সংস্কাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সংস্কাৰ
The Offspring

সংস্কাৰৰ এটা দৃশ্যত পূৰৱী শৰ্মা আৰু লক্ষ্মী বৰঠাকুৰ
পৰিচালক ৰঞ্জিত দাস
চিত্ৰনাট্য ৰঞ্জিত দাস
প্ৰযোজক কবিন সাউদ
অভিনয়ত বিষ্ণু খাৰঘৰীয়া
পূৰৱী শৰ্মা
চিত্ৰগ্ৰহণকাৰী বিবেক বেনাৰ্জী
সংগীত পৰিচালক শ্বেৰ চৌধুৰী
মুক্তি
১৯৯৭
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

সংস্কাৰ (ইংৰাজী: Sanskar) ১৯৯৭ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া চলচ্চিত্ৰমামণি ৰয়চম গোস্বামীৰ একে নামৰ গল্পৰ আধাৰত এচ বি পিকচাৰ্ছৰ বেনাৰত নিৰ্মাণ কৰা, আৰু ৰঞ্জিত দাস পৰিচালিত এই ছবিখন চিত্ৰগৃহত মুক্তি দিয়া হোৱা নাছিল। মূল ভূমিকাত আছিল বিষ্ণু খাৰঘৰীয়া আৰু পূৰবী শৰ্মা। [1] মুক্তিৰ ছবছৰ পিছতহে হৰেকৃষ্ণ ডেকাৰ সভাপতিত্বত পৰিচালিত গুৱাহাটী চিনে ক্লাৱৰ উদ্যোগত ২০০৩ চনত গুৱাহাটীত ‘সংস্কাৰ’ৰ প্ৰথম ৰাজহুৱা প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। ছবিখন দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় চেনেলতো প্ৰদৰ্শিত হৈছিল।[2]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

পৌঢ় পীতাম্বৰ মহাজনৰ পত্নী দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত শয্যাশায়ী। ধন-ধানেৰে চহকী মহাজন নিসন্তান। বংশচ্ছেদৰ আশংকাই মহাজনক উদ্বিগ্ন কৰি ৰাখে। কিন্তু পত্নীৰ ফালৰ পৰা তেওঁ সন্তানৰ আশা কৰিব নোৱাৰে।[1]

কৃষ্ণকান্ত পুৰোহিতৰ সহায়ত সেই গাৱঁৰে দুখীয়া ব্ৰাহ্মণ বিধৱা, এটা সন্তানৰ মাতৃ দময়ন্তীৰ সৈতে পীতাম্বৰ মহাজনৰ অভিসাৰ আৰম্ভ হয়। দময়ন্তী গৰ্ভৱতী হয়। সন্তানপ্ৰাপ্তিৰ আশাত মহাজনৰ অন্তৰত সপোনে গঁজালি মেলে। সেই গোপন সম্পৰ্কক, আহিবলগীয়া সন্তানটোক সামাজিক বৈধতা দিবলৈ মহাজনে তাইক বিয়া কৰাবলৈ সাজু হয়। পিছে মহাজনৰ সেই সপোন চূৰ্ণ-বিচূৰ্ণ হ’বলৈ বেছি সময় নালাগিল। কাৰণ দুখীয়া হ’লেও, দময়ন্তী ব্ৰাহ্মণৰ জীয়ৰী। ধৰ্মীয় বা গোষ্ঠীগত আদিম সংস্কাৰৰ তাই উৰ্দ্ধত নহয়। তাই নষ্ট চৰিত্ৰৰ হ'ব পাৰে, ধনৰ বাবে শুদ্ৰৰ লগত দৈহিক সম্পৰ্কও কৰিব পাৰে, কিন্তু কিয় শুদ্ৰৰ সন্তান তাই গৰ্ভত ধাৰণ কৰিব?[1]

দময়ন্তীয়ে গৰ্ভপাত কৰাই অৰ্ধ-বিকশিত ভ্ৰূণটো বাৰীত গাঁত খান্দি পুতি থ’লে। সপোন ভগাৰ যন্ত্ৰণাত কাতৰ পীতাম্বৰ মহাজনে মৃত ভ্ৰুণটোকে এবাৰ চুই চাবলৈ নিশাৰ অন্ধকাৰত ভ্ৰুণটো পুতি থোৱা গাঁতটো খান্দিবলৈ ধৰিলে।

অভিনয় শিল্পী[সম্পাদনা কৰক]

কলা-কুশলী[সম্পাদনা কৰক]

(তথ্যপেৰাত নথকা)
  • সংলাপ- ৰঞ্জিত দাস, অমূল্য কাকতি, কবিন সাউদ
  • শব্দগ্ৰহণ- বাপী সেনগুপ্ত
  • পুনঃ শব্দগ্ৰহণ- হীতেন্দ্ৰ ঘোষ[1]

সঙ্গীত[সম্পাদনা কৰক]

ছবিৰ সঙ্গীত পৰিচালনা কৰিছে শ্বেৰ চৌধুৰীয়ে।[1]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "ৰাতি গম গম বাট দুৰ্গম, পুৱালৈ কিমান বাকী"  কেশৱ মহন্তপুলক বেনাৰ্জী  

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  1. অসম ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাত (১৯৯৯) ছবিখন তিনিটা বঁটা লাভ কৰে; শ্ৰেষ্ঠ অভিনেতা- বিষ্ণু খাৰঘৰীয়া, শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী- পুলক বেনাৰ্জী আৰু শ্ৰেষ্ঠ সম্পাদনা- ৰঞ্জিত দাস।
  2. কলকাতা চলচ্চিত্ৰ উৎসৱত প্ৰদৰ্শন।[2][1]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 425. 
  2. 2.0 2.1 2.2 "Six years, but it's worth the wait - First public screening of Assamese film Sanskar draws overwhelming response". Telegraph India. 21-9-2003. https://www.telegraphindia.com/north-east/six-years-but-it-s-worth-the-wait-first-public-screening-of-assamese-film-sanskar-draws-overwhelming-response/cid/802868। আহৰণ কৰা হৈছে: 13 October 2020.