়িত্ব।[2]
[সম্পাদনা কৰক] প্ৰকাশন
সাহিত্য অকাডেমীৰ মুখ্য কাম হৈছে গ্ৰন্থ প্ৰকাশন। দুৰ্লভ প্ৰাচীন ভাৰতীয় গ্ৰন্থ, বিশিষ্ট ভাৰতীয় সাহিত্যকসকলৰ ৰচনাৱলী পঢ়ুৱৈয়ে তুলনামূলকভাৱে কম মূল্যত পাব পৰাকৈ অকাডেমিয়ে প্ৰকাশ কৰি উলিয়ায়। আঞ্চলিক ভাষাত ৰচিত ভাল গ্ৰন্থও অনুষ্ঠানটোৱে অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ কৰাই প্ৰকাশ কৰে। তাৰোপৰি অকাডেমিয়ে তিনিখনকৈ পত্ৰিকা প্ৰকাশ কৰি উলিয়ায়। এইকেইখন হ'ল-
- ইণ্ডিয়ান লিটাৰেচাৰ
ছমহীয়া ইংৰাজী ভাষাৰ পত্ৰিকা; প্ৰথম প্ৰকাশ ১৯৫৭ চন। - সমকালীন ভাৰতীয় সাহিত্য
দুমহীয়া হিন্দী ভাষাৰ পত্ৰিকা; প্ৰথম প্ৰকাশ ১৯৮০ চন। - সংস্কৃত প্ৰতিভা
ছমহীয়া সংস্কৃত ভাষাৰ পত্ৰিকা; প্ৰথম প্ৰকাশ ১৯৫৯ চন।
[সম্পাদনা কৰক] বঁটা প্ৰদান
- সাহিত্য অকাডেমি বঁটা: ১৯৫৪ চনৰ পৰাই সাহিত্য অকাডেমিয়ে প্ৰধান ভাৰতীয় ভাষাত ৰচিত মৌলিক গ্ৰন্থৰ বাবে প্ৰদান কৰি অহা এক বঁটা। বৰ্তমান ২৪ ভাষালৈ সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয়। সেইকেইটা ভাষা হ'ল-অসমীয়া, বাংলা, বড়ো, ডগ্ৰী, ইংৰাজী, গুজৰাটী, হিন্দী, কন্নড়, কাশ্মিৰী, কংকনী, মৈথিলী, মালায়ালম, মণিপুৰী, মাৰাঠী, নেপালী, উড়িয়া, পঞ্জাবী, ৰাজস্থানী, সংস্কৃত, চাওঁতালী, সিন্ধী, তেলেগু আৰু তেলেগু।
- ভাষা সম্মান বঁটা: প্ৰধান চৌবিশটা ভাষাৰ উপৰি আন আন ভাৰতীয় ভাষাত সাহিত্য চৰ্চা কৰা লেখকক এই বিশেষ বঁটা প্ৰদান কৰা হয়। এই বঁটাতো এখন ফলক আৰু এক লাখ টকা প্ৰদান কৰা হয়।
- সাহিত্য অকাডেমি অনুবাদ বঁটা: গুৰুত্বপূৰ্ণ সাহিত্য-কৃতিৰ চৌবিশটা প্ৰধান ভাৰতীয় ভাষাৰ কোনো এটালৈ কৰা চমকপ্ৰদ অনুবাদৰ বাবে এই বঁটা প্ৰদান কৰা হয়। ১৯৮৯ চনত আৰভ কৰা এই বঁটাত এখন ফলক আৰু পঞ্চাশ হাজাৰ টকা দিয়া হয়।
- বাল সাহিত্য পুৰস্কাৰ: অকাডেমিৰ স্বীকৃত ২৪টা ভাষাৰ উত্কৃষ্ট শিশু গ্ৰন্থ বা শিশু সাহিত্যলৈ আগবঢ়োৱা সামগ্ৰিক অৱদানৰ বাবে বাল সাহিত্য পুৰস্কাৰ প্ৰদান কৰা হয়। এই বঁটা প্ৰথমবাৰৰ বাবে ২০১১ চনত ঘোষণা কৰা হয়।
[সম্পাদনা কৰক] জলপানি প্ৰদান
- ড° আনন্দ কুমাৰস্বামী জলপানি: বিদগ্ধ পণ্ডিত আনন্দ কুমাৰস্বামীৰ নামেৰে ১৯৯৬ চনত এই জলপানী আৰম্ভ কৰা হয়। এই জলপানী এচিয় দেশসমূহৰ কোনো বিদ্বান ব্যক্তিক নিজৰ পচন্দৰ প্ৰকল্পৰ কাম কৰিবলৈ দিয়া হয়।
- প্ৰেমচান্দ জলপানি: হিন্দী লেখক প্ৰেমচান্দৰ নামত ২০০৫ চনত আৰম্ভ কৰা এই বঁটা সাংস্কৃতিক দিশত উল্লেখনীয় বৰঙণি আগবঢ়োৱা দক্ষিণ এছিয়াৰ ব্যক্তিক প্ৰদান কৰা হয়।
[সম্পাদনা কৰক] অন্যান্য সাহিত্যিক-সাংস্কৃতিক কাৰ্যসূচী
পঢ়ুৱৈৰ সাহিত্য সচেতনতা বৃদ্ধি কৰিবলৈ অকাডেমিয়ে বিভিন্ন আলোচনা চক্ৰ, বক্তৃতানুষ্ঠান আদিৰ আয়োজন কৰে। অনুবাদকসকলৰ কৰ্মশালাৰ আয়োজন অকাডেমিৰ এক গুৰুত্বপূৰ্ণ কাৰ্য। বিদেশত ভাৰতীয় সাহিত্যৰ প্ৰসাৰ, লোকসাহিত্যৰ সংৰক্ষণ-সংবৰ্দ্ধন, কবিতাৰ জনপ্ৰিয়তা বৃদ্ধি আদিৰ বাবেও অকাডেমিয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে।
[সম্পাদনা কৰক] লগতে চাওক
- সাহিত্য অকাডেমি বঁটা
- অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
- বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ "About us". Sahitya Akademi. http://sahitya-akademi.gov.in/sahitya-akademi/aboutus/about.jsp. Retrieved April 28, 2012.